আশা ভোছলে-ASha Bhosle

আশা ভোছলে (Asha Bhosle) আছিল এজনী ভাৰতীয় চলচ্চিত্ৰৰ নেপথ্য গায়িকা। ১৯৩৩ চনৰ ৮ ছেপ্টেম্বৰত মহাৰাষ্ট˜ৰ সাতাৰাত তাইৰ জন্ম হয়। পিতৃ আছিল সংগীতৰ বিশাৰদ দীননাথ মংগেশকাৰ। পিতৃৰ ওচৰতে তাই শাস্ত্ৰীয় সংগীতৰ শিক্ষা লাভ কৰে। ১৪ বছৰ বয়সতে ‘বড়ি মা’ ছবিৰ জৰিয়তে চলচ্চিত্ৰৰ নেপথ্য গায়িকাৰূপে আত্মপ্ৰকাশ কৰে। পিছলৈ ক্ৰমে ভাৰতীয়  ১৪ টা ভাষাত ১২,০০০-ৰো অধিক গীতত কণ্ঠদান কৰে। প্ৰথমে গণপত ভোছলেৰ লগত বিবাহ হয় যদিও বিবাহ বিচ্ছেদ হয়। পাছত সংগীতজ্ঞ বাহুল দেৱ বৰ্মনৰ লগত দ্বিতীয় বিবাহ হয়। সংগীত জগতলৈ আগবঢ়োৱা অৰিহণাৰ বাবে আশা ভোছলেই অসংখ্য বঁটা আৰু সন্মান লাভ কৰিছে। তাৰ ভিতৰত ফিল্ম ফেয়াৰ বঁটা, শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় বঁটা, নাইটিংগেল অব্‌ এছিয়া সন্মান, লতা মংগেশকাৰ বঁটা, এম-টিভি ভিউৱাৰ্ছ চইচ বঁটা, দাদা চাহেব ফাল্‌কে বঁটা, পদ্মবিভূষণ আদি উল্লেখযোগ্য। তাই হৈছে ভাৰতৰ ‘সুৰ সম্ৰাজ্ঞী’ নামে খ্যাত লতা মংগেশকাৰৰ ভনীয়েক। ০ ০ ০

(আশা ভোছলে (Asha Bhosle) ৰচনাটি ৰাব্বি মছৰুৰ  ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্ৰন্থৰ পৰা  তুলি দিয়া হৈছে।)

Related Searches:

Some Useful Books for Students

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

 

Leave a Reply

Your email address will not be published. Required fields are marked *