আৰ্নল্ড যোছেফ টয়নবি

আৰ্নল্ড যোছেফ টয়নবি (Arnold Joseph Toynbee) আছিল এজন ইংৰাজ ইতিহাসবিদ। ১৮৮৯ চনৰ ১৪ এপ্ৰিলত লণ্ডনত তেওঁৰ  জন্ম হয়। অক্সফোৰ্ড বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি, আনুষ্ঠানিক শিক্ষা জীৱনৰ অন্ত পেলাই  প্ৰথম আৰু দ্বিতীয় মহাসমৰত ব্ৰিটিছ বৈদেশিক দপ্তৰত কাৰ্যনিৰ্বাহ কৰে। বিশ্বযুদ্ধৰ অন্তত ১৯১৯-১৯২৪ চনৰ সময়ছোৱাত লণ্ডন বিশ্ববিদ্যালয়ত তেওঁ ক্ৰমে গ্ৰীক, ইতিহাস আৰু আৰ্ন্তজাতিক ইতিহাস বিষয়ৰ গৱেষক অধ্যাপকৰূপে কাৰ্যনিৰ্বাহ কৰে। ১৯২৫ চনৰ পৰা ১৯৫৫ চনলৈকে লণ্ডনৰ ‘ৰয়েল ইনষ্টিটিউট অব্‌ ইণ্টাৰনেচনেল এফেয়াৰ্ছ’ৰ সঞ্চালক পদত কাৰ্যনিৰ্বাহ কৰে। ‘এ ছাৰ্ভে অব্‌ ইণ্টাৰনেচনেল এফয়াৰ্ছ’ শীৰ্ষক গ্ৰন্থমালাৰ কেইবাটাও খণ্ড ৰচনা আৰু সম্পাদনা কৰে। টয়নবিৰ আন আন উল্লেখযোগ্য গ্ৰন্থসমূহ  হ’ল: ‘এ হিষ্টৰিয়ান এপ্ৰোচ্চ্‌ টু ৰিলিজিয়ন’, ‘মেনকাইণ্ড এণ্ড মাদাৰ আৰ্থ’। 

১৯৭৫ চনৰ ২২ অক্টোবৰত আৰ্নল্ড যোছেফ টয়নবিৰ মৃত্যু হয়। ০ ০ ০

(আৰ্নল্ড যোছেফ টয়নবি (Arnold Joseph Toynbee) ৰচনাটি ৰাব্বি মছৰুৰ  ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্ৰন্থৰ পৰা  তুলি দিয়া হৈছে।)

Related Searches:

Some Useful Books for Students

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

 

Leave a Reply

Your email address will not be published. Required fields are marked *