ৰাঘৱ মৰাণ

ৰাঘৱ মৰাণ (Raghav Maran) আছিল আহোম ৰাজত্বৰ শেষ ভাগত সংঘটিত হোৱা মোৱামৰীয়া গণবিপ্লৱৰ প্ৰধান নেতা । ছশ বছৰীয়া আহোম ৰাজত্বৰ শেষৰ ফালে স্বেচ্ছাচাৰী হৈ উঠা ৰাজতন্ত্ৰৰ চৰম অন্যায়-অবিচাৰ, শোষণ-নিষ্পেষণৰ কবলৰ পৰা ৰাজ্যখনৰ সকলো জাতি-উপজাতিৰ নিস্তাৰৰ হকে এইজনা বীৰৰ নেতৃত্বতে সূচনা হৈছিল এই সৰ্বাত্মক বিপ্লৱ। উল্লেখযোগ্য যে ইতিহাস প্ৰসিদ্ধ ফৰাচী বিপ্লৱৰ বিশ বছৰ পূর্বেই এই বিপ্লৱ সংঘটিত হৈছিল।

সাধাৰণ কৃষক সন্তান ৰাঘৱ মৰাণে যুদ্ধবিদ্যাত অপ্ৰশিক্ষিত সাধাৰণ প্ৰজাক, বাঁহৰ লাঠি, যাঠি, ধনু-কাঁড় আদি সাধাৰণ অস্ত্ৰেৰে সজ্জ্বিত কৰি বিৰাট ৰাজকীয় বাহিনীক পৰাস্ত কৰি ৰাজশাসন ওফৰাই দিছিল। এনে ঘটনা বিশ্ব ইতিহাসত অতি বিৰল।

ৰাঘৱৰ আহ্বানত জাতি-গোষ্ঠী নির্বিশেষে সকলো প্ৰজা জাগৰিত হৈ সদলবলে ওলাই আহিছিল। এই ঘটনাই প্ৰমাণ কৰে যে তেওঁ এজন সৰ্বজন গ্ৰহণীয় নেতা আছিল। ৰাজ্যখনৰ চাৰিওফালে ৰাজতন্ত্ৰক ঘেৰাও কৰি বিপ্লৱী বাহিনীক গোট গোট কৈ তৈয়াৰ কৰা, যুদ্ধত গেৰিলা কৌশল প্ৰয়োগ আদিয়ে ৰাঘৱ মৰাণৰ প্ৰচুৰ সাংগঠনিক দক্ষতা আৰু  সামৰিক-কুশলতা দাঙি ধৰে। তদুপৰি ৰজা লক্ষী সিংহক বন্দী কৰি ৰাজকীয় মৰ্যাদা দিয়া, প্ৰকৃত গণশতৰুসকলক মৃত্যুদণ্ড দিয়াৰ বাহিৰে লঘু দোষত দোষীসকলকৰ সামান্য শাস্তি দি ৰেহাই দিয়া আদি গুণে তেওঁৰ উদাৰনৈতিক গণতান্ত্ৰিক চৰিত্ৰকে প্ৰতিফলিত কৰে। 

সেয়ে সকলো মানুহে বিচৰা শ্ৰেণী বৈষম্যবিহীন সমাজ গঢ়াৰ পথ-প্ৰদৰ্শকৰূপে এইজনা বীৰনায়ক যুগ যুগলৈ প্ৰাসংগিক হৈ থাকিব। । ০ ০ ০

(ৰাঘৱ মৰাণ (Raghav Maran) ৰচনাটি ৰাব্বি মছৰুৰ  ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্ৰন্থৰ পৰা  তুলি দিয়া হৈছে।)

Related Searches:

Some Useful Books for Students

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

 

Leave a Reply

Your email address will not be published. Required fields are marked *