মোৰ দেশ

—হীৰেন ভট্টাচার্য 

মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ ।

মোৰ প্ৰতোটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে

শইচ-সোনোৱালী ভৱিষ্যতৰ সপোন । মোৰ জীৱনৰ আহেঁ আহেঁ

মোৰ যৌৱনৰ কোহেঁ-কোহেঁ সেই সপোনৰ কলৰোল ।

 

দেশে-দেশে দেশ আছে । এনে বহু দেশৰ অৰঙে-দৰঙে

মই ঘূৰিছোঁ । বহু বন্ধুৰ সতে হাতে-হাত ধৰি ফুৰিছোঁ ।

কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা

পাহাৰ তলিত খন্তেক জিৰাইছোঁ । বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ

কথা পাতিছোঁ । তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা ।

 

এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ । যাৰ বুকুৰ উমে মোক দিছে

ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য । জীৱনৰ নতুন অৰ্থ ।

এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ

প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস । প্ৰতিটো ঋতুৱে

মোক দি যায় জীৱনৰ আশীৰ্বাদ ।

 

মোৰ দেশৰ বাবে মই জীয়াই আছোঁ । এই দেশৰ বাবে মই

জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ । ৰণুৱা, বনুৱা, হালোৱা

এই সকলোৰে মাজত ঐক্য হৈ, বিৰোধৰ মাজত

সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ ।

জীৱনে-মৰণে, শয়নে-সপোনে এই দেশৰ আহ্বান মই শুনিছোঁ ।

শত্ৰু-মিত্ৰ সকলোকে মই চিনিছোঁ । সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে

জিনিছোঁ । শান্তিৰ চৰাইযুৰিক আঁজলি ভৰাই দিছোঁ — ভঁৰালৰ

এমুঠি ধান, পৰাণৰ একোটি গান ।

 

আৰুতো মোৰ একো নাই!

মোৰ দেশ — মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই

মোক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ, আদৰ্শৰ কঠিন

পৰ্বত-মূললৈ …. । ০ ০ ০

(হীৰেন ভট্ট্যাচার্যৰ ‘মোৰ দেশ’ কবিতাটি ৰাব্বি মছৰুৰ  সম্পাদিত ‘হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা তুলি অনা হৈছে।)

সদৃশ ৰচনা :

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

Leave a Reply

Your email address will not be published. Required fields are marked *