জাষ্টিন লাক্ৰা

জাষ্টিন লাক্ৰা (Jastin Lacra) আছিল অসমৰ আদিবাসী বুলি পৰিচিত লাভ কৰা জনগোষ্ঠীৰ এজন সমাজকৰ্মী আৰু ‘সদৌ আদিবাসী ছাত্ৰ সংস্থা’ জন্মদাতা।

জাষ্টিন লাক্ৰাৰ জন্ম হয় চৰাই বিলৰ কচু গাঁৱত ২ অক্টোবৰ ১৯৭০ চনত।। তেওঁ স্থানীয় স্কুলত প্ৰাথমিক শিক্ষা লাভ কৰি  উচ্চ শিক্ষা গ্ৰহণৰ বাবে ‘শ্বিলং মহাবিদ্যালয়ত ভৰ্তি হয়।  তেওঁ শ্বিলং মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি থাকোতে  ১৯৯৬ চনত নামনি অসমত গোষ্ঠী সংঘৰ্ষই দেখা দিয়ে আৰু প্ৰায় দুই লাখ মানুহ আশ্ৰয় শিবিৰত আশ্ৰয় লয়। তেওঁ কলেজ এৰি ৰাইজৰ সেৱাত নিজকে আত্মনিয়োগ কৰে। ২ জুলাইত জাষ্টিন লাক্ৰাই  যোচেফ মিঞ্জ, ষ্টিফান এক্কা, বস্ক চেৰমাকো, মাংৰা ওৰাং আৰু উইলফ্রেড টপ্প আদি সতীৰ্থক লগত লৈ লখিমপুৰৰ জুনুবস্তি আদিবাসী উচ্চ মাধ্যমিক বিদ্যালয়ত সন্মিলিত হয় আৰু ১৯৯৬ চনৰ ২ জুলাইত ‘সদৌ আদিবাসী ছাত্ৰ সন্থা’ গঠন কৰে। 

ৰাইজৰ সুৰক্ষা আৰু শান্তিয়েই আছিল আদিবাসী ছাত্ৰ সন্থাৰ মূল লক্ষ্য। জন্ম হোৱাৰ পাচতে আদিবাসী ছাত্ৰ সন্থাই আদিবাসীক জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিক মূল দাবী হিচাপে লৈ দীৰ্ঘ দিন ধৰি আন্দোলন চলাই আহিছে। এই আন্দোলনে আদিবাসী সমাজত বিশেষ প্ৰভাৱ পেলাইছে। আন্দোলন আন্দৰিয়াচ মাণ্ডি, হেমলাল চনা, বস্ক চেৰমাকো, জিতেন তাঁতি আদিকে ১৮ জন বীৰ আদিবাসীয়ে আত্ম বলিদান দিয়ে। 

২০১৫ চনৰ ১৩ জুলাইত মহান আদিবাসী নেতা জাষ্টিন লাক্ৰা ইহলীলা ত্যাগ কৰে আৰু তেওঁক পিচলৈ আদিবাসী সকলৰ ‘জাতীয় পিতা’ বুলি আখ্যা দিয়া হয়। ০ ০ ০ 

(জাষ্টিন লাক্ৰা (Jastin Lacra) ৰচনাটি ৰাব্বি মছৰুৰ  ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্ৰন্থৰ পৰা  তুলি দিয়া হৈছে।)

Related Searches:

Some Useful Books for Students

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

 

Leave a Reply

Your email address will not be published. Required fields are marked *