এতিয়াও অমৃত

—হীৰেন ভট্টাচার্য 

(১)

স্মৃতি দুখৰ অতীত

সুহুৰিয়াই গুচি যায় সুৰম্য উপত্যকা ।

(২)

মুখত এজোলোকা তেজ । সুৰ্যটো ওলমি আছে ।

আকাশ ফাঁচীৰ কাঠ ।

 (৩)

দীৰ্ঘশ্বাস মলিন আকাশত কোন তুমি বিষাদ প্ৰতিমা! ০ ০ ০

(হীৰেন ভট্ট্যাচার্যৰ ‘এতিয়াও অমৃত’ কবিতাটি ৰাব্বি মছৰুৰ  সম্পাদিত ‘হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা তুলি অনা হৈছে।)

সদৃশ ৰচনা :

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

 

Leave a Reply

Your email address will not be published. Required fields are marked *