স্বদেশ স্বকাল

—হীৰেন ভট্টাচার্য 

মই কবি, কৃতিত্বৰে পাৰ হৈ আহিছোঁ বুৰঞ্জীৰ বহু ভয়ংকৰ দিন ।

শব্দই মোক দিছে প্ৰতিৰোধৰ অসামান্য ক্ষমতা, অৰ্থৰ শৃংখলা,

নিৰ্ভুল হোৱাৰ ইচ্ছা, সেয়ে, প্ৰয়োজনত পুনৰ প্ৰতিষ্ঠা কৰিছোঁ

বিপৰ্যস্ত শব্দৰ নিৰ্বাসিত অৰ্থ ।

শব্দ মোৰ শুভংকৰ সংগীত কিম্বা উচ্চতৰ গণিত ।

থাকক অবিবেকী যুদ্ধ, মহামাৰী বসন্ত, শব্দ মোৰ চিৰাচৰিত

প্ৰতিকূলতাত আয়ত্তাধীন নিপুণতাৰ গুৰুত্বপূৰ্ণ অকপট তৰোৱাল ।

মোৰ আন কোনো সত্তা নাই, শব্দৰ সতে মোৰ অভিন্ন সংসাৰ;

যাৰে খণ্ড-খণ্ড কৰি তুলি ধৰোঁ ৰক্তাক্ত স্বদেশ স্বকাল;

স্বপ্নৰ নিটোল দেহেৰে গঢ়া অসম্ভৱ ভৱিষ্যত । ০ ০ ০

(হীৰেন ভট্ট্যাচার্যৰ ‘স্বদেশ স্বকাল’ কবিতাটি ৰাব্বি মছৰুৰ  সম্পাদিত ‘হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা তুলি অনা হৈছে।)

সদৃশ ৰচনা :

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

 

Leave a Reply

Your email address will not be published. Required fields are marked *