বিনেশ্বৰ ব্রহ্ম-Bineshwar Brahma

বিনেশ্বৰ ব্রহ্ম (Bineshwar Brahma) এজন তীক্ষ্ণ মেধাসম্পন্ন, বুদ্ধিমত্তা, সু-চিন্তক, সমাজসেৱক, সাহিত্যিক তথা সু-সংগঠক আছিল। শ্বহীদ বিনেশ্বৰ ব্রহ্মদেৱে ১৯৪৯ চনৰ ২৮ ফেব্রূৱাৰীত বৰ্তমান কোকৰাঝাৰ জিলাৰ ভাতৰমাৰী গাঁৱত জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল ক্ৰমে তাৰামণি ব্রহ্ম আৰু সোনটি ব্রহ্ম।

ব্রহ্মদেৱৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয় নিজ গাঁৱৰ ৩৬৫ নম্বৰ প্ৰাথমিক বিদ্যালয়ত ১৯৫৪ চনত। প্ৰাথমিক শিক্ষা সাং কৰি কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত ১৯৬০ চনত নাম ভৰ্তি কৰে। এই বিদ্যালয়ৰ পৰাই এম.ই. খণ্ডৰ বৃত্তি লাভ কৰাৰ লগতে ১৯৬৭ চনত পি.ইউ.এচ.ছি. পৰীক্ষাত অংকত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উর্ত্তীর্ণ হয়। একেটা বৰ্ষতেই যোৰহাটৰ অসম কৃষি মহাবিদ্যালয়ত স্নাতক ডিগ্ৰীত নাম ভৰ্তি কৰে আৰু ১৯৭২ চনত উক্ত কৃষি মহাবিদ্যালয়ৰ পৰা কৃষিৰ স্নাতক ডিগ্ৰী লাভ কৰে।

তেওঁ ১৯৭৩ চনৰ ফেব্রূৱাৰী মাহত প্ৰথমবাৰৰ বাবে ‘হিন্দুস্তান সাৰ নিগমৰ সাৰ সম্প্ৰসাৰণ’ আৰু ‘কৃষি গৱেষণা বিভাগত’ চাকৰি জীৱন আৰম্ভ কৰে। তেওঁ ১৯৮০ চনৰ আগষ্ট মাহলৈ এই বিভাগটোত থকাৰ পিছত ভাৰতীয় খাদ্য নিগম (FCI) বিভাগত Quality Control-ৰ Deputy Manager ৰূপে গুৱাহাটীত নিযুক্ত হয়। ১৯৮১ চনৰ পৰা ১৯৮৩ চনলৈ কৰ্মসূত্ৰে বিহাৰৰ ৰাজধানী পাটনাত কৰ্ম সম্পাদনা কৰিবলগীয়া হয়। পুনৰ ১৯৮৩ চনত গুৱাহাটীলৈ Regional Officer ৰূপে পদোন্নতি লাভ কৰি ঘূৰি আহে। পিছলৈ ১৯৯৮ চনত সেই বিভাগৰেই Jonal Office-অত Manager (Movement)হিচাপে পদোন্নতি লাভ কৰে।

তেওঁ মুঠ ৮-টা ভাষা সলসলীয়াকৈ ক’ব পাৰিছিল। সেইবোৰ হ’ল— বড়ো, ইংৰাজী, অসমীয়া, বঙালী, হিন্দী, নেপালী, ভোজপুৰী আৰু ৰাজবংশী। তেওঁৰ প্ৰকাশিত গ্ৰন্থ হ’ল— ‘আই নি মাদৈ’ (কবিতা পুথি-১৯৮৫), ‘বৰদৈসিখ্‌লা’ (কবিতা পুথি-১৯৯৭) আৰু ‘আংনি গামি ভাতাৰমাৰি’ (প্ৰৱন্ধ সংকলন)

বিনেশ্বৰ ব্র হ্মই ১৯৯০ চনৰ পৰা ১৯৯৩ চনলৈ বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদকৰ পদত নিৰ্বাচিত হয়। দুটা কাৰ্যকালৰ বাবে বড়ো সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। ২০০০ চনৰ ১৯ আগষ্ট তাৰিখে গুৱাহাটীৰ ভেটাপাৰাস্থিত নিজ বাসভৱনত অচিন আততায়ীৰ হাতত গুলিবিদ্ধ হৈ তেওঁ অকাল মৃত্যুক আঁকোৱালি লয়। ০ ০ ০

(বিনেশ্বৰ ব্রহ্ম (Bineshwar Brahma) ৰচনাটি ৰাব্বি মছৰুৰ  ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্ৰন্থৰ পৰা  তুলি দিয়া হৈছে।)

Related Searches:

Some Useful Books for Students

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

 

Leave a Reply

Your email address will not be published. Required fields are marked *