খ্ৰীষ্টচন মুণ্ডা

খ্ৰীষ্টচন মুণ্ডা (Christson Munda) আছিল অসমৰ আদিবাসী  জনজাতিৰ এজন বিপ্লৱী শ্ৰমিক নেতা। 

তেওঁৰ জন্ম হয় তেজপুৰৰ ওচৰৰ ফুলবাৰী চাহ বাগিছাত। ব্রিটিছসকলৰ বিৰুদ্ধে ভাৰতৰ স্বাধীনতা সংগ্ৰামত খ্ৰীষ্টচন মুণ্ডাই ফুলবাৰী চাহ বাগিছাত ১৯১০-১৯১৬ চনত কৃষক আৰু শ্ৰমিক বিদ্ৰোহ  গঢ়ি তুলে। ব্রিটিছে তেওঁক কাৰায়ত্ত কৰি দোষী সাব্যস্ত কৰে আৰু ১৯১৬ চনত খ্ৰীষ্টচন মুণ্ডাক ফুলবাৰী চাহ বাগিছাৰ ৰাজহুৱা স্থানত ফাঁচী দিয়ে যাতে পুনৰ কোনো শ্ৰমিকে ব্রিটিচ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ সাহস নকৰে। কিন্তু এই ঘটনাৰ পাচতেই চাহ বাগিচাসমূহত স্বাধীনতাৰ আন্দোলন বিয়পি পৰে আৰু চনাজুলি, কাচাৰী গাঁও, আদি চাহ বাগিচাসমূহত জঙ্গী আন্দোলন গঢ়ি উঠে। স্বাধীনতা আন্দোলনত  খ্ৰীষ্টচন মুণ্ডাৰ উপৰিও আদিবাসী জনজাতিৰ  মালতি ওৰাং, দয়াল পানিকা, বাঁকুডু চাওঁৰা আদি বহুত আদিবাসী  শ্বহীদ হয়। ০ ০ ০

(খ্ৰীষ্টচন মুণ্ডা (Christson Munda) ৰচনাটি ৰাব্বি মছৰুৰ  ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্ৰন্থৰ পৰা  তুলি দিয়া হৈছে।)

Related Searches:

Some Useful Books for Students

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *