Phani Sharmar Natak 'Chiraj'

ফণী শৰ্মাৰ নাটক ‘চিৰাজ’–এক সমালোচনা  

(ফণী শৰ্মাৰ নাটক ‘চিৰাজ -এক সমালোচনা) 

ৰাবিব মছৰুৰ

 

 

গ্র’হিলচ্ পাব্লিশ্বিং

কমলপুৰ, বৰপেটা  (অসম)

Phani Sharmar Natak ‘Chiraj’-Ek Shamalochana (ফণী শৰ্মাৰ নাটক ‘চিৰাজ -এক সমালোচনা Critical Essays on Phani Sharma’s ‘Chiraj’), an Assamese drama by Rabbi Masrur, Published by Growhills Publishing.

 

Internet Editon: 2020

Website: www.growhillsnet.com

Email: growhills@growhillsnet.com

  Price: Rs. ………….. 

 

D. T. P. By  Rabbi Masrur

Printed at :

সূচীপত্র 

ফণী শৰ্মাঃ চমু পৰিচয়

লক্ষ্মীধৰ শৰ্মাঃ চমু পৰিচয়

সামাজিক নাটক হিচাপে ফণী শৰ্মাৰ ‘চিৰাজ’

ফণী শৰ্মাৰ ‘চিৰাজ’ নাটকত সাম্প্ৰদায়িক সম্প্ৰীতিৰ চিত্ৰ

ফণী শৰ্মাৰ চিৰাজ নাটকত ‘আঘোণা’ চৰিত্ৰ – এক আলোচনা

ফণী শৰ্মাৰ চিৰাজ নাটকত নাৰী চৰিত্ৰ – এক আলোচনা 

ফণী শৰ্মাৰ ‘চিৰাজ’ নাটকত হাস্যৰস

‘চিৰাজ’ নাটক ৰচনাত  ফণী শৰ্মাৰ মৌলিকত্ব 

ফণী শৰ্মাৰ ‘চিৰাজ’ নাটকৰ দোষ-গুণ বিচাৰ

ফণী শৰ্মাৰ ‘চিৰাজ’ নাটকৰ সাবিত্ৰী চৰিত্ৰ: এক বিশ্লেষণ

……………………………………………

ফণী শৰ্মাৰ নাটক ‘চিৰাজ’–এক সমালোচনা

ফণী শৰ্মাঃ চমু পৰিচয়

ফণী শৰ্মা আছিল বিংশ শতাব্দীৰ এজন অসমীয়া নামজ্জ্বলা অভিনয় শিল্পী আৰু নাট্যকাৰ।

তেওঁৰ জন্ম হয় ১৯১০ চনত।  বাল্যকালতে তেওঁ মাতৃ হাৰা হয়। দেউতাকে তেওঁক বিদ্যালয়লৈ পঠিয়াইছিল যদিও আনুষ্ঠানিক শিক্ষাই তেওঁল আমুৱাইছিল বাবে উচ্চ শিক্ষা লাভ কৰিব নোৱাৰি কাঠৰ ব্যৱসায় কৰিবলৈ লয়। কিন্তু ব্যৱসায়ত সফলতা লাভ কৰিব নোৱাৰি হতাশ হৈ পৰে। অৱশ্যে সৰু কালৰ পৰা তেওঁৰ অভিনয়ৰ প্ৰতি ৰাপ আছিল।  সেয়ে পোনতে কিছু বছৰ তেওঁ ‘বাণ ৰঙ্গমঞ্চ’ত মহিলাৰ গেলেৰীত গেট কিপাৰ হৈ থাকি লাহে লাহে অভিনয় জগতলৈ আগবাঢ়ে। তেওঁ মাত্ৰ এঘাৰ বছৰ বয়সত ১৯২১ চনত তেজপুৰত ‘লাচিত বৰফুকন’ নাটকত লাচিত বৰফুকনৰ ভাওত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলে। ১৯৩০ চনত তেওঁ ব্রজ শৰ্মাৰ যাত্ৰা পাৰ্টিত যোগ দিয়ে আৰু অভিনয়কে জীৱনৰ ব্রত হিচাপে গ্ৰহণ কৰে। ইয়াৰ পিছত তেওঁ ‘পূবৰ্ব জ্যোতি’ থিয়েটাৰত যোগ দিয়ে আৰু মঞ্চত বিভিন্ন নাটক অভিনয় কৰি প্ৰভূত জনপ্ৰিয়তা লাভ কৰে। পিছলৈ তেওঁ বোল ছবি জগততো প্ৰৱেশ কৰে।  তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ বোলছবিত গাঁঠি হাজৰিকাৰ চৰিত্ৰত অভিনয় কৰে। 

অভিনয়ৰ লগে লগে তেওঁ নাটক ৰচনাতো মনোযোগ দি কেইবাটাও মঞ্চ সফল নাটক ৰচনা কৰে। তেওঁ ৰচনা কৰা নাটকসমূহৰ ভিতৰত ‘ভোগ জবা, কিয়, কলা বজাৰ, ৰূপান্তৰ, নাগ পাশ, মায়াঙৰ বেজ’ আদি উল্লেখযোগ্য। তেওঁ লক্ষ্মীধৰ শৰ্মাৰ ‘চিৰাজ’ নামৰ চুটিগল্পৰ আধাৰত বিখ্যাত ‘চিৰাজ’ নাটক ৰচনা কৰে। তেওঁৰ নাটকসমূহৰ মাজেদি অসমীয়া সমাজৰ বিভিন্ন দিশ মূৰ্ত হৈ উঠিছে।

এইজন মহান নাট্যকাৰ তথা অভিনেতাজনে ১৯৭০ চনত মৃত্যু বৰণ কৰে। ০ ০ ০

ফণী শৰ্মাৰ নাটক ‘চিৰাজ -এক সমালোচনা

 

লক্ষ্মীধৰ শৰ্মাঃ চমু পৰিচয়

লক্ষ্মীধৰ শৰ্মা আছিল অসমৰ এজন প্ৰতিভাধৰ সুযোগ্য সন্তান। তেওঁ আছিল একেধাৰে স্বাধীনতা বিপ্লৱী, সাহিত্যিক আৰু সংস্কৃতিৰ পৃষ্ঠপোষক । সাহিত্যিক হিচাপে তেওঁ কবিতা, নাটক, গল্প আৰু প্ৰৱন্ধ ৰচনা কৰিছিল।

লক্ষ্মীধৰ শৰ্মাৰ জন্ম হয় তেজপুৰৰ ভীৰ নামৰ এখন গাওঁত ১৮৯৮ চনত। ছাত্ৰ অৱস্থাৰ পৰাই লক্ষ্মীধৰ শৰ্মা আছিল অতিকৈ প্ৰতিভাধৰ। আনুষ্ঠানিক শিক্ষাত বিশেষ কৃতিত্ব দেখুৱাব পাৰিছিল বাবে বৃত্তি পোৱাৰ উপৰিও কেইবাটাও স্বৰ্ণ পদক লাভ কৰিছিল। 

লক্ষ্মীধৰ শৰ্মাই  ১৯২১ চনত অসমৰ অসহযোগ আন্দোলনত যোগ দি মহাত্মা গান্ধীৰ মন্ত্ৰেৰে দীক্ষিত হৈ অসমৰ গাঁৱে-ভূৱে বিপ্লৱৰ বাণী প্ৰচাৰ কৰিছিল। ১৯৩০-৩১ চনৰ আইন অমান্য আন্দোলনত যোগদান কৰি তেওঁ কাৰাবাস খাটিছিল।

ব্যক্তিত্বৰ দিশৰ পৰা লক্ষ্মীধৰ শৰ্মা আছিল সহজ, সৰল আৰু উদামনা। মানুহক সহজতে মুগ্ধ কৰি মন জয় কৰিব পৰা অদ্ভূদ ক্ষমতা আছিল তেওঁৰ। তেওঁ অসমৰ সুযোগ্য সন্তান স্বাধীনতা বিপ্লৱী তৰুণৰাম ফুকনৰ কন্যাৰ পাণি গ্ৰহণ কৰিছিল। 

ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্যৰ প্ৰতি শৰ্মাদেৱৰ ৰাপ আছিল আৰু চেতনা, বাঁহী, আবাহন, ৰাইজ, বন্তী আদি আলোচনীত কবিতা লিখিছিল।  তেওঁ কেইবাখনো নাটক ৰচনা কৰিছিল। নাটকবোৰ সামাজিক সমস্যাবোৰৰ ওপৰত ৰচিত আৰু জাতীয় ভাৱধাৰাৰ দ্বাৰা অনুপ্ৰাণিত। ‘নাৰী’ আৰু ‘মৰণ দেৱতা’ তেওঁৰ শ্রেষ্ঠ কবিতা পুথি।  তেওঁ বহুতো চুটিগল্প ৰচনা কৰি অসমীয়া চুটিগল্পৰ ভঁৰাললৈ মূল্যৱান অৱদান আগবঢ়াইছে।  তেওঁ ‘চিৰাজ’ নামেৰে এটি বিখ্যাত চুটিগল্প ৰচনা কৰে।  উক্ত ‘চিৰাজ’ গল্পটি ফণী শৰ্মাই নাট্যৰূপ দিয়ে। নাটকখন অসমীয়া নাট্য সাহিত্যলৈ এক অনবদ্য অৱদান।

এইজন মহান সাহিত্যিকে মাত্ৰ ৩৫ বছৰ বয়সত ১৯৩৪ চনত দুৰাৰোগ্য ক্ষয়ৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰে। ০ ০ ০

ফণী শৰ্মাৰ নাটক ‘চিৰাজ -এক সমালোচনা

 

সামাজিক নাটক হিচাপে  ফণী শৰ্মাৰ ‘চিৰাজ’

সামাজিক ঘটনাৰাজিৰ ওপৰত আলোকপাত কৰি যি শ্ৰেণীৰ নাটক ৰচিত হয় তাক ‘সামাজিক নাটক’ বুলি কোৱা হয়। সামাজিক নাটকত সমাজৰ বাস্তৱ সমস্যাৰাজি নাটকৰ উপকৰণেৰে সজাই নাট্য ৰূপ দিয়া হয়। এনে নাটকত সামাজিক বৈষম্য, জাতিভেদ, ধনী-দুখীয়াৰ মাজত দ্বন্দ্ব, যুৱক-যুৱতীৰ প্ৰেম, আদি বিভিন্ন সমস্যাসমূহৰ চিত্ৰ অংকন কৰা হয়। এই শ্ৰেণীৰ নাটকত সামাজিক পৰিস্থিতিৰ দ্বন্দ্বৰ লগতে  মানসিক দ্বন্দও ফুটাই তোলাত গুৰুত্ব দিয়া হয়। সামাজিক নাটকক বহুলভাৱে দুই ভাগত ভাগ কৰিব পাৰি, যথা- ব্যঙ্গ বা হাস্য-ৰসাত্মক সামাজিক নাটক আৰু গহীন ভাৱৰ সামাজিক নাটক। যিবোৰ সামাজিক নাটকত ব্যক্তি বা ব্যক্তি বিশেষৰ ওপৰত লঘু দৃষ্টিৰে বাহ্যিক বা উপৰুৱা দোষ-ক্ৰটিক সমল হিচাপে লৈ হাস্যোদ্বীপক চিত্ৰ অংকন কৰা হয় তাকেই ‘ব্যঙ্গ বা হাস্যোদ্বীপক সামাজিক নাটক’ বুলি কোৱা হয়। আনহাতে যিবোৰ নাটকত সামাজিক লঘু বা উপৰুৱা দোষ-ক্ৰটিৰ ওপৰত আলোকপাত নকৰি সমাজৰ  আভ্যন্তৰীণ কেৰোণসমূহক গহীন ভাৱত আলোকপাত কৰা হয় সেইবোৰ নাটকেই ‘গহীন সামাজিক নাটক’।

লক্ষ্মীধৰ শৰ্মাৰ প্ৰখ্যাত ‘চিৰাজ’ শিৰোনামাৰ চুটিগল্পৰ আধাৰত ফণী শৰ্মাই ৰচনা কৰা  একে নামৰ পূৰ্ণাঙ্গ নাটকখন সামাজিক নাটক। এইখন নাটকৰ বিষয়-বস্তু সম্পূৰ্ণৰূপেই সামাজিক। সমাজৰ কেইবাটাও বাস্তৱ আৰু জলন্ত চিত্ৰ নাটকখনত সফলভাবে অংকন কৰা হৈছে। এই নাটকখনত ধনী আৰু দুখীয়াৰ জীৱন-প্ৰণালী, ডেকা-গাভৰুৰ প্ৰেম, হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতি,  মানৱতাবাদ আৰু কুসংস্কাৰমুক্ত প্ৰগতিশীল নতুন সমাজ গঢ়াৰ আশাবাদৰ চিত্ৰ অংকন কৰা হৈছে।

অসমীয়া সমাজত ধনী আৰু দুখীয়াৰ মাজত চিৰ বৈষম্য বিৰাজমান। ধনীয়ে যিস্থান ভৰিৰে গচকে, দুখীয়াই তেনে ঠাইত শুবলৈকো নাপায়। সেয়ে প্ৰথম অংকৰ প্ৰথম দৃশ্যত বৰুৱাহঁতৰ ড্ৰইংৰূমত যি দলিচা পাৰিছে তাত লগুৱা আঘোনাই বাগৰ দি কৈছে:

“অঃ অঃ অঃ। আয়ৈ দেহি যেন আলাসতহে বাগৰিছোঁ। উস্‌, উস্‌, হুঃ হুঃ যেন তেখেত বিষ্ণুৰ পদুম ফুলৰ অনন্ত শৰ্যাহে। অস্‌ অস্‌ কি আৰাম।”

দ্বিতীয়তে প্ৰেমৰ চিত্ৰখনেই নাটকখনৰ প্ৰধান চিত্ৰ। ইয়াত অভিজাত পৰিয়ালত জন্ম গ্ৰহণ কৰা কন্দৰ্প নামৰ ল’ৰা এজনে ঘৰৰ কাম কৰা লিগিৰী সাবিত্ৰীৰ লগত পৰা প্ৰেমৰ চিত্ৰ – ইয়াৰ পাতনি, সংঘাত আৰু পৰিণতি স্পষ্টভাৱে ফুটি উঠিছে। প্ৰেম হৈছে এক সহজাত অনুভূতি। ডেকা-গাভৰুৰ অন্তৰত এই অনুভূতি অজানিতভাৱেই উদ্ভৱ হয়। এই অনুভূতিয়ে জাত-পাতৰ বিচাৰ নকৰে। কন্দৰ্প আৰু সাবিত্ৰীৰো সেয়া হ’ল। দুয়োজনৰ হৃদয় মিলিল যদিও সমাজে তাক স্বীকৃতি নিদিলে। অৱশেষত কন্দৰ্পৰ পিতাকে ছলনা কৰি পুতেকক কলিকতালৈ পঠিয়াই দিলে আৰু সাবিত্ৰীক বৰুৱাহঁতৰ বাগিছাৰ জামাদাৰৰ পুতেকলৈ বিয়া দিয়াৰ ব্যৱস্থা কৰিলে। কিন্তু সাবিত্ৰীয়ে সেই বিয়াত সন্মতি নিদি ঘৰৰ পৰা পলাই যায়। এনেদৰে সমাজত ধনী-দুখীয়াৰ বৈষম্যৰ বাবেই সিহঁতৰ প্ৰেম সফল হ’ব নোৱাৰিলে।

তৃতীয়তে, মানৱীয় আৰু উদাৰ চৰিত্ৰৰ মানুহও সমাজত নথকা নহয়। এনেলোকৰ সংখ্যা তাকৰ হ’লেও আছে। সাবিত্ৰীয়ে বৰুৱাহঁতৰ ঘৰৰ পৰা পলাই গ’ল যদিও অৱশেষত ‘চিৰাজ’ নামৰ মুছলমান মানুহ এজনৰ ঘৰত আশ্ৰয় পালে। সেই ঘৰত তাই অকল আশ্ৰয় পোৱাই নহয়, সম্পূৰ্ণ মানৱীয় মৰ্যাদাও পালে। তাতেই তাই কন্দৰ্পৰ ঔৰজাত এটি কন্যা সন্তান ‘সীতা’ৰ জন্ম দিয়ে। সীতাৰ জন্মৰ দুদিন পাছত সাবিত্ৰীৰ মৃত্যু হোৱাত সীতাক চিৰাজে নিজৰ নাতিনীৰ মৰ্যাদাৰে লালন-পালন কৰে। আঠ বছৰ লালন-পালন কৰাৰ পাছত কন্দৰ্পক পাই সীতাক পিতাকৰ হাতত অৰ্পণ কৰি চিৰাজে  কৈছে :

“(বেজাৰত হাঁহি মাৰি) নাই, নাই, মই এইবোৰ কি ভ্ৰম বলকিছোঁ। বাপেকে জীয়েকক লৈ যাব খুজিছে, মই নিদিবৰ কোন? (হাত যোৰ কৰি) মাজে মাজে যাতে ছোৱালীটিক দেখা পাওঁ সেইকন দয়া আপোনালোকে মোক কৰিব।”

চিৰাজ চৰিত্ৰত  এই মানৱীয়তা প্ৰকাশ পোৱাৰ ওপৰিও সাম্প্ৰদায়িক সম্প্ৰীতিৰ ভাৱো তেওঁৰ চৰিত্ৰৰ মাজেদি মূৰ্ত হৈ উঠিছে। চিৰাজে আশ্ৰয় দিয়া সাবিত্ৰী হিন্দুৰ ছোৱালী বুলি জানিব পাৰি সমাজৰ বুঢ়া মানুহ এজনে যেতিয়া আপত্তি দৰ্শাব বিচাৰিছিল, তেতিয়া চিৰাজে কৈছে:

“এ মোৰ কিহৰ গৰজ পৰিছে হিন্দু-অহিন্দুৰ বিচাৰ কৰিবলৈহে। মানুহে মানুহৰ ঘৰত আশ্ৰয় বিচাৰিছে, মই আশ্ৰয় নিদিলে অমানুহ নহ’মনে?”

নাটকখন সংস্কাৰবাদী আৰু প্ৰগতিশীল চিন্তাধাৰাৰো দলিল। নাটকৰ শেষৰ ফালে আধুনিক শিক্ষাৰে শিক্ষিত অনিল আৰু কন্দৰ্পৰ পত্নী সৰযুই সাবিত্ৰীৰ গৰ্ভজাত সীতাক সমাজৰ চিৰা-চৰিত পৰম্পৰাৰ বিৰুদ্ধে গৈ সহজে স্বীকাৰ কৰি লৈ অনিলে সীতাক বিয়া কৰাৰ বাবে সাজু হৈছে আৰু সৰযুয়েও সীতাক নিজৰ কন্যাৰ দৰে আকোঁৱালি লৈছে। অনিলে সাম্প্ৰদায়িক গোড়ামিৰ বিৰোদ্ধে সৰৱ হৈ উদাত্ত কণ্ঠে ঘোষণা কৰিছে:

“যিখন সমাজৰ বিচাৰ আছে, বিবেক নাই- দণ্ড আছে ক্ষমা নাই – তেজ মংহ আছে, হৃদয় নাই- তেনেখন মনুষত্বহীন মানুহে গঢ়া সমাজক অতীতেহে স্বীকাৰ কৰিব পাৰে, ভৱিষ্যতে নকৰে।”

অনিলে আকৌ কৈছে:

“…………….. মানুহে সমাজ গঢ়ে, সমাজে মানুহ নগঢ়ে। যিখন সমাজে মানুহক আপোন হ’বলৈ নিদিয়ে ………….. সেইখন সমাজ কাহানিবাই অতীতৰ ঘৃণনীয় স্মৃতি হ’ব লাগিছিল, মাহীদেউ।”

আনহাতে চিৰাজে সমাজৰ প্ৰচলিত ৰীতি-নীতিৰ বিৰুদ্ধে বিষাদ কৰি কৈছে:

“বিবাহৰ পূর্বে  ভালপোৱা যদি ব্যভিচাৰ হয়, প্ৰকৃতিদত্ত প্ৰণয় যদি অবৈধ হয়, তেন্তে শাস্ত্ৰৰ ৰথী-মহাৰথী, সতী-মহাসতী, প্ৰায়বিলাকৰ গাই অবৈধ প্ৰণয়, ব্যভিচাৰৰ চেকাৰে লেটী-পেটী হৈ আছে ডাঙৰীয়া। ……………. ভালকৈ মন কৰি চালে দেখিব সেই উৱলি যোৱা সমাজৰ বুকুত এখন নতুন সমাজে ঠন ধৰি উঠিছে।”

এনেদৰে নাট্যকাৰ ফনী শৰ্মাই নাটকখনৰ মাজেদি সমাজৰ বিভিন্ন দিশ – আন্দাৰ আৰু পোহৰ, পুৰণিৰ বিৰুদ্ধে নতুনৰ আবিৰ্ভাৱ – আদি অতি স্পষ্ট আৰু যুক্তিসংগতভাৱে ফুটাই তোলাত সক্ষম হৈছে। গতিকে ফণী শৰ্মাৰ ‘চিৰাজ’ নাটকখনক এখন সফল সামাজিক নাটক বুলি ক’ব পাৰি। ০ ০ ০

ফণী শৰ্মাৰ নাটক ‘চিৰাজ -এক সমালোচনা

 

ফণী শৰ্মৰ ‘চিৰাজ’ নাটকত সাম্প্ৰদায়িক সম্প্ৰীতিৰ চিত্ৰ

ফণী শৰ্মাৰ ‘চিৰাজ’ নাটকখন অসমীয়া নাট্য সাহিত্যৰ ভঁৰাললৈ এক ব্যতিক্ৰমধৰ্মী উপহাৰ। চিৰাচৰিত সাম্প্ৰদায়িক গোঁড়ামি আৰু ৰক্ষণশীল  সামাজিক পৰম্পৰাৰ বিৰুদ্ধে প্ৰতিবাদ আৰু প্ৰগতিশীল সাম্প্ৰদায়িক সম্প্ৰীতিৰ বিজয় ঘোষণাই হৈছে ‘চিৰাজ’ নাটকখনৰ প্ৰধান বক্তব্য। নাট্যকাৰে নাটকখনৰ কেইবাটাও চৰিত্ৰৰ মাজেদি -বিশেষকৈ চিৰাজ, কন্দৰ্প আৰু অনিলৰ মাজেদি সাম্প্ৰদায়িক সম্প্ৰীতি, মানৱতাবাদী প্ৰগতিশীল চিন্তাধাৰাৰ চিত্ৰ অংকন কৰিছে।

নাটকখনৰ ‘চিৰাজ’ নামৰ চৰিত্ৰটোয়েই হৈছে প্ৰধান মানৱীয় চৰিত্ৰ। তেওঁৰ চৰিত্ৰ আৰু মানৱীয়তা  কন্দৰ্প আৰু সাবিত্ৰীৰ মাজত সংঘটিত হোৱা প্ৰেম কাহিনীৰ পৰিণতিৰ পৰা বিকাশ হৈছে। কন্দৰ্প হৈছে অভিজাত পৰিয়াল এটিৰ একমাত্ৰ সন্তান। তেওঁ কলিকতাৰ পৰা বি. এ. পৰীক্ষা দি ঘৰলৈ আহি ঘৰুৱা লিগিৰী সাবিত্ৰীৰ প্ৰেমত পৰে আৰু দুয়োজনৰ মাজত শাৰীৰিক সম্পৰ্ক স্থাপন হয়। সাবিত্ৰী অন্তঃসত্বা হয়। বিষয়টি কন্দৰ্পৰ দেউতাকে গম পাই নিজৰ জাত যোৱাৰ ভয়ত ছলনা কৰি কন্দৰ্পক কলিকতালৈ পঠাই দিয়ে আৰু সাবিত্ৰীক বৰুৱাহঁতৰ বাগিছাত কাম কৰা জামাদাৰৰ পুতেকৰ লগত বিয়া দিয়াৰ বন্দোৱস্ত কৰে। কিন্তু সাবিত্ৰী সেই বিয়াত মান্তি নহৈ ঘৰৰ পৰা পলায়ন কৰে। বহু দূৰত এখন অসমীয়া মুছলমান গাঁৱৰ মছজিদৰ কাষত অজ্ঞান হৈ পৰি থকা অৱস্থাত ‘চিৰাজ’ নামৰ মানুহ এজনে দেখা পাই ঘৰলৈ লৈ গৈ ডাক্তৰ মাতি  চিকিৎসা কৰি সুস্থ কৰে। পিছলৈ চিৰাজে জানিব পাৰে যে তাই হিন্দুৰ ছোৱালী। সেয়ে গাঁৱৰ দুই এজন মুখীয়াল মানুহৰ পৰামৰ্শ অনুসৰি তাইক হিন্দু গাওঁ এখনলৈ পঠিয়াই দিব খুজিলে যদিও সাবিত্ৰী যাবলৈ মান্তি নহ’ল। পিছে গাওঁৰ এজন বুঢ়া মানুহে সাবিত্ৰীক হিন্দু বুলি জানিব পাৰি আপত্তি কৰিলত চিৰাজে কয়,

“এহ মোৰ কিহ’ৰ গৰজ পৰিছে হিন্দু-অহিন্দুৰ বিচাৰ কৰিবলৈহে। মানুহে মানুহৰ ঘৰত অশ্ৰয় বিচাৰিছে, মই আশ্ৰয় নিদিলে অমানুহ নহ’মনে?”

চিৰাজে উক্ত বক্তব্যৰ দ্বাৰা নাটকখনত পোন প্ৰথমতে প্ৰগতিশীল আৰু  মানৱতাবাদী ভাৱধাৰা আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ চিন্তা প্ৰতিফলিত কৰিছে।

দ্বিতীয়তে, চিৰাজে ঘৰত আশ্ৰয় দিয়া সাবিত্ৰীয়ে প্ৰায় ছয় মাহমান পাছত এটি কন্যা সন্তান প্ৰসৱ কৰি দুদিন পিছত সুতিকা বেমাৰত মৃত্যু মুখত পৰে। সন্তানটিৰ নাম ৰাখিলে ‘সীতা’।  চিৰাজে সীতাক নিজৰ নাতিনীৰ মৰ্যাদাৰে অতি আদৰ আৰু স্নেহৰ মাজেৰে লালন-পালন কৰে। প্ৰায় আঠ বছৰকাল লালন-পালন কৰাৰ পিছত তাইৰ দেউতাক কন্দৰ্পক পাই সীতাক তেওঁৰ হাতত অৰ্পণ কৰি কৈছে:

“ ………….. মাজে মাজে যাতে ছোৱালীটোক দেখা পাওঁ সেইকন দয়া আপোনালোকে  মোক কৰিব।”

মুছলমান চিৰাজে হিন্দুৰ ছোৱালী এগৰাকী নিজৰ ঘৰৰ সন্তানৰ দৰে লালন-পালন কৰাটো মহান মানৱতাবাদৰ এক বিৰল নিদৰ্শন।

কন্দৰ্পই নিজৰ ছোৱালী সীতাক চিৰাজৰ ঘৰৰ পৰা লৈ গৈ কলিকতাত ৰাখিলে আৰু তাতেই পঢ়া-শুনাৰ ব্যৱস্থা কৰি দিয়ে। সীতাই কলিকতাত ‘অনিল’ নামৰ হিন্দু পৰিয়ালৰ ল’ৰা এজনৰ প্ৰেমত পৰে। কন্দৰ্পই অনিল আৰু সীতাৰ বিয়া সংঘটিত কৰাৰ আগতে  তেওঁৰ গুপ্ত প্ৰেম আৰু সীতাৰ জন্ম ৰহস্য সকলোৰে আগত মুকলি কৰে। সামাজিকভাবে বিয়া নোহোৱা অৱস্থাত জন্ম হোৱা সন্তান সমাজৰ চকুত অবৈধ। সেয়ে অনিলৰ মোমায়েক সুবিমলে অনিল আৰু সীতাৰ মাজত বিয়া হোৱাটো নিবিচাৰি কৈছে:

“নো- নেভাৰ। সমাজৰ নীতি বিৰুদ্ধ তুমি তাইৰ বাপেক হৈছা। তোমাৰ কাৰ্যক স্বীকাৰ কৰিবলৈ গ’লে সমাজত বিবাহৰ আৱশ্যক নাথাকিব। চঞ্চলমতি দুই ডেকা-গাভৰুৰ অবৈধ প্ৰণয়ত মুচলমানৰ ঘৰত জন্ম লোৱা এজনী ছোৱালীক মোৰ ভাগিনলৈ বিয়া কৰালে ব্যভিচাৰক প্ৰশ্ৰয় দিয়া হ’ব।”

সুবিমলৰ এই সংকীৰ্ণ চিৰাচৰিত গোড়ামিৰ প্ৰত্যুত্তৰত চিৰাজে কৈছে:

“আপোনাৰ কথা সঁচা হ’লে হিন্দুৰ মহাকাব্য সেই ৰামায়নখন পুৰি পেলোৱাহে যুগুত হ’ব, ডাঙৰীয়া। বিবাহৰ পূর্বে ভালপোৱা যদি ব্যভিচাৰ হয়, প্ৰকৃতিদত্ত  প্ৰণয় যদি অবৈধ হয়, তেন্তে শাস্ত্ৰৰ  ৰথী-মহাৰথী, সতী-মহাসতী প্ৰায় বিলাকৰ গাই অবৈধ প্ৰণয়, ব্যভিচাৰৰ চেকাৰে লেটি-পেটি হৈ আছে, ডাঙৰীয়া। ……………. ভালপোৱা  যদি সমাজৰ চকুত ব্যভিচাৰ হয়, ভালকৈ মন কৰি চালে দেখিব সেই উৱলি যোৱা সমাজৰ বুকুত এখন নতুন সমাজে ঠন ধৰি উঠিছে।”

চিৰাজ আকৌ কৈছে:

“ভুল কৰিছে ডাঙৰীয়া, সেইখন সমাজত কোনো সম্প্ৰদায়েই নাই- হিন্দু নাই, মুছলমান নাই,  পাৰ্চি নাই, খৃষ্টান নাই, জাতি নাই, অজাতি নাই, ধনী নাই, নিৰ্ধনী নাই। আল্লাৰ আৰ্শীবাদ লৈ অহা সেই মহান সমাজখন হ’ল মহান মানৱ সমাজ।”

অনিলৰ মোমায়েকে কোনো যুক্তি নামানি গুচি যাবলৈ ওলোৱাত চিৰাজে কৈছে:

“ময়ো যাওঁ বৰুৱা বোপা। মই বুজিছো সীতাৰো এইকন ঘৰত ঠাই নহ’ব। তাইকো লৈ যাওঁ। (সীতালৈ চাই) সীতা, সীতা – আই অ’ শুন-………. ভাওনা শেষ হ’ল আই। এতিয়া বল, ঘৰৰ ছোৱালী ঘৰলৈ ওভতি বল।”

এনেদৰে চিৰাজ চৰিত্ৰৰ মাজেদি প্ৰগতিশীল সম্প্ৰদায়িক সম্প্ৰীতিৰ চিত্ৰ নিখুঁতভাবে  অংকিত হৈছে।

প্ৰগতিশীল, মানৱতাবাদী আধুনিক দৃষ্টিভঙ্গীৰ আন এটি চৰিত্ৰ হৈছে কন্দৰ্প বৰুৱা। কন্দৰ্প আৰু সাবিত্ৰীৰ মাজত স্থাপন হোৱা প্ৰণয়ক কন্দৰ্পৰ পিতৃ-মাতৃয়ে সন্মতি নিদিলেও কন্দৰ্পই ধনী-দুখীয়া, উচ্চ-নীচ আদি পাহৰি সাবিত্ৰীক বিয়া কৰাবলৈ জোৰ দিছে। কন্দৰ্পই সাবিত্ৰীক কৈছে:

“আজিয়েই মোৰ লগত গুৱাহাটীলৈ ওলোৱা। কৰ্টত আমাৰ বিয়া হ’ব, চিভিল মেৰেজ।”

কন্দৰ্পই সাবিত্ৰীক বিয়া কৰাবলৈ বদ্ধপৰিকৰ হ’লেও পিতৃ-মাতৃৰ বাবে বিয়াখন হ’ব নোৱাৰিলে। কিন্তু কন্দৰ্প নীৰৱ নাথাকি জাতি-ভেদ, উচ্চ-নীচ ভেদ-ভাৱৰ প্ৰতি প্ৰতিবাদী হৈ উঠিছে। সেয়ে তেওঁ নিজৰ পত্নী সৰযুৰ আগত সাবিত্ৰী তেওঁৰ স্ত্ৰী আছিল বুলি বিনা-দ্বিধাই স্বীকাৰ কৰিছে আৰু সীতাক নিজৰ কন্যাৰ আসনত বহুৱাইছে। কন্দৰ্পই নাটকখনৰ তৃতীয় অংকৰ তৃতীয় দৃশ্যত কৈছে:

“এইবোৰ আপোনালোকৰ ওচৰত গোপন কৰি ভুল কৰিছোঁ। বিচাৰত যি শাস্তি হয় মোক দিয়ক। কিন্তু সীতা সীতাৰ দৰেই পৱিত্ৰ। মোৰ শাস্তিৰ ভাগ যেন তায়ো ল’বলগীয়াত নপৰে।”

এনেদৰে কন্দৰ্পৰ চৰিত্ৰৰ মাজদি পৰম্পৰাগত সামাজিক নীতি-নিয়মৰ বিৰুদ্ধে প্ৰাগলভ কণ্ঠত প্ৰতিবাদ ধবনিত হৈছে।

তৃতীয়তে, প্ৰগতিশীল আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ প্ৰতি উদাৰ দৃষ্টিভঙ্গীসম্পন্ন আন এটি চৰিত্ৰ হৈছে অনিল। অনিলে সীতাৰ জন্ম ৰহস্যৰ কথা গম পায়ো তাইক বিয়া কৰাবলৈ সাজু হৈছে আৰু নিজৰ মোমায়েক সুবিলমৰ প্ৰতিবাদত ঘোষণা কৰিছে:

“নিদিলে নালাগে, আমি নতুন সমাজ গঢ়িম।……………. যিখন সমাজত বিচাৰ আছে, বিবেক নাই – দণ্ড আছে, ক্ষমা নাই- তেজ-মংহ আছে হৃদয় নাই -তেনেখন মনুষত্বহীন মানুহে গঢ়া সমাজক অতীতেহে স্বীকাৰ কৰিব পাৰে, ভৱিষ্যতে নকৰে।”

অনিলে আকৌ কেছে:

“…………….. মানুহে সমাজ গঢ়ে, সমাজে মানুহ নগঢ়ে। যিখন সমাজে মানুহক আপোন হ’বলৈ নিদিয়ে ………….. সেইখন সমাজ কাহানিবাই অতীতৰ ঘৃণনীয় স্মৃতি হ’ব লাগিছিল, মাহীদেউ।”

এনেদৰে ফণী শৰ্মাৰ চিৰাজ নাটকত সাম্প্ৰদায়িকতাবাদ, সংকীৰ্ণ জাতি-ভেদ আদিৰ বিৰুদ্ধে এক সবল প্ৰতিবাদৰ চিত্ৰ ফুটি উঠিছে আৰু তাৰ ঠাইত এখন সম্প্ৰদায়হীন উদাৰ মানবতাবাদী সমাজ গঠনৰ পোষকতা কৰা হৈছে। ০ ০ ০

ফণী শৰ্মাৰ নাটক ‘চিৰাজ -এক সমালোচনা

 

ফণী শৰ্মাৰ চিৰাজ নাটকত ‘আঘোণা’ চৰিত্ৰ – এক আলোচনা 

ফণী শৰ্মাৰ ‘চিৰাজ’ নামৰ প্ৰখ্যাত নাটকখনত কেইবাটাও চৰিত্ৰ আছে যদিও তাৰে ভিতৰত এটি মাত্ৰ চৰিত্ৰই নাটকখনৰ মূল কাহিনীৰ বাহিৰত থাকি কেইবাটাও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে আৰু সেই চৰিত্ৰটো হৈছে – আঘোণা।  তেওঁ হৈছে বৰুৱাহঁতৰ ঘৰৰ লগুৱা। তেওঁ নাটকখনত সংস্কৃত নাটকত থকা সূত্ৰধাৰ আৰু ইংৰাজী নাটকত থকা বহুৱা (Clown) ৰ ভূমিকা পালন কৰিছে। অৰ্থাৎ সংস্কৃত নাটকত সূত্ৰধাৰে গ্ৰহণ কৰা ভূমিকাৰ দৰে তেওঁ ‘চিৰাজ’ নাটকত আৰম্ভণিৰ পৰাই মূল ঘটনাৰ আভাষ দিছে, নায়ক নায়িকাৰ মনত পূৰ্বৰাগৰ সৃষ্টি কৰিছে, আৰু কাহিনীৰ ভৱিষ্যত পৰিণতিৰ আভাষ দি এটা দৃশ্যৰ লগত আন এটি দৃশ্যৰ সংযোজন ঘটাইছে। আনহাতে, ইংৰাজী নাটকৰ বহুৱাৰ (Clown) ৰ দৰে নাটকখনত বহুতো জ্ঞানগৰ্ভ কথাৰ অৱতাৰণা কৰি  নাটকৰ মূল কাহিনীভাগ আগবঢ়াই লৈ যোৱাৰ লগতে হাস্যৰসৰো সুবিমল খোৰাক যোগাইছে।

আঘোনা নাটকখনৰ প্ৰধান চৰিত্ৰ নহয় যদিও কন্দৰ্প আৰু সাবিত্ৰীৰ মাজত সম্পৰ্ক স্থাপন হোৱাত অৰিহণা যোগাইছে। কন্দৰ্প হৈছে অভিজাত পৰিয়াল এটিৰ একমাত্ৰ সন্তান। তেওঁ কলিকতাত বি. এ. পৰীক্ষা দি ঘৰলৈ আহিছে। তেওঁক আলপৈচান ধৰিছে আঘোণা আৰু সাবিত্ৰীয়ে। সাবিত্ৰী কন্দৰ্পহঁতৰ ঘৰৰ লিগিৰী। কন্দৰ্প কলিকতাৰ পৰা ঘৰলৈ আহিব বুলি খবৰ পাই বৰুৱাহঁতৰ ড্ৰইংৰূমটো আটোম-টোকাৰিকৈ সজাই মজিয়াত দলিচা পাৰি ৰঙতে আঘোণাই দলিচাৰ ওপৰত বাগৰিছে আৰু সাবিত্ৰীক মাতিছে। সাবিত্ৰীয়ে দলিচাত বাগৰিবলৈ নোযাৱাত আঘোণাই সাবিত্ৰীক কৈছে:

“এৰা, এৰা, হয়, হয়। মোৰেই ভুল। তোৰ এই যৌৱন কালত কিহ’ৰ দুখত তইনো তলৰ দলিচাত বাগৰিবি সোণ। নেহাত বাগৰিবৰ হ’লে ইয়াত  নাবাগৰি (পালেঙলৈ আঙুলিয়াই) সৌ পালেঙতে বাগৰিবি। পিছে আই অ’ শুন, সেই দলিচাৰ পৰা পালেঙলৈ খোজ দিওঁতে লেখি লেখি দিবি। বাওনা হৈ চন্দ্ৰলৈ হাত মেলিলে হামখুৰি খাই পৰিবি।”

কন্দৰ্প অহাৰ পিছত সাবিত্ৰীয়ে ফুলনিখনলৈ গৈছে ফুল তুলিবলৈ। তেতিয়া কন্দৰ্প ফুলনিৰ পিনে ৰ্ লাগি চাইছে। হঠাৎ আঘোণাই কন্দৰ্পক বাগিছাখনলৈ চাই থকা দেখা পাই কৈছে:

“অঁ অঁ, মোৰ সোণাই চোৱা। এতিয়াতো তোমাৰ চোৱাৰেই বয়স।”

তেওঁ আওপকীয়াকৈ আকৌ কৈছে:

“জৰুৰ, জৰুৰ। ফুলনিখনলৈ নাচাই তুমি সেই ফুলনিত ফুল ছিঙি থকা ছোৱালীজনীক চাবলৈ গৈছানে?”

তেতিয়া কন্দৰ্পই কৈছে:

যা। তোৰ মাথো পাক লগোৱা কথা। ফুলনিখন কিন্তু আমাৰ বৰ ধুনীয়া হৈছে, নহয়নে আঘোণা কাই?”

আঘোণাই ইয়াৰ প্ৰত্যুত্তৰত কৈছে:

“বৰ ধুনীয়া, বৰ ধুনীয়া। ফুলনিতকৈয়ো (জিভাৰে টকালি  মাৰি) ফুল ছিঙি থকাজনী আৰু ধুনীয়া।”

উপৰুদ্ধৃত কথাফাকিয়ে কন্দৰ্পৰ মনত সাবিত্ৰীৰ প্ৰতি আওপকীয়াকৈ প্ৰেমৰ পূৰ্বৰাগৰ সৃষ্টি কৰিছে। তেওঁৰ কথাত যেন কন্দৰ্প আৰু সাবিত্ৰীৰ মাজত লুকাই থকা কামনাৰ উৎসক জাগৃত কৰিছে। ইয়াৰ পিছত দেখা যায় কন্দৰ্প আৰু সাবিত্ৰীৰ মাজত প্ৰণয়পৰ্ব আৰম্ভ হৈছে।

আঘোণা অশিক্ষিত যদিও জ্ঞানী। তেওঁ ডেকা-গাভৰুৰ মনস্তত্ব জানে, লগতে সমাজত চলি থকা উচ্চ-নীচৰ ভেদ-ভাৱৰ কথাও তেওঁৰ অৱগত। সেয়ে তেওঁ আগতীয়াকৈ ক’বলৈ সংকোচ কৰা নাই যে কন্দৰ্প আৰু সাবিত্ৰীৰ মাজত প্ৰেম হ’লে সমাজত এই প্ৰেমে স্বীকৃতি নাপায় আৰু এই প্ৰেম ভৱিষ্যতত স্থায়ী নহ’ব। সেয়ে তেওঁ সাবিত্ৰীক এজন জ্ঞানীৰ দৰে সাৱধান বাণী শুনাইছে। এইদৰে:

“হাঃ হাঃ – কাক মালা পিন্ধালি সাবিত্ৰী? সিহঁত ডাঙৰ মানুহ, ধনী মানুহ। সিহঁতে সাপ হৈ খুটে, বেজ হৈ জাৰে, জুইত চগা পৰে জুই নুনুমায়, চগাৰ পাখি পোৰে, চটফটাই মৰে।”

আঘোণা বৰুৱাহঁতৰ ঘৰৰ অকল লগুৱাই নহয়; সেইখন ঘৰৰ প্ৰায় অভিভাৱক স্বৰূপ। ঘৰখনৰ ভাল-বেয়া, সুখ-শান্তি আদিৰ কথাও তেওঁ চিন্তা কৰে। কন্দৰ্প আৰু সাবিত্ৰীৰ প্ৰেম পৰিয়ালৰ জ্যাত্যাভিমানৰ বাবে বিবাহলৈ উন্নীত হ’ব নোৱাৰিলে। প্ৰায় আঠ বছৰ পাৰ হৈ গ’ল; ঘৰখনৰ একমাত্ৰ সন্তানে বিয়া নকৰাৰ বাবে ঘৰখনত অশান্তিয়ে দেখা দিলে। পিতৃ-মাতৃ বুঢ়া আৰু দুৰ্বল হৈ আহিল যদিও সন্তানে বিয়া নকৰা দেখি মানসিকভাবে ভাগি পৰিছে। সিহঁতৰ ‘মুকুতাজান’ নামৰ চাহ বাগিছাখন বৰুৱাই বিক্ৰি কৰি দিয়াৰ সিদ্ধান্ত ললে। ঘৰখনৰ ভৱিষ্যতৰ দুৰ্যোগ ভাৱি আঘোণায়ো খং কৰি ঘৰ এৰি যাবলৈ ওলোৱাত কন্দৰ্প সচেতন হ’ল আৰু আঘোণাই তেওঁক যি কৰিব কয়, সেয়ে কৰিবলৈ প্ৰস্তুত আছে বুলি জনোৱাত আঘোণাই তেওঁক অভিভাৱকৰ দৰে শপত বাক্য পাঠ কৰাইছে এইদৰে:

“জোন বেলি ত’ৰাক স্বাক্ষী কৰি – মোৰ মাতৃ আইৰ চৰণ চুই সত্যে সত্যে তিনি সইত খাইছোঁ-

তেওঁলোকে যিদিনাই বিয়া কৰিবলৈ হুকুম দিব, কেৰ মেৰ নকৰি বিয়া কৰাম। ইয়াৰ অন্যথ্য হ’লে আইন মতে দণ্ডণীয় হ’ম।”

আঘোণাৰ কথা আৰু যুক্তিত উপায়ন্তৰ হৈ কন্দৰ্পই সৰযু নামৰ ছোৱালী এগৰাকীক বিয়া কৰালে।

ইতিমধ্যে সাবিত্ৰীয়ে বৰুৱাহঁতৰ ঘৰৰ পৰা পলাই গৈ এটা মুছলমান গাঁৱত ‘চিৰাজ’ নামৰ লোক এজনৰ ঘৰত আশ্ৰয় লৈ কন্দৰ্পৰ দ্বাৰা অন্তঃসত্ত্বা হোৱা সাবিত্ৰীয়ে এটি কন্যা সন্তান জন্ম দি মৃত্যু হয়। সন্তানটিৰ নাম ৰখা হয় ‘সীতা’। তাই ইতিমধ্যে আঠ বছৰ বয়সীয়া হ’ল। এদিন আঘোণা আৰু কন্দৰ্প বাগিছাৰ পৰা ঘূৰি আহোতে চিৰাজৰ ঘৰৰ সন্মুখত ৰাস্তাত গাড়ীৰ চকা ফুটিল। কন্দৰ্প আৰু আঘোণাই চিৰাজৰ ঘৰলৈ গ’ল। ড্ৰাইভাৰে চকা ভাল কৰি থকালৈ সিহঁতে চিৰাজৰ লগত কথা বাৰ্তা হ’ল। কথা প্ৰসঙ্গত আঘোণাই চিৰাজৰ পৰা সীতাৰ পৰিচয় খুচুৰি খুচুৰি জানি ল’লে আৰু সীতা যে কন্দৰ্পৰ ছোৱালী সেয়া আৱিষ্কাৰ কৰিলে আৰু চিৰাজক কৈ মেলি সীতাক কন্দৰ্পৰ হাতত গতাই দিলে। 

দেখা গ’ল সীতাক বিচাৰি  পোৱাতো আঘোণাৰ যথেষ্ট ভূমিকা আছে।

কন্দৰ্পই সীতাক ঘৰলৈ নিনি  কলিকতালৈ পঠিয়াই দি তাতেই লিখা-পঢ়া শিকালে। এবাৰ সীতাৰ বাবে কিবা বস্তু কন্দৰ্পৰ হাতত দি পঠোৱাৰ বাবে চিৰাজ কন্দৰ্পহঁতৰ ঘৰলৈ যায়। ইমান দিনলৈ কন্দৰ্পৰ পত্নী সৰযুয়ে সীতাৰ বিষয়ে একো জনা নাছিল। চিৰাজৰ পৰা সৰযুয়ে কৌশল কৰি সীতাৰ বিষয়ে কিবা আভাষ ললে।  কিন্তু আঘোণাই সীতাৰ কথা গোপন ৰাখিবলৈ নানান ছলনাৰ আশ্ৰয় ললে। তেওঁ এই কাহিনী গোপন ৰখাৰ বাবে যি কৌশল অৱলম্বন কৰিছিল সেয়াও অভিনৱ আৰু বুদ্ধিৰ পৰিচায়ক।

নাটকখনত উপৰুৱা ভূমিকা পালন কৰাৰ উপৰিও আঘোণাই হাস্যৰসৰো যোগান ধৰিছে। তেওঁ যোগান ধ’ৰা হাস্য ৰস অতিমাত্ৰাই উপেভাগ্য আৰু প্ৰশংসাৰ যোগ্য। তেওঁ আচৰণ, শাৰীৰিক অঙ্গি-ভঙ্গী, কথা-বতৰা, পৰিস্থিতিৰ বিসঙ্গিতি আৰু ভাষা প্ৰয়োগৰ দ্বাৰা নাটকখনত হাস্যৰসৰ সমল যোগাইছে।

নাটকখনৰ প্ৰথম অঙ্কৰ প্ৰথম দৃশ্যত বৰুৱাহঁতৰ ড্ৰইংৰূমত দলিচা পাৰি যিষাৰ কথা কৈছে সেয়া নিশ্চয় হাঁহিৰ খোৰাক যোগায়। যেনে- “অঃ অঃ অঃ। আয়ৈ দেহি, যেন আলাসতহে বাগৰিছোঁ। উস্‌, উস্‌, হুঃ হুঃ যেন তেখেত বিষ্ণুৰ পদুম ফুলৰ অনন্ত শৰ্যাহে। অস্‌ অস্‌ কি আৰাম। (সাবিত্ৰীক দলিচালৈ মাতি আকৌ কয়) আহ সাবিত্ৰী আহ, জোতাৰ ধূলাৰে গোটেইখন মহটিয়াই নেপেলাওঁতেই হেৰ’ দুয়ো পাৰে মানে মজা মাৰি বাগৰি লওঁ।” 

নাটকখনৰ দ্বিতীয় অঙ্কৰ প্ৰথম দৃশ্যত আঘোণাই বৰুৱাৰ ঘৰত গোলামী কৰা এৰি নিজ ঘৰলৈ গুচি যাবলৈ দৰ্মহা খুজি যি হাস্যৰসৰ সৃষ্টি কৰিছে সেয়া বিশেষ উপেভাগ্য। বৰুৱাই হিচাপ কৰি তেওঁৰ বাবে  আৰৈ কুৰি বছৰৰ দৰ্মহা দিছে ছয় হেজাৰ টকা। কিন্তু তেওঁ ছয় হেজাৰ টকাৰ হিচাব নুবুজি কুৰিৰ হিচাপত বুজিবলৈ সুধিছে:

“এ হেজাৰ, শ, এইবোৰ এৰি কুৰিৰ কথা কোৱা। তিনিশ কুৰিয়ে কেই কুৰি?”

তেতিয়া বৰুৱাই কৈছে:

“পোন্ধৰ কুৰি।”

আঘোণাই প্ৰত্যুত্তৰত কৈছে:

’(ভাবি) পোন্ধৰ কুৰি- পোন্ধৰ কুৰি- (চিঞৰি) অ’ অ’ এতিয়া তুমি মোক পোন্ধৰ কুৰি টকাহে দিবা। আৰৈ কুৰি বছৰ তোমাৰ তাত গোলামী খাটিছো, পোন্ধৰ কুৰি টকাৰে ভাল বলধ গৰু এহালো নাপায় এতিয়া।”

এই একে দৃশ্যতে আঘোণাই  কন্দৰ্পক বিয়া পাতিবৰ বাবে যি শপত বাক্য পাঠ কৰাইছে সেয়া হাস্যৰসৰ বিমল উৎস।

এনেদৰে তৃতীয় অংকৰ প্ৰথম দৃশ্যত আঘোণাই চিৰাজৰ সন্মুখত সৰযুৰ পৰা সীতাৰ বিষয়টো লুকুৱাৰ বাবে যি কৌশল অৱলম্বন কৰিছে সেয়া হাস্যৰসৰ জ্বলন্ত উদাহৰণ। চিৰাজে কন্দৰ্পহঁতৰ ঘৰলৈ আহিছিল কন্দৰ্পৰ জৰিয়তে সীতালৈ এযোৰ পাটৰ মেখেলা পঠিয়াবৰ বাবেহে। এনেতে কথা প্ৰসঙ্গত সীতাৰ কথা উঠিল। আঘোণাই পাৰে মানে প্ৰসঙ্গটি লুকুৱাবলৈ সৰযুক পতিয়ন নিয়াব বিচাৰিছে যে চিৰাজ আহিছে সৰযুৰ বাবে মাদুলি এটি তৈয়াৰ কৰি দিবৰ বাবেহে যাতে সৰযুৱে সন্তানৰ মাক হ’ব পাৰে। সেয়ে আঘোণাই কৌশল কৰি ঔষধি দ্ৰব্যৰ নাম মাতিছে এনেদৰে:

“কাঁহিবন, তুলসী, দুৰ্বা, বেলপাত, বটবৃক্ষ পত্ৰ, সকলো অফিচৰ কাষতে আছে। চাৰিওফালে মানুহ লগাই দিবি। সময় নাই, দহ বাজে।”

আকৌ ঘড়ীলৈ চাই আঘোণাই কৈছে:

“এহ এইডাল ঘড়ী পগলা ফাটেকলৈ পঠিয়াই দিব লাগে আইদেউ, দহত বাৰ বাজে।”

ইয়াৰ উপৰিও আঘোণাই কথা-বতৰাত ভুল শব্দ বা উচ্চাৰণ ভুল কৰি বা অসমীয়াৰ লগত হিন্দি শব্দ মিহলাই ভাষাৰ দ্বাৰাও নাটকখনত হাস্য ৰসৰ সৃষ্টি কৰিছে। যেনে – ‘দৰব’ৰ ঠাইত ‘দাৱাই’, ‘সন্দেছ’ৰ ঠাইত ‘সন্দেহ’ আদি।

আনহাত শব্দৰ ভূুল উচ্চাৰণ কৰি কোৱা শব্দবোৰ যেনে – নেৰায়ন, জায়েন, গাহান, বাজেনা, পেনচিল আদি।

অসমীয়া শব্দৰ লগত হিন্দি শব্দ প্ৰয়োগ কৰি কোৱা সংলাপ, যেনে –

“কভি চুপ নাথাকোঁ। কাহে থাকেগা? অহ হুঁ হু, চুপ থাক, চুপ থাক। বাপেকে ক’ব – চুপ থাক। মাকে ক’ব – চুপ থাক। পুতেকে ক’ব- চুপ থাক। যেন মোৰ জিভাখনো পৈত্ৰিক সম্পত্তি নহয়হে। ভাত-কাপোৰৰ লেখীয়া যেন সিহঁতেহে দিয়া।”

এনেদৰে আঘোণাই নাটকখনত হাস্যৰসৰ যোগান ধৰি নাটকখনক এক আকৰ্ষণীয় উপভোগ্য নাটকত পৰিণত কৰিছে।

ইয়াৰ বাহিৰেও নাট্যকাৰে জ্ঞানগৰ্ভ কথা বা পটন্তৰ আঘোণাৰ মুখেদিয়েই প্ৰকাশ কৰিছে যেনে –

(ক) এঘৰৰ পাটনাদ এঘৰৰ জৰী, এঘৰে পানী তোলে সোৰোক সোৰোক কৰি।

(খ) য’ত বাঘৰ ভয়, ত’তে ৰাতি হয়।

(গ) দিন পালেই খেন পায়।

(ঘ) যাৰ কাৰণে শাঁক-সিন্দুৰ তাকে পাতে ভোকোলা এন্দুৰ।

ওপৰৰ আলোচনাৰ পৰা দেখা গ’ল যে আঘোণাই চিৰাজ নাটকখনৰ কোনো প্ৰধান চৰিত্ৰ নহৈয়ো নাটকখনত কেইবাটাও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু নাটকখন আদিৰ পৰা অন্তলৈকে তেৱেঁই সাফল্যমণ্ডিত কৰিছে যেন লাগে। আধুনিক অসমীয়া নাটকত আঘোণাৰ দৰে ভূমিকা পালন কৰা চৰিত্ৰ খুব কমেই আছে। ০ ০ ০

ফণী শৰ্মাৰ নাটক ‘চিৰাজ -এক সমালোচনা

ফণী শৰ্মাৰ চিৰাজ নাটকত নাৰী চৰিত্ৰ – এক আলোচনা 

ফণী শৰ্মাৰ ‘চিৰাজ’ শিৰোনামৰ নাটকখন অসমীয়া নাট্য সাহিত্যৰ ভঁৰাললৈ এক লেখতলবলগীয়া অৰ্ঘ। পৰম্পৰাগত সংকীৰ্ণ সামাজিক ৰীতি-নীতিৰ বিৰুদ্ধে সাম্প্ৰদায়িক সম্প্ৰীতি আৰু প্ৰগতিশীল মানৱতাবাদী ভাৱ-ধাৰাই হৈছে নাটকখনৰ  প্ৰধান আলোচ্য বিষয়।  নাটকখনত সৰু-বৰ পাঁচটি নাৰী চৰিত্ৰ আছে, যথা- বৰুৱানী, সাবিত্ৰী, সীতা, ফাতেমা আৰু সৰযু।  নাট্যকাৰে আটাইকেইটা চৰিত্ৰই সম্পূৰ্ণ বাস্তৱতাৰ ভিত্তিত অংকন কৰিছে।

নাৰী চৰিত্ৰ পাঁচোটাৰ প্ৰথম চৰিত্ৰটো হৈছে বৰুৱানী। তাই হৈছে কন্দৰ্প বৰুৱাৰ মাতৃ। তাই নাটকখনত চিৰাচৰিত সংকীৰ্ণতা আৰু জাত্যাভিমানী গোড়ামিৰ প্ৰতীক। তাইৰ বাৎসল্য প্ৰীতি সৰ্বসাধাৰণ মাতৃৰ দৰেই। তাই কলিকতাত পঢ়ি থকা একমাত্ৰ পুত্ৰ কন্দৰ্পৰ সুখ আৰু আনন্দৰ বাবে যিখিনি কৰিব লাগে সকলোখিনিয়েই কৰিছে। কন্দৰ্পই কলিকতাৰ পৰা বি. এ. পৰীক্ষা দি ঘৰলৈ অহাৰ বাতৰি পাই আগতীয়াকৈ ঘৰ-বাৰী পৰিষ্কাৰ কৰিছে আৰু ড্ৰইংৰূম সজাই পৰাই নতুন দলিছা পাৰিছে। পুত্ৰ কলিকতাৰ পৰা আহি পোৱাত তাই ভাল-বেয়া সোধ-পোচ কৰি আৰু তাৰ আলপৈচান ধৰাৰ বাবে আঘোণা আৰু সাবিত্ৰী নামৰ চাকৰ দুজনীক লগাইছে। সাবিত্ৰীৰ লগত কন্দৰ্পৰ প্ৰেম হোৱাত পিছলৈ বৰুৱা আৰু বৰুৱানীয়ে এই সম্পৰ্কৰ কথা জানিব পাৰি পুত্ৰ স্নেহত অন্ধ হৈ তাই নিজ পুত্ৰক দোষ নিদি অশিক্ষিত চাকৰনী সাবিত্ৰীকেই দোষাৰোপ কৰি কৈছে:

“কোনটো ভাল, কোনটো বেয়া- তাক বিচাৰ কৰিবৰ শক্তি অশিক্ষিতৰো আছে। জানোৱাৰেও গা বচাই চলাৰ কাণ্ডজ্ঞান ৰাখে। কিবা এটা হ’লে সাবিত্ৰীহে সমাজৰ পৰা খেদা খাব, কন্দৰ্প বৰুৱাই নাখায়।”

তাই পুত্ৰ কন্দৰ্প আৰু চকৰনী সাবিত্ৰীৰ প্ৰেমক সমৰ্থন কৰিব পৰা নাই। সেয়ে পুত্ৰক ঘৰৰ পৰা ছলনা কৰি দূৰলৈ পঠিয়াবলৈ যুক্তি দি কৈছে:

“তই লিখা-পঢ়া শিকি ডাঙৰ হৈছ। এতিয়া তোক লেকচাৰ দিবৰ দিন মোৰ নাই নহয়। কোনটো ভাল, কোনটো বেয়া সেইটো বুজাৰ বয়স তোৰ হৈছে। কি কৰিছ, কি নকৰিছ সেইটো ভাবি চাচোন।”

দেখা যায় বৰুৱানী হৈছে পুৰণি সমাজৰ প্ৰতীক। সেয়ে তাই কন্দৰ্প আৰু সাবিত্ৰীৰ প্ৰণয় মানি লব নোৱাৰিলে।

দ্বিতীয় নাৰী চৰিত্ৰটি হৈছে সাবিত্ৰী। তাই বৰুৱাৰ চাহ বাগিছাৰ মহৰীৰ ছোৱালী। পিতৃ-মাতৃৰ আকস্মিক বিয়োগ হোৱাত বৰুৱাহঁতৰ ঘৰত অশ্ৰয় লৈ লিগিৰী হিচাপে থাকে। তাই উঠন যৌৱনা। বৰুৱাৰ পু্‌ত্ৰ কন্দৰ্প কলিকতাৰ পৰা ঘৰলৈ আহি সাবিত্ৰীৰ ৰূপত মোহ গৈ প্ৰণয় পাশত আবদ্ধ হয়। ফলস্বৰূপে সাবিত্ৰী কন্দৰ্পৰ দ্বাৰা অন্তঃসত্বা হয়। তাই বয়সত সৰু আৰু অশিক্ষিত হ’লেও জ্ঞানী। সেয়ে তাই জানে যে কন্দৰ্পই তাইক বিয়া কৰাব বিচাৰিলেও সমাজৰ লগতে  কন্দৰ্পৰ পিতৃ-মাতৃয়ে সিহঁতৰ সম্পৰ্ক মানি নলব। যেতিয়া কন্দৰ্পই সাবিত্ৰীক গুৱাহাটীলৈ নি ক’ৰ্ট মেৰিজ কৰিবৰ বাবে প্ৰস্তাৱ দিছে তেতিয়া সাবিত্ৰীয়ে কন্দৰ্পক কৈছে:

“মই আপোনাক ভাল পাওঁ, ভক্তি কৰোঁ। কিন্তু আপোনাৰ স্ত্ৰী হোৱাৰ মোৰ যোগ্যতা ক’ত? …………. আপুনি আৰু মই সমানে সমানে নহওঁ। আপোনাৰ আজিৰ এই মোহ কিছুদিনৰ পিছত টুটি যাব।”

তাই আকৌ কৈছে:

“আপুনিয়েই মোৰ দেৱতা। আপুনি মোৰ অন্তৰত সদায় থাকিব। সদায় মই আপোনাক পূজা কৰিম।  বাকী জীৱন আপোনাৰ স্মৃতি লৈয়ে কটাম। ……………………. সমাজৰ চকুত নহ’লেও ঈশ্বৰৰ চকুত আপুনিয়েই মোৰ স্বামী। আপোনাৰ ভালপোৱা মই পাইছোঁ। বিবাহ কৰি ভৱিষ্যতে সেই ভালপোৱা অমৰ্যদা হ’বলৈ নিদিও।”

কন্দৰ্পৰ পিতৃ-মাতৃয়ে সিহঁতৰ প্ৰণয়ক স্বীকাৰ নকৰি কন্দৰ্পক সাবিত্ৰীৰ পৰা দূৰত পঠিয়াবলৈ পৰিকল্পনা কৰে। কিন্তু কন্দৰ্পই সাবিত্ৰীক এৰি যাবলৈ ইচ্ছা নকৰাত সাবিত্ৰীয়ে কৈছে:

“মই আপোনাক কাকুতি কৰিছোঁ। ভৰিত ধৰিছোঁ, ভিক্ষা খুজিছোঁ- আপুনি আইতা-দেউতাৰ কথা ৰাখক। তেওঁলোকৰ ওচৰত মোক আৰু বেছি অপৰাধী নকৰিব। তেওঁলোকৰ অভিশাপৰ বোজা মোৰ মূৰত তুলি নিদিব – নিদিব।”

ইয়াৰ পিছত কন্দৰ্পৰ পিতৃ-মাতৃয়ে কন্দৰ্পক ঘৰৰ পৰা কলিকতালৈ পঠিয়াই দিয়ে আৰু সাবিত্ৰীক সিহঁতৰ জামাদাৰৰ পুতেকৰ সৈতে বিয়া দিয়াৰ বন্ধোৱস্থ কৰাৰ ৰাতি সাবিত্ৰী বৰুৱাহঁতৰ ঘৰৰ পৰা পলাই গৈ ‘চিৰাজ’ নামৰ এজন অসমীয়া মুছলমানৰ ঘৰত আশ্ৰয় লয় আৰু তাতে এজনী কন্যা সন্তানৰ জন্ম দিয়ে। সন্তান জন্ম দিয়াৰ দুদিন পিছত তাই সুতিকা বেমাৰত ঢুকায়। মৰাৰ আগতে চিৰাজক কৈ যায় –

“…………….. মই আৰু নাবাচো। মোৰ মনে কৈছে এদিন হয়তো তেখেতে মোক নিজেই বিচাৰি আহিব। সেইদিনা যদি তেখেতক পায়, ক’ব-  তেখেতৰ ওপৰত মোৰ অকনো অভিমান নাই। তেখেতৰ চৰণ চিন্তা কৰিয়েই মই মৰিবলৈ সাহ পাইছোঁ। ছোৱালীটিক যদি তেখেতে নিয়ে দিব।”

ওপৰৰ আলোচনাৰ পৰা দেখা গ’ল যে সাবিত্ৰী অশিক্ষিত হ’লেও জ্ঞানী। তাইক কন্দৰ্পই গ্ৰহণ কৰিলেও উচ্চ-নীচ ভেদ-ভাৱ পোষণ কৰা সমাজে সিহঁতৰ সম্পৰ্কক স্বীকাৰ নকৰিলেহেঁতেন। সেয়ে তাই কন্দৰ্পৰ সৈতে বিয়াত সোমোৱা নাই। বিয়াত নোসোমালেও তাইৰ স্বামী ভক্তি অতুলনীয়।

তৃতীয় নাৰী চৰিত্ৰটি হৈছে কন্দৰ্প আৰু সাবিত্ৰীৰ সন্তান সীতা। তাই সমাজৰ চকুত অবৈধ সন্তান যদিও মানৱতাবাদী চিৰাজৰ দৃষ্টিত  তাই নিষ্কলঙ্ক। তাই চিৰাজৰ ঘৰত ডাঙৰ দীঘল হৈছে। তাই কথা-বতৰাত নাৰী সুলভ চৰিত্ৰৰ পৰিচয় দিছে। পিতাক কন্দৰ্পক পোৱাত কন্দৰ্পৰ লগত কলিকতালৈ গৈ লিখা-পঢ়া কৰিছে আৰু তাতে ‘অনিল’ নামৰ ডেকা এজনৰ লগত প্ৰেমত পৰিছে। পিছত কন্দৰ্পৰ পৰা অনিলৰ মোমায়েক সুবিমলে  সীতাৰ জন্ম ৰহস্য জানিব পাৰি তাইক ভাগিনৰ বাবে স্ত্ৰী কৰি লোৱাত প্ৰৱল আপত্তি তোলে। সেয়ে তাই নাৰী সুলভ সৰলতা লৈ চিৰাজৰ লগত চিৰাজৰ ঘৰলৈ গুচি যোৱাৰ আয়োজন কৰে। অৱশেষত অনিলে সাম্প্ৰদায়িক ভেদ-ভাৱ পাহৰি  উদাৰনৈতিক দৃষ্টি-ভঙ্গীৰ পোষকতা কৰি সীতাক স্ত্ৰী হিচাপে গ্ৰহণ কৰিছে।

এইদৰে নাট্যকাৰে সীতাক অসহায় অৱস্থাত পেলায় যদিও অৱশেষত তাইৰ দ্বাৰা নতুন প্ৰগতিশীল ভাৱ-ধাৰাৰ বাহক হিচাপে অনিলৰ দ্বাৰা তাইক গ্ৰহণ কৰোৱাই তাইৰ প্ৰতি নাট্যকাৰে ন্যায় বিচাৰ কৰিছে।

নাটকখনৰ আন এটি নাৰী চৰিত্ৰ হৈছে ফাতেমা। তাই চিৰাজৰ ভনী। তাইৰ বিয়া হোৱাৰ কিছু দিন পিছত হাইজা ৰোগত গিৰীয়েক ঢুকুৱাত তাই বিধৱা হয়। ফাতেমা বিধবা হোৱাত ভায়েক চিৰাজৰ লগত থাকিবলৈ লয়। দুয়ো ভাই-ভনীৰ কোনোৱে দ্বিতীয় বিবাহত সোমোৱা নাই। সাবিত্ৰীক পাই তাই নিজৰ ছোৱালীৰ দৰে ঘৰতে ৰাখে। আনকি সাবিত্ৰীৰ সন্তান সীতাক নিজ ঘৰৰ অতি আপোন নাতিনীৰ দৃষ্টিৰে মৰমৰ আসনত বহুৱাই লালন-পালন কৰে। হিন্দুৰ ঘৰৰ ছোৱালী বুলি সীতাৰ প্ৰতি তাইৰ মনত অকনো ভিন ভাৱ নাই। সেয়ে কন্দৰ্পই ছোৱালীজনীক নিবলৈ বিচৰাত ফাতেমাই কৈছে:

“(প্ৰায় কান্দি) দাদা! কেঁচুৱাৰ পৰা সীতাক মই তুলি তালি ডাঙৰ-দীঘল কৰিছোঁ। এতিয়া এটা অচিনাকী মানুহৰ হাতত তাইক মই গতাই দিব নোৱাৰোঁ- নোৱাৰোঁ।”

ওপৰৰ বক্তব্যৰ পৰা বুজিব পৰা যায় যে ফাতেমাই সীতাক কিমান আপোন কৰি লৈছিল। নাটকখনত ফাতেমাৰ  ভূমিকা কম যদিওতাইৰ মাজেদি মানৱতাবাদ আৰু সাম্প্ৰদায়িক সম্প্ৰীতি প্ৰকাশ পাইছে।

নাটকখনৰ আন এটি প্ৰগতিশীল চিন্তা-ধাৰাৰ নাৰী চৰিত্ৰ হৈছে সৰযু। তাই কন্দৰ্প বৰুৱাৰ পত্নী।  আদিতে কন্দৰ্পই সৰযুৰ পৰা সীতাৰ কথা গোপনে ৰাখিছিল যদিও পিছলৈ যেতিয়া কন্দৰ্পই গোটেই অতীত ৰহস্য প্ৰকাশ কৰে তেতিয়া সৰযুয়ে পোনতে নাৰী সুলভ অভিমান আৰু ঈৰ্ষাৰ ভাৱ দেখুৱালেও পিছলৈ তাই সীতাক গ্ৰহণ কৰিব পাৰিছে। তাই সীতা আৰু অনিলক উদ্দেশ্যি যিষাৰ কথা কৈছে তাৰ মাজেদি তাইৰ প্ৰগতিশীল, সংস্কাৰমনা দৃষ্টিভংগী প্ৰকাশ পাইছে।  তাই অনিলক উদ্দেশ্যি কোৱা কথাষাৰ হৈছে:

“……………. সীতাই কৈছে সমাজে তাইক তোমাৰ আপোন হ’বলৈ নিদিয়ে। সেই আপোন হ’বলৈ নিদিয়া সমাজক এৰি নতুন সামজ গঢ়াৰ তোমাৰ শক্তি আছে জানোঁ?”

সীতাক অনিললৈ বোৱাঁৰী কৰি ল’বলৈ  অনিলৰ মোমায়েক প্ৰতিবন্ধক হৈ থিয় দিয়াত  চিৰাজে সীতাক নিজ ঘৰলৈ লৈ যাব বুলি ঘোষণা কৰাত সীতাক উদ্দেশ্যি সৰযুয়ে কৈছে:

“……………………. ক’লৈ যাবলৈ ওলাইছিলি সীতা? ঘৰলৈ? কিন্তু তোৰ আতাজনৰ ঘৰ তোৰ নিজৰ ঘৰ নহয় সীতা। সি তোৰ মাৰাৰ ঘৰ। তোৰ ঘৰ এইখন।

সৰযুয়ে আকৌ সীতাক কৈছে:

“সৰুতে ফটা-কানিৰ দৰা-কইনা সাজি ছোৱালীৰ মাক হৈছিলো, কল্পনাতে সিহঁতৰ মুখত ‘মা’ মাত শুনিছিলো’। আজি মই তেজ-মংহৰে গঢ়া দৰা-কইনা পাই কিয় মাহীদেউ হৈ থাকিম? মোক ‘মা’ বুলি মাত সীতা, মোক ‘মা’ বুলি মাত অনিল।”

উক্ত বিশ্লেষণৰ পৰা দেখা গ’ল যে সৰযু স্বভাৱতে নাৰী সুলভ আচৰণ কৰিলেও সতীনিৰি কন্যাক তাইৰ নিজৰ কন্যা বুলি গ্ৰহণ কৰাত তাই উদাৰমনা নাৰীলৈ উন্নীত হৈছে। ০ ০ ০

ফণী শৰ্মাৰ নাটক ‘চিৰাজ -এক সমালোচনা

ফণী শৰ্মাৰ ‘চিৰাজ’ নাটকত হাস্যৰস

নাট্যকাৰ ফণী শৰ্মাই তেওঁৰ বহুল সমাদৃত ‘চিৰাজ’ শিৰোনামৰ সামাজিক নাটকখনত পাঠক বা দৰ্শক সমাজক মনোৰঞ্জন দিয়াৰ লগতে নাটকৰ কাহিনীভাগৰ বিকাশ ঘটাই পৰিণতিৰ ফালে আগবঢ়াই নিয়াৰ বাবে সুবিমল হাস্যৰসৰ সৃষ্টি কৰিছে। আঘোণা নামৰ চৰিত্ৰটোৱেই হৈছে নাটকখনত হাস্য ৰসৰ যোগান ধ’ৰা প্ৰধান চৰিত্ৰ। নাট্যকাৰে আঘোণাৰ আচৰণ, ভাষা, পৰিস্থিতি আৰু পৰিৱেশ সৃষ্টিৰ দ্বাৰা হাস্যৰসৰ চিত্ৰ অংকন কৰিছে।

নাটকখনৰ প্ৰথম অংকৰ প্ৰথম দৃশ্যত আঘোণাই বৰুৱাৰ ঘৰৰ ড্ৰইংৰূমৰ দলিচাৰ ছবি অংকন কৰিবলৈ গৈ নাটকখনৰ আৰম্ভণিতেই হাস্যৰসৰ অৱতাৰণা কৰিছে। নাটকখনৰ প্ৰধান চৰিত্ৰ কন্দৰ্প কলিকতাৰ পৰা বি. এ. পৰীক্ষা দি ঘৰলৈ আহিব বুলি খবৰ পোৱাত আঘোণা আৰু সাবিত্ৰীয়ে ড্ৰইংৰূমটো দলিচা পাৰি ভালদৰে সজাইছে আৰু দলিচাৰ ওপৰত আঘোণাই কন্দৰ্প অহাৰ আগতে অলপ বাগৰ দি¸ কৈছে:

“অঃ অঃ অঃ আঐ দেহি। যেন আলাসতহে বাগৰিছোঁ। উস্‌, উস্‌ উস্‌ হুঃ হুঃ হুঃ। যেন তেখেত বিষ্ণুৰ পদুম ফুলৰ অনন্ত শৰ্যাহে। অস্‌ অস্‌ কি আৰাম!”

দলিচা এখন পৰা হয় ওপৰেদি খোজকাঢ়ি যাবৰ বাবেহে, শোৱাৰ বাবে নহয়। আঘোণাই এনে দলিচাত বাগৰ দি পাঠক আৰু দৰ্শকৰ মনত হাস্যৰসৰহে যোগান ধৰিছে।

আকৌ একে অংকৰ একে দৃশ্যত আঘোণাই কন্দৰ্পৰ বাকচ দাঙিব নোঁৱাৰি কৈছে:

“বাপুকনৰ বাকচ দাঙিবই নোৱাঁৰি আইদেউ। ভিতৰত সেই তেনেই কলিকতাখনেই আহিছে হ’বলা।”

আঘোণাৰ উক্ত কথাষাৰত হাস্যৰসৰ মৃদ্যু জোকাৰণি আছে। ইয়াৰ উপৰিও একে দৃশ্যতে আঘোণাই কোৱা ‘ল’ৰা দাঁত টিপ খাই বহি যোৱা’ৰ কথা, ‘কলিকতীয়া সন্দেহ’ৰ কথা, সাবিত্ৰী আৰু কন্দৰ্পক আওপকীয়াকৈ জোকোৱাৰ কথা আদিতো হাস্যৰসৰ সমল আছে।

দ্বিতীয় অংকৰ প্ৰথম দৃশ্যত আঘোণাই বৰুৱাহঁতৰ ঘৰ এৰি যাবলৈ আৰৈ কুৰি বছৰৰ দৰ্মহা খুজি তাক কুৰিৰ হিচাপত বুজিবলৈ চেষ্টা কৰা বিষয়টো হাস্যৰসাত্মক। আঘোণাই কৈছে:

“এ হেজাৰ, শ, এইবোৰ এৰি কুৰিৰ কথা কোৱা। তিনিশ কুৰিয়ে কেই কুৰি?”

আকৌ একে দৃশ্যতে আঘোণাই কন্দৰ্পক বিয়া কৰিবৰ বাবে সন্মত থাকিবলৈ যি শপত বাক্য পাঠ কৰাইছে তাতো সুবিমল হাস্যৰসৰ সমল নিহিত হৈ আছে । আঘোণাই শপত বাক্য আগে আগে কৈ গৈছে আৰু কন্দৰ্পই পিছে পিছে আওৰাইছে এনেদৰে:

“জোন, বেলি, তৰাক সাক্ষী কৰি- ……………………. তেওঁলোকে যিদিনাই বিয়া কৰাবলৈ হুকুম দিব, কেৰ ঘেৰ নকৰাকৈ বিয়া কৰাম। …………. ইয়াৰ অন্যথা হ’লে আইনমতে দণ্ডণীয় হ’ম।”

নাটকখনৰ তৃতীয় অংকৰ প্ৰথম দৃশ্যটো সম্পূৰ্ণৰূপেই হাস্যৰসাত্মক। এই দৃশ্যত আঘোণাই সৰযুৰ পৰা সীতাৰ প্ৰসঙ্গটো লুকুৱাবলৈ যি কৌশল  অৱলম্বন কৰিছে সেয়া হাস্যৰসৰ উজ্জ্বল নিদৰ্শন। আঘোণাই সৰযুক পতিয়ন নিয়াবলৈ বিভিন্ন কবিৰাজী দ্ৰব্যৰ নাম মাতি কন্দৰ্প আৰু চিৰাজক পিছফালৰ পৰা চিঞৰি কোৱা দৃশ্যটো অতিমাত্ৰাই  হাস্যৰসাত্মক। আঘোণাই কৈছে:

“কাঁহিবন, তুলসী, বেলপাত, বটবৃক্ষ আদি সকলো অফিচৰ কাষতেই আছে। চাৰিওফালে মানুহ লগাই দিবি। সময় নাই, দহ বাজে।”

আকৌ ঘড়ীটোলৈ চাই আঘোণাই কৈছে–

“এহ্‌ এইখন ঘড়ী পগলা ফাটেকলৈ পঠিয়াই দিব লাগে আইদেউ।  ন বাজাত দহ বাজে, দহ বজাত বাৰ বাজে।”

ইয়াৰ উপৰিও আঘোণাই কথা-বতৰাত ভুল শব্দ বা উচ্চাৰণ ভুল কৰি বা অসমীয়াৰ লগত হিন্দি শব্দ মিহলাই ভাষাৰ দ্বাৰাও নাটকখনত হাস্য ৰসৰ সৃষ্টি কৰিছে। যেনে – ‘দৰব’ৰ ঠাইত ‘দাৱাই’, ‘সন্দেছ’ৰ ঠাইত ‘সন্দেহ’ ইত্যাদি।

আনহাত শব্দৰ ভূুল উচ্চাৰণ কৰি কোৱা শব্দবোৰ  হ’ল – নেৰায়ন, জায়েন, গাহান, বাজেনা, পেনচিল  আদি।

অসমীয়া শব্দৰ লগত হিন্দি শব্দ প্ৰয়োগ কৰি কোৱা সংলাপৰ দ্বাৰা হাস্য ৰসৰ সৃষ্টি কৰিছে এনেদৰে:

“কভি চুপ নাথাকোঁ। কাহে থাকেগা? অহ হুঁ হু, চুপ থাক, চুপ থাক। বাপেকে ক’ব – চুপ থাক। মাকে ক’ব – চুপ থাক। পুতেকে ক’ব- চুপ থাক। যেন জোৰ জিভাখনো পৈত্ৰিক সম্পত্তি নহয়হে। ভাত-কাপোৰৰ লেখীয়া যেন সিহঁতেহে দিয়া।”

এনেদৰে নাট্যকাৰ ফণী শৰ্মাই ‘চিৰাজ’ নাটকখনত চৰিত্ৰ, পৰিৱেশ, ভাষা আৰু প্ৰকাশ ভঙ্গীৰ দ্বাৰা অনবদ্য হাস্যৰসৰ যোগান ধৰি নাটকখনক এখন উপেভাগ্য নাটকত পৰিণত কৰিছে। ০ ০ ০

ফণী শৰ্মাৰ নাটক ‘চিৰাজ -এক সমালোচনা

 

‘চিৰাজ’ নাটক ৰচনাত  ফণী শৰ্মাৰ মৌলিকত্ব 

নাট্যকাৰ ফণী শৰ্মাই আৱাহন যুগৰ গল্পকাৰ লক্ষ্মীধৰ শৰ্মাৰ বিখ্যাত ‘চিৰাজ’ শিৰোনামৰ চুটিগল্পক নাট্যৰূপ দিয়ে। মূল চুটিগল্পটিৰ কাহিনীভাগেই নাটকখনৰ কাহিনী যদিও নাট্যকাৰ ফণী শমাই নাটকখন ৰচনা কৰোতে কেবাটাও দিশত যথা: চৰিত্ৰ সৃষ্টিত, সংলাপ সৃষ্টিত, অংগ সজ্জ্বাৰ নিৰ্দেশনাত, হাস্যৰস সৃষ্টিত আৰু চিৰাচৰিত সামাজিক ভেদ-ভাৱৰ বিৰুদ্ধে উদাৰমনা আদৰ্শ আৰোপ কৰি নাকখনক মৌলিকত্ব প্ৰদান কৰিছে। তলত ফণী শৰ্মাই চিৰাজ নাটকখনত আৰোপ কৰা মৌলিকত্বৰ দিশবোৰ সংক্ষেপে আলোচনা কৰা হ’ল। 

প্ৰথমতে ফণী শৰ্মাৰ ‘চিৰাজ’ নাটকখনত যি মৌলিকত্ব চকুত ধৰা পৰে সেয়া হৈছে মূল গল্পত নথকা কেইটিমান চৰিত্ৰ সৃষ্টিত। নাট্যকাৰে আঘোণা, ফাতেমা, আটাৱৰ আদি সম্পূৰ্ণ নতুন আৰু নিজে সজা চৰিত্ৰ সংযোজন কৰিছে।  ইয়াৰ ভিতৰত আঘোণা চৰিত্ৰ বিশেষ উল্লেখযোগ্য। এই চৰিত্ৰটিৰ ওপৰত নাট্যকাৰে সংস্কৃত নাটকত থকা সূত্ৰধাৰৰ ভূমিকা অৰ্পণ কৰিছে। তেওঁৰ দ্বাৰা নাট্যকাৰে নাটকৰ কাহিনীভাগ নাটকীয় স্তৰলৈ আগবঢ়াই নিছে, ভৱিষ্য-বক্তাৰ দৰে নাটৰ দৃশ্যবোৰক পৰৱৰ্তী দৃশ্যৰ লগত সংযোজন ঘটাইছে, চৰিত্ৰবোৰক বিশেষকৈ সাবিত্ৰী আৰু কন্দৰ্পৰ প্ৰেমৰ ভৱিষ্যত সম্পৰ্কে সজাগ কৰি দিছে। আঘোণাই প্ৰথম অংকৰ প্ৰথম দৃশ্যত সাবিত্ৰীক উদ্দেশ্যি কৈছে-

:নেহাৎ বাগৰিবৰ হ’লে ইয়াত নাবাগৰি (পালেঙলৈ আঙুলিয়াই) সেই পালেঙতে বাগৰিবি। পিছে, আই অ’ শুন, সেই দলিচাৰ পৰা পালেঙলৈ খোজ দিওঁতে লেখি লেখি দিবি; বাওনা হৈ চন্দ্ৰলৈ হাত মেলিলে হাম খুৰি খাই পৰিবি।

আকৌ আঘোণাই কন্দৰ্পৰ মনতো সাবিত্ৰীৰ প্ৰতি পূৰ্ৱৰাগ সৃষ্টিত অৰিহনা যোগাই কৈছে –

:ফুলনিখন নাচাই তুমি সেই ফুলনিত ফুল ছিঙি থকা ছোৱালীজনীক চাবলৈ গৈছানে?

…………….

বৰ ধুনীয়া! বৰ ধুনীয়া! ফুলনিতকৈয়ো (জিভাৰে টকালি পাৰি) ফুল ছিঙি থকাজনী আৰু ধুনীয়া। 

নাটকখনত, ইয়াৰ উপৰিও, ফণী শৰ্মাই আঘোণাক  (যদিও তেওঁ কন্দৰ্পহঁতৰ ঘৰৰ লগুৱা) কন্দৰ্পহঁতৰ অভিভাৱক স্বৰূপ নেতৃত্ব আৰোপ কৰি নাটকখনৰ কাহিনীভাগক যুক্তিসংগতভাৱে আগুৱাই নিয়াত সফল হৈছে।

চিৰাজ নাটকত সংযোজন কৰা আন এক মৌলিক চৰিত্ৰ হৈছে ফাতেমা। তাই হৈছে চিৰাজৰ ভনী। তাই সৰলমনা, উদাৰ আৰু মানৱদৰদী। সেয়ে তাই সাবিত্ৰীক সেৱা-শুশ্ৰুষাৰে আৰোগ্য কৰি নিজ সন্তানৰ দৰে লালন-পালন কৰিছে।  ইয়াৰ উপৰিও আটাৱৰ নামৰ পূৰুষ চৰিত্ৰ এটি সংযোজন কৰি নাটকৰ সৌৰৱ বঢ়াইছে।  এইদৰে মৌলিক চৰিত্ৰ সৃষ্টিত নাট্যকাৰ ফণী শৰ্মাই সফলতা অৰ্জন কৰিছে।

দ্বিতীয় মৌলিক দিশটো হৈছে নাটকখনত পৰিৱেশ আৰু অঙ্গসজ্জ্বা সৃষ্টিৰ দিশটো। সামান্য এটি চুটিগল্পক নাট্যৰূপ দিয়াটো জটিল যদিও নাট্যকাৰ ফণী শৰ্মা অংগ সজ্জ্বা আৰু পৰিৱেশ সৃষ্টিত ইমান নিখুঁত যে কাহিনীভাগ পৰিৱেশৰ ঠাঁচত নিকপকপীয়াকৈ লাগি ধৰিছে। 

তৃতীয়তে, ফণী শৰ্মাই নাটকখনত ৰস সৃষ্টিত এক অভিনৱ  আৰু প্ৰশংসনীয় মৌলিকত্ব প্ৰদান কৰিছে। মূল গল্পটো কৰুণ ৰসেৰে সিক্ত, তাত হাস্যৰসৰ সমল নাই। কিন্তু ফণী শৰ্মাই মূল কৰুণ ৰস যথাৰ্থ ৰাখি নিজ দক্ষতাৰে অবিমল হাস্যৰসৰ সৃষ্টি কৰি নাটকখনক অধিক উপেভাগ্য কৰি তুলিছে।  আঘোণা হৈছে নাটকখনত থকা একমাত্ৰ হাস্যৰৈসিক চৰিত্ৰ। তেওঁ নাটকখনৰ আদিৰ পৰা অন্তলৈ বিভিন্ন ভূমিকা গ্ৰহণ কৰাৰ লগে লগে হস্যৰসৰ বান বোৱাঁইছে। আঘোণাই সংলাপৰ দ্বাৰা, শাৰীৰিক অংগী-ভংগীৰ দ্বাৰা, আৰু পৰিস্থিতি সৃষ্টিৰ দ্বাৰা নাটকখনত অপূৰ্ব হাস্যৰসৰ যোগান ধৰিছে। উদাহৰণস্বৰূপে আঘোণাই কন্দৰ্পক বিয়াত মান্তি কৰাবলৈ পাঠ কৰোৱা শপত বাক্য, সৰযুৰ পৰা সীতাৰ ৰহস্য লুকাই ৰাখিবলৈ কৰা অভিনয় আদি উল্লেখযোগ্য।

চতুৰ্থতে, নাট্যকাৰ ফণী শৰ্মাই সংলাপ সৃষ্টিত অভূতপূৰ্ব¸ মৌলিকত্ব প্ৰদৰ্শন কৰিছে। মূল কাহিনীত সংলাপ প্ৰায় নায়েই। কিন্তু লক্ষ্মীধৰ শৰ্মাৰ ‘চিৰাজ’ চুটিগল্পটিক নাট্যৰূপ দিওঁতে ফণী শৰ্মাই চৰিত্ৰবোৰৰ মুখত  যি সংলাপ আৰোপ কৰিছে, সেয়া নিশ্চয় বিষ্ময়ৰ আধাৰ। সংলাপবোৰ পৰিস্থিতি সাপেক্ষে চুটি-দীঘল যদিও কোনো সংলাপেই অসংলগ্ন নহয়। সংলাপত তেওঁ ৰস সনাৰ উপৰিও তেজস্বীতা প্ৰদান কৰি নাটকীয় আবেদন বাৰুকৈয়ে বৃদ্ধি কৰিছে।  উদাহৰণস্বৰূপে চিৰাজৰ মূখত আৰোপ কৰা সংলাপ এটি উদ্বৃত কৰিব পাৰি-

:এহ মোৰ কিহৰ গৰজ পৰিছে হিন্দু, অহিন্দু বিচাৰ কৰিবলৈহে। মানুহে মানুহৰ ঘৰত আশ্ৰয় বিচাৰিছে, মই আশ্ৰয় নিদিলে অমানুহ নহ’মনে? মানুহজনীক আশ্ৰয় নিদিলে মই খোদাৰ ওচৰত কি কৈফিয়ত দিম …. ?

পঞ্চমতে,  নাট্যকাৰ ফণী শৰ্মাই লক্ষ্মীধৰ শৰ্মাৰ ‘চিৰাজ’ চুটিগল্পটি নাট্যৰূপ দিওঁতে প্ৰদান কৰা মৌলিক দিশটো হ’ল মানৱীয় আদৰ্শ সৃষ্টিত। নাট্যকাৰ শৰ্মাই নাটকখনক আধুনিক মানৱতাবাদী উদাৰমনা বিল্পৱী দৃষ্টিভংগীৰ মুখপাত্ৰ হিচাপে উপস্থাপন কৰিছে। মূল গল্পত দেখা যায় অনিল আৰু সৰযুয়ে সীতাৰ জন্ম কাহিনী শুনিবলৈ পাই সীতাক প্ৰত্যাখ্যান কৰিছে।  কন্দৰ্প আৰু সীতাৰ প্ৰতি ঘৃণাত নাক কোঁচাইছে। মূল গল্পত লক্ষ্মীধৰ শৰ্মাই লিখিছে যে যেতিয়া সীতাক অনিলে গ্ৰহণ কৰিবলৈ অমান্তি হৈছে আৰু সৰযুয়ে ‘পতিতা’ আখ্যা দি ঘৰৰ পৰা বাহিৰ কৰি দিছে, তেতিয়া বেদনাত মৰ্মাহত হোৱা চিৰাজে কৈছে, “ঘৰলৈ বোল মোৰ আই।” বুলি কৈ তাইক ঘৰলৈ লৈ গৈছে। গল্পকাৰে তাৰ পিছত ‘অন্ধকাৰ’ বুলি কৰুণ ৰসাত্মক কৰি গল্পটিৰ যৱনিকা পেলাইছে। কিন্তু ফণী শৰ্মাই নাটকখনত অনিলক আধুনিক সমাজৰ বিপ্লৱী মতাদৰ্শৰে উজ্জ্বীৱিত কৰি কোৱাইছে-

:মানুহে সমাজ গঢ়ে, সমাজে মানুহ নগঢ়ে। যিখন সমাজে মানুহক আপোন হ’বল নিদিয়ে, যিখন সমাজৰ মানুহৰ ভিতৰত অজস্ৰ শ্ৰেণী বিভেদ কৰাই কাম্য, যিখন সমাজৰ সুবিধাবাদীসকলৰ প্ৰয়োজন অনুযায়ী আইন-কানুনৰ সৃষ্টি, সেইখন সমাজ কাহানিৱাই অতীতৰ ঘৃণনীয় স্মৃতি হ’ব লাগিছিল মাহীদেউ।

আনহাতে সৰযু চৰিত্ৰতো নাট্যকাৰে উদাৰতা আৰোপ  কৰি সীতাক আকোৱালি লোৱাইছে। সৰযুয়ে যদিও প্ৰথম অৱস্থাত সীতাৰ ঘটনাটি সহ্য কৰিব পৰা নাছিল, পিছলৈ সি নাট্যকাৰৰ এজনী মুখপাত্ৰত পৰিণত হয়, যিজনীয়ে চিৰাচৰিত সমাজ ব্যৱস্থাৰ বিৰুদ্ধে মাত মাতি সীতাক নিজৰ জীয়েকৰ দৰে গ্ৰহণ কৰিছে।

ভাষা সৃষ্টিৰ ক্ষেত্ৰতো নাট্যকাৰ ফণী শৰ্মাই মৌলিকত্বৰ পৰিচয় বহন কৰিব পাৰিছে। মাজে মাজে তেওঁ লোক বাক্য (ফকৰা যোজনা) সংযোজন কৰি কাহিনী ভাগক অধিক ৰসাল আৰু ব্যঞ্জনাময় কৰি তুলিছে। 

এনেদৰে দেখা যায় ফণী শৰ্মাৰ কাপেদি লক্ষ্মীধৰ শৰ্মাৰ ‘চিৰাজ’ নামৰ চুটিগল্পটিয়ে এক নতুন জীৱন জীৱন লাভ কৰি শোড়শোপচাৰেৰে জিলিকি উঠিছে। ০ ০ ০

ফণী শৰ্মাৰ নাটক ‘চিৰাজ -এক সমালোচনা

 

ফণী শৰ্মাৰ ‘চিৰাজ’ নাটকৰ দোষ-গুণ বিচাৰ

চিৰাচৰিত ৰক্ষণশীল সমাজৰ বিৰুদ্ধে প্ৰগতিবাদী আৰু মানৱতাবাদী ভাধাৰাৰে পৰিপুষ্ট ‘চিৰাজ’ নাটকখন বহুল আলোচিত আৰু সমাদৃত এখন  সফল সামাজিক নাটক যদিও কলাত্মক দিশৰ পৰা নাটকখন দোষমুক্ত নহয়। নাটকখনৰ নাটকীয় উপাদান, যথা — কাহিনী, চৰিত্ৰাংকন, সংলাপ, পৰিৱেশ সৃষ্টি আৰু জীৱন দৰ্শন আদি বিচাৰ কৰি চালে ইয়াৰ দোষ-গুণবোৰ সহজতে ধৰা পৰিব। তলত উাপাদানকেইটা সংক্ষেপে বিচাৰ কৰা হ’ল।

নাটক এখনৰ প্ৰথম উপাদান হ’ল ইয়াৰ কাহিনী অৰ্থাৎ নাটক এখন হ’বলৈ এটি কাহিনী থাকিব লাগিব। কাহিনী গৌণও হ’ব পাৰে বা মুখ্যও হ’ব পাৰে। চিৰাজ’ নাটকখনৰো এটি কাহিনী আছে। ইয়াৰ কাহিনীভাগ লক্ষ্মীধৰ শৰ্মাৰ একে নামৰ চুটি গল্পৰ পৰা লোৱা হৈছে যদিও নাট্যকাৰে নাট্যৰূপ দিওঁতে শেষত কিছু সংযোজনা কৰি বৈপ্লৱিক আদৰ্শ দেখুৱাইছে। নাটকৰ কাহিনীভাগ নিম্নৰূপ-

মুকুতাজান চাহ বাগিছাৰ মালিক মিষ্টাৰ বীৰেশ্বৰ বৰুৱাৰ একমাত্ৰ পুত্ৰ কন্দৰ্প কলিকতাৰ পৰা বি. এ পৰীক্ষা দি ঘৰত আহিছে। ঘৰত ‘সাবিত্ৰী’ নামৰ কাম কৰা লিগিৰী এজনী দেখা পাই তাইৰ প্ৰতি প্ৰেমাসক্ত হৈ শাৰীৰিক মিলন ঘটাইছে। ফলত সাবিত্ৰী গৰ্ভৱতী হৈছে। পিতাক বীৰেশ্বৰে কথাটো গম পাই সাবিত্ৰীক নিজৰ চাহ বাগিছাৰ জামাদাৰৰ ল’ৰাৰ লগত বিয়া দিয়াৰ বন্দোৱস্ত কৰি কন্দৰ্পক কলিকতালৈ পঠিয়াই দিছে। সাবিত্ৰীয়ে মনতে কন্দৰ্পকেই স্বামী হিচাপে বৰণ কৰি লৈছে। সেয়ে তাই অইন কতো বিয়াত সোমোৱাৰ ইচ্ছা নকৰি বিয়াৰ আগদিনা ৰাতি ঘৰৰ পৰা পলাই গৈ ‘চিৰাজ’ নামৰ এজন মুছলমান মানুহৰ ঘৰত আশ্ৰয় লৈ এটি কন্যা সন্তান (নাম নুৰ বা সীতা) জন্ম দি মূত্যু মুখত পৰিছে। আঠ বছৰ পিছত কন্দৰ্পই দৈৱক্ৰমে সীতাৰ পৰিচয় পাই তাইক নিজৰ সন্তান হিচাপে গ্ৰহণ কৰি কলিকতালৈ পঠিয়াই দিয়ে। তাতে তাই সুবিমল নামৰ কন্দৰ্পৰ এজন বন্ধুৰ অনিল নামৰ ভাগিনৰ প্ৰেমত পৰে। শেষত অনিল আৰু সীতাৰ বিয়াৰ বন্দোৱস্ত কৰিবলৈ সুবিমল আৰু অনিল সীতাৰ লগত অসমলৈ আহে। তাতে কন্দৰ্পই সিহঁতৰ সন্মুখত সীতাৰ জন্ম ৰহস্য সকলোৰে আগত ব্যক্ত কৰাত সুবিমল ফুকনে সীতাক ভাগিন বোঁৱাৰী কৰাত আপত্তি কৰে যদিও অনিলে ৰক্ষণশীলতাৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ সীতাক গ্ৰহণ কৰে।

থুলমূলকৈ এইখিনিয়েই নাটকখনৰ কাহিনী। কাহিনীটো নাটকীয় বিভিন্ন ৰসেৰে সিক্ত এটি আধুনিক দৃষ্টিভংগীৰ প্ৰগতিবাদী নাটক। নাট্যকাৰ ফণী শৰ্মাই নাটকখনৰ জৰিয়তে প্ৰগতিবাদী ভাৱধাৰা প্ৰকাশ কৰাত নিঃসন্দেহে সফল হৈছে যদিও পূৰ্ণাংগ নাটক হিচাপে ইয়াৰ কাহিনীভাগক সুবিন্যস্তভাৱে পাঁচোটা ভাগত বা অংকত ভাগ কৰাত সফলতা লাভ কৰিব পৰা নাই। নাটক এখনৰ কাহিনীভাগ আৰম্ভণিৰ পৰা পাঁচোটা বিভিন্ন স্তৰ যথাঃ আৰম্ভণি, প্ৰতিমুখ বা প্ৰবাহ, গৰ্ভ বা শীৰ্ষ বিন্দু, অৱৰোহন আৰু নিৰ্মহণ আদিৰ মাজেদি সামৰণি পাব লাগে। চিৰাজ নাটকখনৰ মুখ বা আৰম্ভণি প্ৰশংসনীয় যদিও বাকীবোৰ স্তৰ বিন্যস্ত কৰোতে নাট্যকাৰে সুষম গতি ৰক্ষা কৰিব পৰা নাই। নাটকখনত শীৰ্ষ বিন্দু স্পষ্ট নহয়। ইয়াৰ উপৰি নাট্যকাৰে কাহিনীভাগ দ্ৰুতাৰে সামৰণিলৈ আগবঢ়াই নিয়া যেন লাগে।

দ্বিতীয়তে, নাট্যকাৰে চৰিত্ৰাংকন কৰোতেওঁ বহু ক্ষেত্ৰত দুৰ্বলতাৰ পৰিচয় দিছে। অৱশ্যে আঘোণা, সাবিত্ৰী আৰু চিৰাজৰ চৰিত্ৰাংকনত নাট্যকাৰে দক্ষতাৰ পৰিচয় দিব পাৰিছে; কিন্তু নাট্যকাৰে নাটকখনৰ প্ৰধান পুৰুষ চৰিত্ৰ কন্দৰ্পৰ মানসিক দ্বন্দ্ব ফুটাই তোলাত বিফল হৈছে।  কন্দৰ্পই সাবিত্ৰীক বিয়া কৰাব নোৱাৰি যি মানসিক দ্বন্দ্বত ভূগিছিল তাৰ আভাষ নাট্যকাৰে দিব পৰা নাই।  তেনেদৰে অন্যান্য চৰিত্ৰ যেনে – বুঢ়া, আটাৱৰ, সুবিমল আদিৰ চৰিত্ৰাংকনো আধৰুৱা। নাটকখন ইয়াৰ এক পুৰুষ চৰিত্ৰৰ নামেৰে নামকৰণ কৰা হৈছে যদিও নাটকখন চৰিত্ৰ প্ৰধান নহয়, ই কাহিনী প্ৰধান নাটকহে। চৰিত্ৰ প্ৰধান নাটক হ’লে নাট্যকাৰে নাটকখনত নায়ক আৰু নায়িকাৰ মানসিক অন্তঃদ্বন্দ্ব ফুটাই তোলা উচিত আছিল।

পূৰ্ণাংগ নাটক এখনৰ তৃতীয় উপাদান হৈছে সংলাপ। নাট্যকাৰ ফণী শৰ্মা সংলাপ সৃষ্টিত সফল হোৱা বুলি ক’ব লাগিব। আঘোণাৰ সংলাপে নাটকখনত হাস্যৰস সৃষ্টি কৰাৰ লগতে নাটকৰ কাহিনীভাগক পৰিণতিৰ পিনে আগবঢ়াই নিয়াৰ ভূমিকাও দক্ষতাৰে পালন কৰিছে। তেনেদৰে চিৰাজ আৰু অনিলৰ মুখত জাপি দিয়া সংলাপ অতিকৈ বলিষ্ঠ। কিন্তু কন্দৰ্পৰ সংলাপত নাট্যকাৰে কাহিনীৰ বিকাশত অকনো সহযোগিতা আগবঢ়াব পৰা নাই। 

চতুৰ্থতে, নাট্যকাৰে পৰিৱেশ বা দৃশ্য সজ্জ্বাৰ সৃষ্টিত পটুতাৰ পৰিচয় দিব পাৰিছে। কাহিনীৰ লগত আনকি চৰিত্ৰৰ লগত সামঞ্জস্য ৰাখি মঞ্চ নিৰ্দেশনা দিয়াত নাট্যকাৰ সফল হৈছে। কিন্তু নাট্যকাৰে চৰিত্ৰবোৰৰ সাজ-সজ্জ্বাৰ বিষয়ে ইংগিত কৰাত কৃপণতা কৰিছে। নাটক এখনৰ গুৰুত্ব আৰু আকৰ্ষণ নিৰ্ভৰ কৰে নাটকৰ কথা-বস্তুৰ লগত সঙ্গতি ৰাখি সংযোজন কৰা অন্তৰঙ্গ গীতে।  লক্ষ্মীধৰ শৰ্মাৰ ৰচিত মূল গল্পত নথকা অথচ নাট্যকাৰে প্ৰথম অংকৰ  প্ৰথম দৃশ্যত আঘোণাৰ মুখত দিয়া গীত আৰু দ্বিতীয় অংকৰ দ্বিতীয় দৃশ্যত সংযোজন কৰা গীতে নাটকৰ গাম্ভীৰ্য বহু পৰিমাণে বৃদ্ধি কৰিছে। 

পঞ্চমতে, নাট্যকাৰে নাটকখনত জীৱন দৰ্শন ফুটাই তুলিব পাৰিছে। অৱশ্যে জীৱন দৰ্শনটো কাহিনীৰ মাজেদিয়েই প্ৰকাশ পাইছে। নাটকখনৰ পৰা আমি এই বাণী লাভ কৰিব পাৰো যে বৰ্তমান সমাজ ক্ৰমান্বয়ে উদাৰ ভাৱাপন্ন হৈ থকাৰ লগতে ৰক্ষণশীলতা যুক্তিৰ তুলাচনীৰে বিচাৰ কৰা আৰম্ভ হৈছে।

সামৰণিত ক’ব পাৰি যে কলাত্মক দিশৰ পৰা নাটকখনৰ কিছু দোষ বা দুৰ্বলতা থাকিলেও নাটকখনৰ জৰিয়তে আধুনিক প্ৰগতিবদী আৰু উদাৰ মানৱতাবাদী দৃষ্টিভঙ্গী  ফুটাই তোলাত নাট্যকাৰে সফলতা লাভ কৰিছে। ০ ০ ০

ফণী শৰ্মাৰ নাটক ‘চিৰাজ -এক সমালোচনা

 

ফণী শৰ্মাৰ ‘চিৰাজ’ নাটকৰ সাবিত্ৰী চৰিত্ৰ: এক বিশ্লেষণ

সাবিত্ৰী ফনী শৰ্মাৰ ‘চিৰাজ’ নাটকখনৰ প্ৰধান নায়িকা। তাইক কেন্দ্ৰ কৰিয়েই নাটকখন আৰম্ভ হৈছে । তাই হৈছে মুকুতাজান চাহ বাগিছাৰ মালিক বীৰেশ্বৰ  ৰুৱাৰৰ মহৰী এজনৰ একমাত্ৰ কন্যা। মহৰীজনৰ ঘৰ আছিল গোৱালপাৰাত। এদিন আকস্মিক নিউমেনীয়াত মহৰীৰ মৃত্যু হোৱাত সাবিত্ৰীক বীৰেশ্ব বৰুৱাই নিজৰ ঘৰত লিগিৰী হিচাপে আশ্ৰয় দি ৰাখে। সাবিত্ৰী অশিক্ষিত যদিও বীৰেশ্বৰৰ একমাত্ৰ পুত্ৰ কন্দৰ্পই তাইৰ প্ৰতি আসক্ত হৈ তাইৰ লগত যৌন সম্পৰ্ক স্থাপন কৰে। নাট্যকাৰে সাবিত্ৰীৰ  চৰিত্ৰত সৰলতা, কৰ্মপৰায়ণতা, ন্যায়বোধ, বিবেচনা, কৃতজ্ঞতাবোধ, কলা-কুশলী গুণ আৰু উদাৰতা গুণ আৰোপ কৰিছে।

সাবিত্ৰীৰ সৰলতা আৰু কৰ্মপৰায়ণতা প্ৰশংসাৰ যোগ্য। তাই পিতাকৰ মৃত্যুৰ পিছত বৰুৱাহঁতৰ ঘৰত লিগিৰী হিচাপে আশ্ৰয় লৈ প্ৰশংসনীয় কৰ্মপৰায়ণতা দেখুৱাইছে।  তাইৰ কৰ্মপৰায়ণতাৰ আভাষ পোৱা যায় কন্দৰ্পহঁতৰ ড্ৰয়িং ৰূপ সজোৱা কাৰ্যত। আঘোণাৰ লগত একান্তমনে তাই কৰ্মত ৰত হৈছে। তাই আনকি পৰিমাৰ্জিতও। কিয়নো আঘোণাই দলিচাত বাগৰ মাৰি সাবিত্ৰীক তালৈ মতাত তাই হৈছে-

:(হাঁহি) আমাৰ গৰজ পৰিছে ভৰিৰ গচকা পৰা সেই লেতেৰা দলিচাডালত বাগৰিবলৈ।

তাইৰ ব্যক্তিত্বত কলা-সুলভ গুণো বিৰাজমান যাৰ বাবে তাই বাগিছাৰ পৰা ফুল ছিঙি আনি বৰুৱাৰ ড্ৰয়িং ৰূপত সজাই থৈছে।

তাই কন্দৰ্পৰ প্ৰেম পাশত আবদ্ধ হয় আৰু কন্দৰ্পৰ কামনাৰ বলি হৈ গৰ্ভৱতী হয়। কিন্তু তাই কন্দৰ্পৰ  লগত বিয়াত সোমাবলৈ মান্তি নহয়। কাৰণ তাই জানে যে কন্দৰ্পৰ বাবে তাই উপযুক্ত নহয়। সেয়ে তাই কন্দৰ্পৰ প্ৰেমত পৰিলেও তেওঁৰ লগত বিয়া হৈ কন্দৰ্পৰ মাক-দেউতাকৰ অন্তৰত আঘাত দিব নোৱাৰে। কন্দৰ্পৰ পিতাক বীৰেশ্বৰে সিহঁতৰ সম্পৰ্কৰ কথা গম পাই তাইক জামাদাৰৰ ল’ৰাৰ লগত বিয়া দিব খুজিছিল যদিও তাই মান্তি নহয়। কন্দৰ্পই সাবিত্ৰীক বিয়াৰ প্ৰস্তাৱ দিয়াত তাই কৈছে-

:মই আপোনাক ভাল পাওঁ, ভক্তি কৰোঁ। কিন্তু আপোনাৰ স্ত্ৰী হোৱাৰ মোৰ যোগ্যতা ক’ত?

সিহঁতৰ মিলন অৰ্থাৎ বিয়া যে সমাজৰ চকুত অস্বাভাৱিক বুলি বিবেচিত হ’ব সেয়া বিবেচনা কৰি তাই কৈছে –

:যি স্বাভাৱিক সি সদায় হয়। যি অস্বাভাৱিক সি কদাচিতহে হয়। কদাচিত যি হয় সি স্থায়ী নহয়। আপুনি আৰু মই সমানে সমানে নহওঁ।

ওপৰত উদ্বৃত সংলাপ ফাকিয়ে প্ৰমাণ কৰে যে সাবিত্ৰী দুখীয়া ঘৰৰ অশিক্ষিতা ছোৱালী হ’লেও বিবেচকী।

তাই কন্দৰ্পৰ সতে বিয়াত সোমাবলৈ অনিচ্ছুক যদিও তাই সৰ্বান্তকৰণে কন্দৰ্পকেই স্বামী হিচাপে গ্ৰহণ কৰিছে। তাই উপলব্ধি কৰিব পাৰিছে যে সিহঁতৰ বিয়া হ’লে সমাজে তাইক মৰ্যদা নিদিব। আনকি কন্দৰ্পৰ পিতৃৃ-মাতৃয়েও তাইক বোঁৱাৰী হিচাপে মানি নল’ব। সেয় তাই কৈছে –

:সমাজৰ চকুত নহ’লেও ঈশ্বৰৰ চকুত আপুনিয়েই মোৰ স্বামী। আপোনাৰ ভালপোৱা মই পাইছো। বিবাহ কৰি ভৱিষ্যতে সেই ভালপোৱা অমৰ্যদা হ’বলৈ নিদিওঁ।

কন্দৰ্পৰ পিতৃ-মাতৃয়ে তেওঁক অইন কৰবাত বিয়া কৰাবৰ ইচ্ছা প্ৰকাশ কৰিছিল যদিও কন্দৰ্পই সাবিত্ৰীক বিয়া কৰোৱাৰ ইচ্ছা প্ৰকাশ কৰাত তাই কৈছে-

: … ভুল ময়েই কৰিছো। মোৰ সেই ভুলৰ চেকা আপোনাৰ গাত পৰিবলৈ নিদিওঁ। মই আপোনাক মিনতি  কৰিছো –মোৰ কাৰণে দেউতা আৰু আইতাৰ মনত আঘাত নিদিব।

ওপৰুদ্বৃত বক্তব্য ফাকিয়ে প্ৰমাণ কৰে যে তাইৰ পিতাৰ মৃত্যুৰ পিছত বৰুৱাহঁতে তাইক আশ্ৰয় দিছে, সেয়ে তাই সিহঁতৰ প্ৰতি কৃতজ্ঞ। 

তাই সৰ্বান্তকৰণে কন্দৰ্পক স্বামী হিচাপে গ্ৰহণ কৰিছে। সেয়ে মালিক বীৰেশ্বৰে তাইক জামাদাৰৰ ল’ৰাৰ লগত বিয়া দিয়াৰ যো-যা কৰাত তাই বিয়াৰ আগদিনা ৰাতি ঘৰৰ পৰা পলাই গৈ ‘চিৰাজ’ নামৰ এজন মুছলামন মানুহৰ ঘৰত আশ্ৰয় লৈছে। তাত চিৰাজৰ ভনী ফাতেমাই সিহঁতে ৰন্ধা ভাত খাবনে নাখায় বুলি সোধাত তাই কৈছে –

: জাতি বিজাতি মানুহে গঢ়া, ঈশ্বৰে গঢ়া নহয়। মানুহে মানুহৰ হাতে খালে যি জাত যায়, তেনে চনকা জাত যোৱাই ভাল।

উদ্বৃত কথাফাকিত সাবিত্ৰীৰ উদাৰ মনোভাৱ প্ৰকাশ পাইছে।

চিৰাজৰ ঘৰত তাই এজনী কন্যা সন্তান জন্ম দি মৃত্যু মুখত পৰে। মৰাৰ আগত তাই চিৰাজৰ আগত কৈ যায় –

:যদি তেখেত (কন্দৰ্প)ক পায়, ক’ব — তেখেতৰ ওপৰত মোৰ অকনো অভিমান নাই। তেখেতৰ চৰণ চিন্তা কৰিয়েই মই মৰিবলৈ সাহ পাইছো।

উদ্বৃত কথাফাকিৰ দ্বাৰা সাবিত্ৰীৰ অসীম স্বামী ভক্তি প্ৰকাশ পাইছে।

এইদৰে নাট্যকাৰে ক্ষুদ্ৰ পৰিসৰৰ ভিতৰত সাবিত্ৰীক  অভিজাত ঘৰৰ মালিকৰ সন্তানৰ কামনাৰ বলি হৈয়ো এজনী আদৰ্শ নাৰী হিচাপে নাটকখনত অংকিত কৰিছে। নাট্যকাৰে তাইৰ জৰিয়তে সমাজৰ এক অন্ধকাৰ দিশৰ চিত্ৰ অংকন কৰাত সফল হৈছে। ০ ০ ০

ফণী শৰ্মাৰ নাটক ‘চিৰাজ -এক সমালোচনা

সমাপ্ত 

সদৃশ ৰচনা :

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

Leave a Reply

Your email address will not be published. Required fields are marked *