আৰ্কিমিডিছ-Archimedes

আৰ্কিমিডিছ (Archimedes) আছিল এগৰাকী গ্ৰীক গণিতজ্ঞ আৰু বিজ্ঞানী। প্ৰাচীন গ্ৰীচত তেৱেঁই পোনপ্ৰথমে বিজ্ঞানচৰ্চাক পৰীক্ষা-নিৰীক্ষাৰ মাধ্যমলৈ উন্নীত কৰে আৰু পৰৱৰ্তীকালত তেওঁৰ এই নীতিকেই পৃথিৱীৰ সকলো বিজ্ঞানীয়ে অনুসৰণ কৰে।

প্ৰায় দুহাজাৰ বছৰৰ আগতে জন্ম গ্ৰহণ কৰা আৰ্কিমিডিছৰ জীৱনৰ বিস্তাৰিত  বিৱৰণ পাবলৈ নাই। প্ৰাচীন বুৰঞ্জীবিদসকলৰ ৰচনাৰ পৰা তেওঁৰ জীৱনৰ আংশিক বিৱৰণ পোৱা গৈছে। আনুমানিক খ্ৰীষ্টপূৰ্ব ২৮০-২৯০-ত গ্ৰীচৰ ছাইৰাকিউজ নামৰ সৰু ৰাজ্যৰ এখন ঠাইত আৰ্কিমিডিছে জন্ম গ্ৰহণ কৰে। তেওঁৰ দেউতাক ফিউৰাছ আছিল এজন জ্যোতিৰ্বিদ। সম্ভ্ৰান্ত পৰিয়ালৰ সন্তান আৰ্কিমিডিছে পঢ়া-শুনা কৰিছিল আলেকডেণ্ড্ৰিয়া চহৰত। সৰুৰে পৰাই বিজ্ঞানৰ প্ৰতি আৰ্কিমিডিছৰ অপৰিসীম আগ্ৰহ আছিল। ছাইৰাকিউজ ৰাজ্যৰ ৰজা হিয়েৰোৱে আলেকজেণ্ড্ৰিয়াত বিশেষ সহায়ৰ বাবে আৰ্কিমিডিছৰ শৰণাপন্ন হৈছিল। আৰ্কিমিডিছেও ৰজাক সহায় কৰাৰ বাবে যথাসাধ্য চেষ্টা কৰিছিল।

এবাৰ ৰজা হিয়েৰোৱে সোণাৰীৰ হতুৱাই এটা সোণৰ মুকুট গঢ়োৱাইছিল। কিন্তু হঠাৎ ৰজাৰ মুকুটটো নিভাঁজ সোণৰ হয়নে বুলি সন্দেহ হোৱাত  সন্দেহ দূৰ কৰিবৰ বাবে সহায় বিচাৰি তেওঁ আৰ্কিমিডিছিক মতাই পঠায়। আৰ্কিমিডিছে সকলো কথা শুনিলে যদিও মুকুটটো নভঙাকৈ সেইটো নিভাঁজ সোণৰ হয়নে নহয়, তাক ভাবি উলিয়াব নোৱাৰিলে। এনেকৈ কেইবাদিনো পাৰ হৈ গ’ল। দিনে-ৰাতিয়ে আৰ্কিমিডিছে মুকুটটোৰ কথাকে চিন্তা কৰিবলৈ ধৰিলে।

মুকুটটোৰ কথা ভাবি ভাবিয়েই এদিনাখন এটা পানী ভৰ্তি চৌবাচ্চাত গা ধূবলৈ বহি হঠাৎ আৰ্কিমিডিছৰ ভাব হ’ল, তেওঁৰ দেহৰ ওজন যেন কিছু কমি গৈছে। চৌবাচ্চাটোৰ কাষেদি কিছু পানী ওফন্দি বাগৰি পৰাও তেওঁৰ চকুত পৰিল। অলপ পৰ ভাবি তেওঁ উলিয়ালে যে, কোনো এটা বস্তু পানী বা আন কোনো তৰল পদাৰ্থত ডুবাই দিলে বস্তুটোয়ে কিছু তৰল পদাৰ্থ অপসাৰিত কৰে আৰু  কিছু ওজন হেৰুৱায়। বস্তুটোৱে হেৰুৱা ওজন ই অপসাৰিত কৰা তৰল পদাৰ্থখিনিৰ সমান।  এই সূত্ৰটোক ‘আৰ্কিমিডিছৰ সূত্ৰ’ বুলি কোৱা হয়। 

হাজাৰ বছৰৰ পাছতো এই সূত্ৰৰ গুৰুত্ব আৰু মৰ্যাদা অক্ষুন্ন আছে। কোৱা বাহুল্য, এই সূত্ৰটো প্ৰয়োগ কৰিয়েই আৰ্কিমিডিছে অতি সহজেই ৰজাৰ মুকুটটোৰ বিশুদ্ধতা নিৰ্ণয় কৰিছিল।

আৰ্কিমিডিছে গোটেই জীৱন ৰাজঅনুগ্ৰহত কটাইছিল। আপোনভোলা এই বিজ্ঞানীজন আছিল ৰজাৰো প্ৰিয়পাত্ৰ। আৰ্কিমিডিছে প্ৰায় তিনি বছৰকাল ৰোমানসকলৰ পৰা ছাইৰাকিউজ ৰাজ্য ৰক্ষা কৰি আছিল। ৰোমানসকলে এদিন ৰাতি মনে মনে আহি ছাইৰাকিউজ দখল কৰে। ৰোমানসকল ছিৰাকিউজবাসীৰ শত্রু হ’লেও আৰ্কিমিডিছৰ প্ৰতি ৰোমান সেনাধ্যক্ষ মাৰ্ছেলাছৰ এক বিশেষ প্ৰীতিৰ ভাব আছিল। সেয়েহে তেওঁ আৰ্কিমিডিছক আনিবলৈ সৈন্য পঠিয়াইছিল। কিন্তু অবোধ সৈন্যই পৰিচয় নাজানি নিৰ্দয়ভাৱে আৰ্কিমিডিছক হত্যা কৰে। তেওঁ আৰ্কিমিডিছৰ শৱ সসন্মানে সৎকাৰ কৰি শ্ৰদ্ধা জ্ঞাপন কৰে। ০ ০ ০ 

(আৰ্কিমিডিছ (Archimedes) ৰচনাটি ৰাব্বি মছৰুৰ  ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্ৰন্থৰ পৰা  তুলি দিয়া হৈছে।)

Related Searches:

Some Useful Books for Students

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

Leave a Reply

Your email address will not be published. Required fields are marked *