হীৰেন ভট্টাচাৰ্যৰ  প্রতিনিধিত্বশীল কবিতা  

হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা

 

ৰাবিব মছৰুৰ

 

 

গ্র’হিলচ্ পাব্লিশ্বিং

কমলপুৰ, বৰপেটা  (অসম)

Hiren Bhattacharyar Pratinidityashil Kabita (A Collection of Representative Poems of Hiren Bhattacharya), Collected and Edited by Rabbi Masrur, digitally published by www. growhillsnet.com 

 

Disclaimer

We are not aware of any copyright violation in any form which has been incurred while collecting the poems of Hiren Bhattacharya. We aim at helping the common readers to have a glimpse of the representative poems of the poet. We hope that the copyright holders of the poems given a place in this lean anthology would be liberal enough towards our mission of dissemination of Assamese literature and culture to the wider range of readers.

However, we will not only appreciate but also take immediate action to rectify and overcome any such thing towards anyone in case it is brought o our notice.

Internet Editon:

Website: www.growhillsnet.com

Email: growhills@growhillsnet.com

 

 Price: Rs. ………….. 

 

D. T. P. By  Rabbi Masrur

Printed at :

কৃতজ্ঞতা

হীৰেন ভট্টাচাৰ্য বিংশ শতাব্দীৰ অসমীয়া ভাষাৰ এজন অতি জনপ্ৰিয় আৰু প্ৰভাৱশীল কবি। বৃহত্বৰ পাঠক সমাজৰ মাজত তেওঁৰ কবিতাৰ বহুল  প্ৰচাৰ কামনা কৰি, তেওঁৰ ৰচিত বিভিন্ন কাব্যগ্ৰন্থৰ পৰা প্ৰতিনিধিত্বশীল কেইটামান কবিতা নিৰ্বাচন কৰি এই ডিজিটেল কাব্য সংকলনখন প্ৰস্তুত কৰা হৈছে। আমি প্ৰচেষ্টা লোৱা সত্বেও কবিতাসমূহৰ কোনো স্বত্বাধীকাৰী বিচাৰি পোৱা নাই যদিও সিহঁতৰ প্ৰতি আমি চিৰকৃতজ্ঞ হৈ ৰলো। আমি আশাবাদী যে কবিতাসমূহৰ স্বত্বাধীকাৰীসকলে কোনো প্ৰকাৰৰ আপত্তি  নকৰি  আমাৰ অসমীয়া ভাষা আৰু সংস্কৃতিৰ বিকাশ আৰু বিস্তাৰৰ অভিযানত আমাৰ লগত উদাৰভাৱে সহযোগ কৰিব।

তৎসত্বেও ভৱিষ্যতে স্বত্ব সম্পৰ্কীয় কোনো দাবীৰ উদ্ভৱ হ’লে আমি যথাসম্ভৱ লগে লগে যোগাযোগ কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ।

সম্পাদনা  সমিতি

হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা

 

 আগকথা

(হীৰেন ভট্টাচাৰ্যৰ কবিতা: এক বৈশিষ্ট্যমূলক আলোচনা)

বিংশ শতাব্দীৰ অসমীয়া কাব্যমোদী পাঠকসমাজৰ সহানুভূতি, মৰম আৰু শ্ৰদ্ধা বুটলি ল’বলৈ সমৰ্থ হোৱা এজন জনপ্ৰিয় কবি হ’ল হীৰেন ভট্টাচাৰ্য। ভাৱ আৰু বিষয়বস্তুত তেওঁ তেওঁৰ নিকটপূৰ্ব আৰু সমসাময়িক কবিসকলৰ  স’তে খোজ মিলাই গতি কৰিলেও আধুনিক অসমীয়া কবিতাত ভাষা আৰু শব্দ প্ৰয়োগৰ দৃষ্টিভঙ্গীত তেওঁ এক নতুনত্ব আনয়ন কৰে। স্বদেশপ্ৰেম, সাম্যবাদ প্রতিষ্ঠাৰ হকে বিপ্লৱ, প্ৰকৃতিৰ প্ৰতি সহজাত প্ৰেম, ৰঙীন ভৱিষ্যতৰ প্ৰতি আশাবাদ আদি তেওঁৰ কবিতাৰ বিষয়বস্তু। তলত এই বৈশিষ্ট্যসমূহ আলোচনা কৰা হ’ল।

কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ পাত লুটিয়ালেই যিটো বৈশিষ্ট্যই পাঠকৰ আগত স্পষ্টকৈ ধ’ৰা দিয়ে সেয়া হৈছে তেওঁৰ অনুভৱশীল মনৰ শিৰাই শিৰাই প্ৰতিধবনিত হোৱা স্বদেশপ্ৰেম। কবিয়ে স্বদেশক ভাল পায়। কিন্তু তেওঁৰ এই ভালেপাৱা অকল অনুভূতিশীল মনৰ কোঠাতেই আবদ্ধ হৈ থকা নাই; ই বাঢ়নী  পানীৰ দৰে উত্তাল আৰু বলিয়া হৈ  উদাত্ত কণ্ঠত প্ৰকাশ পাইছে। কবিয়ে স্বদেশক ইমানেই ভাল পায় যে তেওঁ মাত্ৰ নিজৰ দেশৰ বাবেই যেন  জীয়াই আছে। কবিৰ বাবে তেওঁৰ স্বদেশ প্ৰাণৰো প্ৰাণৰ, গানৰো গানৰ। কবিয়ে কৈছে:

”মোৰ প্ৰাণৰো প্ৰাণৰ,  মোৰ গানৰো গানৰ, মোৰ দেশ।

মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে

শইচ-সোনোৱালী  ভৱিষ্যতৰ সপোন , মোৰ জীৱনৰ আঁহে আঁহে

মোৰ যৌৱনৰ কোঁহে-কোঁহে সেই  সপোনৰ কলৰোল।

…..

এই দেশৰ বাবে  মই জীয়াই আছো। এই দেশৰ বাবে মই

জীয়াই থাকিবলৈ মৰণ পণ কৰিছো। ৰণুৱা, বনুৱা, হালোৱা

এই সকলোৰে মাজত মই আছো – মোৰ দেশৰ বাবে। অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছো।”

(মোৰ দেশ)

কবিয়ে আন এটি কবিতাত কৈছে যে কবিয়ে দেশৰ বাবে  সংগ্ৰাম কৰিবলৈ আৰু  জীৱন দান কৰিবলৈ প্ৰস্তুত। কবিৰ ভাষাত:

“দেশ বুলি ক’লে আদেশ নালাগে,

মোৰ তুমৰুলি তেজত টগবগাই উঠে

এহেজাৰ এটা ৰণুৱা ঘোঁৰা।”   (দেশ আৰু অন্যান্য বিষয়ক)

কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ দ্বিতীয় বৈশিষ্ট্যটি হৈছে দেশৰ নিঃস্ব, নিষ্পেষিত, দৰিদ্ৰ, শোষিত আৰু লাঞ্ছিত জনসাধাৰণৰ হকে শোষক শ্ৰেণীৰ বিৰুদ্ধে স্পৰ্ধাময় কণ্ঠত প্ৰকাশ কৰা বিপ্লৱৰ সুৰ। তেওঁৰ বিপ্লৱ সাম্যবাদী সমাজ  গঠনৰ সপক্ষে। কবিয়ে ভাবে যে সাম্যবাদী সমাজ গঠন সম্ভৱ অকল বিপ্লৱৰ দ্বাৰাহে।  কবিয়ে কৈছে:

“জানো আই, এই জুইৰ পোহৰত

তোমাৰ ৰুগ্ন মুখত উদ্ভাসিত হৈ উঠিব

পৃথিৱীৰ অপৰূপ ৰূপ

সেয়ে জুইকুৰা ময়েই জ্বলালো।”

(শোভাযাত্ৰাত নিহতজনৰ কবিতা)

কবিয়ে শোষক শ্ৰেণীৰ বিৰুদ্ধে ক্ষুব্ধ হৈ আকৌ প্ৰাগলভ কণ্ঠত গৰ্জি উঠিছে:

“মোৰ দুহাত লোহাৰ শিকলিৰে বন্ধা।

কেতিয়াবা ভাবো  খুন কৰো, নাইবা

নিজেই নিহত হওঁ সিহঁতৰ হাতত।

মোৰ তেজৰ শিখাত বাৰুদ ভ’ৰা স্বপ্নৰ যন্ত্ৰণা।”   (প্ৰস্তাৱনা)

কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ তৃতীয় বৈশিষ্ট্যটি হৈছে প্ৰকৃতিৰ প্ৰতি সহজাত প্ৰেম। কিন্তু এই প্ৰেম স্বদেশৰ প্ৰতি থকা তেওঁৰ প্ৰেমৰ দৰে উদাত্ত নহয়; ই মলয়াৰ দৰে শীতল আৰু ফুলৰ দৰে কোমল। তেওঁৰ বহুতো কবিতাত  প্ৰকৃতিৰ প্ৰতি থকা প্ৰেমভাৱৰ  ঝনঝননি আছে যদিও বহু ক্ষেত্ৰত প্ৰকৃতিৰ দৃশ্যৰাজিক প্ৰতীকি অৰ্থতহে ব্যৱহাৰ কৰিছে।  কবি প্ৰকৃতিৰ নানান সুন্দৰ ৰূপ চাই মোহিত হৈছে, কিন্তু কবিয়ে তেওঁৰ কবিতাত এই অনুভৱটো প্ৰকাশ কৰাত কৃপণতা কৰা যেন দেখা যায়। কিন্তু তেওঁ যে প্ৰকৃতিক অকৃত্ৰিমভাৱে ভাল পায় তলত উদ্ধৃত কবিতা ফাঁকিয়ে তাৰ সাক্ষৰ বহন কৰে।

“গুন গুন যেন এজাক মৌমাখি,

মোৰ গাঁৱৰ সিখনি নদী,

যাৰ- সুৱদি সোঁতত

পলৰীয়া মন মোৰ বন্ধী।” (সেই নদী)

তেওঁৰ কবিতাৰ আন এক প্ৰশংসনীয়  বৈশিষ্ট্য হৈছে  এন্ধাৰৰ জোলোঙাৰে দেখা পোৱা ভৱিষ্যতৰ প্ৰতি সোণালী আশাবাদ। তেওঁৰ আশাবাদ সমাজৰ দুখীয়া, নিচলা, দৰিদ্ৰ-পীড়িত সৰ্বসাধাৰণৰ হকে। কবিয়ে আশা কৰে যে যদি জনসাধাৰণ সিহঁতৰ সামাজিক অৱস্থাৰ প্ৰতি সচেতন হয় তেন্তে নিশ্চয় এদিন সমাজত সমাজবাদ প্রতিষ্ঠা হ’ব। সমাজত সাম্য, মৈত্ৰী আৰু শান্তি বিৰাজ কৰিব। কবিয়ে আশা কৰিছে:

“কলঘৰৰ ক’লা ধোঁৱাই

এদিন আকাশত বিজুলী জ্বলাব

ৰাস্তাৰ কাষৰ এইজাক ল’ৰাই 

জীৱনৰ বাটে বাটে ফুল ফুলাব।

ব্যাধিগ্ৰস্ত এই নগৰে এদিন

আকাশলৈ মূৰ তুলি চাব:

আকাশ ইমান বহল!

দকৈ উশাহ লৈ ক’ব:

বতাহ ইমান কোমল।”  (নাগৰিক)

বিষয়-বস্তুৰ পিনৰ পৰা কবি হীৰেনৰ কবিতা যুগোপযোগী আৰু তেওঁৰ সমসাময়িক কবিসকলৰ লগত একেডাল সুৰ আৰু সূতাঁৰে গ্ৰথিত যদিও ভাষাশৈলী আৰু প্ৰকাশভঙ্গীৰ পিনৰ পৰা তেওঁ স্বতন্ত্ৰ, অনন্য আৰু মৌলিক।  তেওঁ কবিতাত ভাৱ আৰু ভাষাৰ মাজত ঐক্য সাধনৰ প্ৰতি অত্যন্ত মনোযোগী আৰু সতৰ্কশীল। কবিতাত তেওঁৰ বাবে শব্দ নিৰ্বাচন অতীব প্ৰয়োজনীয় দিশ বুলি ভাৱে। ভাৱৰ লগত মিলি যোৱকৈ উপযুক্ত আৰু উপাদেয় শব্দ নিৰ্বাচনত গুৰুত্ব দি কবিয়ে লিখিছে:

“স্বপ্নৰ উদ্যান চুই অহা মোৰ এই শব্দবোৰত 

জীৱন ধাৰাৰ সুষমা,

সময়ৰ ঘনিষ্ঠ উত্তাপ 

মোৰ কোনো নিজস্ব আৱিষ্কাৰ নাই,

মোৰ ভিতৰত এটা যেন খেতিয়ক,

মই শব্দবোৰ  জিভাত দি চাওঁ

কাৰ কি সোৱাদ, হাতৰ তলুৱাত লৈ চাওঁ

কিমান তপত।

মই জানো শব্দ মানুহৰ মহৎ সৃষ্টিৰ 

তেজ-দীপ্ত সন্তান।”  (মোৰ এই শব্দবোৰ )

কবি হীৰেন ভট্টাচাৰ্যই শব্দ নিৰ্বাচনত  ইমানেই গুৰুত্ব দিছে যে তেওঁৰ বহু কবিতাই জটিল শব্দৰ আখৰা যেনহে  লাগে।  তেওঁৰ বহু কবিতাত জটিল শব্দৰ প্ৰয়োগে তেওঁৰ কবিতাৰ ভাৱ আৰু অৰ্থক স্পষ্ট কৰাৰ পৰিবৰ্তে অস্পষ্ট আৰু অবোধগোম্যহে কৰি তুলিছে। উদাহৰণস্বৰূপে তলৰ উদ্বৃত কেইশাৰীমান কবিতালৈ আঙুলিয়াব পাৰি:

“মোৰ অসহায় চকুৰ আগত বিশাল

শব্দকল্পদ্ৰুম, উদগ্ৰ জীৱন

শক্তিত স্ফীত শাখা প্ৰশাখাত

উৎসৱান্ত ধুমুহাৰ কোলাহল,

মুক্ত, উদ্ধত আৰু সুস্পষ্ট  বিবেকী 

বজ্ৰৰ নিৰ্ঘোষ।”  (মোৰ আৰু পৃথিৱীৰ)

ওপৰুদ্ধৃত কবিতা কেইফাঁকি পঢ়িবলৈ বা আবৃতি কৰিবলৈ ভাললগা যদিও সাধাৰণ পাঠকৰ বাবে  বোধগম্যতাৰ পিনৰ পৰা জটিল।

তেওঁৰ কবিতাৰ সৰহভাগেই জটিল শব্দৰ ভিৰত ভাৰাক্ৰান্ত যদিও কবিয়ে উপমা, ৰূপক, প্ৰতীক, অনাষক্ত বিশেষণ, অনুপ্ৰাস আদি অৰ্থালংকাৰ আৰু শব্দালংকাৰেৰে  কবিতাক অলংকৃত কৰিছে। উপমাৰ উদাহৰণ হিচাপে তলত উদ্ধৃত কবিতা কেইশাৰীলৈ আঙুলিয়াব পাৰি:

(ক) কাল সমুদ্ৰত আহিছে জোঁৱাৰ

যেন ক্ষুব্ধ অজগৰ।

(খ) মোৰ শৰীৰৰ চেঁচা তেজত 

ফুটুকী হৰিণীৰ দৰে

হঠাৎ জপিয়াই পৰে 

এচেৰেঙা  ৰ’দ: উদগ্ৰীৱ, উৎসুক।

(গ) সংগোপনে মই মোৰ জীৱন 

মোৰ বন্ধুৰ  হাতত তুলি দিলো

যিদৰে আলফুলে প্ৰিয়াৰ খোপাত

পিন্ধাও এপাহ গোলাপ।

ৰূপকৰ উদাহৰণ হিচাপে তলত দিয়া শাৰী কেইটা আগবঢ়াব  পাৰি:

(ক) দেহৰ হুলত এতিয়া মোৰ 

লাগি আছে মাটিৰ কোলাহল।

(খ) ৰোষৰ তেজাল আঙুৰ

সৰে থোকে থোকে।

কবি হীৰেন ভট্টাচাৰ্যই আশা, শান্তি আৰু পোহৰৰ প্ৰতীক হিচাপে ছাঁ, নীলা ৰং, পাৰ চৰাই, ফুল, সূৰ্য আদিক ব্যৱহাৰ কৰিছে  আৰু সাপ, কুঁৱলী, বসন্ত ঋতু, বৰ্ষা আদিক এন্ধাৰ বা অশান্তিৰ প্ৰতীক হিচাপে গ্ৰহণ কৰিছে।

কবি হীৰেনৰ কবিতাৰ শব্দ আৰু অৰ্থালংকাৰৰ আকৰ্ষণীয় বৈশিষ্ট্য হৈছে অনাষক্ত বিশেষণৰ প্ৰয়োগ, যেনে – ‘ৰাতিৰ নিটোল শৰীৰ’, ‘চেতনা থৰ থৰ অন্ধকাৰৰ পোহৰ’, ‘নিৰ্জন ৰাতিৰ ক্লীৱতা’ ইত্যাদি।

অনুপ্ৰাস অলংকাৰো তেওঁতৰ কবিতাত বিদ্যমান। উদাহৰণ – ‘দীনতাৰ দাহনত’, পূৰ্ণতাৰে পৰিপূৰ্ণ পৃথিৱীৰ অপৰূপ ৰূপ’, নদীৰ দৰে নিৰ্মল’ ইত্যাদি।

সামৰণিত ক’ব পাৰি, কবি হীৰেন ভট্টাচাৰ্যৰ কবিতা ভাৱ আৰু ভাষাৰ ক্ষেত্ৰত বিংশ শতাব্দীৰ অসমীয়া কাব্যাকাশত এটি পৰিপূৰ্ণ বাগিছা যাৰ কাষত থিয় দি বিংশ শতাব্দীৰ অসমীয়া সমাজখনৰ পোহৰ আৰু এন্ধাৰ, চাৰুতা আৰু কুৎসা – এই আটাইবোৰ  ৰূপেই উপভোগ কৰিব পাৰি। ০ ০ ০ 

সূচীপত্ৰ

মোৰ দেশ

শৰ-সন্ধান

মোৰ বুকুত কি জ্বলে

ৰৌদ্ৰ কামনা

বসন্তৰ গান

শোভাযাত্ৰাত নিহতজনৰ কবিতা

দেশ আৰু অন্যান্য বিষয়ক

ভোগালী

পৃথিৱী মোৰ কবিতা

এতিয়াও অমৃত

আহিনৰ লেণ্ডস্কেপ

মোৰ আৰু পৃথিৱীৰ 

মোৰ এই শব্দবোৰ

স্বদেশ স্বকাল

সংকট দিন

প্ৰয়াত কবিৰ স্মৰণত

কবিৰ হাতৰ ছবি 

প্ৰস্তাৱনা

অসম্ভৱ অনুবাদ 

……………………………………………………

হীৰেন ভট্টাচাৰ্যৰ  প্রতিনিধিত্বশীল কবিতা (মূল পাঠ )

মোৰ দেশ

মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ ।

মোৰ প্ৰতোটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে

শইচ-সোনোৱালী ভৱিষ্যতৰ সপোন । মোৰ জীৱনৰ আহেঁ আহেঁ

মোৰ যৌৱনৰ কোহেঁ-কোহেঁ সেই সপোনৰ কলৰোল ।

 

দেশে-দেশে দেশ আছে । এনে বহু দেশৰ অৰঙে-দৰঙে

মই ঘূৰিছোঁ । বহু বন্ধুৰ সতে হাতে-হাত ধৰি ফুৰিছোঁ ।

কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা

পাহাৰ তলিত খন্তেক জিৰাইছোঁ । বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ

কথা পাতিছোঁ । তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা ।

 

এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ । যাৰ বুকুৰ উমে মোক দিছে

ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য । জীৱনৰ নতুন অৰ্থ ।

এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ

প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস । প্ৰতিটো ঋতুৱে

মোক দি যায় জীৱনৰ আশীৰ্বাদ ।

 

মোৰ দেশৰ বাবে মই জীয়াই আছোঁ । এই দেশৰ বাবে মই

জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ । ৰণুৱা, বনুৱা, হালোৱা

এই সকলোৰে মাজত ঐক্য হৈ, বিৰোধৰ মাজত

সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ ।

জীৱনে-মৰণে, শয়নে-সপোনে এই দেশৰ আহ্বান মই শুনিছোঁ ।

শত্ৰু-মিত্ৰ সকলোকে মই চিনিছোঁ । সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে

জিনিছোঁ । শান্তিৰ চৰাইযুৰিক আঁজলি ভৰাই দিছোঁ — ভঁৰালৰ

এমুঠি ধান, পৰাণৰ একোটি গান ।

 

আৰুতো মোৰ একো নাই!

মোৰ দেশ — মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই

মোক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ, আদৰ্শৰ কঠিন

পৰ্বত-মূললৈ …. । ০ ০ ০

হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা

 

শৰ-সন্ধান

(স্বাধীনতা আৰু শান্তিৰ নামত উৎসৰ্গিত)

ইয়াতেই বান্ধিছিলা তোমাৰ যৌৱনৰ

তেজি ঘোঁৰা। বসন্তৰ বতাহৰ দৰে

সেই ঘোঁৰাৰ খুৰাৰ ধূলিয়ে

চুমিছিল

মোৰ এই তেজাল আকাশ

আৰু তাৰ প্ৰান্তৰৰ সেউজীয়া ঘাঁহ।

তাৰ পিছত, পাৰ হৈ গ’ল

চ’তৰ নিদাঘ-জুই আৰু ব’হাগৰ

কতনা ধুমুহা।

 

….মই কেতিয়াবা

এতিয়াও সপোনত সাৰ পাই উঠোঁ

আফ্ৰিকা নে তেলেংগানা ক’ৰবাত

সেই ঘোঁৰা যেন হিল-দ’ল ভাঙি লৰিছে

আৰু তোমাৰ চাবুকত চমকি উঠিছে

নিৰ্জ্জন ৰাতিৰ ক্লীৱতা। ০ ০ ০

হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা

 

মোৰ বুকুত কি জ্বলে

মোৰ বুকুত কি জ্বলে!

মোৰ দুখ, মোৰ আনন্দ

কিহে আৰু ব্যাপক কৰি তোলে!

মোৰ অনুভৱে অনুভৱে

তোমাৰ প্ৰেমৰ গুণগুণ শব্দ

এনেকৈ ৰূৰুৱাই জ্বলে যে

তাৰ ছাই ভৰি পৰে

মোৰ বুকুৰ ভিতৰে-বাহিৰে ।

 

সম্ভৱত তোমাৰ প্ৰগলভ প্ৰেমে

মোক ছাই কৰি পুৰি নিব ক্ৰমে । ০ ০ ০

হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা

 

ৰৌদ্ৰ কামনা

উজাগৰ ৰাতি

সপোন দেখিছো মই

ফুল-আলসুৱা তোমাৰ মুখৰ

শইছ-সোণালী হাঁহি।

অযুত তৰাৰ ঘুমটি ভাঙি যেন

সূৰ্য্য আহিছে নামি। ০ ০ ০

হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা

 

বসন্তৰ গান

(এজন কবিলৈ)

কালি ৰাতি খুব কুঁৱলী পৰিছিল ।

পাহাৰ তলিত

এটা চৰায়ে ওৰে ৰাতি

গান গাই আকাশখনক কন্দুৱাইছিল ।

 

ৰাতিপুৱা,

গছে বনে, পাহাৰৰ শিখৰে শিখৰে

বকুল ফুলৰ দৰে

গুৰি গুৰিকৈ বৰফ পৰিছিল ।

 

এটা চৰাইৰ

মাতত বসন্ত অহা হ’লে!

তাৰ লাহী ডেউকাই

কুঁৱলী আঁতৰাব পৰা হ’লে! ০ ০ ০

হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা

 

শোভাযাত্ৰাত নিহতজনৰ কবিতা

এই জুইকুৰা ময়েই জ্বলালো ।

জানো আই, এই জুইৰ পোহৰত

তোমাৰ ৰুগ্ন-মুখত উদ্ভাসিত

হৈ উঠিব

পৃথিৱীৰ অপৰূপ ৰূপ ।

সেয়ে, জুইকুৰা ময়েই জ্বলালো ।

 

দিনৰ পিছত দিন,

ৰাতিৰ শেহত দোকমোকালিৰ কোমল বতাহেৰে

মোক নিচুকাই কি ৰং পোৱা

মই নাজানো আই! নিষ্ঠূৰ  ক্ষমাৰে

মাথোঁ মোক নেহানিবা । তোমাৰ বাবে আই,

বহুবাৰ প্ৰিয়জনৰ বুকুৰ তেজ দিলো ;

এইবাৰ মোৰ মন্ত্ৰপূত শৰীৰ ।

 

জন্মৰ ঋণ পৰিশোধ কৰাৰ আনন্দত

মই যে আজি অধীৰ

সেয়ে, জুইকুৰা ময়েই জ্বলালো । ০ ০ ০

হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা

 

দেশ আৰু অন্যান্য বিষয়ক

(১)

দেশ বুলি ক’লে আদেশ নেলাগে,

মোৰ তুম্‌ৰালি তেজত টগবগাই উঠে

এহেজাৰ এটা ৰণুৱা ঘোঁৰা!

 

(২)

মোৰ শব্দৰ শোভাযাত্ৰা হওক, স্কুৰ-কুটিল ৰাতিৰ প্ৰহৰী হওক

তিৰবিৰাই থাকক বিক্ষোভৰ চোকা তৰোৱাল,

টলমল শব্দৰ উচ্ছ্বসিত তেজৰ প্ৰৱাহে-প্ৰৱাহে ।

 (৩)

মোৰ কামিজত ফুটি উঠে কাতৰতা, ক্ষীণ হয় ঘনিষ্ট উশাহ;

গভীৰত বৰ অস্বস্তি, বৰ অস্থিৰতা । সতৰ্ক প্ৰহৰী বতাহ

হঠাৎ কৌতূহলী হৈ পানীত যিদৰে নচুৱাই মাছ

মোৰ চৌকাষে উদ্যত মৃত্যু; মৃত্যুৰ কৌশলী হাত

অথবা, মৃত্যুজিত প্ৰতিভাৰ আচ্ছাদিত আভাস । ০ ০ ০

হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা

 

ভোগালী

তুমিটো জানাই

এই কবিৰ আৰু একো নাই ।

এটাই মাথোঁ কামিজ

তাৰো ছিগো-ছিগো চিলাই ।

প্ৰেম নিশ্চয় এনেকুৱাই

আৱৰণ খুলি হৃদয় জুৰাই । ০ ০ ০

হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা

 

পৃথিৱী মোৰ কবিতা

কলম মোৰ কমাৰৰ হাতৰ হাতুৰি, ভাঙি-পিটি গঢ়ি লওঁ শব্দ,

খেতিয়কৰ ফাল যেন চোকা, সীৰলুত সোনৰ সীতা,

মিস্ত্ৰিৰ কৰত যেন ৰূঢ়,

কঠিন কাঠৰ আঁহ ফলি টানি আনো

অভিজ্ঞতাৰ তেজ লগা শব্দ, চাওঁতাল মৰদৰ ধনুৰ কাঁড় যেন

লক্ষ্যভেদী একো-একোটা শব্দ মোৰ

ৰক্ত-মাংস-ইচ্ছাত তীব্ৰ হৈ উঠে,

সিহঁতৰ কোনোটো পৰ্বতৰ দৰে উদ্ধত,

কোনোটো নদীৰ দৰে নত আৰু কোনোটো বা হ্ৰদৰ দৰে গম্ভীৰ,

কাৰো কথাত উঠা-বহা নকৰে ।

 

নদ-নদী-পৰ্বত চিত্ৰিত বিপুল মহাদেশৰ মই কবি,

পৃথিৱী মোৰ কবিতা । ০ ০ ০

হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা

 

এতিয়াও অমৃত

(১)

স্মৃতি দুখৰ অতীত

সুহুৰিয়াই গুচি যায় সুৰম্য উপত্যকা ।

(২)

মুখত এজোলোকা তেজ । সুৰ্যটো ওলমি আছে ।

আকাশ ফাঁচীৰ কাঠ ।

 (৩)

দীৰ্ঘশ্বাস মলিন আকাশত কোন তুমি বিষাদ প্ৰতিমা! ০ ০ ০

হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা

 

আহিনৰ লেণ্ডস্কেপ                                              

(১)

শেষ হৈ গ’ল

লুদ্ধ আকাশৰ হিংস্ৰ উৎসৱ ।

উখল মাখল পথাৰত

এতিয়া বলিছে সেউজীয়া ঢল ।।

 (২)

তামস আকাশখনৰ

স্তব্ধতা ভাঙে কোমল কঁহুৱা ফুলে ।

কবিতাৰো বতৰ আছে

আহিনৰ আকাশে কাণে কাণে ক’লে ।

 (৩)

ৰ’দালিৰ ভাঁজে ভাঁজে

অপাৰ বিস্ময় ।

আবেগত ভাঙি পৰে

শব্দৰ তন্ময় । ০ ০ ০

হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা

 

মোৰ আৰু পৃথিৱীৰ 

(১)

কাৰ কাৰণে কবিতা, সূৰ্যৰ শুদ্ধতা? সমুখৰ বাট জলকতবক ,

বাওঁহাতৰ টিপত মৰে কুশীলব, জননীৰ বুকুত কাল যমুনা ।

কাৰ কাৰণে কবিতা, সূৰ্যৰ তেজস্বিতা ? ছহীদৰ হাড়

শিয়াল-কুকুৰৰ ভোজ, স্বাধীনতাৰ বিপন্ন মুখ!

কাৰ কাৰণে কবিতা, তাপস কবিৰ তেজৰ শলিতা ?

(২)

মই এক বিপুলাতয়ন নাটকৰ গৰ্ভাংকৰ গভীৰ নাটকীয় মুহূৰ্তত,

মোৰ অসহায় চকুৰ আগত বিশাল শব্দকল্পদ্ৰুম,

উদগ্ৰ জীৱন শক্তিত স্ফীত শাখা-প্ৰশাখাত

উৎসাৱন্ত ধুমুহাৰ কোলাহল;

মুক্ত, উদ্ধত আৰু সুস্পষ্ট বিবেকী বজ্ৰৰ নিৰ্ঘোষ ।

 

মোৰ অনুভূতিৰ বিপদজনক দুৱাৰ দুফাল কৰি খোলা ।

যকৃতৰ সুখ-শ্ৰুত সুস্থতাই জানো সকলো ?

 

তোমাৰ লগত মোৰ বিস্তৰ মতভেদ ।

বৰং যদিও দুষ্প্ৰাপ্য, তেজৰ স্বাভাৱিক ৰং মোৰ প্ৰিয় ।

মই এনেধৰণৰ সৰ্বাত্মক সংকটৰ মুখামুখি

যাৰ — এফালে নিৰ্বিষ বাস্তৱ, আনফালে অসম্ভৱ ভৱিষ্যত ।

 (৩)

নিমিষতে ভাঙি পৰে মোৰ বুকুৰ ভিতৰৰ ঘৰ-দুৱাৰ । তোমাক

বুকুত থৈ কৰা আশ্চৰ্য নিৰ্মাণ । ভয়ংকৰ ভাঙনৰ মুখত

স্থিত দীৰ্ঘ পৰিশ্ৰমে গঢ়া সুশোভিত উদ্যান ।

পাৰ হৈ আহোঁ পিছল শিলৰ সাঁকো,

ভৱিষ্যতৰ গন্ধবহ সপ্ৰতিভ বৰ্তমান ।

হাড়ে হাড়ে, বুকুৰ ভিতৰে ভিতৰে ভাঙে ঘৰ-দুৱাৰ,

কলিজাত কতকাল পৰি থকা স্মৃতিময় গোলাপ লতাৰ

তিমিৰ প্ৰোথিত শিপা ছিন্ন-বিচ্ছিন্ন ।

শ্বাসৰোধী অভ্যন্তৰত পিপাসাৰ মুমূৰ্ষ প্ৰাৰ্থনাঃ

মোৰ প্ৰকৃতি, মোৰ প্ৰিয়, তুলি লোৱা মোৰ অপাপ হৃদয়

ধ্বংসস্তুপৰ পৰা ।

(৪)

তেজৰ অনুগত মোৰ এই অভীষ্ট শব্দবোৰৰ নিঃসংগতা

লগৰীয়াৰ চকুত ধূলি দি বালিঘৰ সাজি একান্তমনে

উমলি থকা ল’ৰাটোৰ দৰে এক অদ্ভুত আনন্দবোধত মুগ্ধ ।

প্ৰতিটো শব্দৰ শৰীৰে শৰীৰে বিয়পি আছে মোৰ

আইৰ চাদৰৰ মোলান আচঁলত লাগি থকা কিংবদন্তিৰ কৰুণতা ।

(৫)

এনেকৈয়ে আছোঁ: দুখ মোৰ কোলাৰ কেঁচুৱা, বাৰে বাৰে

দুহাতেৰে দাঙি ল’ব লাগে । জিভাত দুখৰ ঘৰৰ লোণ,

ওকালিত ওলাই আহে ভাতৰ নিসনি । খং মোৰ সহজতে নুঠে ।

দায়িত্বশীল পিতাৰ দৰে মই জানো

খং কেনেকৈ সামৰি থ’ব লাগে;

ক্ষমায়েই বা কাক বোলে । প্ৰচুৰ দায়িত্ব মোৰ ।

দুখবোৰ তুলি-তালি মানুহ কৰাৰ গধুৰ দায়িত্ব,

একান্ততাত জুৰুলি-জুপুৰি নৰীয়া দেহা,

কিবা এটা ক’ব খুজিলেই আলজিভাৰ পৰা ছিটিকি পৰে

অজানিত তেজ মুখৰ ভিতৰে-বাহিৰে ।

(৬)

মোৰ অস্ত্ৰৰ শানিত মুখত সুগন্ধ সময়ৰ সেতুময়তা!

মোৰ স্নায়ুৰ বিচিত্ৰ বীনাৰ সহস্ৰ তাঁৰ কৃতজ্ঞতাবোধত গধুৰ,

বুকুৰ ভিতৰত অজৰ-অমৰ পৃথিৱী, যাৰ কাষত বহিলে

উজ্জ্বল হৈ উঠে মোৰ নৰীয়া দেহ । ভ্ৰমণ-বিলাসী মনৰ শেষ হয় সকলো

আয়োজন, ভৰি ছুই গুছি যায় আবেলিৰ ৰ’দ,

মই মাথোঁ বহি থাকোঁ লিৰিকি-বিদাৰি গুৰুভাৰ শিকলি ।

…. আঙুলি কামুৰি পালো ঘোলা তেজ, চেঁচা বিদ্ৰোহ,

চূড়ান্ত কিবা কৰাৰ মোৰ খুব লোভ, অথচ মোৰ

সেই স্পৰ্ধা নাই অথবা বিৰল প্ৰাজ্ঞতা!

(৭)

কমৰেড, বুকুখন বিষাইছে, বন্দুকটো উম দি বুকুতে থাকক,

আঁতৰাই নিনিবা; লাগিলে তৰ্জনী আঙুলিটো মোৰ

ট্ৰিগ্ৰাৰতে থোৱাঃ বন্দুকৰ নলেৰে জ্বলক অবিৰাম বিজুলী ।

ৰাতিটো পাৰ হৈ গ’লে আমাৰ আৰু ভয় কি ?

নলে-গলে লগালগি পামগৈ ফৰকাল বেলতলাৰ পথাৰ । ০ ০ ০

হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা

 

মোৰ এই শব্দবোৰ

(তৰুণ কবিৰ হাতত)

স্বপ্নৰ উদ্যান ছুই অহা মোৰ এই শব্দবোৰত জীৱনধাৰাৰ সুষমা,

সময়ৰ ঘনিষ্ঠ উত্তাপ, মোৰ কোনো নিজস্ব আবিস্কাৰ নাই,

মোৰ ভিতৰত এটা যেন খেতিয়ক, মই শব্দবোৰ জিভাত দি চাওঁ,

কাৰ কি সোৱাদ, হাতৰ তলুৱাত লৈ চাওঁ কিমান তপত,

মই জানো শব্দ মানুহৰ মহৎ সৃষ্টিৰ তেজঃদীপ্ত সন্তান,

মই সাধাৰণ কবি,

কান্ধ সলনি কৰি বৈ অনা মোৰ এই শব্দবোৰত

মানুহৰ নিদাৰুণ অভিজ্ঞতা, বুৰঞ্জীৰ নিঠুৰ আচোঁৰ । ০ ০ ০

হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা

 

স্বদেশ স্বকাল

মই কবি, কৃতিত্বৰে পাৰ হৈ আহিছোঁ বুৰঞ্জীৰ বহু ভয়ংকৰ দিন ।

শব্দই মোক দিছে প্ৰতিৰোধৰ অসামান্য ক্ষমতা, অৰ্থৰ শৃংখলা,

নিৰ্ভুল হোৱাৰ ইচ্ছা, সেয়ে, প্ৰয়োজনত পুনৰ প্ৰতিষ্ঠা কৰিছোঁ

বিপৰ্যস্ত শব্দৰ নিৰ্বাসিত অৰ্থ ।

শব্দ মোৰ শুভংকৰ সংগীত কিম্বা উচ্চতৰ গণিত ।

থাকক অবিবেকী যুদ্ধ, মহামাৰী বসন্ত, শব্দ মোৰ চিৰাচৰিত

প্ৰতিকূলতাত আয়ত্তাধীন নিপুণতাৰ গুৰুত্বপূৰ্ণ অকপট তৰোৱাল ।

মোৰ আন কোনো সত্তা নাই, শব্দৰ সতে মোৰ অভিন্ন সংসাৰ;

যাৰে খণ্ড-খণ্ড কৰি তুলি ধৰোঁ ৰক্তাক্ত স্বদেশ স্বকাল;

স্বপ্নৰ নিটোল দেহেৰে গঢ়া অসম্ভৱ ভৱিষ্যত । ০ ০ ০

হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা

 

সংকট দিন

আকালৰ চোতাল । শস্যৰ পথাৰ উদং । কিশোৰৰ হেৰাল

স্বপ্ন স্বাধীনতা । গৰ্ভৱতী নাৰী নিদ্ৰাত নিহত ।

মূলত কি বিহ ? উছন গ’ল গাঁও । নষ্ট নগৰ ।

মৃত্যুৰ মলিন ছাঁত, অশ্লীল বণিজ । পাপ মুদ্ৰাৰ পায়োভৰ ।

হে সময়, গৰ্জি উঠা, নিয়োজিত কৰা সৰ্বোত্তম প্ৰতিভা । ০ ০ ০

হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা

 

প্ৰয়াত কবিৰ স্মৰণত

বেশ্যান্তৰিত শাসক স্বভাৱদোষত স্ফীতোদৰ বণিকৰ ক্ৰীতদাস,

সন্ন্যাসে শোভা কৰে জানো কবিক, কলম যাৰ জাগৰ তৰোৱাল ?

কাব্যতো নহয় সহজ পণ্য, অন্য ধাতুৰে গঢ়া তাৰ বিপন্ন শৰীৰ,

তেজত প্ৰতিবাদ, সত্তাত বিপ্লৱ ।

 

নেৰুদা, মই তোমাৰ কুৰিটা প্ৰেমৰ কবিতা পঢ়িছোঁ,

আৰু জানো প্ৰেমৰ কবিতাৰে ৰচা এটা হতাশাৰ গানত মূৰ্ত

ভাঙনৰ হাতুৰি কিমান গধুৰ! ০ ০ ০

হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা

কবিৰ হাতৰ ছবি  

(১) বৰ্ষা

শাল বনেৰে বৈ আহে বতাহৰ কুলুকুলু বাঁহী।

বাৰিষাৰ বতাহ যেন হতাশ প্ৰেমিক,

বুকু ভৰি থাকে দুখ, দুখৰ

সৰল হাঁহি।

 (২) শীত

পাতবোৰ পৰি আছে। উদং গাৰে ৰ’দ লৈছে গছবোৰে।

শুকান ঘাঁহত বনকৰা পাট যেন ৰ’দ। দূৰত ম’হৰ শিঙৰ দৰে

ফেৰপাতি থকা পাহাৰটো সাৱটি আছে নৈৰ নিজান সুৰে!

(৩) বসন্ত

জুনুক কৰি বাজিল জুনুকা।

‘চেনিমৰা বাগিচাৰ চিঠি’ লৈ কোবাল খোজেৰে গুছি গ’ল ডাকোৱাল।

গছে গছে হেঁপাহৰ ৰঙীন ৰুমাল। ০ ০ ০

হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা

প্ৰস্তাৱনা

মোৰ দুহাত লোহাৰ শিকলিৰে বন্ধা ।

কেতিয়াবা ভাবোঁ খুন কৰোঁ, নাইবা

নিজেই নিহত হওঁ সিহঁতৰ হাতত । 

মোৰ তেজৰ শিখাত বাৰুদ-ভৰা স্বপ্নৰ যন্ত্ৰণা ।

 

যেতিয়াই ভাবোঁ খুন কৰোঁ সিহঁতক

মোৰ তেজৰ সোঁতত বাজি উঠে অস্ত্ৰৰ

অনিবাৰ্য ঝনঝননি । সমস্ত শক্তিৰে

ছিঙি পেলাওঁ হাতৰ শিকলি । সমুখৰ

শোভাযাত্ৰাত যোগ দিওঁ অথবা

নিশব্দে তুলি লওঁ ছহীদৰ দেহা ।

 

মোৰ তেজৰ শিখাত

বাৰুদ-ভৰা স্বপ্নৰ যন্ত্ৰণা। ০ ০ ০

হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা

অসম্ভৱ অনুবাদ                      

এটা অজুহাত পালে মই গুচি যাব পাৰোঁ,

যেনি মন যায়, তোমাৰ সান্নিধ্যৰ যাদুকৰী ৰাতি

মই গুচি যাম, যি কোনো অজুহাত পালে,

মুক্ত কৰি প্ৰতিভাৰ পথ, নিৰ্জনতা নিৰ্ভৰ ছায়াৰ

সুখ্যাতিত এই যে তোমাৰ এই উপস্থিতি

অসম্ভৱ অনুবাদ তাৰ, জালিকটা জোনাকৰ

মাজেৰে মই গুচি যাম, হাতত সাৰে ভৰিত সাৰে ……

(কোনোবা হাস্নাহানা ৰাতি) ০ ০ ০ 

হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা

 

সদৃশ ৰচনা :

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

30 Comments

  1. Pingback: ৰবীন্দ্ৰনাথ ঠাকুৰৰ কাব্যগ্ৰন্থ ‘গীতাঞ্জলি’ - এক বৈশিষ্ট্যমূলক আলোচনা - Growhills Publishing

  2. Pingback: ছ’চিয়েলে মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ - Growhills Publishing

  3. Pingback: প্ৰীতি । প্ৰীতি -ৰাব্বি মছৰুৰ - Growhills Publishing

  4. Pingback: মোৰ গান - Growhills Publishing

  5. Pingback: আছিল আশা প্ৰাণত - Growhills Publishing

  6. Pingback: মোৰ গীত তোমাৰ সুৰ - Growhills Publishing

  7. Pingback: অসমীয়া শব্দৰ আধাৰ আৰু প্ৰকৰণ - Growhills Publishing

  8. Pingback: উচ্চাৰণ অনুযায়ী ব্যঞ্জন বৰ্ণৰ বিভাজন - Growhills Publishing

  9. Pingback: বৰ্ণ আৰু বৰ্ণমালা - Growhills Publishing

  10. Pingback: ধবনি আৰু ভাষা। Sound and Language - Growhills Publishing

  11. Pingback: H S 2nd Yr Final Exam Que Paper Assamese 2019 - Growhills Publishing

  12. Pingback: H S 2nd Yr Final Exam Que Paper Assamese 2018 - Growhills Publishing

  13. Pingback: H S 2nd Yr Final Exam Que Paper Assamese 2017 - Growhills Publishing

  14. Pingback: H S 2nd Yr Final Exam Que Paper English 2020 - Growhills Publishing

  15. Pingback: H S 2nd Yr Final Exam Que Paper English 2019 - Growhills Publishing

  16. Pingback: H S 2nd Yr Final Exam Que Paper English 2018 - Growhills Publishing

  17. Pingback: H.S. 2nd Yr Final Exam Que Paper English 2017 - Growhills Publishing

  18. Pingback: H.S. 2nd Yr Final Exam Que Paper English 2016 - Growhills Publishing

  19. Pingback: H S Final Exam Que Paper English 2015 - Growhills Publishing

  20. Pingback: মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ প্ৰভাৱ - Growhills Publishing

  21. Pingback: আনন্দৰাম বৰুৱা।Anandaram Baruah - Growhills Publishing

  22. Pingback: Growhills Book Covers - Growhills Publishing

  23. Pingback: Photo of Students - Growhills Publishing

  24. Pingback: Ready Guide H S 2nd Yr English Poetry - Growhills Publishing

  25. Pingback: Ready Guide H S 2nd Yr English Supplementary Reader - Growhills Publishing

  26. Pingback: আনন্দৰাম ঢেকিয়াল ফুকন । Anandaram Dekiyal Phukan - Growhills Publishing

  27. Pingback: শিশু পদ্য - Growhills Publishing

  28. Pingback: সংহতিৰ ভাড়াঘৰ - Growhills Publishing

  29. Pingback: ভোগালী - Growhills Publishing

  30. Pingback: মোৰ বুকুত কি জ্বলে - Growhills Publishing

Leave a Reply

Your email address will not be published.