প্ৰস্তাৱনা

—হীৰেন ভট্টাচার্য 

মোৰ দুহাত লোহাৰ শিকলিৰে বন্ধা ।

কেতিয়াবা ভাবোঁ খুন কৰোঁ, নাইবা

নিজেই নিহত হওঁ সিহঁতৰ হাতত । 

মোৰ তেজৰ শিখাত বাৰুদ-ভৰা স্বপ্নৰ যন্ত্ৰণা ।

 

যেতিয়াই ভাবোঁ খুন কৰোঁ সিহঁতক

মোৰ তেজৰ সোঁতত বাজি উঠে অস্ত্ৰৰ

অনিবাৰ্য ঝনঝননি । সমস্ত শক্তিৰে

ছিঙি পেলাওঁ হাতৰ শিকলি । সমুখৰ

শোভাযাত্ৰাত যোগ দিওঁ অথবা

নিশব্দে তুলি লওঁ ছহীদৰ দেহা ।

 

মোৰ তেজৰ শিখাত

বাৰুদ-ভৰা স্বপ্নৰ যন্ত্ৰণা। ০ ০ ০

(হীৰেন ভট্ট্যাচার্যৰ ‘প্ৰস্তাৱনা’ কবিতাটি ৰাব্বি মছৰুৰ  সম্পাদিত ‘হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা তুলি অনা হৈছে।)

সদৃশ ৰচনা :

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

Leave a Reply

Your email address will not be published. Required fields are marked *