সংহতিৰ ভাড়াঘৰ   

সংহতিৰ ভাড়াঘৰ

ৰাবিব মছৰুৰ

 

 

গ্র’হিলচ্ পাব্লিশ্বিং

কমলপুৰ, বৰপেটা  (অসম)

Shanhatir Bharaghar (A Collection of Assamese Poems) by Rabbi Masrur, Published by Growhills Publishing.

 

Internet Editon:

Website: www.growhillsnet.com

Email: growhills@growhillsnet.com

  Price: Rs. ………….. 

 

D. T. P. By  Rabbi Masrur

Printed at :

সূচীপত্র 

প্ৰীতি

দুটি স্তৱক

কবিতা মোৰ

তোমালৈ

প্ৰতীকি

সংহতিৰ ভাড়াঘৰ

শোক

কেইটিমান স্তৱক

মোৰ প্ৰেম

ভুল

আহ্বান 

শোক

প্ৰেমৰ বসন্তত

এজন কবিৰ বিপনী

সূৰ্য

……………………………………………

সংহতিৰ ভাড়াঘৰ  (মূল পাঠ )

প্ৰীতি

নগৰখনৰ পিছপিনে মোৰ গাওঁখন

তাত কোনো নাথাকে

মোৰ আইতা

মোৰ দেউতা

মোৰ মাতা

মই

মোৰ ভাইটি

কোনেও নাথাকে তাত

মাথো ৰৈ আছে মোৰ শৈশৱ

মোৰ কৈশোৰ

মোৰ স্মৃতি

শিলত কটা ভাস্কৰ্যৰ দৰে।

নগৰখনৰ কোলহালে

ঢাকি ৰাখিছে 

তাৰ শৰীৰ, তাৰ সত্বা

নিৰাশাৰ বেদীত বন্ধী মোৰ প্ৰীতি। ০ ০ ০

সংহতিৰ ভাড়াঘৰ

দুটি স্তৱক

তেওঁ ইয়াতে আছিল

ইয়াতে আছে

আৰু ইয়াতেই থাকিব

কাৰণ তেওঁ মৃত। 

 

তেওঁক কিছুমানে ভাল পায়

কিছুমানে ঘৃণা কৰে

কাৰণ তেওঁ 

সুৰুয হ’ব খুজিছিল। ০ ০ ০

সংহতিৰ ভাড়াঘৰ

কবিতা মোৰ

কবিতা মোৰ দুখৰ  দিনৰ সংগীত

নৈৰাশ্যৰ ৰাজ্যত আশাৰ বন্তী

হেমন্তৰ ৰাতিৰ গৰম কোট

মোৰ এন্ধাৰ ৰাতিৰ নক্ষত্ৰ

কবিতা মোৰ নিৰ্জন নিশাৰ প্ৰেয়সী

কবিতা মোৰ যামিনীত ফুলা পদুম ফুল

কবিতা মোৰ নিমিলা অংকৰ সমাধান

কবিতা মোৰ সত্বা

বিশ্ব জয়ৰ গান

কবিতা মোৰ ক্ষধাতুৰ হৃদয়ত এপিয়লা সুৰা

কবিতা মোৰ প্ৰথম প্ৰেম

মোৰ ভালেপাৱা । ০ ০ ০

সংহতিৰ ভাড়াঘৰ

তোমালৈ

তোমাৰ ভিজা চুলিত লিখা 

মোৰ কেঁচা ইতিহাস

তোমাৰ বুকুত গাঁথি দিলো

সাঁচি ৰাখিবা আলফুলে

যিদৰে সাঁচি ৰাখিছা

খিৰীকিৰ ফাঁকেৰে

চোৱা মোৰ প্ৰথম প্ৰেম । ০ ০ ০

সংহতিৰ ভাড়াঘৰ

প্ৰতীকি

দিগন্ত গচকি ভুমুকি মৰা

কালান্তক সুৰুযটি

আজি দলপুৱাতেই জাহ গ’ল

খহটা শিলৰ সিপাৰে

উজলি থকা নক্ষত্ৰটো

ছাৰখাৰ হ’ল নিমিষতে

ইয়াত দিন দুপৰতে

নামি আহে ৰাতিৰ এন্ধাৰ

আমাজানৰ মহিলা যোদ্ধাৰ দৰে

ভয়ংকৰ সি। ০ ০ ০

সংহতিৰ ভাড়াঘৰ

সংহতিৰ ভাড়াঘৰ

আমি সংহতিৰ ভাড়াঘৰত আছোঁ

প্ৰতিদিনেই আমি চুক্তিপত্ৰত স্বাক্ষৰ কৰো

নিৰ্দ্ধাৰণ কৰো —

ভাড়াঘৰৰ ভাড়াৰ নিৰিখ।

সুৰ্য ডুব যায়

আমি কাগজ কলম সংগ্ৰহত ব্যস্ত হৈ পৰো

ৰাতিপুৱালেই চুক্তিপত্ৰত চহী কৰাৰ পাল

আমিবোৰ ভাৰাতীয়া নাগৰিক

বৰষুণ আহিলে ঘৰৰ মুধচেৰে সৰি পৰে বাৰিষা।

ইয়াতেই আমি শুও, কথা পাতো, গীত গাওঁ, শিঙা  বজাও

হাঁহো আৰু ফূর্তি কৰো

আমিবোৰ সংহতিৰ তলাবদ্ধ কোঠালীত আবদ্ধ

জীৱনহীন অস্তিত্ব । ০ ০ ০

সংহতিৰ ভাড়াঘৰ

শোক

মোৰ নিজস্ব কোনো সংবিধান নাই

মই এটাই যেন ৰাষ্ট্ৰ

সংসদ মোৰ ভিতৰে বাহিৰে

নিতৌ তাত যুক্তি-তৰ্ক চলে

আকাল, দুর্ভিক্ষ আৰু শোষণৰ সোঁপক্ষে আৰু বিপক্ষে

মই বাৰে বাৰে  তৰ্ক কৰো, বাৰে বাৰে জয়ী হওঁ, 

বাৰে বাৰে পৰাজিত হওঁ

মোৰ জয়ত কোনেও জয়োল্লাস নকৰে

মোৰ পৰাজয়ত কোনেও শোক নকৰে

কিয়নো সিহঁত আটায়ে মৃত। । ০ ০ ০

সংহতিৰ ভাড়াঘৰ

কেইটিমান স্তৱক

(১)

নিশাৰ এন্ধাৰেদি নামি আহে

অকোঁৱা-পকোঁৱা এটি সাপ

আমন-জিমনকৈ বহি থাকে সভ্যতা

ভয় নাই 

সাপটোৱে নুটুকে

ইয়াৰ বিষদাত নাই

(২)

এই আকাশ পাৰ হ’লেই 

তোমাৰ দেশ 

মাথো তোমাৰ দেশ

য’ত তুমিয়েই নক্ষত্ৰ

তুমিয়েই গ্ৰহ

তুমিয়েই উপগ্ৰহ

তুমি যে ইমান নিঃস্ব!

তুমি আন কোনো নোহোৱা

তুমি মোৰ অস্তিত্ব। ০ ০ ০

সংহতিৰ ভাড়াঘৰ

মোৰ প্ৰেম

মোৰ প্ৰেম

মোৰ ব্যৰ্থতাৰ পিছৰ সফলতা

মোৰ প্ৰেম

মোৰ নিৰাশাৰ শেষত আশাৰ ঢৌ

মোৰ প্ৰেম দুর্বোধ্যতাৰ পাৰ ভাঙি ওলাই অহা

সহজ সৰল সেউজীয়া

মোৰ প্ৰেম 

সৰল অংকন জটিল সমাধান । ০ ০ ০

 

ভুল

মই বলিয়া মানুহৰ দৰে

সোন বুটলো

বালি বুটলো

বালিচন্দাও নুবুটলা নহয়

কিন্তু মোৰ এটাই ভুল–

মই নাজানো কোনটো বালি, কোনটো সোন । ০ ০ ০

সংহতিৰ ভাড়াঘৰ

 আহ্বান 

বন্ধুসকল তোমালোক যি নিচান হাতত লৈছা

আহা,

মোৰ বুকুৰ তেজেৰে ৰঞ্জিত কৰি দিওঁ

নিচানৰ হাত, ভৰি, ডিঙি  আৰু বুকু।

 

মোৰ তেজে কঢ়িয়াই  আনক

মৰুভূমিৰ উত্তপ্ত চিৰঞ্জীৱ বসন্ত

শৰতৰ শুভ্ৰ শেৱালিৰ সুভাষে সিঁচৰতি কৰি দিয়া

আলফুল আনন্দ।

 

আহা বন্ধুসকল,

তোমালোকৰ হাতৰ ওপৰত মোৰো হাত ৰাখো।

মই ইয়াত বন্ধী মোৰ মাজত

আৰু তোমালোক?

তোমালোক বন্ধী

কোনোৱে গুৰুদ্বাৰত, কোনোৱে মছজিদত, কোনোৱে গীৰ্জাত।

আহা বন্ধুসকল,

আমি প্ৰত্যেকেই বন্ধীশাল ভাঙি 

ওলাই আহো

মানুহৰ মাজলৈ

আৰু জয়দর্পে ঘোষণা কৰোঁ:

আমাৰ কোনো সম্প্ৰদায় নাই

আমি মানুহ

মানৱতা আমাৰ ধৰ্ম। ০ ০ ০

সংহতিৰ ভাড়াঘৰ

 

শোক

দুখৰ অমানিশাতো চাকি জ্বলে

কাৰ চাকি?

বুভুক্ষু পেটৰ।

 

হাঁহিতো অশ্ৰু নিগৰে

কাৰ হাঁহিৰ?

দৰিদ্ৰ মেহনতীৰ।

 

দিনো নিশা হয়

কাৰ দিন?

সেই শোষিতৰ যি দীন।

 

ফৰকাল বসন্তৰ আকাশতো ক’লা মেঘ

কাৰ শৰৎ?

কপালৰ সেন্দুৰ হেৰুৱা নাৰীৰ।

পথত থাকিও পথ হেৰুৱায়

সি কোন?

যি সন্ত্ৰাসৰ বলি। ০ ০ ০

 

প্ৰেমৰ বসন্তত

পৰ্বতৰ শৃঙ্গটোৰ দৰে তোমাৰ বুকুৰ গোলাপ

বাৰে বাৰে হাত বাউল দি মাতে

মই এজন পৰ্বতাৰোহী

মাথো পোছাকযোৰ নাই।

 

তুমি খিলখিলকৈ হাঁহি থকা

যেন আঘোণৰ পথাৰত পূৱাল বতাহৰ কিৰীলি

দাৱনীৰ হাতৰ পৰশত সাৰ পাই উঠিল।

 

তোমাৰ সোঁ চকুৰ স্ফটিকময় বলয়টো যেন 

ক্লিওপেট্ৰাৰ নতুন সংস্কৰণ।

মই কিন্তু জুলিয়াচ চিজাৰো নহয়

নহওঁ মই মাৰ্ক এন্টনি

ৰাতিৰ অন্ধকাৰ আকাশৰ তলত বিচৰণ কৰা 

এজন নিঃস্ব প্ৰেমিক।

 

তোমাৰ চকু দুটি যেন জ্বলন্ত উল্কা

তোমাৰ দুওঁঠ যেন সেউজ বননি।

 

হায় মই যে দৈন্যতাৰ শিকলিৰে বন্ধা

কোৱা মই কেনেকৈনো মেলি দিও মোৰ নাও

তোমাৰ সলিল সমুদ্ৰত

এই প্ৰেমৰ বসন্তত ! ০ ০ ০

সংহতিৰ ভাড়াঘৰ

 এজন কবিৰ বিপনী

মই এইবাৰ নিজেই বিপনী খুলিম

মোৰ কবিতাৰ বিপনী

তাত অকল মোৰেই কবিতাবোৰ থাকিব। 

নিজেই বিক্ৰী কৰিম নিজৰ কবিতা

ৰচিদ কাটি দিম মই নিজেই

কেচিয়াৰো মই নিজে

মোৰ অচিনাকী পাঠকক সুযোগ দিম মোক চাবলৈ

বহুত, ব-হু-ত কপি বিক্ৰী হ’ব মোৰ কবিতাৰ কিতাপ

মোৰ দাদাই বান্ধি দিব কিতাপৰ টোপোলা 

নহ’লে সৰু ভাইটিকো মাতিম ফোনেৰে

বিপনীৰ সন্মুখত আঁৰি দিম বিজ্ঞাপন:

‘কবিক লগ ধৰক। কবিৰ গ্ৰন্থ কিনক।’

কথামতে কাম

কলগাছিয়া সাহিত্য অধিবেশনত কবিয়ে তাকেই কৰিলে।

সভাৰ অন্তত এজনে সুধিলে:

‘কিমান সঁহাৰি পালে কবিৰ বিপনীয়ে?’

সকলো নীৰৱ

মাথো এজনে ক’লে: বিজ্ঞাপনখন আঁতৰাই দিয়া হ’লে!’ ০ ০ ০

সংহতিৰ ভাড়াঘৰ

 সূৰ্য

মহানগৰীৰ মাজ মজিয়াত সূৰ্যটো পৰি আছে

ৰঙা ৰঙা তেজৰ চেকুৰা গোট মাৰি বৰফ হৈছে

মহানগৰীখনত এতিয়া কোনো নাই– জনশূন্য

সকলো পলাতক

কেইটিমান  শিয়াল আৰু  নপুংসক সিংহৰ বাহিৰে।

সূৰ্যটোৰ হাতত এটা চিকমিচ তৰোৱাল

ওচৰতে পৰি আছে তাৰ খোলোচটো

কোনেও নাজানে কেতিয়া সমাধিস্থ কৰা হ’ব সূৰ্যটো

কোনে বা সৎকাৰ কৰিব?

নপুংসক সিংহ এটাই সূৰ্যটোৰ মূৰত হাত থৈ চালে —উত্তপ্ত

হয়তো কেতিয়াবা ফুটি উঠিব ধুৰুমকৈ  

আৰু জ্বলন্ত লাভাৰে বুৰাই পেলাব সমগ্ৰ মহানগৰীখন। ০ ০ ০

সমাপ্ত 

সদৃশ ৰচনা :

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

 

One Comment

  1. Pingback: শিশু পদ্য - Growhills Publishing

Leave a Reply

Your email address will not be published. Required fields are marked *