শৰ-সন্ধান

—হীৰেন ভট্টাচার্য 

(স্বাধীনতা আৰু শান্তিৰ নামত উৎসৰ্গিত)

ইয়াতেই বান্ধিছিলা তোমাৰ যৌৱনৰ

তেজি ঘোঁৰা। বসন্তৰ বতাহৰ দৰে

সেই ঘোঁৰাৰ খুৰাৰ ধূলিয়ে

চুমিছিল

মোৰ এই তেজাল আকাশ

আৰু তাৰ প্ৰান্তৰৰ সেউজীয়া ঘাঁহ।

তাৰ পিছত, পাৰ হৈ গ’ল

চ’তৰ নিদাঘ-জুই আৰু ব’হাগৰ

কতনা ধুমুহা।

 

….মই কেতিয়াবা

এতিয়াও সপোনত সাৰ পাই উঠোঁ

আফ্ৰিকা নে তেলেংগানা ক’ৰবাত

সেই ঘোঁৰা যেন হিল-দ’ল ভাঙি লৰিছে

আৰু তোমাৰ চাবুকত চমকি উঠিছে

নিৰ্জ্জন ৰাতিৰ ক্লীৱতা। ০ ০ ০

(হীৰেন ভট্ট্যাচার্যৰ ‘শৰ-সন্ধান’ কবিতাটি ৰাব্বি মছৰুৰ  সম্পাদিত ‘হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা তুলি অনা হৈছে।)

সদৃশ ৰচনা :

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

Leave a Reply

Your email address will not be published. Required fields are marked *