আৰ্ল ষ্টেনলি গাৰ্ডনাৰ -Erle Stanley Gardner

আৰ্ল ষ্টেনলি গাৰ্ডনাৰ (Erle Stanley Gradner) এজন মাৰ্কিন ৰহস্য ঔপন্যাসিক আছিল। ১৮৮৯ চনৰ ১৭ জুলাইত আমেৰিকা যুক্তৰাষ্ট˜ৰ মাছাচুছেট্‌ছ প্ৰদেশৰ মালডেনাত তেওঁ জন্ম গ্ৰহণ কৰে। এজন খনি অভিযন্তাৰ পুত্ৰ গাৰ্ডনাৰে আনুষ্ঠানিক শিক্ষা শেষ কৰি কেলিফৰ্নিয়ালৈ যায় আৰু তাৰে এক আইন ব্যৱসায়ী প্ৰতিষ্ঠানত  কৰ্মজীৱন আৰম্ভ  কৰে। ১৯২২ চনত তেওঁ নিজাকৈ ওকালতি কৰিবলৈ লয়। ১৯৪০ চনত গাৰ্ডনাৰে দুখীয়া আৰু নিৰপৰাধী অভিযুক্তসকলক সহায় কৰাৰ অৰ্থে ‘দি ক’ৰ্ট অব্‌ লাষ্ট ৰিজ’ৰ্ট’ নামেৰে এটা আইন সংস্থা গঠন কৰে। কেলিফৰ্নিয়াত থাকোতেই গাৰ্ডানাৰে বিভিন্ন ৰহস্য উপন্যাস লিখিবলৈ লয়। ‘পেৰি মেছন’ নামৰ এজন ৰহস্যসন্ধানী আইনজীৱীক কেন্দ্ৰীয় চৰিত্ৰ হিচাপে লৈ ৰচিত তেওঁৰ ৰহস্য-উপন্যাসবোৰ পাঠক সমাজৰ  মাজত বিপুল জনপ্ৰিয়তা অৰ্জন কৰে। ১৯৩৩ চনত  গাৰ্ডনাৰৰ প্ৰথমখন ৰহস্য উপন্যাস ‘দি কে’ছ অব্‌ দি ভেলভেট ক্লজ’ প্ৰকাশ পায়। গাৰ্ডনাৰে প্ৰায় ১০০ খন ৰহস্য উপন্যাস ৰচনা কৰে আৰু প্ৰায় প্ৰতিখনেই সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থৰূপে স্বীকৃতি পায়। 

১৯৭০ চনৰ ১১ মাৰ্চত আৰ্ল ষ্টেনলি গাৰ্ডনাৰৰ মৃত্যু হয়। ০ ০ ০

(আৰ্ল ষ্টেনলি গাৰ্ডনাৰ (Erle Stanley Gradner) ৰচনাটি ৰাব্বি মছৰুৰ  ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্ৰন্থৰ পৰা  তুলি দিয়া হৈছে।)

Related Searches:

Some Useful Books for Students

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

 

Leave a Reply

Your email address will not be published. Required fields are marked *