শোভাযাত্ৰাত নিহতজনৰ কবিতা

—হীৰেন ভট্টাচার্য 

এই জুইকুৰা ময়েই জ্বলালো ।

জানো আই, এই জুইৰ পোহৰত

তোমাৰ ৰুগ্ন-মুখত উদ্ভাসিত

হৈ উঠিব

পৃথিৱীৰ অপৰূপ ৰূপ ।

সেয়ে, জুইকুৰা ময়েই জ্বলালো ।

 

দিনৰ পিছত দিন,

ৰাতিৰ শেহত দোকমোকালিৰ কোমল বতাহেৰে

মোক নিচুকাই কি ৰং পোৱা

মই নাজানো আই! নিষ্ঠূৰ  ক্ষমাৰে

মাথোঁ মোক নেহানিবা । তোমাৰ বাবে আই,

বহুবাৰ প্ৰিয়জনৰ বুকুৰ তেজ দিলো ;

এইবাৰ মোৰ মন্ত্ৰপূত শৰীৰ ।

 

জন্মৰ ঋণ পৰিশোধ কৰাৰ আনন্দত

মই যে আজি অধীৰ

সেয়ে, জুইকুৰা ময়েই জ্বলালো । ০ ০ ০

(হীৰেন ভট্ট্যাচার্যৰ ‘শোভাযাত্ৰাত নিহতজনৰ কবিতা’ কবিতাটি ৰাব্বি মছৰুৰ  সম্পাদিত ‘হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা তুলি অনা হৈছে।)

সদৃশ ৰচনা :

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

 

Leave a Reply

Your email address will not be published. Required fields are marked *