মোৰ গীত তোমাৰ সুৰ  

মোৰ গীত তোমাৰ সুৰ 

 

ৰাবিব মছৰুৰ

 

 

গ্র’হিলচ্ পাব্লিশ্বিং

কমলপুৰ, বৰপেটা  (অসম)

Mour Geet Tomar Sur (A Collection of lyrics) by Rabbi Masrur, digitally published by www. growhillsnet.com 

 

Internet Editon:

Website: www.growhillsnet.com

Email: growhills@growhillsnet.com

  Price: Rs. ………….. 

 

D. T. P. By  Rabbi Masrur

Printed at :

সূচীপত্র 

হিয়াতনো আজি 

কিয়নো কঁপে কিয়নো কঁপে 

আছিল আশা প্ৰাণত

মোৰ দেশ মোৰ 

আহিল আহিল ফাকুৱা আহিল

মৰমতে  কি নাম দিও

প্ৰেম সাগৰত মোৰ 

নোকোৱা বহু কথা 

বাগিছাত মোৰ

আকাশত সৌ জ্বলিছে কোন

তুমি মোৰ নাহিবা কাষত

মোৰ চকুত চকু থৈ

যলৈকে যাওঁ

মই গাও মোৰ আইৰ গান

লুইতত উঠিছে ঢৌ

মোৰ গান 

……………………………………………

মোৰ গীত তোমাৰ সুৰ (মূল পাঠ )

(১) 

হিয়াতনো আজি 

ফুলিলে কি ফুল

ভাবি ভাবি নিজে

হৈ যাও আকুল।

 

উদাস মন মোৰ 

কৰে চাটি-ফুটি

দিবানে বুকুত মোৰ 

শীতল ছাঁটি

বলিয়া মন মোৰ 

কৰে বিয়াকুল।

 

হিয়াৰ বতৰা কাকনো কওঁ

কোনোনে শুনিব

আকুলতাৰ পৰিব ওৰ

হিয়া শাঁত পৰিব

কোনেনো শুনিব

শুনি যাব ভোল।

 

হিয়াত ফুলা ফুল

কিনো মৰম লগা

পুৰিবনো কোনে

হৈ বলিয়া চগা।

সোন বুলি অগনিত দহে

হৈ মিছাতে বিভোল। ০ ০ ০

 

(২) 

কিয়নো কঁপে  কিয়নো কঁপে 

কঁপে মোৰ মন

কাৰ সতেনো এই যুঁজ 

কৰিব জীৱন পণ।

 

মলয়াত নহয় প্ৰাণ শীতল

হূদয়ত আকুলতাৰ ঢল

জোঁৱাৰ উঠিল প্ৰেমৰ

মন উচাটন।

 

কঁপে কঁপে বতাহত

কলপাত কঁপাদি কঁপে

ভয়ত পেপুৱা লাগে

মনত গুৰুনাম  জঁপে

জঁই পৰি যায় মোৰ

জীৱন ভূষণ।

 

নিচুকাবানে মোৰ

কম্পিত প্ৰাণ

নাশি উচাটন

বোৱাব  শান্তিৰ বান

বিলাব প্ৰাণত 

প্ৰশান্তি অকন। ০ ০ ০

 

(৩)  

আছিল আশা প্ৰাণত

তুমি হ’বা মোৰ

বিদূৰতে থাকি

হৈ গলা দূৰ।

 

তোমাৰ স্মৃতিয়ে

মনাকাশত ৰামধেনু আঁকে

ভোটাতৰা হৈ জ্বলে

মোৰ হৃদয় আকাশে

মৰম পোৱাৰ স্মৃতি হায়

কিমান যে মধুৰ!

 

তোমাৰ আশাতে ফুল

ফুলিল বসন্ত জুৰি

কতনা পখিলা কাষতে

ফুৰিল উৰি উৰি

মিছা অভিনয় কৰি

সৰিলা হৃদয় মোৰ।

 

হৈ  ধুমুহা এজাক

ভাঙি গলা পাখি

নাপালো হাঁহি টুকিলো নীৰ

দুসাগৰ হ’ল মোৰ আঁখি। ০ ০ ০

 

(৪) 

মোৰ দেশ মোৰ 

তৰাভৰা সপোন 

মোৰ দেশ মোৰ

হৃদয়ৰ অতিকে আপোন।

 

লুইতৰ বোকাৰে

বিধৌত অসমী বুকু

উঠিল হাঁহিৰে উজলি

এই সোনালী আবেলি

আই মোৰ সুবিলম দাপোণ।

 

হৃদয়ত মোৰ আজি 

অলেখ অপাৰ ফুল

তোমাৰ বুকুতে মোৰ

জীৱন হল ৰঙ্গীন।

 

বননিত তোমাৰ চৰাইৰ কলৰোল

তোমাৰ বুকুতে নাচে ময়ুৰ

দেখি হওঁ বিভোৰ 

তুমি মোৰ দিঠক 

তুমি মোৰ সপোন। ০ ০ ০

 

(৫) 

আহিল আহিল 

ফাকুৱা আহিল

গালে মুখে ৰং 

ছিটিকি পৰিল।

 

দুঃখ শোক পৰিহৰি

আনন্দৰ জোঁৱাৰ উঠিল

মৰম, প্ৰেম ভালপোৱাৰে

বুকু ভৰি পৰিল।

উঠিল শান্তি সম্প্ৰীতি

একতাৰ ৰোল উঠিল।

 

ফাকুৱাই কৰিলে

শতৰুক মিত্ৰ

হৃদয়ক কৰিলে পৱিত্ৰ

হিংসা বিদ্বেষ নাশি

মৰমৰ এনাজৰীয়ে 

সংহতিৰ ভেটি বান্ধিল। ০ ০ ০

 

(৬)  

মৰমতে  কি নাম দিও

তোমাক হে ৰূপৱতী

অপৰূপা, মেৰিনা নে পদ্মাৱতী।

 

মলয়া যেন তোমাৰ 

মিঠা মিঠা চাৱনি

গোলাপ গোলাপ যেন 

তোমাৰ মুখৰ হাঁহি

উপমা নাই তোমাৰ

হে সৰ্বগুণৱতী।

 

তোমাৰ পদত বাজে

নূপুৰ  নূপুৰ ধবনি

সৌন্দৰ্যৰ আকৰ তুমি

অৰূপ ৰূপৰ খনি

যেন দ্বিতীয়া জয়মতী।

 

তোমাৰ হাঁহিত বলিয়া

হ’ল যে কিমান  পখিলা

প্ৰেমৰ  দেৱী তুমি

অকন প্ৰেম দিয়া

কৰিলো আৰতি। ০ ০ ০

 

(৭) 

প্ৰেম সাগৰত মোৰ  

ফুলিবানে হৈ পদুমী

হ’বানে প্ৰিয়া তুমি

মোৰ হৃদয়ৰ লগৰী।

 

জিলিকাবানে মোৰ আকাশত

হৈ নিশাৰ তৰা

দিবানে সুভাষ মোক

হৈ ৰাতিৰ হাচনাহাৰা

সৰিবানে মোৰ বাগিছাত

হৈ শুভ্ৰ শেৱালি।

 

গীত জানো শুনাবা

হৈ বসন্তৰ পখি

নাচিবা জানো তুমি

হূদয় মঞ্চত মোৰ

হৈ জীৱন লগৰী।

 

আশাত আছো মই

থাকিম চিৰদিন

আহিবা তুমি এই বহাগত

দুয়ো মিলি বজাম বীণ

মই যে তোমাৰ প্ৰেমৰ

দীনহীন ভিক্ষাৰী। ০ ০ ০

 

(৮) 

নোকোৱা বহু কথা

কব পাৰি গীতেৰে

যিখিনি নোৱাৰি ক’ব 

মৰমৰ ভাষাৰে।

 

গীত মোৰ জীৱনৰ

অন্তনীন ছন্দ

গীততেই আছে প্ৰেমৰ

অমৰ অমল সুগন্ধ

উচ্চ-নীচ ভেদ-ভাৱ যত

পাৰি ভাঙিব  গীতৰ ছন্দেৰে।

 

হিংসাৰ দাবানল যত

নোৱাৰে যি হেজাৰ সৈনিকে

নাশিব পাৰে মাথো গীতে

সংহতিৰ সাকো বান্ধে যুগে যুগে

তোমাৰ মোৰ গীতৰ লহৰে। ০ ০ ০

 

(৯) 

বাগিছাত মোৰ

ফুলক ফুল

পখিলা আহক

যাওঁক ভোল।

 

ফুলৰ সুভাষে 

আনিব কঢ়িয়াই

বসন্তৰ  কুলি

ডালত পৰি গাব গীত

আকৌ বুলবুলি

প্ৰেম দিম মৰম দিম

নকৰি অকনো ভুল।

 

ফুলৰ পাহিত আছে 

ৰঙা  ৰঙা ৰেণু

সাতো ৰঙে ৰঙীন।

যেন আকাশৰ ৰামধেনু

আহানা বোকোচাত 

কৰিম আতোলতোল।

 

ফুল মোৰ ফুল

বিৰহত তোমাৰ 

মই যে আকুল। 

ফুলা মোৰ হিয়াত

মই যে ব্যাকুল। ০ ০ ০

 

(১০) 

আকাশত সৌ জ্বলিছে কোন

জোনবাই নে বেলি

মনৰ মাজত খুন্দিয়াই কোন

মালতি নে শেৱালি।

 

আকাশ যদি পোহৰা তুমি 

বিলাই প্ৰেমৰ জ্যোতি

মোৰ হৃদয়াকাশ পোহৰালে

কিনো হ’ব ক্ষতি

তোমাক বৰকৈ 

মনত পৰিছে

এই হেঙুলি আবেলি।

 

প্ৰেমৰ বাবেই আহিল পখিলা

তোমাৰ ফুলাম বাগিছাত

আকুল বিকুল বিয়াকুল হৈ

মন মোৰ নাচে পচোৱাত

আলফুলে নিদিবা জানো

তোমাৰ প্ৰেমৰ তৰালি। ০ ০ ০

 

(১১) 

তুমি মোৰ নাহিবা কাষত

যদিহে যোৱা পাহৰি

ময়েই তোমাক পেলাম মনত

যদি পাওঁ আহৰি।

 

সপোন সপোন লগা ক্ষণবোৰ 

তোমাৰ বাবেই ৰাখিছোঁ সাঁচি

পৰিলে মনত তোমাক

নিজান ৰাতি

মন মোৰ উঠে নাচি

কিনো অভিমানত তুমি 

মোক আছা পাহৰি। ০ ০ ০

 

(১২) 

মোৰ চকুত চকু থৈ

কিনো পোৱা ৰং

মই থলে তোমাৰ চকুত

কিয়নো কৰা খঙ।

 

তোমাৰ সুৱদি কণ্ঠত ভাঁহে

কুলিৰ কউ-কউ মাত

গছৰ ডালত পৰি মাতে

লুকাই পাতৰ ছাঁত

নাচোনাত তোমাৰ খহি পৰিল

মনভোলা  ধুনীয়া ঢঙ।

 

চাৱনিত তোমাৰ 

নীলাভ তৰালি

চাই হও মুগ্ধ

থাকিলে তুমি দূৰত

প্ৰেমানলত হওঁ দগ্ধ

হাঁহিলে তুমি সৰে

ৰামধেনুৰ সাত ৰঙ। ০ ০ ০

 

(১৩) 

যলৈকে যাওঁ 

দেশ বা বিদেশতে

আইৰ চিৰ চিনাকি সুভাষ

যায় মোৰ লগতে।

 

মোৰ আই মোৰ 

নীলিম আকাশৰ তৰা

আইৰ বুকুৰ মৰমে দিয়ে

স্বৰ্গৰ মধুময় বতৰা

মোৰ দুহাতৰ আঁজলি ভৰাই

নিবেদিছোঁ ভক্তি 

আইৰ দুচৰণতে।

 

আই মোৰ হৃদয়ৰ ৰঙা তেজ

হৃদয়ৰ স’তে গঁথা

আইৰ হাঁহিত উঠিল ফুটি

হৃদয়ৰ অব্যক্ত কথা

আইৰ আশীষ বাণীত

ফুলিল ফুল মোৰ বুকুতে। ০ ০ ০

(১৪) 

মই গাও মোৰ আইৰ গান

মাটিৰ গান, হৃদয়ৰ গান

যি গানে অমিয়া সানে

চুই যায় হেজাৰ প্ৰাণ।

 

মই গাও মোৰ আইৰ গান

সুৰতে সুৰ মিলাই

মৰম দি মৰম বিচাৰি

মৰমতে মৰম বিলাই

মোৰ সুৰ মোৰ গান

মোৰ আইৰ দান।

 

মই গাও মোৰ আইৰ গান

একতাৰ ঐক্যতান

মোৰ গানে মোৰ সুৰে ভাঙে

অনৈক্যৰ ভেদ বান।

মোৰ আই মোৰ গান

চুই যায়নে তোমাৰ প্ৰাণ। ০ ০ ০

 

(১৫) 

লুইতত উঠিছে ঢৌ

তুমি কাষত নাই

মন মোৰ হ’ল বলিয়া

তোমাৰ মুখনি চাই।

 

জানানে জানো তুমি

বিৰহৰ বেদনা কিমান

আকাশ যিমান বিশাল

বিশাল সিমান

আছানো ক’ত তুমি

ক’তনো তোমাক পাই।

 

প্ৰেমৰ কাঁইটে এই শৰতে

হিয়াত বিন্ধিলে মোক

জানা জানো তুমি 

বিৰহৰ কিমান শোক

কিনো ৰং পোৱা

চাই মোৰ দুখ

কিয়নো হঁহা মিচিকিয়াই।

 

জনা হ’লে আগতে

তুমি ৰ’বা দূৰতে

টোপনি সৰিল মোৰ

হৃদয় নপৰিল জুৰ

সৰিল শান্তি, হৰিল সুখ

তুমি যে কাষত নাই। ০ ০ ০

 

(১৬) 

মোৰ গান 

আলোক সন্ধানী

এন্ধাৰ বিনাশীনি

এক অভিনৱ অস্ত্ৰ

বিশ্ব বিজয়ৰ মন্ত্ৰ।

 

মোৰ গান

বিশৃঙ্খল ভঙাৰ

শৃঙ্খল গঢ়াৰ

মহামিলনৰ যন্ত্ৰ।

 

মোৰ গান

মৰুৰ মাটিত সোন

আইৰ মৰমী গুণ

জনতাৰ তন্ত্ৰ।

 

মোৰ গান

উচ্চ-নীচ ভঙাৰ তান

হৃদয় বীণাৰ গান

মানৱ মনৰ ৰন্ধ্ৰ।

 

মোৰ গান

পাহাৰী স্ৰোতস্বীনি

অব্যক্ত মনৰ বাণী

সৰ্বমিলনৰ মহামন্ত্ৰ। ০ ০ ০

অন্ত 

সদৃশ ৰচনা :

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

 

2 Comments

  1. Pingback: সংহতিৰ ভাড়াঘৰ - Growhills Publishing

  2. Pingback: শিশু পদ্য - Growhills Publishing

Leave a Reply

Your email address will not be published. Required fields are marked *