বসন্তৰ গান

—হীৰেন ভট্টাচার্য 

(এজন কবিলৈ)

কালি ৰাতি খুব কুঁৱলী পৰিছিল ।

পাহাৰ তলিত

এটা চৰায়ে ওৰে ৰাতি

গান গাই আকাশখনক কন্দুৱাইছিল ।

 

ৰাতিপুৱা,

গছে বনে, পাহাৰৰ শিখৰে শিখৰে

বকুল ফুলৰ দৰে

গুৰি গুৰিকৈ বৰফ পৰিছিল ।

 

এটা চৰাইৰ

মাতত বসন্ত অহা হ’লে!

তাৰ লাহী ডেউকাই

কুঁৱলী আঁতৰাব পৰা হ’লে! ০ ০ ০

(হীৰেন ভট্ট্যাচার্যৰ ‘বসন্তৰ গান’ কবিতাটি ৰাব্বি মছৰুৰ  সম্পাদিত ‘হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা তুলি অনা হৈছে।)

সদৃশ ৰচনা :

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

 

Leave a Reply

Your email address will not be published. Required fields are marked *