হিটলাৰ-Hitler

হিটলাৰ (Hitler) আছিল জাৰ্মানীৰ চ্যান্সেলৰ তথা তথা একনায়ক। তেওঁৰ সম্পূৰ্ণ নাম আছিল এডল্‌ফ হিটলাৰ (Adolf Hitler)। ১৮৮৯ চনৰ ২০ এপ্ৰিলত অস্ট্রিয়াৰ ব্ৰাওনাও-আম্‌-ইন নামৰ সৰু চহৰত জন্ম তেওঁৰ জন্ম হয়। পিতৃৰ নাম এলিছ হিটলাৰ। অস্ট্রিয়াতে শিক্ষা লাভ কৰিছিল যদিও হাইস্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিব পৰা নাছিল। স্কুলীয়া দিনত ছবি আঁকিছিল আৰু শিল্প চৰ্চা কৰিছিল। ষোল্ল বছৰমান বয়সৰ পৰা তেওঁ ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হয়। মাজতে অস্ট্রিয়াৰ ৰাজধানী ভিয়েনাৰ এক চিত্ৰকলাৰ মহাবিদ্যালয়ত অধ্যয়ন কৰিবলৈও মন মেলিছিল। কিন্তু সেই মহাবিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাতে উত্তীৰ্ণ হ’ব নোৱাৰি কেইবাবছৰো তেওঁ ভিয়েনাত মজদুৰ হিচাপে কাম কৰি, নিজে অঁকা ছবি বাটে-পথে বিক্ৰী কৰি, অট্টালিকা আদিৰ নক্সা তৈয়াৰ কৰি বহু কষ্টৰে জীৱন-নিৰ্বাহ কৰিছিল। ১৯১৩ চনত তেওঁ জাৰ্মানীৰ মিউনিকলৈ যায় আৰু জাৰ্মানীৰ সৈন্যবাহিনীত যোগ দিয়ে। প্ৰথম মহাসমৰত জাৰ্মানীৰ সেনাৰ এজন কৰ্পৰেল হিচাপে যুদ্ধ কৰি তেওঁ সাহসিকতাৰ পুৰস্কাৰস্বৰূপ ‘আইৰণ ক্ৰছ’ লাভ কৰে। ১৯১৯ চনত তেওঁ ‘জাৰ্মান কৰ্মী সংঘ’ নামৰ সৰু দল এটাত যোগ দিয়ে। ১৯২০ চনৰ ১ এপ্ৰিলত এই দলটোৰ নাম সলনি কৰি ‘নেচনেল ছচিয়েলিষ্ট জাৰ্মান ৱৰ্কচ পাৰ্টি’ কৰা হয়। ইতিহাসত এইটো দলেই সংক্ষেপে ‘নাজী’ বা ‘নাৎচি’ নামে বিখ্যাত। ১৯২১ চনত হিটলাৰ এই দলৰ সভাপতি হয়গৈ। ১৯২৩ চনত চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰি গ্ৰেপ্তাৰ হয় আৰু নমাহ কাৰাবাস খাটে। কাৰাবাসত থকা সময়তে হিটলাৰে ‘মাইন কাম্ফ’ (মোৰ সংগ্ৰাম) নামৰ আত্মজীৱনীখন ৰচনা কৰে। গ্ৰন্থখনত হিটলাৰে  বৃহত্তৰ জাৰ্মানীৰ সপোন আৰু নাজী দলৰ আদৰ্শ দাঙি ধৰিছিল। ‘মাইন কাম্ফ’তে হিটলাৰে উল্লেখ কৰিছিল যে জাৰ্মানীৰ সকলো সমস্যাৰ মূলতে হ’ল ইহুদী আৰু কমিউনিষ্টসকল। তেওঁ আৰু উল্লেখ কৰিছিল যে জাৰ্মানী পূৰ্বৰ দৰে সমৃদ্ধ হ’বলৈ হ’লে এজন ‘ফুৰাৰ’ বা নেতাৰ প্ৰয়োজন। জাৰ্মানীত সেই সময়ত বৰ দুৰ্দিন চলিছিল আৰু সেয়ে হিটলাৰৰ এনেবোৰ কথাই সহজে মানুহক আকৰ্ষণ কৰিছিল। ১৯৩৩ চনত হিটলাৰ জাৰ্মানীৰ চান্সেলৰ হয়। ১৯৩৪ চনত চান্সেলৰ আৰু ৰাষ্ট্রপতি দুয়োটা পদক একেলগ কৰি হিটলাৰে নিজকে জাৰ্মানীৰ ডিকটেটৰ বা ফুৰাৰৰূপে ঘোষণা কৰে। সকলো বিৰোধী দল ভাঙি হিটলাৰে জাৰ্মানীত একনায়কত্বৰ সূচনা কৰে। জাৰ্মান সেনাৰো তেওঁ সৰ্বাধিনায়ক হয়। হিটলাৰে একনায়কত্ব লাভ কৰাৰ পাছত হাজাৰ হাজাৰ মানুহ বন্দী হয়। বহু মানুহক, বিশেষকৈ ইহুদী লোকক হত্যা কৰা হয় আৰু  প্ৰগতিশীল ধাৰণসম্পন্ন কিতাপ-পত্ৰ আদি পুৰি পেলোৱা হয়। সমগ্ৰ বিশ্বতে জাৰ্মান প্ৰভূত্ব বিস্তাৰৰ উদ্দেশ্য হিটলাৰে ১৯৩৮ চনত প্ৰথমে অস্ট্রিয়া আৰু ১৯৩৯ চনত চেকোশ্লাভাকিয়া আক্ৰমণ কৰি অধিকাৰ কৰে। ইয়াৰ পাছত তেওঁ পোলেণ্ড আক্ৰমণ কৰে। ফলস্বৰূপে আৰম্ভ হয় দ্বিতীয় মহাসমৰ। প্ৰাথমিক অৱস্থাত জয়লাভ কৰিছিল যদিও শেষত জাৰ্মানী চূড়ান্তভাৱে পৰাস্ত হয়। পৰাজয় নিশ্চিত বুলি জানি ১৯৪৫ চনৰ ৩০ এপ্ৰিলৰ দিনা প্ৰনয়িণী ইভা ব্ৰাউনক লৈ হিটলাৰে নিজ বাসগৃহৰ ভূগর্ভস্থ কোঠাত আত্মহত্যা কৰে। ০ ০ ০

(হিটলাৰ (Hitler ৰচনাটি ৰাব্বি মছৰুৰ  ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্ৰন্থৰ পৰা  তুলি দিয়া হৈছে।)

Related Searches:

Some Useful Books for Students

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

 

Leave a Reply

Your email address will not be published.