কবিৰ হাতৰ ছবি 

—হীৰেন ভট্টাচার্য  

(১) বৰ্ষা

শাল বনেৰে বৈ আহে বতাহৰ কুলুকুলু বাঁহী।

বাৰিষাৰ বতাহ যেন হতাশ প্ৰেমিক,

বুকু ভৰি থাকে দুখ, দুখৰ

সৰল হাঁহি।

 (২) শীত

পাতবোৰ পৰি আছে। উদং গাৰে ৰ’দ লৈছে গছবোৰে।

শুকান ঘাঁহত বনকৰা পাট যেন ৰ’দ। দূৰত ম’হৰ শিঙৰ দৰে

ফেৰপাতি থকা পাহাৰটো সাৱটি আছে নৈৰ নিজান সুৰে!

(৩) বসন্ত

জুনুক কৰি বাজিল জুনুকা।

‘চেনিমৰা বাগিচাৰ চিঠি’ লৈ কোবাল খোজেৰে গুছি গ’ল ডাকোৱাল।

গছে গছে হেঁপাহৰ ৰঙীন ৰুমাল। ০ ০ ০

(হীৰেন ভট্ট্যাচার্যৰ ‘কবিৰ হাতৰ ছবি’ কবিতাটি ৰাব্বি মছৰুৰ  সম্পাদিত ‘হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা তুলি অনা হৈছে।)

সদৃশ ৰচনা :

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

Leave a Reply

Your email address will not be published.