অসমীয়া অনুবাদত বিশ্ব চুটি গল্প 

Asomiya Anubadat Bishwa Choti Galpa

অসমীয়া অনুবাদত বিশ্ব চুটি গল্প 

অসমীয়া অনুবাদত বিশ্ব চুটি গল্প 

ৰাবিব মছৰুৰ

 

 

গ্র’হিলচ্ পাব্লিশ্বিং

কমলপুৰ, বৰপেটা  (অসম)

Asomiya Anubadat Bishwa Chooti Galpa (World Short Stories in Assamese Translation)  by Rabbi Masrur, Published by Growhills Publishing.

 

Internet Editon: 2020

Website: www.growhillsnet.com

Email: growhills@growhillsnet.com

Price: Rs. ………….. 

 

D. T. P. By  Rabbi Masrur

Printed at :

আগকথা

চুটিগল্প হৈছে সাহিত্যৰ সকলোবোৰ শাখাৰ ভিতৰত সবাতোকৈ কনিষ্ঠ  শাখা। ইয়াৰ জন্ম বিংশ শতাব্দীৰ প্ৰথমাৰ্ধতহে। কিন্তু সৰ্বকনিষ্ট হৈয়ো মাত্ৰ এক শতাব্দীতকৈয়ো কম সময়ৰ ভিতৰতে চুটিগল্পই ঈৰ্ষাজনকভাৱে বিকাশ লাভ কৰাৰ লগতে বিশ্বজুৰি পাঠকৰ আপোন হৈ উঠিছে। আজি বিশ্বৰ প্ৰায় সকলোবোৰ লিখিত ভাষাতে চুটিগল্প ৰচনা কৰা হৈ আছে আৰু পাঠক সমাজেও আগ্ৰহেৰে পঢ়ি আছে। 

এজন পঢ়োৱৈ হিচাপে মই ছাত্ৰ অৱস্থাৰ পৰাই চুটিগল্পৰ প্ৰেমত পৰো আৰু বিভিন্ন কাকত-আলোচনী, পুথিভঁৰাল আৰু বন্ধু-বান্ধৱীৰ পৰা দেশ-বিদেশৰ চুটিগল্পৰ পুথি সংগ্ৰহ কৰি পঢ়িবলৈ লৈছিলো। কিতাপ পঢ়াৰ লগে লগে লিখাৰ প্ৰতি থকা প্ৰৱণতাৰ বাবে মোৰ ভাল লগা কিছুমান গল্প অসমীয়ালৈ অনুবাদ কৰিছিলো। কিন্তু প্ৰকাশৰ বাবে কোনো ধৰণৰ উদ্যোগ লোৱা হোৱা নাছিল । সেয়ে অনুবাদ কৰা গল্পবোৰ পান্ডোলিপি  অৱস্থাতে পৰি আছিল কেইবাদহক জুৰি। উল্লেখ্য যে গল্পসমূহৰ অনুবাদ আৰম্ভ হৈছিল যোৱা শতিকাৰ নব্বৈৰ দহকত আৰু এই কাম  এগা-চেৰাকৈ  ২০২০ চনলৈকে চলি আছিল। কিন্তু সুসংৰক্ষণৰ অভাৱ আৰু অৱহেলাত বহুতো পান্ডোলিপি  হেৰাই থাকিল। পলমকৈ হ’লেও মোৰ কেইজনমান পঢ়োৱৈ তথা বন্ধু-বান্ধৱীয়ে মোৰ অনুদিত গল্পসমূহ গ্ৰন্থকাৰে পোৱাৰ ওপৰত জোৰ দিয়াৰ ফলশ্ৰুতিত ’অসমীয়া অনুবাদত বিশ্ব চুটিগল্প’ পুথিখনৰ জন্ম হ’ল। 

অৱশ্যে সময়ৰ আচোঁৰৰ পৰা ৰক্ষা পৰা কেইখনমান অনুবাদ গল্পহে এই সংকলনখনত স্থান দিয়া হৈছে। মই আশাবাদী যে কিতাপ পঢ়ি ভালপোৱা অসমীয়া পাঠকসকলে এই গল্প সংকলনখনত স্থান দিয়া গল্পসমূহ পঢ়ি ভাল পাব আৰু বিভিন্ন দেশ আৰু বিভিন্ন ভাষাৰ গল্পৰ বিষয়বস্তু, আংগিক আদিৰ লগত সামান্য হ’লেও পৰিচিত হ’ব পাৰিব।

লিখক হিচাপে মই কম-বেছি পৰিমাণে অনুবাদ কাৰ্যৰ লগত জড়িত আৰু এই অনুবাদ কাৰ্য চলাই থাকোতে মোৰ এয়া অভিজ্ঞতা হ’ল যে সৃষ্টিশীল সাহিত্য ৰচনাতকৈ অনুবাদ কাৰ্য বেছি জটিল আৰু সময় সাপেক্ষ। ইয়াতে মই অকপটে স্বীকাৰ কৰো যে অনুবাদসমূহ আক্ষৰিক হোৱাতকৈ ভাৱমূলকহে হৈছে।  সেয়ে অনুবাদক হিচাপে মোৰ সীমাবদ্ধতা স্বীকাৰ কৰি ললো। আশা ৰাখিছো সুহৃদ পাঠকে মোৰ সীমাবদ্ধতাখিনি সহজভাৱে গ্ৰহণ কৰিব।

এই অনুবাদ সংকলনখনত বিশ্বৰ প্ৰতিনিধিত্বশীল গল্পসমূহক স্থান দিয়াৰ হেঁপাহ কৰিছিলো যদিও নানান কাৰণত সেয়া সম্ভৱ হৈ উঠা নাই। 

শেষত এই অনুবাদ কাৰ্যত মোৰ বহুতো বন্ধু-বান্ধৱীয়ে সহায়-সহযোগ, উৎসাহ-উদ্দীপনা আগবঢ়াইছে। সেই সকলোলৈ মই চিৰ কৃতজ্ঞ হৈ ৰলোঁ। ইতি

ৰাবিব মছৰুৰ

শান্তি কানন

২০২০ ইংৰাজী চন।

 

নিৰ্ঘন্ট

শিৰোনাম ………… গল্পকাৰ

দেউতাকৰ সহায় ……..আৰ কে নাৰায়ন

চাৰি টকা ……..আৰ কে নাৰায়ন

এজন বীৰ ……..আৰ কে নাৰায়ন

লীলাৰ বন্ধু ……..আৰ কে নাৰায়ন

এজনী সাহসী ব্রিটিছ ছোৱালী ……..টিলি স্মিথ

কেন খুড়াৰ পাখিযুক্ত শতৰুবোৰ ……..ৰাস্কিন বণ্ড

এটা নতুন ফুল ……..ৰাস্কিন বণ্ড

পৰিপূৰ্ণ খিৰিকীৰ সন্ধানত ……..ৰাস্কিন বণ্ড

কথা নপতা ভাটৌটো ……..ৰাস্কিন বণ্ড

মহানগৰত পক্ষী জীৱন ……..ৰাস্কিন বণ্ড

মেকুৰীৰ স্বৰ্গ ……..ইমিল জোলা

ঠাকুৰৰ কুঁৱা ……..মুন্সি প্ৰেমচান্দ

গাড়ীৰে বোকা  ছিটিকনি ……..মুন্সি প্ৰেমচান্দ

অভিশাপৰ শক্তি ……..মুন্সি প্ৰেমচান্দ

জন্মদিনৰ মেল ……..অতুলানন্দ গোস্বামী 

টম ছয়াৰ …….. মাৰ্ক টুয়েইন

কুকুৰা চৰাইৰ কণীৰ দৰে শস্য ……..লিও টলষ্টয়

এজন মানুহৰ কিমান পৰিমাণৰ ভূমিৰ প্রয়োজন ……..লিও টলষ্টয়

সৰু ছোৱালীবোৰ  বেছি জ্ঞানী ……..লিও টলষ্টয়

তিনিটা প্ৰশ্ন ……..লিও টলষ্টয়

সৰ্বশেষ পাঠ ……..আলফঁছে  ড’ডেট

সকলো এটি কুকুৰৰ বিষয়ে ……..এজি গাৰ্ডিনাৰ

আদৰ্শ কৌটিপতি ……..অস্কাৰ ওৱাইল্ড

এশটা পোছাক ……..এল বছৰ এচলাৰ 

ঢোল ……..পৰম্পৰাগত

……………………………………………

অসমীয়া অনুবাদত বিশ্ব চুটি গল্প

 

দেউতাকৰ সহায়

মূল ইংৰাজী:  আৰ কে নাৰায়ন  (ভাৰত)

এয়া আছিল সোমবাৰৰ ৰাতিপুৱা। স্বামীনাথন, স্কুলত পঢ়া ল’ৰাজন,  তেতিয়াও বিচনাত পৰি আছিল। তেওঁ আশা কৰিছিল যেন এটা ভূমিকম্পই  বিদ্যালয় ভৱনটো ধূলিৰ লগত মিহলি কৰি দিব। কিন্তু চোৱা! এলবাৰ্ট মিচন বিদ্যালয়ৰ ভৱনটো সগৌৰৱে জিলিকি আছে।

“স্বামী, তুমি বিদ্যালয়লৈ নোযোৱানে?” তেওঁৰ মাকে সুধিছিল। স্বামীয়ে বিননি কৰি কৈছিল, “অহ! মোৰ মূৰটো বিষাই আছে।”

স্বামীৰ কাৰণে বিদ্যালয়লৈ যোৱা কথাটো সুখৰ নাছিল। সেয়ে সি মাজে মাজে বিদ্যালয়লৈ নাযাবলৈ  অজুহাত উলিয়াইছিল।

স্বামীৰ মাকজনী বৰ ভাল আৰু কৃপালু আছিল। সেয়ে তাই ল’ৰাজনক  ঘৰতে থাকিবলৈ পৰামৰ্শ দিছিল। কিন্তু স্বামীৰ দেউতা এজন বৰ অনুভূতিপ্ৰৱণ (বিবেচক) লোক আছিল। তেওঁ স্বামীক সুধিছিল, “ তোমাৰ আজি স্কুল নাইনে?”

“মূৰৰ বিষ !”

“মূৰ্খ কৰবাৰ ! পোছাক পিন্ধা আৰু যোৱা।”

স্বামীয়ে জানিছিল তেওঁৰ দেউতা কিমান আঁকোৰগোঁজ হ’ব পাৰে। সেয়ে তেওঁ তেওঁৰ কৌশল সলনি কৰিলে আৰু ক’লে “মই ইমান পলমকৈ শ্ৰেণীত যাব নোৱাৰো। মই যদি তেনে কৰো, শিক্ষকে মোক কোবাব।”

“হয়নে ? তেওঁৰ নাম কি?”

‘চেমুৱেল।’

তাৰ পাছত স্বামীয়ে চেমুৱেলৰ উগ্ৰতাৰ বিষয়ে এটা পৰিস্কাৰ বিৱৰণ দাঙি ধৰিলে: যেতিয়া তেওঁ (চেমুৱেলে) বেত দিয়া আৰম্ভ কৰিছিল তেতিয়া তেওঁ ল’ৰাজনৰ হাতত তেজ ওলোৱা নেদেখালৈকে বেত দিয়া বন্ধ নকৰিছিল, যি তেজৰ দ্বাৰা তেওঁ ল’ৰাজনক সেন্দুৰৰ  ফুটৰ দৰে কপালত ছাপ দিবলৈ বাধ্য কৰাইছিল। স্বামীয়ে আশা কৰিছিল তেওঁৰ দেউতাকে ঘৰতে থাকিবলৈ অনুমতি দিব। কিন্তু তেওঁৰ দেউতাকৰ আচৰণ অপ্ৰত্যাশিতভাবে পৰিৱৰ্তন হৈছিল। তেওঁ অতিকৈ উত্তেজিত হৈ কৈ উঠিছিল, “এই গাহৰিবোৰে (ভয়ানক ব্যক্তিসকলে) আমাৰ ল’ৰা-ছোৱালীবোৰক কোৱাই কি কৰিব বিচাৰিছে।”

অৱশেষত স্বামীয়ে পলমকৈ হ’লেও বিদ্যালয়লৈ যাব লগা হ’ল। তেওঁৰ দেউতাকে এইটো এটা প্রত্যাহ্বাবান হিচাপে গ্ৰহণ কৰিলে। আকৌ তেওঁ চেমুৱেলৰ বিৰুদ্ধে অভিযোগ কৰি প্ৰধান শিক্ষকজনলৈ এখন চিঠি লিখিলে।

স্বামী বিবুদ্ধিত পৰিছিল। তেওঁৰ বিবেকে তেওঁক আমনি  কৰিছিল।  তেওঁ নিজকে  পৃথিৱীৰ সকলোতকৈ নিকৃষ্ট মিছা মাতোতা বুলি ভাবি ভাবি বিদ্যালয়লৈ গ’ল। তেওঁ জানিছিল যে ব্যক্তি হিচাপে চেমুৱেল আছিল অন্যতকৈ অধিক ফূর্তিবাজ।  স্বামীয়ে উপলব্ধি কৰিলে যে তেওঁ শিক্ষকজনক ধবংস কৰি আছে।

এতিয়া, স্বামীয়ে এটা বুদ্ধি উলিয়ালে। তেওঁ চিঠিটো দিনৰ শেষ ভাগত  প্ৰধান শিক্ষকজনক দিব। তেতিয়ালৈ সি চেমুৱেলক খং তুলিবলৈ সুযোগ পাব। তেতিয়া চেমুৱেলে চিঠিখনৰ নায্যতা প্ৰমাণ কৰিবলৈ নিশ্চয় কিবা কৰিব পাৰিব। কিন্তু সকলো ঠিকঠাকে চলিছিল। চেমুৱেল সম্পূৰ্ণ ঠাণ্ডা হৈয়ে আছিল। এনেদৰে প্ৰথম ক্লাচটো শেষ হৈছিল।

দিনৰ শেষ পিৰিয়ডটো আকৌ চেমুৱেলে লৈছিল। এই সময়ত, তেওঁ ভাৰত বুৰঞ্জী শিকাবলৈ আহিছিল। ইতিমধ্যে স্বামীয়ে চেমুৱেলক  খং তোলাৰ চেলু বিচাৰি আছিল। চেমুৱেলে ভাস্ক ডা গামাই ভাৰতত পদাৰ্পন কৰাৰ পাঠখণ্ডটো পঢ়োৱাবলৈ আৰম্ভ কৰিছিল। হঠাৎ স্বামীয়ে অতি উচ্চ স্বৰত সুধিলে, “মহাশয়, কলম্বাচে কিয় ভাৰতলৈ অহা নাছিল?” চেমুৱেলে উত্তৰ দিছিল।  “এইটো অবিশ্বাস্য, মহাশয়, এনেকুৱা এজন ডাঙৰ মানুহ। তেওঁ পথটো নিচিবনে?” চেমুৱেলৰ অলপ খং উঠিছিল। পিছৰবাৰ, যেতিয়া প্ৰথম বেঞ্চত বহা শংকৰে ভাস্ক ডা গামাৰ বিষয়ে কিবা জানিব বিচাৰিছিল, তেতিয়া স্বামীয়ে পিছৰ বেঞ্চৰ পৰা চিঞৰি উঠিছিল।

“অহ! তুমি বন্ধ কৰা আৰু বহা।” চেমুৱেলে খঙেৰে ক’লে। কিন্তু স্বামীয়ে বন্ধ নকৰিলে। তেওঁ কিছুমান অপ্ৰাসঙ্গিক প্ৰশ্ন সুধিবলৈ ধৰিলে। এইবাৰ চেমুৱলৰ সঁচাকৈয়ে খং উঠিল। তেওঁ ধৈৰ্য হেৰুৱালে আৰু স্বামীৰ হাতৰ তলুৱাত বহি যোৱাকৈ তিনিটা কোৱ মাৰিলে। “এইখিনিয়ে হ’বনে অধিক বিচৰা?” চেমুৱেলে সুধিলে। স্বামীয়ে তেওঁৰ হাত আগবঢ়াই দি আৰু অধিক দুটা কোব গ্ৰহণ কৰিলে। তাৰ পাছত বেল বাজি উঠিল। যদিও তেওঁৰ হাত দুখন বিষাই আছিল, স্বামীয়ে প্লেটফৰ্মৰ পৰা আনন্দমনে জঁপিয়াই নামিল। তেওঁ তেওঁৰ কিতাপবোৰ বুটলি ললে, তেওঁৰ পকেটত থকা চিঠিখন লৈ প্ৰধান শিক্ষকৰ কোঠালীলৈ দৌৰিলে। কিন্তু দৰজাখন তলাবদ্ধ আছিল। স্বামীয়ে পিয়নজনক সুধিলে,  “প্ৰধান শিক্ষকজন ক’ত?”

“আবেলিৰ পৰা ছুটিত আছে আৰু তেওঁ এসপ্তাহমানত উভতি নাহিব। তুমি চিঠিখন সহকাৰীৰ প্ৰধান শিক্ষকজনক দিব পাৰা।” পিয়নজনে ক’লে।

স্বামীয়ে সুধিলে, “তেওঁ কোন?” পিয়নে ক’লে, “তোমাৰ শিক্ষক, চেমুৱেল, তেওঁ অলপ পিছতে ইয়ালৈ আহিব।”

স্বামীয়ে চমকি উঠিল। তেওঁ তৎক্ষণাত ঠাইখনৰ পৰা পলায়ন কৰিলে। 

ঘৰত স্বামীৰ দেউতাকে স্বামীৰ হাতৰ পৰা চিঠিখন থাপ মাৰি নি ছিঙি পেলালে আৰু ডাষ্টবিনত পেলাই দিলে। তেওঁ ভোৰভোৰাই ক’লে, “তুমি মূৰ্খ, চেমুৱেলে যদি তোমাৰ ডিঙি চেপি শ্বাসৰুদ্ধও কৰে, তুমি মোৰ ওচৰলৈ নাহিবা। তুমি চেমুৱেলৰ শাস্তিৰ যোগ্য।” ০ ০ ০

ৰাচিপুৰম কৃষ্ণস্বামী নাৰায়ণ (১৯০৬-২০০১) আছিল এজন ইংৰাজী ভাষাত লিখা ভাৰতীয় ঔপন্যাসিক আৰু চুটিগল্প ৰচয়িতা।  ওপৰত দিয়া গল্পটো তেওঁৰ “মালগুডি ডেচ” নামৰ চুটিগল্প সংকলনখনৰ পৰা তুলি অনা হৈছে। তেওঁৰ সৃষ্টিসমূহ আছিল বৰ বাস্তৱধৰ্মী। স্বামী এণ্ড ফেইণ্ডচ, দি গাইড, দি মেন ইটাৰ অফ মালগুডি  ইত্যাদি তেওঁৰ কিছুমান উৎকৃষ্ট ৰচনা।

অসমীয়া অনুবাদত বিশ্ব চুটি গল্প

চাৰি টকা

মূল ইংৰাজীঃ আৰ কে নাৰায়ন 

ইয়াৰ পিছত ৰংগই কি কৰিব সেই বিষয়ে কেতিয়াও নিশ্চিত নাছিল।  কবিৰ পথত থকা তেওঁৰ সৰু ঘৰখনৰ পৰা তেওঁ ওলাই আহিছিল, আৰু তেওঁ বজাৰলৈ যোৱা ৰাস্তাৰ চুকটো ঘূৰাৰ আগে আগে, তেওঁ সদায় সেই ৰাস্তাত কিছুমান লেতেৰা কাম দেখা পাইছিল। তেওঁ বজাৰৰ পানীৰ ফোৱাটোৰ কাষত বহাৰ পিছত  তেওঁ আজি এক বিশেষ কামৰ প্ৰস্তাৱ পালে। সেই ঠাইৰ এখন বঙলা ঘৰৰ পৰা এজন ভৃত্যই তেওঁৰ চকুত অনুসন্ধানৰ দৃষ্টিলৈ তাত ঘূৰি-পকি আছিল। তেওঁ ব্যাখা কৰি ক’লে, “আমাৰ পিতলৰ পাত্ৰটো নাদত পৰিছে। তুমি এনে কোনোৱাক জানানে যিজনে কুঁৱাত নামি সেইটোক তুলি আনিব পাৰিব?”

“ইয়াৰ বাবে সিহঁতে কিমান টকা দিব?”

“এই কামটোৰ বাবে তুমি কিমান টকা বিচৰা?”

মই প্ৰথমতে কুঁৱাটো চাব লাগিব আৰু মই দুটকাৰ কমত কামৰ কথা চিন্তা নকৰো।” তেওঁ কৈছিল।

“হ’ব, মোক অনুসৰণ কৰা।” আনজনে কৈছিল, আৰু ৰংগই চমকি উঠিছিল। তেওঁ কেতিয়াও ভবা নাছিল যে এই প্ৰস্তাৱটো গ্ৰহণ কৰা হ’ব। ইয়াৰ আগতে তেওঁ কেতিয়াও কোনো কুঁৱাত নামি পোৱা নাই। তেওঁ এতিয়া ইয়াৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিলে। কিন্তু আন ব্যক্তিজনে তেওঁক এৰি নিদিলে। তেওঁ প্ৰায় তেওঁক হাতৰ গাঁঠিত ধৰি টানি লৈ গ’ল। তেওঁ আপত্তি কৰি গ’ল। “মই কুঁৱাৰ বিষয়ে একো নাজানো” তেওঁ চিঞৰি উঠিল। “অহ, তুমি কোৱা নাছিলানে, প্ৰথমে কুঁৱাটো চাবা বুলি।” ভৃত্যজনে ক’লে আৰু তেওঁৰ লগত লাগি থাকিল। তেওঁ আৰু ক’লে, “সিহঁতে মোৰ জীৱনটো এই চাৰিটা দিনত এক নৰকত পৰিণত কৰিছে। যদি মই আজি ইয়াৰ বাবে  কিবা নকৰো সিহঁতে মোক বৰ্খাস্ত কৰিব।”

“কিন্তু মই কুঁৱাৰ বিষয়ে একো নাজানো।”

“তুমি বন্ধ কৰা! ইয়াৰ লগত মোৰ কোনো কথা নাই।” বুঢ়া ভৃত্যটোৱে ভালৰি বোলাই ক’লে আৰু মৃদ্যভাৱে হাঁহিলে। যদি তুমি এক আনা বা দুই আনা বেছি বিচৰা তেন্তে কোৱা, এনে ফাঁকতি  নকৰিবা।”

“কিন্তু, কিন্তু,” ৰংগই থোকথুকিকৈ ক’লে। কিন্তু ব্যক্তিজনে তেওঁক এটা বিড়ি  সুপিবলৈ দি তেওঁক নীৰৱ কৰি থলে। ৰংগই নিজকে ভাগ্যৰ ওচৰত সমৰ্পন কৰি তেওঁক অনুসৰণ কৰিলে। 

বঙলা ঘৰৰ চৌহদৰ  দুৱাৰমুখতে  ঘৰৰ  মালিকজন, তেওঁৰ ঘৈনীয়েকজনী আৰু ল’ৰা দুজন আছিল।  ভৃত্যজনক দেখাৰ লগে লগে সিহঁতে চিঞৰি উঠিল, “তুমি কাৰোবাক পালানে?”

“ইয়াতে তেওঁ,” ভৃত্যজনে ৰংগলৈ আঙুলিয়াই দি ক’লে। ৰংগই কঁপিবলৈ ধৰিলে আৰু নিঃসহায়ভাৱে চাই থাকিল। ঘৰৰ মালিকজনে ক’লে, “তামৰ পাত্ৰটো কুঁৱাত পৰিছে। তুমি নিশ্চয় ইয়াক তুলি  আনিব লাগিব।”

“মই কেনেদৰে পাৰোঁ, মহাশয়?” ৰংগই উত্তৰ দিলে। চাকৰজনে মাজত সোমাই ক’লে, “এই বিষয়টো মোক এৰি দিয়ক, মহাশয়। তেওঁ এইটো কৰিব।” ইয়াতে ঘৰৰ মালিকজনে অনুভৱ কৰিলে যে  ইয়াত এক কুটনৈতিক খেল খেলি থকা হৈছে আৰু মাত্ৰ ক’লে ,“ভাল কথা, ভাল কথা, প্ৰথমতে কুঁৱাটো চোৱা।”  সিহঁতে তেওঁক পিচ চোতাললৈ লৈ গ’ল। ঘৰৰ মালিকজন আৰু ভৃত্যজনে তেওঁক ভাল ব্যৱহাৰ কৰিলে। তেওঁ লাহে লাহে কামটোৰ বাবে তেওঁৰ গুৰুত্বটো অনুভৱ কৰিবলৈ ধৰিলে। সিহঁত সকলোৱে তেওঁক আগুৰি কেনেদৰে সেয়া ঘটিলে তাক ব্যাখ্যা কৰিবলৈ ল’লে। ৰংগই গম্ভীৰ হৈ শুনিলে আৰু ঘোষণা কৰিলে, “ৰচীটো নিশ্চয় নষ্ট হৈ গৈছে।” সিহঁতে তেওঁৰ এই কথাটো ইমান উত্তেজনাৰ সৈতে গ্ৰহণ কৰিলে যে ৰংগই ভাবিবলৈ ধৰিলে যে তেওঁ এক গভীৰ তাৎপৰ্যপূৰ্ণ কথা ঘোষণা কৰিছে। ইয়াৰ পিছত সিহঁতে তেওঁক সেই পাত্ৰটোৰ ইতিহাস বৰ্ণনা কৰিলেঃ ই কেনেদৰে সিহঁতৰ বাপতিসাহোন হ’ল,  যিটো সিহঁতৰ আজো আইতাৰ বিয়াৰ সময়ত দিয়া হৈছিল আৰু সিহঁতে এইটো পূৰ্বপূৰুষৰ পৰা পাইছে। সিহঁতে বুঢ়া ভৃত্যটোৰ পিনে কঠোৰভাৱে চালে। ভদ্ৰ মহিলাজনীয়ে ক’লে, “এই  মুৰ্খজনক পাত্ৰটো স্পৰ্শ নকৰিবলৈ সদায় কৈ থকা হৈছিল কিন্তু তথাপি … .”

কুঁৱাৰ পৰা পানী তুলিবলৈ মাত্ৰ এটা জিংকৰ পাত্ৰ ব্যৱহাৰ কৰিব লাগে।” ৰংগই এজন কথা পটু ব্যক্তিৰ দৰে ক’লে। অনুমোদনৰ এক ভোৰভোৰণি চলি থাকিল। ৰংগই অনুভৱ কৰিব ধৰিলে যে তেওঁ এজন প্রতিষ্ঠিত “কুঁৱা-ব্যক্তি”।

সিহঁতে কুঁৱাটোৰ ঢাকনিৰ মুখখন তুলিলে আৰু ৰংগই সোনকালে চাই ল’লে। সুৰঙ্গটোৰ বহুত তলত অন্ধকাৰৰ মাজত পানী জিলিকি আছিল। “এয়া অতি গভীৰ কুঁৱা যেন লাগে।” ৰংগই ক’লে।

“মাত্ৰ ষাঠি ফুট।”

ৰংগই ক’লে,  “আমি সাধাৰণতে চল্লিশ ফুটতকৈ অধিক গভীৰ কুঁৱাত নানামো।”

“তুমি যদি আঠ আনা বা তাতোকৈ অলপ বেছি বিচৰা আমি অসন্তুষ নহওঁ।” সিহঁতে ক’লে।

আপোনালোকে মোক চাৰি টকা দিব লাগিব, অন্যথা মই মোৰ জীৱনৰ শংকা ল’ব নোৱাৰো।

কিছু দৰ-দাম কৰাৰ পিছত সিহঁতে মান্তি হ’ল। তাৰ পৰা পুলুকা মৰাৰ শেষ আশাটোও শেষ হ’ল। তেওঁ কেতিয়াও একেলগে চাৰি টকা উপাৰ্জন কৰা নাছিল আৰু এয়া আছিল অতি লোভনীয়। তেওঁ কমেও তিনিদিন কাম বিচৰাৰ প্ৰয়োজন নহ’ব আৰু তেওঁ তেওঁৰ  ঘৈনীয়েক আৰু শাশু আইক এবাৰৰ বাবে হ’লেও নীৰৱ ৰাখিব পাৰিব। এইদৰে ভাগ্যই তেওঁক লগ দিয়া যেন দেখিলে। কিন্তু কুঁৱাটোৰ তলত থকা ভয়ানক পানীৰ তৰপটোলৈ দিয়া দৃষ্টিয়ে চাৰি টকাৰ প্ৰতি তেওঁৰ আকৰ্ষণ নোহোৱা কৰিলে আৰু তেওঁ দৌৰি পলাই যোৱাৰ কথা ভাবিলে। তেওঁ কুঁৱাটো সন্তুষ্টিজনক প্ৰাথমিক পৰিদৰ্শনৰ পিছত কুঁৱাটোৰ পৰা ঘূৰি ক’লে, “হয়, সকলো ঠিকে আছে। মই সন্ধিয়া আকৌ আহিম। মই এতিয়া ঘৰলৈ যাব লাগিব।”

“কিয়?”

তেওঁ ব্যাখ্যা কৰিবলৈ অসমৰ্থ হ’ল। তেওঁ ভোৰভোৰাই ক’লে যে তেওঁ এতিয়াও খাদ্য খোৱা নাই। এই কথাটোত সিহঁতে তেওঁক বঙলাটোলৈ যোৱা বাটলৈ টানি লৈ গ’ল, তেওঁৰ সন্মুখত এটি পাত থলে আৰু খাদ্য দিলে। তেওঁ ক’ত আছিল এই কথাটো জনাৰ আগতে তেওঁ পেট পুৰাই খাই ললে। সিহঁতে তেওঁৰ চাৰিওফালে থিয় দি আছিল আৰু বেছিকৈ খোৱাৰ বাবে উৎসাহিত কৰিলে। সিহঁতে তেওঁক এৰিকা তামোল আৰু পাণ দিলে আৰু তেওঁ তেওঁৰ ওঁঠ দুটা তেজ ৰঙা পৰাকৈ চোবালে। তেওঁ অনুভৱ কৰিলে যেন সেই ঘৰখনত তেওঁ এজন সন্মানিত আলহী। কিন্তু ইয়াৰ মাজত থকা দায়িত্বই তেওঁৰ মনত  যন্ত্ৰণা দিলে। তেওঁ এতিয়া অনুভৱ কৰিলে যে তেওঁ এই অভিযানটোত চূড়ান্তভাৱে সাঙুৰি লৈছে। সিহঁতে তেওঁক আধা ঘন্টাৰ বাবে জিৰণি লবলৈ দিলে আৰু তাৰ পিছত তেওঁক কুঁৱাটোলৈ মাতিলে। তেওঁ নিজকে এজন  মৃত্যুদণ্ডাদেশ পোৱা ব্যক্তি বুলি অনুভৱ কৰিলে। তেওঁ কুঁৱাটোৰ তললৈ দৃষ্টি দি থিয় হৈ থাকিল। তেওঁ ইয়াৰ পৰা ওলাই আহিবলৈ সৰ্বশেষ প্ৰচেষ্টা কৰি ক’লে, “মই নোৱাৰোঁ, মই নাজানো …” । “তেনেদৰে নক’বা।” সিহঁতে আপত্তি কৰিলে। ৰংগই বিবুদ্ধিত পৰিল।  এই মানুহবোৰে কিয় তেওঁক ডুবি মৰিবলৈ চোৱাত ইমান জোৰ দিছে। তেওঁৰ তাৎক্ষণিক ভাৱ হ’ল যেন তেওঁ সিহঁতক ঠেলা মাৰি পেলাই থৈ পলাই যাব। তেওঁ তেওঁৰ চাৰিওফালে থকা ব্যক্তিসকললৈ ঈষৎ দৃষ্টি দিলে। তেওঁ যেন এক পহৰাদাৰ সৈনিকৰ আবেষ্টনিৰ  ভিতৰত থিয় হৈ আছিল। তেওঁ ভাবিলে যে তেওঁ যদি পলাবৰ চেষ্টা কৰে সিহঁতে তেওঁক ধৰি-বান্ধি কুঁৱাটোৰ ভিতৰত পেলাই দিব। তাৰ পৰা পলোৱাৰ কোনো আশা দেখা নাপালে। তেওঁ ফটা চোলাটো খুলি ললে, ধুতিখন বান্ধি লৈ এডোখৰ ৰচী বিচাৰিলে, এইটোক কুঁৱাটোৰ ওপৰত পথালিকৈ বান্ধিলে আৰু আনটো মূৰ কুঁৱাটোলৈ নমাই দিলে। তেওঁ পাৰােপট বগাই উঠিল,  ৰচীটোৰে পিছলি যাবলৈ ধৰিলে আৰু তেওঁৰ ভৰিযোৰ কুঁৱাটোৰ এটা কাষত মেলি দিলে। এইদৰে তেওঁ তললৈ নামি থাকিল। তেওঁ তলপিনে চাবলৈ সাহস নকৰিলে। বায়ু লাহে লাহে গৰম আৰু অন্ধকাৰ হৈ আহিল। তেওঁ ওপৰত নীলা-ঘূৰণীয়া আকাশখন দেখিবলৈ পালে। ক্ৰচ বাৰটোত থকা ফাঁটটোৰ পৰা এটা পিপুল গছৰ পুলি ওপৰলৈ বাঢ়ি আহিছিল আৰু ওপৰৰ পৰা অস্পষ্ট মুখবোৰে তেওঁলৈ চাই আছিল। “সাৱধান হ’বা।” কোনোবা এজনে চিঞৰিলে। ‘তুমি কিয় ইতস্তঃত কৰি আছা?” “মোক ওপৰলৈ উঠি আহিবলৈ দিয়ক। মই তললৈ নামিব নোৱাৰো।”  সিহঁতে তেওঁক ফুচুলিয়াই  তেওঁৰ মাননি কেই আনামান বঢ়াই দিলে। “ইতিমধ্যে তুমি তলপিনে আধাখিনি পাইছা।”

“মই যদি উপৰলৈ উঠি আহিব নোৱাৰো, অনুগ্ৰহ কৰি মোৰ ঘৈনীয়েকক ক’ব … ।”  এই কথা শুনি সিহঁতে হাঁহিত ফাটি পৰিল। তেওঁ ইমানেই নিঃসহায় অনুভৱ কৰিলে যে তেওঁ নিজকে ক’লে: বাহিৰ হোৱাৰ কোনো ৰাস্তা নাই। মোক মৰিবলৈ দিয়া। তেওঁ দক্ষতাৰে তললৈ নামি থাকিল। প্ৰতিটো পদক্ষেপ অধিক অন্ধকাৰ আৰু ভয়ংকৰ হৈ থাকিল। তেওঁৰ কাণযোৰ কলা হৈ পৰিল আৰু তেওঁৰ বুকুত গধুৰতা অনুভৱ কৰিলে। তেওঁৰ চকু অন্ধকাৰ হৈ আহিল আৰু তেওঁ মাত্ৰ আংশিকভাবহে সংজ্ঞাবান হৈ থাকিল। যেতিয়া তেওঁ সৰ্বশেষ স্তৰ পালে, ভৰিযোৰ থলে । তেওঁৰ মস্তিষ্কটো ঢোলৰ দৰে বাজি থাকিল। চাৰি  টকা, চাৰি টকা। মই মৰি আছোঁ, তেওঁ নিজকে কৈ থাকিল। অথবা মই মৃত নে? বৰফ যেন ঠাণ্ডা পানীয়ে তেওঁৰ ভৰি আগুৰি ধৰিলে। তেওঁ  সাৱধানে তলৰ পিনে হাউলি এক চুল মান পানী পি খালে। তাৰ পিচত তেওঁ মুখেৰে  “চাৰি টাক, চাৰি টকা” বুলি ভোৰভোৰ  কৰি পানীত ডুব মাৰিলে। তেওঁৰ আঙুলিবোৰে কুঁৱাটোৰ বালিময় তলটো ফনিয়ালে আৰু অৱশেষত এটুকুৰা ৰচি খামোচি ধৰিলে। তেওঁ এইটো টানি উঠালে,  ৰচীটোৰ লগতে সেই তামৰ পাত্ৰটো বন্ধা আছিল।

ওপৰলৈ উঠি অহাটো আছিল অধিক উত্তেজনাপূৰ্ণ। সিহঁতে তেওঁক ওপৰলৈ টানিব উঠাব লগা হৈছিল। তেওঁ প্ৰায় এঘন্টামান মাটিত দীঘল দি পৰি থাকিল। যেতিয়া তেওঁ চেতন পালে, সিহঁতে তেওঁক ক’লে, “তুমি এজন ভাল মানুহ। যদি কোনোবাদিন কোনো বস্তু কুঁৱাটোত পৰে তেন্তে আমি তোমাক আকৌ মাতিম। তুমি ক’ত থাকা?” তেওঁ ক’ত থাকে সেয়া ক’বলৈ অস্বীকাৰ কৰিলে। “মোৰ পাৰিশ্ৰমিকখিনি দি মোক যাবলৈ দিয়া।” সিহঁতে তেওঁক চাৰি টকা চাৰি আনা দিলে। তেওঁ টকাকেইটালৈ চালে আৰু আপত্তি কৰি ক’লে, “মহাশয়, আপুনি চাৰি টকা আৰু বাৰ আনা দিবলৈ কথা দিছিল।” কথাখিনি শুনি সিহঁত খং কৰিলে। “তোমাৰ লোভৰ কোনো সীমা নাইনে? মুঠতে এই পাত্ৰটোৰ দাম ইয়াতকৈ বহুত কম আছিল। আমি তোমাক খাদ্য আৰু সকলো দিলো। যোৱা, যোৱা, সন্তুষ্ট হ’বলৈ শিকিবা …”

“তুমি কেতিয়াও ‘কুঁৱাত নমা মানুহ’ক সন্তুষ্ট কৰিব নোৱাৰা। সকলোতে সিহঁত এওঁৰ  দৰেই।” কোনোবা এজনে ক’লে।

যেতিয়া ৰংগই ঘৰ পালেগৈ তেওঁৰ ঘৈনীয়েক আৰু শাহু আই দুৱাৰমুখতে আছিল। তেওঁক দেখা পাই তেওঁৰ ঘৈনীয়েকে আক্ৰমণৰ সুৰত ক’লে, “এতিয়া সাত বাজিছে। মই কেতিয়া বস্তুবোৰ কিনিম আৰু খাদ্য প্ৰস্তুত কৰিম? তুমি ভাবা মই চাকৰনী হ’বলৈ জন্ম গ্ৰহণ কৰিছোঁ। যদি আজি আমি খাদ্য নোহোৱাকৈয়ে থাকিব লাগে তেন্তে  এক ভাল শিক্ষা পাবা।” তেওঁ আনন্দৰে চাৰি টকা চাৰি আনা দেখুৱালে। “চাৰি টকা! তুমি নিশ্চিত নে যে তুমি টকাখিনি চুৰ কৰি অনা নাই?” তেওঁ তেওঁৰ কিলাকুটি আৰু আঁঠুত পোৱা আঘাত দেখুৱাই ব্যাখ্যা কৰিলে। সিহঁতে মাত্ৰ হাঁহিলে আৰু উত্তৰ দিলে, “তুমি কুঁৱাৰ ওচৰলৈ যোৱা বুলি আমি কেতিয়াও নাজানো; সম্ভৱত তুমি মানুহৰ ভিৰৰ মাজত সোমাই গৈছিলা আৰু কাৰোবাৰ পকেটৰ পৰা টকাখিনি উলিয়াই আনিছা … ।”  ০ ০ ০

অসমীয়া অনুবাদত বিশ্ব চুটি গল্প

এজন বীৰ

মূল ইংৰাজীঃ আৰ কে নাৰায়ন 

স্বামীৰ বাবে ঘটনাবোৰে অপ্ৰত্যাশিত ৰূপ লৈছিল। দেউতাই বাতৰি কাকতখনত ওপৰে ওপৰে চকু ফুৰাইছিল। তেওঁ  বহল কোঠালীটোত থকা চাকিৰ পোহৰত পঢ়ি আছিল আৰু কৈছিল, ”স্বামী এয়া শুনা– বাতৰিত এজন গাঁৱলীয়া ল’ৰাৰ সাহসৰ কাহিনী আছে, যিজন হাবিৰ পথেৰে ঘৰলৈ ওভতি আহি থাকোতে এটা বাঘৰ মুখামুখি হৈছিল …।” অনুচ্ছেদটোৱে ল’ৰাজনে বাঘটোৰ লগত কৰা যুদ্ধৰ বিষয়ে আৰু তেওঁ গছ এটিৰ ওপৰত উঠাৰ  বৰ্ণনা দিছে। সেই বাটেৰে মানুহ আহি বাঘটো মৰালৈকে ল’ৰাজন অৰ্দ্ধেক দিন গছটোৰ ওপৰত আছিল।

বাতৰিটো পঢ়ি উঠি, দেউতাই স্বামীৰ পিনে স্থিৰভাৱে চাইছিল আৰু সুধিছিল, “তুমি এই বিষয়ে কি কোৱা?”

স্বামীয়ে কৈছিল, “মই ভাৱো তেওঁ নিশ্চয় এজন বৰ শক্তিশালী আৰু প্ৰাপ্তবয়স্ক লোক আছিল, তেওঁ মুঠতে সৰু ল’ৰা নাছিল। এজন ল’ৰাই কিদৰে এটা বাঘৰ লগত যুদ্ধ কৰিব?”

“তুমি ভাবানে তুমি বাতৰি কাকতখনতকৈ অধিক জ্ঞানী?” দেউতাই অৱজ্ঞাৰ সুৰত কৈছিল।  “এজন মানুহৰ এটা হাতীৰ সমান শক্তি থাকিব পাৰে, তথাপি সি ভীৰু (কাপুৰুষ) হ’ব পাৰে, য’ত আন এজন মানুহৰ এটা খেৰকুটাৰ সমান শক্তি থাকিব পাৰে, কিন্তু যদি তেওঁৰ সাহস থাকে সি যিকোনো কাম কৰিব পাৰে। সাহসেই সকলো, শক্তি আৰু বয়স কোনো গুৰুত্বপূৰ্ণ বিষয় নহয়।”

স্বামীয়ে এই তত্বটোৰ ওপৰত যুক্তি দিলে, “এয়া কেনেদৰে হ’ব পাৰে, দেউতা? ধৰা হ’ল মোৰ সকলো সাহস  আছে, মই কি কৰিব পাৰো যদিহে মোক এটা বাঘে আক্ৰমণ কৰে?”

“তুমি শক্তিৰ কথা বাদ দিয়া,  তোমাৰ যে সাহস আছে, তুমি প্ৰমাণ কৰিব পাৰানে?”  মই চাম আজি ৰাতি তুমি মোৰ অফিচ ৰূমটোত অকলে শুব পাৰিবানে?”

এক ভয়ঙ্কৰ প্ৰস্তাৱ, স্বামীয়ে ভাবিলে। তেওঁ সদায় তেওঁৰ আইতাকৰ লগত  অলিন্দটোত শোৱে, আৰু ইয়াৰ কোনো পৰিৱৰ্তন হ’লে তেওঁ গোটেই ৰাতি কঁপি থাকিব আৰু উজাগৰে থাকিব লাগিব। তেওঁ প্ৰথমতে ভাৱিছিল যে তেওঁৰ দেউতাকে তেওঁৰ  লগত কৌতুক  কৰি আছে, তেওঁ দুৰ্বলভাৱে অস্পষ্টভাৱে ক’লে, ‘হয়’ আৰু আলোচনাৰ বিষয়টো সলনি কৰাৰ চেষ্টা কৰিলে। তেওঁ বৰ উচ্চ সুৰত আৰু বৰ উৎসাহেৰে ক’লে, “আমি ইয়াৰ পিছত আমাৰ ক্ৰিকেট ক্লাবত ডাঙৰসকলোকো ভৰ্তি কৰি আছোঁ। আমি নতুন বঠা আৰু বল কিনিম। আমাৰ কেপ্তেইনজনে কথাটো আপোনাক ক’বলৈ কৈছে …।”

“আমি পিছত এইটো চাম।” দেউতাই কথাটো তাতে এৰিলে। “ইয়াৰ মাজত তুমি অকলে শুব লাগিব।” স্বামীয়ে দেখিলে যে ঘটনাটো তেওঁৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে। ই এটা প্ৰত্যাহ্বানৰ পৰা এটা সৰল আদেশলৈ সলনি হৈছে। এনেকুৱা মূহুৰ্তত দেউতাৰ আকোঁৰ-গোঁজ স্বভাৱৰ বিষয়ে তেওঁ জানে।

“অহা মাহৰ প্ৰথমৰ পৰা মই অকলে শুম, দেউতা।”

“নহয়, তুমি এতিয়াই কৰা। আইতাকৰ লগত বা আইৰ লগত এজন কেঁচুৱাৰ দৰে শোৱাটো অসন্মানজনক। তুমি হৈছা দ্বিতীয়জন আৰু তোমাক যিদৰে ডাঙৰ-দীঘল কৰা হৈছে সেয়া মই মুঠেই ভাল নাপাওঁ।” তেওঁ ক’লে আৰু তেওঁৰ ঘৈনীয়েকলৈ চালে যিজনীয়ে কেঁচুৱাৰ দোলনাটো দোলাই আছিল।  “তুমি যেতিয়া কথাটো ক’লা মোৰ পিনে কিয় চকু দিলা।” তাই সুধিলে। “ল’ৰাজনৰ বিষয়ে মই খুব কমেইহে জানো।”

“নহয়, নহয়, মই তোমাক এইটো বুজোৱা নাই।” দেউতাই ক’লে।

“তুমি যদি  বুজা যে তোমাৰ মাকে তেওঁক নষ্ট কৰি আছে, তুমি তাইক কোৱা, মোৰ পিনে নাচাবা,”  তাই ক’লে আৰু গুচি গ’ল।

স্বামীৰ দেউতাকে বিষন্নভাৱে তেওঁৰ কোলাত থকা বাতৰি কাকতখনলৈ চকু ফুৰাই বহিল।  স্বামীয়ে নীৰৱে তেওঁৰ ভৰিৰ আঙুলিৰ ওপৰত ভৰ দি ঠেক বাটটোত থকা তেওঁৰ শোৱা বিচনাখনলৈ গ’ল। আইতাকে তাইৰ বিচনাৰ ওপৰত বহি আছিল আৰু তাই ক’লে, “ ল’ৰা, তুমি ইতিমধ্যে টোপনি অনুভৱ কৰি আছানে? তুমি কাহিনী শুনিবলৈ নিবিচৰানে?” স্বামীয়ে তেওঁৰ আইতাক নীৰৱে থাকিবলৈ এটা বন্য ইংগিত কৰিলে। কিন্তু সেই ভদ্ৰ মহিলাজনীয়ে একো নুবুজিলে।  সেয়ে স্বামীয়ে নিজকে বিচনাত পেলাই দি মুখৰ ওপৰেদি কম্বলটো টানি ললে।

আইতাকে ক’লে, “তোমাৰ মুখখন ঢাকি নথবা। তুমি সঁচাকৈয়ে টোপনি অনুভৱ কৰি আছানে?” স্বামীয়ে তাইৰ পিনে আঁউজি ফুচ্‌ফুচাই ক’লে, “অনুগ্ৰহ কৰি, অনুগ্ৰহ কৰি, বন্ধ কৰা, আইতা।  মোৰ লগত কথা নাপাতিবা, আৰু কাকো মোক মাতিবলৈ নিদিবা যদিও ঘৰতখনত জুই লাগে। মই যদি এতিয়াই শুব নোৱাৰো, সম্ভৱতঃ মই মৰি যাম।” তেওঁ ঘূৰিলে আৰু বেঁকা হ’ল আৰু তেওঁৰ ওপৰৰ পৰা কম্বলখন টানি আঁতৰ নকৰালৈকে কম্বলখনৰ তলত নাক বজাই থাকিল।

ইতিমধ্যে দেউতা আহিল আৰু সিহঁতৰ ওচৰত থিয় হ’ল। “স্বামী, উঠা,” তেওঁ ক’লে। সেই বাটটোৰ আধা অন্ধকাৰত তেওঁক ভূতৰ দৰে দেখাইছিল। হলঘৰটোৰ পৰা অহা পোহৰে পথটো কিছু পোহৰাই তুলিছিল। স্বামীয়ে চটফটাইছিল আৰু গেঁঙাইছিল যেন তেওঁ টোপনিত। দেউতাকে কৈছিল, “উঠা, স্বামী।” আইতাকে ক’লে, “তুমি কিয় তেওঁক আমনি কৰি আছা?”

“উঠা স্বামী,” তেওঁ চতুৰ্থবাৰ ক’লে, আৰু স্বামী  উঠিল। দেউতাকে তেওঁৰ বিছনাটো পঁকাই ল’লে, ইয়াক তেওঁৰ বাহুৰ তলত ললে আৰু ক’লে, “মোৰ লগত আহা।” স্বামীয়ে তেওঁৰ আইতাকৰ পিনে চালে, কিছু মূহুৰ্তৰ বাবে ইতস্ততঃ কৰিলে আৰু অফিচ ৰূমটোৰ পিনে তেওঁ দেউতাকক অনুসৰণ কৰিলে।  যোৱাৰ বাটত তেওঁ তেওঁৰ মাকৰ পিনে আবেদনমূলক এটি দৃষ্টি নিক্ষেপ কৰিলে আৰু তাই ক’লে, “তুমি কিয় তেওঁক অফিচ ৰূমটোৰ পিনে লৈ গৈ আছা? মই ভাৱো সি হলটোতে শুব পাৰে।”

“মই এইদৰে নাভােবা।” দেউতাকে ক’লে আৰু স্বামীয়ে গোপনে তেওঁৰ মূৰটো নত কৰি তেওঁৰ পিছপিনে ঘূৰিলে।

“মোক হলটোতে শুবলৈ দিয়ক, দেউতা।” স্বামীয়ে আপত্তি কৰিলে। আপোনাৰ অফিচ ৰূমটো বৰ লেতেৰা আৰু আপোনাৰ আইনৰ কিতাপৰ পিছপিনে বৃচ্ছিক থাকিব পাৰে।”

“তাত কোনো বৃচ্ছিক  নাই, হে সৰু ল’ৰা, তুমি যদি ভাল পোৱা বেঞ্চতে শুবা।”

“মই এটা চাকি ৰূমটোত জ্বলাই ৰাখিব পাৰোঁনে?”

“নহয়। তুমি অন্ধকাৰক ভয় নকৰা শিকিব লাগিব। এয়া মাত্ৰ অভ্যাসৰ প্ৰশ্ন।”

“আপুনি অন্ততঃ দৰজাখন খোলা ৰাখিবনে?”

“নিশ্চয়। কিন্তু কথা দিয়া যে তুমি ৰাতি তোমাৰ বিছনাখন মেৰিয়াই তোমাৰ আইতকাৰ কাষলৈ নোযোৱা। যদি তুমি সেয়া কৰা, মনত ৰাখা যে মই তোমাক  তোমাৰ বিদ্যালয়ৰ এজন হাঁহিয়াতৰ পাত্ৰ কৰিম।”

স্বামীয়ে মানৱ সমাজখনৰ পৰা বিচ্ছিন্ন হোৱা যেন অনুভৱ কৰিলে।  তেওঁ দুখ পাইছিল আৰু খং কৰিছিল।  তেওঁ তেওঁৰ দেউতাকৰ প্ৰকৃতিত দেখা পোৱা নিৰ্দয়তা ভালপোৱা নাছিল। বাঘৰ বাতৰিটো ছপা কৰা বাবে তেওঁ বাতৰি কাকতখনক ঘৃণা কৰিবলৈ ধৰিলে।  তেওঁ ভাবিলে যদি বাঘটোৱে ল’ৰাজনক জীয়াই নাৰাখিলেহেঁতেন, যিজনে  ল’ৰা হিচাপে জীয়াই নাথাকি এটি দৈত্য হ’লহেঁতেন …।”

ৰাতি আগবাঢ়ি যোৱাৰ লগে লগে আৰু নীৰৱতা গভীৰ হোৱাৰ লগে লগে তেওঁৰ হৃদয়ৰ কঁপনি দ্ৰুত হ’বলৈ ধৰিলে।  তেওঁ জীৱনত শুনিবলৈ পোৱা চয়তান আৰু  অপদেৱতাৰ সকলোবোৰ কাহিনী মনত পৰিল। তেওঁ কিমান সঘনে তেওঁৰ চাম মানিক ৰাস্তাৰ শেষত থকা বট গছজোপাত চয়তান দেখা পোৱা বুলি শুনিছে। আৰু তেওঁ দুৰ্ভগীয়া মুনিস্বামীৰ দেউতাকৰ বিষয়ে শুনিছে, যিজনে তেজ বমি কৰিছিল কাৰণ তেওঁ ৰাতি পলমকৈ ঘৰলৈ আহি থকাৰ সময়ত নদীৰ দাঁতিত চয়তানে তেওঁৰ গালত চৰ সোধাইছিল। এনেদৰে তেওঁৰ মনত চিন্তা চলি থাকিল। তেওঁ ভয়ত মূৰ্চা গৈছিল। বাটৰ দাঁতিত জ্বলি থকা চাকিৰ পৰা পোহৰৰ ৰশ্মি আহিছিল আৰু দেৱালত তাৰ ছাঁ পেলাইছিল।  নীৰৱতাৰ মাজেদি ঘড়ীৰ টিক্‌ টিক্‌ শব্দ, গছৰ জন্‌জন্‌ শব্দ, গেঁঙনিৰ শব্দ, ৰাতিৰ কিছুমান পতঙ্গৰ চিঁচিয়নি আদি নানা শব্দ তেওঁৰ কাণত আহি পৰিছিল।  তেওঁ নিজকে ইমান টানকৈ মেৰিয়াই ল’লে যে তেওঁ প্ৰায় উশাহ ল’ব নোৱাৰা হৈছিল। প্ৰতি মূহুৰ্ততে তেওঁ ভাৱিছিল যে চয়তান আহি তেওঁক দা¿ঙি লৈ যাব। তেওঁ চতুৰ্থ শ্ৰেণীত থকা সময়ত তেওঁৰ এজন পুৰণি বন্ধুৰ তেনে ঘটনা এটিৰ  উদাহৰণ আছে। তেওঁ হঠাত অদৃশ্য হৈ গৈছিল আৰু এটা চয়তানে তেওঁক ছিয়াম বা নেপাললৈ কঢ়িয়াই লৈ গৈছিল বুলি কোৱা হয়।

স্বামীয়ে খৰগতিত উঠিল আৰু তেওঁৰ বিছনাখন বেঞ্চৰ তলত পাৰি দিলে আৰু তাত শুই পৰিল।  এই স্থানটো তেওঁ অধিক নিৰাপদ অনুভৱ কৰিলে, বেছি সংকীৰ্ণ আৰু নিশ্চিত বুলি ভাবিলে।  তেওঁ চকুযুৰি টানকৈ মুদি দিলে আৰু আকৌ তেওঁ কম্বলখনৰ ভিতৰত সোমাই পৰিল আৰু নিজকে পাহৰি টোপনি গ’ল আৰু টোপনিত তেওঁ বেয়া সপোন দেখিলে। এটা বাঘে তেওঁক খেদি আছিল। তেওঁৰ ভৰিযোৰ মাটিত লাগি ধৰিলে। তেওঁ হতাশ হৈ ৰক্ষা পোৱাৰ চেষ্টা কৰিলে কিন্তু তেওঁৰ ভৰিযোৰ  আগবাঢ়িব নোৱাৰিলে। বাঘটো আছিল তেওঁৰ পিছপিনে, আৰু তেওঁ বাঘৰ হাতোঁৰাটোৱে মাটিত আঁচোৰ দিয়া শুনিবলৈ পালে আৰু এটা পাতল আঁচোৰ অনুভৱ কৰিলে।  স্বামীয়ে তেওঁৰ চকুযুৰি খুলিবলৈ চেষ্টা কৰিলে।  কিন্তু তেওঁৰ চকুৰ পতা খোল খোৱা নাছিল। এনেদৰে বেয়া সপোনটো চলি থাকিল। সপোনটো চিৰদিন চলি থকাৰ ভাবুকি দিলে।  স্বামীয়ে হতাশাত গেঙাইছিল। 

এক নিৰাশজনক প্ৰচেষ্টাৰে তেওঁৰ চকু খুলিলে। তেওঁ তেওঁৰ কাষত থকা আইতকাৰ উপস্থিতি অনুভৱ কৰিবলৈ অভ্যাসবশতঃ হাত বাহিৰ কৰিলে, কিন্তু মাত্ৰ কাঠৰ বেঞ্চৰ ঠেংখনতহে স্পৰ্শ কৰিলে।  তেওঁৰ অকলশৰীয়া অৱস্থাটো আকৌ তেওঁৰ মনলৈ আহিল।  তেওঁ ভয়ত ঘামিবলৈ আৰম্ভ কৰিলে। আৰু এতিয়া এয়া কিহৰ জনজননি শব্দ আহিল?  তেওঁ বেঞ্চৰ কাষলৈ ঘূৰিলে আৰু অন্ধকাৰৰ পিনে ৰ্  লাগি চাই থাকিল।  কিবা কিছু ঘূৰা-ফিৰা কৰি আছিল।  তেওঁ অতি ভয়ত থৰ হৈ চাই থাকিল।  তেওঁৰ অন্তিম অৱস্থা আহি পাইছিল। তেওঁ অনুভৱ কৰিলে যে চয়তানে তেওঁক টানি উলিয়াই ছিঙি পেলাব সেয়ে তেওঁনো কিয় অপেক্ষা কৰি আছে? এইটো তেওঁৰ ওচৰ চাপি অহাৰ লগে লগে তেওঁ বেঞ্চৰ  তলৰ পৰা চঁচুৰি ওলাই আহিল আৰু তেওঁৰ সৰ্বশক্তিৰে বেঞ্চটোক সাবটি ধৰিলে আৰু তেওঁৰ দাঁতবোৰ মৰণাস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিলে …।

“আইঐ! কিবা বস্তুই মোক কামুৰিলে,” বুলি তেওঁ এটা যন্ত্ৰনাদায়ক, তীব্র চিৎকাৰ মাৰিলে আৰু উজুটি খাই আচবাব পত্রবোৰৰ ওপৰত পৰি গ’ল। এক মূহুৰ্ততে দেউতা, ৰান্ধনীজনী আৰু চাকৰজন পোহৰ লৈ সোমাই আহিল।  

আৰু এই তিনিওজনে সেই সিন্ধিকটা চোৰজনৰ  ওপৰত পৰিল যিজন আচবাব পত্ৰবোৰৰ মাজত ভৰিৰ গাঁঠিত তেজ লৈ পৰি আছিল। 

তাৰ পিছদিনাখন স্বামীক সকলোৱে অভিনন্দন জনাবলৈ ধৰিলে। তেওঁৰ শ্ৰেণীববন্ধুসকলে তেওঁক সন্মানৰ চকুৰে চাবলৈ ধৰিলে আৰু তেওঁৰ শিক্ষকে মৰমেৰে পিঠিত চাপৰ মাৰিলে। প্ৰধান শিক্ষকজনে ক’লে যে তেওঁ আছিল সঁচা অৰ্থত এজন স্কাউট। স্বামীয়ে জিলাখনৰ আটাইতকৈ কুখ্যাত এজন সিন্ধিকটা চোৰক কামুৰিলে আৰু ইয়াৰ বাবে পুলিচ তেওঁৰ প্ৰতি কৃতজ্ঞ হ’ল। 

পুলিচ ইন্সপেক্টৰজনে ক’লে, “তুমি যেতিয়া ডাঙৰ হ’বা  পুলিচৰ চাকৰিত নোসোমোৱানে?”

স্বামীয়ে সৌজন্যতাৰ খাতিৰত ক’লে, “ নিশ্চয়, যদিও তেওঁ সিদ্ধান্ত লৈছিল যে তেওঁ এজন ইঞ্জিন চালক হ’ব, এজন ৰেলৱে পহৰাদাৰ হ’ব বা পিছৰ জীৱনত বাছ ককন্ডাক্টৰ হ’ব।

দেউতাকে ক্লাবৰ পৰা ৰাতি ঘৰলৈ ওভতি আহি সুধিলে,

“ল’ৰাজন ক’ত?”

“তেওঁ শুই আছে।”

“ইতিমধ্যে!”

“তেওঁ যোৱা ৰাতি এপলকো টোপনি যোৱা নাই”, মাকে ক’লে।

“তেওঁ ক’ত শুই আছে?” 

“তেওঁৰ প্ৰতিদিনৰ বিছনাত।” মাকে ক’লে। “তেওঁ সাতবাজি ত্ৰিশ মিনিটত বিছনালৈ গৈছে।”

“আকৌ তেওঁ আইতাকৰ কাষত শুইছে!” দেউতাকে ক’লে। বিষ্মিত হ’ব লগা নাই যে তেওঁ মই ঘৰলৈ অহাৰ আগতেই শুবলৈ বিচাৰিছিল!”

মাকে তাইৰ মেজাজ হেৰুৱালে। “তেওঁ য’ত শুবলৈ ভাল পায় তাতে শুবলৈ দিয়ক। তুমি আকৌ তেওঁৰ জীৱনৰ ৰিক্স লোৱা উচিত নহয় …।” দেউতাই কাপোৰ সলনি কৰিবলৈ যোৱাৰ সময়ত মুখেৰে অস্পষ্টভাৱে কিবা ক’লে। 

“তোমালোকে যিমান পৰা ল’ৰাজনক নষ্ট কৰা। পিছলৈ মোক দোষ নিদিবা …।”

স্বামীয়ে গোটেই আলোচনাটো কম্বলৰ তলৰ পৰা শুনি অতিপাত সকাহ  অনুভৱ কৰিলে যে দেউতাকে অৱশেষত তেওঁক এৰি দিলে। ০ ০ ০

অসমীয়া অনুবাদত বিশ্ব চুটি গল্প

লীলাৰ বন্ধু

মূল ইংৰাজীঃ আৰ কে নাৰায়ন 

সিদ্ধই এনে মূহুৰ্তত দুৱাৰ মুখত ওলমি ফুৰিছিল যেতিয়া শিৱশংকৰে চাকৰৰ সমস্যাৰ বিষয়ে ভাৱি ঘৰৰ সন্মুখৰ বাৰান্দাত থিয় হৈ আছিল ।

“মহাশয়, আপুনি এজন চাকৰ বিচাৰেনে?” সিদ্ধই সুধিছিল।  মহাশয় শিৱশংকৰে কৈছিল, “সোমাই আহা।” সিদ্ধই গেটখন খুলি যেতিয়া সোমাই আহিল, শিৱশংকৰে তেওঁৰ পিনে চালে আৰু নিজকে ক’লে, “তেওঁক বেয়া প্ৰকৃতিৰ যেন নালাগে … ।” যিয়ে নহওঁক কিয় ল’ৰাজন দেখাত পৰিপাটি। “তুমি আগতে ক’ত আছিলা?” তেওঁ সুধিলে।

সিদ্ধই ক’লে, “ তাত এখন বাংগালোত, ডক্টৰৰ ঘৰত।”

“তেওঁৰ নাম কি?”

“মই নাজানো, মহাশয়”, সিদ্ধই কৈছিল। “তেওঁ বজাৰৰ ওচৰত বাস কৰে।”

“সিহঁতে কিয় তোমাক খেদি পঠালে?”

সিহঁতে নগৰখন এৰিলে, মহাশয়।” সিদ্ধই সৰলভাৱে ক’লে। মহাশয় শিৱশংকৰে সুধিলে, “তুমি কোন ধৰণৰ কাম কৰিব পাৰা?”

“যিকোনো কাম। মোক কৰিবলৈ দিয়া যিকোনো কাম মই কৰিম।”

মহাশয় শিৱশংকৰে নিজৰ মত স্থিৰ কৰিবলৈ অপাৰগ হৈছিল। তেওঁ তেওঁৰ পত্মীক মাতিলে। তাই তেওঁৰ পিনে লক্ষ্য কৰিছিল আৰু কৈছিল, “আমি আগতে ৰখা আনসকলতকৈ তেওঁক বেছি বেয়া নালাগে … ।”  সিহঁতৰ পাঁচবছৰীয়া ছোৱালীজনী ওলাই আহিল, সিদ্ধৰ পিনে চালে আৰু আনন্দত চিঞৰি উঠিল। “অহ, দেউতা!” তাই কৈছিল, “মই তেওঁক ভাল পাওঁ। তেওঁক আঁতৰাই নপঠিয়াব। তেওঁক আমাৰ ঘৰত ৰখা যাওঁক।” আৰু সিহঁতে ৰখাৰ সিদ্ধান্ত লৈছিল।

সিদ্ধই কাপোৰ ধুইছিল, বাছিগাত কাম কৰিছিল, খবৰ অনা-নিয়া কৰিছিল, খৰি কাটিছিল আৰু লীলাক দেখা-শুনা কৰিছিল আৰু ইয়াৰ পৰিৱৰ্তে সিদ্ধক দিনত দুসাজ খাদ্য আৰু মাহেকত চাৰি টকা দিয়া হৈছিল।

“সিদ্ধ আহা আৰু খেলা,” লীলাই কান্দিবলৈ লৈছিল, আৰু সিদ্ধই কৰিবলৈ লোৱা কাম এৰি হাতত ৰঙা বল লৈ বাগিছাত থিয় দি থকা তাইৰ ওচৰলৈ দৌৰি আহিছিল। তেওঁৰ সঙ্গই তাইক অতিপাত সুখী কৰিছিল। তাই তেওঁলৈ বলটো দলিয়াই দিছিল আৰু তেওঁ ওভতাই পঠিয়াইছিল। পিছত তাই কৈছিল, “এতিয়া বলটো আকাশলৈ দলিয়াই দিয়া। সিদ্ধই বলটো হাতেৰে খামোচি ধৰিছিল, এক মূহুৰ্তমানৰ কাৰণে চকু দুটা মুদি দিছিল  আৰু বলটো ওপৰলৈ দলিয়াই দিছিল। যেতিয়া বলটো আকৌ তললৈ নামি আহিছিল, তেওঁ কৈছিল, “এইবাৰ বলটোৱে চন্দ্ৰটো স্পৰ্শ কৰি আহিল।  তুমি চোৱা চন্দ্ৰটোৰ সামান্য অংশ ইয়াত লাগি আছে। ” লীলাই তীক্ষ্ণভাৱে বলটো পৰীক্ষা কৰিছিল আৰু কৈছিল, “মই এইটো দেখা নাই।”

“তুমি ইয়াৰ বাবে অতি সোনকাল কৰিব লাগিব।” সিদ্ধই কৈছিল, কাৰণ  ই বাষ্প হৈ আকৌ চন্দ্ৰলৈ উভতি যাব। সোনকাল কৰা।” তেওঁ বলটো টানকৈ আঙুলিৰে আবৃত কৰি ধৰিছিল আৰু তাইক সামান্য ফাঁকেৰে ভূমুকি চাবলৈ দিছিল।

“অহ, হয়,” লীলাই কৈছিল। “মই চন্দ্ৰটোক দেখা পাইছোঁ, কিন্তু চন্দ্ৰটো বৰ জিকানে?”

নিশ্চয়ই, জিকা।” সিদ্ধই কৈছিল।

“আকাশত কি আছে, সিদ্ধ?”

“ঈশ্বৰ”, তেওঁ কৈছিল।

আমি যদি ঘৰৰ চালত থিয় দিওঁ আৰু আমাৰ বাহু মেলি দিওঁ আমি চন্দ্ৰটো স্পৰ্শ কৰিব পাৰিমনে?”

‘আমি যদি ঘৰৰ চালত থিয় দিও তেন্তে নোৱাৰিম।” তেওঁ কৈছিল, “কিন্তু তুমি যদি নাৰিকল গছত উঠা তেন্তে আকাশ স্পৰ্শ কৰিব পাৰিবা।”

“তুমি এয়া কৰি পাইছানে?” লীলাই সুধিছিল।

“হয়, বহুতবাৰ,” সিদ্ধই কৈছিল, “যেতিয়া চন্দ্ৰটো ডাঙৰ হয়, মই নাৰিকল গছলৈ বগাই উঠো আৰু ইয়াক স্পৰ্শ কৰোঁ।”

“চন্দ্ৰটোৱে তোমাক চিনি পায়নে?”

“হয়, বৰ ভালকৈয়ে চিনি পায়। এতিয়া মোৰ লগত আহা। মই তোমাক নতুন কিবা দেখুৱাম।” সিহঁতে গোলাপ পুলিটোৰ ওচৰত থিয় দি আছিল। তেওঁ আঙুলিয়াই কৈছিল, “তুমি চন্দ্ৰটো তাত দেখিছিলা, নহয়নে?”

“হয়।”

“এতিয়া মোৰ লগত আহা।” তেওঁ কৈছিল আৰু তাইক পিছ চোতাললৈ লৈ গৈছিল। তেওঁ কুঁৱাটোৰ ওচৰত ৰৈছিল আৰু ওপৰলৈ আঙুলিয়াই দিছিল। চন্দ্ৰটো তাতে আছিল। লীলাই হাত চাপৰি বজাইছিল আৰু বিষ্ময়ত চিঞৰি উঠিছিল, “চন্দ্ৰটো ইয়াতে! এইটো তাতে আছিল। এয়া কেনেকৈ সম্ভৱ?”

“ইয়াক মই আমাৰ পিছে পিছে আহিবলৈ কৈছোঁ।”

লীলাই দৌৰিছিল আৰু তাইৰ মাকক কৈছিল, “সিদ্ধই চন্দ্ৰটোক জানে। সন্ধিয়া সময়ত তেওঁ তাইক ভিতৰলৈ লৈ গৈছিল আৰু তাই তেওঁৰ বাবে এটি ক্লাচ লৈছিল। তাইৰ  চিত্ৰ-বিচিত্ৰ কিতাপ আৰু পেঞ্চিল ভৰ্তি এখন বাকচ আছিল। সিদ্ধৰ শিক্ষক হ’বলৈ পাই তাই বৰ আনন্দ পাইছিল। তাই তেওঁক  হাতৰ আঙুলিৰ মাজত এটা পেঞ্চিল আৰু সন্মুখত কিতাপ এখন দি মাটিত লেপেটা কাঢ়ি বহুৱাইছিল। তাইৰ আন এখন পেঞ্চিল আৰু  কিতাপ আছিল আৰু তাই  আদেশ কৰিছিল, “এতিয়া লিখা।” তাই তাইৰ কিতাপৰ পাতত যি লিখিছিল তেওঁ সেইবোৰ কপি কৰাৰ চেষ্টা কৰিব লাগিছিল। তাই বৰ্ণমালৰ দুটা বা তিনিটা বৰ্ণ জানিছিল আৰু  মেকুৰী আৰু কাউৰীৰ দৰে কিবা আঁকিব জানিছিল। কিন্তু সিদ্ধই সেইবোৰৰ কোনো এটা সামান্যভাৱেও কপি কৰিব পৰা নাছিল।  তেওঁৰ প্ৰচেষ্টা পৰীক্ষা কৰি কৈছিল, “মই যেনেদৰে কাউৰীটো অংকন কৰিছো ই তেনে নে? মই যেনেদৰে ‘বি’ লিখিছোঁ ই তেনে হয়নে?” তাই তেওঁক সহানুভূতি দেখুৱাইছিল আৰু তেওঁক শিকাবলৈ তাইৰ প্ৰচেষ্টা দুগুণ কৰিছিল।  কিন্তু সুন্দৰ ল’ৰাজন যিজনে চন্দ্ৰটো নিয়ন্ত্ৰণ কৰিবলৈ পাকৈত আছিল, তেওঁ পিঞ্চিল ব্যৱহাৰ কৰিবলৈ সম্পূৰ্ণৰূপে অসমৰ্থ আছিল। ফলস্বৰূেপ লীলাই  তেওঁক কঠিন হাতৰ গাঁঠি ফুটি নোযোৱালৈকে তেওঁৰ আসনত বহুৱাই ৰাখিছিল।  তেওঁ ইয়াৰ পৰা ৰেহাই পাইছিল এইখিনি কৈ, “মই ভাৱো তোমাৰ মাকে তোমাক ডিনাৰৰ বাবে মাতি আছে।” লীলাই পেঞ্চিল এৰি কোঠাটোৰ বাহিৰলৈ দৌৰি গৈছিল আৰু স্কুলৰ সময় শেষ হৈছিল। ডিনাৰৰ পিছত লীলাই তাইৰ বিছনালৈ দৌৰিছিল। সিদ্ধই গল্প ক’বলৈ সাজু থাকিব লাগিছিল। তেওঁ বিছনাৰ কাষত মজিয়াত বহিছিল আৰু গল্প কৈছিল যিবোৰ সেইবোৰ গল্পৰ সমপৰ্যায়ৰ নাছিল যি গল্পত হাবিৰ জন্তু, স্বৰ্গৰ দেৱতা আৰু  মন্ত্ৰ মাতি সোনৰ দুৰ্গ তৈয়াৰ  কৰা, সৰু ৰাজকুমাৰী আৰু সিহঁতৰ পোহনীয়া জন্তুৰে ভৰ্তি কৰিব পৰা যাদুকৰৰ গল্প আছিল।

দিনে দিনে তাই তেওঁৰ অধিক ওচৰ চাপি আহিছিল। তাই  সাৰে থকা গোটেই  ঘন্টাজুৰি তেওঁক সংগী হিচাপে পাবলৈ জোৰ দিছিল।  তেওঁ যেতিয়া বাগিছাত কাম কৰিছিল অথবা খৰি কাটিছিল তাই তেওঁৰ কাষত আছিল আৰু যেতিয়া তেওঁ বাতৰি অনা-নিয়া কৰিছিল তাই লগত গৈছিল। 

এদিনাখন তেওঁ কিছু চেনি কিনিবলৈ বাহিৰলৈ গৈছিল আৰু লীলাই তেওঁৰ লগত গৈছিল। যেতিয়া সিহঁতে ঘৰলৈ আহিছিল, লীলাৰ  মাকে লক্ষ্য কৰিছিল যে লীলাই পিন্ধি থকা সোণৰ চেইনটো লগত নাই। “তোমাৰ চেইনটো ক’ত।” তাই সুধিছিল। লীলাই তাইৰ চোলাৰ পিনে চাইছিল, বিচাৰিছিল আৰু কৈছিল, “মই নাজানোঁ।” তাইৰ মাকে তাইক থাপৰ মাৰি কৈছিল, “মই তোমাক বহুতবাৰ  ইয়াক খুলি বাকচত থৈ দিবলৈ নকৈছিলোনে?” “সিদ্ধ, সিদ্ধ!”  বুলি এক মূহুৰ্ত পিছত চিঞৰিছিল। সিদ্ধই যেতিয়া সোমাই আহিছিল, লীলাৰ মাকে তেওঁৰ পিনে চাইছিল আৰু ভাবিছিল যে ল’ৰাজন অদ্ভুদ দেখাইছে। তাই তেওঁক চেইনটোৰ বিষয়ে সুধিলে। তেওঁৰ ডিঙি শুকাই গৈছিল। তেওঁ চকু পিৰপিৰ কৰি নাজানে বুলি কৈছিল।  তাই পুলিচৰ কথা উল্লেখ কৰি তেওঁলৈ চিঞৰিছিল। তাই ৰান্ধনি ঘৰলৈ এক মূহুৰ্তমানৰ কাৰণে যাব লগা হৈছিল কাৰণ তাই চৌকাটোত কিবা এৰি আহিছিল। লীলাই কান্দি কান্দি তাইৰ পিছে পিছে গৈছিল। “মোক কিছু চেনি দিয়া মা, মই ভোকাতুৰ।” যেতিয়া সিহঁত পুনৰ উভতি আহিল আৰু ‘সিদ্ধ, সিদ্ধ’ বুলি মাতিলে, তাত কোনো উত্তৰ নাছিল। সিদ্ধই ৰাতিৰ অন্ধকাৰত অদৃশ্য হৈ গৈছিল।

মহাশয় শিৱশংকৰ এঘন্টামান পিছত ঘৰলৈ আহিছিল, ঘটনাটোকলৈ উত্তেজিত হৈছিল আৰু আৰক্ষীচকীলৈ গৈ এটা অভিযোগনামা দাখিল কৰিছিল।

আহাৰ গ্ৰহণৰ পিছত লীলাই বিছনালৈ যাবলৈ অমান্তি হৈছিল। “মই নুশুম যদিয়ে সিদ্ধ আহি মোক গল্প নুশুনায় …।” মই তোমাক ভাল নাপাওঁ, মা। তুমি সদায় সিদ্ধক গালি পাৰি থাকা আৰু আমনি কৰি থাকা। তুমি কিয় ইমান কঁঠুৱা?”

“কিন্তু তেওঁ তোমাৰ চেইনডাল লৈছে, … ।”

“তেওঁক ল’বলৈ দিয়া। ই কোনো কথা নহয়। মোক গল্প কোৱা।”

“শোৱা, শোৱা”, মাকে তাইক বিছনাত শুৱাবলৈ চেষ্টা কৰি কৈছিল।

“মোক এটা সাধুকথা কোৱা, মা।” লীলাই কৈছিল। এতিয়া এটা সাধুৰ বিষয়ে ভবাটো তাইৰ বাবে সম্পূৰ্ণ অসম্ভৱ আছিল। তাইৰ মনটো অতিপাত খেলিমেলি অৱস্থাত আছিল। সিদ্ধৰ চিন্তাই তাইক ভয়াতুৰ কৰিছিল। এই ল’ৰাজনে ৰাতি আহি ঘৰৰ বস্তুবোৰ লুট কৰি লৈ যাব পাৰে। তাই কি যে বদমাচ ল’ৰা এজনক তাইৰ ঘৰত ইমানদিনে আশ্ৰয় দি আছিল সেয়া ভাবি কঁপি উঠিছিল।  ই  ভগৱানৰ দয়া যে তেওঁ চেইনটোৰ কাৰণে ছোৱালীজনীক হত্যা কৰা নাই। “শোৱা, লীলা শোৱা” তাই কৈছিল। “তুমি হাতীৰ গল্পটো ক’ব নোৱাৰানে?” লীলাই সুধিছিল।

লীলা সন্তুষ্ট হোৱা নাছিল আৰু সুধিছিল, “সিদ্ধই কিয় আমাৰ চকীত নবহে, মা?”  মাকে প্ৰশ্নটোৰ উত্তৰ দিয়া নাছিল।  লীলাই এক মূহুৰ্ত পিছত কৈছিল, “সিদ্ধই গুচি গৈছে কাৰণ তেওঁক আমাৰ দৰে ঘৰৰ ভিতৰত শুবলৈ দিয়া নহয়। তেওঁক কিয় সদায় ঘৰৰ বাহিৰত শুবলৈ দিয়া হয়, মা? মই ভাবো তেওঁ আমাৰ সৈতে খং কৰিছে।”

শিৱশংকৰ উভতি অহাৰ আগে আগে লীলাই শুই পৰিছিল। তেওঁ কৈছিল, “সেই ল’ৰাজনক নিযুক্তি দি আমি কি বিপদ চপাই লৈছিলোঁ? দেখা যায় তেওঁ এজন দাগী অপৰাধী। তেওঁ ল’ৰা-ছোৱালীৰ অলংকাৰ চুৰি কৰাৰ অপৰাধত ছয়বাৰমান জেইললৈ গৈছিল। (মই দিয়া বৰ্ণনাৰ পৰা) এক মূহুৰ্তত পুলিচ ইন্সপেক্টৰজনে তেওঁক চিনাক্ত কৰিবলৈ সমৰ্থ হৈছিল।”

“তেওঁ এতিয়া ক’ত?” ঘৈনীয়েকে সুধিছিল।

“ তেওঁ সঘনে অহা-যোৱা কৰা ঠাইসমূহ পুলিছে জানে। চিন্তা নকৰিবা, সিহঁতে তেওঁক অতি সোনকালেই ধৰিব। মই তেওঁক নিযুক্তি দিয়াৰ আগতে পুলিচৰ লগত পৰামৰ্শ  নকৰাৰ বাবে পুলিচে মোৰ লগত খং কৰিলে।”

চাৰিদিন পিছত যেতিয়া দেউতাই অফিচৰ পৰা ঘৰলৈ আহিছিল, তেতিয়া এজন পুলিচ ইন্সপেক্টৰ আৰু এজন কনিষ্টবলে সিদ্ধক লৈ আহিছিল। সিদ্ধই নতশিৰে থিয় দি আছিল। লীলাই অতিপাত  আনন্দিত হৈছিল। “সিদ্ধ! সিদ্ধ!” তাই চিঞৰি উঠিছিল আৰু তেওঁক লগ ধৰিবলৈ খটখটীলৈ দৌৰি গৈছিল।

তাইক বিৰত কৰি ইন্সপেক্টৰজনে কৈছিল, “তেওঁৰ ওচৰলৈ নাযাবা।”

“কিয় নাযাম?”

“তেওঁ এজন চোৰ। তেওঁ তোমাৰ সোনৰ চেইনডাল চোৰ কৰিছে।”

“তেওঁক ল’বলৈ দিয়া। মই নতুন এডাল ল’ম।” লীলাই কৈছিল আৰু সিহঁতৰ সকলোৱে হাঁহিছিল। ইয়াৰ পিছত মহাশয় শিৱশংকৰে সিদ্ধৰ লগত কথা পাতিছিল; তাৰ পিছত তেওঁৰ ঘৈনীয়েকে  তেওঁৰ বিশ্বাসঘাতকতাৰ ওপৰত তেওঁক সম্বোধন কৰি কিছু  কথা কৈছিল। পিছত সিহঁতে চেইনডাল ক’ত থৈছিল বুলি তেওঁক সুধিছিল।

“মই এইটো লোৱা নাই।” সিদ্ধই মাটিৰ পিনে চাই দুৰ্বলভাৱে কৈছিল।

“তুমি এয়া নকৈ কিয় পলাই গৈছিলা?” লীলাৰ মাকে সুধিছিল। ইয়াৰ কোনো উত্তৰ দিয়া নাছিল।

লীলাৰ মুখন ৰঙা  পৰি গৈছিল। ‘অহ, পুলিচ, তেওঁক এৰি দিয়ক। মই তেওঁৰ লগত খেলিব বিচাৰো।”

“মৰমৰ ছোৱালী, তেওঁ এজন চোৰ।” পুলিচ ইন্সপেক্টৰজনে কৈছিল।

“তেওঁক তেনে হ’বলৈ দিয়া,” লীলাই অহংকাৰ ভাৱত কৈছল।

“তুমি এনেকুৱা নিষ্পাপ শিশুৰ পৰা কেনেদৰে চোৰ কৰিব পাৰিলা?” ইন্সপেক্টৰজনে মন্তব্য কৰিছিল।

“এতিয়াও যথেষ্ট পলম হোৱা নাই। এইটো উভতাই দিয়া।  তুমি তেনে কাম পুনৰ নকৰিম বুলি কথা দিলে মই তোমাক এৰি দিম।” লীলাৰ দেউতা আৰু মাকে এই আবেদনত  যোগ দিছিল। লীলাই গোটেই ঘটনাটোৰ ওপৰত বিতৃষ্ণা অনুভৱ কৰিছিল আৰু কৈছিল, “তেওঁক এৰি দিয়ক, তেওঁ চেইনডাল লোৱা নাই।”

“তুমি বিচাৰৰ নিৰাপদ সাক্ষী নহয়, হে ছোৱালীজনী” ইন্সপেক্টৰজনে হাঁহি হাঁহি কৈছিল।

লীলাই চিঞৰি কৈছিল, “নহয়, তেওঁ এইটো লোৱা নাই।”

তাইৰ দেউতাই কৈছিল, “ছোৱালীজনী, তুমি যদি ভালদৰে আচৰণ নকৰা, মই তোমাৰ লগত বৰ খং কৰিম।”

আধা ঘন্টামান পিছত ইন্সপেক্টৰজনে কনিষ্টবলজনক কৈছিল, “তেওঁক আৰক্ষী চকীলৈ লৈ যোৱা। মই আজি ৰাতি তেওঁৰ লগত বহিব লাগিব।” কনিষ্টবলজনে সিদ্ধক হাতত ধৰি যাবলৈ ওলাইছিল। লীলাই সিহঁতৰ পিছে পিছে দৌৰি কান্দি কান্দি কৈছিল, “তেওঁক লৈ নাযাব। তেওঁক ইয়াতে এৰি দিয়ক, তেওঁক ইয়াতে এৰি দিয়ক।” তেওঁ সিদ্ধৰ হাতত ধৰি থাকিল। তেওঁ তাইৰ প্ৰতি নিৰ্বাকভাৱে, জন্তুৰ দৰে চাইছিল। মহাশয় শিৱশংকৰ ওচৰলৈ গৈছিল আৰু লীলাক ঘৰৰ ভিতৰলৈ উভতাই আনিছিল। লীলাই চকুলো টুকিছিল।

প্ৰতিদিন যেতিয়া শিৱশংকৰ ঘৰলৈ আহিছিল তেওঁক ঘৈনীয়েকে সুধিছিল, “অলংকাৰটোৰ কিবা খবৰ পালেনে?” আৰু ছোৱালীজনীয়ে সুধিছিল, “সিদ্ধ ক’ত আছে?”

“সিহঁতে এতিয়াও তেওঁক হাজোতত ৰাখিছে যদিও তেওঁ বৰ আঁকোৰগোঁজ স্বভাৱৰ আৰু অলংকাৰটোৰ বিষয়ে একো কোৱা নাই।” মহাশয় শিৱশংকৰে কৈছিল। “বাহ! কিমান কঠোৰ হ’ব পাৰে ল’ৰাজন,” তেওঁৰ ঘৈনীয়েকে কঁপি কঁপি কৈছিল।

“অহ! যিসকলে এবাৰ বা দুবাৰ জেইললৈ যায় সিহঁতে সকলো ভয় হেৰুৱাই পেলায়। সিহঁতক কোনো বস্তুৱেই স্বীকাৰ কৰাব নোৱাৰে।”

কিছুদিন পিছত, ৰান্ধনি ঘৰত থকা তেঁতেলীৰ পাত্ৰত হাত সোমাৱাই দি, লীলাৰ মাকে চেইনডাল উলিয়াই আনিলে। তাই সেইটো পানীৰ টেপলৈ লৈ গৈছিল আৰু ইয়াৰ ওপৰত লাগি ধৰা তেঁতেলীৰ তৰপটো ধুই পেলাইছিল। এইটো  আছিল নিঃসন্দেহে সেই সোনৰ চেইনডাল। যেতিয়া এইটো লীলাক দেখুওৱা হৈছিল তাই কৈছিল, “এইটো  দিয়া। মই ইয়াক পৰিধান কৰিব বিচাৰোঁ।”

“এইটো তেঁতেলীৰ পাত্ৰত কেনেকৈ সোমাইছিল?” মাকে সুধিছিল।

“কেনেবাকৈ”, লীলাই উত্তৰ দিছিল।

“তুমি এইটো তাত থৈছিলানে?” মাকে সুধিছিল।

“হয়।”

“কেতিয়া?”

“বহু আগতে, এদিনাখন।”

“তুমি কিয় আগতে কোৱা নাছিলা?”

“মই নাজানো”, লীলাই কৈছিল।

যেতিয়া দেউতা ঘৰলৈ আহিছিল আৰু এইটোৰ বিষয়ে কোৱা হৈছিল, তেওঁ কৈছিল, “ইয়াৰ পিছত ছোৱালীজনীক কোনো চেইন দিয়া নহ’ব। মই তোমাক কোৱা নাছিলোনে যে মই তাইক এইটো এবাৰ নে দুবাৰ হাতত লৈ ফুৰি থকা দেখা পাইছিলোঁ। তাই হয়তো কেতিয়াবা এইটো  পাত্ৰটোত পেলাই দিছিল। আৰু এই সকলো অশান্তি তাইৰ বাবেই।”

সিদ্ধাৰ কি হ’ল?” মাকে সুধিছিল।

মই ইন্সপেক্টৰজনক অহাকালি ক’ম …। যিয়েই নহওঁক, আমি তেওঁৰ দৰে এজন অপৰাধীক ঘৰত ৰাখিব নোৱাৰোঁ।” ০ ০ ০

অসমীয়া অনুবাদত বিশ্ব চুটি গল্প

এজনী সাহসী ব্রিটিছ স্কুলীয়া ছোৱালী

মূল ইংৰাজীঃ টিল্লী স্মিথ (ইংলেণ্ড)

(২০০৪ চনৰ ২৬ ডিচেম্বৰত এটা চুনামীয়ে থাইলেণ্ড, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, তামিলনাডু উপকূল আৰু শ্ৰীলংকাক আঘাত কৰিছিল। টিল্লী স্মিথ নামৰ এজনী ব্রিটিছ স্কুলীয়া ছোৱালীয়ে বহুতৰ প্ৰাণ ৰক্ষা কৰিছিল যেতিয়া চুনামীয়ে থাইলেণ্ডৰ ফুকেট বীচত আঘাত হানিছিল।)

২০০৪ চনত স্মিথ পৰিয়ালটো থাইলেণ্ডলৈ আহিছিল। সিহঁতে দক্ষিণ থাইলেণ্ডৰ উকূলীয় ভ্ৰমণ স্থানত বৰদিন উৎযাপন কৰি আছিল।

টিল্লী স্মিথ আছিল দহ বছৰীয়া এজনী স্কুলীয়া ছোৱালী। তাইৰ ভন্টিৰ বয়স আছিল সাত। পেন্নী আৰু কলিং স্মিথ আছিল  সিহঁতৰ পিতৃ-মাতৃ। 

সেয়া আছিল ২০০৪চনৰ ২৬ ডিচেম্বৰ। প্ৰাণনাশক চুনামী ঢৌবোৰ ইতিমধ্যে সিহঁতৰ বাটত আছিল। “পানী ওফন্দি আছিল আৰু আগবাঢ়ি আহি আছিল।” পেন্নী স্মিথে মনত পেলাইছিল, “উপকূলটো সৰুৰ পৰা সৰু হৈ আহি আছিল। মই জনা নাছিলোঁ কি ঘটি আছিল।” কিন্তু টিল্লী স্মিথে অনুভৱ কৰিছিল যে কিবা এটা ঘটি আছে। তাইৰ ভূগোলৰ এটা পাঠলৈ মনত পৰিল যিটো তাই পিতৃ-মাতৃৰ লগত থাইলেণ্ডলৈ অহাৰ  মাত্ৰ দুই সপ্তাহ আগতে ইংলেণ্ডত গ্ৰহণ কৰিছিল।

টিল্লীয়ে দেখা পাইছিল যে সাগৰটো লাহে লাহে ওফন্দি আছে আৰু  ফেন, পানীৰ বুদবুদনি আৰু চাকনৈয়া গঠন হৈ আছে। তাই মনত পেলালে যে তাই এইটো শ্ৰেণীত এটা চুনামীৰ ভিডিঅ’ত দেখা পাইছিল। এইটো আছিল সেই চুনামীৰ যিটো ১৯৪৬ চনত হাৱাই দ্বীপপুুঞ্জত আঘাত কৰিছিল। এনেদৰে  ইয়াৰ ওপৰত তাইৰ অলপ জ্ঞান আছিল।

টিল্লীয়ে উপকূলৰ পৰা আঁতৰি যাবলৈ তাইৰ পৰিয়াললৈ চিঁঞৰিবলৈ আৰম্ভ কৰিলে। টিল্লীৰ পিতৃ-মাতৃয়ে এইটো মুঠেই বুজিব পৰা নাছিল। কিন্তু সিহঁতৰ ছোৱালীয়ে বৰ ভয় খোৱা লক্ষ্য কৰি  সিহঁতে ভাবিছিল  গুৰুতৰ কিবা ঘটি আছে। ইয়াৰ পিছত সোনকালে সিহঁতে টিল্লী আৰু তাইৰ ভন্টিক  উপকূলৰ পৰা হোটেললৈ লৈ গ’ল।  সিহঁতৰ লগত বহু সংখ্যক অন্যান্য ভ্ৰমণকাৰীয়েও উপকূল এৰিলে। ইয়াৰ  পিছত এয়া ঘটিল যেন গোটেই সাগৰখন সিহঁতৰ  পিছে পিছে উঠি আহিছে। টিল্লীৰ মাকে তীব্রভাৱে চিঞৰিলে, ‘দৌৰা!’

পৰিয়ালটোৱে হোটেলখনৰ তৃতীয় মহলাত আশ্ৰয় ললে।  অট্টালিকাটোৱে তিনিটা চুনামীৰ ঢৌ সহ্য কৰিলে। সিহঁতে যদি উপকূলটোত থাকিলেহেঁতেন সিহঁত চুনামীত ভাঁহি গ’লহেঁতেন। পিছত অন্যান্য ভ্ৰমণকাৰীসকলে টিল্লী আৰু তাইৰ ভূগোলৰ জ্ঞানক ধন্যবাদ জনাইছিল। টিল্লীয়ে ইংলেণ্ডত থকা তাইৰ বিদ্যালয়লৈ উভতি গৈ তাইৰ এই ভয়ঙ্কৰ কাহিনীটো সহপাঠীসকলক কৈছিল। ০ ০ ০

বিঃ দ্ৰঃ এজনী সাহসী ব্রিটিছ স্কুলীয়া ছোৱালী’ গল্পটিৰ ইংৰাজী শিৰোনাম হৈছে  ‘A Brave British Girl’.

অসমীয়া অনুবাদত বিশ্ব চুটি গল্প

কেন খুড়াৰ পাখিযুক্ত শতৰুবোৰ 

মূল ইংৰাজীঃ ৰাস্কিন বণ্ড (ভাৰত)

এইটো আছিল খুড়া কেনৰ বাবে দুঃসময়। তেওঁ অকল তেওঁৰ ভনীয়েকসকলৰ দ্বাৰা বা মুক্ত পৃথিৱীৰ দ্বাৰাই শাস্তি পাই  থকা নাছিল বৰং তেওঁ আমাৰ কম্পাউণ্ডৰ চৰাইবোৰৰ দ্বাৰাও  শাস্তি পাই আছিল।

এদিনাখন কেন খুড়া এটা কিচমিচৰ পিঠাত কামোৰ মাৰিব ওলাইছিল। হঠাৎ এটা শেন চৰাই তলতলৈ সোঁ-সোঁৱাই নামি আহি পিঠাটো থাপ মাৰি লৈ দূৰলৈ উৰি গ’ল।

এবাৰ কেন খুড়া হূলস্থুল  কৰি থকা কাউৰীৰ জাকলৈ তেওঁৰ বায়ু-বন্দুকটোৰে গুলি কৰিছিল। এটা কাউৰী বাৰান্দাৰ খটখটীত সৰি পৰিল। আৰু  ইয়াৰ ফলাফলটো আছিল এয়া যে  কাউৰীবিলাকে তেওঁক কেতিয়াও ক্ষমা কৰা নাছিল। ইয়াৰ পিছৰ পৰা কেন খুড়াই মাত্ৰ কেই মিনিটমানৰ বাবেহে ঘৰৰ বাহিৰলৈ ওলাব পাৰিছিল। কাউৰীবিলাকে তেওঁৰ পিনে পোনে পোনে উৰি আহিছিল। দহৰ পৰা পোন্ধৰটামান হুলস্থলীয়া কাউৰীৰ দল এটাই পাখি কোবাই তেওঁৰ পিনে হঠাৎ  উৰি আহিছিল আৰু তেওঁৰ  টুপীটোত খুন্দা মাৰি পেলাই দিছিল আৰু তেওঁৰ বাহুত আঁচোৰ মাৰিছিল। যদি কেন খুড়াই কম্পাউণ্ডটো এৰিব বিচাৰিছিল, তেওঁ পিছৰ বাৰান্দাৰে পলাই যাব লাগিছিল। আনকি তাতো তেওঁ দুটা বা তিনিটা উন্মত্ত কাউৰীৰ দ্বাৰা খেদা খাইছিল।

এনে শাস্তি দুই বা তিনি সপ্তাহ জুৰি চলিছিল।  অন্য কোনো উপায় নাপাই, কেন খুড়াই এক ছদ্মেবশ ধাৰণ কৰিলে।  তেওঁ কৃত্ৰিম দাড়ি পৰিধান কৰিলে, এটা হৰিণৰ ছালৰ টুপী পিন্ধিলে, এটা দীঘল, ক’লা ঢিলা পোছাক পৰিধান কৰিলে আৰু আতাৰ পুৰণি বুটজোতাযোৰ পিন্ধিলে।  প্ৰথমতে কাউৰীবোৰে বিবুদ্ধিত পৰিছিল আৰু তেওঁৰ পৰা আঁতৰি থাকিবলৈ লৈছিল। কিন্তু আতাৰ পোহনীয়া নেউল, ক্ৰেজিয়ে তেওঁৰ প্ৰতি খঙালভাৱে ভুকি থাকিবলৈ আৰম্ভ কৰিলে আৰু কেন খুড়াৰ ঢিলা পোছাকটোত ধৰিলে আৰু তেওঁক এৰা নিদিলে। ঠিক সেই সময়তে মই উপস্থিত হ’লোঁ আৰু তেওঁক উদ্ধাৰ কৰিলোঁ। 

এইটো আছিল মৌচুমী ঋতু। ঘৰৰ পিছফালে থকা পুখুৰীটো পানীৰে পৰিপূৰ্ণ হৈ বৈ গৈছিল। গোটেই বাৰান্দাৰ মাজেদি ভেকুলীবোৰে জঁপিয়াই ফুৰিছিল। এদিনাখন ৰাতিপুৱা আতাই মোক পিছপিনে থকা বাৰান্দালৈ মাতিছিল আৰু মোক পুখুৰীটোলৈ নমাই দিছিল। তাৰ পিছত তেওঁ মোক এযোৰ নতুন আলহীলৈ আঙুলিয়াই দিছিল। সেইযোৰ আছিল ৰঙ্গীন সাৰেং যিযোৰে সিহঁতৰ দীঘল ভৰিৰে  পানীৰ মাজত খোজকাঢ়ি আছিল।  সিহঁতে মাছ, ভেকুলী বা সিহঁতে ভালপোৱা যিকোনো বস্তু ধৰি খাই আছিল।  সিহঁতে আমাৰ প্ৰতি কোনো মনোযোগ দিয়া নাছিল। কিন্তু কেন খুড়াই তেওঁৰ কোডাক কেমেৰাখন লৈ পানীত নামি গৈছিল আৰু  সেই ভ্ৰমণকাৰী চৰাই দুটাৰ  ফটো লৈছিল। মিষ্টাৰ সাৰেংটোৱে কেন খুড়াক লিলি ফুলৰে পৰিপূৰ্ণ পানীৰ মাজদি আগবাঢ়ি থকা দেখি তেওঁক এটা প্ৰকাণ্ড চিকাৰী চৰাই বুলি ভুল কৰিলে। সি ততালিকে আচৰিত গতিৰে কেন খুড়াৰ পিনে গতি ললে আৰু সন্মুখৰ পিনে হাউলি তেওঁৰ হাতৰ পৰা কেমেৰাটো পেলাই দিলে।তেওঁৰ কেমেৰাখন লালুকীবোৰলৈ এৰি দি কেন খুড়াই লিলি পুখুৰীটোৰ পৰা পলায়ন কৰিলে। এটা খঙাল সাৰেঙ কেন খুড়া বাৰান্দাৰ নিৰাপদ স্থান পোৱালৈকে দ্রুত গতিৰে আগবাঢ়ি আহিল।

তেওঁৰ মৰ্যদা আৰু কেমেৰাখন হেৰুৱাই কেন খুড়া দূৰৱৰ্তী পণ্ডিচেৰীলৈ গৈ আগৰে পৰা বাস কৰি থকা খুড়ীৰ লগত থাকিবলৈ সিদ্ধান্ত ললে। প্ৰত্যেকেই স্বস্তিৰ নিশ্বাস এৰিলে।

পিছত আমি শুনিছিলো যে পণ্ডিচেৰীত কেন খুড়াৰ  বন্ধৰ কিছুদিন সুকলমে পাৰ হৈছিল। সাগৰৰ পিনে মুখ কৰি থকা ফ্লেটটোৰ কতো কোনো গছ নাছিল। সাগৰৰ উপকূলত তেওঁ অসংখ্য আইচ ক্ৰীম আৰু ভজা মাছৰ ডিচ্‌  ভোগ কৰিছিল।  তাত তেওঁ কাউৰী, ভাটৌ, বান্দৰ বা সৰুলৰাবোৰৰ দ্বাৰা কোনো আমনি পোৱা নাছিল।

ইয়াৰ পিছত এদিনাখন ৰাতিপুৱা কেন খুড়াই  উপকূলৰ ওচৰত  মুক্ত হোটেলত জলপান কৰিবলৈ সিদ্ধান্ত লৈছিল। তেওঁ শুকান গাহৰিৰ মাংস, কণী, মাংসৰ আচাৰ, তিনিটা ভেকুলী, চীজ আৰু মাৰমেলেডৰ আৰ্ডাৰ দিছিল। তেওঁ কোনোমতে পাউৰুটি এটাত একামোৰ মাৰিছিলহে এনেতে অন্ধ নীলা আকাশৰ পৰা এটা ছীগাল চৰাই হঠাৎ তললৈ নামি আহিল আৰু তেওঁৰ মাংসৰ টুকুৰাটো থাপ মাৰি লৈ গ’ল। তাৰ পিছত অন্য এটা ছীগাল গাহৰিৰ মাংসৰ টুকুৰা এটা লৈ গ’ল। কেইমূহুৰ্তমান পিছত তৃতীয় গাল চৰাই এটা  নামি আহিল আৰু অৱশিষ্ট মাংসখিনি আঁতৰাই লৈ গ’ল। এইটোৱে  ভজা মাংস, কণী কেন খুড়াৰ ট্ৰাউজাৰৰ ওপৰত সিঁচৰতি কৰি দিলে।

কেন খুড়াই ফ্লেটলৈ উভতি গৈ খুড়ীৰ ওচৰত সকলো ঘটনা ক’লে। তাই ইয়াৰ বাবে বৰ দুখ অনুভৱ কৰিলে।  তাই তেওঁক এগিলাচ গাখীৰ আৰু  চীনাবাদামৰ দ্বাৰা তৈয়াৰ কৰা মাখনৰ  চেণ্ডউইচ খাবলৈ দিলে। ০ ০ ০

বিঃ দ্ৰঃ ‘কেন খুড়াৰ পাখিযুক্ত শতৰুবোৰ  ’ গল্পটিৰ ইংৰাজী শিৰোনাম হৈছে ‘Uncle Ken’s Feathered Foes’.

অসমীয়া অনুবাদত বিশ্ব চুটি গল্প

এটা নতুন ফুল 

মূল ইংৰাজীঃ ৰাস্কিন বণ্ড (ভাৰত)

ই আছিল বসন্তৰ প্ৰথম দিন ( হিন্দু পঞ্জিকা অনুসৰি) কিন্তু হিমালয়ত তেতিয়াও মধ্য শীত যেন লাগিছিল। ঠাণ্ডা বতাহে পাইন গছৰ মাজেৰে ভুনভুন শব্দ কৰিছিল আৰু সুহুৰি বজাইছিল, যি সময়ত কলা ৰবষুণ দিয়া ডাৱৰবোৰে পশ্চিমীয়া বতাহৰ লগত বৈ গৈছিল।

মই থিয় ৰাস্তাটো বগাই পাহাৰৰ ওপৰত থকা মোৰ পঁজাঘৰখনলৈ গৈ আছিলোঁ তেতিয়া স্কুলৰ পৰা লৰালৰিকৈ ঘৰলৈ গৈ থকা ন বছৰীয়া ঊষাক  লগ পাইছিলোঁ। বতাহে চুলিবোৰ উৰুৱাই নিয়াৰ পৰা সুৰক্ষা দিবলৈ তাইৰ মূৰৰ চাৰিওফালে এডোৰ আলোৱান মেৰুৱা আছিল। কলা চুলি আৰু চকু, আৰু গোলপীয়া  গাল দুখন তেতিয়াও পাহাৰত পৰি থকা বৰফৰ টুকুৰাৰ দ্বাৰা অধিক জিলিকি উঠিছিল।

‘চোৱা’ তাই আঙুলিয়াই কৈছিল, ‘এটি নতুন ফুল!’ ই আছিল অকলশৰীয়া, মাখন- হালধীয়া ফুল, আৰু ই এটা উজ্জ্বল তৰাৰ দৰে থিয় হৈ আছিল ৰুক্ষ শীতকালীন ঘাঁহৰ বিপৰীতে। মই আগতে এইটোৰ দৰে কোনো বস্তু দেখা নাছিলোঁ, আৰু ইয়াৰ নাম কি হ’ব পাৰে তাৰ কোনো ধাৰণা নাছিল। কোনো সন্দেহ নাই যে ইয়াৰ অস্তিত্ব উদ্ভিদ বিজ্ঞানৰ ভাষাত তালিকাভূক্ত কৰা হৈছিল। কিন্তু মোৰ বাবে ই আছিল এক আৱিষ্কাৰ। 

‘মই এইটো তোমাৰ বাবে ছিঙিমনে?’ ঊষাই সুধিছিল। নহয়, নালাগে’, মই কৈছিলোঁ, ‘এইটো কিজানি মাত্ৰ এটাই আছে। যদি আমি ইয়াক চিঙি লও  তাত কিজানি আৰু নাথাকিব। আহা আমি ইয়াক এৰি যাওঁ  আৰু দেখো ই কোনো বীজ দিয়েনে।’ আমি ঢালটো বগুৱা বাই উঠিলোঁ আৰু ফুলটোক ওচৰৰ পৰা পৰীক্ষা কৰিলো। ই আছিল অতি সুন্দৰ আৰু কোমল পাহি থকা, দেখাত এনে লাগিছিল যে ই যিকোনো সময়ত সৰি পৰিব পাৰে।

‘এইটো শেষ হ’ব যদি বৰষুণ দিয়ে’, ঊষাই কৈছিল। আৰু সেই ৰাতি ক্ষুদ্ৰ তুষাৰকণা আৰু  শিলৰ সৈতে বৰষুণ দিছিল। ই ঢৌ থকা  টিনৰ চালত জনজন আৰু সোঁ-সোঁৱনিৰ  শব্দ কৰিছিল।  কিন্তু ৰাতিপুৱা সূৰ্য উদয় হৈছিল। ফুলটোক আকৌ দেখা পাম বুলি কোনো আশা নকৰাকৈ মই ৰাস্তাটোলৈ খোজকাঢ়ি গৈছিলো । আৰু ঊষা শুদ্ধ আছিল। ধুমুহা বতাহত ফুলটো অদৃশ্য হৈ গৈছিল। কিন্তু  সিদিনা আমাৰ দৃষ্টি নপৰা আন দুটা কলি প্রস্ফুটিত হৈছিল। ই এনেকুৱা আছিল যেন দুটা সৰু তৰা ৰাতিৰ ভাগত পৃথিৱীত সৰি পৰিছে।

মই সিদিনা ঊষাক দেখা পোৱা নাছিলোঁ। কিন্তু তাৰ পিছদিনা যেতিয়া আমি ৰাস্তাত লগালগি হৈছিলোঁ, মই তাইক নতুনকৈ ফুলা ফুল দুটা দেখুৱাইছিলো। আৰু সিহঁত তেতিয়াও তাতে আছিল। দুদিন পিছত, যেতিয়া মই ঠাইখন পাৰ হৈ গৈছিলোঁ, সেই ঢালটোত থকা কাঁইটীয়া জোপোহা আৰু  সৰু ঘাঁহনিত দুটা ছাগলীয়ে ঘাঁহ খাই থকা দেখা পাইছিলো, কিন্তু মই জনা নাছিলো যে ছাগলী দুটাই প্ৰায় সকলো খাই পেলাব আৰু মই কোনো সুবিধা গ্ৰহণ কৰা নাছিলোঁ।

থিয় ঢালটো বগুৱা বাই উঠি মই সিহঁতক দূৰলৈ খেদি দিলো। এটা ছাগলী পলাই গ’ল, কিন্তু আনটো তাৰ শিং দুটা তলপিনে দি মোক এটা ভাবুকিৰ দৃষ্টি দিলে, আৰু আঁতৰি যাবলৈ অস্বীকাৰ কৰিলে। এইটোৱে মোক মোৰ আতাৰ এটি সৰু পোহনীয়া ছাগলীৰ কথা মনত পেলাই দিলে যিটোৱে  এবাৰ এজন অফিচাৰক নাষ্টাৰটিয়াম ফুলৰ বিচনাত হেঁচা মাৰি ধৰিছিল। সেয়ে মই বিবেচনা শক্তিক বীৰত্বৰ ভাল অংশ বুলি  প্ৰয়োগ কৰি পিছলৈ উভতি আহিলো।

ঠিক তেতিয়াই, ঊষা আহিল আৰু পৰিস্থিতিটো পৰিমাপ কৰি মোক উদ্ধাৰ কৰিবৰ  বাবে  ওচৰলৈ আহিল। তাই তাইৰ সৰু, নীলা ছাতিখন ভাঁজ কৰি ছাগলীৰ ভাষাত চিঞৰি  ছাগলীটোৰ পিনে আগবাঢ়ি গ’ল। (ঘৰত তাইৰ নিজা ছাগলী আছিল।) পশুটো  উভতি গৈছিল আৰু ফুলবোৰ (আৰু মোৰ নিজৰ মৰ্যদা) ৰক্ষা পৰিছিল।

দিনে দিনে গৰম পৰি অহাৰ লগে লগে, ফুলবোৰ লেৰেলি গৈছিল আৰু অৱশেষত অদৃশ্য হৈ গৈছিল। মই সেইবোৰৰ বিষয়ে সকলো পাহৰি গৈছিলোঁ আৰু ঊষায়ো পাহৰি গৈছিল। তাই পঢ়া-শুনা আৰু পৰীক্ষাৰ বাবে উদ্বিগ্ন আছিল আৰু মুক্ত লিখকৰ দৰে ঘৰভাৰা, বিদ্যুৎ বিল  আদিৰ চিন্তাই মোৰ মূৰটো দখল কৰি ৰাখিছিল।

মাহবোৰ পাৰ হৈ গৈছিল, গ্ৰীষ্মকাল আৰু শৰৎকাল সিহঁতৰ নিজা ফুলৰ সৈতে আহিছিল আৰু গৈছিল, আৰু পলম নকৰি সকলো পিনৰ পৰা বৈ যোৱা ঠাণ্ডা বতাহৰ সৈতে শীতকাল উভতি আহিছিল।

এদিনাখন পাহাৰৰ পিনৰ পৰা ঊষাই মোক মাতি থকা শুনিবলৈ পাইছিলো। মই ওপৰলৈ চালো আৰু এথোপা সৰু সোনালী তৰা বৰণৰ ফুলৰ পিছপিনে তাইক থিয় হৈ থকা দেখা পালো। ফুলবোৰ সম্ভৱত ওৱৰ্ডচৱৰ্থৰ সোনালী ডেফ’ডিল ফুলৰ  দৰে দৰ্শনীয় নাছিল, কিন্তু প্ৰায় একেই আছিল,  এজনৰ বাবে ই আছিল বিমুগ্ধকৰ যিজনে সিহঁতৰ অস্তিত্ব চিৰস্থায়ী কৰিবলৈ সামান্য ভূমিকা গ্ৰহণ কৰিছিল।

য’ত এটা ফুলি থকা গছ আছিল তাত কেইবাটাও দেখা পোৱা গৈছিল। কিছু বছৰৰ ভিতৰত ফুলেৰে পৰিপূৰ্ণ হ’ব পৰা গোটেই পাহাৰীয়া অঞ্চলটোৰ  দৃশ্যৰ বিষয়ে মই আৰু ঊষাই চিন্তা কৰিছিলো।

মই এতিয়াও সেই সৰু ফুলটোৰ উদ্ভিদ নামটো নাজানো। মই কোনো উপায়েই  দীৰ্ঘ লেটিন নামবোৰ মনত ৰাখিব নোৱাৰো। কিন্তু ঊষাই মোক ক’লে যে তাই ইয়াক পৰ্বতৰ সিপিনে থকা তাইৰ দেউতাকৰ গাওঁখনত গজি থকা দেখা পাইছিল আৰু সেই ফুলক পাহাৰীয়া মানুহবোৰে ‘বাসান্ত’ বুলি মাতিছিল যাৰ অৰ্থ হৈছে বসন্ত।

যদিও মই সামান্য হতাশ হৈছোঁ,  মুঠতে আমি কিন্তু সেই নতুন প্ৰজাতিৰ ফুলৰ আৱিষ্কাৰক নাছিলো। এই কথাটো জানি আমাৰ আনন্দ বৃদ্ধি পাইছিল যে  এই ফুলটো আন ঠাইত বৰ্তি আছে। ই দুগুণ বৃদ্ধি পাওঁক! ০ ০ ০

বিঃ দ্ৰঃ ‘এটা নতুন ফুল’ গল্পটিৰ ইংৰাজী শিৰোনাম হৈছে ‘A New Flower’.

অসমীয়া অনুবাদত বিশ্ব চুটি গল্প

পৰিপূর্ণ খিৰিকীৰ সন্ধানত

মূল ইংৰাজীঃ ৰাস্কিন বণ্ড (ভাৰত)

যিসকল লোকে কোঠালী বা ফ্লাটে  ভাড়াত দিয়ে সিহঁতে প্ৰায়ে গা ধোৱা, চাহ-কফি আদি বিভিন্ন সুবিধা থকা বুলি বৰ্ণনা দিয়ে। ইয়াতকৈ এটা আকৰ্ষণীয় প্ৰস্তাৱনা হ’ব খিৰিকী থকা কোঠালী কাৰণ কোনো খিৰিকী নথকা কোঠালী এটা কোঠালী হ’ব নোৱাৰে, ই হ’ব প্ৰায়ে সলাব লগা কোঠালী।

এজন ভ্ৰমণ বিলাসী ডেকা লিখক হিহিচাপে মই এটি মাত্ৰ বিচনা থকা বহু কোঠালীত বাস কৰিছো। সিহঁতে এইবোৰক ‘বেডচিটাৰচ’ বুলি কয়। আৰু মই স্বীকাৰ কৰিব লাগিব যে মোৰ জীৱনৰ মানদণ্ড নিশ্চয়কৈ বৃদ্ধি পায়  যদিহে কোঠালীটোত খিৰিকী থাকে যাৰ মাজেৰে কোনো কাৰখানাৰ দেৱাল বা কাৰোবাৰ ঘৰৰ পিছফাল দেখা যোৱাৰ পৰিৱৰ্তে কোনো প্ৰেৰণাদায়ক বস্তু দেখা যায়।

আমি অনাহাৰে থকাৰ আনন্দদায়ক কল্পনা পোষণ কৰো। এজন ডেকা কবি যিজন এখন গেৰেটত বাস কৰে আৰু ভৰতপক্ষীৰ ওপৰত গহীনভাৱৰ কবিতা ৰচনা কৰে। কিন্তু মোক বিশ্বাস কৰা, গেৰেটে কোনো ধৰণৰ সহায় নকৰে।  লণ্ডনত ছয় মাহৰ কাৰণে মই এখন ঘৰৰ চালৰ নিচেই ওপৰৰ কোঠা এটাত বাস কৰিছিলো আৰু ইয়াৰ পৰা অন্য মানুহৰ ঘৰৰ চাল আৰু অন্তহীন বগা টাইলচ আৰু কলাপৰা চিমনী দেখাৰ বাহিৰে কোনো বস্তু দেখা পোৱাৰ ব্যৱস্থা নাছিল। মোৰ একঘেয়ামী দূৰ কৰাৰ বাবে কোনো প্ৰবাদ বাক্যৰ মেকুৰীও নাছিল।  মই এটা গহীন ভাৱৰ কবিতাও ৰচনা কৰা নাছিলো, কিয়নো তাত কোনো নাইটিংগেল চৰাই বা ভৰত পক্ষী দেখা পোৱা নগৈছিল।

ক্লাফাম জনচনৰ ওচৰত থকা পিছৰ কোঠালীটোৰ পৰা ৰেলপথৰ দৃশ্য দেখা পোৱা গৈছিল।  কিন্তু তুমি আচলতে কোনো ৰেলপথ দেখা নাপালাহেঁতেন কিয়নো  অট্টালিকাৰ পিছপিনে শাৰী শাৰী কাপোৰ শুকাবলৈ আঁৰি দিয়া হৈছিল। 

এইটো আছিল বনুৱা থকা বস্তি আৰু সেই চুকটোৰ চাৰিওপিনে কোনো ধোৱাশাল নাছিল।  তুমি ৰেলপথ দেখিব নোৱাৰিলেও নিশ্চয় ইয়াৰ শব্দ শুনিব পাৰিলাহেঁতেন। সকলো সময়তে ৰেলগাড়ী তৰ্জন-গৰ্জন শব্দ কৰি পাৰ হৈ গৈছিল, অট্টালিকা কঁপি উঠিছিল আৰু  অলংকাৰ, কাঁহি, বাটি, ডিছ আদি জনজনাই উঠিছিল যেন এটা ভূমিকম্প চলি আছিল।  দেৱালত ছবি ওলোমাই ৰখাটো অসম্ভৱ আছিল।  কেইদিনমান পিছত গজালবোৰ ওলোমোই থোৱা ছবিবোৰৰ সৈতে উভালি পৰিছিল।  কিন্তু এই পৰিৱেশটোৱে মোক দিল্লীৰ প্ৰধান ৰেলষ্টেচনৰ ওচৰত থকা  খুড়া ফ্রেডৰ বাসভৱনটোৰ কথা মনত পেলাই দিছিল। মই সেই বিশেষ কোঠালীটোত থকা সময়ত কেইটামান ৰেলৰ গল্প লিখিছিলো।

বিশেষকৈ ভাৰতবৰ্ষত ৰেলৰ খিৰিকীবোৰ দেখাত সমান নহয় যাৰ মাজেদি  সঘনে পৰিৱৰ্তনশীল পৰ্বত, মৰুভূমি, গাওঁ, নগৰ আৰু চহৰ ইয়াৰ ৰংচঙ্গীয়া জনতাৰ ভিৰসহ দেখা যায়।

কিন্তু ভাল খিৰিকী থকা কোঠালী মোৰ বাবে আছিল মায়াময়। আনকি ভাৰতবৰ্ষলৈ ওভতি অহাৰ পিছতো আদৰ্শ খিৰিকী থকা কোঠালী বিচাৰি উলিওৱাত জটিল হৈছিল।

উত্তৰ ভাৰতৰ সৰু নগৰৰ মাজেদি ঘূৰি ফুৰোতে মোক পাৰ্ক ভিউ লজিং হাউচৰ নিৰ্দেশনা দিয়া হৈছিল। সেই ঠাইৰ সন্নিকটত পাৰ্ক থকাৰ কথা আছিল। কিন্তু মোৰ ৰূমৰ পৰা কোনো পাৰ্ক দেখা পোৱা নগৈছিল, অৱশ্যে সেই ঘৰটোৰ কোনো ৰূমৰ পৰাই দেখা পোৱা নগৈছিল।  কিন্তু মই বিষ্মিত হৈছিলো যে গাধোৱা কোঠালীটোৰ পৰা বাহিৰলৈ চাব  পাৰিছিলো। ইয়াৰ পৰা ভালদৰে পাৰ্কটো দেখা পোৱা গৈছিল।  কিন্তু গাধোৱা কোঠালীত এজনে সোমাই থকাৰ সময়ৰ সীমাবদ্ধতা আছিল।

নতুন দিল্লীত তেনে ভয়ঙ্কৰ আবদ্ধ কোঠাত থকাৰ কেইবছৰমান পিছত, মই পাহাৰীয়া ঠাইলৈ গ’লো এটা পৰিপূৰ্ণ বিশ্বাস লৈ যে মই তাত লগে লগে কোঠালী পাই যাম বা অনন্ত বৰফৰ পিনে মুখ কৰি থকা  খিৰিকীৰ সৈতে এটা পঁজা ঘৰ পাম।  কিন্তু সেয়া পোৱা নগৈছিল।

বৰফ চাবলৈ হ’লে মোৰ থকা ঠাইৰ পৰা পাহাৰীয়া ষ্টেচনটোৰ চাৰি মাইল ওপৰত থকা উচ্চতম বিন্দুলৈ খোজকাঢ়ি যাব লগা হৈছিল।  মোৰ খিৰিকীৰ মাজেদি বাহিৰত থকা ওখ দুৰ্গ দেখা গৈছিল যিটো ওখ পাহাৰৰ পৰা শিলৰ খহনীয়া ৰোধ কৰাৰ বাবে তৈয়াৰ কৰা হৈছিল। সঁচা কথা ক’বলৈ গ’লে, সেই দুৰ্গটোত বহুতো বনৰীয়া উদ্ভিদ গঁজি উঠিছিল সেইবোৰৰ ভিতৰত আছিল চৰেল, ডেনডেলিয়ন, টান বন আৰু মূল ভিত্তিত বিশাল নেটল বন গঁজি উঠিছিল। এতিয়া মই নিশ্চিত যে তাত এনেকুৱা মানুহ আছে যিসকলে নেটল বনৰ ওপৰত আনন্দদায়ক ঘৰ সাজিব পাৰে। কিন্তু মই সিহঁতৰ মাজৰ এজন নহয়।  প্ৰথম সুযোগতেই মোক নেটলে বিন্ধিছিল। গতিকে মই নেটলক সদায় দূৰত ৰাখিছিলো।

অৱশেষত নেৰানেপেৰা চেষ্টাই ফল পাইছিল। মই মোৰ বৰ্তমানৰ বাসঘৰ পালো। ই হৈছে  পাহাৰটোৰ এটা দাঁতিত বতাহে কোৱাই থকা, কঁপি থকা এটা পুৰণি ঘৰ। মোৰ শোৱা-কোঠালীৰ খিৰিকীৰ মাজেৰে নীলা আকাশ, বহু দূৰলৈ বিস্তৃত হৈ থকা পৰ্বতমালা,  তলৰ উপত্যকাৰ মাজেদি বৈ যোৱা অঁকোৱা-পকোঁৱা নদী আৰু স্থানীয় টেলিভিচনৰ টাৱাৰ দেখা পোৱা গৈছিল। মৰুভূমিৰ গানত থকা ৰঙা ছাঁৰ দৰে মই মোৰ খিৰিকীৰ কাষত থিয় দি ‘ব্লো হেভেন এণ্ড ইউ এণ্ড আই’ গাব পাৰিছিলো। ইয়াৰ একমাত্ৰ শ্ৰোতা আছিল  চমকি উঠা পুলিচৰ মানুহসকল।

খিৰিকীটো এনে স্থানত আছিল যে মই শুই শুই আকাশলৈ চাব পাৰিছিলো অথবা মই মোৰ ডেক্সৰ ওপৰত বহি পাহাৰবোৰলৈ চাব পাৰিছিলো অথবা খিৰিকীত থিয় দি তলত থকা ৰাস্তালৈ দৃষ্টি দিব পাৰিছিলো।

এই দৃশ্যবোৰৰ ভিতৰত কোনটো শ্রেষ্ঠ?

কিছুমানে ক’ব পাহাৰৰ দৃশ্য, কিন্তু পাহাৰবোৰ কেতিয়াও পৰিৱৰ্তন নহয়। কিছুমানে ক’ব ৰাস্তাৰ দৃশ্য, কিয়নো ৰাস্তা হৈছে পৰিৱৰ্তনশীল আৰু  ইয়াত দৰ্জীসকল, ভ্ৰমণকাৰীসকল, বিক্ৰেতাসকল, গাড়ী, ট্ৰাক, মটৰ, খচ্চৰ, পনি আনকি কেতিয়াবা হাতীও দেখা পো ৱা যায়। হাতীৰ বাবে  তাত কোনো কাম নাছিল, কিন্তু মই ভাৱো যদি হানিবালে হাতীক আল্পচৰ ওপৰলৈ নিব পাৰিলেহেঁতেন, তেন্তে হিমালয়ৰ ওপৰলৈয়ো নিবলৈ চেষ্টা কৰিব পৰা গ’লহেঁতেন। (পিছদিনাখন ই সমভূমিলৈ নামি গ’লহেঁতেন।)

ৰাস্তাবোৰ  কেতিয়াও শুকান নহয়। যদি মোক সোধা হয়, মই আকাশখনকে পছন্দ কৰিলোহেঁতেন। আকাশ কেতিয়াও একে অৱস্থাত নাথাকে। আনকি যেতিয়া তাত ডাৱৰ নাথাকে।  আকাশৰ ৰঙ ভিন ভিন হয়। ৰাতিপুৱাৰ আকাশ, দুপৰীয়াৰ আকাশ, সন্ধিয়াৰ আকাশ, ৰাতি চন্দ্ৰৰ পোহৰ পৰা আকাশ, তৰাময় আকাশ এইবোৰ ভিন ভিন আকাশ। আৰু প্ৰায় সকলো সময়তে আকাশত চৰাই থাকে। উচ্চতাত উৰি ফুৰা ঈগল চৰাই,  আকাশৰ তলত সমেবত হৈ থকা ময়না চৰাইবোৰ,  সঘনে ঘৰৰ ভিতৰলৈ আৰু বাহিৰলৈ  অহা-যোৱা কৰিব পৰা চৰাই আদি।  মাজে মাজে পখিলাৰ জাক মলয়া বতাহত উপঙি ফুৰে। আৰু গ্ৰীষ্মকালৰ ৰাতি ডাঙৰ চগাপোকবোৰ খোলা খিৰিকীৰে মোৰ অধ্যয়ন কৰা চাকিৰ পোহৰত সোমাই আহে। মই সেইবোৰক ধৰিব লাগে আৰু পুনৰ বাহিৰলৈ এৰি দিব লাগে নহ’লে সিহঁতে আঘাত পাব পাৰে।

যেতিয়া মৌচুমী বৰষুণ আৰম্ভ হয়, খিৰিকীটো বন্ধ কৰি ৰাখিব লগা হয়। অন্যথা ডাৱৰ আৰু কুঁৱলীৰে কোঠালীটো পৰিপূৰ্ণ হ’ব যি মোৰ কিতাপবোৰৰ বাবে ভাল নহয়।  কিন্তু বছৰৰ এই সময়খিনিত আকাশখন অধিক আকৰ্ষণীয়।

মোৰ ডেক্সৰ পৰা, এনে মূহুৰ্তত মই উপত্যকাৰ মাজেৰে আগবাঢ়ি যোৱা, পাহাৰ ওপৰেদি পাক খুৱা, পৰৱৰ্তী পৰ্বতশ্ৰেণীলৈ উঠি যোৱা আদি লক্ষ্য কৰিব পাৰো। খিৰিকীৰ ওপৰত বৰষুণৰ টোপাল পৰি শব্দ হয়, আৰু ই বৰষুণ শেষ নোহোৱালৈকে বন্ধ ৰাখিব লগা হয়।

যেতিয়া বৰষুণ শেষ হয় আৰু ডাৱৰ গুচি যায় তেতিয়া আকাশখন গভীৰ আৰু কলা নীলা বৰণৰ হয়। সঁচাকৈয়ে ই যাদুময়। প্ৰতি মূহুৰ্তত যেতিয়া মই আকাশখন দেখো মই সচেতন হওঁ যে মই মাত্ৰ পৃথিৱীৰ এটা চুকতে থকা নাই, মই গোটেই বিশ্বব্রহ্মাণ্ডতে আছোঁ। ০ ০ ০

বিঃ দ্ৰঃ ‘পৰিপূৰ্ণ খিৰিকীৰ সন্ধানত’ গল্পটিৰ ইংৰাজী শিৰোনাম হৈছে ‘In Search of a Perfect Window’.

অসমীয়া অনুবাদত বিশ্ব চুটি গল্প

কথা নপতা ভাটৌটো

মূল ইংৰাজীঃ ৰাস্কিন বণ্ড (ভাৰত)

“তুমি সুন্দৰ নহয়!” কথা ক’ব নোৱাৰা, গীত গাব নোৱাৰা, নাচিব নোৱাৰা!”

এই শব্দেবাৰৰ দ্বাৰা খুড়ী ৰুবিয়ে দুৰ্ভগীয়া ভাটৌটোক টিট্‌কাৰি কৰি থাকিছিল।  পাৰাকীট বা পোহনীয়া ভাটৌটোৱে দীৰ্ঘ বাৰান্দাৰ শেষ প্ৰান্তত থকা জাকজমক পিঞ্জৰাৰ পৰা অভিমানেৰে সকলোৰে প্ৰতি তধা লাগি চাইছিল।

খুড়ী ৰুবিয়ে এই ভাটৌটো এজন চৰাই ধৰোতাৰ পৰা কিনি আনিছিল যিজনে আমাৰ ৰাস্তাত থকা সকলো ঘৰলৈকে আহিছিল। বুঢ়ী আই আৰু ককা কোনোজনেইে পিঞ্জৰাবদ্ধ চৰাইবোৰক পোহনীয়া হিচাপে ৰাখিবলৈ আগ্ৰহী নাছিল। কিন্তু খুড়ী ৰুবিয়ে,  যদিহে চৰাইক তেনেদৰে নাপায় তেন্তে তাই, মেজাজ হেৰুৱাই কেঁচুৱাৰ দৰে আচৰণ কৰিবলৈ লৈছিল।

যিকোনো প্ৰকাৰে তাই ভাটৌ চৰাইটোক ৰাখিবলৈ আৰু এইটোক কথা কোৱা শিকাবলৈ জোৰ দিছিল। কিন্তু চৰাইটোৱে মোৰ খুড়ীদেউক লগে লগে বেয়া পাইছিল। সি তাইৰ সকলো  চাটুক্তিক বাধা দিছিল।

খুড়ী ৰুবিয়ে  তাইৰ মুখখন  পিঞ্জৰাৰ বাৰৰ ওচৰলৈ নি মৃদু সুৰত কৈছিল, “চুমা, চুমা!” কিন্তু চৰাইটোৱে নিৰ্দিষ্ট দূৰত্বত থাকিছিল। এদিনাখন চৰাইটোৱে হঠাৎ সন্মুখৰ পিনে হাউলি মোৰ খুড়ীদেউৰ নাকৰ পৰা চচ্‌মাযোৰ খুন্দা মাৰি পেলাই দিছিল। ইয়াৰ পিছৰ পৰা খুড়ীদেউ সম্পূৰ্ণৰূপে চৰাইটোৰ প্ৰতি শতৰুভাৱাপন্ন হৈ গৈছিল আৰু চিঞৰি চিঞৰি কৈছিল, “কথা ক’ব নোৱাৰা, গীত গাব নোৱাৰা, নাচিব নোৱাৰা!” আৰু অন্যান্য বেয়া মন্তব্য কৰিছিল।

যেতিয়া মই দহ বছৰ বয়সীয়া হৈছিলো, চৰাইটোক খুওৱাৰ দায়িত্বটো মোৰ ওপৰত পৰিছিল। চৰাইটোৱে মোৰ হাতৰ পৰা কেঁচা জলকীয়া, পকা বিলাহী, আমৰ টুকুৰা গ্ৰহণ কৰি বৰ আনন্দিত হোৱা যেন দেখাইছিল।

এদিনাখন ভাটিবেলা যেতিয়া সকলোৱে ঘৰৰ ভিতৰত চমু টোপনি উপভোগ কৰি আছিল, মই  ভাটৌটোক আহাৰ দিছিলো। তেতিয়া মই ইচ্ছাকৃতভাৱে পিঞ্জৰাৰ দৰজাটো খুলি ৰাখিছিলো। কেই মূহুৰ্তমানৰ পিছত চৰাইটোৱে পাখি কোবাই স্বাধীন আমৰ বাগিছাখনলৈ উৰি গৈছিল।

পোনতে খুড়ী ৰুবিয়ে বিচলিত হৈছিল। তাই আন এটা চৰাই কিনিব বুলি ভাবুকি দিছিল। আমি তাইক এক চৰিয়া সোনালী মাছ কিনি দিয়াৰ প্ৰতিশ্ৰুতিৰে আন এটা চৰাই কিনাৰ পৰা বিৰত ৰাখিছিলো।

“কিন্তু সোনালী মাছে কথা ক’ব নোৱাৰে!” তাই আপত্তি কৰিছিল।

“বাৰু, তোমাৰ চৰাইটোৱেও কথা ক’ব পৰা নাছিল।” ককাদেউতাই কৈছিল।

কিছুদিন পিছত মই চৰাইটোক বাৰান্দাৰ ৰেইলিঙৰ ওপৰত বহি মোৰ পিনে হেঁপাহেৰে চাই থকা দেখা পাইছিলো। মই মোৰ আমৰ আধাখিনি দিছিলো। যেতিয়া চৰাইটোৱে আমটো খাই আছিল, খুড়ী ৰুবিয়ে তাইৰ ৰূমৰ পৰা বাহিৰ ওলাইছিল  আৰু বিস্ময়ত চিঞৰি উঠি কৈছিল, “চোৱা, এয়া মোৰ ভাটৌ ওভতি আহিছে! নিশ্চয় সি মোক মনত পেলাইছে!”

এটা কৰ্কশ শব্দ কৰি ভাটৌটো তাইৰ পৰা আঁতৰলৈ উৰি গৈছিল। পিছত সি ওচৰতে থকা গোলাপৰ জোপোহাত বহি তাই (খুড়ী ৰুবি) লৈ তধা লাগি চাই চিঞৰি কৈছিল, “তুমি সুন্দৰ নহয়!” কথা ক’ব নোৱাৰা, গীত গাব নোৱাৰা, নাচিব নোৱাৰা!” খুড়ী ৰুবিয়ে ৰঙা পৰি গৈছিল আৰু দৌৰি ঘৰৰ ভিতৰ পাইছিল।

কিন্তু ইমানতে ঘটনাটো শেষ হোৱা নাছিল। ভাটৌটো সঘনে বাগিছা আৰু বাৰান্দালৈ আহি থাকিল। যেতিয়া সি খুড়ী ৰুবিক দেখা পাইছিল এইটোৱে চিঞৰি কৈছিল, “তুমি সুন্দৰ নহয়! কথা ক’ব নোৱাৰা, গীত গাব নোৱাৰা, নাচিব নোৱাৰা!”

মুঠতে ভাটৌটোৱে কথা ক’বলৈ শিকিছিল! ০ ০ ০

অসমীয়া অনুবাদত বিশ্ব চুটি গল্প

মহানগৰত পক্ষী জীৱন

মূল ইংৰাজীঃ ৰাস্কিন বণ্ড (ভাৰত)

মোৰ জীৱনৰ শেষ দহটা বছৰ দিল্লী আৰু মিছৌৰীৰ মাজত ভগাই দি মই ধৰ্মদ্ৰোহী মন্তব্যলৈ আহিলো যে আমাৰ পাহাৰীয়া ষ্টেচনৰ চাৰিওফালে থকা হাবি আৰু পাহাৰবোৰত থকা চৰাইতকৈ নগৰত অধিক চৰাই আছে।

চৰাই জীয়াই থাকিবলৈ মানুহৰ লগত আৰু মানুহৰ পৰা আঁতৰত থাকিবলৈ শিকিব লাগে। আৰু কাউৰী, ঘৰচিৰিকা, ময়না এই চৰাইবোৰ পূৰ্ণতা পাবলৈ আমাৰ মহানগৰ বাঢ়ি থকাৰ দৰে সিহঁতেও উন্নতি কৰি থাকে। য’ত সম্পূৰ্ণ বনৰীয়া চৰাইবোৰ যিবোৰে জীয়াই থাকিবলৈ হাবিৰ ওপৰত নিৰ্ভৰ কৰে, সেইবোৰ দ্ৰুতগতিত অদৃশ্য হৈ আছে।  ইয়াৰ কাৰণ হাবিবোৰ অদৃশ্য হৈ আছে।

পাহাৰত থকা দিনকেইটাত মই দেখাতকৈ নতুন দিল্লী কনলিত অলপতে বহুত চৰাই দেখা পালো। ইয়াত ব্যক্তি এজন নিশ্চয় ধৈৰ্যশীল আৰু সতৰ্ক হ’ব লাগিব যদিহে তেওঁ  চেলিম আলিৰ ‘ইণ্ডিয়ান হিল বাৰ্ড’চ” নামৰ কিতাপত সুন্দৰভাৱে বৰ্ণনা কৰা চৰাই কিছুমান চাব বিচাৰে। বেবলাৰ আৰু থ্ৰাচ চৰাইবোৰ এতিয়াও চাৰিওপিনে আছে, কিন্তু ফ্লাইকেচাৰ আৰু ওৱাৰ্বলাৰ চৰাইবোৰ কাচিতহে দেখিবলৈ বা শুনিবলৈ পোৱা যায়। 

দিল্লীত যদিহে তোমাৰ সৰু বাগিছা আছে আৰু সম্ভৱত এটা মাধুৰীআম গছ আছে, তেন্তে বহুতো সংখ্যক বুলবুলি, টেইলৰবাৰ্ড, হুপুচ, ভাটৌ আৰু বৃক্ষ পাই চৰায়ে তোমাৰ বাগিছালৈ আহিব।  আৰু যদি তোমাৰ এটি পুৰণি ঘৰ আছে, তুমি ইয়াক পাৰ চৰাই আৰু ঘৰচিৰিকা চৰাই, সম্ভৱত চাতক চৰাই বা চুইফট চৰাইক অংশীদাৰিত্ব দিব লাগিব। আৰু যদি তোমাৰ বাগিছা বা ঘৰৰ চাল নাথাকে তোমাক এই চৰাইবোৰে দেখা দিব।

মানুহ য’লৈকে যায়, কাউৰীবোৰে পিছে পিছে যায়। সি মানুহৰ পৰা আঁতৰি নথকাৰ কলা শিকিছে। মই নিশ্চিত যে সি  চন্দ্ৰতো  অপৰিস্কাৰ নভোচাৰীয়ে পেলাই দিয়া  কাগজৰ মোনা কাৰ্টুন খুচুৰি থাকিবলৈ সি প্ৰথম চৰাই হ’ব।

কাউৰীবোৰে ঘন জনবসতি থকা অঞ্চল ভাল পায়। আৰু তাত নিশ্চয় জনপ্ৰতি এটাকৈ কাউৰী থাকিব। বহুতো কাউৰী সিহঁতৰ পূৰ্ব জন্মত মানুহ আছিল যেন বোধ হয়।  মানুহৰ আত্ম সংৰক্ষণৰ সকলো চতুৰালি আৰু জ্ঞান সিহঁতৰো আছে। একে সময়তে, ইয়াত বহুতো মানুহ আছে যিসকল স্পষ্টভাৱে কাউৰী আছিল। আমি আমাৰ জীয়াই থকাৰ প্ৰবৃতি হেৰুওৱা নাই।

বাগিছাৰ দেৱালৰ ওপৰত মৃদু বতাহত ৰান্ধনী ঘৰৰ দুৱাৰৰ পিনে আৰু তাত উপস্থিত থকা কাৰোবাৰ প্ৰতি লক্ষ্য কৰি মৃদু বতাহত চুঁচুৰি যোৱা কাউৰীক চোৱা। এইটোৱে বাতৰি কাকত এখনৰ সাংবাদিক এজনৰ কথা মনত পেলাই দিয়ে যিজনে নিজৰ সুবিধা  আদায়ৰ বাবে পটভূমিত থিয় দি থাকে আৰু সুযোগ পালে ছোঁ মাৰি সোমাই যায়। মই আনকি এটা কাউৰীক মেজৰ ওপৰত থকা পাচিৰ পৰা কণী এটা লৈ পলাই যোৱা দেখিছোঁ।  সম্ভৱতঃ ঘৰচিৰিকাৰ বাহিৰে আন কোনো চৰায়ে মানুহক শোষণ কৰাত ইমান সফল নহয়।

ময়না যদিও নগৰীয়া জীৱনত অভ্যস্ত, তাৰ ভিতৰত ভদ্ৰ লোকৰ গুণ আছে।  সি ৰান্ধনি ঘৰৰ পৰা পেলনীয়া বস্তু  পাবলৈ ফল গছৰ ওপৰত বহি থাকিবলৈ ভাল পায় আৰু  সঘনে সামাজিকতাৰ ভাবত বাগিছালৈ আহে।   ইয়াৰ উজ্জ্বল ঠোঁট আৰু ইয়াৰ চকুৰ চাৰিওফালে থকা মুখাৰ সৈতে ই খুৱেই  সুন্দৰ। সি একেদৰে ৰেলৰ প্লেটফৰ্মৰ ওপৰত, ঘাঁহ খাই থকা ম’হৰ ওপৰত বহি থকাত অভ্যস্ত।  সৰ্বভক্ষুক হোৱা বাবে মানুহৰ লগত সহবাস কৰিবলৈ কোনো ধৰণৰ অসুবিধা বোধ নকৰে।

আনহাতে, ঘৰচিৰিকা কিন্তু ভদ্ৰ নহয়। অপ্ৰত্যাশিতভাৱে সি মানুহৰ ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰে, ইয়াৰ লগে লগে ইয়াৰ সংগীসকল, আত্মীয়সকল আৰু ইয়াৰ পালি-প্ৰহৰীও লগে লগে যায়। ই মৰম দেখুৱায় আৰু ছোফা-কুশ্বন আদিৰ ওপৰত মানুহৰ উপস্থিতিৰ কথা সমূলি উপলব্ধি নকৰি মল ত্যাগ কৰে। ইয়াৰ পিছত ইয়াৰ দলটো বাগিছালৈ সোমাব আৰু ফুলৰ কালিবোৰ নষ্ট কৰিব। ইয়াৰ বাহিৰে কোনো চৰাইয়ে মানুহক ইমান বেছি মুৰ্খ সজাব নোৱাৰে।

যদিও ব্লাজে অথবা ৰ’লাৰ চৰাই হাবিত বসবাস কৰাত সমৰ্থ তথাপি সি মানুহৰ উপস্থিতিত থাকিবলৈ ভাল পায়। আৰু ই গছৰ ওপৰত বহাতকৈ  টেলিগ্ৰাফৰ তাঁৰৰ ওপৰত বহি ভাল পায়। সম্ভৱতঃ সি তাঁৰৰ ওপৰত বহি সহজে ৰকেটৰ দৰে চিকাৰৰ ওপৰত জপিয়াই পৰিবলৈ সুবিধা পায়।

বিশ্ৰামৰ সময়ত সি বৰং লেতেৰা, কিন্তু উৰণ অৱস্থাত সি কোনো চিকাৰৰ প্ৰাণ ল’ব পাৰে।  ইয়াৰ খাদ্যসম্ভাৰৰ ভিতৰত আছে জিল্লী পোক আৰু অন্যান্য পোক, ই মানুহৰ বন্ধু আৰু সহযোগী বুলি বিবেচিত হ’ব পাৰে।

ভাটৌ চৰায়ে গাওঁলীয়া জীৱন আৰু নগৰীয়া জীৱনৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাৰাখে। সিহঁত হৈছে চৰাইৰ পৃথিৱীত মুক্ত কৰ্মীৰ দৰে সবল, স্বাধীন আৰু হুলস্থলীয়া। ইয়াৰ নীল আৰু সেউজীয়া ৰঙৰ চমকনিৰে, বাটৰ মাজেদি সোঁ-সোঁৱাই নামি আহে আৰু  কিছু সময়ৰ বাবে আম গছত আশ্ৰয় লয় আৰু ইয়াৰ পিছত চিঞৰ-বাখৰ, আনন্দপূৰ্ণ চিৎকাৰ কৰি অন্য ঠাইলৈ বা অন্য ফলৰ বাগিছালৈ গুচি যায়।

সিহঁতে কোনো ফলকে খাবলৈ লৈ শেষ নকৰি সকলো প্ৰকাৰৰ ফলৰ সোৱাদ গ্ৰহণ কৰে। সিহঁত হৈছে অনিষ্টকাৰক চৰাই কিন্তু সিহঁতৰ উজ্জ্বল পাখি, সুন্দৰ উৰণ ভংগী,  মনোমোহা ধৰণ আদিৰ বাবে মানুহৰ প্ৰিয়পাত্ৰ। যি মানুহে এই সুন্দৰ চৰাইৰ দ্ৰুত উদ্বেগহীন উৰণ লক্ষ্য কৰিছে সি এই শক্তিশালী চৰাইক পিঞ্জৰাত আবদ্ধ কৰিবলৈ নিবিচাৰিব। তথাপি এনে বহু মানুহ আছে যিসকলে ইয়াক পিঞ্জৰাবদ্ধ কৰে।

মযুৰ চৰাইৰ পিছত, সম্ভৱত ভাৰতীয় গাওঁ অঞ্চলত জনপ্ৰিয় চৰাইজনী হৈছে সৰুজ ক্ৰেন: এইবোৰক  উত্তৰ ভাৰত আৰু গুজৰাটৰ নদীৰ পাৰত আৰু জিলৰ চাৰিওফালে পোৱা যায়। সৰুজ চৰাইয়ে গোটেই জীৱনৰ বাবে যোৰ পাতে আৰু ইয়াক অকলশৰীয়া অৱস্থাত প্ৰায় দেখা পোৱা নাযায়।  যেতিয়া এযোৰ চৰাইৰ কোনো এটাৰ মৃত্যু হয়, আনটোৱে অতিপাত শোক কৰে আৰু শোকত মৰি যায়। ভক্তিৰ ক্ষেত্ৰত ই হৈছে প্ৰায় মানুহৰ গুণৰ ওচৰত।  ইয়ে সমতলৰ গাওঁলীয়া লোকসকলৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিছে।

পৰিণামত সিহঁত ভালদৰে সুৰক্ষিত।

অৱশেষত, ই হৈছে সৰ্বসাধাৰণ মানুহ, কোনো বৈজ্ঞানিক বা কোনো ৰক্ষণশীল ব্যক্তিয়ে নহয়, আমাৰ চাৰিওফালে জীয়াই থকা চৰাইবোৰক সুৰক্ষা প্ৰদান কৰিব পাৰে।  ধৰ্মীয় অনুভূতিয়ে মৰা চৰাই আৰু সামান্য পৰিমাণে অন্যান্য চৰাইক ৰক্ষা কৰাত সহায় কৰিছে।  এয়া দুখৰ বিষয় যে বহুতো অন্যান্য সুন্দৰ চৰাইয়ে এনে সুৰক্ষা নাপায়।

কিন্তু উইলি কাউৰী, চীকি স্পাৰো আৰু অনুভূতিপ্ৰৱণ ময়না চৰাই সদায় আমাৰ লগত বাস কৰিব। খুব সম্ভৱ সিহঁত মানুহতকৈ অধিক দিন জীয়াই থাকিব। 

একে কথা আন জন্তুবোৰৰ ক্ষেত্ৰতো খাটে। য’ত চতুৰ শিয়ালে জীয়াই থকাৰ কলা শিকিছে কিন্তু ইয়াৰ প্ৰভু প্ৰকাণ্ড বাঘ বিলুপ্তৰ পথত। ০ ০ ০

বিঃ দ্ৰঃ ‘মহানগৰত পক্ষী জীৱন’ গল্পটিৰ ইংৰাজী শিৰোনাম হৈছে ‘Bird Life in the City’.

অসমীয়া অনুবাদত বিশ্ব চুটি গল্প

মেকুৰীৰ স্বৰ্গ

মূল ফৰাচীঃ ইমিল জোলা (ফ্রান্স)

লুইচ আছিল অতি ভাগ্যৱান এটা শকত মেকুৰী। সি বিলাসিতাত জীৱন যাপন কৰিছিল।  তেওঁৰ সঙ্গী আছিল চেৰী নামেৰে এজনী তিৰোতা, তাই তেওঁক চালমন আৰু কেভিয়াৰ খুৱাইছিল। তেওঁ জুইৰ আগত পাখিৰ গাৰুত শুইছিল। তথাপি লুইচে সঘনে খিৰিকীৰ বাহিৰলৈ অতি আগ্ৰহৰে তধা লাগি চাইছিল। যেতিয়া তেওঁ তেওঁৰ ডিঙিটো আগুৱাই দিছিল, তেওঁ মাজে মাজে ৰাস্তাৰ মাজত মেকুৰীবোৰে সমান ৰাস্তাৰ ওপৰত খেলি থকা আৰু সূৰ্যৰ পোহৰত লাহে লাহে খোজ কাঢ়ি থকা দেখা পাইছিল।

লুইচে এটা মাত্ৰ বস্তু বিচাৰিছিল। তেওঁ ৰাস্তাৰ ওপৰত থকা মেকুৰীবোৰৰ দৰে জীৱন যাপন কৰিব বিচাৰিছিল। ‘স্বৰ্গ!’ তেওঁ সন্তুষ্টিৰ সুৰত লাহে লাহে কৈছিল। আৰু ভাবি আছিল যে সুযোগ পোৱাৰ মুহূৰ্ততে ইয়াৰ পৰা ওলাই স্বৰ্গলৈ যাব।

এদিনাখন এটা আচৰিত ঘটনা ঘটিছিল। চেৰীয়ে  ৰান্ধনি ঘৰৰ খিৰিকী বন্ধ কৰিবলৈ পাহৰিছিল আৰু তাই যেতিয়া উভতি গৈছিল, লুইচে জঁপিয়াই বাহিৰলৈ ওলাইছিল।

“কিমান সুন্দৰ!” তেওঁ মৃদু সুৰত কৈছিল। তেওঁ সূৰ্যৰ পোহৰ আৰু গছ-গছনি, ফুলবোৰ আৰু সেকি থকা ৰুটিৰ গোন্ধ অনুভৱ কৰিব পাৰিছিল। তেওঁ মাত্ৰ তিনিটা সৰু মেকুৰীয়ে মেও মেও কৰি তেওঁৰ পিনে আহি থকা দেখি ভয়ত কঁপিছিল। কিন্তু সিহঁতে লুইচলৈ হাঁহিছিল। “মূৰ্খ ক’ৰবাৰ! তুমি কিয় ভয় কৰিছা?” সিহঁতে সুধিছিল। লুইচে সিদ্ধান্ত লৈছিল তেঁৱো ‘মিউ মিউ’ কৰিব। তেওঁ তেওঁৰ মুখ খুলিছিল আৰু সিহঁতৰ বিলাপত যোগ দিছিল। যেতিয়া আনসকলোৱে ৰাস্তাৰ ওপৰত আৰামৰে খোজ কাঢ়ি আছিল, লুইিচে সিহঁতৰ কাষত সোঁফালে লাহে লাহে খোজ কাঢ়িবলৈ লৈছিল।

অলপ পিছতে, এটা বুঢ়া মতা মেকুৰী ওলাই আহিল। ‘বন্ধু’ তেওঁ কৈছিল, “মোৰ নাম টম। মই দেখা  পাইছোঁ যে তুমি পৃথিৱীৰ বিষয়ে নাজানা। মই তোমাক শিকাবলৈ ভাল পাম।”

“মই গ্ৰহণ কৰিম!” লুইচে কৃতজ্ঞতাৰে কৈছিল। তেওঁৰ কেতিয়াও কোনো মেকুৰী বন্ধু নাছিল।

লুইচে ৰাস্তাত  লৰি থকা টম আৰু তেওঁৰ দলটোক অনুসৰণ কৰি থাকিল সিহঁতৰ দৰে তেওঁ নৰ্দমাৰ পৰা পানী খালে আৰু  ক্ৰিমতকৈয়ো বেছি সোৱাদ পালে। সকলো সুন্দৰ দেখাইছিল।

সিহঁতে উষ্ণ বসন্তকালীন সূৰ্যৰ ৰ’দত  দৃশ্য আৰু সুৰভি উপভোগ কৰি কৰি খোজকাঢ়ি থাকিল।  সিহঁতে ধীৰ গতিত সেই ৰাস্তালৈ উভতি গৈ থাকিল য’ত সিহঁতে প্ৰথমে লগালগি হৈছিল।

লুইচে ভোক অনুভৱ কৰিবলৈ ধৰিলে। তোমালোকে ৰাস্তাত কি খোৱা?” তেওঁ টমক সুধিলে।

“আমি যিহকে পাওঁ।” টমে ক’লে।

লুইচ বিবুদ্ধিত পৰিছিল, তেওঁ কেতিয়াও খাদ্যৰ বাবে চিকাৰ কৰা নাই। তেওঁ চাৰিওপিনে চাবলৈ ধৰিলে, কিন্তু তেওঁ কোনো বস্তু নাপালে আৰু ভয় কৰিছিল যে তেওঁ অনাহাৰে থাকিব লাগিব।  পিছত, হঠাৎ খিৰিকীৰ মাজেৰে তেওঁ এজন মানুহক  খাদ্য প্ৰস্তুত কৰি থকা দেখা পালে। মানুহজনৰ মেজত, খিৰিকীৰ ওপৰত ৰসাল গাহৰিৰ মাংসৰ টুকুৰা পৰি আছিল। কোনো চিন্তা নকৰাকৈ, লুইচে খিৰিকীৰে জঁপিয়ালে আৰু মেজৰ ওপৰত পৰিল। তেওঁ টুকুৰাটো থাপ মৰি ললে, কিন্তু তেওঁ বাহিৰলৈ ওলোৱাৰ আগতে, মানুহজনে তেওঁক দেখা পালে আৰু এটা বাঢ়নী হাতত ললে। তেওঁ লুইচক ইমান জোৰেৰে কোব সোধালে যে তেওঁৰ মুখৰ পৰা  মাংসৰ টুকুৰাটো সৰি পৰিল। বাঢ়নীৰ আন এটা কোব খোৱাৰ আগতে তেওঁ পলাই আহিবলৈ সক্ষম হ’ল।

টমে  তেওঁৰ মূৰটো জোকাৰি খিৰীকিটোৰ বাহিৰত থিয় হৈ আছিল। “মেজত থকা খাদ্যবোৰ আমাৰ বাবে নহয়,” তেওঁ ক’লে। “আমি নৰ্দমা আৰু গলিৰ পৰা খাদ্য গ্ৰহণ কৰোঁ। আমি ৰাতিপুৱালৈকে অপেক্ষা কৰিম আৰু জাবৰৰ দ’মত খাদ্য বিচাৰিম।”

লুইচ আতংকিত হৈছিল। “গোটেই ৰাতি অপেক্ষা কৰিব লাগিব?”

টমে  শান্তভাৱে তেওঁৰ মূৰ দুপিয়াইছিল। “তুমি শিকিব পাৰিবা,” তেওঁ জ্ঞানীৰ দৰে কৈছিল।

সিহঁতে অন্ধ গলিবোৰত ঘূৰি ফুৰিবলৈ ৰাস্তা এৰিলে। লুইচৰ বাবে ৰাতি লাহে লাহে আগুৱাই থাকিল। সন্ধিয়াৰ কুঁৱলীয়ে তেওঁৰ কঁপনি তুলিলে। যিহেতু বৰষুণ পৰি আছিল আৰু জোৰে বতাহ বৈ আছিল, লুইচে ভাবিবলৈ ধৰিলে বাহিৰৰ পৃথিৱীখন মুঠতে কিমান ভয়ংকৰ। তাত কোনো পোহৰ নাছিল, কোনো উষ্ণ চাল নাছিল, কোনো খেল আৰু আনন্দ নাছিল। তেওঁৰ হাঁতোৰা ৰাস্তাৰ শিলবোৰৰ ওপৰত পিছলি গৈছিল। তেওঁ চেৰীৰ ঘৰ আৰু তেওঁৰ সুন্দৰ গাৰুৰ সপোন দেখিবলৈ ধৰিলে।

হঠাৎ টমে তীক্ষ্ণ সুৰত ক’লে, সোনকালে ইয়ালৈ আহা!” তেওঁ অট্টালিকাটোৰ কাষে কাষে চুচুৰি নামি আহি আছিল। যেতিয়া সিহঁতে এখন দৰজাৰ ওচৰ পালে, টমে ফুচফুচাই ক’লে, “সৌ বাহিৰত হুক আৰু পাঁচি লৈ থকা মানুজনক দেখা পাইছানে? তেওঁ হৈছে জন্তু ধৰোতা। যদিহে তেওঁ আমাক পায়, আমি মৰি যাম!”

এতিয়া লুইচে ভয় আৰু ঠাণ্ডাত কঁপি আছিল। বৰষুণ, বতাহ আৰু হুকৰ সৈতে মানুহজন? জাবৰৰ দ’ম আৰু পিছত ৰাস্তা? বাহিৰত আৰু বা কি ঘটিব পাৰে?

লুইচে কেকনিৰ শব্দ শুনিবলৈ পাইছিল। তেওঁ ঘূৰি চাইছিল আৰু তিনিজন মানুহক বাহিৰৰ ৰাস্তালৈ জাবৰ কঢ়িয়াই থকা দেখা পাইছিল।  এয়া চাবলৈ তেওঁ দৌৰ মাৰিলে। তেওঁ এটা  মাংসৰ সুন্দৰ টুকুৰা, এটি সৰু চালমন আৰু কিছু কেভিয়াৰ পোৱাৰ হাবিয়াস কৰিছিল। তেওঁ বেগবোৰত ততাতৈয়াকৈ বিচাৰি চাইছিল, কিন্তু তেওঁ মাত্ৰ তিনিটামান শুকান হাড় পাইছিল।

লুইছে দেখা পাইছিল যে টম এজন শিল্পী আছিল। তেওঁ জাবৰৰ মাজত লাহে লাহে আৰু অতি পৰিশ্ৰমেৰে লক্ষ্য কৰিছিল আৰু কিছু পাতল, বাহী মাংসৰ টুকুৰা পাইছিল। ঠাণ্ডা বৰষুণ লুইচৰ ওপৰত পৰি আছিল বাবে তেওঁ মাত্ৰ গৰম আৰু শুকান বন্ধীশাল (নিজৰ ঘৰখন) ৰ কথা ভাবি আছিল য’ত এক চৰিয়া চালমন, কেভিয়াৰ নিশ্চয় তেওঁৰ বাবে অপেক্ষা কৰি আছিল।

যেতিয়া সূৰ্য উদয় হৈ আছিল, টমে তেওঁৰ পিনে চাইছিল আৰু চকু পিটিকিছিল।

“তুমি বাহিৰত যথেষ্ট জীৱন উপভোগ কৰিলা, নহয়নে?”

“হয়”, লুইচে নম্ৰভাৱে ক’লে।

“তুমি ঘৰলৈ যাব বিচৰানে?” টমে সুধিলে।

“নিশ্চয়,” লুইচে ক’লে, “কিন্তু মই কেনেকৈ মোৰ ঘৰখন বিচাৰি উলিয়াব পাৰোঁ?”

টমে বিৰক্তিৰে তেওঁৰ মূৰটো জোকাৰিলে।  মই  যোৱাকালি যেতিয়া তোমাক তোমাৰ ঘৰ এৰা দেখা পাইছিলোঁ, মই এটা ঘটনা জানিছিলোঁ যে তোমাৰ দৰে এটা শকত মেকুৰী স্বাধীনতাৰ আনন্দ উপভোগ কৰিব নোৱাৰে। মোক অনুসৰণ কৰা।”

লুইচে শিলগুটি পেলোৱা ৰাস্তাৰে টমক অনুসৰণ কৰি কৰি ৰাস্তাৰ মাজলৈ আহিল, তেওঁ ৰাস্তাটো কোনোমতেহে মনত পেলাব পাৰিলে। সোনকালেই সিহঁত চেৰীৰ খিৰিকী পালেগৈ। টমে তেওঁৰ পিনে ঘূৰিলে আৰু ক’লে, “এয়া তোমাৰ ঘৰ। বিদায়!”

লুইচে তেওঁৰ বন্ধুক বাহিৰত বনৰীয়া অৱস্থাত এৰাটো সহ্য কৰিব পৰা নাছিল। “মোৰ লগত আহা,” লুইচে ক’লে। মই মোৰ বিচনা আৰু খাদ্য তোমাৰ লগত ভগাই ল’ম। চেৰী বৰ দয়ালু।”

টমে হাঁতোৰা জোঁকাৰিলে। মই ইয়াত কোমল বিচনা আৰু চহকী খাদ্যৰ মাজত মৰি যাম। এইবোৰ হৈছে দুৰ্বলীৰ বাবে। মই স্বাধীন থাকিব বিচাৰোঁ!” তেওঁ ঘূৰিলে আৰু জঁপিয়াই বাহিৰলৈ গৈ অদৃশ্য হৈ গ’ল।

লুইচে ভিতৰলৈ চুঁচৰি সোমাই গ’ল। যেতিয়া চেৰীয়ে তেওঁক দেখা পালে, তাই চিঞৰি উঠিল। “বেয়া ল’ৰা!” কিন্তু তাই তেওঁক বাহুৰ মাজত সোমাই ল’লে আৰু চেভিয়াৰ খাবলৈ দিলে। পিছত জুইৰ কাষত বহুৱালে, লুইচে তেওঁৰ মূৰটো পাখিৰ গাৰুত ৰাখিলে আৰু চকু দুটা বন্ধ কৰি দিলে। এতিয়া তেওঁ বুজি পালে যে স্বৰ্গ হৈছে এনে এক স্থান য’ত তেওঁ চিৰদিনৰ বাবে বন্ধী হৈ থাকি পাৰে, তাত তেওঁ সদায় সজীৱ মাংস, কোমল গাৰু আৰু জুই পাব।

মুঠতে মেকুৰী এটাৰ কাৰণে সেয়াই স্বৰ্গ। ০ ০ ০

বিঃ দ্ৰঃ ‘মেকুৰীৰ স্বৰ্গ’ গল্পটিৰ ইংৰাজী শিৰোনাম হৈছে ‘Cat’s Paradise’.

অসমীয়া অনুবাদত বিশ্ব চুটি গল্প

ঠাকুৰৰ কুঁৱা

মূল উর্দু: মুন্সি প্ৰেমচান্দ (ভাৰত)

ঝুখুয়ে লোটাটো তেওঁৰ মুখলৈকে তুলিছিল কিন্তু পানীখিনি বেয়া গোন্ধাইছিল। তেওঁ গাংগিক ক’লে, ‘এয়া কোন ধৰণৰ পানী? ই ইমান বেয়াকৈ গোন্ধাইছে যে মই ইয়াক খাব নোৱাৰো। মোৰ ডিঙিটো পুৰি গৈ আছে আৰু তুমি এনে পানী দিছা যি বেয়া হৈ গৈছে।’ প্ৰতিদিন গাংগিয়ে পানীৰ জগটো পূৰ্ণ কৰে। কুঁৱাটো বহু দূৰৰ বাটত আৰু কেইবাবাৰো গৈ পানী অনাটো তাইৰ বাবে কঠিন আছিল। তাই পানীখিনি যোৱাকালি আনিছিল আৰু তাত মুঠেই কোনো বেয়া গোন্ধ নাছিল। এতিয়া বেয়া গোন্ধটো তাত কিদৰে থাকিব পাৰে? তাই তাইৰ নাকৰ বিন্ধালৈকে পানীৰ লোটাটো তুলিলে আৰু সঁচাকৈয়ে পানীখিনি বেয়া গোন্ধাইছে। নিশ্চয় কোনো জন্তু নাদটোত পৰি মৰিছে। কিন্তু তাই নাজানে তাই আন ক’ৰপৰা অলপ পানী আনিব পাৰিব।

কোনোৱে তাইক ঠাকুৰৰ নাদৰ ওচৰলৈকে যাব নিদিব। আনকি  তাই দূৰত থাকেতেই মানুহে তাইলৈ তীব্ৰভাৱে চিঞৰিব। গাওঁখনৰ আন মূৰত দোকানীজনৰ এটি নাদ আছে কিন্তু আনকি তাতো সিহঁতে পানী তুলিবলৈ নিদিব। তাইৰ দৰে মানুহৰ বাবে গাওঁখনত কোনো কুঁৱা নাছিল।

ঝুখু কেইবাদিন ধৰি বেমাৰী আছিল, কিছু সময়ৰ বাবে তেওঁৰ তৃষ্ণাটো দমাই ৰাখিলে। পিচত তেওঁ ক’লে, “মই অতিকৈ তৃষ্ণাতুৰ, মই এয়া সহ্য কৰিব নোৱাৰোঁ।  মোক পানীখিনি দিয়া। মই মোৰ নাকটো বন্ধ ৰাখি অলপ পানী পান কৰিম।

গাংগিয়ে তেওঁক পানীখিনি নিদিলে। তাই জানে যে বেয়া পানী খোৱাৰ পৰা তেওঁৰ বেমাৰ বাঢ়ি যাব। কিন্তু তাই নেজানে যে পানীখিনি উতলাই নিৰাপদ কৰিব পাৰি। তাই কৈছিল, “তুমি ইয়াক কেনেকৈ পান কৰিবা? কোনে জানে কোন প্ৰকাৰৰ জন্তু ইয়াত পৰি মৰিছে! মই যাম আৰু তোমাৰ কাৰণে কুঁৱাটোৰ পৰা অলপ পানী আনিম।”

আচৰিত হৈ ঝুখুয়ে তাইলৈ তথা লাগি চাই থাকিল। তুমি  ক’ৰ পৰা পানী আনিব পাৰিবা?”

ঠাকুৰ আৰু দোকানীজনৰ উভয়ৰে কুঁৱা আছে। সিহঁতে মোক এক লোটামন পানী নিদিবনে!”

কথাটো হ’ল তুমি তোমাৰ বাহু আৰু ভৰি ভাঙিলৈ ওভতি আহিবা। তাতকৈ তুমি মাত্ৰ শান্তিৰে বহি থাকা। ব্রাহ্মণজনে অভিশাপ দিব, ঠাকুৰে তোমাক এটা লাঠিৰে কোবাব আৰু সৌ টকা ধাৰে লগোৱা দোকানীজনে পানী দিয়া প্ৰতিজনৰ পৰা পাঁচ টকাকৈ লয়। তুমি ভাবানে যে তেনেকুৱা মানুহে তোমাক সিহঁতৰ কুঁৱাৰ পৰা পানী তুলিবলৈ দিব?” সেই শব্দকেইটাত নিৰ্মম সত্য জড়িত আছিল আৰু গাংগিয়েও এয়া অস্বীকাৰ কৰিব পৰা নাছিল। কিন্তু তাই তেওঁক সেই বেয়া গোন্ধ থকা পানী খাবলৈ দিব নোৱাৰে।

ৰাতি নমান বজাত মৃত্যু-ক্লান্ত হাতবোৰ গভীৰ টোপনিত পৰি আছিল। গাংগিয়ে পানী অনাৰ বাবে ঠাকুৰৰ ঘৰখন পাইছিলগৈ।

এটা সৰু চাকিৰ পৰা মৃদু পোহৰে কুঁৱাখন পোহৰময় কৰি ৰাখিছিল। গাংগিয়ে কুঁৱাটোৰ পিছপিনে বহি লুকাই থাকিল অৰু উপযুক্ত সময়ৰ বাবে অপেক্ষা কৰি থাকিল। গাওঁখনৰ  প্ৰত্যেকেই সেই কুঁৱাখনৰ পৰা পানী খাইছিল। ই কাৰো বাবে নিষিদ্ধ  নাছিল, মাত্ৰ তাইৰ দৰে দুৰ্ভগীয়া কিছুমানেহে সিহঁতৰ বাল্টিটো তাত ব্যৱহাৰ কৰিব পৰা নাছিল।

গাংগিৰ হঠাৎ খং উঠিল। তাই কিয় ইমান নীচ আৰু আনবোৰ কিয় ইমান উচ্চ! ইয়াৰ কাৰণ সিহঁতে সিহঁতৰ ডিঙিৰ চাৰিওপিনে সূতা বান্ধে?  সিহঁতৰ মাজত এনে কোনো নাছিল যিজন পচা নাছিল। সিহঁতে চোৰ কৰিছিল, সিহঁতে প্ৰতাৰণা কৰিছিল, সিহঁতে আদালতত মিছা মাতিছিল, তেন্তে সিহঁত কেনেকৈনো ইমান উচ্চ আৰু শক্তিশালী হ’ব পাৰে?

মানুহ কুঁৱা এটাৰ ওচৰলৈ আহি থকাৰ শব্দ শুনিবলৈ পালে আৰু তাইৰ বুকুখন থৰ্ থৰ্ কৰি কঁপিবলৈ ধৰিলে। যদি কোনোবাই তাইক দেখা পায়, তাইক বেয়াকৈ লাথি মাৰি ইয়াৰ পৰা বাহিৰ কৰি দিব। তাই তাইৰ বাল্টি আৰু ৰচীখন খামোচ মাৰি ধৰিলে আৰু এটি গছৰ অন্ধকাৰ ছাঁত লুকাবলৈ চুচুৰি গ’ল।

দুগৰাকী তিৰোতাই পানী তুলিবলৈ তালৈ আহিল আৰু সিহঁতে কথা পাতি আছিল। এজনীয়ে ক’লে, “সিহঁতে তাত খাই আছে আৰু আমাক অধিক পানীৰ বাবে আদেশ  কৰিছে।  আমি বহি থাকিলে আৰু যদি সিহঁতে ভাৱে আমি আৰাম কৰি আছো, মানুহবোৰ ঈৰ্ষাম্বিত হয়!”

“সেয়া সঁচা কথা, আৰু তুমি সিহঁতক কলহ তুলি লোৱা আৰু নিজে পানী অনা কেতিয়াও নেদেখিবা।”

সিহঁতে ইয়াক পাবলৈ আমাক মাত্ৰ আদেশ কৰে যেন আমি সিহঁতৰ দাসী।”

সিহঁতৰ বাল্টি পূৰ্ণ কৰি গুচি গ’ল। গাংগিয়ে গছৰ ছাঁৰ পৰা ওলাই আহিল আৰু কুঁৱাটোৰ প্লেটফৰ্মৰ ওচৰলৈ আহিল। এলেহুৱা লোকসকল গুচি গৈছিল, ঠাকুৰজনে তেওঁৰ ঘৰৰ দৰজাখন বন্ধ কৰিছিল আৰু শুবলৈ বুলি ভিতৰলৈ সোমাই গৈছিল। গাংগিয়ে স্বস্তিৰ নিশ্বাস ল’বলৈ এক মুহূৰ্ত ললে। সকলো পিনে, পথাৰটো পৰিস্কাৰ আছিল। গাংগিয়ে তাইৰ গোৰোহৰ ওপৰত ভৰ দি কুঁৱাটোৰ প্লেটফৰ্মৰ ওপৰত উঠিল।  ইয়াৰ আগতে কোনোদিন তাই ইমান বিজয়ানন্দ অনুভৱ কৰা নাছিল।

তাই ৰচীটো বাল্টিটোৰ চাৰিওপিনে বান্ধিলে। ৰাতিৰ ভাগত কোনো শতৰুৰ দুৰ্গত গোপনে সোমাই যোৱা সৈনিকৰ দৰে তাই চাৰিওপিনে ভূমুকি মাৰি চালে। তেতিয়া যদি তাই ধৰা পৰে অকনমান দয়া পোৱাৰ আশা নাই। অৱশেষত দেৱতালৈ প্ৰাৰ্থনা কৰি তাই সাহস গোটালে আৰু বাল্টিটো কুঁৱাটোলৈ নমাই দিলে।

লাহে লাহে ই পানীত ডুবি গ’ল। তাত অকনো শব্দ হোৱা নাছিল। গাংগিয়ে ইয়াক তাইৰ সৰ্ব শক্তিৰে লাহে লাহে কুঁৱাটোৰ দাঁতিলৈ তুলি আনিলে।  কোনো শক্তিশালী বাহুযুক্ত মল্লযুঁজাৰুয়ে ইমান সোনকালে ওপৰলৈ তুলিব নোৱাৰিলেহেঁতেন।

তাই মাত্ৰ ইয়াক ধৰিবলৈ মূৰটো তললৈ বেঁকা কৰি দিছে এনেতে ঠাকুজীৰ ঘৰৰ দৰজাটো খুল খালে। বাঘৰ দাঁতৰ পাৰিয়েও তাইক ইমানকৈ ভয় খুৱাব নোৱাৰিলেহেঁতেন।

তাইৰ হাতৰ পৰা ৰচীটো সৰি গ’ল। এটা শব্দ কৰি বাল্টিটো পানীত পৰি গ’ল, পিছত পৰিল ৰচীটো আৰু কিছু সময় জুৰি পানী ছিটিকনিৰ শব্দ শুনা গ’ল।

চিঞৰ শুনা গ’ল, “তাত কোন, তাত কোন?”  ঠাকুৰজন কুঁৱাখনলৈ আগবাঢ়ি আহিল আৰু গাংগিয়ে প্লেটফৰ্মটোৰ পৰা জঁপিয়াই নামি আহিল আৰু  যিমান জোৰেৰে  পাৰে দৌৰিলে। তাই যেতিয়া ঘৰ পালে, তাই দেখা পালে যে ঝুখুয়ে তেওঁৰ মুখত লোটাখন লৈ  সেই লেতেৰা দুৰ্গন্ধযুক্ত পানী খাই আছে। ০ ০ ০

বিঃ দ্ৰঃ ‘ঠাকুৰৰ কুঁৱা’ গল্পটিৰ ইংৰাজী শিৰোনাম হৈছে ‘Thakur’s Well’.

অসমীয়া অনুবাদত বিশ্ব চুটি গল্প

গাড়ীৰে বোকা-ছিটিকনি 

মূল উৰ্দুঃ মুন্সি প্ৰেমচান্দ (ভাৰত)

ভাল কথা: ৰাতিপুৱা মই  গা ধোও আৰু প্ৰাৰ্থনা শেষ কৰোঁ,  মোৰ কপালত সেন্দুৰৰ ফুট লওঁ, মোৰ হালধীয়া পোছাক আৰু কাঠৰ চেণ্ডেল  পৰিধান কৰোঁ, মোৰ বাহুৰ তলত জ্যোতিষীৰ তালিকাখন সোমাই লওঁ, নিয়মিত স্কাল-কেকাৰ লাখুটিটো খামুচি ধৰো আৰু মক্কেলৰ ঘৰলৈ বুলি যাত্ৰা কৰো। মোক বিয়া অনুষ্ঠানটোৰ বাবে শুভ দিন এটি নিৰ্দ্ধাৰণ কৰিবলৈ ধৰা হৈছিল। ই আছিল মোৰ বাবে কমেও এক টকা উপাৰ্জন কৰিবলৈ যোৱা। ইয়াৰ উপৰিও ৰাতিপুৱাৰ জলপান। আৰু মোৰ জলপান কোনো সাধাৰণ জলপান নহয়। সাধাৰণ কেৰাণীবোৰে মোক এসাজ খাদ্যৰ বাবে নিমন্ত্ৰণ কৰিবলৈ সাহস নকৰে। সিহঁতৰ বাবে  যি গোটেই মাহটোৰ জলপান সেয়া আছিল মোৰ এদিনৰ জলপান। এই সন্দৰ্ভত মই চহকী ভদ্ৰলোক আৰু বেংকাৰসকলৰ খাদ্য তালিকাৰ মূল বুজি পাওঁ। সিহঁতে তোমাক খুওৱাব,  সিহঁতে তোমাক কিদৰে খুওৱাব! সিহঁতে ইমান দয়া দেখুৱাই খুৱাব যে তুমি মুঠতে সুখ অনুভৱ কৰিবা। মক্কেলজনৰ দয়াৰ ধাৰণা পোৱাৰ পিছত মই তেওঁৰ আমন্ত্ৰণটো গ্ৰহণ কৰিছিলোঁ। মোক খাবলৈ দিয়াৰ সময়ত যদি কোনোবাই গোমোঠা মুখী  হৈ থাকে তেন্তে খোৱাৰ প্ৰতি মই ৰুচি হেৰুৱাই পেলাওঁ। যদি তেওঁ উচুপি থাকে তেন্তে তেওঁ তোমাক কেনেদৰে খুৱাব! মুঠতে তেনে খাদ্য মই হজম কৰিব নোৱাৰো। এজন মক্কেলে যেতিয়া মোক মাতে, “হে শাস্ত্ৰীজী, কিছু মিঠাই খাওঁক!”  মই উত্তৰ দিওঁ, ‘নহয় বন্ধু — এতিয়াই নহয়।”

গোটেই ৰাতি যথেষ্ট বৰষুণ দিছিল। ৰাস্তাৰ সকলোতে পানীৰ ডোঙা বান্ধিছিল। মই মোৰ চিন্তাত মগ্ন হৈ খোজকাঢ়ি গৈ আছিলো এনেতে এখন গাড়ী ডোঙাৰ মাজেদি পানী ছটিয়াই আহিল। মোৰ মুখত ছিটিকনি পৰিল। আৰু তাৰ পিছত মই যি দেখা পাইছিলো সেয়া হ’ল যেন কোনোবাই মোৰ ধুতিখন বোকাৰ লগত লেটি দিছে আৰু বোকাখিনি ইয়াৰ ওপৰত দলিয়াই দিছে। মোৰ কাপোৰবোৰ নষ্ট হৈ গৈছিল, ইয়াৰ উপৰিও মই লেতেৰা হৈ গৈছিলোঁ, ক’বলৈ গ’লে টকা হেৰুৱাটো কোনো কথা নহয়। গাড়ীত থকা মানুহবোৰক যদি মই ধৰিব পাৰিলোঁহেঁতেন তেন্তে মই সিহঁতৰ প্ৰতি এনে কাম কৰিলোঁহেঁতেন যে সিহঁতে কেতিয়াও পাহৰিব নোৱাৰিলেহেঁতেন। মই থিয় দি আছিলো, নিঃসহায়ভাৱে। এনেকুৱা অৱস্থাত মই কোনো মক্কেলৰ ঘৰলৈ যাব নোৱাৰোঁ আৰু মোৰ নিজৰ ঘৰটো সম্পূর্ণ এমাইল দূৰত আছিল। ৰাস্তাত থকা সকলো মানুহে মোক উপলুঙা কৰি হাত চাপৰি বজাই আছিল। মই কেতিয়াও এনে সংকটত পৰা নাছিলোঁ। ভাল, বুঢ়া মানুহজন, এতিয়ানো তুমি কি কৰিবা? তুমি যদি এতিয়া ঘৰলৈ যোৱা তোমাৰ ঘৈনীয়েকে কি ক’ব!

মই মুহূৰ্ততে সিদ্ধান্ত লৈছিলো মোৰ কৰ্তব্য কি আছিল। মই সকলো পিনৰ পৰা এক ডজনমান দৃশ্য একেলগে দেখা পাইছিলো আৰু পিছৰ টেক্সিখনলৈ অপেক্ষা কৰি আছিলো। মই সিহঁতক ব্রাহ্মণৰ শক্তিটো দেখুৱাম।

দহ মিনিটো পাৰ হোৱা নাছিল, এটা গাড়ী চকুত পৰিল। অহ, নহয়! এইটো আছিল সেই একেখন গাড়ী। তেওঁ সম্ভৱত ষ্টেচনৰ পৰা মাষ্টাৰজনক আনিবলৈ গৈছিল আৰু এতিয়া ঘৰলৈ উভতি আছে। যেতিয়া এইটো ওচৰলৈ আহিছিল, মই শিল এটা দলিয়াই দিলো। মই মোৰ সৰ্বশক্তিৰে আঘাত কৰিলো। ভদ্ৰলোকজনৰ টুপীটো উৰি গ’ল আৰু বোকাৰ আনটো মূৰত পৰিলগৈ। গাড়ীখনৰ গতি হ্রাস পালে। মই আকৌ দলিয়ালো। খিৰিকীৰ কাচ ভাঙি টুকুৰা-টুকুৰ হ’ল আৰু এটুকুৰা ভদ্ৰলোকজনৰ গালত লাগি তেজ ওলাবলৈ ধৰিলে। গাড়ীখন থামিল আৰু ভদ্ৰ মানুহজন গাড়ীৰ পৰা নামিল আৰু মোৰ পিনে আহিল। মোক এটা ঘোচা মাৰি ক’লে, “তুমি গাহৰি (ঘৃণনীয় ব্যক্তি), মই তোমাক পুলিচৰ ওচৰত লৈ যাম! মই তেওঁৰ কথা শুনিবলৈ পোৱাৰ আগতে মই মোৰ কিতাপবোৰ মাটিত দলিয়াই দি তেওঁক কঁকালত গবা মাৰি ধৰি উজুটি খুৱাই দিলো আৰু তেওঁ বোকাত পৰি গ’ল। মই ততালিকে তেওঁৰ ওপৰত জপিয়াই পৰিলোঁ আৰু তেওঁ আচন্দ্ৰাই নপৰালৈকে এটাৰ পিছত আন এটাকৈ বিশটামান ঘোচা সোধালো। এই সময়ত তেওঁৰ ঘৈণীয়েক বাহিৰলৈ ওলাই আহিল। তাইৰ পিন্ধনত আছিল হাইহিল জোতা, ছিল্কৰ শাৰী, পাউডাৰ মখা গাল, লিপিষ্টিক আৰু চকুত চুৰমা। তাই মোক তাইৰ ছাতিৰে খুচিবলৈ ধৰিলে। মই তাইৰ গিৰীয়েকক এৰি দি মোৰ লাঠিটো ধৰি ক’লো, “পুৰুষৰ কামত হস্তক্ষেপ নকৰিবা, নহ’লে তুমিও ঘোচা আৰু থেতিলি খাবা, আৰু এনে কৰিব লগা হ’লে মই বৰ দুখ পাম। এনে সময়তে ভদ্ৰ লোকজনে উঠি ল’লে আৰু  তেওঁৰ জোতা পিন্ধা ভৰিৰে মোক লাথি মাৰিলে। মই মোৰ লাঠিৰে তেওঁৰ ভৰিত আঘাত কৰিলোঁ। কাটি পেলোৱা গছৰ দৰে তেওঁ পৰি গ’ল। মেমচাহেবজনী ছাতিখন জোকাৰি দৌৰি আহিল। মই অকনো কষ্ট নোপোৱাকৈ তাইৰ হাতৰ পৰা ছাতিটো লৈ আঁতৰলৈ দলিয়াই দিলোঁ। এই সময়লৈকে গাড়ী চালকজন গাড়ীখনতে বহি আছিল। এতিয়া তেঁৱো ওলাই আহিল আৰু বেত এটা হাতত লৈ মোলৈ খেদা মাৰি আহিল। মই মোৰ লাঠিখন মাৰি পঠালো আৰু তেওঁ চিৎ হৈ পৰি গ’ল। সকলো মানুহ এই আনন্দ চাবলৈ তাত গোট খালে। তেতিয়াও মাটিত পৰি থকা চাহাবজনে ক’লে, “তুমি বদমাচ, আমি তোমাক পুলিচত গতাই দিম!”

মই আকৌ মোৰ লাঠিখন হাতত ল’লো আৰু তেওঁৰ লাওখোলাত কোব মাৰিব বিচাৰিছিলোঁ কিন্তু তেওঁ হাতযোৰ কৰি ক’লে, “নহয়, নহয়, বাবা, আমি পুলিচৰ ওচৰলৈ নাযাম। মোক ক্ষমা কৰক।”

মই ক’লো, “ভাল কথা, পুলিচক ইয়াৰ পৰা আঁতৰত ৰাখিবা নহ’লে মই তোমাৰ লাওখোলা ভাঙি পেলাম। মই ইয়াৰ বাবে খুব বেছি ছয়মাহ সময় ল’ম কিন্তু মই তোমাৰ এই অভ্যাস ভঙাই পেলাম।  তুমি গাড়ী চলাই বোকা ছটিয়াবা, তুমি অহংকাৰত অন্ধ। তোমাৰ সন্মুখত বা তোমাৰ কাষত থকাজনক তুমি অপমান কৰিব নোৱাৰা।

দৰ্শকসকলৰ মাজৰ এজনে কৈছিল, “আৰে, মহাৰাজ,  এই গাড়ীচালকসকলে সম্পূৰ্ণভাৱে জানে যে সিহঁতে বোকা ছটিয়াই আছে আৰু যেতিয়া কোনোৱা মানুহৰ বোকা লাগে সিহঁতে ইয়াক এক ডাঙৰ কাম কৰা বুলি ভাৱে আৰু সিহঁতক উপলুঙা কৰে। সিহঁতৰ এজনক আপুনি শিক্ষা দি ভাল কাম কৰিলে।”

“মানুহে কি কৈ আছে তুমি শুনিলা।” মই চাহাবজনলৈ চিঞৰি ক’লো। যিজনে তেওঁক কথাখিনি কৈছিল তেওঁলৈ তেওঁ বেয়া দৃষ্টিৰে চালে।

“তুমি মিছা মাতিছা! এইটো সম্পূৰ্ণ মিছা কথা।”

“তুমি এতিয়াও কঁঠুৱা হৈয়ে আছা, নহয়নে? মই তোমাক মোৰ লাঠিডালৰে আকৌ মাৰিমনে?”

“নহয়, বাবা,” তেওঁ ভদ্ৰভাৱে ক’লে। ‘এয়া সঁচা কথা, এইয়া সঁচা কথা। এতিয়া আপুনি সন্তুষ্ট হৈছে!’ ওচৰতে থিয় দি থকা আন এজনে ক’লে, “আপুনি যি শুনিব বিচাৰে সি এতিয়া তাকেই ক’ব, কিন্তু তেওঁ তেওঁৰ গাড়ীত উঠাৰ লগে লগে তেওঁ বাৰে বাৰে একে কামকে কৰি থাকিব। সিহঁতক সিহঁতৰ গাড়ীত উঠাই দিয়া আৰু সিহঁতে ভাবিবলৈ ধৰিব যে সিহঁত মহাৰাজৰ সম্পৰ্কীয়।”

“তেওঁক তেওঁৰ ভুল স্বীকাৰ কৰিবলৈ দিয়া।” আন এজনে ক’লে।

“নহয়, নহয়, তেওঁক কাণত ধৰি আঁঠু কাঢ়িবলৈ দিয়া।”

“আৰু গাড়ী চলাকজনক কি কৰিব?” সিহঁত সকলো বদমাচ। যদি এজন ধনী মানুহ  অহংকাৰী হয়, সি এক কথা, কিন্তু তোমালোক গাড়ীচলকসকল অহংকাৰী হোৱাৰ কি কাৰণ আছে?” সিহঁতে চকাটো ধৰে আৰু সকলো বেঁকাকৈ দেখে।

মই পৰামৰ্শটো গ্ৰহণ কৰিলোঁ আৰু  সেই মানুহজনক আৰু ড্ৰাইভাৰজনক কাণত ধৰাই আঁঠু কাঢ়িবলৈ দিলো, ঠিক সেইদৰে যিদৰে তোমালোকে ল’ৰা-ছোৱালীক শাস্তি দিয়া। মেমচাহিবজনীয়ে গণনা কৰি থাকিল। ‘শুনক মেমচাহিব”, মই ক’লো। “আপুনি এশবাৰলৈ গণনা কৰি থাকক, এটাও যাতে কম নহয়।” দুজন মানুহে শিক্ষকজনক হাতত ধৰি উঠাই দিলে আৰু আন দুজনে সেই ড্ৰাইভাৰজনক উঠালে। দৰ্ভগীয়া ড্ৰাইভাৰজনৰ ভৰিখন থেতেলা হৈ গৈছিল তথাপি তেওঁ আঁঠু কাঢ়ি বুকু বেঁকা কৰি উঠ-নমা কৰি থাকিল। শিক্ষকজন তেতিয়াও সামান্য অহংকাৰী ভাবত আছিল  তেওঁ পৰি থাকিল আৰু বেবেৰিবাং বকি থাকিল। মোৰ খং উঠিছিল আৰু মনত শপথ  ললো যে মই তেওঁক এশবাৰ বুকু বেঁকা কৰি উঠা-নমা নকৰালৈকে এৰি নিদিম। মই চাৰিজন মানুহক গাড়ীখন ৰাস্তাৰ দাঁতিলৈ ঠেলি দিবলৈ আদেশ কৰিলোঁ।

সিহঁতে লগে লগে কামটো কৰিবলৈ ধৰিলে। চাৰিজনৰ পৰিৱৰ্তে পাঁচজন মানুহ গোট খাই গাড়ীখন ঠেলিবলৈ ধৰিলে। ৰাস্তাটো বৰ ওখকৈ বন্ধা হৈছিল আৰু ইয়াৰ দুয়োফালৰ ভুমি দ আছিল। যদি গাড়ীখন তললৈ পিছলি যায় তেন্তে  ই চূৰ্ণ-বিচূৰ্ণ হ’ব। ইতিমধ্যে গাড়ীখন ৰাস্তাৰ দাঁতি পাইছিলগৈ, তেতিয়া চাহাবজনে কেঁকাই-কেঁকাই থিয় হ’ল আৰু ক’লে, “বাবা, মোৰ গাড়ীখন নাভাঙিব, আমি আঁঠু কাঢ়ি বেঁকা হ’ম।”

মই মানুহসকলক বন্ধ কৰিবলৈ নিৰ্দেশ দিলোঁ। কিন্তু সকলোৱে দৃশ্যটো উপভোগ কৰি আছিল, কোনেও মোৰ কথা নুশুনিলে। কিন্তু মই যেতিয়া লাঠিডাল হাতত লৈ সিহঁতৰ পিনে দৌৰি গ’লোঁ সিহঁত সকলোৱে গাড়ীখন ত্যাগ কৰিলে আৰু  চাহাবজনে চকু বন্ধ কৰি আঁঠু বেঁকা কৰি বুকুখন উঠোৱা-নমোৱা কৰি থাকিল।

দহবাৰ কৰাৰ পিছত মই মেমচাহাবজনীক সুধিলোঁ, “কিমানবাৰ  কৰিলে?”

তাই বৰ অৱজ্ঞাৰ ভাৱত ক’লে, “ মই গণনা কৰি থকা নাই।”

ইয়াৰ পিছত চাহাবজনে গোটেই দিন কেঁকাই থাকিল। মই তেওঁক এৰি নিদিওঁ। যদি তুমি ভালে ভালে ঘৰলৈ উভতাই নিব বিচৰা তেওঁ কিমানবাৰ আঁঠু বেঁকা কৰিলে গণনা কৰি যোৱা।

এতিয়া চাহাবজনে ভাবিলে যে শাস্তিটো নোপোৱালৈকে সি তেওঁৰ জীৱন লৈ ঘৰলৈ উভতিব নোৱাৰে। গতিকে তেওঁ আকৌ আঁঠু বেঁকা কৰি থাকিল।

হঠাতে আন এটা গাড়ী সেই স্থানলৈ আহিল। চাহাবে এয়া দেখা পাইছিল আৰু  বৰ নম্ৰভাৱে ক’লে, “পণ্ডিতজী, মোক সহানুভূতি দেখুৱাওক। আপুনি মোৰ দেউতা। মোক দয়া কৰক আৰু মই কেতিয়াও গাড়ীত নবহো।”

মই দয়া দেখুৱাই ক’লো, “নহয়, মই তোমাক গাড়ীত বহিবলৈ বাধা নিদিওঁ। মই মাথো মানুহক মানুহ হিচাপে ব্যৱহাৰ কৰিবলৈ কওঁ যেতিয়া তুমি গাড়ীত বহিবা।”  দ্বিতীয় গাড়ীখন দ্ৰুত গতিত গৈ আছিল। মই সংকেত দিলোঁ। সকলো মানুহে শিল হাতত ললে। গাড়ীৰ মালিকজনে নিজেই গাড়ীখন চলাই আছিল। গাড়ীখনৰ গতি হ্রাস কৰি তেওঁ আমাৰ পিনে আহি আছিল, মই আগবাঢ়ি গ’লোঁ আৰু তেওঁৰ কাণত  ধৰি জোৰে জোকাৰণি মাৰিলোঁ আৰু তেওঁৰ দুয়োখন গালত চাপৰ মৰাৰ পিছত ক’লো, “গাড়ীৰে বোকা নছটিয়াবা, বুজি পালা! ভদ্ৰভাৱে যাবা।” কিন্তু তেওঁ এশজন মানুহে শিল হাতত লৈ অহা নেদেখালৈকে বেবেৰিবাং বকি থাকিল। ইয়াৰ পিছত কোনো কথা নবঢ়াই তেওঁৰ ৰাস্তা ললে।

এক মিনিট পিছত আন এটা গাড়ী আহিল। মই সেই কদৰ্য মানুহসকলক ৰাস্তাটো বন্ধ কৰিবলৈ নিৰ্দেশ দিলোঁ। গাড়ীখন থমকি ৰ’ল। মই তেঁৱোকো কেইটামান চৰ সোধালো। কিন্তু সেই দুৰ্ভগীয়া লোকজন আছিল এজন ভদ্ৰ মানুহ। তেওঁ থাপৰকেইটা উপভোগ কৰি  গৈ থাকিল।

হঠাৎ এজন মানুহে ক’লে, “পুলিচ আহি আছে।”

সকলোৱে পলাই সাৰিলে। মই ৰাস্তাটোৰ পৰা নামি আহিলো আৰু সৰু আলিত অদৃশ্য হৈ গ’লোঁ। ০ ০ ০

বিঃ দ্ৰঃ ‘গাড়ীৰে বোকা  ছিটিকনি’ গল্পটিৰ ইংৰাজী শিৰোনাম হৈছে ‘Car-Splashing’.

অসমীয়া অনুবাদত বিশ্ব চুটি গল্প

অভিশাপৰ শক্তি

মূল উৰ্দুঃ মুন্সি প্ৰেমচান্দ (ভাৰত)

চান্দপুৰ নামৰ এখন গাওঁত থকা মুন্সি ৰামসেৱক এজন বৰ ধনী মানুহ আছিল। তেওঁক প্ৰতিদিন মুক্ত আকাশৰ তলত থকা বাগিছা এখনৰ সন্নিকটত থকা নীম গছৰ তলত এটি ভঙা বেঞ্চৰ ওপৰত বহি থকা দেখা পোৱা গৈছিল।  কোনেও তেওঁক কোনো দিন আদালতলৈ যোৱা বা কোনো অভিযোগত যুক্তিতৰ্ক কৰা দেখা নাছিল।  কিন্তু প্ৰত্যেকেই তেওঁক ‘মোক্তাৰ’ (উকিল) বুলি মাতিছিল।  যেতিয়া তেওঁ মুক্ত আদালতলৈ গৈছিল গাওঁবাসীসকলে তেওঁৰ পিছত জুম বান্ধিছিল। তেওঁক সকলোৱে শ্ৰদ্ধা আৰু বিশ্বাসৰ চকুৰে চাইছিল আৰু তেওঁ সৰস্বতী দেৱীৰ বাগ্মিতা  গুণ থকা বুলি যশস্যা লাভ কৰিছিল।  কিন্তু ই আছিল মাত্ৰ এটা পৰিয়ালৰ পৰম্পৰা বজাই ৰখাহে।  তেওঁৰ কোনো ডাঙৰ আয় নাছিল। পৰিয়াল নথকা এজনী বিধৱা আৰু যথেষ্ট টকা থকা কিন্তু কোনো জ্ঞান নথকা মানুহৰ দ্বাৰা যোগান ধৰা জীৱিকাৰ উপায় হিচাপে এখন চাহৰ দোকান আছিল।  বিধৱা তিৰোতাসকলে সিহঁতৰ টকা নিৰাপদে ৰাখিবলৈ তেওঁৰ ওচৰত জমা ৰাখিছিল আৰু যিসকল বুঢ়া মানুহে সিহঁতৰ অযোগ্য সন্তানক ভয় কৰিছিল সিহঁতে তেওঁৰ ওচৰত সিহঁতৰ সম্পদ জিম্বাত ৰাখিছিল। কিন্তু এবাৰ তেওঁৰ হাতৰ মুঠিত টকা পৰিলে সি বাহিৰ ওলাবলৈ পাহৰি গৈছিল।

সেই একেখন গাওঁতে মুংগা নামেৰে এজনী ব্রাহ্মণ বিধৱা তিৰোতা বাস কৰিছিল। তাইৰ গিৰীয়েক ব্রহ্মদেশত থকা ভাৰতীয় সেনা বাহিনীত এজন সেনা বিষয়া আছিল। তেওঁ যুদ্ধত ঢুকাইছিল। তেওঁৰ সেৱা বিবেচনা কৰি চৰকাৰে তাইক ৫০০ টকা প্ৰদান কৰিছিল। এজনী বিধৱা হোৱা বাবে আৰু সময় বৰ জটিল হোৱা বাবে দুৰ্ভগীয়া তিৰোতাজনীয়ে তাইৰ সকলো টকা ৰামসেৱকৰ জিম্বাত ৰাখিছিল আৰু তাই ভিক্ষা মাগি জীৱন নিৰ্বাহ কৰিছিল।মুন্সিজীয়ে কেইবাবছৰ বৰ সাধুতাৰে তেওঁৰ কৰ্তব্য পালন কৰিছিল।  কিন্তু মুংগা যেতিয়া বুঢ়ী হৈ আহিল, মৃত্যুৰ কোনো লক্ষণ নোহোৱাকৈ, তেতিয়া তেওঁ ভাবিলে যে মুংগাই সম্ভৱতঃ তাইৰ অন্তেষ্টিক্ৰিয়াৰ বাবে আধাখিনি টকাও তেওঁৰ ওচৰত ৰাখিব নিবিচাৰে।  সেয়ে তেওঁ এদিনাখন তাইক ক’লে, “তুমি মৰিবলৈ ওলাইছা, নহয়নে, মুংগা? তুমি তোমাৰ অন্তেষ্টিক্ৰিয়াৰ বাবে টকাখিনি তোমাৰ লগত ৰাখা বুলি মোক পোনাপুনি কৈ দিয়।’ সিদিনাখন মুংগাৰ চকু মুকলি হ’ল আৰু তাই ক’লে, “মোক গোটেই টকাখিনি উভতাই দিয়া।” হিচাপৰ বহীটো প্ৰস্তুত আছিল। ইয়াৰ এটকাও হিচাপ মতে নাছিল।  তাই উগ্ৰভাৱে তেওঁৰ হাতত খামোচি ধৰিলে আৰু ক’লে, “ তুমি মোৰ পৰা ২৫০ টকা লৈছা, মই তোমাক ইয়াৰ এটকাও ৰাখিব নিদিওঁ। কিন্তু দুৰ্ভগীয়া বিধৱাজনীৰ খঙে কোনো প্ৰভাৱ পেলাব নোৱাৰিলে।  আদালতত তাইৰ কোনো প্ৰভাৱ নাছিল। তাই পঢ়িব, লিখিব আৰু হিচাপ ৰাখিব জনা নাছিল।  ইয়াৰ বাবে গাওঁ সভাৰ ওপৰত তাইৰ কিছু আশা আছিল। গাওঁসভা বহিল, বিভিন্ন গাওঁৰ পৰা মানুহ আহি গোট খালে।  মুন্সি ৰামসেৱক ইয়াৰ বাবে সাজু আৰু  মান্তি আছিল। তেওঁ সভাখনত থিয় দি সদস্যসকলক উদ্দেশ্যি ক’লে, “ববন্ধুসকল! আপোনালোক সকলো মহান আৰু সত্যৰ প্ৰতি বিশ্বাসী। মই আপোনালোক সকলোকে প্ৰণাম জনাওঁ। আপোনালোকৰ বদান্যতা, ক্ষমা, দানশীলতা আৰু প্ৰেমৰ বাবে মই হৃদয়ৰ অভ্যন্তৰৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিছো।  আপোনালোকে সঁচাকৈয়ে ভাবেনে যে মই এই দুৰ্ভগীয়া বিধৱাজনীৰ পৰা টকা লৈছো বুলি?”

সভাখনে একেসুৰত কৈছিল, “নহয়, নহয়! আপুনি তেনে কাম কৰিব নোৱাৰে!”

মুন্সিয়ে ক’লে, “আপোনালোক সকলোৱে যদি মই তাইৰ টকা চুৰি কৰা বুলি কয়, তেন্তে মই আত্মসমৰ্পণ কৰাৰ বাহিৰে কোনো উপায় নাই। মই এজন ধনী মানুহ নহয়, মই অতি মহান বুলিও কোনো অহংকাৰ নকৰো। কিন্তু মোৰ বিদ্যা আৰু আপোনালোকৰ দয়াক ধন্যবাদ যে মই নিজকে অভাৱী বুলি নকওঁ। মই  এনে নীচনে যে মই এজনী বিধৱা তিৰোতাৰ টকা চুৰ কৰিম?”

সভাৰ সকলোৱে একেলগে কৈছিল, “নহয়, নহয়! তুমি তেনে কাম কৰিব নোৱাৰাহ্ল”

সভাখনে তেওঁক মুক্তি দিছিল।

মুংগাই এটা গভীৰ হুমুনিয়াহ কাঢ়িলে আৰু নিজকে ক’লে, “মই ইয়াত এইটো নাপাওঁ, ঠিক আছে, মই নাপাম, কিন্তু মই স্বৰ্গত এয়া উভতাই ল’ম।”  মুংগাক সহায় কৰিবলৈ আৰু তাইৰ অভিযোগ শুনিবলৈ তাত কোনো নাছিল। দৰিদ্ৰতাৰ বাবে যি দুখকে নহওঁক কিয় তাই সেইখিনি বহন কৰিব লগা আছিল। তাইৰ শৰীৰ ভালে আছিল আৰু যদি তাই বিচাৰিলেহেঁতেন তাই কঠোৰ পৰিশ্ৰম কৰিব পাৰিলেহেঁতেন।  কিন্তু পঞ্চায়তে যিদিনাখন ৰায়টো দিছিল সিদিনাৰ পৰা তাই কাম নকৰো বুলি প্ৰতিজ্ঞা কৰিলে।  তাই এতিয়া টকাৰ চিন্তাত কষ্ট পাবলৈ ধৰিলে।  গোটেই দিন, গোটেই ৰাতি তাই বহি থকা অৱস্থাত, খোজকাঢ়ি থকা অৱস্থাত ৰামসেৱকৰ বিৰুদ্ধে কৈ থাকিল। 

ক্ৰমান্বয়ে তাইৰ মস্তিষ্কই কাম নকৰা হ’ল। তাই উদং মূৰত, উদং শৰীৰত হাতত এটা সৰু কোৰ লৈ পৰিত্যক্ত ঠাইত বহি থাকিবলৈ ল’লে। তাই পঁজাঘৰখন ত্যাগ কৰিলে আৰু শুকাই ক্ষীনাই আউলি-বাউলি চুলিৰ সৈতে নদীৰ পাৰত থকা চিতাখনৰ ধবংসাৱশেষৰ চাৰিওফালে ঘূৰি ফুৰা দেখা গ’ল। মানুহে যেতিয়া তাইক এনে অৱস্থাত দেখা পালে সিহঁতে ভয় খাবলৈ ধৰিলে।  ধেমালীতো কোনেও তাইক আমনি নকৰা হ’ল।  যেতিয়া তাই গাওঁখনত ওলাইছিল, তিৰোতাসকলে ঘৰৰ দৰজা বন্ধ কৰি দিছিল, মতা মানুহসকলে পলাই গৈছিল আৰু ল’ৰা-ছোৱালীহঁতে চিঞৰ মাৰি দৌৰি আঁতৰ হৈছিল।  কিন্তু তাত মাত্ৰ এজন ল’ৰা আছিল যিজনে তাইক দেখি আঁতৰি যোৱা নাছিল আৰু তেওঁ আছিল মুন্সিজীৰ পুত্ৰ ৰামগোলাম। গাওঁৰ এক চকুৱা আৰু খুড়া মানুহে তেওঁৰ উপস্থিতি ঘৃণাৰ চকুৰে চাইছিল।  দুৰ্ভগীয়া বিধৱাজীনয়ে বিবুদ্ধিত পৰি গাওঁখন এৰি নোযোৱালৈকে তেওঁ গাওঁৰ কুকুৰবোৰ লগত লৈ, হাত চাপৰি বজাই বজাই তাইৰ পিছে পিছে গৈছিল। তাই টকা হেৰুৱা  আৰু মস্তিষ্কৰ বিকৃতি হোৱা বাবে তাই ‘স্থানীয় বলিয়া তিৰোতা’ বুলি উপাধি পাইছিল।   তাই অকলে ঘন্টাৰ পিছত ঘন্টা জুৰি ৰামসেৱকৰ প্ৰতি ঘৃণা প্ৰকাশ কৰি নিজৰ সতে কথা পাতিছিল আৰু যেতিয়া তাইৰ ঘৃণাই  শীৰ্ষ সীমা পাইছিল তেতিয়া তাই তীব্র চিৎকাৰ মাৰি ভয়ঙ্কৰ শব্দবোৰ কৈছিল, “মই তোৰ তেজ পি খাম!”

মুন্সি আছিল এজন অতি সাহসী আৰু আকোঁৰগোঁজ স্বভাৱৰ লোক। কিন্তু তেওঁ যেতিয়া মুংগাৰ ভয়ঙ্কৰ শব্দবোৰ শুনিবলৈ পাইছিল তেতিয়া তেওঁ শংকিত হৈ উঠিছিল।  আমি মানুহে কৰা বিচাৰক ভয় নকৰিব পাৰো কিন্তু মানুহৰ হৃদয়ত ঈশ্বৰৰ ন্যায় বিচাৰ সদায় বাস কৰি আছে।  ৰাতি  কৰা মুংগাৰ ভয়ংকৰ শব্দবোৰে ৰামসেৱকৰ মনত  ইয়াৰ প্ৰতিফলন ঘটাইছিল আনকি তেওঁৰ ঘৈনীয়েকৰ মনত  ইয়াৰ প্ৰতিফলন অধিক হৈছিল। নাগিন আছিল অতিপাত ধূৰ্ত তিৰোতা। তাই  গিৰীয়েকক তেওঁৰ সকলো ব্যৱসায়িক কাৰ্যকলাপৰ বিষয়ে উপদেশ দিছিল।  তাই  কথা-বতৰাত যেনে চোকা আছিল তেনেদৰে লিখাৰ কামতো চোকা আছিল। এদিনাখন ৰাতি যেতিয়া মুন্সি টোপনিত আছিল, হঠাৎ মুংগাই  তেওঁৰ দুৱাৰমুখত তীব্র চিৎকাৰ মাৰি গোঁজৰি উঠিছিল, “মই তোৰ তেজ পিম!” তাইৰ ভয়ঙ্কৰ অট্টহাঁহিত মুন্সিজী সম্বিত হেৰাইছিল।  তেওঁৰ ভৰিযোৰ ভয়ত কঁপি উঠিছিল। তেওঁৰ হৃদয় ধপ-ধপাইছিল। তেওঁ অতি কষ্টেৰে সাহস গোটাই দৰজাখন খুলিছিল আৰু নাগিনক জগাই দিছিল।

দুজনে ভৰিৰ আঙুলিৰ ওপৰত ভৰ দি দুৱাৰমুখলৈ সন্তৰ্পনে ওলাই গৈছিল আৰু দৰজাৰে জুমি চাই মুংগাৰ ছয়াময়া শৰীৰটো মাটিত পৰি ফোঁপাই থকা দেখা পাইছিল।

ৰাতিটো পাৰ হৈ গ’ল।  দৰজাটো বন্ধ কৰা হৈছিল কিন্তু ৰামসেৱক আৰু নাগিনে বহি বহি ৰাতিটো কটালে।  মুংগাই ঘৰৰ ভিতৰলৈ যাব পৰা নাছিল কিন্তু কোনে তাইৰ শব্দ বন্ধ কৰিব? তাইৰ শব্দবোৰ আছিল অতি ভয়ঙ্কৰ।

মুংগা যে মুন্সিজীৰ ঘৰৰ দুৱাৰমুখত গোটেই ৰাতি লেপেটা কাঢ়ি বহি আছিল এই বাতৰিটো গোটেই গাওঁখনত বিয়পি পৰিল।  গাওঁৰ সকলোৱে এই ঘটনাটোত আনন্দ পালে।  হঠাতে সকলো মানুহ গোট খালে।  সৰু ৰামগোলামে মানুহৰ জুমক ভাল পোৱা নাছিল। সেয়ে তেওঁ মুংগাৰ লগত ইমান খং কৰিলে যে যদি তেওঁৰ শক্তি থাকিলেহেঁতেন তেওঁ তাইক কুঁৱা এটিৰ ভিতৰত দলিয়াই পেলাই দিলেহেঁতেন। ৰামগোলামে এটা পাত্ৰত সিহঁতৰ গৰুৰ গোবৰ সংগ্ৰহ কৰিলে আৰু সেইখিনি দুৰ্ভগীয়া তিৰোতাজনীৰ গালৈ ছটিয়াই দিলে।  ইয়াৰ কিছু টোপাল দৰ্শকসকলৰো গাত পৰিলগৈ।  মুংগা সম্পূৰ্ণৰূপে পোত গ’ল আৰু মানুহবোৰ সোনকালে গুচি গ’ল আৰু  ক’লে, “এয়া হৈছে মুন্সি ৰামগোলামৰ ঘৰ য’ত তোমালোকে এনে আচৰণ আশা কৰিব পৰা!” এনে অকামিলা মানুহবোৰক খেদিবলৈ তেওঁৰ পুত্ৰই তেনে প্ৰভাৱশীল আৰু উদ্ভাৱনী উপায় উলিওৱাৰ বাবে মুন্সিজীয়ে পুত্ৰক অভিনন্দন জনালে। গোটেই মানুহখিনি অৱশেষত অদৃশ্য হৈ  গ’ল, কিন্তু মুংগা আগৰ দৰেই তাতে পৰি থাকিল। সেই ৰাতি মুংগাই একো নাখালে আৰু একো পান নকৰিলে। আৰু আকৌ এবাৰ মুন্সি আৰু নাগিন ৰাতিপুৱালৈকে উজাগৰে থাকিল।  এতিয়াৰ পৰা মুংগাৰ হাঁহি আৰু গোঁজৰণি খুব কম শুনিবলৈ পোৱা গ’ল।  ঘৰৰ মানুহখিনিয়ে ভাবি লৈছিল যে আটাইতকৈ জঘন্যতম অৱস্থাটো পাৰ হৈ গ’ল।  সূৰ্য উঠাৰ লগে লগে মুন্সিজীয়ে দৰজাখন খুলি মুংগাক স্থিৰভাৱে পৰি থকা দেখা পাইছিল। এই ঘটনাটোৱে গাওঁখনত সৃষ্টি কৰা অনুভূতি আৰু ৰামসেৱকৰ প্ৰতি দেখুওৱা অসন্মানৰ  বৰ্ণনা কৰাটো অসম্ভৱ। তেওঁ যিখিনি সন্মান বজাই ৰাখিবলৈ সক্ষম হৈছিল সেয়া শেষ হৈছিল। মুংগাই মৰিবলৈ তেওঁৰ দুৱাৰ মুখলৈকে আহিছিল। তাই জানিছিল যে তাই জীয়াই থাকোতে একো কৰিব নোৱাৰিব, কিন্তু মৰাৰ পিছত বহুত কিবা কৰিব পাৰিব।

মুন্সি ৰামসেৱক আইনত বিজ্ঞ আছিল।  আইনৰ চকুত তেওঁ আছিল নিৰ্দোষ।  মুংগাই কোনো বৈধ সাক্ষী নৰখাকৈয়ে মৰি গৈছিল। ভাৰতীয় দণ্ডবিধি আইনত এনে কোনো উদাহৰণ পোৱা নগৈছিল। গোটেই দিনটো মুন্সি আৰু তেওঁৰ পত্নীয়ে তেনে যুক্তি দৰ্শাই নিজকে সান্তনা দিছিল।  কিন্তু সন্ধিয়া হোৱাৰ লগে লগে সিহঁতৰ যুক্তি শেষ হৈছিল। যেতিয়া অন্ধকাৰ নামি আহিল সিহঁতক ভয়ে খামোচি ধৰিছিল।  ৰাতি  আগবাঢ়ি যোৱাৰ লগে লগে সিহঁতৰ ভয় অধিক শক্তিশালী হৈছিল।  সিহঁতে যদি ভুলতে  বাওঁপিনৰ দৰজাখন খুলি ৰাখিছিল সেয়া বন্ধ কৰিবলৈ সিহঁতৰ কোনেও উঠি আহি বন্ধ কৰাৰ সাহস কৰা নাছিল।  অৱশেষত নাগিনে এটা চাকি, মুিন্সয়ে তেওঁৰ কুঠাৰটো আৰু ৰামগোলামে কাঁচিখন হাতত লৈ তিনিওজনে ছিঞৰ-বাখৰ কৰি দৰজাখন বন্ধ কৰিবলৈ গৈছিল।  দৰজাখন বন্ধ কৰাৰ পিছত সিহঁত ৰান্ধনি ঘৰলৈ গৈছিল আৰু কিবা-কিবি ৰান্ধিবলৈ লৈছিল।

কিন্তু মুংগা সিহঁতৰ ছালৰ তলত সোমাইছিল। নিজৰ ছাঁ দেখিও সিহঁত জঁপিয়াই উঠিছিল কিজানি সেয়া মুংগা হয় বুলি। সিহঁতৰ ভাব হৈছিল যে মুংগাই প্ৰতিটো অন্ধকাৰ চুকত বহি আছে।

ৰান্ধনি ঘৰত আটাগুড়ি  আৰু ডালিৰ বাবে সিহঁতৰ কেইপদমান বোকামাটিৰ পাত্ৰ আছিল আৰু তাত কিছুমান পুৰণি ফটা-কানিও পৰি আছিল। ভোকৰ বাবে শস্য  বিচাৰি এটা নিগনি তাৰ পৰা ওলাই আহিছিল। 

নিগনিটোয়ে জন্‌জন্‌ শব্দ কৰি ফটা-কানিৰ তলেদি চুঁচৰি আহিছিল আৰু ফটা-কানিবোৰ  মুংগাৰ ক্ষীনাই যোৱা ঠিক ভৰিৰ দৰে দেখাইছিল।  নাগিনে যেতিয়া সেয়া দেখিবলৈ পালে তাই  জঁপিয়াই উঠিল আৰু ছিঞৰ মাৰিলে। মুন্সিয়ে জ্ঞান হেৰুৱাই দৰজাটোলৈ জাঁপ মাৰিলে আৰু ৰামগোলামে দৌৰ মাৰি দেউতাকৰ ভৰিত খু্‌ন্দা খালে। ঠিক তেতিয়াই নিগনিটো ওলাই আহিল আৰু ইয়াক দেখা পোৱাৰ পিছতহে সিহঁতৰ সম্বিত ঘূৰি আহিল। 

ৰুটি খাই তিনিওজনে শোৱাকোঠালীলৈ আহিল। কিন্তু মুংগাই সিহঁতৰ লগ এৰা নিদিলে। সিহঁতে কথাপাতি আছিল। কিন্তু সেই কথা-বতৰাৰ মাজতো মুংগাৰ ছবিটো সিহঁতৰ মনৰ পৰা আঁতৰ হোৱা নাছিল।  সামান্য শব্দয়ো সিহঁতক চমকাই তুলিছিল।  যদি তাত গছৰ পাতৰ জনজন শব্দও শুনিছিল সিহঁতৰ তিনিওজনৰ চুলি থিয় হৈছিল। 

মাজ ৰাতি নাগিন টোপনিৰ পৰা চমকি উঠিল।  তাইৰ ভাব হৈছিল যেন মুংগাই ৰঙা চকু আৰু তীক্ষ্ণ দাঁত বাহিৰ কৰি তাইৰ বুকুৰ ওপৰত বহি আছে। নাগিনে চিঞৰি উঠিল। তাই এজনী বলিয়া তিৰোতাৰ দৰে চোতালৰ পিনে দৌৰিবলৈ আৰম্ভ কৰিলে আৰু হঠাৎ ঘামি-জামি অজ্ঞান হৈ মাটিত পৰি গ’ল।  তাইৰ চিঞৰ শুনি মুন্সিজী সাৰ পালে। কিন্তু তেওঁ ইমানেই ভয় খালে যে তেওঁ চকুযোৰ মেলিব নোৱাৰিলে। এজন অন্ধ মানুহৰ দৰে তেওঁ দৰজাখন বিচাৰিবলৈ ধৰিলে। বহু সময় পিছত তেওঁ দৰজাখন পালে আৰু চোতাললৈ ওলাই আহিল।  নাগিন মাটিত পৰি আছিল। মুংগাৰ ভয়ত তাই মৰি গ’ল।  মুংগাই যেতিয়ালৈকে জীয়াই আছিল তাই নাগিনৰ হিচ্‌ হিচ্‌ শব্দক ভয় কৰিছিল।  কিন্তু তাই নিজৰ জীৱন বিসৰ্জন দিও নাগিনৰ হিচ্‌ হিচ্‌ শব্দ কৰিব নোৱাৰিলে। 

নাগিন মৰি যোৱাৰ পিছতো মুংগাই মুন্সিজীক এৰা দিয়া নাছিল।  প্ৰতিটো মূহুৰ্তত তাইৰ ছবি তেওঁৰ চকুৰ আগত আছিল। সকলো সময়তে তেওঁ মুংগাৰ শব্দ শুনিবলৈ পাইছিল।

নিৰ্জন বন্ধীশালত থকা এজন বন্ধীৰ দৰে কেনেবাকৈ তেওঁ পিছৰ দহ বা বাৰদিনমান পাৰ কৰিলে। দুসপ্তাহ পিছত, তেওঁৰ শোক শেষ হৈছিল আৰু মুন্সিয়ে তেওঁৰ পোছাক সলাইছিল আৰু ধাৰাখন আৰু মোনাখনলৈ আদালতলৈ গৈছিল।  আজি তেওঁৰ ৰেহ-ৰূপ কিছু পৰিমাণে ভাল দেখাইছিল। তেওঁ ভাবিলে যে আজি তেওঁৰ মক্কেলসকলে তেওঁৰ লগত শোক কৰিব আৰু তেওঁ কেইটোপালমান চকুলো টুকিব। তাৰ পিছত ফাইলবোৰ খোলা হ’ব, বিচাৰ নিষ্পত্তি  হ’ব আৰু বন্ধকৰ বাবে বস্তু লোৱা হ’ব আৰু তেওঁৰ হাতলৈ টকা আহি থাকিব। এইবোৰ কথা চিন্তা কৰি কৰি তেওঁ আদালত পালেগৈ।

কিন্তু তাত বন্ধকী আৰু মক্কেলৰ পৰা অভিনন্দন বাণী পোৱাৰ পৰিৱৰ্তে তেওঁ হতাশাৰ বালিৰ মুখামুখি হ’ল। তেওঁ মোনাটো লৈ কেইবাঘন্টা বহি থাকিল, কিন্তু কোনো তেওঁৰ ওচৰলৈ নাহিল।  আনকি কোনেও নুসুধিলে তেওঁ কেনে আছে বুলি। তাত কোনো নতুন আনকি আগৰ কোনো মক্কেলো নাছিল, যিসকলৰ বিচাৰৰ কাগজপত্ৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ তেওঁ  লৰচৰ কৰিছিল।  গোটেই দিনটো তাত কটাই মুন্সিজী ঘৰলৈ গ’ল। তেওঁ উদ্বিগ্নতা আৰু হতাশাত ডুব গ’ল। তেওঁ ইমানেই দুৰ্বল হৈ পৰিছিল যে দৰজাখন খোলাৰ লগে লগে দুটা কুকুৰ তেওঁৰ পিনে সোঁ-সোঁৱাই আহিছিল আৰু তেওঁ এটা চিৎকাৰ মাৰি জ্ঞান হেৰুৱাই মাটিত পৰি গ’ল। 

ইয়াৰ পিছত মুন্সিজীৰ কি ঘটিছিল সেয়া জনা নাযায়।  মানুহে তেওঁক কেইবাদিনো আদালতলৈ অহা-যোৱা কৰা দেখা পাইছিল। ইয়াৰ পিছত তেওঁ বদৰিনাথ আশ্ৰমলৈ  গুচি গৈছিল আৰু ইয়াৰ পিছৰ কেইমানমান তেওঁক দেখা পোৱা নগৈছিল। 

এদিনাখন এজন সাধু গাওঁখনলৈ আহিছিল। তেওঁৰ কপালত ছাই আছিল, চুলিবোৰ দীঘল আৰু বেঁকা আছিল আৰু তেওঁৰ হাতত আছিল এটা বোকাৰ পানী পাত্ৰ।  তেওঁৰ শাৰীৰিক আকৃতি ৰামসেৱকৰ দৰে আছিল আৰু তেওঁৰ কথাৰ সুৰো ৰামসেৱকৰ সুৰৰ পৰা বহুত পৃথক নাছিল।  তেওঁ এটা গছৰ তলত ধ্যানত বহিছিল।  সেই ৰাতি ৰামসেৱকৰ ঘৰৰ পৰা ধোঁৱা ওলাইছিল, জুই  দৃশ্যমান হৈছিল আৰু তাৰ পিছত অগ্নিশিখা উজলি উঠিছিল। 

ৰামগোলামৰ বিষয়ে ক’বলৈ গ’লে, মুন্সিজী অদৃশ্য হোৱাৰ পৰা তেওঁ  খুড়াক এজনৰ লগত থাকিবলৈ লৈছিল আৰু তাত কিছুদিন আছিল কিন্তু তাত থকা কোনেও তেওঁৰ ব্যৱহাৰ সহ্য কৰিব পৰা নাছিল। 

এদিনাখন তেওঁ কাৰোবাৰ পথাৰত মূলা খান্দি আছিল। মালিকজনে কেইটামান চৰ সোধাইছিল। ইয়াতে তেওঁ ইমানেই খঙ কৰিলে যে তেওঁ মানুহজনৰ ঘৰলৈ গৈ ধানৰ ভঁৰালত জুই লগাই দিছিল।  ভঁৰালটো সম্পূৰ্ণভাৱে পুৰি গৈছিল আৰু কেইবাহাজাৰ টকা পুৰি ধোঁৱা হৈ  গৈছিল।  পুলিছে অনুসন্ধান কৰিছিল আৰু ৰামগোলামক আটক কৰিছিল।  তেওঁৰ অপৰাধৰ বাবে এতিয়া তেওঁ চোনাৰ সংশোধনী কাৰাগাৰত আছে। ০ ০ ০

বিঃ দ্ৰঃ ‘অভিশাপৰ শক্তি’ গল্পটিৰ ইংৰাজী শিৰোনাম হৈছে ‘Power of Curse’.

অসমীয়া অনুবাদত বিশ্ব চুটি গল্প

জন্মদিনৰ মেল

মূল ইংৰাজীঃ অতুলানন্দ গোস্বামী (ভাৰত / অসম)

(‘জন্মদিনৰ মেল’ গল্পটিত কমলাদেৱী নামেৰে এজনী বুঢ়ী ভদ্ৰমহিলাৰ হৃদয়ৰ বেদনাৰ বিষয়ে বৰ্ণনা কৰা হৈছে যিজনীয়ে গভীৰভাৱে উপলব্ধি কৰিছে যে সম্পদৰ উভৈনদী অৱস্থাই সুদূৰ আমেৰিকাত থকা নাতিয়েকৰ বাবে  থকা মনৰ হাবিয়াসৰ শূন্যতা পূৰণ কৰিব নোৱাৰে।)

কমলা দেৱীয়ে তাইৰ কপালখন কোঁচালে,  তাইৰ কঠোৰ  দৃষ্টি নিক্ষেপ কৰিলে আৰু ছোৱালীজনীক সুধিলে, “তোমাৰ সুন্দৰভাৱে ইস্ত্ৰি কৰা শাৰী নাইনে, বিনি?”

বিনিয়ে পাত্ৰবোৰ মচি শুকাই সিবোৰক দ’ম কৰি থৈ আছিল। তাই এটা ভাঁজ থকা ফুলৰ দ্বাৰা শুভোষিত কাগজৰ ৰুমাল প্ৰতিটো ডিচৰ ওপৰত ৰাখিলে। তেওঁ কামটোত সম্পূৰ্ণ অভ্যস্ত আছিল।  আইতাৰ মন্তব্যই তাইক এটা জোঁকাৰণি দিলে আৰু তাই উপলব্ধি কৰিলে কি ভুল হ’ল।

তাই কোনো প্ৰকাৰে এজনী লেতেৰা ছোৱালী নাছিল আৰু তাই এই প্ৰাৰম্ভিক কামবোৰ সমাপন কৰি ভদ্ৰ পোছাক পিন্ধে। তাই জানে কিদৰে আসন্ন উৎসৱৰ লগত সংগতি ৰাখি পোছাক পিন্ধিব লাগে। অকল তাইৰে নহয়, তাই পৰিস্থিতি অনুযায়ী আইতাকৰো সকলোবোৰ পোছাক সজাব লাগে।  এতিয়া আইতাই খঙ দেখুওৱা বাবে তাই ততাতৈয়াকৈ ক’লে, “মই এইবোৰ গোটোৱাৰ পিছে পিছেই গৈ আছোঁ, আইতা। অতিথিসকল এতিয়াও আহিবলৈ আছে…।” কিন্তু তাই কথাখিনি কথমপিহে শেষ কৰিব পাৰিলে, এনেতে ঘন্টাটো তীব্রভাৱে বাজি উঠিল। 

কমলাদেৱীয়ে নিজেই সন্মুখৰ দৰজাখনলৈ আগবাঢ়ি গ’ল। সেয়া ৰজত নহয় যিজন সন্মুখৰ দৰজাটো খুলি কোনো অতিথিক অভ্যৰ্থনা জনাবলৈ বাহিৰলৈ যায়। প্ৰথমে মতাজনক অভ্যৰ্থনা জনাৰ দায়িত্ব আজি অনিতাৰ। আজি এটা উৎসৱ হ’ব। অনিতাই অতিথিসকলক আদৰি আনিব। 

“জেঠাই!” ৰুণুয়ে সোমাই অহাৰ লগে লগে চিঞৰিলে আৰু কমলাদেৱীক সজোৰে সাবটি ধৰিলে। তাইৰ দুজনী ছোৱালী পিছে পিছে আহিল আৰু একেলগে চিঞৰি উঠিল ‘আইতা’।

“ৰুণু আহা। তুমি কিয় ইমান  পলম কৰিলা! অমল ভিতৰলৈ আহা।” তাই  ৰুণুৰ গিৰীয়েকক সুধিলে যিজন দৰজাখনৰ বাহিৰত থিয় দি আছিল। “মোৰ এটা কাম কৰিবলগা আছে, জেঠাই। মই আধা ঘন্টামানৰ ভিতৰতে উভতি আহিম। মই ৰুণুক আগতেই থৈ গ’লোঁ। আপুনি কৈছিল তাই এই আয়োজনত আপোনাক  সহায় কৰিব লাগিব বুলি।”

“তেন্তে যোৱা, অমল। কিন্তু মনত ৰাখিবা তুমি সোনকালেই উভতি আহিবা!” আৰু ইয়াৰ পিছত তাই ৰুণু আৰু তাইৰ ছোৱালীহতঁক ভিতৰলৈ লৈ গ’ল। “আগতীয়াকৈ অহাৰ বাবে ধন্যবাদ। মই সম্পূৰ্ণ বিবুদ্ধিত পৰিছোঁ। অনুগ্ৰহ কৰি প্ৰথমতে পাকঘৰলৈ যোৱা আৰু দেখা এতিয়ালৈ সিহঁতে কি কৰিলে।”

প্ৰকৃততে তাত জেঠায়ে  কৰিবলগা একো কাম বাকী ৰখা নাছিল। ৰাতিপুৱাতেই বজাৰ কৰা হৈছিল।  তাই নিজেই ৰান্ধিব লগা কেইবাটাও পদ প্ৰস্তুত কৰাৰ তদাৰক কৰিছিল। তাই দূৰৰ পৰা মাংস ৰন্ধনৰ নিৰ্দেশাৱলী দিছিল। সকলো পৰিপাটিকৈ কৰা হৈছিল।  ঘৰৰ সকলোকে ভালদৰে প্ৰশিক্ষণ দিয়া হৈছিল।  সিহঁত সকলোৱে আইতাৰ বাবে আগ্ৰহ আৰু আনন্দৰ সৈতে কাম কৰিছিল।  আনকি যদি ৰুণুৰ দৰে কোনোৱাই ওচৰত থাকিলেহেঁতেন তেন্তে সহায় হ’লহেঁতেন। সেয়ে তাই ৰুণুক অলপ আগতে আহিবলৈ কৈছিল।

ডাইনিং মেজখন পৰিপাটিকৈ সজোৱা হৈছিল।  তাত কেবাবিধো কেছেৰ’লচ আছিল। প্ৰতিটো বন্ধ ডিচৰ পৰা সুস্বাদু সুগন্ধি বতাহত ভাঁহি ফুৰিছিল। ফ্রিজৰ ওপৰত প্ৰকাণ্ড পিঠাটো আছিল। সেইটো মাত্ৰ অন্তিম মূহুৰ্তত নমাই অনা হ’ব, আইতাই এইদৰেই বিনিক উপদেশ দিছিল। 

“মোক ক’ব, জেঠাই,”  ৰুণুয়ে এটা এটাকৈ সকলো বিধ খাদ্য পৰীক্ষা কৰি আছিল আৰু সুধিছিল, “ইয়াৰ পিছত আৰু কি কৰিবলগা আছে? ইয়াত সকলো সাজু।

“তথাপি, তুমি কিয় লক্ষ্য ৰখা নাই? এইবোৰ ভালদৰে ৰন্ধা হৈছেনে সেয়া তুমি মাংসৰ ডিছৰ পৰা অলপ অলপকৈ চাকি চাবানে?”

“অপেক্ষা কৰক। মই সেয়া কৰিম।” ৰুণুয়ে প্লেট এখন আনিবলৈ ৰান্ধনী ঘৰলৈ ওলাই গ’ল। তেতিয়া আইতাই বিনিক দুবটল ঠাণ্ডা আনিবলৈ ক’লে ছোৱালী দুজনীৰ বাবে। “মোৰ মৰমৰ, তোমালোকে ক’ক খাবলৈ ভাল পাবানে?”  তাই সুধিলে।

“হয়, আইতা, আমি নিশ্চয় সেয়া ভাল পাম” সিহঁত দুয়ো একেলগে ক’লে।

“আপোনালোকে এতিয়াই আৰম্ভ কৰক, জেঠাই। এতিয়াও কোনো আহি পোৱা নাই।” ৰুণুয়ে আপত্তি কৰিলে। 

‘অহ, সিহঁতক পানীয়খিনি দিয়া, বিনি। এয়া মাত্ৰ সিহঁতৰ বাবে।”

ইতিমধ্যে ৰুণুয়ে ভেড়াৰ মাংসখিনি চাকি চাইছে। “এয়া বৰ ভাল জেঠাই,  বৰ ভালকৈয়ে ৰন্ধা হৈছে।” তাই প্ৰমাণপত্ৰ দিলে। তুমি চ’পচৰ বাবে ছচ পাইছানে?”

‘হয়, হয়। তাত দুটা আছে। এটা মিঠা আৰু আনটো কিছু গৰম। তুমি এইবোৰ খুলিবানে?”

পিছত ৰুণু  বহাৰ ৰূমটোলৈ গ’ল আৰু বহাৰ বাবে কৰা আয়োজনটো নিৰীক্ষণ কৰিলে।  বহু সংখ্যক বেলুন ইতিমধ্যে তাঁৰৰ পৰা ওলোমাই ৰখা হৈছে। এটা চূকত এটা সৰু মেজৰ ওপৰত অণ্ডাকৃতিৰ এটা ট্রেৰ ওপৰত বহুত চক’লেট ৰখা হৈছিল।

“আপুনি বহু মানুহ আহিবলৈ কৈছেনে, জেঠাই, ইমান যে চক’লেট? ৰুণুয়ে সুধিলে।

“নহয়, ৰুণু, বহুত নহয়। প্ৰতিজন শিশুক এমুঠিমান দিয়া। হে মোৰ মৰমৰ সোণ তুমি  এতিয়াই ল’ব নোৱাৰা।” তাই ৰুণুৰ দুজনী শিশুক ক’লে। “তুমি পিছত একো খাব নোৱাৰিবা।  তেন্তে  এতিয়াই তুমি তোমাৰ পকেটত কিছু সোমোৱাই লোৱা আৰু পিছত খাবা। কিন্তু অপেক্ষা কৰা। তাই এপলক ছোৱালীজনীলৈ চালে।  তোমাৰ ফ্রকত কোনো পকেট নাই। ভাল বাৰু, তুমি ঘৰলৈ যোৱাৰ সময়ত মই তোমাক এটা সম্পূৰ্ণ পেকেট দি দিম। সেইখিনিয়ে হ’বনে?” উত্তৰত ছোৱালীজনীয়ে এটা লাজকুৰীয়া হাঁহি মাৰিলে।

আইতাই সৰু ল’ৰা-ছোৱালীক বৰ ভাল পায়।  সিহঁতেও সেয়া বুজি পায়, সেয়ে যেতিয়া কোনো উৎসৱ উপলক্ষে সিহঁতক মতা হয় সিহঁত বৰ আনন্দৰ সৈতে আহে।

অনিল আৰু সঞ্জয় আহি সিহঁতৰ পৰিয়ালৰ লগত যোগ হ’ল। অনিল আছিল আইতাকৰ সৰু ভনীয়েকৰ ল’ৰা। সিহঁতৰ তিনিজন ল’ৰা-ছোৱালী আছে।ডাঙৰজন আৰু একমাত্ৰ ছোৱালী কলেজ পাইছেগৈ। আহি পোৱাৰ লগে লগে তাই ৰুণুৰ লগত পৰিচয় হ’ল- তাই কিয় ইমান আগতেই আহিল?  ৰুণু আছিল আইতাৰ সৰু ভায়েকৰ পিনৰ পৰা ভতিজী। তাই বেছি দূৰত নাথাকে আৰু তাই জেঠাইৰ সৈতে যোগাযোগ ৰাখে। 

সঞ্জয়ো আছিল সিহঁতৰ সম্পৰ্কীয়। কিন্তু আন দুজনৰ দৰে সম্পৰ্কত ইমান ওচৰৰ নাছিল। তেওঁৰ তিনিজন ল’ৰা-ছোৱালীয়েও একেদৰে আইতাক বৰ ভাল পায়।

এতিয়াও তাত কিছু অতিথি আহিবলৈ বাকী আছে।  সিহঁত সোনকালে আহিব বুলি আশা কৰা হৈছে।  আইতাকৰ মুখমণ্ডলত আনন্দ জিলিকি উঠিল।  ৰুণুৰ পিছত ৰিমকিয়ে এতিয়া অতিথিসকলকলক আলপৈচান ধৰিব।  ৰুণুয়ে কৰাৰ দৰে তায়ো জেঠাইৰ ঘৰত যিকোনো ধৰণৰ সহায়ৰ কাম কৰিবলৈ ভাল পায়।  তাই আনকি আইতাকৰ লগতো আছিল।  তাই ঘৰত পনীৰ বনাবলৈ ভাল পায় আৰু তাই আইতাক এক ডিচ পনীৰ তৈয়াৰ কৰিবলৈ ক’লে। তাই ফোনত খাদ্য প্ৰস্তুত কৰাৰ নিৰ্দেশাৱলী দিলে আৰু  আইতাই বাধিত হ’ল।  ৰিমকি তুমি তোমাৰ ঘৰত বনোৱা পনীৰ চাকি চাবানে?।” তাই সুধিলে। 

পিছত এয়া ঘটিল। এটা দুৰ্ঘটনা যিয়ে সকলোকে কিছুসময়ৰ বাবে স্তম্ভিত কৰি  দিলে।  সঞ্জয়ৰ সৰু ল’ৰাজনে সেয়া কৰিলে।  বহা কোঠালীত দৌৰা-দৌৰি কৰাৰ সময়ত এবাৰ তেওঁ টেবুলৰ লগত  ঠেকা খোৱাত ওপৰত থকা চীনদেশীয় ফুলৰ পাত্ৰটো মাটিত পৰি চূৰ্ণ বিচূৰ্ণ হৈ এশ টুকুৰাত পৰিণত হ’ল।

সঞ্জয়ে এতিমধ্যে লাজত জ্ঞান হেৰুৱাইছিল আৰু বলিয়াৰ দৰে ল’ৰাটোৰ  পিনে, যিজনৰ বয়স তেতিয়াও চাৰি বছৰ হোৱা নাছিল,  দৌৰী গৈ এটা থাপৰ মাৰিলে।  এইটোক লৈ তাত হুস্থলীয়া পৰিৱেশৰ সৃষ্টি হ’ল।

ল’ৰাজনে জোৰে জোৰে কান্দিবলৈ ধৰিলে। ৰিমকিয়ে চিঞৰি মুখমণ্ডল হাতেৰে ঢাকি চিঞৰি ক’লে, “অহ! ইমান দামী পাত্ৰটো!”

ল’ৰাজনৰ মাকে  লাজত প্ৰায় কান্দি দিছিলেই।

আইতাই পৰিস্থিতিটো পাতলাই দিলে।  “সঞ্জয় তুমি কিয় ল’ৰাজনক মাৰিলা? তেওঁ এয়া ইচ্ছাকৃতভাৱে কৰিলেনে? ইয়ালৈ আহা হে মৰমৰ ল’ৰা, তুমি নাকান্দিবা। মোৰ লগত আহা। মই তোমাক এটা ডাঙৰ চক’লেট দিম।”  তাই ল’ৰাজনক তেওঁৰ দেউতাকৰ হাতৰ পৰা আন এটা চূকলৈ লৈ গ’ল। তাই যোৱাৰ সময়ত ক’লে,  “ তেনেকুৱা বস্তু এনে ল’ৰাসকলৰ হাততহে ভাঙে, হে সঞ্জয়।  তুমি ভাবানে যে তুমি বা আমি এয়া কৰিম?”

তথাপি আৰু কিছু সময় জুৰি পৰিৱেশটো বিষন্ন হৈয়ে থাকিল।  কোনেও কোনো কথা আৰম্ভ কৰিব বিচৰা নাছিল।  প্ৰতিজনী মাকে তাইৰ ল’ৰা-ছোৱালীহঁতক সাৱধান হোৱাৰ  ইংগিত  দিলে। 

ঠিক সেই সময়তে অনিল আৰু তাইৰ পত্নী ৰেবা আৰু সিহঁতৰ পিছে পিছে  সিহঁতৰ একমাত্ৰ ল’ৰাজন আহিল। ৰেবা আছিল হাস্যৰসিক যুৱতী তিৰোতা।তাই আনন্দপূৰ্ণ মন্তব্যৰ দ্বাৰা গোটখোৱা সকলোৰে মন পাতলাব পাৰে।আইতাই এতিয়াও তাইক সোধ-পোচ কৰিবলৈ আছে।  তাই সুধিলে, “কিয় ৰিমকি, আজি ইয়াত পাৰ্টি নহয়নে?”

এটা  মাথো মন্তব্যই তাইৰ পৰা আনন্দৰ নিজৰা বোৱাই আনিলে। অমলে বেৰৰ পিনে থকা তেওঁৰ আসন গ্ৰহণ কৰিলে। 

আইতাই লক্ষ্য কৰিলে যে তাই যিসকলক নিমন্ত্ৰণ জনাইছিল সিহঁত আটায়ে আহি পাইছে, মাত্ৰ যমুনাৰ বাহিৰে।  সকলো সম্বন্ধীয় লোকসকল, বিশেষকৈ ল’ৰা-ছোৱালীসকল আহিব লগা আছিল।  সিহঁতৰ ওপৰত মাত্ৰ এবাৰহে তেনে পাৰ্টি আৰোপ কৰা হৈছিল। তাত এক ডজনৰ ওপৰত ল’ৰা-ছোৱালী হ’ব লাগিছিল। 

তাই দেৱালত থকা ঘড়ীখনলৈ চালে। “আৰু দহ মিনিট, ৰুণু, আমি ইমান অপেক্ষা কৰিমনে?” তাই গোটখোৱা সকলৰ পিনে চাই মন্তব্য কৰিলে।  সঞ্জয়ৰ পত্নী নিভাই তেতিয়াও সেই বিষন্নতা জোকাৰি পেলাব পৰা নাছিল।  তাই পিংকুক তাইৰ আঠুৰ মাজত বহাই ৰাখিছিল।  বেচেৰা ল’ৰাজনে জনা নাছিল তেওঁ সঁচাকৈয়ে এটা ডাঙৰ অপৰাধ কৰিলেনে। সকলো বস্তু শৃঙ্খলাবদ্ধভাৱে ৰাখিবলৈ আইতাই কিমান যত্ন লয়, সেয়া সকলোৱে জানে।তুমি ক’তো চেকা বিচাৰি উলিয়াব নোৱাৰিবা।  তাইৰ চেলফত থকা সকলো বস্তু, সুন্দৰভাৱে সজাই ৰখা মেজ বা ৰেকবোৰ পৰিপাটি আৰু দামী।  ইয়াৰ বহুত বস্তু বিদেশৰ পৰা অনা হৈছে।  তেনে উৎসৱৰ সময়ত ঘৰখন উষ্ণ হৈ উঠে।  আইতাই সৰু ল’ৰা-ছোৱালীহঁতক  নিমন্ত্ৰণ জনাবলৈ আৰু সিহঁতৰ লগত আনন্দ ভগাই ল’বলৈ ভাল পায়।  সঞ্জয়হঁতে সিহঁতৰ ল’ৰাই  পাত্ৰটো ভঙা  কাৰ্যক সহজভাৱে ল’ব পৰা নাই। এনেকুৱা কৌতুহলী বস্তুৰ স্থান স্থানীয় বজাৰৰ পৰা পূৰণ কৰিব নোৱাৰি।  “এয়া সময় হৈছে,  আহা, আমি আৰম্ভ কৰোঁ।” আইতাই সংকেতটো দিলে। “ৰুণু, তুমি অনুগ্ৰহ কৰি কেকটো নমাই আনিবানে?”

ঠিক সেই সময়তে বলেন আৰু  তেওঁৰ পৰিয়ালটো আহি উপস্থিত হ’ল। 

আইতাই ৰিমকিক বেডৰূমৰ পৰা ট্ৰলিটো আনিবলৈ ক’লে।

সুভাষিত কেকটোৰ ওপৰত চাৰিখন সৰু মমবাতি আছিল। “মই এইবোৰ  জ্বলাব পাৰোঁনে, জেঠাই?” ৰুণুয়ে সুধিলে। 

আইতাই আকৌ ঘড়ীটোলৈ চালে আৰু ক’লে, “হয়, এইবোৰ জ্বলোৱা।”

ৰুনুয়ে দিয়াচলাইটো তুলি ল’লে। ৰিমিকিয়ে আইতাৰ বেডৰূমৰ পৰা দুচকীয়া ট্ৰ’লিটো ঠেলি ওলাই আহিল।  এইটো সুন্দৰভাৱে সোনালী ফিতাৰে ঘূৰণীয়াকৈ মেৰিওৱা পেকেটেৰে পৰিপূৰ্ণ আছিল।  মমবাতিবোৰ জ্বলাই দিয়াৰ লগে লগে আইতাই নিভাৰ ওচৰলৈ গ’ল আৰু পিংকুক তাইৰ কোলাৰ পৰা ল’লে আৰু তেওঁক কেকটোৰ পিনে লৈ গ’ল। 

“মোৰ মৰমৰ, তুমি মমবাতিকেইটা নুমাই দিবা।” আইতাই পিংকুক ক’লে। পিংকু প্ৰায় বনৰ বয়সীয়া আছিল। এমাহ বা তাৰ ওচৰা-ওচৰি সৰু হ’ব। 

হয়, এয়া হ’ব পিংকু যিজনে মমবাতিবোৰ নুমাই দিব।  ৰিমকিয়ে ল’ৰা-ছোৱালীবোৰক কেকখনৰ চাৰিওপিনে গোট খুৱালে।  বয়সীয়াল সকলো ল’ৰা-ছোৱালীহঁতৰ পাছত ঘূৰণীয়াকৈ থিয় দিলে। 

পিংকুয়ে মমবাতিকেইটা নুমাই দিবৰ বাবে গাল দুখন বায়ুৰে ভৰ্তি কৰাৰ সময়ত এচূকত ৰখা টেবুলখনত থকা ফোনটো বাজি উঠিল।  

আইতাই ফোনটোলৈ প্ৰায় দৌৰি ৰিচিভাৰটো গ্ৰহণ কৰিলে আৰু  ৰূমটোত নীৰৱতা অৱলম্বন কৰিবলৈ ইংগিত দিলে। 

তাই সময়টো জানিছিল। ই আগৰে পৰা ঠিক কৰি থোৱা আছিল।  অন্য মূৰৰ পৰা যথাসময়ত ফোন কৰাটো সহজ আছিল। 

‘হেল্ল’, আইতাই ক’লে।

“আইতামা!” আনটো মূৰৰ পৰা এটা কোমল সুৰে উত্তৰ দিলে।  আইতাই মূহুৰ্তৰ বাবে তাইৰ শান্ত-সুস্থিৰ ৰেহৰূপটো হেৰুৱাই পেলালে।  তাইৰ হৃদয়টো আনন্দৰে পূৰ্ণ হৈ পৰিল। 

‘হয়, বন। মই তোমাৰ আইতামা।”

“শুভ ৰাতিপুৱা, আইতামা …।”

“শুভ ৰাতিপুৱা, মোৰ মৰমৰ বন। তুমি উঠিলা?”

কোঠালীখনত থকা প্ৰত্যেকেই ‘শুভ ৰাতিপুৱা’ কথাখিনি শুনিলে।  সকলোৰে মুখমণ্ডল হাঁহিৰে পূৰ্ণ হৈ উঠিল।  সিহঁতে উপযুক্ত সময়টো জানিছিল।  তথাপি একমাত্ৰ ৰিমকিয়ে জোৰে জোৰে হাঁহি দিছিল। 

ইতিমধ্যে পিংকুৱে কৰ্তব্যসচেতন হিচাপে মমবাতিকেইটা নুমাই দিছিল। 

‘হয় আইতামা, মই উঠিছোঁ। আপোনালোকেওঁ নিশ্চয় উঠিছে!”

“হয়, সোনটো, আমি উঠিছোঁ বহু বহু আগতেই। আজি তোমাৰ জন্মদিৱস। তোমালৈ শুভ জন্মদিনৰ শুভেচ্ছা, মোৰ সোন।”

ই আকৌ এটা ইংগিতৰ দৰে হ’ল। ৰিমকিয়ে সমস্বৰে গালে, “সুখী জন্মদিনৰ শুভেচ্ছা, তোমালৈ …।”

তাত উপস্থিত থকা সকলোৱে একেলগে ক’লে, “হেপী বাৰ্থডে টু ইউ, বন।”

ফোনত একেলগে বহুতৰ সুৰ শুনিবলৈ পাই বন আচৰিত হ’ল। “কোনে কোনে এইদৰে কৈ আছে, আইতা মা?”

“হে মোৰ মৰমৰ, ইয়াত বহুত মানুহ আছে । সিহঁত সকলো তোমাৰ জন্মদিনৰ ভোজলৈ আহিছে …।”

“ইমান পুৱাই?”

“ইয়াত এতিয়া পুৱা নহয়, সোন। ইয়াত আবেলি। সকলোৱে এতিয়া তোমাৰ বাবে ডিনাৰত যোগ দিব। 

“হয়নে, আইতা মা? অহা। লাগি থকা। দেউতাই তোমাৰ স’তে কথা পাতিব।”

“হেল্ল মা!” আইতাৰ ল’ৰা বাবুৰ কথা স্পষ্টভাৱে আহিল। তুমি কেনে আছা, মা?”

“মই ভালে আছোঁ, হে ল’ৰা। তোমালোক সকলোৱে তাত ভালে আছানে?”

“হয়, মা, আমি ইয়াত আটায়ে ভালে আছোঁ। তুমি কি কৰি আছা?”

“আমি বনৰ কাৰণে জন্মদিনৰ পাৰ্টি কৰি আছো।”

‘বহুত মানুহ নিমন্ত্ৰণ কৰিছানে?’

“নহয়, বহুত নহয়। মাত্ৰ, ৰুণু, ৰিমকি, সঞ্জয়, অমল আৰু প্ৰধানকৈ ল’ৰা-ছোৱালীকেইজন। সকলো বনৰ বয়সীয়া। তুমিও নিশ্চয় তাত কিবা আয়োজন কৰিছা।

“হয়, আমিও আয়োজন কৰিছো। বনৰ মাকে ইয়াৰ পৰিকল্পনা কৰিছে।  বহুত দীঘল মা। মই তোমাক পিছৰ দেওবাৰ দিনা ফোন কৰিম।”

“হয়, বাবু। বহুত দীঘল। মোৰ আশীৰ্বাদ থাকিল তোমালোক  সকলোলৈ আৰু বিশেষকৈ বনলৈ।”

তাই ফোনৰ ৰিচিভাৰটো ইয়াৰ ক্ৰেডেলত ৰাখিলে।  তাইৰ হাতযোৰ তাইৰ চকুৰ পৰা ওলোৱা চকুলোৰ টোপালকেইটা মচিবলৈ চকুৰ পিনে গ’ল।

বাবু হৈছে তাইৰ একমাত্ৰ পুত্ৰ। তাই  বিশ্ববিদ্যালয়ত পঢ়িবলৈ আমেৰিকাত আছে।  মাইনী নামৰ জোঁৱায়েকজনো তাতে চাকৰি  কৰে।  সিহঁতৰ দুজন ল’ৰা-ছোৱালী আছে। আজিৰ দিনটোত বনে চাৰি বছৰ পাৰ কৰিলে।  সিহঁত সকলো যোৱা বছৰ তিনি মাহৰ বাবে ঘৰলৈ আহিছিল।  বনৰ জন্মদিনত তাত গোটখুৱা লোকসকলৰ বাবে মহা আনন্দৰ ভোজ মেল পতা হৈছিল।  আৰু সিহঁতে তাত থকা দিনকেইটা আছিল উৎসৱৰ দিন। আইতাৰ জিৰণি লোৱাৰো  সময় হোৱা নাছিল।

আইতাৰ বাবুৰ ওপৰত দুজনী ছোৱালী আছে।  সিহঁতেও বিদেশত বাস কৰে।  সিহঁতে কিবা উৎসৱ উপলক্ষে সিহঁতৰ নিজ নিজ ঘৰলৈ আহে আৰু সিহঁতৰ মাকক লগ কৰে।  দুজন জোঁৱায়েক আৰু নাতি-নাতিনীসকলে অবিৰত যোগাযোগ ৰাখে। সকলো পিনৰ পৰা আইতাকৰ পৰিয়ালটো এটা সুখী পৰিয়াল আৰু প্ৰকাশ্যভাৱে এটা চহকী পৰিয়াল।

বাবু তেওঁৰ মাকৰ বাবে বৰ চিন্তিত।  আইতাৰ সামান্য প্ৰয়োজনৰ বাবেও ঘৰখনত সহায়কাৰী আছে।  সিহঁতক ভাল দৰমহা দিয়া হয়।  বাবুয়ে তেওঁৰ চিকিৎসক শৈলেনক তেওঁৰ মাকৰ প্ৰয়োজনীয় চিকিৎসা সেৱাৰ দায়িত্ব দিছে।  সেই হাস্যৰসিক ডক্টৰজন নিয়মিত সিহঁতৰ ঘৰলৈ আহে আৰু  আইতাকক আমনি দিয়ে। “আহক খুড়ী মই চাও এতিয়া আপোনাৰ ৰক্তচাপ কিমান বৃদ্ধি পালে, তাৰ পিছত আপুনি মোক একাপ সুন্দৰ চাহ দিব লাগিব।” এইদৰে কৈ তেওঁ তাইৰ হাতখন ধৰি নাড়ী স্পন্দন পৰীক্ষা কৰিবলৈ লয়।

এইদৰে আইতাৰ দিনবোৰ শান্তিপূৰ্ণভাৱেই পাৰ হয়। ভাগিনসকল আৰু ভতিজীসকলে তাইৰ লগত সকলো ধৰণৰ যোগাযোগ ৰাখে আৰু প্ৰয়োজনীয় সকলো সহায় আগবঢ়ায়। তাই যদি কোনো অনুষ্ঠানৰ আয়োজন কৰে, ৰুণু, ৰিমকি পোনে পোনে আহি যাব আৰু সোনকালেই ঘৰখন পূৰ্ণ হৈ পৰিব। 

এটা আট্যবন্ত পৰিয়াল।  সম্পত্তিখিনি তাইৰ স্বৰ্গীয় স্বামীৰ পৰা পাইছে, সম্পত্তিৰ পৰিমাণ বিশাল।

আজিৰ দিনটোতো ঘৰখন উদ্বিগ্নতাপূৰ্ণ। এইটো আছিল তাইৰ মৰমৰ  নাতিৰ জন্মদিন। যদি সিহঁত তাত থাকিলহেঁতেন, তেন্তে তাত এটা মহা উৎসৱৰ আয়োজন হ’লহেঁতেন। তথাপি তাই এটা আয়োজন কৰিছে তাইৰ এজন চকুৰ মণিৰ বাবে  যি সাগৰবোৰৰ  সিপাৰত থাকে। 

ই বৰ সুকলমে পাৰ হৈছিল।  সকলোৱে ইয়াক উপভোগ কৰিছিল।  প্ৰত্যেকেই পাৰ্টিটো উপভোগ কৰিছিল আৰু আইতাৰ প্ৰচেষ্টা আৰু আয়োজনৰ প্ৰতি সঁহাৰি জনাইছিল।  তাৰ পিছত সিহঁত আটায়ে আইতাৰ পৰা বিদায় ললে।ট্ৰলীখনৰ পৰা তাই ল’ৰা-ছোৱালীসকলক এটাকৈ পেকেট দি দিলে। নিভাই মুখত হাঁহি লৈ ক’লে, “কেনেদৰে আহিম, খুড়ীদেউ, আপুনি বিপৰীত ধৰণে কাম কৰিলে। আমন্ত্ৰিতসকলে জন্মদিনত উপহাৰ আনিব বুলি ধৰা হয়, কিন্তু আপুনি …।”

“তুমি কাৰ বাবে উপহাৰ আনিবা, নিভা? ই হৈছে প্ৰকৃততে সিহঁতৰহে অনুষ্ঠান আৰু মই সিহঁতৰ আনন্দৰ বাবেই এই আয়োজন কৰোঁ।” তাই আনন্দৰ সৈতে  নিভাৰ গালখন স্পৰ্শ কৰিলে এয়া চাবলৈ যে তাই তাইৰ ল’ৰাই  আকস্মিকভাৱে কৰা দুৰ্ঘটনাটো পাহৰিলে। আইতাই সেয়া কৰিব পাৰে। তাইৰ মন আৰু উপায় দুয়ো আছে। এয়া নহয় যে কোনোবাই তাইৰ বাবে নীৰৱে ঈৰ্ষা নকৰিব সিহঁতৰ উভৈনদী অৱস্থাৰ বাবে, কিন্তু সিহঁতে গোপনে ৰাখিব।

ৰজত, বিনি আৰু আন সকলোৱে পৰিস্কাৰ-পৰিচ্ছন্নতাৰ কাম শেষ কৰিলে।  আইতাই তাইৰ পৰিমিত খাদ্য  গ্ৰহণ কৰিলে। তাইৰ ৰাতিৰ পোছাক পৰিধান কৰিলে আৰু বিছনালৈ যোৱাৰ বাবে সাজু হ’ল। তাইৰ অভ্যাস অনুসৰি, ৰাতিটোৰ বাবে বিচনালৈ যোৱাৰ আগতে চাবলৈ বুলি বৈঠকখানালৈ গ’ল।  অহ! সিহঁতে বেলুনবোৰ বুটলি নললে!  তাই ৰচীৰ সৈতে ইয়াৰ কেইটামান ল’ৰা-ছোৱালীহঁতক দিব পাৰিলেহেঁতেন।

তাই তাইৰ যোৱাৰ পথত থকা সৰু টিপয়টো লক্ষ্য নকৰিলে।  তাইৰ আঁঠুয়ে ইয়াক খুন্দা মৰিলে।  অহ! তাই ভাবিলে, ইয়াত যদি কিবা থাকিলেহেঁতেন দুপৰীয়া সেই পাত্ৰটোৰ দৰে, এইটো নিশ্চয় তাইৰ হাততে ভাঙি টুকুৰা-টুকুৰ হ’লহেঁতেন। আৰু যদি পিংকুৰ স্থানত সেয়া বন হ’লহেঁতেন? বনে প্ৰায় ৰূমটোত উৰি ফুৰে আৰু বনৰ হাতত তেনে দামী পাত্ৰ ভঙা কাৰ্যটো আনন্দৰ হাঁহি আনয়ন কৰিলেহেঁতেন!

পুত্ৰজনৰ গালত চৰ দিয়াটো সঞ্জয়ৰ বাবে  বৰ নিষ্ঠুৰতাৰ কাম হৈছে। বনৰ মাকেও তেনে অৱস্থাত খং কৰিলেহেঁতেন।  তাইৰ সৰু ল’ৰাৰ ধেমালীৰ ওপৰত নিয়ন্ত্ৰণ আছে।  তথাপি যদি তেওঁৰ মাকে তেওঁৰ লগত তেনে কঠোৰ ব্যৱহাৰ কৰিলেহেঁতেন তেন্তে তেওঁ আইতাকৰ পিনে পোনে পোনে দৌৰি আহিলেহেঁতেন।

“আইতামা!” বুলি কৈ তেওঁ আইতাকৰ পিনে দৌৰিলেহেঁতেন তেওঁৰ দুবাহু মেলি দি। আইতাকে তেওঁৰ ভৰ পাহৰি  মজিয়াৰ পিনে তলমুৱা হৈ ক’লেহেঁতেন, “অহা মোৰ সোন, তুমি পলম কৰিছা।’  আইতাই বনৰ বয়সৰ ল’ৰাক তাইৰ কোলাত ল’ব নোৱাৰে। তাই তেওঁক সজোৰে সাৱটি ধৰিলেহেঁতেন, তেওঁক মৰম কৰিলেহেঁতেন আৰু তেওঁক হাজাৰ চুমাৰে উপচাই পেলালেহেঁতেন।  আৰু তাই বনৰ বয়সৰ ল’ৰাসকল তাইৰ কোলাত অহালৈ অপেক্ষা কৰিলেহেঁতেন।

কিন্তু বন ক’ত? তাইৰ বোকোচা শূন্য। ই তাইৰ মৰমৰ বন নাছিল। ফোনত তেওঁৰ কথা এতিয়াও তাইৰ কাণত বাজি আছে।

তাই এতিয়া আঠুকাঢ়ি বহিল।  উচুপনিৰ সৈতে তাই তাইৰ কিলাকুটি টিপয়ৰ ওপৰত ৰাখিলে। অনিয়ন্ত্ৰিত চকুলো তাইৰ দুগালেদি বৈ আহিল। তাইৰ গোটেই শৰীৰ কঁপি আছিল আৰু আনকি সেই অৱস্থাত তাই উচুপনিৰ সৈতে প্ৰাৰ্থনা কৰিলে, “মোৰ এইবোৰ বস্তু নালাগে, হে ঈশ্বৰ! এই সকলো বস্তু লৈ যোৱা, এই ঘৰখন, ঘৰখনৰ বয়-বস্তুবোৰ  আৰু তাৰ পৰিৱৰ্তে মোৰ পৰিয়ালটো, মোৰ ল’ৰাসকল, মোৰ ছোৱালীসকল আৰু মোৰ নাতি-নাতিনীয়েকসকলক মোৰ ঘৰলৈ মোৰ ওচৰত আনি দিয়া। সকলোকে মোৰ বাহুৰ কাষত আনি দিয়া। সাগৰৰ সিপাৰৰ পৰা আহি থকা এই সকলোবোৰ সুখৰ বস্তু  নালাগে। মই মোৰ নাতিয়েকক মোৰ লগত থকাটো বিচাৰো। মই তেওঁক মোৰ কাষত শুৱাম, মই তেওঁৰ ভৰি ধোৱাই দিম, তেওঁৰ মুখমণ্ডল স্পৰ্শ কৰিম, হে ঈশ্বৰ  তেওঁক মোৰ কাষত আনি দিয়া …।” ০ ০ ০

বিঃ দ্ৰঃ ‘জন্ম দিনৰ মেল’ গল্পটিৰ ইংৰাজী শিৰোনাম হৈছে ‘A Birthday Party’. 

অসমীয়া অনুবাদত বিশ্ব চুটি গল্প

টম ছয়াৰ

মূল ইংৰাজীঃ মাৰ্ক টুয়েইন (আমেৰিকা)

“টম, মই তোমাক কৰিবলৈ দিয়া কামটো আৰম্ভ কৰিলানে? মই এতিয়া কোনো ধৰণৰ সোৰোপালি সহ্য নকৰো।”

“হয়, খুড়ী। মই এইমাত্ৰহে এৰিলোঁ। টমে হুমুনিয়াহ কাঢ়ি ব্রাছটো বাল্টিটোত ডুবাই দিলে আৰু তক্তাটোৰ কাষেৰে পাৰ হৈ গ’ল।

টম ছয়াৰ আছিল কল্পনা আৰু দুষ্টালিৰে পৰিপূৰ্ণ এজন ডেকা ল’ৰা।  খুড়ী পুলিয়ে আৱিষ্কাৰ কৰিছিল যে টমে স্বাভাৱিকতে পলাই ফূৰি আছে। তাই চিন্তাগ্ৰস্ত হৈছিল। আচলতে তাই তেওঁক দায়িত্বশীল আচৰণলৈ উন্নীত কৰিব বিচাৰিছিল। কিন্তু টমৰ ধাৰণা আছিল ‘খেলা-ধূলাহীন অকল কামে জেকক নির্বোধ কৰিব।” খুড়ী পুলিয়ে ভাৱিছিল, “ কি ঘটিব যদিহে কাম নকৰি অকল খেলি থাকে?”

আন্ট পুলিয়ে এটি ধাৰণাৰ বিষয়ে ভাবিলে। তাই সিদ্ধান্ত কৰিলে যে টমক উচিত শিক্ষা দিব।  তাই পৰিকল্পনা কৰিলে যে তাই টমক কোনো এক শনিবাৰ দিনা বেৰটোত ৰং দিবলৈ লগাব।

কোনো এটা উজ্জ্বল শনিবাৰ ৰাতিপুৱাত মিচৌৰি গাওঁত থকা ডেকা ল’ৰাবোৰে সাঁতোৰলৈ যাবলৈ সাজু হৈছিল।  জিম,  বেন ৰজাৰচ, বিলি ফিচাৰ আৰু জনি মিলাৰ– সকলো চুবুৰিটোত টমৰ খেলৰ সংগী আছিল। সেইদিনাখন মাত্ৰ এটা ব্যতিক্ৰম আছিল।  টমে তেওঁৰ ঘৰৰ পৰা দুখ মনেৰে ওলাই আহিছিল।

“বহুত বেয়া! মাত্ৰ বেৰখনৰ আকাৰটো চোৱা। ত্ৰিশ গজ বহল আৰু ন ফুট ওখ। খুড়ী পুলি নিশ্চয়কৈ নীচ।” টমে নিজকে কৈছিল।

টমে এক বাল্টি চূণ আৰু দীঘল হাতুল থকা ব্রাছ আনিছিল।  তেওঁ জানিছিল যে তেওঁৰ নিজা কোনো পছন্দ নাছিল। সেয়ে তেওঁ তেওঁৰ কাম আৰম্ভ কৰিলে। খুড়ী পুলিয়ে তেওঁক লক্ষ্য কৰি থাকিল।

“হাম….এতিয়াও বহুতখিনি কৰিবলৈ আছে। মোৰ মতে বেৰখন বহুত দীঘল। অলপ জিৰণি লওঁ।” টমে এটি গছৰ মূঢ়াত বহিল। এনেতে জিমে আনন্দৰে গান গাই তালৈ আহিল।

টমে চকু ওপৰ কৰি সুধিলে, “হে জিম! তুমি ইমান ততাতৈয়াকৈ ক’লৈ গৈ আছা?”

জিমে উত্তৰ দিলে, “পাম্পলৈ, টম, পানী আনিবলৈ।”

টমে ভাবিছিল যে পানী অনাটো বৰ কষ্টকৰ কিন্তু নিশ্চয়কৈ ই বেৰত চূণ দিয়াতকৈ ভাল। হঠাতে টমে জিমক ক’লে তেওঁ আনন্দৰ সৈতে পানী আনিব যদি জিমে কিছু সময়ৰ কাৰণে তেওঁৰ কামটো কৰিবলৈ লয়। কিন্তু জিমে মান্তি নহ’ল কাৰণ বুঢ়ীজনীয়ে ইতিমধ্যে টমক সহায় নকৰিবলৈ তেওঁক সতৰ্ক কৰি দিছিল। তাই তেওঁক ইয়াৰ ভয়ানক পৰিণতিৰ বিষয়ে সাৱধান কৰি দিছিল।

টম বিবৰ্ণ হৈ পৰিল। কিন্তু তেওঁ নিৰাশ হোৱা নাছিল। তেওঁ জিমক এটা মাৰ্বল দেখুৱাইছিল আৰু কৈছিল, “ জিম, মই তোমাক এই সুন্দৰ ডাঙৰ মাৰ্বলটো দিম।”

জিমে কোনো ভুল কৰিবলৈ যোৱা নাছিল। সেয়ে তেওঁ বাল্টিটো হাতত ওলোমাই দ্ৰুত বেগত গুচি গ’ল।

টমে কিছু সময়ৰ বাবে চিন্তা কৰিলে। তেওঁ তেওঁৰ পকেটটো অনুসন্ধান কৰিলে। তেওঁ নিজকে ক’লে “কি বেয়া ভাগ্য!” মাত্ৰ কেইটামান মাৰ্বল আছে, তাঁৰৰ কিছু টুকুৰা আছে আৰু কিছুমান ভঙা পুতলা আছে।  মই এই কেইটাৰে ল’ৰাক কিনিব নোৱাৰো। তেওঁ বিতৃষ্ণাত  মূৰটো জোঁকাৰিলে। পিছত তেওঁ গভীৰভাৱে ভাবিবলৈ ধৰিলে।

টমে তেওঁৰ কৌশল সলনি কৰিলে। তেওঁ এটা ধাৰণা আৱিষ্কাৰ কৰিলে। “মস্তিষ্কৰ কি ঢৌ! এতিয়া এইটোৱে মোৰ পক্ষত কাম কৰিব। কি স্পৃহা! মই কিয় এইটোৰ বিষয়ে আগতে ভবা নাছিলো?” তেওঁ আগ্ৰহ আৰু আনন্দৰ সৈতে কামত ধৰিল। ঠিক তেতিয়াই বেন ৰজাৰ সুন্দৰ সুৰ তুলি তালৈ আহিল। টমে বেনৰ উপস্থিতিৰ প্ৰতি আওকান কৰি ৰং কৰি থাকিল। তেওঁ তেওঁৰ ব্রাছেৰে এটা খোঁজ মাৰিলে, পুনৰ জুবুৰিয়াই দিলে, তেওঁৰ কামটো পৰীক্ষা কৰিলে, বিতৃষ্ণাত তেওঁৰ মূৰটো জোঁকাৰিলে আৰু ব্রাছটো আকৌ একে স্থানৰ ওপৰেদি পাৰ কৰি নিলে। বেনে ক’লে, “হে, টম! টুমি আজি কাম কৰিবলৈ ল’লা? দুৰ্ভাগ্য বুঢ়া ল’ৰা!”

টমে উদাসীনভাৱে ক’লে, “তুমি ইয়াত, বেন! তুমি কেতিয়া আহিলা? তুমি কাম বুলিলে কি বুজা?”

বেনে ক’লে যে তেওঁ এক আনন্দদায়ক সাঁতোৰলৈ গৈ আছে।  তাৰ পিছত তেওঁ টমৰ কাৰণে পুতৌ কৰিলে। কিন্তু টমে কোনো ধৰণৰ বিতৃষ্ণা নেদেখুৱালে। তেওঁ মাত্ৰ ক’লে যে  তেওঁ কামটো ভাল পাইছে। তেওঁ ইয়াক প্ৰশংসা কৰিবলৈ ল’লে। বেন বিবুদ্ধিত পৰিল। দীৰ্ঘ নীৰৱতাৰ পিছত তেওঁ টমক ক’লে, “টম, অনুগ্ৰহ কৰি মোক সামান্য চূণ দিবলৈ দিয়া।”

টমে অগ্ৰাহ্য কৰিলে যে চূণ সনাটো আছিল বৰ আনন্দদায়ক আৰু তেওঁ কাকো ইয়াক উপভোগ কৰিবলৈ দিব নোৱাৰে।  টমে আকৌ বেনক প্ৰত্যয় নিয়ালে যে ছিড আৰু জিমেও তেওঁক অনুৰোধটো কৰিছিল কিন্তু  সিহঁতে সুযোগটো নাপালে। বেন প্ৰলোভিত হ’ল। তেওঁ তেওঁৰ আকাংক্ষাক বাধা দিব নোৱাৰিলে।  সেয়ে তেওঁ টমক এটা আপেল যাচিলে আৰু অনুৰোধ কৰিলে, টম মোক মাত্ৰ এলপ চেষ্টা কৰিবলৈ দিয়া। মই তোমাক মোৰ আপেলটো দিম, যদিহে মোক কামটো কৰিবলৈ দিয়া।” টম সুখী হৈছিল। কিন্তু তেওঁ এয়া দেখুওৱা নাছিল।  তেওঁ এনেভাৱে ব্রাছটো তেওঁক দিলে যেন তেওঁ দিবলৈ ইচ্ছুক নহয়।  পিছত তেওঁ বেনক ৰ’দৰ মাজত পৰিশ্ৰমটো কৰিবলৈ দি বেনে দিয়া আপেলটো খাবলৈ ললে।

ইয়াৰ পিছত সেই চুবুৰীটোৰ বহুত ল’ৰা এজন এজনকৈ বেন আৰু টমক ঠাট্টা কৰিবলৈ তালৈ আহিল। বিলি ফিচাৰে অকনমান চূণ দিবলৈ বিচাৰিলে। তেওঁ ক’লে “টম, তুমি যদি মোক মাত্ৰ অকনমান চূণ সানিবলৈ দিয়া মই তোমাক  মোৰ চিলাটো দিম। আহা টম, তুমি অনিচ্ছুক  নহ’বা।”

টমে আকৌ সম্পূৰ্ণ শান্তিত বিশ্ৰাম ল’লে।  পৃথিৱীখনে আকৌ তেওঁৰ পিনে সদয় হ’ল।  জনি মিলাৰ টমৰ ওচৰলৈ আহিল। তেৱোঁ বেৰখন ৰঙ কৰিব বিচাৰিলে। টমে ক’লে, “ভাল কথা, তুমি চেষ্টা কৰা। কিন্তু মনত ৰাখিবা বেয়া নকৰিবা।”

ভাটিবেলাৰ আগে আগে টমৰ সংগ্ৰহত আহিল– বাৰটা মাৰ্বল, এক টিন চলদাৰ, এটা কুকুৰৰ কলাৰ, কটাৰী এখনৰ হাতুল, এটি ভঙা-ছিঙা পুৰণি খিৰীকিৰ চাছ,  চক পেঞ্চিলৰ টুকুৰা, চাৰি টুকুৰা সুমথিৰাৰ বাকলি আৰু বহুতো। বেৰখন ইতিমধ্যে তিনিবাৰমান চূণ সনা শেষ হৈছিল।

আজি টমে বহুত কথা শিকিলে। যদি কিবা কঠিন  কাম হয় সেয়া নিশ্চয় কৰিব লাগে। যদি কোনোবাই কিবা জটিল কাম কৰিবলৈ লয় তেন্তে ইয়াক কাম বুলি ক’ব নালাগে।

খুড়ী পুলিয়ে কামটো অনুসন্ধান কৰিলে। তাই কামটোত অতিপাত সন্তুষ্টি লাভ কৰিলে।  তাই টমক প্ৰশংসা কৰিলে আৰু ক’লে, “ভাল! এয়া স্পষ্ট যে যদি তুমি মনস্থিৰ কৰা তেন্তে তুমি কাম কৰিব পাৰা।  এতিয়া যোৱা আৰু খেলা। কিন্তু সোনকালে উভতি আহিবা।” টমে তেওঁৰ হাতত আপেলটো খামুচি ধৰি আনন্দৰে বাহিৰ ওলাল। ০ ০ ০

বিঃ দ্ৰঃ ‘টম ছায়াৰ’ গল্পটিৰ ইংৰাজী শিৰোনাম হৈছে ‘Tom Sawyer’.

অসমীয়া অনুবাদত বিশ্ব চুটি গল্প

কুকুৰা চৰাইৰ কণীৰ দৰে শস্য

মূল ৰুচঃ লিও টলষ্টয় (ৰাছিয়া)

এদিনাখন কিছুমান ল’ৰা-ছোৱালীয়ে দ উপত্যকা এটিত শস্যৰ বীজৰ  মাজেদি খাঁজ থকা কিন্তু কুকুৰা চৰাইৰ কণীৰ দৰে ডাঙৰ এটি বস্তু পাইছিল।  ওচৰেদি পাৰ হৈ যোৱা এজন ভ্ৰমণকাৰীয়ে বস্তুটো দেখা পাই ল’ৰা-ছোৱালীসকলৰ পৰা বস্তুটো এক পেনীৰ বিনিময়ত কিনি লৈছিল আৰু এইটো নিজৰ নগৰখনলৈ লৈ গৈ কৌতুহলৰ বস্তু হিচাপে  ৰজাৰ ওচৰত বিক্ৰি কৰিছিল।

ৰজাজনে তেওঁৰ জ্ঞানী মানুহসকল মাতিছিল আৰু সিহঁতক বস্তুটোনো কি আছিল সেয়া বিচাৰি উলিয়াবলৈ আদেশ দিছিল।  জ্ঞানী মানুহসকলে ভাবিছিল আৰু ভাবিছিল কিন্তু ইয়াৰ বিষয়ে একো উলিয়াব নোৱাৰিলে। কিন্তু এদিনাখন যেতিয়া বস্তুটো খিৰীকিৰ কাঠৰ ওপৰত পৰি আছিল, তেতিয়া এজনী কুকুৰা চৰাই উৰি আহি এইটোক খুঁট মাৰিছিল আৰু এইটোৰ মাজত এটা বিন্ধা কৰিছিল আৰু প্ৰত্যেকেই দেখা পাইছিল যে এইটো আছিল এটি শস্যৰ বীজ। জ্ঞানীলোকসকলে ৰজাৰ ওচৰলৈ গৈছিল আৰু কৈছিল-

“এইটো হৈছে এটি শস্যৰ বীজ।”

এইটো শুনি ৰজাজন বৰ বিষ্মিত হৈছিল আৰু তেওঁ  শিক্ষিত  ব্যক্তিসকলক এনে শস্য কেতিয়া আৰু ক’ত জন্মিছিল সেয়া উলিয়াবলৈ  আদেশ কৰিছিল।  শিক্ষিত ব্যক্তিসকলে আকৌ চিন্তা কৰিছিল, সিহঁতৰ কিতাপবোৰত বিচাৰিছিল, কিন্তু একো উত্তৰ পোৱা নাছিল। সেয়ে সিহঁতে ৰজাৰ ওচৰলৈ উভতি গৈছিল আৰু কৈছিল–

“আমি একো  উত্তৰ দিব নোৱাৰো। আমাৰ কিতাপত ইয়াৰ বিষয়ে একো নাই। আপুনি খেতিয়কসকলক সুধিব পাৰে। সম্ভৱতঃ সিহঁতে সিহঁতৰ দেউতাকৰ পৰা এনেকুৱা আকাৰৰ শস্য ক’ত, কেতিয়া জন্মিছিল সেয়া ক’ব পাৰিব।”

সেয়ে ৰজাজনে আদেশ দিছিল যে কিছুমান বৰ বুঢ়া খেতিয়ক তেওঁৰ সন্মুখত হাজিৰ কৰিব লাগে। আৰু তেওঁৰ চাকৰে তেনে মানুহ পাই ৰাজৰ ওচৰত হাজিৰ কৰিছিল। তেওঁ আছিল বুঢ়া আৰু কুঁজা, ছাই বৰণৰ বিবৰ্ণ আৰু দাঁতহীন। কিন্তু দুখন পেং লাখুটিৰ সহায়ত থৰক্‌ বৰক্‌কৈ খোজকাঢ়ি ৰজাজনৰ সন্মুখত উপস্থিত হৈছিল। 

ৰজাজনে তেওঁক শস্যৰ গুটিটো দেখুৱাইছিল, কিন্তু বুঢ়া মানুহজনে সেইটো চকুৰে চাব নোৱাৰি, হাতত লৈ অনুভৱ কৰিছিল। ৰজাজনে তেওঁক প্ৰশ্ন কৰিছিল–

“তুমি আমাক ক’ব পাৰানে, হে বুঢ়া, এনেুকৱা শস্য ক’ত জন্মিছিল?’ তুমি কেতিয়াবা এনে শস্য ক্ৰয় কৰিছিলানে অথবা এনে শস্য পথাৰত ৰোপন কৰিছিলানে?”

বুঢ়া মানুহজন ইমানেই কলা আছিল যে তেওঁ ৰজাই কোৱা কথা প্ৰায় শুনিব পৰা নাছিল, মাত্ৰ অতি কষ্টেৰে বুুজি পাৰিছিল।

‘নহয়!’ তেওঁ অৱশেষত উত্তৰ দিছিল। মোৰ পথাৰত কেতিয়াও এনে শস্য ৰোপনো কৰা নাছিলো,  কটাও নাছিলো আনকি এনে শস্য কেতিয়াও ক্ৰয় কৰা নাছিলো। আমি যেতিয়া শস্য কিনিছিলো, তেতিয়া শস্যবোৰ আজি-কালিৰ শস্যৰ দৰেই সৰু আছিল। কিন্তু আপুনি মোৰ দেউতাকক সুধিব পাৰে। তেওঁ সম্ভৱতঃ শুনিব পাৰে এনেকুৱা শস্য ক’ত হৈছিল।

গতিকে ৰজাজনে বুঢ়ামানুহজনৰ দেউতাকক মাতি আনিবলৈ কৈছিল, তেওঁক পোৱা গৈছিল আৰু ৰাজৰ ওচৰলৈ অনা হৈছিল। তেওঁ এখন পেং লাখুটিৰ সহায়ত খোজকাঢ়ি আহিছিল। ৰজাজনে তেওঁক শস্যগুটিটো দেখুৱাইছিল আৰু বুঢ়া মানুহজন, যিজনে তেতিয়াও চকুৰে দেখা পাইছিল, শস্যটোক বৰ ভালকৈ লক্ষ্য কৰিছিল। ৰজাজনে তেওঁক সুধিছিল, 

“তুমি আমাক ক’ব নোৱাৰানে, হে বুঢ়া, এইটোৰ দৰে শস্য ক’ত জন্মিবলৈ লৈছিল? তুমি কেতিয়াবা এইটোৰ দৰে শস্য ক্ৰয় কৰিছিলানে, অথবা তোমাৰ পথাৰত এনে শস্য ৰোপন কৰিছিলানে?”

যদিও বুঢ়া মানুহজনে শ্ৰৱণত কষ্ট পাইছিল তেওঁ তেওঁৰ পুত্ৰতকৈ অধিক ভালদৰে শুনিব পাৰিছিল।

‘নহয়’ তেওঁ কৈছিল, “মই কেতিয়াও এনে শস্য মোৰ পথাৰত ৰোপন কৰাও নাছিলো আৰু কটাও নাছিলো। ক্ৰয় কৰা সম্পৰ্কে ক’বলৈ গ’লে,  মই তেনে শস্য কেতিয়াও কিনা নাছিলো, কাৰণ আমাৰ দিনত টকাৰ ব্যৱহাৰ আৰম্ভ হোৱা নাছিল।  প্ৰত্যেকেই নিজৰ নিজৰ শস্য উৎপাদন কৰিছিল আৰু যদি কিবা প্ৰয়োজন হৈছিল আমি ইজনে সিজনৰ লগত সলাই লৈছিলো।  মই নাজানো ক’ত এনে শস্য জন্মিছিল। আমাৰ শস্য ইয়াতকৈ ডাঙৰ আছিল আৰু আজিকালিৰ শস্যতকৈ অধিক আটা দিছিল। কিন্তু এইটোৰ দৰে মই কেতিয়াও দেখা নাছিলোঁ। কিন্তু মই দেউতাকৰ মুখত শুনিছিলো যে তেওঁৰ সময়ত শস্যবোৰ অধিক ডাঙৰ আছিল আৰু আমাৰ দিনৰ শস্যতকৈ অধিক আটাগুড়ি দিছিল। আপুনি তেওঁক সোধা ভাল হ’ব।”

গতিকে ৰজাজনে এই বুঢ়া মানুহজনৰ দেউতাকক মাতি আনিবলৈ লোক পঠাইছিল, সিহঁতে তেওঁক পাইছিল আৰু ৰজাৰ সন্মুখনত হাজিৰ কৰাইছিল।তেওঁ অতি সহজে খোজকাঢ়ি কোনো পেং লাখুটি অবিহনেই সোমাই আহিছিল। তেওঁৰ চকু আছিল স্পষ্ট, তেওঁৰ শ্ৰৱণশক্তি আছিল ভাল আৰু স্পষ্টভাৱে কথা কৈছিল। ৰজাজনে তেওঁক শস্যগুটিটো দেখুৱাইছিল আৰু বুঢ়া ককাদেউতাজনে এইটো  লক্ষ্য কৰিছিল আৰু এইটো তেওঁৰ হাতত লৈ ঘূৰাইছিল।

“এনেকুৱা সুন্দৰ শস্য মই বহুদিন আগতে দেখিছিলো”, তেওঁ কৈছিল আৰু এটা অংশ ভাঙি মুখত দি সোৱাদ চাইছিল।

“এইটো আমি দেখা সেই ধৰণৰ শস্য,” তেওঁ কৈছিল।

“মোক কওঁক ককাদেউতা,” ৰজাজনে কৈছিল, “কেতিয়া আৰু ক’ত এনেকুৱা শস্য গজিছিল? আপুনি এনেকুৱা শস্য কেতিয়াবা ক্ৰয় কৰিছিলনে অথবা আপুনি এনেকুৱা শস্য আপোনাৰ পথাৰত ৰোপন কৰিছিলনে ?”

আৰু বুঢ়া মানুহজনে উত্তৰত কৈছিল–

“এনেকুৱা শস্য আমাৰ দিনত সকলোতে জন্মিছিল। মই মোৰ ডেকা বয়সত এনেকুৱা শস্য গ্ৰহণ কৰিছিলো আৰু আনক খুৱাইছিলো। এয়া হৈছে এনেুকৱা শস্য যি আমি ৰোপন কৰিছিলো, কাটিছিলো আৰু মৰণা মাৰিছিলো।’

আৰু ৰজাজনে সুধিছিল–

‘মোক কওঁক, ককাদেউতা, আপুনি এনে শস্য ক’ৰবাত কিনিছিলনে অথবা আপুনি এনে শস্য নিজে ৰুইছিলনে?”

“আমাৰ সময়ত,” তেওঁ উত্তৰ দিছিল, “কোনেও শস্য ক্ৰয় কৰা বা বিক্ৰী কৰাৰ দৰে পাপৰ কথা ভবা নাছিল আৰু আমি টকাৰ কথা জনা নাছিলো। প্ৰতিজন মানুহৰ যথেষ্ট পৰিমাণৰ নিজা শস্য আছিল।”

“তেন্তে মোক কওঁক, বুঢ়া ককাদেউতা,” ৰজাজনে সুধিছিল, “আপোনাৰ পথাৰ ক’ত আছিল, আপুনি এনে শস্য ক’ত ৰোপন কৰিছিল?”

আৰু বুঢ়া ককাজনে উত্তৰ  দিছিল–

“মোৰ পথাৰ আছিল ঈশ্বৰৰ ভূমি। য’ত মই হাল বাইছিলো সেয়াই মোৰ পথাৰ আছিল। ভূমি মুক্ত আছিল। ইয়াক কোনো মানুহেই নিজৰ নুবুলিছিল। পৰিশ্ৰমেই আছিল একমাত্ৰ বস্তু যাক মানুহে নিজৰ বুলি কৈছিল।”

“মোক আৰু দুটি প্ৰশ্নৰ উত্তৰ দিয়ক,’‘ ৰজাজনে কৈছিল। “প্ৰথমটো হৈছে, তেতিয়া পৃথিৱীখনে কিয় তেনে শস্য বহন কৰিছিল আৰু পিছত তেনে শস্য কিয় বহন কৰিবলৈ বন্ধ কৰি দিলে? আৰু দ্বিতীয় প্ৰশ্নটো হৈছে,  কিয় আপোনাৰ নাতিয়ে দুটা পেং লাখুটিৰে খোজকাঢ়ে, তোমাৰ পুত্ৰই কিয় এখন পেং লাখুটিৰে খোজকাঢ়ে আৰু আপুনি কিয় পেং লাখুটি নোহোৱাকৈয়ে খোজকাঢ়ে। আেপানাৰ চকুযোৰ উজ্জ্বল, দাঁতবোৰ নিৰাপদ আৰু আপোনাৰ বচন স্পষ্ট আৰু সুমধুৰ। এইবোৰ কিয় ঘটিবলৈ পালে?”

আৰু বুঢ়া মানুহজনে উত্তৰ দিছিল–

এইবোৰ ঘটাৰ কাৰণ হৈছে মানুহে নিজৰ পৰিশ্ৰমেৰে জীয়াই থাকিবলৈ বন্ধ কৰিলে, আৰু আনৰ পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ  কৰিবলৈ ললে। আগৰ যুগত মানুহে ঈশ্বৰৰ আইনমতে জীৱন যাপন কৰিছিল। সিহঁতে  নিজৰখিনি ভোগ কৰিছিল আৰু আনৰ উৎপাদিত বস্তুৰ প্ৰতি কোনো লোভ কৰা নাছিল। ০ ০ ০

বিঃ দ্ৰঃ ‘কুকুৰা চৰাইৰ কণীৰ দৰে শস্য’ গল্পটিৰ ইংৰাজী শিৰোনাম হৈছে  ‘The Grain as a Hen’s Egg’. 

অসমীয়া অনুবাদত বিশ্ব চুটি গল্প

এজন মানুহৰ কিমান পৰিমাণৰ ভূমিৰ প্ৰয়োজন

মূল ৰুচঃ লিও টলষ্টয় (ৰাছিয়া)

এজনী ডাঙৰ ভনীয়ে গাওঁত থকা তাইৰ সৰু ভনীয়েকক দেখা কৰিবলৈ আহিছিল।  ডাঙৰজনীৰ বিয়া হৈছিল নগৰত থকা এজন ব্যৱসায়ীৰ লগত, আৰু সৰুজনীৰ বিয়া হৈছিল গাওঁত থকা এজন খেতিয়কৰ লগত।  দুয়োজনী ভনীয়ে চাহ খাবলৈ বহা মেলত, ডাঙৰজনীয়ে নগৰীয়া জীৱনৰ সুবিধাক লৈ অহংকাৰ কৰিবলৈ ধৰিলে। তাই ক’লে সিহঁতে কিমান আৰামেৰে বসবাস কৰে, সিহঁত কিমান সুন্দৰভাৱে পোছাক পিন্ধে, সিহঁতৰ ল’ৰা-ছোৱালীহঁতে কিমান ভাল কাপোৰ পৰিধান কৰে, সিহঁতে কিমান ভাল ভাল খাদ্য খায় আৰু পিয়ে, আৰু তাই কেনেদৰে থিয়েটাৰ, প্ৰমোদ ভ্ৰমণ আৰু আনন্দোৎসৱলৈ যায়।

সৰু ভনীজনীয়ে অসন্তুষ্টি প্ৰকাশ কৰিছিল আৰু এজন ব্যৱসায়ৰ জীৱনক অৱজ্ঞাৰ দৃষ্টিৰে চাইছিল  আৰু খেতিয়কৰ সপক্ষে ক’বলৈ আৰম্ভ কৰিলে। 

“মই তোমালোকৰ জীৱন শৈলীৰ লগত মোৰ জীৱন শৈলীৰ সলনি কৰিবলৈ ভাল নাপাম।” তাই কৈছিল। “আমি কষ্টকৰ জীৱন যাপন কৰিব পাৰো কিন্তু আমি উদ্বেগশূন্য। তুমি আমাতকৈ ভাল শৈলীত জীৱন যাপন কৰা, আৰু যদিও কেতিয়াবা তোমালোকে প্ৰয়োজনতকৈ অধিক উপাৰ্জন কৰা, কিন্তু তোমালোকৰ সকলো হেৰুৱাৰো সম্ভাৱনা থাকে।  তুমি প্ৰৱচনটো জানা, ‘লাভ আৰু লোকচান দুই ভাই।’ এয়া প্ৰায়েই ঘটে যে যিসকল মানুহ এদিন চহকী, পিছদিনা সিহঁতে ভিক্ষা মাগে। কিন্তু খেতিয়কৰ জীৱন যদিও সিমান চহকী জীৱন নহয় তথাপি ই দীৰ্ঘস্থায়ী। আমি কেতিয়াও ধনী হ’ব নোৱাৰিলেও আমাৰ সদায় যথেষ্ট পৰিমাণে খাদ্য সামগ্ৰী থাকে।

ডাঙৰ ভনীজনীয়ে ভৎৰ্সনাৰ সৈতে ক’লে–

‘সেয়া যথেষ্টনে? হয়, তোমালোক গাহৰি আৰু গৰু-পোৱালিবোৰৰ সৈতে একেলগে বাস কৰা। তোমালোকেনো সুন্দৰ আচৰণৰ বিষয়ে কি জানা? তোমালোকৰ মানুহবোৰ যিমানেই ভাল নহওঁক কিয়, তুমি যেনে পৰিস্থিতিত জীয়াই থকা তেনে পৰিস্থিতিতেই গোবৰৰ দ’মৰ মাজত মৰি যাবা- আৰু তোমালোকৰ ল’ৰা-ছোৱালীবিলাকৰ ক্ষেত্ৰতো সেয়া ঘটিব।’

“বাৰু, তাতে কি হ’ল?” সৰুজনীয়ে উত্তৰ দিলে। “অৱশ্যে আমাৰ কামবোৰ কঠিন আৰু খহটা। কিন্তু তোমালোকৰ নগৰীয়া জীৱন প্ৰলোভনেৰে পৰিপূৰ্ণ, আজি সকলো ভাল হ’ব পাৰে, কিন্তু কাইলৈ চয়তানে তোমাৰ গিৰীয়েকক তাচ খেল, মদ অথবা নাৰীত আসক্ত কৰাব পাৰে  আৰু তেতিয়া সকলো ধবংস হৈ যাব। তেনে ঘটনা প্ৰায়েই নঘটেনে?”

ঘৰৰ মালিক, পাহোমে চৌকাৰ ওচৰতে শুই আছিল আৰু দুয়োজনী ভনীৰ কথা-বতৰাবোৰ শুনি আছিল।

“এয়া সম্পূৰ্ণ সঁচা’, তেওঁ ভাবিছিল। “আমি ল’ৰালিকালৰে পৰা মাতৃ মেদিনীক হাল বাওঁতে ব্যস্ত আছো, আমি খেতিয়কসকলৰ মূৰত তেনে বেয়া কথাবোৰ স্থান দিবলৈ কোনো সময় নাই। আমাৰ একমাত্ৰ অসুবিধাটো হৈছে আমাৰ খেতি কৰিবলৈ যথেষ্ট ভূমি নাই। মোৰ যদি যথেষ্ট ভূমি থাকিলেহেঁতেন তেন্তে মই চয়তানকো ভয় নকৰিলোহেঁতেন!”

তিৰোতা দুজনীয়ে সিহঁতৰ চাহ খোৱা শেষ কৰিছিল আৰু পোছাকৰ বিষয়টোক লৈ অলপ কথা পাতিছিল আৰু চহৰ পাত্ৰবোৰ ধুই-পখালি শুবলৈ গৈছিল।

কিন্তু চয়তানটো চৌকাখনৰ পিছপিনে বহি আছিল আৰু সিহঁতে কোৱা সকলো কথা-বতৰা শুনিছিল। তেওঁ সুখী হৈছিল যে খেতিয়কজনৰ ঘৈনীয়েকজনীয়ে তাইৰ গিৰীয়েকজনক অহংকাৰ কৰাৰ সুযোগ দিছিল যিজনে কৈছিল যে তেওঁৰ যদি যথেষ্ট মাটি থাকিলেহেঁতেন তেন্তে তেওঁ চয়তানকো ভয় নকৰিলহেঁতেন।

“ভাল বাৰু” চয়তানে ভাবিছিল। আমি এটা অৰিয়া-অৰি কৰিম, মই তোমাক যথেষ্ট ভূমি দিম আৰু সেই ভূমিৰ জৰিয়তেই তোমাক মোৰ বশতীয়া কৰিম।”

গাওঁখনৰ কাষতে এজনী ভদ্ৰ মহিলাই বাস কৰিছিল। তাই আছিল সৰু জমিদাৰ । তাইৰ আছিল তিনিশ একৰ মাটি-বাৰী।

খেতিয়কসকলৰ লগত তাইৰ সদায়  সদ্ভাৱ আছিল যেতিয়ালৈকে তাই এজন প্ৰাক্তন সৈনিকক পৰিচালক হিচাপে নিয়োগ কৰা নাছিল। পৰিচালকগৰাকীয়ে মানুহসকলক জৰিমনা বিহি জুলুম কৰিবলৈ লৈছিল।

যদিও পাহোমে সতৰ্ক হ’বলৈ চেষ্টা কৰিছিল তথাপি এবাৰ তেওঁৰ ঘোঁৰাই মহিলাজনীৰ পথাৰত সোমাইছিল, এবাৰ গাইজনীয়ে তাইৰ বাগিছাত সোমাইছিল, কেতিয়াবা তেওঁৰ দামুৰিবোৰে তাইৰ ঘাঁহনি পথাৰত সোমাইছিল আৰু তেওঁ ইয়াৰ বাবে জৰিমনা ভৰিব লাগিছিল।

পাহোমে জৰিমনা দিছিল কিন্তু মনে মনে অসন্তুষ্ট হৈছিল আৰু বেয়া মেজাজত ঘৰলৈ গৈ তেওঁৰ পৰিয়ালৰ লগত কৰ্কশ ব্যৱহাৰ কৰিবলৈ লৈছিল। গোটেই গ্ৰীষ্মকাল জুৰি, পাহোমে সেই পৰিচালকজনৰ বাবে বহুত অসুবিধাৰ সন্মুখীন হৈছিল, আনকি  যেতিয়া শীতকাল আহিছিল আৰু গৰু-ম’হ বান্ধি ৰাখিব লাগিছিল তেতিয়া আনন্দিত হৈছিল।  যদিও তেওঁ অসন্তুষ্ট আছিল কিন্তু যেতিয়া তেওঁৰ গৰু-ম’হবোৰ ঘাঁহনি পথাৰত চৰাব লগা নহৈছিল তেতিয়া তেওঁ উদ্বিগ্নতাৰ পৰা মুক্তি পাইছিল।

শীত কালত তেওঁ এটি বাতৰি পালে যে ভদ্ৰ মহিলাজনীয়ে তাইৰ মাটি বিক্ৰী কৰিব আৰু ওখ ৰাস্তাটোত থকা চৰাইখানাৰ মালিকজনে সেয়া ক্ৰয় কৰিবলৈ দৰ-দাম কৰি আছে। যেতিয়া খেতিয়কজনে সেই বাতৰিটো  পাইছিল তেওঁ বৰকৈ সচকিত হৈ উঠিছিল।

‘বাৰু’, সিহঁতে ভাবিছিল, “যদি সেই চৰাইখানাৰ মালিকজনে মাটিখিনি পায়  তেন্ত তেওঁ ভদ্ৰ মহিলাজনীৰ পৰিচালকজনতকৈ সিহঁতক বেছিকৈ জৰিমনা ভৰাব। আমি সকলোৱে সেই সম্পত্তিৰ ওপৰতে নিৰ্ভৰ কৰো।”

গতিকে খেতিয়কজনে সম্প্ৰদায়টোৰ হৈ ভদ্ৰ মহিলাজনীক মাটিখিনি সেই চৰাইখানাৰ মালিকজনৰ ওচৰত বিক্ৰী নকৰিবলৈ ক’লে আৰু সেই মাটিখিনৰ বাবে তাতকৈ অধিক দাম যাচিলে। ভদ্ৰ মহিলাজনীয়ে মাটিখিনি সিহঁতক দিবলৈ মান্তি হ’ল। তাৰ পিছত খেতিয়কজনে সম্প্ৰদায়ৰ মানুহখিনিক সেই সম্পত্তিখিনি  ক্ৰয় কৰিবলৈ আলোচনা কৰিলে যাতে সেই সম্পত্তিখিনিৰ ওপৰত সকলোৰে সমান অধিকাৰ থাকে।  এই বিষয়টো আলোচনা কৰিবলৈ দুবাৰ লগ লাগিল কিন্তু বিষয়টোৰ মীমাংসা কৰিব নোৱাৰিলে। চয়তানে সেইসকলৰ মাজত কাজিয়া লগাই দিলে আৰু সিহঁত একমত হ’ব নোৱাৰিলে। গতিকে সিহঁতে সামৰ্থ অনুযায়ী মাটিখিনি স্বতন্ত্ৰভাৱে ক্ৰয় কৰিবলৈ সিদ্ধান্ত ল’লে আৰু ভদ্ৰ মহিলাজনীয়েও সিহঁতৰ  পৰিকল্পনাত সন্মতি জনালে। 

ইতিমধ্যে পাহোমে জানিব পাৰিলে যে তেওঁৰ এজন চুবুৰীয়ে পোন্ধৰ একৰ ভূমি ক্ৰয় কৰিবলৈ লৈছে আৰু ভদ্ৰ মহিলাজনীয়ে মাটিৰ মূল্যৰ আধাখিনি নগদ ল’ব  আৰু বাকী আধাখিনিৰ বাবে এবছৰমান অপেক্ষা কৰিব। পাহোমৰ ঈৰ্ষা উপজিল।

“সেয়া চোৱা”, তেওঁ ভাবিলে, “গোটেই মাটিখিনি বিক্ৰী হৈ আছে, আৰু মই ইয়াৰ একো অংশ নাপালো।” সেয়ে তেওঁ ঘৈনীয়েকৰ লগত কথা পাতিলে।

“অন্যান্য মানুহে মাটিখিনি কিনি আছে” তেওঁ ক’লে, “আমি বিশ একৰ বা তাৰ ওচৰা-ওচৰি ভূমি ক্ৰয় কৰিব লাগিব। জীৱন জটিল হৈ আছে। সেই পৰিচালকজনে আমাক মাথো জৰিমনা বিহি কোঙা কৰি আছে।”

গতিকে সিহঁতে মত মিলালে আৰু মাটিখিনি ক্ৰয় কৰাৰ বিষয়টো বিবেচনা কৰিবলৈ ল’লে। সিহঁতৰ সঞ্চয়ত এশ ৰুবল (টকা) আছিল। সিহঁতে এটা ঘোঁৰাৰ পোৱালি আৰু মৌবাহৰ আধাখিনি বিক্ৰী কৰিলে, আৰু সিহঁতৰ ল’ৰা এজনক শ্ৰমিক হিচাপে এজনৰ ওচৰত বন্ধকত থলে আৰু তেওঁৰ পাৰিশ্ৰমিকখিনি আগতীয়াকৈ ল’লে আৰু বাকীখিনি ভনীজোঁৱাই এজনৰ পৰা ধাৰে ল’লে আৰু এনেদৰে মাটিখিনিৰ বাবে প্ৰয়োজনীয় টকাৰ আধাখিনি সংগ্ৰহ কৰিলে।  এইখিনি কৰি, পাহোমে চল্লিশ একৰ কৃষি পাম নিৰ্বাচন কৰিলে, ইয়াৰ কিছু অংশ গছ-গছনিৰে ভৰি আছিল। পিছত তেওঁ দৰ-দাম কৰিবলৈ মহিলাজনীৰ ওচৰলৈ গ’ল। সিহঁত এটা চুক্তিত উপনীত হ’ল, তাইৰ লগত হাত মিলালে আৰু তাইক টকাখিনি অগ্ৰিম  দিলে। সিহঁত নগৰলৈ গ’ল আৰু এটা দলিতত চহী কৰিলে। তেওঁ আধাখিনি টকা নগদ দি বাকীখিনি দুইবছৰৰ  ভিতৰত পৰিশোধ কৰিব বুলি গাত ল’লে।  এতিয়া পাহোমৰ নিজা ভূমি হ’ল। তেওঁ বীজ ধাৰ কৰিলে, আৰু ক্ৰয় কৰা খেতিত বীজ সিঁচিলে। ফচল ভাল হ’ল আৰু এবছৰৰ ভিতৰতে তেওঁ ভদ্ৰ মহিলাজনীৰ টকা আৰু ভনীজোঁৱাইৰ টকাখিনি পৰিশোধ কৰিব পাৰিলে। তেওঁ এতিয়া মাটিৰ মালিক (জমিদাৰ) হ’ল। তেওঁ এতিয়া নিজৰ ভূমিত হাল বায় আৰু বীজ সিঁচে। তেওঁ নিজৰ ভূমিত খেৰ শুকায়, নিজৰ গছ কাটে আৰু  গৰু-ম’হবোৰ  নিজৰ ভূমিত চৰায়।  তেওঁ যেতিয়া নিজৰ মাটি চহ কৰিবলৈ যায়, বা গজি উঠা শস্যবোৰলৈ লক্ষ্য কৰে, বা ঘাঁহনি পথাৰলৈ চায়, তেওঁৰ হৃদয়খন আনন্দৰে ভৰি উঠে। তেওঁৰ খেতিত গঁজি উঠা ঘাঁহবোৰ, আৰু প্রস্ফুটিত হোৱা ফুলবোৰ বেলেগৰ পথাৰত গজা ঘাঁহ আৰু ফুলতকৈ অনন্য।  আগতে যেতিয়া তেওঁ সেই মাটিৰ কাষেৰে পাৰ হৈ গৈছিল, সেই মাটিখিনি আনৰ মাটিৰ দৰে একেই দেখাইছিল, কিন্তু এতিয়া ই ভিন দেখাইছে।

গতিকে পাহোম ভালদৰেই সন্তুষ্ট হৈছিল আৰু সকলো ভালেই হ’লহেঁতেন যদিয়ে চুবুৰীত থকা আন খেতিয়কসকল তেওঁৰ শস্য পথাৰ আৰু ঘাঁহনি পথাৰত অনধিকাৰ প্ৰৱেশ নকৰিলেহঁতেন। তেওঁ অতি ভদ্ৰভাৱে সিহঁতক ইয়াৰ পৰা আঁতৰত থাকিবলৈ  অনুৰোধ কৰিছিল, কিন্তু তথাপি সিহঁতে সেই ভূমিত প্ৰৱেশ কৰিছিল। এতিয়া সম্প্ৰদায়ৰ মানুহখিনিয়ে সিহঁতৰ গৰুবোৰ তেওঁৰ ঘাঁহনি পথাৰত চৰাবলৈ আৰম্ভ কৰিলে। ঘোঁৰাবোৰ তেওঁৰ শস্যৰ মাজত চৰিব দিলে।  পাহোমে সেইবোৰ বাৰে বাৰে খেদাই থাকিল, সিহঁতৰ মালিকসকলক ক্ষমা কৰি থাকিল আৰু দীৰ্ঘদিন সিহঁতক শাস্তি দিয়াৰ পৰা বিৰত থাকিল।  কিন্তু অৱশেষত তেওঁ ধৈৰ্য হেৰুৱাই পেলালে আৰু জিলা আদালতত মোকৰ্দমা তৰিলে।  তেওঁ জানিছিল যে মাটিৰ আকাল হোৱা বাবে এয়া ঘটিবলৈ পাইছে, সিহঁতৰ কোনো বেয়া উদ্দেশ্য নাছিল। কিন্তু তেওঁ ভাৱিলে, 

“মই ইয়াক অৱজ্ঞা কৰি থাকিব নোৱাৰো, অন্যথা সিহঁতে মোৰ সকলো ধবংস কৰি পেলাব। সিহঁতে এটা শিক্ষা পাব লাগিব।”

গতিকে তেওঁ সিহঁতৰ এজনক শিক্ষা দিলে, পিছত আন এজনক  আৰু খেতিয়কসকলৰ দুই বা তিনিজনক জৰিমনা বিহিলে।  এটা সময়ত পাহোমৰ চুবুৰীয়াসকলে তেওঁৰ লগত হিংসা কৰা আৰম্ভ কৰিলে আৰু ইচ্ছা কৰিয়েই তেওঁৰ মাটিত গৰু-ম’হ এৰি দিবলৈ ধৰিলে।  এবাৰ আনকি এজন খেতিয়কে ৰাতি পাহোমৰ হাবিত সোমাই ছালৰ বাবে পাঁচোটামান লাইম গছ কাটিলে। এদিনাখন পাহোমে হাবিখনৰ ওচৰেদি যাওঁতে বগা বৰণৰ কিবা দেখিবলৈ পালে।  তেওঁ ওচৰলৈ আহি গছবোৰ ওচৰতে  পৰি থকা দেখিবলৈ পালে আৰু  ওচৰলৈ আহি গছৰ মূঢ়াবোৰ লক্ষ্য কৰি পাহোম কোপিত হ’ল।

“তেওঁ যদি গছবোৰ  ইয়াতে এটা তাতে এটা কাটিলেহেঁতেন তেন্তে সেয়া বেছি বেয়া নহ’লহেঁতেন,” পাহোমে ভাবিলে। কিন্তু বদমাচজনে গোটেই জোপোহাটোৱে কাটিছে। মই যদি মাত্ৰ বিচাৰি উলিয়াব পাৰো এয়া কোনে কৰিছে, মই তেওঁক নিশ্চয় জৰিমনা বিহিম।”

মানুহজন কোন হ’ব পাৰে, তেওঁ মনত ভাবি চালে। অৱশেষত তেওঁ সিদ্ধান্ত কৰিলে, “চাইমনৰ বাহিৰে আন কোনেও এয়া কৰিব নোৱাৰে।”  সেয়ে তেওঁ বিচাৰি চাবলৈ চাইমনৰ ঘৰলৈ গ’ল। কিন্তু তেওঁ একো নাপালে, মাত্ৰ খঙাল দৃশ্যহে দেখা পালে।  তেওঁ আগতকৈ অধিক নিশ্চিত হ’ল যে চাইমনেই এয়া কৰিছে আৰু এটা অভিযোগ দাখিল কৰিলে।  আদালতৰ পৰা চাইমনলৈ চমন আছিল। বিচাৰটো কৰা হৈছিল, পুনৰ বিবেচনা কৰা হৈছিল অৱশেষত চাইমন নিৰ্দোষী বুলি ৰায় পালে যিহেতু তেওঁৰ বিৰুদ্ধে কোনো সাক্ষ্য-প্ৰমাণ নাছিল।  পাহোম এতিয়া অধিক কোপিত হ’ল আৰু  তেওঁৰ খং  এতিয়া জজৰ ওপৰত পৰিল।

“তুমি চোৰৰ পৰা টকা খাইছা”, তেওঁ ক’লে, “তুমি যদি সাধু মানুহ হ’লাহেঁতেন তেন্তে চোৰক হাত সাৰিবলৈ নিদিলাহেঁতেন।”

সেই বিষয়টো লৈ পাহোমে বিচাৰক আৰু তেওঁৰ চুবুৰীয়াজনৰ লগত কাজিয়া কৰিলে।  তেওঁৰ ঘৰ-বাৰী পুৰি দিয়াৰ ভাবুকি আহিল। যদিও পাহোমৰ অধিক ভূমি আছিল, সেই সম্প্ৰদায়টোত তেওঁৰ অৱস্থা আগতকৈ অধিক বেয়া হ’ল।

সেই সময়তে এটা গুজৱ উঠিল যে বহুত মানুহ নতুন অঞ্চললৈ উঠি গৈ আছে। 

“মোৰ মাটি এৰি যোৱাৰ কোনো প্ৰয়োজন নাই”, পাহোমে ভাবিলে। “কিন্তু যেতিয়া আমাৰ গাওঁৰ কিছু সংখ্যক মানুহ  গুচি যাব তেতিয়া আমাৰ বাবে অধিক ঠাই  হ’ব। মই সিহঁতৰ ভুমি লৈ ল’ম আৰু মোৰ মাটি-বাৰী আগতকৈ কিছু ডাঙৰ কৰিম। তেতিয়া মই অধিক আৰামেৰে বাস কৰিব পাৰিম। মই এতিয়াও নিজকে আৰামদায়ক কৰিব লগা আছে।’

এদিনাখন পাহোম ঘৰতে বহি আছিল। সেই সময়ত এজন খেতিয়ক গাওঁখনৰ মাজেদি গৈ আছিল। তেওঁক কিবা কাৰণত মাতিব লগা হ’ল। তেওঁক ৰাতিটো সেইখন ঘৰত থাকিবলৈ অনুমতি দিয়া হ’ল। ৰাতিৰ ভাতসাজ দিয়া হ’ল। পাহোমে সেই খেতিয়কজনৰ লগত কথা পাতিলে আৰু সুধিলে তেওঁ ক’ৰ পৰা আহিল বুলি।  অচিনাকী ব্যক্তিজনে ক’লে যে তেওঁ ভল্গাৰ সিপাৰৰ পৰা আহিছে। তাত তেওঁ কাম কৰি আছিল।  কথাত কথা বাঢ়িল আৰু মানুহজনে কৈ থাকিল যে বহুত মানুহ সেই অঞ্চলত থিতাপি লৈ আছে। তেওঁৰ গাওঁৰ কিছুমান মানুহ কিদৰে তাত গৈ বসতি স্থাপন কৰিছে তাকো ক’লে। সিহঁতে সমাজত ভৰ্তি হৈছে আৰু সিহঁতৰ সকলোৱে পঁচিশ একৰ ভূমি পাইছে। ভূমি ইমানে ভাল যে তাত ৰোৱা ৰাই  (এক প্ৰকাৰৰ শস্য) ঘোঁৰা এটাৰ সমান ওখ হয় আৰু ইমান ঘন হয় যে পাঁচ মুঠিত এক দাঙৰি হয়। তেওঁ ক’লে যে এজন মানুহ  লগত একো নলৈ মাথোন উদং হাত দুখনেৰে তালৈ গৈছিল, এতিয়া তেওঁ ছয়টা ঘোঁৰা আৰু দুটা গৰুৰ মালিক।

পাহোমৰ হৃদয়ত আকাঙ্খাৰ জুই জ্বলি উঠিল। তেওঁ ভাবিলে, “মানুহে যদি ক’ৰবাত সুন্দৰভাৱে বাস কৰিব পাৰে, মই কিয় এই সংকীৰ্ণ গাতটোত দুৰ্যোগ ভূগি আছো? মই মোৰ মাটি আৰু ঘৰ-বাৰী বিক্ৰী কৰি দিম আৰু সেই টকাৰে তালৈ গৈ নতুনকৈ জীৱন আৰম্ভ কৰিম।  এই জনপূৰ্ণ ঠাইত  আমি সদায় দুৰ্যোগ ভূগিব লাগে।  কিন্তু প্ৰথমে মই যাব লাগিব আৰু মই  নিজে সকলো জানি ল’ব লাগিব।

গ্ৰীষ্মকালত তেওঁ সাজু হ’ল আৰু যাত্ৰা আৰম্ভ কৰিলে।  তেওঁ ভল্গাৰ পৰা ভাপ জাহাজেৰে চুমাৰালৈ গ’ল, পিছত তিনিশ মাইল খোজকাঢ়ি গ’ল আৰু অৱশেষত সেই ঠাই পালেগৈ। ঠাইখন আছিল সেই অচিনাকী ব্যক্তিজনে কোৱা ঠিক সেই ধৰণৰ। খেতিয়কসকলৰ বহুত পৰিমাণৰ ভূমি আছিল। প্ৰতিজন মানুহৰ নিজৰ ব্যৱহাৰৰ বাবে পঁচিশ একৰ সমূহীয়া ভূমি আছিল আৰু নিজৰ টকা থকাসকলে ভূমি ক্ৰয় কৰিব পাৰিছিল। দুই চিলিংত পোৱা গৈছিল এক একৰ মাটি আৰু বিচৰা ধৰণেই মুক্ত ভূমি পোৱা গৈছিল।

জানিব বিচৰা সকলো জনাৰ পিছত পাহোমে শৰৎ কালৰ আৰম্ভণিতে ঘৰলৈ উভতি আহিল আৰু তেওঁৰ সম্পত্তি বিক্ৰী কৰা আৰম্ভ কৰিলে।  তেওঁ লাভসহ তেওঁৰ মাটি, ঘৰ-বাৰী, গৰু-ম’হ, আদি বিক্ৰী কৰিলে আৰু সম্প্ৰদায়ত থকা তেওঁৰ সদস্যপদ উঠাই ললে। এতিয়া তেওঁ মাত্ৰ বসন্ত কাল অহালৈকে অপেক্ষা কৰি থাকিল আৰু বসন্তকাল অহাৰ লগে লগে পৰিয়ালসহ সেই নতুন স্থানলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে।

পাহোম আৰু তেওঁৰ পৰিয়ালটো সিহঁতৰ নতুন ঠাইত উপস্থিত হৈ বিশাল গাওঁখনৰ সমাজত ভৰ্তি হ’বলৈ আবেদন জনালে। তেওঁ গাওঁৰ মুখীয়ালজনৰ পৰা প্ৰয়োজনীয় কাগজ-পত্ৰ লাভ কৰিলে। তেওঁ আৰু তেওঁৰ পুত্ৰৰ ব্যৱহাৰৰ বাবে সমাজৰ পৰা ভূমিৰ পাঁচটা অংশ দিয়া হ’ল। ই আছিল  বিভিন্ন পথাৰত মুঠ এশ পঁচিশ একৰ ভূমি। ইয়াৰ বাহিৰেওঁ তেওঁ সামূহিক চৰণীয়া পথাৰ লাভ কৰিছিল।  পাহোমৰ প্ৰয়োজনীয় ঘৰ স্থাপন কৰিলে আৰু গৰু-ম’হ ক্ৰয় কৰিলে। সেই সম্প্ৰদায়ত তেওঁ তেওঁৰ আগৰ ভূমিতকৈ তিনিগুণ বেছি ভূমি লাভ কৰিলে। তেওঁৰ ভূমি আছিল শস্যৰে নদন-বদন।  তেওঁ আগতকৈ দহগুণ অধিক চহকী হ’ল।  তেওঁৰ যথেষ্ট আবাদী মাটি আৰু চৰণীয়া পথাৰ হ’ল আৰু তেওঁ যিমান ইচ্ছা সিমান গৰু-ম’হ ৰাখিব পৰা হ’ল।

পোনতে,  ঘৰ-বাৰী প্ৰস্তুত কৰা আৰু থিতাপি লোৱাৰ অৰিয়া-অৰিৰ মাজতে পাহোমে সন্তুষ্ট হ’ল। কিন্তু যেতিয়া তেওঁ এইবোৰত অভ্যস্ত হ’বলৈ ধৰিলে তেতিয়া তেওঁ ভাবিলে আনকি ইয়াতো তেওঁৰ যথেষ্ট ভূমি নাই।  প্ৰথম বছৰত তেওঁৰ সামূহিক ভূমিত বীজ সিঁচিলে আৰু তেওঁ যি ব্যৱহাৰ কৰিলে সি যথেষ্ট নাছিল। কাৰণ সেই অঞ্চলত গমধান অকল কুমাৰী মাটি আৰু ছন পৰি থকা মাটিত ৰোপন কৰা হৈছিল আৰু উলুৱনি নোহোৱালৈকে তাত খেতি কৰি থকা হৈছিল।  তাত এনে বহুতো লোক আছিল যিসকলে তেনে ভূমি বিচাৰিছিল আৰু তাতে সিহঁতৰ সকলোৰে কাৰণে যথেষ্ট ভূমি নাছিল।  গতিকে মানুহে ইয়াক লৈ কাজিয়া আৰম্ভ কৰিলে।  যিসকল চহকী আছিল  সিহঁতে গমৰ খেতি কৰিব বিচাৰিছিল। আৰু যিসকল দুখীয়া আছিল সিহঁতে মাটিখিনি ব্যৱসায়ীসকলক ভাড়াত দিব বিচাৰিছিল যাতে সিহঁতে কৰ দিবলৈ টকা সংগ্ৰহ কৰিব পাৰে।  পাহোমে গমৰ খেতি কৰিবলৈ অধিক ভূমি বিচাৰিছিল।  গতিকে তেওঁ এজন ব্যৱসায়ীৰ পৰা এবছৰৰ বাবে ভূমি ভাড়াত ল’লে।  কিন্তু মাটিডোখৰ গাওঁখনৰ পৰা বহু দূৰত আছিল। গমবোৰ দহ মাইলৰ অধিক বাট কঢ়িয়াই লৈ আহিব লাগিছিল।  এটা সময়ত পাহোমে লক্ষ্য কৰিলে যে কিছুমান খেতিয়কে অন্য ঠাইত পাম খেতিৰ বাবে থাকিবলৈ লৈছে আৰু সিহঁত অধিক চহকী হৈ আছে।  সেয়ে তেওঁ ভাবিলে, “মই যদি কিছু মুকলি ভূমি ক্ৰয় কৰিব পাৰো আৰু যদি তাত ঘৰ-বাৰী সাজিব পাৰো, ই হ’ব অন্য এক সম্পত্তি। তেতিয়া সকলো ভাল হ’ব।

নতুন ভূমি ক্ৰয়ৰ প্ৰশ্নটো তেওঁৰ মনত বাৰে বাৰে আহিবলৈ ধৰিলে। 

তেওঁ সেইদৰে মাটি ভাড়াত লৈ আৰু গমৰ খেতি কৰি তিনি বছৰ কটালে।খেতিৰ বতৰটো ভাল দেখাইছিল আৰু শস্যবোৰ ভাল হৈছিল ফলত তেওঁ টকা সাঁচিব পৰা হৈছিল। তেওঁ সন্তুষ্টিৰ সৈতে জীৱন যাপন কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ আন মানুহৰ মাটি ভাড়াত লৈ নিজকে ক্লান্ত অনুভৱ কৰিলে আৰু অৱশেষত তেওঁ নিজৰ বাবে ভূমি ক্ৰয় কৰিবলৈ সিদ্ধান্ত ল’লে।  যেতিয়া তেওঁ ভাল ভূমি পাইছিল তেওঁ তালৈ দৌৰি গৈছিল  আৰু সেইখিনি এবাৰতে লৈ লৈছিল। তেওঁ ভাবিছিল যদিহে তেওঁ ততাতৈয়া নকৰে তেওঁ মাটিখিনি নাপাব।  তৃতীয় বছৰত তেওঁ আৰু আন এজন মাটিৰ ব্যৱসায়ীয়ে একেলগে কিছুমান খেতিয়কৰ পৰা এডোখৰ চৰণীয়া পথাৰ ক্ৰয় কৰিলে আৰু চহ কৰিলে। কিন্তু পিছলৈ দুয়োজনৰ মাজত কাজিয়া হ’ল, বিষয়টো লৈ আদালত পালেগৈ আৰু মাটিখিনি আৰু ইয়াক চহ কৰাৰ কষ্ট বৃথা হ’ল। 

পাহোমে ভাবিলে, “যদি মাটিখিনি মোৰ নিজৰ হ’লহেঁতেন। মই স্বাধীন হ’লোহেঁতেন আৰু কোনো ধৰণৰ অসন্তুষ নাথাকিলেহেঁতেন। ”

গতিকে পাহোমে ক্ৰয় কৰাৰ বাবে মাটি বিচাৰি থাকিল। তেওঁ হঠাৎ এজন খেতিয়কক লগ পালে। তেওঁৰ তেৰশ একৰ ভূমি আছিল কিন্তু কিবা জটিলতাত পৰি মাটিখিনি পুনৰ কম দামতে বিক্ৰী কৰিব বিচাৰিছিল।  সিহঁতে দৰ-দাম কৰি ১,৫০০ ৰুবল ( টকা)ত দাম স্থিৰ কৰিলে। ইয়াৰ এটা অংশ পিছত পৰিশোধ কৰিব লাগিব। বিষয়টো তাতে মীমাংসা হ’লহেঁতেন, কিন্তু এদিনাখন এজন মাটিৰ ব্যৱসায়ীয়ে সেই ঠাইদি পাৰ হৈ গৈ থকা অৱস্থাত তেওঁৰ ঘোঁৰাক খুওৱাবলৈ পাহোমৰ ওচৰত ৰ’ল।  তেওঁ পাহোমৰ লগত চাহ খালে আৰু কথা পাতিলে।  ব্যৱসায়ীজনে ক’লে যে তেওঁ ভাস্কিৰচ নামৰ ঠাইৰ পৰা উভতি আহি আছে য’ত তেওঁ তেৰ হাজাৰ একৰ ভূমি মাত্ৰ ১,০০০ ৰুবলত ক্ৰয় কৰিছে।  পাহোমে তেওঁক অধিক প্ৰশ্ন কৰিলে আৰু ব্যৱসায়ীজনে ক’লে–

“তাত এজনে কৰিব পৰা কামটো হৈছে সেই ঠাইৰ মুখীয়ালজনৰ লগত বন্ধুত্ব স্থাপন কৰা।  মই তেওঁক  চাহৰ পাত্ৰ দিয়াৰ উপৰিও এশ টকা মূল্যৰ গাউন আৰু কাৰপেট দিছিলো আৰু যিসকলে মদ খায় সিহঁতক মদ দিছিলো আৰু ইয়াৰ বিনিময়ত মই দুই পেনিৰ কমতেই এক একৰ মাটি লাভ কৰিছিলো। ” তেওঁ পাহোমক দলিলৰ শিৰোনাম দেখুৱালে আৰু ক’লে–

“মাটিখিনি এটা নদীৰ ওচৰত আছে আৰু গোটেই ভূমি বনেৰে পৰিপূৰ্ণ কুমাৰী মাটি।”

পাহোমে তেওঁক প্ৰশ্নৰ উপৰি প্ৰশ্ন কৰিলে আৰু ব্যৱসায়ীজনে উত্তৰ দিলে–

“তুমি এবছৰ খোজকাঢ়ি যিমানখিনি মাটি আগুৰিব পাৰিবা তাতকৈ অধিক মাটি তাত আছে।  এই সকলো মাটি ভাস্কিৰসকলৰ অধীনত আছে।  সিহঁত ভেড়াৰ দৰে সৰল, আৰু সিহঁতৰ পৰা প্ৰায় বিনামূল্যতেই ভূমি ল’ব পৰা যায়।”

পাহোমে ভাবিলে, ‘মোৰ লগত এক হাজাৰ ৰুবল আছে, মই কিয় এইখিনিৰে তেৰশ একৰ মাটি ক্ৰয় কৰি নিজকে ঋণী সজাম?  মই যদি তালৈ যাওঁ একে পৰিমাণৰ টকাৰে মই দহগুণ অধিক ভূমি ক্ৰয় কৰিব পাৰিম।”

সেই ঠাইলৈ কিদৰে যাব পাৰি সেয়া পাহোমে জানি ল’লে আৰু ব্যৱসায়ীজনে তেওঁক এৰাৰ লগে লগে তেওঁ নিজে সেই ঠাইলৈ যাবলৈ সাজু হ’ল।  ঘৰ-বাৰীখিনি চোৱা-চিতা কৰিবলৈ তেওঁৰ ঘৈনীয়েকক এৰি  আৰু  লগত এজন লোক লৈ তেওঁৰ যাত্ৰা আৰম্ভ কৰিলে।  সিহঁতে সিহঁতৰ বাটত এখন নগৰত ৰৈ গ’ল আৰু চাহৰ পাত্ৰ, কিছু মদ আৰু ব্যৱসায়ীজনে কোৱা মতে অন্যান্য কিছুমান উপহাৰ ক্ৰয় কৰিলে।  সিহঁতে ক্ৰমে ক্ৰমে তিনিশ মাইলতকৈয়ো অধিক পথ অতিক্ৰম কৰিলে।  আৰু সপ্তম দিনত সিহঁতে সেই ঠাইত  উপস্থিত হ’ল য’ত বাস্কিৰসকলে সিহঁতৰ তম্বু তৰি বাস কৰিছিল। ব্যৱসায়ীজনে যেনেদৰে কৈছিল বস্তুবোৰ ঠিক তেনেকুৱাই আছিল।  তাত থকা মানুহসকলে এখন নদীৰ কাষত  তম্বু পাৰি বাস কৰিছিল।  সিহঁতে মাটি চহ কৰা নাছিল আৰু ৰুটি  খাদ্য হিচাপে গ্ৰহণ কৰা নাছিল।  সিহঁতৰ গৰু-ম’হ আৰু ঘোঁৰাবোৰ দলবান্ধি ঘাঁহ খাইছিল। ঘোঁৰাৰ পোৱালীবোৰক সিহঁতৰ তম্বুৰ পিছপিনে এৰাল দিয়া হৈছিল। আৰু ঘোৰীবোৰ দিনত দুবাৰকৈ পথাৰৰ পৰা খেদি অনা হৈছিল আৰু সেইবোৰৰ গাখীৰ খিৰোৱা হৈছিল আৰু তাৰ পৰা কিউমিচ (এক প্ৰকাৰৰ মদ) তৈয়াৰ কৰা হৈছিল।   কিউমিচ তৈয়াৰ কৰিছিল তিৰোতাসকলে। সিহঁতে পনীৰো তৈয়াৰ কৰিছিল।  পুৰুষসকলে মাত্ৰ কিউমিচ আৰু চাহ পান কৰিছিল, ভেড়াৰ মাংস খাইছিল আৰু পেঁপা  বজাইছিল।  সিহঁত সকলো আছিল হৃষ্ঠ-পুষ্ট আৰু আনন্দিত। আৰু গোটেই গ্ৰীষ্মকাল জুৰি সিহঁতে কেতিয়াও কামৰ কথা ভবা নাছিল। 

সিহঁত সম্পূৰ্ণ অশিক্ষিত আছিল আৰু সিহঁতে ৰুচ ভাষা জনা নাছিল কিন্তু সিহঁতৰ প্ৰকৃতি আছিল ভাল। 

সিহঁতে পাহোমক দেখাৰ লগে লগে, সিহঁতৰ তম্বু ঘৰৰ পৰা ওলাই আহিল আৰু তেওঁৰ চাৰিওফালে গোট খালে।  এজন অনুবাদক পোৱা গৈছিল আৰু তেওঁ ক’লে যে তেওঁ কিছু ভূমিৰ বাবে আহিছে।  বাস্কিৰসকল আনন্দিত হোৱা দেখা গৈছিল। সিহঁতে পাহোমক আটাইতকৈ ভাল তম্বু ঘৰ এটাৰ ভিতৰলৈ লৈ গ’ল। সিহঁতে তাত তেওঁক এটা কার্পেটৰ ওপৰত পাৰি থোৱা কুছনৰ ওপৰত বহিবলৈ দিলে আৰু সিহঁত সকলো চাৰিওফালে বহি থাকিল।  সিহঁতে তেওঁক চাহ আৰু কিউমিচ দিলে আৰু এটা ভেড়া মাৰিলে আৰু ইয়াৰ মাংস তেওঁক খাবলৈ দিলে। পাহোমে তেওঁৰ গাড়ীৰ পৰা উপহাৰবোৰ উলিয়াই বাস্কিৰসকলৰ মাজত বিলাই দিলে। তেওঁ চাহখিনিও বিলাই দিলে।  বাস্কিৰসকল অতি আনন্দিত হ’ল।  সিহঁতে নিজৰ মাজত বহুত কথা পাতিলে।  আৰু অনুবাদকজনক কথাখিনি অনুবাদ কৰিবলৈ ক’লে–

অনুবাদকজনে ক’লে, “সিহঁতে আপোনাক ক’ব বিচাৰে যে সিহঁতে আপোনাক ভাল পায় আৰু ই হৈছে সিহঁতৰ ৰীতি যে সিহঁতে   অতিথিক সন্তুষ্ট কৰিব  বিচাৰে আৰু সিহঁতক দিয়া উপহাৰৰ প্ৰতিদান দিব বিচাৰে।  আপুনি আমাক উপহাৰ দিছে। এতিয়া কওঁক আমাৰ থকা কোনবোৰ বস্তুয়ে আপোনাক অধিক সন্তুষ্টি দিয়ে যাতে আমি আপোনাক উপহাৰ হিচাপে দিব পাৰো।

পাহোমে ক’লে, “যি বস্তুটোৱে মোক অধিক সন্তুষ্টি দিব সেয়া হৈছে আপোনালোকৰ ভূমি। আমাৰ মাটি জনপূৰ্ণ আৰু ভূমিখিনি অনুৰ্বৰ হৈ গৈছে, কিন্তু আপোনালোকৰ যথেষ্ট ভূমি আছে আৰু এইবোৰ ভাল মাটি। মই এনেকুৱা ভাল মাটি কেতিয়াও দেখা নাই।”

অনুবাদকজনে কথাখিনি অনুবাদ কৰি শুনালে।  বাস্কিৰসকলে সিহঁতৰ মাজত কিছু সময় আলোচনা কৰিলে।  সিহঁতে কি কথা পাতিলে পাহোমে বুজিব নোৱাৰিলে।  কিন্তু দেখা পালে যে সিহঁত অতিপাত আনন্দিত হৈছে।  সিহঁতে চিঞৰিলে আৰু হাঁহিলে।  তাৰ পিচত সিহঁত নীৰৱ হ’ল আৰু পাহোমৰ পিনে চালে। অনুবাদকজনে অনুবাদ কৰি ক’লে–

সিহঁতে ক’ব বিচাৰে যে আপুনি সিহঁতক দিয়া উপহাৰৰ বিনিময়ত সিহঁতে আপোনাক যিমান মাটিৰ প্ৰয়োজন হয় সিমান পৰিমাণৰ ভূমি আনন্দৰে আপোনাক দিব। আপুনি মাথো আপোনাৰ হাতেৰে আঙুলিয়াই দেখুৱাই দিব আৰু গোটেইখিনি ভূমি আপোনাৰ হ’ব।”

বাস্কিৰসকলে আকৌ কথা পাতিলে আৰু কাজিয়া আৰম্ভ কৰিলে।  পাহোমে সিহঁতে কি বিষয় লৈ কাজিয়া কৰি আছে বুলি সুধিলে। অনুবাদকজনে ক’লে যে সিহঁতৰ কিছুমানে ভূমিৰ বিষয়ে সিহঁতৰ নেতাজনক সোধা উচিত বুলি ভাবিছে আৰু তেওঁৰ অনুপস্থিতিত একো কৰিব নিবিচাৰে।  আনহাতে কিছুমানে ভাবিছে যে তেওঁ উভতি অহালৈ অপেক্ষা কৰাৰ প্ৰয়োজন নাই।

যেতিয়া বাস্কিৰসকলে কাজিয়া কৰি আছিল তেতিয়া শিয়ালৰ নোমৰ দ্বাৰা তৈয়াৰ কৰা টুপী পিন্ধা এজন মানুহ আহি তাত উপস্থিত হ’ল। সকলো নীৰৱ হ’ল আৰু কোচাই বহিল। অনুবাদকজনে ক’লে–

“এইজনেই আমাৰ প্ৰধান ব্যক্তি।”

পাহোমে ততালিকে তেওঁ লৈ অহা সর্বোত্তম গাউন আৰু পাঁচ পাউণ্ড চাহপাত প্ৰধানজনলৈ আগবঢ়ালে। প্ৰধানজনে বস্তুখিনি গ্ৰহণ কৰিলে আৰু তেওঁ সন্মানীয় আসনত বহিল। বাস্কিৰসকলে তেওঁক কিবা ক’বলৈ ধৰিলে।নেতাজনে কিছু সময় মনোযোগেৰে শুনিলে আৰু তাৰ পিছত মূৰেৰে ইংগিত দি সিহঁতক নীৰৱ হ’বলৈ ক’লে আৰু পাহোমক উদ্দেশ্যি ৰুচ ভাষাত ক’লে–

“ভাল কথা, সেয়ে হওঁক। তুমি কোনডোখৰ ভূমি পাব বিচৰা পছন্দ কৰা, আমাৰ যথেষ্ট ভূমি আছে।”

পাহোমে ভাবিলে মোৰ পছন্দমতে মই কেনেকৈনো ইমান ভূমি ল’ব পাৰো? মই ইয়াক নিৰাপদ কৰিবলৈ কাম এটা কৰিব লাগিব অন্যথা সিহঁতে ক’ব পাৰে, “এইডোখৰ তোমাৰ আৰু পিছলৈ মোৰ পৰা আঁতৰায়ো ল’ব পাৰে।”

তেওঁ সশব্দে ক’লে, “আপোনাৰ কৃপাৰ বাবে ধন্যবাদ। আপোনাৰ বহুত মাটি আছে, মই মাত্ৰ অলপহে বিচাৰো। কিন্তু মই নিশ্চিত হ’ব বিচাৰো কোনডোখৰ মাটি মোৰ। মাটিডোখৰ পৰিমাপ কৰি মোক গতাই দিব পাৰিবনে? জীৱন আৰু মৃত্যু ঈশ্বৰৰ হাতত। আপোনালোক ভাল মানুহ,  আপোনালোকে মোক মাটিখিনি দিব পাৰে, কিন্তু পিছলৈ আপোনালোকৰ ল’ৰা-ছোৱালীয়ে আকৌ মোৰ পৰা লৈ যাব পাৰে।”

নেতাজনে ক’লে, “তুমি সঁচা কথাকে কৈছা। আমি মাটিখিনি তোমাক চমজাই দিম।”

পাহোমে ক’লে, “মই শুনিছো যে এজন ব্যৱসায়ী ইয়াত আছিল। আপোনালোকে তেওঁকো কিছু মাটি দিছিল আৰু দলিলত চহী কৰিছিল।”

নেতাজনে বুজি পালে।

“হয়,” তেওঁ উত্তৰ দিলে।  “সেয়া সহজতে কৰিব পৰা যায়। আমাৰ এজন কেৰানী আছে আৰু আমি তোমাৰ লগত নগৰলৈ যাম আমাৰ চীলসহ দলিলটো কৰি দিম।”

পাহোমে সুধিলে, “দামটো কি হ’ব?”

“আমাৰ দাম সদায় একেই, একদিনত এহেজাৰ ৰুবল।”

পাহোমে বুজি নাপালে।

“এদিন?” এয়া কোন ধৰণৰ পৰিমাপ? তাত কিমান একৰ ভূমি হ’ব?”

নেতাজনে ক’লে, “আমি নাজানো কিদৰে ইয়াক গণনা কৰিব লাগে। আমি দিনৰ হিচাপত মাটি বিক্ৰী কৰো। তুমি তোমাৰ ভৰিৰে খোজকাঢ়ি এদিনত যিমান মাটি আগুৰিব পাৰিবা সিমান মাটি তোমাৰ হ’ব। আৰু এদিনত আগুৰিব পৰা মাটিৰ মূল্য এহেজাৰ ৰুবল।”

পাহোম আচৰিত হ’ল।

“কিন্তু তুমি দেখোন এদিনত বহুত পৰিমাণৰ মাটি আগুৰিব পাৰিবা।” পাহোমে ক’লে।

নেতাজনে হাঁহিলে। 

“সেয়া তোমাৰ হ’ব!” তেওঁ ক’লে, “ কিন্তু ইয়াত মাত্ৰ এটা চৰ্ত আছে।  তুমি য’ৰ পৰা আৰম্ভ কৰিবা যদি তালৈ সেইদিনাই ঘূৰি নাহা তেন্তে তোমাৰ টকা হেৰুৱাব লাগিব।”

“কিন্তু মই যোৱা ভূমিডোখৰ কিদৰে চিহ্নিত কৰি ৰখা হ’ব?”

“কিয়, তুমি যি পিনে ভাল পোৱা সেই পিনে যাবা  আমি তালৈকে যাম। তুমি এই ঠাইৰ পৰা যাত্ৰা আৰম্ভ কৰিবা আৰু তোমাৰ ঘূৰ্ণনৰ স্থানখিনিত কোৰেৰে চিহ্ন দিয়া হ’ব। তুমি যত প্ৰয়োজন বুলি ভাবা তাতে চিহ্নটো দি যাবা। তুমি এটা গাত খান্দিবা আৰু  এচপৰা মাটি উঠাই দ’ম কৰিবা।  তাৰ পিছত আমি এটা নাঙল লৈ ইয়াৰ চাৰিওপিনে গাতৰ পৰা গাতলৈ যাম। তুমি যিমান বিশাল পাৰা সিমান পৰিধিৰ বৃত্ত আগুৰিব পাৰা। কিন্তু সূৰ্য অস্ত যোৱাৰ লগে লগে তুমি য’ৰ পৰা আৰম্ভ কৰিছিলা তাত আহি উপস্থিত হ’ব লাগিব।  তুমি যিমানখিনি মাটি আগুৰিবা সিমানখিনি মাটি তোমাৰ হ’ব।”

পাহোম আনন্দিত হ’ল। সিদ্ধান্ত লোৱা হ’ল যে পিছদিনা ৰাতিপুৱা যাত্ৰা আৰম্ভ কৰা হ’ব।  সিহঁতে কিছু সময় কথা পাতিলে। সিহঁতে অধিক কিউমিচ পান কৰি আৰু অধিক ভেড়াৰ মাংস খালে, পিছত আকৌ চাহ খালে। ৰাতি নামি আহিল।  সিহঁতে পাহোমক শুবলৈ চৰাইৰ পাখিৰ বিচনা দিলে আৰু বাস্কিৰসকলে ৰাতিটোৰ বাবে ঘৰা-ঘৰি গ’লগৈ। সিহঁতে কথা দিলে যে সিহঁত দোকমোকালিতে সেই নিৰ্দিষ্ট স্থানত আহি উপস্থিত হ’ব।

পাহোম চৰাইৰ পাখিৰ বিচনাত শুই পৰিল, কিন্তু তেওঁ টোপনি যাব নোৱাৰিলে।  তেওঁ মাটিৰ বিষয়ে ভাবি থাকিল। 

তেওঁ ভাবিলে, “কিমান বিশাল পৰিমাণৰ মাটি মই আগুৰিম! মই সহজেই পয়ত্ৰিশ মাইল খোজ কাঢ়িব পাৰো। সেইখিনিত কিমান বিশাল পৰিমাণৰ মাটি হ’ব। এতিয়াৰ দিনবোৰ দীঘল, আৰু ত্ৰিশ মাইলৰ বৃত্ত এটাত কিমান বিশাল  পৰিমাণৰ মাটি হ’ব পাৰে! মই কম উৰ্বৰ মাটিখিনি বিক্ৰী কৰি দিম বা খেতিয়কসকলক দি দিম। কিন্তু মই উত্তম মাটিখিনি ৰাখিব লাগিব আৰু তাত খেতি কৰিব লাগিব। মই দুযোৰ ষাঁড় গৰু কিনিম আৰু দুজনমান শ্ৰমিক ভাড়াত ল’ম। মই এশ পঞ্চাশ একৰ ভূমিত হাল মাৰিম আৰু বাকীখিনি চৰণীয়া পথাৰ কৰিম।”

পাহোমে গোটেই ৰাতি উজাগৰে কটালে। মাত্ৰ দোকমোকালিৰ অলপ আগতে তন্দ্ৰা অনুভৱ কৰিলে।  তেওঁ চকুযোৰ বন্ধ কৰাৰ লগে লগে সপোন দেখিলে। তেওঁ ভাবিলে তেওঁ সেই একে তম্বুত পৰি আছে আৰু কোনোবাই বাহিৰত হাঁহি আছে। তেওঁ আচৰিত হ’ল সেইজন কোন হ’ব পাৰে। তেওঁ উঠি বাহিৰলৈ আহিল। তেওঁ দেখা পালে যে বাস্কিৰ নেতাজন  তম্বুটোৰ সন্মুখত তেওঁৰ পিনে তম্বুটো ধৰি বহি আছে আৰু হাঁহি আছে।  নেতাজনৰ কাষলৈ গৈ পাহোমে সুধিলে, “আপুনি কিহৰ বাবে হাঁহি আছে?” কিন্তু তেওঁ দেখা পালে যে সেইজন বাস্কিৰ নেতা নাছিল। তেওঁ আছিল সেই ব্যৱসায়ীজন যিজনে তেওঁৰ ঘৰত ৰৈছিল আৰু এই মাটিবোৰৰ বিষয়ে কৈছিল।  পাহোমে যেতিয়া সুধিবলৈ ধৰিলে, “তুমি ইয়াত দীৰ্ঘ সময় ধৰি আছানে?”  ঠিক তেতিয়াই তেওঁ দেখা পালে যে মানুহজন সেইজন ব্যৱসায়ী নহয়। কিন্তু সেইজন কৃষক যিজন  বহু দিন আগতে পাহোমৰ ঘৰত ভল্গাৰ পৰা আহিছিল। তাৰ পিছত তেওঁ দেখা পালে যে মানুহজন সেই খেতিয়কজন নাছিল, ই আছিল খুৰা আৰু শিং থকা চয়তানজন। তেওঁ তাত বহি আছে আৰু হাঁহি আছে। তেওঁৰ সন্মুখত আছে শুদা ভৰিৰে এজন মানুহ, যিজন মাটিত দণ্ডবত হৈ পৰি আছে। তেওঁ মাত্ৰ এটা ট্ৰাউজাৰ আৰু চোলা পিন্ধি আছে।  পাহোমে সপোনত দেখা পালে যে ব্যক্তিজন কোন প্ৰকৃতিৰ মানুহ আছিল সেয়া মনোযোগেৰে লক্ষ্য কৰি আছে আৰু মানুহজন আছিল সেইজন যিজন তাত পৰি আছিল আৰু তেওঁ দেখা পালে যে মানুহজন মৃত। তাৰ পিছত তেওঁ দেখা পালে যে মানুহজন তেওঁ নিজেই। তেওঁ ভয় খাই সাৰ পালে।

“সপোনত মানুহে কি দেখে?” তেওঁ ভাবিলে।

চাৰিওপিনে চাই তেওঁ খোলা দৰজাৰে দেখা পালে যে দোকমোকালি হৈ ভাঙি গৈছে।

তেওঁ ভাবিলে, এতিয়া উঠাৰ সময়।  তেওঁ এতিয়া আৰম্ভ কৰা উচিত।”

তেওঁ উঠিল, তেওঁৰ গাড়ীখনত শুই থকা তেওঁ লগত লৈ যোৱা মানুহজনক জগাই দিলে।  তেওঁ ঘন্টাটো বজাবলৈ আদেশ দিলে আৰু তেওঁ বাস্কিৰসকলক মাতিবলৈ ওলাই গ’ল।

“এতিয়া মাটিখিনি পৰিমাপ কৰিবলৈ টিলাটোলৈ যোৱাৰ সময়।” তেওঁ ক’লে।

বাস্কিৰসকল উঠিল আৰু সমেবত হ’ল। নেতাজনো আহিল।  তাৰ পিছত সিহঁতে কিউমিচ পান কৰিবলৈ ধৰিলে আৰু পাহোমক চাহ যাচিলে। কিন্তু তেওঁ অপেক্ষা নকৰিলে। 

“আমাৰ যদি যাব লাগে তেন্তে আহক আমি যাওঁ। এয়া উপযুক্ত সময়।” তেওঁ ক’লে।

বাস্কিৰসকল প্ৰস্তুত হ’ল আৰু সিহঁত সকলোৱে যাত্ৰা আৰম্ভ কৰিলে।কিছুমানে ঘোঁৰাত উঠিল, আৰু কিছুমানে গাড়ীত উঠিল।  পাহোমে  তেওঁৰ চাকৰজনক লগত লৈ গাড়ীখন চলাই গৈ থাকিল। তেওঁ তেওঁৰ লগত এটা কোৰ ল’লে।  যেতিয়া সিহঁত টিলাটো পালে, তেতিয়া ৰাতিপুৱাৰ ৰঙা পোহৰ উজলি উঠিল।  সিহঁতে এটা সৰু টিলাত উঠিল (বাস্কিৰসকলে ইয়াক ছিখান বুলি কৈছিল) আৰু তেওঁ তেওঁৰ গাড়ীৰ পৰা  আৰু সিহঁতে সিহঁতৰ ঘোঁৰাৰ পৰা নামি একে ঠাইত সমেবত হ’ল।  নেতাজন পাহোমৰ ওচৰলৈ আহিল আৰু তেওঁৰ দুহাত সমভূমিলৈকে মেলি দিলে।

তেওঁ ক’লে, “চোৱা, যিমান দূৰলৈ তোমাৰ দৃষ্টি যায় সিমান দূৰলৈ তোমাৰ। তুমি ইয়াৰ যিকোনো এটা অংশ ল’ব পাৰা।”

পাহোমৰ চকু উজলি উঠিল। সকলো মাটিয়েই আছিল ছন পৰা মাটি।  মাটিখিনি তোমাৰ হাতৰ তলুৱাৰ দৰেই সমান, আফুগুটিৰ বীজৰ দৰে কলা আৰু তৰাং ঠাইবোৰত বুকুৰ সমান ওখ বিভিন্ন ধৰণৰ ঘাঁহ-বন গজিছে।

নেতাজনে তেওঁৰ মূৰৰ পৰা শিয়ালৰ নোমৰ টুপীটো খুলি মাটিত থ’লে  আৰু ক’লে–

“এয়াই চিহ্ন হ’ব। ইয়াৰ পৰা আৰম্ভ কৰা, আৰু আকৌ ইয়াতে ওভতি আহিবা। তুমি যিমান ঠাই আগুৰিবা সিমানখিনি মাটি তোমাৰ হ’ব। ”

পাহোমে তেওঁৰ টকা উলিয়াই টুপীটোৰ ওপৰত ৰাখিলে। তাৰ পিছত তেওঁ তেওঁৰ ওপৰত পিন্ধা কোটটো খুিল ললে আৰু তেওঁৰ হাতহীন তলৰ কোটটো পিন্ধি থাকিল। তেওঁ তেওঁৰ পেটীটো খুলিলে আৰু এইটো তেওঁৰ পেটৰ সোঁপিনে তলত পিন্ধিলে আৰু কোটৰ বুকুত ৰুটিৰ সৰু মোনাটো বান্ধিলে, জোতাযোৰ  পিন্ধিলে, তেওঁৰ মানুহজনৰ পৰা কোৰডাল ল’লে আৰু যাত্ৰাৰ বাবে সাজু হ’ল।  তেওঁ কিছুসময় চিন্তা কৰিলে কোনপিনে যোৱা ভাল হ’ব কাৰণ সকলোপিনেই প্ৰলোভন পূৰ্ণ আছিল। 

তেওঁ সিদ্ধান্তলৈ আহিল, “কোনো কথা নাই, মই সূৰ্য উদয়ৰ দিশত যাম।”

তেওঁ তেওঁৰ মুখন পূৱৰ পিনে ঘূৰালে। তেওঁ নিজকে বিস্তাৰ কৰি দিলে আৰু সূৰ্যৰ পোহৰ তেওঁৰ পিনে পৰালৈ অপেক্ষা কৰিলে।

তেওঁ ভাবিলে, “মই সময় নষ্ট কৰাটো উচিত নহ’ব। ঠাণ্ডাৰ সময়ত খোজকঢ়া সহজ।”

সূূৰ্যৰ পোহৰ দিগন্তত সিচঁৰতি কৰি দিয়াৰ আগতেই পাহোমে তেওঁৰ কান্ধত কোৰখন লৈ সমভূমিলৈ নামি গ’ল।

পাহোমে খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে–লাহে লাহেও নহয় আৰু খৰ গতিতো নহয়। এহেজাৰ গজমান যোৱাৰ পিছত তেওঁ অলপ ৰ’ল, এটা গাত খান্দিলে আৰু মাটিৰ চপৰাৰ ওপৰত চপৰা ৰাখি দূৰৰ পৰা দৃশ্যমান হোৱা কৰিলে।  তাৰ পিছত তেওঁ আগুৱাই থাকিল।  এতিয়া তেওঁ জঠৰতা ভাঙি খোজ কাঢ়ি থাকিল। তেওঁ খোজৰ গতিটো বঢ়াই দিলে। কিছু সময় পিছত তেওঁ আন এটা গাত খান্দিলে। 

পাহোমে উভতি চালে। টিলাটো সূৰ্যৰ পোহৰত স্পষ্টভাৱে দেখা পোৱা গৈছে! মানুহবোৰ টিলাটোৰ ওপৰত আছে। আৰু গাড়ীৰ চকাবোৰৰ ওপৰত সূৰ্যৰ পোহৰ পৰি চিকমিকাই আছে।  ঈগলৰ দৃষ্টিৰে তেওঁ অনুমান কৰিলে যে তেওঁ তিনি মাইলমান খোজকাকাঢ়ি আহিছে।  গৰম পৰি আহি আছিল।  তেওঁ  তলত পিন্ধা কোটটো খুলি কান্ধৰ ওপৰত দলিয়াই দিলে আৰু আকৌ খোজ ললে।  এতিয়া সম্পূৰ্ণ গৰম পৰিছে।  তেওঁ সূৰ্যৰ পিনে চালে। এতিয়া ৰাতিপুৱাৰ জলপান কৰাৰ সময় হৈছে।

“দিনৰ চাৰিভাগৰ এভাগ তেওঁ পাৰ কৰিলে। কিন্তু দিনৰ চাৰিটা ভাগ আছে।  এতিয়া উভতিলে অতি সোনকাল হৈ যাব।  মই মোৰ বুটজোতাযোৰ খুলি ল’ব লাগিব। ” তেওঁ নিজকে ক’লে। 

তেওঁ বহি পৰিল, তেওঁৰ জোতাযোৰ খুলি তেওঁৰ পেটীত বান্ধি ললে আৰু খোজকাঢ়িবলৈ ললে।  এতিয়া তেওঁ আৰামেৰে খোজকাঢ়ি থাকিল। 

“মই আৰু তিনিমাইলমান যাব লাগিব।”  তেওঁ ভাবিলে, “আৰু তাৰ পিছত বাওঁপিনে ঘূৰিম।  এই ঠাইডোখৰ বৰ সুন্দৰ। ইয়াক হেৰুৱাটো বৰ দুখঃজনক কথা হ’ব।  তেওঁ যিমানেই আগবাঢ়ি যায় সিমানেই ভূমি ভাল যেন বোধ হয়।”

তেওঁ কিছু সময় পোনাপুনি গ’ল। তাৰ পিছত যেতিয়া তেওঁ চাৰিওপিনে চালে টিলাটো কোনো মতে দেখা পালে। ইয়াৰ ওপৰত থকা মানুহখিনিক কলা পৰুৱাৰ দৰে দেখা গ’ল। আৰু তাত মাত্ৰ কিবা বস্তু সূৰ্যৰ পোহৰত জলমলাই থকা দেখা পালে। 

পাহোমে ভাবিলে, “অহ,  এই দিশত মই বহুদূৰ আগবাঢ়িলোঁ। এতিয়া ঘূৰাৰ সময়।  ইয়াৰ উপৰিও মই সঘনে ঘামি আছো আৰু বৰ তৃষ্ণা অনুভৱ কৰিছো।”

তেওঁ তাতে থমকি ৰ’ল আৰু এটা গাত খান্ধিলে আৰু মাটিৰ চপাৰাবোৰ  দ’ম কৰি থৈ দিলে। পিছত তেওঁ ফ্লাক্সটো খুলি পানী  খালে।

পাহোম ক্লান্ত হৈ আহিল। তেওঁ সূৰ্যৰ পিনে চালে আৰু দেখা পালে যে ই দুপৰীয়া হৈছে। 

“বাৰু, মই জিৰণি ল’ব লাগিব।” তেওঁ ভাবিলে।

তেওঁ বহি পৰিল, কিছু ৰুটি খালে আৰু কিছু পানী পি খালে।  কিন্তু তেওঁ বহি নাথাকিল এই ভাবি যে যদি তেওঁ তাকে কৰে সি টোপনি যাব পাৰে। কিছু সময় বহি লোৱাৰ পিছত তেওঁ আকৌ খোজ ল’লে।  প্ৰথমতে তেওঁ আৰামেৰে খোজ কাঢ়িল কিয়নো খাদ্যই তেওঁক শক্তি যোগাইছিল। কিন্তু তেওঁ অতিপাত গৰম অনুভৱ কৰিলে। আৰু তেওঁ টোপনিৰ ভাব অনুভৱ কৰিলে।  তথাপি তেওঁ এই ভাবি আগুৱাই থাকিল, “এঘন্টা কষ্ট কৰিলে গোটেই জীৱন জীয়াই থাকিব পাৰিম।”

সেই দিশতো তেওঁ বহু দূৰ আগবাঢ়িল।  তেওঁ এতিয়া পুনৰ বাওঁপিনে ঘূৰিবৰ হ’ল।  তাত যেতিয়া তেওঁ এটা জলাময় গাত দেখা পালে, তেওঁ ভাবিলে, “এই ঠাইডোখৰ এৰাটো দুখৰ কথা হ’ব। ইয়াত শস্য ভাল হ’ব।” সেয়ে তেওঁ গাতটো পাৰ হৈ বাওঁপিনে ঘূৰাৰ আগতে এটা গাত খান্ধিলে।  পাহোমে টিলাটোৰ পিনে চালে। গৰমে বায়ু কুঁৱলীময় কৰি তুলিছে। টিলাটো কঁপি থকা যেন অনুভৱ হৈছিল। ইয়াৰ ওপৰত থকা মানুহখিনি প্ৰায় দেখা নগৈছিল।

পাহোমে ভাবিলে, “অহ, মই এই দিশটো বহু দীঘল কৰিলো। মই এইবাৰ চমু কৰিব লাগিব। তেওঁ এতিয়া তৃতীয় দিশলৈ গতি কৰিলে। তেওঁ আগতকৈ দ্রুত বেগত গৈ থাকিল।  তেওঁ সূৰ্যটোৰ পিনে চালে। ই প্ৰায় দিগন্তৰ আধা পথত আছিল। আৰু তেওঁ চতুৰ্ভূজটোৰ তৃতীয় দিশটোৰ দুই মাইলো যাব পৰা নাই। তেওঁ এতিয়াও লক্ষ্যস্থানৰ পৰা দহ মাইলমান দূৰত আছিল। 

তেওঁ ভাবিলে, “নহয়, যদিও এইটোৱে মোৰ ভূমিভাগ এফালে দাংখুৱা কৰিব, মই নিশ্চয় পোনাপুনি যাব লাগিব।  মই বহুদূৰ গ’লো হবলা। ইয়াত অৱশ্যে মোৰ যথেষ্ট পৰিমাণৰ ভূমি হ’ল। 

গতিকে পাহোমে ততাতৈয়াকৈ এটা গাত খান্ধিলে।  আৰু টিলাটোৰ পিনে পোনাপুনি ঘূৰিলে। 

পাহোমে টিলাটোৰ পিনে পোনাপুনি গৈ থাকিল।  কিন্তু এতিয়া তেওঁ অতি কষ্টেৰে খোজকাঢ়ি আছে।  তেওঁ গৰমত ক্লান্ত হৈ পৰিছিল।  তেওঁৰ উদং ভৰিযোৰ কাটি গৈছিল আৰু থেতেলা লাগিছিল।  আৰু তেওঁৰ ভৰিযোৰে খোজ কাঢ়িবলৈ অমান্তি হৈছিল।  তেওঁৰ জিৰণি ল’বলৈ ইচ্ছা হৈছিল।  কিন্তু ই অসম্ভৱ আছিল কিয়নো তেওঁ যদি সূৰ্য ডুব যোৱাৰ আগতে উভতি যাব নোৱাৰে। সূৰ্যটো কাৰো বাবে ৰৈ নাথাকে।  এইটো তললৈ নামি আছিল। 

তেওঁ ভাবিলে, “অহ হায়, মই যদি মাত্ৰ ইমান বেছি নাহিলোহেঁতেন। যদি মোৰ পলম হৈ যায় কি হ’ব?”

তেওঁ টিলাটোৰ পিনে আৰু সূৰ্যৰ পিনে চালে আৰু দ্রুত বেগত আৰু দ্রুত বেগত খোজকাঢ়ি থাকিল।  তেওঁ ভৰিযোৰত হেঁচা দিলে। তথাপি সি ঠাইডোখৰৰ পৰা বহু আঁতৰত।  তেওঁ তেওঁৰ কোট, জোতা,  ফ্লাক্স, টুপী, সকলো দলিয়াই পেলাই দিলে। মাত্ৰ তেওঁৰ লগত ৰাখিলে কোৰখন তেওঁৰ খোজকাঢ়ি  যোৱাৰ ঢাল হিচাপে।

“মই কি কৰিম”, তেওঁ আকৌ ভাবিলে, “মই বহুত খামুচি ধৰিলো আৰু এতিয়া সকলো ধবংস হৈ আছে।  মই সূৰ্য ডুব যোৱাৰ আগতে সেই ঠাই পাব নোৱাৰো!”

এই ভয়টোৱে তেওঁৰ উশ্বাহ বন্ধ কৰি পেলাইছিল।  পাহোমে দৌৰিবলৈ আৰম্ভ কৰিছিল।  তেওঁৰ ঘৰ্মাক্ত চোলা আৰু ট্ৰাউজাৰ শৰীৰৰ লগত পিলিত খাই পৰিছিল।  আৰু তেওঁৰ মুখমণ্ডল শুকাই গৈছিল।  তেওঁৰ বুকুৱে কমাৰশালৰ ভাতিৰ দৰে কাম কৰিবলৈ আৰম্ভ কৰিছিল।  তেওঁৰ বুকুটোৱে হাতুৰীৰ দৰে কোবাইছিল। তেওঁৰ ঠেং দুখনে খোজকাঢ়িবলৈ এৰি দিছিল। ভৰিযোৰ এনে লাগিছিল যেন সেইবোৰ তেওঁৰ নহয়।  পাহোমে ভয়ত আক্ৰান্ত হৈছিল কিজানি তেওঁ নাড়ী বন্ধ হৈ মৰি যাব। 

যদিও মৃত্যুৰ ভয় আছিল, তথাপি সি থমকি ৰোৱা নাছিল।  “মই গোটেই দিনটো দৌৰি কটোৱাৰ পিছত যদি  এতিয়া বন্ধ কৰো তেন্তে সিহঁতে মোক এজন মূৰ্খ বুলি ভাবিব,” তেওঁ ভাবিছিল।  তেওঁ দৌৰিছিল আৰু দৌৰিছিল আৰু বাস্কিৰসকলৰ চিঞৰ শুনিবলৈ পাইছিল । সিহঁতে তেওঁলৈ কৰা চিঞৰ শুনি তেওঁৰ হৃদয়টো অধিক জ্বলি উঠিছিল।  তেওঁ তেওঁৰ সৰ্বশেষ শক্তি প্ৰয়োগ কৰি দৌৰি গৈছিল।

সূৰ্যটো পশ্চিমৰ শেষ প্ৰান্ত পাইছিল আৰু ই কুঁৱলীৰ মাজত বিশাল আৰু তেজৰ দৰে ৰঙা দেখাইছিল।  এতিয়া ই ডুব যাবলৈ ধৰিছিল।  সূৰ্যটো তলপিনে গৈ আছিল আৰু তেওঁ তেওঁৰ লক্ষ্যপ্ৰাপ্তিৰ প্ৰায় ওচৰত আছিল। পাহোমে টিলাটোৰ ওপৰত মানুহবোৰক দেখা পালে যে সিহঁতে সোনকাল কৰিবলৈ তেওঁৰ পিনে হাত জোকাৰি আছে।  তেওঁ শিয়ালৰ নোমেৰে তৈয়াৰী টুপীটো টকাখিনিৰ সৈতে  মাটিত পৰি থকা দেখা পালে। নেতাজনে তেওঁৰ পিনে মুখ কৰি মাটিত বহি আছে।  পাহোমে তেওঁ দেখা সপোনৰ কথা মনত পেলালে। 

“ইয়াত বহুত পৰিমাণৰ ভূমি আছে,” তেওঁ ভাবিলে, “কিন্তু ঈশ্বৰে মোক ইয়াৰ বাবে জীয়াই থাকিবলৈ দিবনে? মই মোৰ জীৱন হেৰুৱালো, মই মোৰ জীৱন হেৰুৱালো! মই কেতিয়াও সেই স্থানটো নাপামগৈ।”

পাহোমে সূৰ্যটোলৈ চালে যিটো ইতিমধ্যে পৃথিৱী চুইছিল।  ইয়াৰ এটা অংশ ইতিমধ্যে অদৃশ্য হৈ গৈছিল।  তেওঁৰ অৱশিষ্ট সৰ্বশক্তিৰে শৰীৰটো সন্মুখৰ পিনে বেঁকা কৰি দৌৰিলে। তেওঁৰ ভৰিযোৰে তেওঁক পৰি যোৱাৰ পৰা কথমপিহে ৰক্ষা কৰিব পাৰিলে। তেওঁ যেতিয়া টিলাটো পালেগৈ তেতিয়া হঠাতে অন্ধকাৰ হৈ আহিল।  তেওঁ চকু তুলি চালে, সূৰ্যটো এতিমধ্যে ডুব গৈছে। তেওঁ চিৎকাৰ কৰি উঠিল, “মোৰ সকলো পৰিশ্ৰম বৃথাই গ’ল,” তেওঁ চিন্তা কৰিলে,  আৰু প্ৰায় থমকি ৰ’ল। কিন্তু তেতিয়াও বাস্কিৰসকলে তেওঁলৈ চিঞৰি থকা শুনিবলৈ পালে।  আৰু মনত পেলালে যদিও তেওঁৰ বাবে সূৰ্যটো তলত ডুব গৈছে তথাপি সিহঁতৰ বাবে টিলাটোৰ ওপৰত সূৰ্য এতিয়াও দেখা গৈ আছে।  তেওঁ এটা দীৰ্ঘশ্বাস লৈ টিলাটোলৈ দৌৰ মাৰিলে। তাত তেতিয়াও পোহৰ আছিল।  তেওঁ টিলাটোৰ ওপৰত উপস্থিত হৈছিল আৰু টুপীটো দেখা পাইছিল।  ইয়াৰ সন্মুখত নেতাজনে তেওঁৰ পিনে মুখ কৰি বহি আছিল আৰু হাঁহি আছিল।  আকৌ পাহোমে তেওঁৰ সপোনটো মনত পেলাইছিল  আৰু চিঞৰ মাৰিছিল, তেওঁৰ ভৰিযোৰে কাম কৰা বন্ধ কৰিলে। তেওঁ সন্মুখৰ পিনে পৰি গ’ল আৰু হাতেৰে টুপীটো স্পৰ্শ কৰিলে। 

“অহ, সেইজন হৈছে এজন ভাল মানুহ!” নেতাজনে চিঞৰি উঠিছিল। “তেওঁ যথেষ্ট ভূমি লাভ কৰিলে।”

পাহোমৰ চাকৰজনে তেওঁৰ ওচৰলৈ দৌৰি আহিল আৰু তেওঁক উঠোৱাৰ চেষ্টা কৰিলে। কিন্তু তেওঁ দেখা পালে যে তেওঁৰ মুখৰ পৰা তেজ ওলাই আছে। পাহোমৰ মৃত্যু হৈছে। 

বাস্কিৰসকলে সহানুভূতি দেখুৱাবলৈ সিহঁতৰ জিভাৰে টিক টিক শব্দ কৰিলে। 

তেওঁৰ চাকৰজনে কোৰখন হাতত ললে আৰু পাহোমক শুৱাই দিবলৈ এটা কবৰ খান্দিলে আৰু তাতে কবৰ দিলে।  তেওঁৰ মূৰৰ পৰা ভৰিলৈকে মুঠ ছয়ফুট ভূমিৰ প্ৰয়োজন হৈছিল।  ০ ০ ০

বিঃ দ্ৰঃ ‘এজন ব্যক্তিৰ কিমান পৰিমাণৰ ভূমিৰ প্ৰয়োজন’ গল্পটিৰ ইংৰাজী শিৰোনাম হৈছে ‘How Much Land Does a Man Need’.

অসমীয়া অনুবাদত বিশ্ব চুটি গল্প

সৰু ছোৱালীবোৰ  বয়সীয়াল লোকসকলতকৈ বেছি জ্ঞানী

মূল ৰুচঃ লিও টলষ্টয় (ৰাছিয়া)

এয়া আছিল ইষ্টাৰ উৎসৱৰ  ৰাতিপুৱা।  শ্লেজিং মাত্ৰ শেষ হৈছিল, বৰফ তেতিয়াও চোতালতে পৰি আছিল আৰু পানী গাঁৱলীয়া ৰাস্তাৰে অবিৰত বৈ আছিল।

দুজনী সৰু ছোৱালী দুখন ভিন ভিন ঘৰৰ পৰা দুখন বাৰীৰ মাজত থকা বাটত হঠাৎ লগালগি হৈছিল, য’ত  ফাৰ্মৰ চোতালৰ মাজেদি লেতেৰা পানী বৈ আহি এটা ডাঙৰ ডোঙাৰ সৃষ্টি কৰিছিল। এজনী ছোৱালী অতি সৰু আছিল আৰু আনজনী অলপ ডাঙৰ আছিল। সিহঁতৰ মাকে উভয়কে  নতুন ফ্রক পিন্ধাই দিছিল। সৰুজনীয়ে এটা নীলা ফ্রক আৰু আনজনীয়ে এটা হালধীয়া ৰঙৰ চোলা পিন্ধিছিল আৰু উভয়ৰে মূৰত ৰঙা ফিটা আছিল। সিহঁত যেতিয়া লগ হৈছিল, তেতিয়া মাত্ৰ সিহঁতে গীৰ্জা ঘৰৰ পৰা ওলাই আহিছিল। প্ৰথমতে সিহঁতে ইজনীয়ে সিজনীক সিহঁতৰ নতুন পোছাক দেখুৱাইছিল আৰু পিছত খেলিবলৈ আৰম্ভ কৰিছিল। সোনকালেই আনন্দৰ বাবে সিহঁত পানী ছটিয়াবলৈ ধৰিলে। আৰু সৰুজনীয়ে পানীৰ ডোঙাৰ মাজত জোতা সহ আগবাঢ়ি গ’ল, ডাঙৰজনীয়ে তাইক বাধা দিছিল।

‘তুমি এইদৰে নামি নাযাবা, মালাছা,’ তাই কৈছিল, ‘তোমাৰ মাকে তোমাক গালি পাৰিব।  মই মোৰ জোতাজোৰ আৰু মোজাযোৰ খুলি লওঁ, আৰু তুমিও তোমাৰ যোৰ খুলি লোৱা।’

সিহঁতে তাকে কৰিলে। সিহঁতৰ স্কাৰ্ট খুলি লৈ সেই ডোঙাটোৰ মাজেদি  এজনীয়ে আনজনীৰ পিনে খোজকাঢ়ি গৈ থাকিল। পানী মালাছাৰ ভৰিৰ আঁঠু পালেগৈ, তাই ক’লে–

‘এইটো গভীৰ, আকুল্য, মই ভয় পাওঁ!’

আহি থকা’ আনজনীয়ে ক’লে। ভয় নাখাবা। এইটো আৰু অধিক গভীৰ নহ’ব।’

যেতিয়া এজনীয়ে আনজনীৰ ওচৰ পালে, আকুল্যই ক’লে, “মন কৰা মালাছা, পানী নছটিয়াবা। সাৱধানে খোজ কাঢ়া !’

কথাখিনি তাই ক’বলৈহে পাইছিল মাথোন এনেতে মালাছাই তাইৰ ভৰিযোৰ জোৰেৰে  মাৰি দিয়াত পানী ছিটিকি আকুল্যৰ ফ্রকলৈ আহিল। ফ্রকত পানীৰ ছিটিকনি লাগিল, আকুল্যৰ চকু আৰু নাকতো লাগিল। যেতিয়া তাই তাইৰ ফ্রকত চেকা দেখা পালে তাইৰ খং উঠিল আৰু মালাছাক ধৰিবলৈ খেদা দিলে। মালাছাই ভয় খাইছিল, আৰু  তাই সমস্যাত পৰি যোৱা দেখা পাই পানীৰ ডোঙাৰ পৰা  ততাতৈয়াকৈ  উঠি আহিল আৰু ঘৰলৈ বুলি দৌৰিবলৈ সাজু হ’ল। ঠিক তেতিয়াই আকুল্যৰ মাকে সেই ঠাইখিনিৰে গৈ আছিল আৰু তাই ছোৱালীজনীৰ স্কাৰ্টত পানীৰ ছিটিকনি আৰু চোলাৰ হাত লেতেৰা হোৱা দেখা পাই ক’লে–

“ তুমি  দুষ্ট, লেতেৰা ছোৱালী, তুমি কি কৰি আছা?” “মালাছা ইচ্ছা কৰিয়েই এয়া কৰিছে”, ছোৱালীজনীয়ে  উত্তৰ দিলে।

তেতিয়া আকুল্যৰ মাকে মালাছাক খেদি গ’ল আৰু তাইৰ পিছপিনে ফ্রকত ধৰিলে। মালাছাই চিঞৰিবলৈ ধৰিলে যাতে তাইৰ চিঞৰ ৰাস্তাত থকা সকলোৱে শুনিবলৈ পায়। তাইৰ মাক ওলাই আহিল।

“মোৰ ছোৱালীজনীক কিয় মাৰি আছা?” তাই ক’লে আৰু তাইৰ প্ৰতিৱেশীজনীক গালি পাৰিবলৈ ধৰিলে। কথাত কথা বাঢ়ি থাকিল আৰু সিহঁতে এক খঙাল কাজিয়া আৰম্ভ কৰিলে। মানুহসকল বাহিৰলৈ ওলাই আহিল আৰু ৰাস্তাটোত মানুহ গোট খালে, সকলোৱে চিঞৰি থাকিল, কোনেও কাৰো কথা নুশুনিলে। এজনে আনজনক হেঁচা-হেঁচি কৰালৈকে কাজিয়াটো চলি থাকিল আৰু ই প্ৰায় কিলাকিলি হোৱা পৰ্যায় পোৱাৰ সময়তে আকুল্যৰ  বুঢ়ীমাক তাত উপস্থিত হৈ সিহঁতক শান্ত কৰিবলৈ চেষ্টা কৰিলে।

‘বন্ধুসকল, তোমালোকে কি ভাবি আছা? এইদৰে আচৰণ কৰাটো ভাল হৈছে নে? আজিৰ দৰে এটা দিনত! আজি হৈছে আনন্দৰ সময়, ই তোমালোকে কৰাৰ দৰে মূৰ্খামিৰ দিন নহয়।’

সিহঁতে বুঢ়ীজনীৰ কথা নুশুনিলে আৰু তাইক ভৰিত আঘাত কৰি প্ৰায় পেলাই দিছিলেই। তাই সিহঁতক শান্ত কৰিব নোৱাৰিলেহেঁতেন। যদিয়ে তাত আকুল্য আৰু মাছালা নাথাকিলেহেঁতন। যেতিয়া তিৰোতাবোৰে পৰস্পৰে পৰস্পৰক গালি পাৰি আছিল, তেতিয়া আকুল্যই তাইৰ ফ্রকত লাগি থকা বোকা মচি পেলাইছিল আৰু আকৌ পানীত নামি গৈছিল। তাই হাতত এটা শিলৰ টুকুৰা লৈছিল আৰু  গাঁতটোৰ সন্মুখৰ মাটি  আঁতৰ কৰি  তাৰ পৰা পানী যাতে বাটলৈ ওলাই যাব পাৰে তাৰ বাবে এটা নলা সৃষ্টি  কৰিলে। এনতে মালাছাইয়ো তাইৰ লগ লাগিল আৰু কাঠৰ টুকুৰা এটাৰে নলাটো খন্দাত আকুল্যক সহায় কৰিলে। ঠিক যেতিয়া মানুহসকলে মৰা-মৰি কৰিবলৈ আৰম্ভ কৰিছিলেই, তেতিয়া ছোৱালী দুজনীয়ে খন্দা নলাৰে পানী  ৰাস্তালৈ বৈ আহি সেইখিনি পালেগৈ য’ত বুঢ়ীজনীয়ে  মানুহসকলক শান্ত কৰিবলৈ চেষ্টা কৰি আছিল। ছোৱালী দুজনীয়ে বৈ যোৱা পানীৰ পিচে পিচে দুকাষেৰে গৈ থাকিল।

‘ধৰা এইটো, মালাছা! এইটোক ধ’ৰা!’ আকুল্যই চিঞৰিলে, মালাছাই হাঁহি আছিল বাবে একো ক’ব নোৱাৰিলে।

সিহঁত অতিপাত আনন্দিত হৈছিল আৰু  কাঠৰ টুকুৰাটো বৈ যোৱা পানীত ভাঁহি যোৱা লক্ষ্য কৰি সৰু ছোৱালী দুজনীয়ে মানুহৰ জুমৰ মাজলৈ পোনাপুনি দৌৰি গ’ল আৰু বুঢ়ীজনীয়ে সিহঁতক দেখা পাই মানুহসকলক ক’লে, 

“তোমালোকে নিজে নিজে লজ্জিত নহ’বানে? এই ছোৱালী দুজনীৰ বাবে কাজিয়া কৰিবলৈ গে আছা, ইতিমধ্যে সিহঁত সকলো পাহৰি গৈছে আৰু আকৌ দুয়োজনীয়ে আনন্দৰে খেলিবলৈ লৈছে। মৰমৰ সৰু সৰু আত্মা! সিহঁত তোমালোকতকৈ অধিক জ্ঞানী!’

মানুহসকলে সৰু ছোৱালী দুজনীৰ পিনে চালে আৰু লজ্জিত হ’ল আৰু হাঁহি হাঁহি নিজ নিজ ঘৰলৈ গুচি গ’ল।

‘তোমালোক যদি উভতি নোযোৱা আৰু এই সৰু ছোৱালীবোৰৰ দৰে নোহোৱা, তোমালোকে কেতিয়াও স্বৰ্গ ৰাজ্যত সোমাব নোৱাৰিবা।’ ০ ০ ০

বিঃ দ্ৰঃ ‘সৰু ছোৱালীবোৰ বয়সীয়াল লোকসকলতকৈ বেছি জ্ঞানী’ গল্পটিৰ ইংৰাজী শিৰোনাম হৈছে ‘Little Girls are Wiser than Men’.

অসমীয়া অনুবাদত বিশ্ব চুটি গল্প

তিনিটা প্ৰশ্ন

মূল ৰুচঃ লিও টলষ্টয় (ৰাছিয়া)

এদিনাখন এজন ৰজাৰ মনত ভাৱ হৈছিল যদিহে তেওঁ সকলো কামৰ সঠিক সময় জানে, যদিয়ে তেওঁ জানে কোনবোৰ মানুহৰ কথা তেওঁ শুনিব আৰু কোনসকল মানুহক এৰাই চলিব আৰু সর্বোপৰি তেওঁ যদি জানে কোন কাম অতি গুৰুত্বপূৰ্ণ, তেন্তে তেওঁ কৰিবলৈ লোৱা কোনো কামতে বিফল নহ’ব।

এই চিন্তাটো ৰজাৰ মনলৈ অহাৰ বাবে তেওঁ সমগ্ৰ ৰাজ্যতে ঘোষণা কৰি দিলে যে  যিজনে তেওঁক জনাব পাৰিব যে কোনো কামৰ উপযুক্ত সময় কোনটো, কোনজন আটাইতকৈ অধিক প্ৰয়োজনীয় ব্যক্তি আৰু কিদৰে জানিব পাৰিব যে কোনটো কাম অতি গুৰুত্বপূৰ্ণ তেন্তে তেওঁক ৰজাজনে ডাঙৰ পুৰস্কাৰ দিব।

বহুতো জ্ঞানী লোক আহিল, কিন্তু সিহঁত সকলোৱে প্ৰশ্নকেইটাৰ উত্তৰ ভিন ভিন ধৰণে দিলে।

প্ৰথম প্ৰশ্নৰ উত্তৰত কিছুমানে কৈছিল যে সকলো কামৰ উপযুক্ত সময় জানিবলৈ হ’লে ৰজাই কামৰ বাবে দিন, মাহ আৰু বছৰ হিচাপে সঠিক কাৰ্যসূচী প্ৰস্তুত কৰিব লাগে আৰু সেয়া সঠিকভাৱে পালন কৰিব লাগে। মাত্ৰ এনেদৰে কৰিলেহে, সিহঁতে কৈছিল, সকলো কাম যথা সময়ত কৰিব পৰা যাব। আনসকলে কৈছিল, কোনো কামৰ আগতীয়া সময় নিৰ্ণয় কৰাটো অসম্ভৱ। কোনো ব্যক্তিয়ে আলস্যজনক কামত নিমজ্জিত নহৈ সকলো সয়তে যি কাম চলি আছে তাত মনোযোগ দিব লাগে আৰু সেইটোহে কৰিব লাগে যি আটাইতকৈ অধিক প্ৰয়োজন। আন কিছুমানে কৈছিল ৰজাই যিমানেই মনোযোগ নিদিয়ক কিয় এজন ব্যক্তিৰ বাবে সকলো কামৰে সঠিক সময় নিৰ্ধাৰণ কৰাটো অসম্ভৱ। সেয়ে  বিজ্ঞ লোকক লৈ ৰজাৰ এখন মন্ত্ৰণা পৰিষদ থকা উচিত যিসকলে ৰজাক সকলো কামৰে উপযুক্ত সময় নিৰ্দ্ধাৰণ কৰাত সহায় কৰিব।

কিন্তু আন কিছুমানে কৈছিল এনে কিছুমান কাম আছে যিবোৰ মন্ত্ৰণা পৰিষদৰ পৰামৰ্শৰ বাবে অপেক্ষা কৰিব নোৱাৰি বৰং তেওঁ কামটো কৰিব নে নকৰিব সেয়া তৎক্ষণাত সিদ্ধান্ত ল’ব লাগে। কিন্তু সেয়া নিৰ্ধাৰণ কৰিবলৈ তেওঁ বৰ্তমানে কি ঘটি আছে সেয়া আগতীয়াকৈ জানিব লাগিব। এয়া মাত্ৰ যাদুকৰসকলেহে জানিব পাৰে। সেয়ে কামৰ সঠিক সময় জানিবলৈ যাদুকৰসকলৰ লগত পৰামৰ্শ কৰিব লাগিব।

সেইদৰে দ্বিতীয় প্ৰশ্নৰ উত্তৰো বিভিন্ন ধৰণৰ আছিল। কিছুমানে কৈছিল, ৰজাজনৰ অতি প্ৰয়োজনীয় লোকসকল হৈছে ৰজাৰ মন্ত্ৰণাদাতাসকল– পুৰোহিতসকল, চিকিৎসকসকল। আন কিছুমানে কৈছিল যোদ্ধাসকল হৈছে ৰজাৰ আটাইতলৈ অধিক প্ৰয়োজনীয় লোক।

তৃতীয় প্ৰশ্ন, কোন কামটো আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ কাম। ইয়াৰ উত্তৰত কিছুমানে কৈছিল যে পৃথিৱীত আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হৈছে বিজ্ঞান। আন কিছুমানে কৈছিল ই হৈছে যুদ্ধক্ষেত্ৰত দক্ষতা, আন কিছুমানে কৈছিল ধৰ্মীয় উপাসনাই হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কাম। সকলোবোৰ উত্তৰ ভিন ভিন হোৱা বাবে ৰজাই কাৰো মতৰ লগত একমত হ’ব নোৱাৰিলে আৰু কাকো পুৰস্কাৰ নিদিলে।  তথাপি ৰজাজনে প্ৰশ্নকেইটাৰ সঠিক উত্তৰ পোৱাৰ বাসনাৰে বিশ্ব বিশ্ৰুত জ্ঞানী সন্নাসী এজনৰ লগত পৰামৰ্শ কৰিবলৈ সিদ্ধান্ত ললে।

সন্নাসীজন এখন হাবিত অকলশৰে বাস কৰিছিল য’ৰ পৰা তেওঁ কেতিয়াও বাহিৰ ওলোৱা নাছিল। তেওঁ সাধাৰণ মানুহৰ বাহিৰে আন কোনো ব্যক্তিক লগ দিয়া নাছিল।  সেয়ে ৰজাজনে অতি সাধাৰণ পোছাক পৰিধান কৰিলে আৰু সন্নাসীজনৰ পঁজাঘৰটো পোৱাৰ আগতে তেওঁৰ ঘোঁৰাৰ পৰা নামিল  আৰু তেওঁ পহৰাদাৰসকলক এৰি অকলে গ’ল।  যেতিয়া ৰজাজন আগবাঢ়ি গ’ল, তেতিয়া সন্নাসীজনে তেওঁৰ পঁজাঘৰখনৰ সন্মুখত মাটি খান্দি আছিল। ৰজাজনক দেখা পাই, তেওঁ ৰজাজনক সম্ভাষণ জনালে আৰু মাটি খান্দি থাকিল।  সন্নাসীজন আছিল দুৰ্বল, প্ৰতিবাৰত অলপ মাটিহে খান্দিব পাৰিছিল আৰু বৰকৈ উশাহ লৈছিল।

ৰজাজন তেওঁৰ ওচৰলৈ গৈছিল আৰু কৈছিল, “হে বিজ্ঞ সন্নাসী, মই তোমাৰ ওচৰলৈ আহিছো তিনিটা প্ৰশ্ন সুধিবলৈ। সেয়া হৈছে– মই কিদৰে সঠিক সময়ত সঠিক কাম কৰিব পাৰো?  কোনবোৰ মানুহ মোৰ আটাইতকৈ অধিক প্ৰয়োজনীয় আৰু কোনসকল ব্যক্তিক মই সকলোতকৈ অধিক গুৰুত্ব দিব লাগিব আৰু কোন কাম মোৰ বাবে অতি প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ?

সন্নাসীজনে ৰজাজনৰ প্রশ্নবোৰ শুনিলে কিন্তু কোনো উত্তৰ নিদিলে। তেওঁ মাটি খান্দি থাকিল। 

“আপুনি ক্লান্ত হৈছে,” ৰজাজনে কৈছিল, “মোক কোৰখন দিয়ক আৰু মই কিছু সময় কাম কৰো।”

‘ধন্যবাদ’ সন্নাসীজনে কৈছিল আৰু কোৰখন ৰজাজনৰ হাতত দি তেওঁ মাটিত বহিছিল।  ৰজাজনে  দুতৰপমান মাটি খান্দি কামটো বন্ধ কৰি দিলে আৰু তেওঁৰ প্ৰশ্নটো পুনৰ কৰিলে। সন্নাসীজনে পুনৰ কোনো উত্তৰ নিদি থিয় হ’ল, কোৰখনৰ বাবে তেওঁৰ হাত মেলি দিলে আৰু ক’লে ‘এতিয়া কিছুসময় জিৰণি লওঁক আৰু মোক কিছুসময় কৰিবলৈ দিয়ক।’  কিন্তু ৰজাজনে তেওঁক কোৰখন নিদি মাটি খান্দি থাকিল।  এঘন্টা পাৰ হৈ গ’ল… তাৰ পিছত আন এক ঘন্টা। সুৰ্যটো গছ-গছনিৰ সিপাৰে অস্ত যাবলৈ ধৰিছিল আৰু ৰজাজনে কোৰখন মাটিত লগাই  থলে আৰু ক’লে, “হে জ্ঞানী ব্যক্তি, মই আপোনাৰ ওচৰলৈ আহিছো মোৰ প্রশ্নবোৰৰ উত্তৰ পোৱাৰ বাবে। যদি আপুনি কোনো প্ৰশ্নৰে উত্তৰ দিব নোৱাৰে তেন্তে মোক কওঁক, মই ঘৰলৈ উভতি যাম।’

‘ইয়ালৈ কোনোবা দৌৰি আহি আছে’, সন্নাসীজনে ক’লে, “আহা, আমি চাওঁ ব্যক্তিজন কোন?’

ৰজাজনে মূৰ ঘূৰাই এজন দাঁড়ি থকা মানুহ হাবিৰ পৰা বাহিৰলৈ দৌৰি আহি থকা দেখা পালে। মানুহজনে তেওঁৰ হাত দুখনেৰে পেটত হেঁচা মাৰি ধৰি আছে আৰু তাৰ পৰা তেজ বৈ আছে। তেওঁ ৰজাজনৰ কাষ চাপি অহাৰ লগে লগে দুৰ্বলভাৱে কেঁককেকাই মাটিত অজ্ঞান হৈ পৰি গ’ল। ৰজাজন আৰু সন্নাসীজনে মানুহজনৰ পোছাক আঁতৰালে। তেওঁৰ পেটত এটা দ আঘাত দেখা পালে।  ৰজাজনে আঘাতৰ স্থানটো ভালদৰে ধুই দিলে আৰু তেওঁৰ ৰুমালৰে আৰু সন্নাসীজনৰ টাৱেলৰে স্থানডোখৰ বান্ধি দিলে। ৰজাজনে বাৰে বাৰে আঘাতৰ স্থানটো ধুই দিলে আৰু বান্ধি দিলে। পিছত মানুহজনে জ্ঞান ঘূৰাই পাই  পিবলৈ কিবা খুজিলে।  ৰজাজনে বিশুদ্ধ পানী আনি তেওঁক দিলে। ইতিমধ্যে সূৰ্যটো অস্ত গৈছিল আৰু ঠাণ্ডা নামি আহিছিল। সেয়ে ৰজাজনে সন্নাসীজনৰ সহায়ত আঘাতপ্ৰাপ্ত মানুহজনক পঁজা ঘৰখনৰ ভিতৰলৈ বহন  কৰি লৈ গ’ল আৰু বিচনাত শুৱাই দিলে। বিচনাত পৰি মানুহজনে তেওঁৰ চকু মুদি দিলে আৰু শান্ত হ’ল। কিন্তু ৰজাজন তেওঁৰ ভ্ৰমণ আৰু কামৰ বাবে ইমান ক্লান্ত হৈছিল যে  ৰজাজনে দৰজাখনৰ সন্মুখতে শুই পৰিল আৰু টোপনি গ’ল আৰু গোটেই ৰাতি টোপনি মাৰিলে। যেতিয়া তেওঁ ৰাতিপুৱা সাৰ পাইছিল তেতিয়া বহু সময় তেওঁ ক’ত আছে আৰু  বিচনাত শুই তেওঁৰ পিনে উজ্জ্বল চকুযুৰিৰ সৈতে চাই থকা মানুজন কোন আছিল সেয়া মনত পেলাব পৰা নাছিল।

“মোক ক্ষমা কৰক!”  সাৰ পোৱা আৰু তেওঁৰ পিনে চাই থকা দেখি দুৰ্বল সুৰেৰে সেই দাড়ি থকা ব্যক্তিজনে ৰজাজনক  ক’লে।

ৰজাজনে ক’লে, “মই তোমাক নাজানো, আৰু তোমাক ক্ষমা কৰিবলৈয়ো কোনো বিষয় নাই।”

“আপুনি মোক নিচিনে, কিন্তু মই আপোনাক চিনি পাওঁ। মই হৈছোঁ আপোনাৰ সেই শতৰু  যিজনে আপোনাৰ ওপৰত প্ৰতিশোধ ল’বলৈ প্ৰতিজ্ঞা কৰিছিল কাৰণ  আপুনি মোৰ ভায়েকক হত্যা কৰিছিল আৰু তেওঁৰ সম্পত্তি বাজেয়াপ্ত কৰিছিল। মই জানিছিলো যে আপুনি অকলশৰে সন্নাসীজনক দেখা কৰিবলৈ আহিছে আৰু  আপুনি ওভতি যোৱাৰ বাটত আপোনাক মই হত্যা কৰিম বুলি সিদ্ধান্ত লৈছিলো। কিন্তু দিন পাৰ হৈ গ’ল আৰু আপুনি উভতি নগ’ল। সেয়ে মই আপোনাক বিচাৰি মোৰ লুকাই থকা স্থানৰ পৰা ওলাই আহিলো আৰু আপোনাৰ দেহৰক্ষীসকলৰ চকুত পৰিলো। সিহঁতে মোক চিনি পালে আৰু মোক আঘাত কৰিলে। মই সিহঁতৰ পৰা পলাই সাৰিলো। মই সম্ভৱত মৰি গ’লোহেঁতেন যদিহে আপুনি মোক আঘাতৰ স্থানটো বান্ধি নিদিলেহেঁতেন। মই আপোনাক হত্যা কৰিব বিচাৰিছিলো আৰু আপুনি মোৰ জীৱন ৰক্ষা কৰিলে। এতিয়া যদি মই জীয়াই থাকো আৰু আপুনি যদি ভাল পায়, মই আপোনাৰ এজন অতি বিশ্বাসী ভৃত্য হিচাপে আপোনাক সেৱা কৰিম আৰু মোৰ পুত্ৰসকলকো তেনে কৰিবলৈ আদেশ কৰিম।  মোক ক্ষমা কৰক!”

এজন শতৰুৰ লগত অতি সহজে শান্তি স্থাপন হোৱাত আৰু শতৰুজনক এজন বন্ধু হিচাপে পাই  ৰজাজন অতি আনন্দিত হ’ল। ৰজাজনে  অকল ক্ষমা কৰাই নহয়, আনকি তেওঁৰ নিজৰ চাকৰসকলক, চিকিৎসকসকলক তেওঁৰ আলপৈচান ধৰিবলৈ আৰু তেওঁৰ বাজেয়াপ্ত সম্পত্তি ঘূৰাই দিব বুলি কথা দিলে।

সেই আঘাতপ্ৰাপ্ত ব্যক্তিজনৰ পৰা বিদায় লৈ ৰজাজন বাৰান্দালৈ আহিল আৰু সন্নাসীজনক বিচাৰিলে। ৰজাজন উভতি যোৱাৰ আগতে  পুনৰ তেওঁ সোধা প্ৰশ্নকেইটাৰ উত্তৰ  পোৱাৰ  আশা কৰিছিল। সন্নাসীজন বাহিৰত আছিল। তেওঁ আঁঠুকাঢ়ি আগৰ দিনা খন্দা মাটিডোখৰত শস্যৰ বীজ সিঁচি আছিল।

ৰজাজন তেওঁৰ ওচৰ চাপি গ’ল আৰু ক’লে, “হে জ্ঞানী ব্যক্তি, মোৰ প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ মই আপনাক  সৰ্বশেষবাৰৰ বাবে  অনুৰোধ কৰো।”

“আপুনি ইতিমধ্যে উত্তৰ পালেই!” সন্নাসীজনে তেতিয়াও আঁঠুৰ ওপৰত ভৰ দি, তেওঁৰ ওচৰত থিয় দি থকা ৰজালৈ লক্ষ্য কৰি ক’লে।

“কিদৰে উত্তৰ দিয়া হ’ল? আপুনি কি ক’ব বিচাৰিছে?” ৰজাজনে সুধিলে।

“তুমি দেখা নাইনে?” সন্নাসীজনে ক’লে। “যদিহে যোৱাকালি আপুনি মোৰ দুৰ্বলতাৰ প্ৰতি সহানুভূতি নেদেখুৱালেহেঁতেন আৰু  মোৰ বাবে মাটি নাখান্দি গুচি গ’লেহেঁতেন তেন্তে, সেই ব্যক্তিজনে আপোনাক আক্ৰমণ কৰিলেহেঁতেন আৰু আপুনি মোৰ লগত নথকা বাবে অনুতাপ কৰিলেহেঁতেন। সেয়ে অতি গুৰুত্বপূৰ্ণ সময় আছিল সেই সময় যিখিনি সময়ত আপুনি মাটি খান্দি আছিল, আৰু মই আছিলো আটাইতকৈ গুৰত্বপূৰ্ণ ব্যক্তি আৰু মোৰ ভালৰ বাবে কাম কৰাটো আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ কাম। পিছত যেতিয়া মানুহজনে আমাৰ পিনে দৌৰি আহিছিল, তেতিয়া আমাৰ অতি গুৰুত্বপূৰ্ণ সময়টো আছিল আমি মানুহজনক শুশ্ৰষা কৰা সময়খিনি। কিয়নো যদি আপুনি তেওঁৰ আঘাতৰ স্থানটো বান্ধি নিদিলেহেঁতেন তেন্তে আপোনাৰ লগত শান্তি স্থাপন নকৰায়ৈে সি মৰিলহেঁতেন। সেয়ে সি আছিল অতি গুৰত্বপূৰ্ণ ব্যক্তি আৰু আপুনি তেওঁৰ বাবে যি কৰিলে সেয়া আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ কাম। মনত ৰাখিব যে জীৱনত এটা মাত্ৰ সময় আছে যি অতি গুৰুত্বপূৰ্ণ আৰু সেয়া হৈছে বৰ্তমানৰ সময়খিনি! বৰ্তমানটোৱেই হৈছে অতি গুৰুত্বপূৰ্ণ সময় কাৰণ এয়া হৈছে একমাত্ৰ সময় যিসময়টো ব্যৱহাৰ কৰাৰ বাবে  আপোনাৰ শক্তি আছে।

আটাইতকৈ অতি গুৰুত্বপূৰ্ণ ব্যক্তিজন হৈছে সেইজন ব্যক্তি যিগৰাকীৰ লগত আপুনি আছে, কাৰণ কোনো ব্যক্তিয়েই নাজানে তেওঁ কোনো ব্যক্তিৰ লগত কোনো ধৰণৰ আচৰণ কৰিব পাৰিবনে নাই।

আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো হৈছে কল্যাণৰ কাম কৰা, কাৰণ মাত্ৰ এই উদ্দেশ্যেই মানুহক এই পাৰ্থিৱ জীৱনটো দান কৰা হৈছে। ০ ০ ০

বিঃ দ্ৰঃ ‘তিনিটা প্ৰশ্ন’ গল্পটিৰ ইংৰাজী শিৰোনাম হৈছে ‘The Three Questions’.

অসমীয়া অনুবাদত বিশ্ব চুটি গল্প

সৰ্বশেষ পাঠ

মূল ফৰাচীঃ এলফনচো ড’ডেট (ফ্রান্স)

সিদিনাখন মই বৰ পলমকৈ বিদ্যালয়লৈ যাত্ৰা কৰিছিলো আৰু শিক্ষকৰ গালি-শপনি খাম বুলি বৰকৈ ভয় কৰিছিলো। কাৰণ মহাশয় হেমেলে আমাক কৃদন্ত পদ আৰু বিশেষণৰ ওপৰত প্ৰশ্ন সুধিব বুলি কৈছিল। কিন্তু মই সেইবোৰৰ বিষয়ে এটা শব্দও জনা নাছিলো।  কিছু সময়ৰ বাবে মই ভাবিছিলো যে মই ঘৰৰ পৰা ওলাই যাম আৰু গোটেই দিনটো ঘৰৰ বাহিৰতে কটাই দিম।  সিদিনা আছিল অতি গৰম আৰু উজ্জ্বল ৰ’দৰ দিন। হাবিৰ দাঁতিত থকা গছবোৰৰ ওপৰত চৰাইবিলাকে কিচ্‌মিছ শব্দ কৰি আছিল  আৰু কাঠফলা কলটোৰ পিছফালে থকা মুকলি পথাৰত প্র’চিয়াৰ সৈনিকবিলাকে কুচকাৱাজ কৰি আছিল। এই দৃশ্যবোৰ কৃদন্তপদ আৰু বিশেষণ পদৰ নিয়মসমূহ মনত ৰখাতকৈ অধিক লোভনীয় আছিল। কিন্তু সেই লোভ সম্ভৰণ কৰাৰ শক্তি মোৰ আছিল আৰু মই বিদ্যালয়লৈ খৰখেদাকৈ খোজ লৈছিলো।

যেতিয়া মই পৌৰসভাৰ ভৱনটো পাৰ হৈছিলো তেতিয়া দেখা পালো যে জাননী ফলকৰ সন্মুখত বহুত মানুহে ভিৰ কৰি আছে। যোৱা দুবছৰ ধৰি আটাইবোৰ বেয়া খবৰ এই জাননী ফলকৰ পৰাই ওলাইছিল– ই আছিল যুদ্ধক্ষেত্ৰত পৰাজয়ৰ বাতৰি, সেনাবাহিনীত নতুন সেনা ভৰ্তি কৰাৰ বাতৰি, সেনাপতিসকলৰ আদেশৰ বাতৰি আদি। মই গৈ থকা অৱস্থাতে ভাবিছিলো, ‘আজিনো কি খবৰ থাকিব পাৰে?’

মই যিমান বেগেৰে যাব পাৰো গৈ আছিলো। ঠিক তেতিয়াই ওৱাটচ্‌ নামৰ কমাৰজন, যিজনে তেওঁৰ নতুন শিক্ষানবীচজনৰ সৈতে তাত বাতৰিটো পঢ়ি আছিল, মোক পিছপিনৰ পৰা মাতি কৈছিল, 

“হেৰ বোপাই, ইমান বেগেৰে নাযাবা, পঢ়াশালি বহাৰ আগতেই তুমি বিদ্যালয় পাবাগৈ।”

মই ভাবিছিলো তেওঁ মোৰ লগত ধেমালি কৰি আছে আৰু সেয়া ভাবি ফোঁপাই-জোপাই একে উশাহতে মহাশয় হেমেলৰ সৰু বাগিছাখন পাইছিলোগৈ। 

সাধাৰণতে, যেতিয়া বিদ্যালয় বহে, তেতিয়া বৰ ডাঙৰকৈ হাই উৰুমি হয় যি বাটৰ পৰা শুনা যায়– ডেক্স-বেঞ্চবোৰ টনা-টনি কৰাৰ শব্দ, ল’ৰা-ছোৱালীবোৰে একেলগে পাঠ আওৰাৰ শব্দ আৰু শিক্ষকৰ কথা ভালদৰে বুজিবলৈ কাণৰ ওপৰত হাত দি থকা  অৱস্থা হোৱা পৰিৱেশ এটা আৰু শিক্ষক মহাশয়ে ছাত্ৰ-ছাত্ৰীক ভয় খুওৱাবলৈ ডাঙৰ চেকনিৰে টেবিলৰ ওপৰত কোবাই থকাৰ শব্দ আদিৰ বাবে হাই-উৰুমিৰ সৃষ্টি হয়।  কিন্তু আচৰিত কথা যে আজি  সকলোবোৰ তেনেই নিস্তব্দ! মোক যাতে কোনেও দেখিবলৈ নাপায় তেনেকৈ ডাঙৰ ডেক্সৰ ওচৰলৈ যোৱাৰ সময়ত এই হুলস্থলীয়া পৰিৱেশৰ বিষয়ে মই ভাৱি আছিলো। কিন্তু সিদিনাৰ পৰিৱেশটো আছিল এটা নিস্তব্দ দেওবাৰৰ ৰাতিপুৱাৰ পৰিৱেশৰ দৰে।

খোলা খিৰিকীৰ মাজেদি মই মোৰ সহপাঠীসকলক সিহঁতৰ চকীত বহি থকা দেখা পাইছিলো আৰু মহাশয় হেমেলে সেই ভয়ঙ্কৰ চেকনিডাল কাষলতিত লৈ ইফালে-সিফালে ঘূৰি থকা দেখা পাইছিলো। মই নিজইে দৰজাখন খুলি সকলোৰে সন্মুখেদি ভিতৰলৈ প্ৰৱেশ কৰিব লগা হ’ল। তোমালোকে কল্পনা কৰা মই লাজত কিমান ৰঙা পৰি গৈছিলো আৰু ভয় খাইছিলো। 

কিন্তু একো অঘটন ঘটা নাছিল। মহাশয় হেমেলে মোক দেখি কৈছিল, “বোপা, ফ্রানজ, তোমাৰ আসনত সোনকালে বহি লোৱা। তোমাৰ অবিহনেই আমি আমাৰ পাঠ আৰম্ভ কৰিছো।’

মই জপিয়াই বেঞ্চখন পাৰ হৈ ডেক্সৰ ওপৰত বহিছিলো। মই ভয়টোৰ পৰা অকণমান সকাহ নোপোৱালৈকে মই দেখা পোৱা নাছিলো যে আমাৰ শিক্ষকজনে তেওঁৰ ধুনীয়া সেউজীয়া কোটটো, পাতি লগোৱা কামিজটো, বেজীৰে ফুল বাছি থোৱা ৰেচমি টুপীটো পিন্ধি আহিছে।  এইবোৰ পোছাক তেওঁ বিদ্যালয় পৰিদৰ্শনৰ দিনা আৰু বঁটা বিতৰণি সভাৰ দিনৰ বাহিৰে আনবোৰ দিনত নিপিন্ধে। ইয়াৰ উপৰিও গোটেই বিদ্যালয়খন আৰু পৰিৱেশটো আচহুৱা যেন লাগিছিল।  কিন্তু যি ঘটনাই মোক অতিকৈ আচৰিত কৰিছিল সেয়া আছিল এয়া যে শ্ৰেণীকোঠাত সাধাৰণতে উদং হৈ থকা বেঞ্চবোৰত গাওঁৰ কেইজনমান লোক  আমাৰ দৰে  নীৰৱে বহি আছিল। সেই লোকসকলৰ মাজত আছিল তিনিকোণীয়া টুপী পিন্ধা বৃদ্ধ হ’চাৰ, প্ৰাক্তন নগৰ পালিকাজন, প্ৰাক্তন পোষ্টমাষ্টৰজন আৰু তেওঁলোকৰ বাহিৰেও আন ভালেকেইজন লোক।  প্ৰত্যেককে বিষন্ন দেখাইছিল আৰু বৃদ্ধ হ’চাৰে এখন পুৰণি আদি পাঠৰ কিতাপ বুঢ়া আঙুলিৰে ধৰি আঠুৰ ওপৰত মেলি লৈ ডাঙৰ চচমাৰ মাজেৰে চকু ফুৰাই আছিল।

আচৰিত হৈ মই এইবোৰ কথা ভাবি থাকোতে মহাশয় হেমেলে তেওঁৰ চকীখনত বহি লোৱা দেখিলো। আৰু আগত কোৱা ধৰণে একে গুৰুগম্ভীৰ সুৰত আমাক উদ্দেশ্যি ক’লে, 

“হে মোৰ লৰা-ছোৱালীসকল। তোমালোকক শিকাবলৈ লোৱা আজিৰ এই পাঠটোৱেই হ’ব মোৰ সৰ্বশেষ পাঠ।  এলচেচ আৰু লৰেইন প্ৰদেশ দুখনত থকা বিদ্যালয়বোৰত অকল জাৰ্মান ভাষাটো শিকাবলৈ বাৰ্লিনৰ পৰা আদেশ আহিছে। নতুন শিক্ষকজন কাইলৈ আহিব।  এয়া হৈছে তোমালোকৰ সৰ্বশেষ ফ্রান্স ভাষাৰ পাঠ।  মই বিচাৰো যেন তোমালোকে মনোযোগ দিয়া।”

মোৰ বাবে কথাকেইষাৰ কি যে বজ্ৰপাত পৰাৰ দৰে লাগিছিল!

হায় দুৰ্ভগীয়াসকল! এতিয়া বুজিলো,  এই খবৰটোহে সিহঁতে নগৰৰ হলঘৰটোত আঁৰি দিছিল।

ফৰাচী ভাষাত মোৰ শেষ পাঠ! কিয়, মই ভালদৰে লিখিবলৈ শিকা নাছিলো। মই আৰু ইয়াৰ বেছি কেতিয়াও শিকিব নোৱাৰিম। ইয়াৰ অৰ্থ মই ইয়াতে ৰৈ যাব লাগিব।  হায় পাঠাবোৰ মন দি নিশিকা বাবে মোৰ যে কিমান দুখ লাগিছিল! পাঠ নিশিকি চৰাইৰ কণী বিচাৰি ফুৰা নাইবা চাৰ নদীত পিছল খেলি থকাৰ বাবে মোৰ যে কিমান দুখ লাগিছিল! মোৰ কিতাপবোৰ, মোৰ ব্যাকৰণ পুথিখন আৰু মহাপুৰুষসকলৰ ইতিহাসখন ইমান গধুৰ লাগিছিল। এতিয়া এই কিতাপবোৰ অলপ আগতে কিবা বিৰক্তিকৰ বস্তু বুলি ভাৱিছিলো। সেইবোৰ মোৰ এতিয়া পুৰণি বন্ধু যেন ভাৱ হ’ল যিবোৰক মই  কেতিয়াও  এৰিব নোৱাৰো।  হায় মহাশয় হেমেলৰ বিষয়েও ভাবিছিলো। তেওঁ যে আঁতৰি যাব, তেওঁক যে আমি কাহানিও দেখা নাপাম এনেবোৰ চিন্তাই তেওঁৰ চেকনিডাল আৰু তেওঁ কিমান খঙাল আছিল আদি কথাবোৰ মই পাহৰি গৈছিলো।

হায় বেচেৰা! এই শেষ পাঠটোক সন্মান যাচিবলৈ তেওঁ বন্ধৰ দিনা পিন্ধা ধুনীয়া সাজযোৰ পিন্ধি আহিছিল আৰু গাওঁৰ বুঢ়া লোকসকলে কিয় কোঠালীটোৰ পিছফালে বহি আছে এতিয়াহে মই বুজিলো।  কাৰণ তেওঁলোকৰ মনত দুখ আছিল যে তেওঁলোকে বেছিদিন বিদ্যালয়লৈ যোৱা নাছিল।   চল্লিশ বছৰ অতি  বিশ্বাসেৰে পাঠদান কৰা শিক্ষকজনক বিদায় জনোৱা আৰু যিখন দেশ এতিয়া আৰু সিহঁতৰ হৈ থকা নাই, সেই দেশখনৰ প্ৰতি সন্মান জনোৱাৰ বাবে সিহঁত বিদ্যালয়লৈ আহিছিল।

এইবোৰ কথা ভাবি থাকোতে মোৰ নামটো চিঞৰি মতা শুনিলো।  এইবাৰ মই পাঠ পঢ়াৰ পাল পৰিছিল। পাৰ্টিচিপ’লৰ ভয়ঙ্কৰ নিয়মবোৰ এমূৰৰ পৰা সিমূৰলৈ গোটেইখিনি শুদ্ধকৈ আৰু সলসলীয়াকৈ মাতি দিব পৰা হ’লে মই যে কিমান সুখী হ’লোহেঁতেন? কিন্তু প্ৰথম কথাটোতে মোৰ খোকোজা লাগিল আৰু ডেক্সখনত ধৰি মই থিয় হৈ থাকিলো।  মোৰ বুকুখনে ধৰফৰাইছিল আৰু মই মূৰ তুলি চাব পৰা নাছিলো। এম. হেমেলে মোক কোৱা শুনিলো,

“বোপা, ফ্রান্স, মই তোমাক গালি নাপাৰো। তুনি নিজেই নিশ্চয় বৰ বেয়া পাইছা। কথাটো কেনে হ’ল চোৱা! প্ৰতিদিনেই আমি কৈছিলো, কাইলৈ শিকিম। আৰু আজি চোৱাচোন আমি আহি আহি ক’ত উপনীত হৈছোঁ। আলচাচ প্ৰদেশখনৰ বাবে এয়া বৰ বেয়া কথা। প্ৰদেশখনে শিকিবলগীয়া কথাবোৰ পিছুৱাই থয়। এতিয়া সেই বাহিৰত থকা মানুহে (জাৰ্মানসকলে) তোমালোকক কোৱাৰ অধিকাৰ পাব, “এয়া কি হ’ল ? তোমালোকে ফৰাচী বুলি নিজকে ভাও জুৰা অথচ নিজৰ ভাষাটোকে লিখিব আৰু পঢ়িব নোৱাৰা।  কিন্তু ফ্রানজ, তুমিয়েই একমাত্ৰ হতভগীয়া লোক নহয়। আমি আটাইয়ে নিজকে দোষ দিবলগীয়া বহুত কথাই আছে। 

তোমালোকে লিখা-পঢ়া শিকা কথাটোত তোমালোকৰ পিতৃ-মাতৃয়েও চিন্তিত নাছিল।  অলপ পইচা উপাৰ্জন কৰিবলৈ সিহঁতে তোমালোকক খেতি-বাতি বা কলকাৰখানাৰ কামত লগাবলৈ ভাল পাইছিল। মোৰ নিজকো দোষ দিবলগীয়া আছে। তোমালোকক পাঠ আয়ত্ব কৰাৰ সলনি মই তোমালোকক মোৰ ফুলনিত পানী দিবলৈ লগোৱা নাছিলোনে? আৰু মই মাছ মাৰিবলৈ যোৱা দিনকেইটাত তোমালোকক বন্ধ দিয়া নাছিলোনে?

ইয়াৰ পিছত শিক্ষকজনে এটা এটাকৈ ফৰাচী ভাষাৰ কথা ক’বলৈ ললে।  তেওঁ ক’লে যে ফৰাচী ভাষা হ’ল বিশ্বৰ আটাইতকৈ ভাল ভাষা, অতিকৈ স্পষ্ট ভাষা,  আৰু অতি যুক্তিপূৰ্ণ ভাষা। আমি ইয়াক আমাৰ মাজত জীয়াই ৰাখিব লাগিব আৰু কাহানিও পাহৰিব নালাগিব। কাৰণ এটা পৰাধীন জাতিয়ে যেতিয়ালৈকে নিজৰ ভাষাটো ধৰি ৰাখে  তেতিয়া তেওঁলোকে কাৰাগাৰৰ চাবিপাত হাতত ৰখাৰ দৰে হয়। তাৰ পিছত তেওঁ এখন ব্যাকৰণৰ পুথি মেলি ললে আৰু আমাক পাঠ পঢ়াই শুনালে। মই ইমান সুন্দৰকৈ বুজি পোৱাৰ বাবে বৰ আচৰিত হ’লোঁ। তেখেতে কোৱা কথাবোৰ ইমান সহজ যেন লাগিছিল। লগতে মই ভাবিলো যে মই আগতে কাহানিও ইমান মনোযোগ দি কথাবোৰ শুনা নাছিলো আৰু তেখেতেও যেন ইমান ধৈৰ্য ধৰি ককথাবোৰ বুজোৱা নাছিল।  এনেহেন লাগিছিল যেন হতভগীয়া মানুহজনে তেওঁ জনা সকলোবোৰ কথাকে আমাক শিকাই দি যাব আৰু তেওঁ যোৱাৰ আগতে যেন একে খোচতে সকলোবোৰ কথা আমাৰ মূৰৰ ভিতৰত সোমাই দিব।

ব্যাকৰণ পাঠৰ পিছত আমি হাতৰ আখৰ লিখাৰ পাঠ এটা ললো।  সিদিনাখন এম হেমেল মহাশয়ে আমাৰ বাবে হাতৰ আখৰৰ নতুন আৰ্হি পুথি কিছুমান আনিছিল আৰু সেইবোৰত ধুনীয়া আৰু স্পষ্ট আখৰেৰে লিখা আছিল, “ফৰাচী, আলচাচ, ফৰাচী, আলচাচ”। সেইবোৰ দেখিবলৈ আমি বহা শ্ৰেণী কোঠাৰ ডেক্সত সৰু মাৰিৰ ওপৰত ওলমি বতাহত নাচি থকা সৰু সৰু পতাকাৰ দৰে লাগিছিল। প্ৰতিজন ছাত্ৰই কিদৰে কামত লাগিছিল আৰু গোটেই পৰিৱেশটো কিমান নিজান আছিল তাক তুমি নেদেখিলে বিশ্বাস কৰা টান। শুনিব পোৱা একমাত্ৰ শব্দটো আছিল কলমৰ আঁচোৰ কাগজত লাগি খচ্‌ খচ্‌ হোৱা শব্দ। এবাৰ কেইটামান জিল্লী পোক উৰি আহি শ্ৰেণীকোঠাত সোমাইছিল। কিন্তু কোনেও সেইবোৰৰ প্ৰতি একো  মনোযোগ দিয়া নাছিল।  কণকণ ল’ৰা-ছোৱালীহঁতে বৰশীৰ ছবি আঁকিছিল– যেনিবা সেইবোৰো ফৰাচী দেশীয়। ঘৰৰ চালৰ ওপৰত পাৰ চৰাইবোৰে বৰ সৰুকৈ ৰুণ দি আছিল আৰু মই নিজে নিজে ভাবিছিলোঃ এই চৰাইবোৰকো  সিহঁতে জাৰ্মান ভাষাত ৰুণ দিয়াবলৈ বাধ্য কৰিবনে?”

লিখাৰ পৰা মই যেতিয়া মূৰ তুলি চাইছিলো, তেতিয়া দেখিলো যে এম হেমেলে নিশ্চলভাৱে তেওঁৰ চকীখনত বহি আছে আৰু এটাৰ পিছত এটা বস্তুৰ ফালে অপলকভাৱে চাই আছে যেনিবা সেই কোঠালীটোত থকা সকলোবোৰ বস্তু তেওঁ মনত ৰাখিব। ভাবি চোৱা! এই একেখন ঠাইতে তেওঁ দুকুৰি বছৰ আছে– বাহিৰত তেওঁৰ বাগিছাখন, খোলা খিৰিকীখন আৰু সন্মুখত শ্ৰেণীটো–সেই একেদৰেই আছে।  মাত্ৰ ডেক্স-বেঞ্চবোৰ উৱলি গৈছে, বাহিৰত ওৱালনাট গছবোৰ আগতকৈ ওখ হৈছে আৰু তেওঁ নিজ হাতে ৰোৱা আঙুৰ গছটো খিৰিকীৰ ওপৰেদি দুভাগ হৈ চাললৈ বগাই যাব ধৰিছে।  হায় বেচেৰা! এই আটাইবোৰ এৰি যাবলগীয়া হোৱাত নিশ্চয় তেওঁৰ মন ভাঙি গৈছে। তেখেতৰ ভনীয়েকজনীয়ে বাকচত বস্তুবোৰ ভৰাই ওপৰৰ কোঠাটোত ঘূৰি ফুৰা শুনা গৈছে। কাৰণ তেওঁলোকে পিছদিনাই এইখন দেশ এৰি গুচি যাব।

কিন্তু প্ৰতিটো পাঠ শেষলৈকে শুনাৰ ধৈৰ্য তেওঁৰ আছিল। লিখা পাঠৰ অন্তত আমি বুৰঞ্জীৰ পাঠ পঢ়িলো আৰু তাৰ পিছত কেঁচুৱাবোৰে বা, বি, বো, বু আদি সুৰ লগাই পাঠ কৰিছিল।  পিছৰ বেঞ্চত বহি থকা বুঢ়া হ’চাৰ নামৰ মানুহজনে তেওঁৰ চচমাজোৰ পিন্ধিছিল আৰু প্ৰাথমিক পুথিখন দুহাতেৰে ধৰি কেঁচুৱাহঁতৰ লগত আওৰাইছিল। দেখিলাহেঁতেন যে তেওঁ নিজেও কান্দিছিল। আবেগত তেওঁৰ মাতটো কঁপি উঠিছিল আৰু তেওঁৰ মাতটো শুনি এনে লাগিছিল যেন আমি আটায়ে একে সময়তে হাঁহিম আৰু কান্দিম। হায়, সেই সৰ্বশেষ পাঠটো মই কিমান সুন্দৰকৈ মনত ৰাখিছো।

ঠিক সেই সময়তে গীৰ্জাঘৰত বাৰ বজাৰ ঘন্টা বাজি উঠিছিল। তাৰ পিছত এঞ্জেলাচ সংগীতটো শুনা গ’ল।  ঠিক সেই সময়তে  কুচকাৱাজ কৰি উভতি অহা প্র’চিয়াৰ সৈনিকসকলৰ ঢোল-বাদ্যও খিৰিকীৰ তলেদি শুনা গ’ল।  বৰ শেঁতা পৰা অৱস্থাত এম হেমেল ডাঙৰীয়াই চকীৰ ওপৰত থিয় হ’ল।  আগতে কেতিয়াও মই তেওঁক ইমান ক্ষীণ দেখা নাছিলো।

‘হে, মোৰ ববন্ধুসকল, মই — মই  । কিবা এটাই তেওঁৰ শ্বাস ৰুদ্ধ কৰি ধৰিছিল। তেওঁ কথাটো সম্পূৰ্ণ কৰিব নোৱাৰিলে। 

তাৰ পিছত তেওঁ কৃষ্ণ ফলকৰ ওচৰলৈ গ’ল, এডাল চকমাটি হাতত ললে আৰু সৰ্বশক্তি খটুৱাই যিমান পাৰে সিমান ডাঙৰকৈ  লিখিলে–

“ফ্রান্স দীৰ্ঘজীৱি হওঁক!”

তাৰ পিছত তেওঁ ৰৈ গ’ল আৰু দেৱালত মূৰ আঁউজাই থাকিল আৰু মুখেৰে এটাও শব্দ নকৰি হাতেৰে ইঙ্গিত দি বুজালে–

“বিদ্যালয়খন শেষ হ’ল, তোমালোকে যাব পাৰা।” ০ ০ ০

বিঃ দ্ৰঃ ‘সৰ্বশেষ পাঠ’ গল্পটিৰ ইংৰাজী শিৰোনাম হৈছে ‘The Last Lesson’.

অসমীয়া অনুবাদত বিশ্ব চুটি গল্প

সকলো এটি কুকুৰৰ বিষয়ে

মূল ইংৰাজীঃ এ জি গার্ডিনাৰ (ইংলেণ্ড)

ই আছিল এটা তিক্ততাপূৰ্ণ ঠাণ্ডা ৰাতি আৰু আনকি বাছৰ পিছ পিনে পূৱাল বতাহে গোটেই ৰাস্তাটো এটা চুৰীৰ দৰে কাটিছিল। বাছটো ৰৈছিল আৰু দুজনী তিৰোতা আৰু এজন পুৰুষ মানুহ বাছখনত উঠিছিল আৰু খালী আসন পূৰ কৰিছিল।  যুৱতী তিৰোতাজনীয়ে চীলমাছৰ ছালেৰে তৈয়াৰ কৰা পোছাক পিন্ধিছিল আৰু লগত এটা সৰু পেকিনিজ কুকুৰ কোলাত লৈ আহিছিল।কনডাক্টৰজন আহিছিল আৰু ভাড়া তুলিছিল।  তেতিয়া তেওঁৰ তিক্ত অসষ্টিজনক চকু সেই সৰু-চকুযুক্ত কুকুৰটোৰ ওপৰত পৰিছিল।  তাত এটা গণ্ডোগলৰ সৃষ্টি হ’ব বুলি মই জানিছিলোঁ। এয়া আছিল তেওঁৰ বাবে এক সুযোগ যাৰ বাবে তেওঁ অপেক্ষা কৰি আছিল আৰু তেওঁ ইয়াৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব বিচাৰিছিল।  তেওঁক এনে মানুহ যেন ভাৱ হৈছিল যিজনৰ সকলো বস্তুৰ প্ৰতি স্বভাৱজাত অস্পষ্ট অভিযোগ আছিল বিশেষকৈ সেইসকল যাত্ৰীৰ বিৰুদ্ধে  যিসকল বাছখনত উঠিছিল আৰু আসনত বহিছিল যিসময়ত তেওঁ দৰজাখনৰ সন্মুখত ঠাণ্ডাত কঁপিছিল।

“তুমি নিশ্চয় কুকুৰটোক বাহিৰত ৰাখিব লাগিব।” তেওঁ এক তিক্ত অনুভূতিৰে কৈছিল।

“মই নিশ্চয় তেনে নকৰো। তুমি মোৰ নাম আৰু ঠিকনা ল’ব পাৰা,” মহিলাগৰাকীয়ে কৈছিল, যিজনীয়ে স্পষ্টকৈ প্ৰত্যাহ্বানটো আশা কৰিছিল আৰু উত্তৰটো সজাই ৰাখিছিল। 

“তুমি কুকুৰটো বাহিৰলৈ লৈ যাব লাগিব– এয়া মোৰ আদেশ।”

“মই এনেকুৱা বতৰত বাছখনৰ ওপৰ মহলালৈ যাব নোৱাৰো। এইটোৱে মোক মাৰি পেলাব,” তিৰোতাগৰাকীয়ে কৈছিল।

“নিশ্চয় নহয়,” তাইৰ মহিলা সংগীগৰাকীয়ে কৈছিল। “তোমাৰ কাঁহ হ’ব।”

“এয়া অজ্ঞানীৰ কথা,” তাইৰ পুৰুষ সংগীজনে কৈছিল।

কন্ডাক্টৰজনে ঘন্টাটো টানিছিল আৰু বাছখন ৰৈ গৈছিল। “এই বাছখন নাযায় যেতিয়ালৈকে এই কুকুৰটো বাহিৰলৈ অনা নহয়।” আৰু কন্ডাক্টৰজনে বাছখনৰ পৰা নামি ৰাস্তালৈ গ’ল আৰু অপেক্ষা কৰি থাকিল। এই মূহুৰ্তটো আছিল তেওঁৰ বিজয়ৰ মূহুৰ্ত। আইন তেওঁৰ পক্ষত আছিল আৰু বাছখনত থকা উত্তেজিত সকলো যাত্ৰীয়ে অসহায় অনুভৱ কৰি আছিল।  তেওঁৰ তিক্ত আত্মাই প্ৰকৃত বন্ধৰ দিনৰ আনন্দ অনুভৱ কৰি আছিল।

বাছখনৰ ভিতৰত ইয়াৰ বিৰুদ্ধে ধুমুহা চৰম পৰ্যায় পালে। ‘লজ্জ্যাজনক’ তেওঁ এজন জাৰ্মান লোকতকৈ  ভাল নহয়।” “তেওঁ কিয় সেনাবাহিনীত সোমোৱা নাই?” “পুলিচক মাতা।” “আহক আমি সকলোৱে তেওঁৰ বিৰুদ্ধে ৰিপোর্ট দিওঁ।” “তেওঁ আমাৰ ভাড়া ঘূৰাই দিয়ক।” কাৰণ সকলোৱে সেই ভদ্ৰ মহিলাগৰাকীৰ আৰু কুকুৰটোৰ পক্ষত আছিল। 

সেই সৰু জন্তুটোৱে সুখেৰে চকামকা অন্ধকাৰত চকু পিৰপিৰাই আছিল । সি জনা নাছিল যে এইসকলো হুলস্থলৰ সিয়েই কাৰণ।

কন্ডাক্টৰজনে দৰজাৰ ওচৰলৈ আহিছিল। “তোমাৰ নম্বৰ কিমান?” এজন যাত্ৰীয়ে সুধিছিল। “এয়া মোৰ নাম্বাৰ।” কন্ডাক্টৰজনে শান্তভাৱে কৈছিল। “তুমি আমাৰ ভাড়া ঘূৰাই দিয়া। তুমি আমাক বহন কৰি নিয়াৰ বাবেহে। তুমি আমাক ইয়াত গোটেই ৰাতি ৰাখিব নোৱাৰা।” কন্ডাক্টৰজনে কৈছিল। “কোনো ভাড়া ঘূৰাই দিয়া নহ’ব।” 

দুজন বা তিনিজন যাত্ৰী বাছখনৰ পৰা নামিল আৰু অন্ধকাৰৰ মাজত অদৃশ্য হৈ গ’ল।  কন্ডাক্টৰজনে ৰাস্তাটোত আকৌ এবাৰ খোজ দিলে আৰু ড্ৰাইভাৰৰ লগত কথা পাতিলে।  আন এটা বাছ যিটো আছিল ৰাতিৰ সৰ্বশেষ বাছ, ৰোৱাৰ বাবে যাত্ৰীসকলৰ চিঞৰৰ প্ৰতি আওকান কৰি ওচৰেদি গুচি গ’ল।  সিহঁত এজনৰ লগত আনজনৰ সম্পৰ্ক আছে — ‘বদমাচসকল’ আছিল সিহঁতৰ মন্তব্য।

কোনোৱা এজনে উগ্ৰভাৱে বেলটো টানিলে।  ইয়ে ড্ৰাইভাৰজনক দৰজাখনৰ ওচৰলৈ আনিলে। “এই বাছখনৰ কন্ডাক্টৰজন কোন? তেওঁ সুধিলে আৰু উত্তৰৰ বাবে অপেক্ষা কৰিলে।  কোনো উত্তৰ নোপোৱাত তেওঁ নিজৰ আসনলৈ উভতি গৈ আকৌ এবাৰ তেওঁৰ বাহুৰে বুকুত থপৰিয়াবলৈ ধৰিলে।  তাত কোনো আশা নাছিল।  এজন পুলিছে পহৰা দি আছিল। তেওঁ বাছখনৰ ওচৰলৈ আহিল আৰু দৰজাখনেৰে ভিতৰলৈ লক্ষ্য কৰিছিল।  খঙাল অভিযোগ আৰু আবেদনৰ সোঁত তেওঁৰ ওপৰত নিক্ষেপ হ’ল। “বাৰু, তেওঁ আইনত আছে, আপোনোলোকে জানে” তেওঁ  আনন্দৰেে ক‘লে।  “তোমাৰ নাম আৰু ঠিকনা দিয়া।” সেয়া  যঁচা হৈছিল, কিন্তু তেওঁ গ্ৰহণ নকৰিলে। ‘অহ! পুলিচজনে ক’লে আৰু গুচি গ’ল আৰু  ৰাস্তাটোত কেইগজমান দূৰত থিয় দি থাকিল য’ত তেওঁক আন দুজনমান কনষ্টেবলে যোগ দিলে।

তেতিয়াও কুকুৰটেৱে পোহৰৰ পিনে চাই চকু পিৰিকি আছিল আৰু কন্ডাক্টৰজনে ৰাস্তাটোত ইফালে-সিফালে খোজকাঢ়ি থাকিল।  এজনী ডেকেৰী তিৰোতা যিজনীৰ কথাৰ শব্দ সকলো শব্দৰ ওপৰেদি উঠিছিল, তেওঁৰ পিনে চোঁচা ল’লে যেন তেওঁক মাৰিবলৈ গৈ আছে।  তেওঁ  ৰাতিটোৰ ঠাণ্ডাৰ দৰে স্থিৰ আৰু ৰাস্তাৰ দৰে কঠোৰ আছিল।  তাই খঙত অসহায়ভাৱে তিনিজন পুলিচৰ ওচৰলৈ গ’ল যিসকল মূৰ্তিৰ দৰে থিয় দি আছিল আৰু ৰাস্তাৰ ওপৰৰ পৰা নাটকখন চাই আছিল।  তাৰ পিছত তেওঁ উভতি আহিল, এজনী ৰাণীৰ দৰে  তাইৰ ডেকা মানুহজনক ক’লে যিজনে তাইৰ খঙ লক্ষ্য কৰি নীৰৱে বহি আছিল। সিহঁত অদৃশ্য হৈ গ’ল।  অন্যান্যসকলেও সিহঁতক অনুসৰণ কৰিলে।  বাছখন খালী হৈ আছিল।  আনকি সেই ডেকা লোকজন যিজনে ভাড়া উভতাই বিচাৰিছিল তেঁৱো সুযোগ বুজি গুচি গ’ল।

ইতিমধ্যে কুকুৰটোৰ পক্ষত থকা দলটোৰ বাধা দিয়াৰ সকলো স্তৰ শেষ হোৱাত সম্পূৰ্ণৰূপে আত্মসমৰ্পন কৰিলে। অৱশেষত ছিল্কৰ কাপোৰ পিন্ধা মহিলাগৰাকীয়ে ক’লে, “মই ওপৰলৈ যাম। ‘তুমি নিশ্চয় নাযাবা। মই ভাৱো, তোমাৰ নিউমেনিয়া হ’ব। এইটো মোক দিয়া। (মানুহজনৰ পৰা) “নিশ্চয় নহয়।” তাই তাইৰ কুকুৰটোৰ সৈতে বৰং মৰি যাব।” যেতিয়া তাই ওপৰ মহলাত গৈ অদৃশ্য হ’ল, কন্ডাক্টৰজনে উভতি আহিল, বেলখন টানিলে আৰু গাড়ীখন চলিবলৈ ল’লে। তেওঁ বিজয়ৰ ভাৱত থিয় দি থাকিল যি সময়ত দলটোৰ বাকী লোকসকলে তেওঁৰ সন্মুখত খঙভাৱত তেওঁৰ বিষয়টোলৈ আলোচনা কৰি থাকিল। 

গাড়ীখনৰ ইঞ্জিনটোৱে কাম নকৰাত, কন্ডাক্টৰজনে তেওঁক সহায় কৰিবলৈ আগবাঢ়ি গ’ল। ই আছিল এক দীৰ্ঘ সময়ৰ কাম আৰু মহিলাগৰাকীয়ে সোনকালে ওপৰৰ মহলাৰ পৰা নামি কুকুৰটোৰ সৈতে তলৰ মহলালৈ পুনৰ প্ৰৱেশ কৰিলে।  যেতিয়া ইঞ্জিনে কাম কৰা আৰম্ভ  কৰিলে, কন্ডাক্টৰজনে উভতি আহিল আৰু ঘন্টাটো বজালে। তেতিয়াও তেওঁৰ চকু সেই কুকুৰটোৰ ওপৰত পৰিল আৰু তেওঁৰ হাতখন আকৌ ঘন্টাৰ ৰচীখনলৈ গ’ল। চালকজনে চাৰিওপিনে চালে। কন্ডাক্টৰজনে কুকুৰটোলৈ আঙুলিয়াই দিলে।  বাছখন  ৰ’ল আৰু সংগ্ৰামটো পুনৰ নতুনকৈ আৰম্ভ হ’ল।  কন্ডাক্টৰজনে ৰাস্তাত খোজ কাঢ়িবলৈ ধৰিলে। চালকজনে তেওঁৰ আসনৰ ওপৰত বাহুৰে কোবাবলৈ ধৰিলে। সৰু কুকুৰটোৱে পোহৰৰ পিনে চাই চকু মিটিকি থাকিল। চীলস্কিনৰ শাৰী পিন্ধা মহিলাগৰাকীয়ে ক’লে যে তাই ওপৰ মহলালৈ নাযাব, কিন্তু অৱশেষত গ’লগৈ।

“মই মোৰ ন্যায় পালোঁ” কন্ডাক্টৰজনে মোক ক’লে যেতিয়া ময়েই আছিলো বাছখনৰ সৰ্বশেষ যাত্ৰী। তেওঁ আত্মপক্ষ সমৰ্থনত বিজয় লাভ কৰিলে বুলি অনুভৱ কৰিলে।

“নিয়ম (আইন)’ মই ক’লোঁ, ‘অতি প্ৰয়োজনীয় বস্তু, কিন্তু আমাৰ বহুতো আইন আছে। কিছুমান ধৰা-বন্ধা আইন, ৰাস্তাৰ নীতিৰ দৰে যিবোৰ আমি আমাৰ জীৱন আৰু অংগ হানি নোহোৱাকৈ ভাঙিব নোৱাৰোঁ, কিন্তু কিছুমান নীতি আছে যিবোৰ মাত্ৰ আমাৰ নিৰ্দেশনাৰ বাবেহে। যিবোৰ তোমাৰ কাণ্ডজ্ঞান ব্যৱহাৰ কৰি কুকুৰৰ বাবে থকা আইনৰ দৰে তুমি প্ৰয়োগ কৰিব পাৰা বা অগ্ৰাহ্য কৰিব পাৰা। সেইবোৰ যাত্ৰীসকলক শাস্তি দিয়াৰ বাবে তোমাৰ হাতৰ চাবুক নহয়। কিন্তু জৰুৰী সময়ত এক কৰ্তৃত্বহে। সেইবোৰ আত্মাৰ মাজত মানি চলিবলগীয়া কিন্তু যাত্ৰীসকলৰ সুবিধা-অসুবিধাৰ বাবে আখৰে আখৰে মানি চলিবলগীয়া নহয়। তুমি নীতি মানি চলিলা কিন্তু ইয়াৰ আত্মাটোক ভাঙি পেলালা। তুমি তোমাৰ নীতি কিছু শুভ ইচ্ছা আৰু শুভ মেজাজৰ লগত মিশ্ৰিত কৰিব লাগিব।”

তেওঁ কথাষাৰ ভালদৰে বুজি পালে, আৰু যেতিয়া মই বাছখনৰ পৰা নামিলোঁ সি সম্পূৰ্ণ বন্ধুভাৱেৰে ক’লে, শুভ ৰাত্ৰি’। ০ ০ ০

বি দ্রঃ ‘সকলো এটা কুকুৰৰ বিষয়ে’ গল্পটিৰ ইংৰাজী শিৰোনাম হৈছে ‘All About A Dog’.

অসমীয়া অনুবাদত বিশ্ব চুটি গল্প

আদৰ্শ কৌটিপতি

মূূল  ইংৰাজীঃ অস্কাৰ ওৱাইল্ড (ইংলেণ্ড)

যদি কোনো ব্যক্তি চহকী নহয় তেন্তে তেওঁ সুন্দৰ হোৱাৰ কোনো মূল্য নাই।  আনন্দ-ফূর্তি  হৈছে চহকীসকলৰ বিশেষ সুবিধা, ই নিবনুৱাসকলৰ বাবে  নহয়।  দুখীয়াসকল কৰ্মশীল আৰু নীৰস হ’ব লাগে। আকৰ্ষণীয়ভাৱে দেখনিয়াৰ হোৱাতকৈ স্থায়ী আয় থকাটো বেছি ভাল।   ই হৈছে আধুনিক যুগৰ এক ডাঙৰ সত্য কথা যি কথাটো হুগি এৰস্কাইনে কেতিয়াও উপলব্ধি কৰা নাছিল। দুৰ্ভগীয়া হুগি! বৌদ্ধিকভাৱে, আমি নিশ্চয় স্বীকাৰ কৰিব লাগিব যে তেওঁ অধিক গুৰুত্বপূৰ্ণ ব্যক্তি নাছিল। তেওঁ তেওঁৰ জীৱনত কেতিয়াও বৌদ্ধিক অথবা বেয়া প্ৰকৃতিৰ কোনো কথা কোৱা নাছিল।  কিন্তু কেঁকোৰা মুগা বৰণৰ চুলি,  পৰিপাটি চেহেৰা আৰু বগা চকুযুৰিৰ সৈতে তেওঁ আছিল আচৰিত ধৰণে দেখাত সুন্দৰ। তেওঁ তিৰোতাসকলৰ লগত যিদৰে জনপ্ৰিয় আছিল সেইদৰে তেওঁ পুৰুষসকলৰ লগতো জনপ্ৰিয় আছিল। তেওঁৰ সকলো পূৰ্ণতাই আছিল মাথো টকা উপাজর্নৰ বাহিৰে। তেওঁৰ দেউতাকে তেওঁলৈ  ইচ্ছাপত্ৰৰ জৰিয়তে অশ্বাৰোহীৰ তৰোৱাল আৰু পোন্ধৰটা খণ্ডত উপসাগৰীয় যুদ্ধৰ ইতিহাস এৰি গৈছিল।  হুগিয়ে প্ৰথমে তেওঁৰ চচমাযোৰ পিন্ধিছিল আৰু  দ্বিতীয়টো পিন্ধিছিল ৰাফ গাইডৰৰ আৰু বেইলি’ৰ আলোচনীৰ মাজত আৰু দুইশ বছৰ জীয়াই আছিল। তেওঁ সকলো চেষ্টা কৰিছিল। তেওঁ ছয়মাহৰ কাৰণে ষ্টক এক্সচেঞ্চৰ আছিল, কিন্তু পখিলাই বলধ গৰু আৰু ভালুকৰ মাজত থাকি কি হ’ব? তাতকৈ কিছু দীৰ্ঘ দিনৰ বাবে তেওঁ চাহৰ ব্যৱসায় কৰিছিল,  কিন্তু অতি সোনকালেই পেকো আৰু চ’চঙত ক্লান্তি অনুভৱ কৰিছিল।  তাৰ পিছত তেওঁ শুকান চেৰীফল বিক্ৰী কৰাৰ চেষ্টা কৰিছিল।  সেয়া কোনো কামত অহা নাছিল।  চেৰীবোৰ আছিল কিছু পৰিমাণে বেছি শুকান। পৰিণামত পৰিপূৰ্ণ চেহেৰা আৰু বুদ্ধিমান কিন্তু কোনো জীৱিকাৰ পথ নথকা সুন্দৰ ডেকাজন একো হ’ব নোৱাৰিলে।  

তেওঁ প্ৰেমত পৰিছিল সেয়াই তেওঁৰ অৱস্থা অধিক বেয়া কৰিলে। তেওঁ ভালপোৱা ছোৱালীজনী আছিল এজন অৱসৰপ্ৰাপ্ত সৈনিকৰ জীয়েক লোৰা মাৰ্টন যিজনে তেওঁৰ মেজাজ আৰু জীন শক্তি ভাৰতবৰ্ষত হেৰুৱাইছিল। আৰু সি কেতিয়াও  ইয়াৰ কোনোটো ঘূৰাই পোৱা নাছিল। লোৰাই তেওঁক অতিপাত ভাল পাইছিল আৰু সন্মান কৰিছিল। সিহঁত আছিল লণ্ডনৰ আটাইতকৈ দেখনিয়াৰ যোৰ আৰু সিহঁতৰ মাজত কোনো খুঁত নাছিল।ক’লোনেলজনে হুগীক ভাল পাইছিল  কিন্তু তেওঁৰ কোনো জীৱিকাৰ কথা শুনা নাছিল।

“তুমি তেতিয়াই মোৰ ওচৰলৈ আহিবা যেতিয়া তুমি দহ হেজাৰ পাউণ্ড উপাৰ্জন কৰিব পাৰিবা। আৰু তেতিয়া তোমালোকৰ প্ৰেমৰ কথা বিবেচনা কৰা হ’ব।’ তেওঁ কৈছিল। হুগী সেইদিনবোৰত বৰ দুঃখিত হৈছিল আৰু শান্তনা বিচাৰি লোৰাৰ ওচৰলৈ গৈছিল।

এদিনাখন ৰাতিপুৱা তেওঁ মাৰ্টন পৰিয়াল বসবাস কৰি থকা হলেণ্ড পাৰ্কলৈ গৈ আছিল। বাটত  তেওঁৰ এজন ভাল বন্ধুৰ লগত দেখা কৰিবলৈ ৰৈছিল। বন্ধুজনৰ নাম আছিল এলেন ট্রেভৰ। ট্রেভৰ আছিল এজন চিত্ৰকৰ।আজিকালি অৱশ্যে খুব কম সংখ্যক মানুহেহে এয়া এৰাই চলে।  কিন্তু তেওঁ আছিল এজন শিল্পী আৰু শিল্পীসকলৰ সংখ্যা বিৰল।  ব্যক্তিগতভাৱে তেওঁ আছিল আচৰিত ধৰণে কৰ্কশ ব্যক্তি। তেওঁৰ আছিল মুগা বৰণৰ তিল থকা মুখমণ্ডল, আৰু ৰঙা দাড়ি থকা। কিন্তু তেওঁ যেতিয়া ব্রাছ হাতত লৈ ওপৰলৈ চাইছিল তেওঁক এজন প্ৰকৃত শিল্পী হিচাপে দেখাইছিল আৰু তেওঁৰ চিত্রবোৰ মানুহে আগ্ৰহৰ সৈতে বিচাৰিছিল।  প্ৰথমতে হুগিয়ে তেওঁৰ প্ৰতি অতিপাত আকৰ্ষিত হৈছিল। এয়া নিশ্চয় স্বীকাৰ কৰিব লাগিব যে ই আছিল তেওঁৰ শাৰীৰিক সৌন্দৰ্যৰ বাবে। এজন চিত্ৰকৰে জানিব লগা একমাত্ৰ মানুহ হৈছে, তেওঁ প্ৰায়েই কৈছিল, “সেইসকল মানুহ যিসকল সুন্দৰ, যিকলৰ কলাসুলভ সৌন্দৰ্য আছে আৰু ক’বলৈ গ’লে বৌদ্ধিক মানুহসকল। যিসকল পুৰুষ সুন্দৰ আৰু যিসকল তিৰোতা সুন্দৰী সিহঁতেই পৃথিৱীখন শাসন কৰে, আৰু কমপক্ষেও সিহঁতে শাসন কৰা উচিত।  তথাপি তেওঁ হুগীক ভালদৰে জনাৰ  পিছত, তেওঁ  হুগীৰ উজ্জ্বলতা, সৌন্দৰ্য আৰু উৎসাহী, কৃপা আৰু শান্ত স্বভাৱৰ বাবে  ভাল পাইছিল আৰু সেয়ে চিত্ৰকৰজনে হুগীক তেওঁৰ ষ্টুডিঅ’লৈ সোমোৱাৰ স্থায়ী অধিকাৰ দিছিল। 

যেতিয়া হুগী তেওঁৰ ষ্টডিঅ’লৈ সোমাই গৈছিল, তেওঁ দেখা পাইছিল যে  ট্রেভৰে এজন ভিখাৰীৰ আচৰিত পূৰ্ণাংগ চিত্ৰ অংকন কৰি আছে।  ভিখাৰীজন ষ্টুডিঅ’টোৰ এচুকত ওখ বেদীৰ ওপৰত  থিয় হৈ আছিল।  তেওঁ আছিল  সোতোৰা-সোতোৰ মুখমণ্ডল আৰু সহানুভূতি পোৱাৰ যোগ্য  এজন বুঢ়া মানুহ।

তেওঁৰ শৰীৰৰ ওপৰেদি এটা খহটা ঢিলা পোছাক  আছিল, সকলো আছিল ছিঙা আৰু তাপলি মৰা। তেওঁৰ পাতল জোতাযোৰ আছিল তাপলি থকা। তেওঁ এহাতেৰে এটা খহটা লাঠিৰ ওপৰত ভৰ দি থিয় দি আছিল আৰু আনটো হাতত টুপীটো লৈ ভিক্ষা খুজি আছিল। 

“কি! এক আদৰ্শ আৰ্হি।” হুগীয়ে চিত্ৰকৰজনৰ হাতৰ লগত হাত জোকাৰি ফুচফুচাই কৈছিল।

‘এটা আচৰিত আৰ্হি? ট্রেভৰে উচ্চ সুৰত চিঞৰি উঠিছিল। ‘ময়ো তেনেদৰে ভাৱো! তেনেকুৱা ভিক্ষাৰী প্ৰতিদিন লগ পাব নোৱাৰি।  তেওঁ হৈছে মৰমৰ, এজন জীৱন্ত ভেলাচকুজ! মোৰ নক্ষত্ৰ! তেওঁক কিহে এনেকুৱাকৈ সৃষ্টি কৰিছে!’

‘দুৰ্ভগীয়া বুঢ়া মানুহজন!’ হুগীয়ে কৈছিল, ‘তেওঁ কিমান নিঃস্ব দেখাইছে! কিন্তু মই দেখিছো তোমাৰ দৰে চিত্ৰকৰৰ বাবে তেওঁৰ মুখাবয়ৱ হৈছে ভাগ্যবান, নহয় জানো?’

‘নিশ্চয়,’ ট্রেভৰে উত্তৰ দিছিল। ‘তুমি এজন ভিক্ষাৰীক সুখী দেখাটো নিবিচৰা, নহয়নে?’

‘এনে আৰ্হি এটা কিদৰে বহিব বিচাৰিব পাৰে?’ হুগীয়ে এটা আৰামদায়ক চকীত বহি সুধিছিল।

‘এক ঘন্টাত এক চিলিং।’

‘তুমি তোমাৰ এখন চিত্ৰৰ বাবে কিমান টকা পোৱা, এলান?’ ‘অহ! ইয়াৰ বাবে মই দুহেজাৰ পাম!’

‘দুহেজাৰ পাউণ্ড?’

‘গিনিজ’। চিত্ৰকৰসকল, কবিসকল আৰু চিকিৎসকসকলে সদায় গিনিজহে পায়।’

‘বাৰু, মই ভাৱো, তোমাৰ এই আৰ্হি ব্যক্তিজনেও এটা অংশ পোৱা উচিত।’ হুগীয়ে চিঞৰি উঠিছিল আৰু হাঁহি হাঁহি কৈছিল, ‘সিহঁতেও তোমালোকে কৰা ধৰণেই কঠোৰ পৰিশ্ৰম কৰে।’

অঁকৰা কৰবাৰ! তুমি কিয় অকলে চিত্ৰ আঁকি  আৰু গোটেই দিন এজেলৰ সন্মুখত থিয় হৈ থকাৰ আমনিৰ বিষয়ে ভাবি আছা। কথা পতাটো তোমাৰ বাবে বৰ ভাল, হুগী।  মই তোমাক নিশ্চিতভাৱে ক’ব পাৰোঁ যে কলাই এতিয়া সম্পূৰ্ণ শাৰীৰিক পৰিশ্ৰমৰ মৰ্যদালৈ উন্নীত হৈছে। কিন্তু তুমি কথা পাতিব নোৱাৰা। মই বৰ ব্যস্ত। মোক এটি চিগাৰেট হুপিবলৈ দিয়া আৰু মোক শান্ত কৰা।’

কিছু সময় পিছত লগুৱাজন সোমাই আহিল আৰু বুঢ়া ট্রেভৰক ক’লে যে  ফ্রেমমেকাৰজনে তেওঁৰ লগত কথা পাতিব খোজে। 

‘তুমি গুচি নাযাবা, হুগী,’ তেওঁ বাহিৰলৈ যাওঁতে ক’লে, ‘মই অলপ পিছতে উভতি আহিম।’

বুঢ়া ভিখাৰীজনে ট্রেভৰৰ অনুপস্থিতৰ সুযোগ গ্ৰহণ কৰি ক্ষন্তেক জিৰণি ল’বলৈ তেওঁৰ পিছপিনে থকা কাঠৰ বেঞ্চত বহিল।  তেওঁ  ইমানেই নিঃস্ব আৰু  দুৰ্ভগীয়া দেখাইছিল যে হুগীয়ে তেওঁক সহানুভূতি নেদেখুৱাই থাকিব নোৱাৰিলে। তেওঁ তেওঁৰ পকেটত কিবা টকা আছেনে বিচাৰি চালে। তেওঁ পকেটত কেইটামান সোণৰ আৰু তামৰ মুদ্ৰা পালে। ‘দুৰ্ভগীয়া বুঢ়া ব্যক্তিজন,’  তেওঁ ভাবিলে, ‘মোতকৈ এয়া তেওঁৰহে অধিক প্ৰয়োজন। কিন্তু ই পোন্ধৰ দিনো নচলিব’। কথাটো ভাবি তেওঁ ষ্টুডিঅ’ৰ মাজেদি খোজকাঢ়ি মুদ্ৰাখিনি ভিখাৰীজনৰ হাতত দিলে। 

বুঢ়া মানুহজনে লেৰেলি যোৱা ওঠত মৃদু হাঁহি সানি ক’লে, “ধন্যবাদ, মহাশয়, আপোনাক  ধন্যবাদ।”

ট্রেভৰ আহিল আৰু হুগীয়ে ভিখাৰীজনক দেখুৱা সহানুভূতিৰ আনন্দ অনুভৱ কৰি গুচি আহিল।  তেওঁ গোটেই দিন লোৰাৰ লগত কটালে, তেওঁৰ খৰচৰ বাবে আনন্দদায়ক ধমকনি খালে, তাৰ পিছত ঘৰলৈ খোজ ললে।

সেই ৰাতি প্ৰায় এঘাৰ বজাত তেওঁ পেলেট ক্লাৱলৈ গ’ল আৰু তাতে তেওঁ ট্রেভৰক হ’ক আৰু চেলজাৰ মদ পান কৰি বহি থকা দেখা পালে। 

‘ভাল, এলান, তুমি চিত্ৰটো সম্পূৰ্ণ কৰিলানে?’ তেওঁ ছিগাৰেটত জুই লগালে আৰু সুধিলে। 

‘শেষ কৰিলো আৰু ফ্রেমত সজলো।’ ট্রেভৰে উত্তৰ দিলে, ‘আৰু ইয়াৰ মাজতে তুমি বিজয় লাভ কৰিলা।  সেই বুঢ়া ব্যক্তিজন তোমাৰ প্ৰতি বৰ শ্ৰদ্ধাশীল। মই তেওঁক তোমাৰ বিষয়ে সকলো ক’ব লগা হ’ল– তুমি কোন, তুমি ক’ত বাস কৰা, তোমাৰ আয় কিমান আৰু তোমাৰ কি আশা– এই সকলো।’

‘মোৰ মৰমৰ এলান,’ হুগীয়ে চিঞৰি উঠিল, ‘সম্ভৱত মই তেওঁক মোৰ বাবে অপেক্ষা কৰি থকা দেখিম যেতিয়া মই ঘৰলৈ উভতিম। কিন্তু অৱশ্যে তুমি মাত্ৰ ৰগৰ কৰি আছা। দুৰ্ভগীয়া বুঢ়া ব্যক্তিজন। মই আশা কৰো মই যদি তেওঁৰ বাবে কিবা কৰিব পাৰিলোহেঁতেন। মই ভাৱো ইমান নিঃস্ব হোৱাটো ব্যক্তি এজনৰ বাবে ভয়ংকৰ। মোৰ ঘৰত এসোপামান পুৰণি কাপোৰ আছে। তুমি ভাবানে যে তেওঁ এইবোৰ ভাল পাব ? তেওঁৰ ফটা-কানিবোৰ টুকুৰা-টুকুৰ হৈ গৈছে।

‘কিন্তু তেওঁক সেই ফটা-কানিতেই সুন্দৰ দেখাইছে’, ট্রেভৰে ক’লে। ‘মই  সুন্দৰ পোছাকত তেওঁৰ চিত্ৰ আঁকিব নোৱাৰো।’

‘তুমি যাক ফটা-কানি বুলি কোৱা, মই সেইবোৰক ৰোমাঞ্চ বুলি কওঁ। তুমি যাক দৰিদ্ৰ বুলি দেখা মই তাত সৌন্দৰ্য দেখা পাওঁ। তথাপি মই তেওঁক তুমি দিব বিচৰা কাপোৰখিনিৰ বিষয়ে কম।’

‘এলান’ হুগীয়ে গহীনভাৱে ক’লে, তোমালোক চিত্ৰকৰসকল বহু নিৰ্দয়।’

ট্রে ভৰে ক’লে, ‘এজন চিত্ৰকৰৰ হৃদয় হৈছে তেওঁৰ মূৰটো। লগতে আমাৰ কৰ্তব্য হৈছে আমি পৃথিৱীখনক যিদৰে দেখা পাওঁ সেই ধৰণেই উপলব্ধি কৰিব লাগে। ’

ট্রেভৰে হাঁহি ক’লে, হে  ল’ৰা, ‘তুমি কোৱা সেই বুঢ়া ভিখাৰীজন, হৈছে ইউৰোপৰ আটাইতকৈ ধনী মামানুহবোৰৰ ভিতৰত এজন। তেওঁ তেওঁৰ বেংক হিচাপৰ পৰা কোনো টকা নুউলিওৱাকৈয়ে গোটেই লণ্ডন মহানগৰখন কিনি ল’ব পাৰে। প্ৰতিখন দেশৰ ৰাজধানীত তেওঁৰ ঘৰ আছে, তেওঁ সোনৰ পাত্ৰত খাদ্য খায়, তেওঁ ৰাছিয়াক যুদ্ধলৈ যোৱাত বাধা দিব পাৰে, যদি তেওঁ ইচ্ছা কৰে।’

হুগীয়ে চিয়ঁৰি উঠিল, “এয়া কি?”

ট্রেভৰ ক’লে, মই কওঁ যে বুঢ়া মানুহজন যিজনক তুমি মোৰ ষ্টুডিঅ’ত দেখা পাইছা তেওঁ আছিল বে ৰন হাচবার্গ । তেওঁ মোৰ এজন ডাঙৰ বন্ধু, তেওঁ মোৰ সকলো ছবি কিনে, সেইধৰণৰ সকলো বস্তু মোৰ পৰা ক্ৰয় কৰে। তেওঁ মোক যোৱা মাহত ভিখাৰীৰ বেশত তেওঁৰ চিত্ৰটো অংকন কৰাৰ বাবে মোক আগধন দিছে।  জুয়েজ ভলেজ ভচ?  লা ফেন্টাছি ড’ন মিলিয়নিয়াৰ! আৰু  মই নিশ্চয় ক’ম   ফটা-কানিত তেওঁ বৰ ভাল দেখাইছে, তেওঁ মোৰ পুৰণি ফটা-কানি পিন্ধিছে যিবোৰ মই স্পেইনত থকা সময়ত ব্যৱহাৰ কৰিছিলোঁ।

‘বেৰন হাচবাৰ্গ, হে ঈশ্বৰ!’ হুগীয়ে চিঞৰি উঠিল। ‘মই তেওঁক এক চেভৰিন দিলোঁ। কথাখিনি কৈ তেওঁ বিষন্ন মনেৰে আৰামী চকীখনত বহিল।

‘তুমি তেওঁক এক চেভৰিন মুদ্ৰা দিলা!’ ট্রেভৰে চিঞৰি হাঁহিত ফাটি পৰিল। ‘হে ল’ৰা, মই এয়া আকৌ দেখা নাপাম। ঘটনাবোৰ এনেকুৱাই।’

হুগীয়ে বিৰক্তিৰে ক’লে, “তুমি মোক আগতেই ক’ব পাৰিলাহেঁতেন আৰু তেতিয়া মই নিজকে হাঁহিয়াতৰ পাত্ৰ নসজালোহেঁতেন।

ট্রেভৰে ক’লে “ভাল, ক’বলৈ গ’লে, মই কেতিয়াও ভবা নাছিলোঁ যে তুমি এনেদৰে নভবা নিচিন্তাকৈ ভিক্ষা দিবলৈ যাবা। মই বুজিব পাৰিলোঁ যে তুমি এই সুন্দৰ আৰ্হিটো ভাল পাইছা। তুমি যে এনেকুৱা কুৎসিত ব্যক্তিজনক ভিক্ষা দিবা সেয়া হ’ব নোৱাৰে! ঘটনাটো হ’ল  তুমি যেতিয়া আহিছিলা মই জনা নাছিলো যে হচবাৰ্গৰ নাম লোৱাটো তেওঁ ভাল পাবনে? তুমি জানা যে তেওঁ পৰিপূৰ্ণ পোছাকত নাছিল। 

হুগীয়ে ক’লে, “তেওঁ মোক কিমান মুৰ্খ বুলি ভাবিব!’

‘মুঠেই নহয়। তুমি গুচি যোৱাৰ পিছত তেওঁ অতি উৎফুল্লিত অৱস্থাত আছিল, তেওঁ খিক্‌খিকাই হাঁহি থাকিছিল আৰু তেওঁৰ সোতোৰা পৰা হাত দুখন মোহাৰি আছিল।  মই বুজিব পৰা নাছিলো, তেওঁ কিয় তোমাৰ বিষয়ে ইমান জানিব খুজিছিল। এতিয়া মই সকলো বুজিব পাৰিলোঁ। তেওঁ তুমি দিয়া মুদ্ৰাখিনি তোমাৰ বাবেই বিনিয়োগ কৰিব। তেওঁ তোমাক প্ৰতি ছয়মাহৰ মূৰে মূৰে ইয়াৰ সুদ দি থাকিব। ডিনাৰৰ পিছত মই তোমাক এটি ডাঙৰ ঘটনাৰ বিষয়ে ক’ম।’

হুগীয়ে গোঁজৰণি মাৰি কৈছিল, ‘মই হৈছোঁ এজন দুৰ্ভাগ্যবান চয়তান।’ মোৰ বাবে এতিয়া ভাল কামটো হৈছে বিচনালৈ যোৱা আৰু হে মোৰ মৰমৰ এলান, তুমি এয়া কাৰো ওচৰত নকবা।  মই ইয়াত থকা মানুহৰ ওচৰত মুখ দেখুৱাবলৈ সাহস নকৰো।’

‘অঁকৰা! হে হুগী,  তুমি যে মানৱহিতৈষী সেয়া এইটোৱে দেখুৱাই দিলে। তুমি গুচি নাযাবা। চিগাৰেট এটিকে হোপা আৰু তুমি যিমান পাৰা সিমান তোমাৰ লোৰাৰ বিষয়ে কোৱা।’

কিন্তু হুগীয়ে তেওঁৰ কথা নামানি নিজকে অসুখী ভাবি এলানক হাঁহি থাকিবলৈ দি ঘৰলৈ বুলি খোজ ল’লে। 

পিছদিনাখন যেতিয়া তেওঁ জলপান গ্ৰহণ কৰি আছিল তেতিয়া লগুৱাজনে এটা কাৰ্ড লৈ আহিল য’ত লিখা আছিল, ‘মহাশয় গুষ্টাভ অডিন, এয়া ৰেবণ হাচবাৰ্গৰ পৰা।’

হুগীয়ে নিজকে ক’লে, ‘তেওঁ সম্ভৱত ক্ষমা খুজিবলৈ আহিছে। আৰু তেওঁ আভ্যাগতজনক লৈ আহিবলৈ লগুৱাজনক আদেশ কৰিলে।

সোণৰ চচমা পৰিহিতা আৰু বগা চুলি থকা এজন বুঢ়া ভদ্ৰলোক কোঠালীটোৰ ভিতৰলৈ সোমাই আহিল আৰু ফৰাচী উচ্চাৰণত ক’লে, “মই মহাশয় আৰস্নিকনৰ লগত কথা পাতিব পাৰিমনে?”

হুগীয়ে মূৰ দোৱালে।

‘মই বেৰন হাচবাৰ্গৰ পৰা আহিছোঁ।’ তেওঁ কৈ গ’ল।

হুগীয়ে থোকাথুকি মাতেৰে ক’লে, মই অনুৰোধ কৰো আপুনি তেওঁক ক’ব যে মই তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থী।’

বুঢ়া ভদ্ৰলোকজনে হাঁহি হাঁহি ক’লে, “তেওঁ মোক এই চিঠিটো আপোনাক দিবলৈ পঠাইছে।’ কথাখিনি কৈ তেওঁ এটা মোহৰ মৰা খাম আগবঢ়াই দিলে। 

ওপৰত লিখা আছিল, ’এজন বুবুঢ়া ভিখাৰীৰ পৰা হুগি এৰস্কিন আৰু লোৰা মাৰ্টনৰ বিয়া উপলক্ষে এয়া এক উপহাৰ।’ আৰু ভিতৰত আছিল দহ হেজাৰ পাউণ্ডৰ এখন চেক।

যেতিয়া সিহঁতৰ বিয়া অনুষ্ঠিত হ’ল এলান  ট্রেভৰ আছিল মুখ্য অতিথি আৰু বেৰণজনে বিয়াৰ জলপান উৎসৱত ভাষণ দিছিল। 

‘এলানে মন্তব্য কৰিছিল, ‘কোটিপতিৰ আৰ্হি খুৱ বিৰল, কিন্তু আদৰ্শ কোটিপতি তাতোকৈয়ো বিৰল!” ০ ০ ০

বিঃ দ্ৰঃ ‘আদৰ্শ কৌটিপতি’ গল্পটিৰ ইংৰাজী শিৰোনাম হৈছে ‘The Model Millionaire’.

অসমীয়া অনুবাদত বিশ্ব চুটি গল্প

এশটা পোছাক

মূল ইংৰাজীঃ এল বছৰ এচলাৰ

আজি সোমবাৰ। ওৱাণ্ডা পেট্ৰনস্কি তাইৰ আসনত নাছিল। কিন্তু কোনেও আনকি পেগি আৰু মেডিলিন, যিসকল ছোৱালীয়ে ধেমালী আৰম্ভ কৰিছিল, তাইৰ অনুপস্থিতি লক্ষ্য কৰা নাছিল।  সাধাৰণতে ওৱাণ্ডা তেৰ নম্বৰ কোঠাৰ শেষ শাৰীৰ অন্তিম আসনত  বহিছিল, য’ত কম নম্বৰ পোৱা অভদ্ৰ ল’ৰাসকল  বহিছিল। কোঠাটোৰ সেই চুকতেই আটাইতকৈ বেছি  মজিয়াত ভৰি চোঁচৰা হৈছিল, ধেমেলীয়া কিবা কথা ক’লেই আটাইতকৈ বেছি অট্টহাস্য হৈছিল আৰু মজিয়াত আটাইতকৈ বেছি বোকা আৰু লেতেৰা বস্তু আছিল।

ওৱাণ্ডাই এই কাৰণে তাত বহা নাছিল যে তাই অভদ্ৰ আৰু হাইকাৰী নাছিল। তাৰ বিপৰীতে তাই অতি নীৰৱ আছিল আৰু কাচিৎহে কিবা কৈছিল।  তাৰোপৰি তাইক কোনেও কেতিয়াও শব্দ কৰি হঁহাও শুনা নাছিল। মাজে সময়ে তাই মুখখন পকাই এক ধৰণৰ বক্ৰ হাঁহিৰ সৃষ্টি কৰিছিল, সেইখিনিতে শেষ।

ওৱাণ্ডাই কিয় সেই আসনত বহিছিল তাৰ প্ৰকত কাৰণ কোনেও নাজানিছিল। সম্ভাৱ্য কাৰণ তাই দূৰণিবটীয়া  বগিনচ হেইটৰ পৰা আহিছিল আৰু তাইৰ ভৰিত সাধাৰণতে শুকান  বোকাৰ প্ৰলেপ পৰিছিল। কিন্তু কোঠাটোৰ চুকত এবাৰ তাই বহিলে  কোনেও ওৱাণ্ডা প্ৰেট্ৰনস্কিৰ বিষয়ে প্ৰকৃততে একো ভবা নাছিল।

সিহঁতে ওৱাণ্ডাৰ বিষয়ে ভবা সময়টো আছিল স্কুলৰ সময়ৰ বাহিৰৰ দুপৰীয়াৰ সময় যেতিয়া তেওঁলোকে স্কুললৈ ঘূৰি আহিছিল বা ৰাতিপূৱা স্কুল আৰম্ভ হোৱাৰ আগত  যেতিয়া দুজন, তিনিজন বা তাতোকৈ বেছিৰ এটাই স্কুলৰ চোতাললৈ কথা-পাতি হাঁহি হাঁহি  আহি থাকিছিল।

তেতিয়া, কেতিয়াবা, তেওঁলোকে ওৱাণ্ডাৰ কাৰণে অপেক্ষা কৰিছিল- তাইৰ স’তে ধেমালী কৰিবলৈ।

পিছদিনাখন মঙ্গলবাৰ, ওৱাণ্ডাই সিদিনাও স্কুলত নাছিল আৰু আকৌ কোনেও তাইৰ অনুপস্থিতি লক্ষ্য কৰা নছিল। 

কিন্তু বুধবাৰে পেগী আৰু মেডি, যিসকলে ভাল নম্বৰ পোৱা ল’ৰা-ছোৱালীহঁতৰ লগত সন্মুখত বহিছিল আৰু যিসকলে বোকা গচকি বাট বুলি অহা নাছিল, লক্ষ্য কৰিছিল যে ওৱাণ্ডা তাত নাছিল।  পেগী স্কুলৰ আটাইতকৈ জনপ্ৰিয় ছোৱালী আছিল।  তাই ধুনীয়া আছিল, তাইৰ বহুতো ধুনীয়া পোছাক আছিল আৰু তাইৰ চুলিবোৰ কেঁকোৰা আছিল। মেডী তাইৰ নিকটতম বান্ধৱী আছিল।  পেগী আৰু মেডীয়ে ওৱাণ্ডাৰ অনুপস্থিতি লক্ষ্য কৰাৰ কাৰণ আছিল ওৱাণ্ডাই সিহঁতক পঢ়াশালিলৈ অহাত  পলম ঘটাইছিল। সিহঁতে ওৱাণ্ডাৰ বাবে বহুত  সময় অপেক্ষা কৰিছিল,  তাইৰ সৈতে ধেমালী কৰিবলৈ, তাই হ’লে নাহিল।

সিহঁতে প্ৰায়ে ওৱাণ্ডাৰ বাবে অপেক্ষা কৰিছিল – তাইৰ স’তে ধেমালী কৰিবলৈ।

ওৱাণ্ডা পেট্ৰনিস্ক। তেৰ নম্বৰ কোঠাৰ বেছিভাগ ল’ৰা-ছোৱালীৰে তেনেকুৱা নাম নাছিল। সিহঁতৰ সহজতে ক’ব পৰা নাম আছিল, যেনে- টমাচ, স্মিথ বা এলেন। এজন ল’ৰা আছিল যাৰ নাম বাউঞ্চ আৰু মানুহে সেয়া হাস্যকৰ বুলি ভাবিছিল, কিন্তু পেট্ৰনস্কিৰ দৰে হাস্যকৰ নাছিল।

ওৱাণ্ডাৰ কোনো বন্ধু নাছিল। তাই অকলশৰে পপঢ়াশালিলৈ আহিছিল আৰু অকলশৰে ঘৰলৈ ওভতিছিল। তাই সদায় এটা বিবৰ্ণ নীলা ৰঙৰ পোছাক পৰিধান কৰিছিল যিটো তাইৰ গাত ভালকৈ খাপ খোৱা নাছিল। পোছাকটো চাফা আছিল, কিন্তু দেখাত এনেকুৱা লাগিছিল যেন কেতিয়াও ভালদৰে ইস্ত্ৰি কৰা হোৱা নাই। তাইৰ কোনো বান্ধৱী নাছিল, কিন্তু বহুতো ছোৱালীয়ে তাইৰ স’তে কথা পাতিছিল। কেতিয়াৱা তাই সৰু সৰু ছোৱালীয়ে ক্ষয় যোৱা, কঠিন মাটিত হাচতি খেলি থকা চাই থাকোতে সিহঁতে স্কুলৰ চোতালত তাইৰ চাৰিওফালে গোট খাইছিল। 

‘ওৱাণ্ডা’ পেগীয়ে অতি জিজ্ঞাসু ভাবত মাতে যেন তাই মিচ ম্যাচন (শিক্ষয়িত্ৰী) ৰ লগতহে কথা পাতি আছে।  ‘ওৱাণ্ডা’ তাই সুধে, তাইক কোনোবা এগৰাকী বান্ধৱীক লাহেকৈ ঠেলা মাৰি, “কোৱাচোন, কিমানটা পোছাক কৈছিলা, তুমি তোমাৰ কাপোৰ থোৱা কোঠাত ওলমাই থৈচা বুলি।”

‘এশটা’, ওৱাণ্ডাই কয়।

‘এশটা!’ আটাইকেইটা সৰু ছোৱালীয়ে অবিশ্বাস্যত চিঞৰি উঠে আৰু হাচতি খেলি থকা সৰু সৰুছোৱালীবোৰে খেলিবলৈ এৰে আৰু শুনে। 

‘হয়, এশটা, গোটেইবোৰ শাৰী শাৰীকৈ থোৱা আছে।’ ওৱাণ্ডাই কয়। তেতিয়া তাইৰ পাতল ওঁঠ দুটি  লগ হৈ নীৰৱ হৈ যায়। 

‘সিবোৰ কেনেকুৱা? গোটেইবোৰ চিল্কৰ, ‘মই বাজি মাৰো’, পেগীয়ে কৈছিল।

‘হয়, আটাইবোৰ চিল্কৰ, সকলো ৰঙৰ।’

‘মখমল কাপোৰো?’

‘হয়, মখমলো। এশটা পোছাক’, ওৱাণ্ডাই ন দি কয়। আটাইবোৰ মোৰ কাপোৰ থোৱা কোঠাটোত শাৰীকৈ থোৱা আছে।

তাৰ পিছত সিহঁতে তাইক যাবলৈ দিয়ে আৰু তেতিয়া তাই অলপ দূৰলৈ নাযাওঁতেই সিহঁতে আটাহ পাৰি খিলখিলাই নাহাঁহি নোৱাৰে।

এশটা পোছাক। দেখদেখকৈ তাইৰ মাত্ৰ নীলা ৰঙৰ এটাহে পোছাক আছিল যিটো তাই প্ৰতিদিন পিন্ধিছিল। গতিকে তাই এশটা পোছাক থকা বুলি কিয় কৈছিল? কিযে গল্প!

‘তোমাৰ কিমানটা জোতা থকা বুলি কৈছিলা?’

‘ষাঠিযোৰ। আআটাইবোৰ মোৰ পোছাক থোৱা কোঠাটোত শাৰী শাৰীকৈ থোৱা আছে।’ মাত্ৰাধিক ভদ্ৰতাৰ চিঞৰে এই কথাটো অভিবাদন জনাইছিল।

‘সকলো একে ধৰণৰ?’

“ওহো নহয়। প্ৰতিযোৰেই বেলেগ বেলেগ। সকলো ৰঙৰ।  আটাইবোৰ শাৰীকৈ থোৱা আছে।”

পেগী, যিগৰাকীয়ে এই খেল পৰিকল্পনা কৰিছিল, আৰু মেডী, তাইৰ অবিচ্ছেদ্য বান্ধৱী, সদায় সৰ্বশেষত এৰিছিল।  অৱশেষত ওৱাণ্ডাই ৰাস্তালৈ আগবাঢ়িছিল। তাইৰ চকুযুৰি নিষ্প্ৰভ আৰু মুখখন বন্ধ, তাইৰ বাও কান্ধটো বাৰে বাৰে এক  হাস্যকৰ ভঙ্গীমাত জোকাৰি জোকাৰি অকলশৰে স্কুললৈ  তাইৰ খোজকঢ়া শেষ কৰিছিল। 

পেগী দৰাচলতে কঠোৰ নাছিল।  তাই সৰু সৰু ল’ৰা-ছোৱালীবোৰক  কাজিয়া কৰি ফুৰাৰ পৰা ৰক্ষণােবক্ষণ দিছিল। আৰু কোনো জীৱ-জন্তুক দুৰ্ব্যৱহাৰ কৰা দেখিলে তাই কেইবাঘন্টা জুৰি কান্ধিছিল। যদি কোনোবাই তাইক কৈছিল, ‘তুমি নাভাবানে ওৱাণ্ডাক তেনেদৰে আচৰণ কৰাটো নিষ্ঠূৰতা?’ ছোৱালীজনীয়ে কিয় কৈছিল  তাইৰ এশটা পোছাক থকা বুলি? সকলোৱে ক’ব যে সেইটো এটা মিছা কথা। তাই কিয় মিছা মাতে? তাৰোপৰি তাই কোনো সাধাৰণ ব্যক্তি নহয়, অন্যথা তাইৰ নামটো কিয় তেনেকুৱা? যিকি নহওক সিহঁতে তাইক কেতিয়াও কন্দুৱা নাছিল।

আৰু মেডীৰ বাবে, প্ৰতিদিনেই ওৱাণ্ডাক কেইটা পোছাক, কেইটা টুপী, আৰু কিমানটা এইটো আৰু কিমানটা সেইটো বুলি সোধা কাৰ্যটো আছিল তাইক আমনি কৰা। মেডী নিজেই দুখীয়া আছিল। তাই সাধাৰণতে আনৰ পুৰণা কাপোৰ পিন্ধিছিল। ভাগ্য ভাল তাই বগিন হেইটত বসবাস নকৰিছিল আৰু হাস্যকৰ নাম নাছিল। 

কেতিয়াৱা, যেতিয়া পেগীয়ে ওৱাণ্ডাক কৃত্ৰিম বিনম্ৰ সুৰত সেইবোৰ প্ৰশ্ন সুধিছিল, মেডীয়ে ললজ্জ্যবোধ কৰিছিল। আৰু তাইৰ হাতৰ তলুৱাত থকা  মার্বলবোৰ চাৰিওফালে ঘূৰাই ঘূৰাই  অধ্যয়ন কৰিছিল আৰু নিজে একো কোৱা নাছিল।  অৱশ্যে ঠিক এনে নহয় যে তাই  ওৱাণ্ডাৰ বাবে দুখিত আছিল। পেগীয়ে পোছাক বিষয়ক খেলটো  আৱিষ্কাৰ নকৰা হ’লে  তাই হয়তো কেতিয়াও ওৱাণ্ডাক গুৰুত্ব নিদিলেহেঁতেন। কিন্তু পেগী আৰু আনবোৰে যদি  ইয়াৰ পিছত তাইক আকৌ জোকাবলৈ আৰম্ভ কৰিলেহেঁতেন? সম্ভৱত তাই ওৱাণ্ডাৰ সমান দুখীয়া নাছিল, কিন্তু তাই দুখীয়া আছিল।  অৱশ্যে তাইৰ এশটা পোছাক থকা বুলি কোৱাতকৈ বেছি কাণ্ডজ্ঞান আছিল। তথাপিও সিহঁতে তাইক তেনেদৰে প্ৰশ্ন সুধিবলৈ  আৰম্ভ কৰাটো তাই পছন্দ নকৰিলেহেঁতেন।  তাই পেগীয়ে ওৱাণ্ডা পেট্ৰনস্কিক ঠাট্টা কৰাটো বন্ধ হোৱা কামনা কৰিছিল।

যদিও সিহঁতৰ স্কুললৈ আহোতে পলম হৈছিল, মেডী আনন্দিত হৈছিল যে  তাই ওৱাণ্ডাক ঠাট্টা কৰিবলগা হোৱা নাই। অন্যমনস্কভাবে তাই তাইৰ অংকৰ সমস্যা সমাধান কৰিছিল। ‘আঠৰ আঠ গুণ ……. চাও বাৰু ….. ।’ তাই পেগীক এটা টোকা লিখাৰ  সাহস থকাটো কামনা কৰিছিল কাৰণ তাই জানিছিল যে তাই কেতিয়াও পেগীৰ লগত পোনপটীয়াকৈ কথা পাতিবলৈ সাহস গোটাব নোৱাৰিব, এই বুলি ক’বলৈ, “এই পেগী,  ওৱাণ্ডাৰ কেইটা পোছাক আছে বুলি সুধিবলৈ – আমি বাদ দিও দিয়া।” অংক শেষ কৰাৰ পিছত তাই  পেগীলৈ এটা টোকা লিখিবলৈ লৈছিল।  হঠাৎ তাই ৰৈ গ’ল আৰু  চখ খাই উঠিল।  তাই নিজকে স্কুলৰ চোতালত  অংকিত কৰিছিল, পেগী আৰু আইনবোৰ ছোৱালীৰ নতুন লক্ষ্য হিচাপে। পেগীয়ে তাইক যেন সুধিব পাৰে তাই পিন্ধা পোছাকটো ক’ত পাইছে, আৰু মেডীয়ে ক’ব যে  এইটো পেগীৰে এটা পুৰণা পোছাক যিটো মেডীৰ মায়েকে নতুনকৈ চিলাই দি  ছদ্মবেশ দিয়াৰ চেষ্টা কৰিছে।  যাতে তেৰ নং কোঠাৰ কোনেও  তাইক চিনিব নোৱাৰে।

পেগীয়ে যদি নিজেই ওৱাণ্ডাৰ লগত  ঠাট্টা নকৰিবলৈ সিদ্ধান্ত ললেহেঁতেন। উহ! মেডীয়ে তাইৰ চুটি সোণালী চুলিৰ  মাজেৰে হাত বুলাই  দিলে যেন সেই অস্বস্তি  ঠেলি আতঁৰাব বিচাৰিছে। এইটো যে কি পাৰ্থক্য কৰিছিল? লাহে লাহে মেডীয়ে আৰম্ভ কৰা টোকাটো  টুকুৰা-টুকুৰকৈ ফালি পেলাইছিল। তাই পেগীৰ আটাইতকৈ প্ৰিয় বান্ধৱী আছিল আৰু পেগী গোটেই কোঠাটোৰ সবাতোকৈ বেছি প্ৰিয় ছোৱালী আছিল।  পেগী সম্ভৱতঃ এনে একো কৰিব নোৱাৰে যিটো একেবাৰে ভুল, তাই ভাবিছিল।

আৰু ওৱাণ্ডা, তাই আছিল কেৱল বগিন হেইটত বাস কৰা কোনোৱা এজন ছোৱালী আৰু তাই স্কুলৰ চোতালত অকলশৰে থিয়হৈ আছিল।  তাই কাচিৎহে কাৰোবাক কিবা কৈছিল। বিদ্যালয়ৰ চোতালত তাইৰ  এশটা পোছাকৰ বিষয়ে কোৱা সময়তহে কেৱল তাই কথা কৈছিল। মেডীয়ে তাইক কোনোবা এটা পোছাকৰ বিষয়ে কোৱা মনত পৰিছিল, হেতা নীলাৰ লগত  ৰঙ্গীন পাৰি লগোৱা। আৰু তাইৰ আন এটাৰ কথা মনত পৰিছিল যিটো ৰঙা পেটীৰ সৈতে উজ্জ্বল বন-সেউজীয়া ৰঙৰ আছিল।  সিটো পোছাকত ‘বৰ দিনৰ গছ যেন লাগিব’  কৃত্ৰিম প্ৰশংসা কৰি ছোৱালীবোৰে কৈছিল। 

ওৱাণ্ডা আৰু তাইৰ কাপোৰ থোৱা কোঠালীত শাৰী শাৰীকৈ থোৱা এশটা পোছাকৰ বিষয়ে  ভাবি ভাবি মেডীয়ে চিত্ৰাংকন আৰু ৰঙ প্ৰতিযোগিতাত কোনেনো জিকিব পাৰে বুলি কল্পনা কৰিব ধৰিছিল।  বালিকাসকলৰ বাবে, এই প্ৰতিযোগিতাত আছিল পোছাকৰ নমুনা বনোৱা  আৰু বালকসকলৰ বাবে যন্ত্ৰচালিত নাওৰ নক্সা বনোৱা। সম্ভৱত পেগী ছোৱালীৰ মেডেল জিকিব। পেগী কোঠালীটোৰ সবাতোকৈ বেছি ধুনীয়া আঁকিছিল।  কমচে কম, সেইটোৱে সকলোৱে ভাবিছিল। তাই আলোচনীৰ কোনো ছবি বা কোনোবা কথাছবিৰ নায়কৰ  মূৰ  নকল কৰিব পাৰিছিল বা সেইটো কোন প্ৰায় ক’ব পৰা যায়। অ’, মেডী নিশ্চিত আছিল যে পেগীয়ে জিকিব। বাৰু কাইলৈ শিক্ষকে বিজেতাসকলৰ নাম ঘোষণা কৰিব। তেতিয়া তেওঁলোকে গম পাই যাব।

পিছদিনা কিনকিনিয়া বৰষুণ দি আছিল। পেগী আৰু মেডীয়ে পেগীৰ ছাতিৰ তলত  খৰখেদাকৈ স্কুললৈ গৈছিল। স্বাভাবিকতেই,  এনে এটা দিনত, সিহঁতে অলিভাৰ পথৰ চুকত ওৱাণ্ডাৰ বাবে অপেক্ষা কৰা নাছিল। সেই পথটো দূৰ-দূৰণিত থকা  ৰেল লাইনৰ তলেদি  আৰু পাহাৰৰ ওপৰলৈ, বগিন হেইটলৈ গৈছিল।  যিকি নহওঁক, সিহঁতে আজি স্কুললৈ পলম হোৱাৰ কোনো সুযোগ ল’ব খোজা নাছিল কাৰণ আজি আছিল গুৰুত্বপূৰ্ণ দিন।

মিচ ম্যাচনে আজি বিজেতাসকলৰ নাম ঘোষণা কৰিব বুলি তুমি ভাবানে?” পেগীয়ে সুধিছিল।

অ’, মই তেনেই ভাবিছো, আমি গৈ পোৱাৰ লগে লগেই’, মেডীয়ে কৈছিল। “অৱশ্যে তুমিয়েই জিকিবা পেগী।”

‘আশা কৰো তেনেকুৱাই হ’ব’, Îপগীয়ে আগ্ৰহেৰে কৈছিল।

সিহঁতে শ্ৰেণীকোঠাত প্ৰৱেশ কৰিছিল। সিহঁতে গৈছিল আৰু বৰকৈ ধাউতি কৰিছিল।  কোঠাটোৰে সকলোতে চিত্ৰাংকন পৰি আছিল, সকলো খলপ আৰু খিৰিকীৰ গঁড়িলাৰ ওপৰত, চকমকীয়া ৰংৰ আৰু উজ্জ্বল অতি সুন্দৰ নক্সাবোৰ, আটাইবোৰ ডাঙৰ ডাঙৰ মেৰিয়াই থোৱা কাগজ খিলাত অংকন কৰা হৈছিল। এশটামান হ’ব, আটাইবোৰ শাৰী শাৰীকৈ থোৱা আছিল সেইবোৰেই নিশ্চয় প্ৰতিযোগিতাৰ চিত্ৰাংকন আছিল। সেইবোৰই আছিল। সকলোৱে ৰৈ গৈছিল আৰু সুহুৰি বজাইছিল বা প্ৰশংসাত ভোৰভোৰাইছিল। 

শ্ৰেণীৰ আটাইবোৰ গোট খোৱাৰ  লগে লগেই মিচ ম্যাচনে বিজেতাসকলৰ নাম ঘোষণা কৰিছিল। বালকসকলৰ ভিতৰত জ্যাক বেগলচ জিকিছিল, তাই কৈছিল আৰু তেওঁৰ নাৱৰ লগত সংযোজন কৰিব পৰা কলৰ নক্সাটো আন সকলো ল’ৰাই অঁকা  চিত্রবোৰৰ লগত বাৰ নম্বৰ কোঠাত প্ৰদৰ্শন কৰা হৈছে। 

“ছোৱালীবোৰৰ ভিতৰত” তাই কৈছিল, “যদিও বহুতে দুটা এটাহে জমা দিছিল, এজনী ছোৱালী – আৰু  তেৰ নম্বৰ কোঠাই  তাইক লৈ গর্বিত হোৱা উচিত – এই এজনী ছোৱালীয়ে দৰাচলতে এশটা নক্সা আঁকিছিল – আটাইবোৰ বেলেগ বেলেগ আৰু আটাইবোৰ ধুনীয়া।  বিচাৰকৰ মতে তাৰে যিকোনো এটা চিত্ৰ পুৰস্কাৰ পোৱাৰ যোগ্য। মই ক’বলৈ বৰ সুখী যে ওৱাণ্ডা পেট্ৰনস্কি বালিকা মেডেল বিজেতা। দুৰ্ভাগ্যবশতঃ কিছুদিনৰ পৰা ওৱাণ্ডা স্কুলত অনুপস্থিত আছিল আৰু হাত চাপৰি গ্ৰহণ কৰিবলৈ তাই ইয়াত নাছিল  যিটো তাইৰ প্ৰাপ্য আছিল। আশা কৰো তাই কাইলৈ উভতিব। এতিয়া তোমালোকে শৃঙ্খলাবদ্ধভাবে হাই-উৰুমি নকৰাকৈ  কোঠাটোলৈ যোৱা আৰু তাইৰ আটক ধুনীয়া চিত্রবোৰ চোৱাগৈ।”

ল’ৰা-ছোৱালীবোৰে হঠাৎ হাত চাপৰি বজাইছিল আৰু আনকি লৰাবোৰেও মজিয়াত খোজ দিবলৈ সুযোগ পাই আনন্দিত হৈছিল, মুখত আঙুলি ভৰাইছিল আৰু সুহুৰি মাৰিছিল, যদিও পোছাকৰ প্ৰতি তেওঁলোকৰ কোনো আগ্ৰহ নাছিল।

‘চোৱাচোন পেগ’, মেডীয়ে ফুচফুচাই কৈছিল, ‘সৌটো তাই আমাক কোৱা নীলা পোছাকটো, ধুনীয়া নহয়নে?’

‘হয়’, পেগীয়ে কৈছিল, “আৰু ইয়াতেই সেই সেউজীয়াটো। আৰু মই ভাবিছিলো যদি আঁকিব পাৰিলোহেঁতেন!” ! ০ ০ ০

বিঃ দ্ৰঃ ‘এশটা পোছাক’ গল্পটিৰ ইংৰাজী শিৰোনাম হৈছে ‘The Hundred Dresses’.

অসমীয়া অনুবাদত বিশ্ব চুটি গল্প

ঢোল

মূল ৰাজস্থানীঃ পৰম্পৰাগত (ভাৰত)

(‘ঢোল’ গল্পটো হৈছে ৰাজস্থানৰ এটি লোক-কাহিনী। লোক-কাহিনী হ’ল কোনো বিশেষ অঞ্চলৰ পুৰণি পৰম্পৰাগত গল্প যি পুৰুষানুক্ৰমে কথিত ৰূপত চলি আহিছে।)

লক্ষ্মীয়ে তাইৰ একমাত্ৰ পুত্ৰৰ সৈতে ৰাজস্থানৰ এখন সৰু গাওঁত বাস কৰিছিল। তাই জীৱিকা অৰ্জনৰ বাবে পুৱাৰ পৰা ৰাতিলৈকে কঠোৰ পৰিশ্ৰম কৰিছিল। তাই গাওঁৰ মানুহবোৰৰ বাবে শস্য গুড়ি কৰিছিল আৰু তাৰ বিনিময়ত টকা পাইছিল। সেই টকাৰে তাই ঘৰুৱা খৰচ চলাইছিল।  কিন্তু তাই সুন্দৰ পোছাক  আৰু তাইৰ একমাত্ৰ পুত্ৰটোৰ বাবে পুতলা কিনিব পৰা নাছিল। এইটোৱে তাইক বৰ কষ্ট দিছিল।

তাইৰ অমায়িক আচৰণৰ বাবে লক্ষ্মীক গাওঁৰ সকলোৱে ভাল পাইছিল।  এদিনাখন তাই বজাৰলৈ গৈ আছিল। তাই পুত্ৰক সুধিলে, “তুমি কিবা বিচৰানে, মইনা?” পুত্ৰজনে উত্তৰ দিছিল, “এখন ঢোল, মা।” লক্ষ্মীয়ে তাইৰ পুত্ৰক মৰমেৰে লাহেকৈ চপৰিয়াইছিল আৰু মৰমলগাকৈ হাঁহিছিল আৰু বজাৰলৈ গৈছিল।

লক্ষ্মীয়ে বজাৰৰ পৰা আটা, নিমখ আদিৰ দৰে কিছু প্ৰয়োজনীয় বস্তু ক্ৰয় কৰিছিল। তাইৰ পুত্ৰৰ বাবে তাই এটা ঢোল কিনিবলৈ ইচ্ছা কৰিছিল। কিন্তু হায়! তাইৰ কোনো টকা ৰাহি হোৱা নাছিল।  তাই বৰ দুঃখিত হৈছিল। তাই ঘৰলৈ ওভতি অহাৰ সময়ত, তাই বাটত দুটা সুন্দৰ কাঠৰ টুকুৰা দেখা পাইছিল আৰু বুটলি লৈছিল।  ঘৰ পাই তাই তাইৰ পুত্ৰলৈ দুখেৰে কৈছিল, “মই বৰ দুঃখিত, পু্‌ত্ৰ। মই তোমাক এটি ঢোল দিব নোৱাৰিলোঁ।” কিন্তু পুত্ৰজনে কৈছিল, “দুখ নকৰিবা, মা। তুমি এয়া পিছতো দিব পাৰিবা। এতিয়া মই কাঠৰ এই টুকুৰা দুটা খেলিবলৈ ল’ব পাৰোনে?” লক্ষ্মীয়ে মূৰ দূপিয়াইছিল আৰু কৈছিল, “হয়, যোৱা আৰু খেলা কিন্তু এন্ধাৰ হোৱাৰ আগতে ঘৰলৈ ঘূৰি আহিবা।”

ল’ৰাজনে তেওঁৰ বন্ধুসকলৰ লগত খেলিবলৈ বাহিৰলৈ ওলাই গৈছিল। হঠাৎ তেওঁ দূৰত এজনী বুঢ়ীক দেখিবলৈ পালে। তিৰোতাজনীয়ে  তাইৰ ল’ৰা-ছোৱালীৰ বাবে খাদ্য প্ৰস্তুত কৰিবলৈ শুকান গোৱৰৰ লডাৰে তাইৰ চৌকাটোত জুই জ্বলাবলৈ চেষ্টা কৰি আছিল কিন্তু চাৰিওফালে অকল ধোঁৱাহে  উঠিছিল।  ল’ৰাজন আগবাঢ়ি আহিল আৰু তেওঁৰ কাঠৰ টুকুৰা দুটা তাইক দি দিলে যাতে তাই জুই জ্বলাব পাৰে আৰু  ৰান্ধিব পাৰে। বুঢ়ীজনী বৰ সন্তুষ্ট হ’ল। তাই জুই জ্বলালে আৰু কেইটামান ৰুটি প্ৰস্তুত কৰিলে আৰু ইয়াৰ এটা ল’ৰাটোক দিলে।

ল’ৰাজনে ৰুটিটো ল’লে আৰু গুচি গ’ল। বাটত তেওঁ এজন কুমাৰৰ ঘৈনীয়েকক লগ পালে।  তাইৰ কেঁচুৱাজন কান্দি আছিল।  কেঁচুৱাজন কিয় কান্দি আছে বুলি ল’ৰাজনে সুধিলে। কুমাৰৰ ঘৈনীয়েকজনীয়ে ক’লে যে কেঁচুৱাজন ভোকাতুৰ আৰু তাক খুওৱাবলৈ তাইৰ একো বস্তু নাই। ল’ৰাজনে কেঁচুৱাটোৰ বাবে দুখ পাইছিল।  তেওঁ ৰুটি টুকুৰা কুমাৰৰ ঘৈনীয়েকজনীক দিলে। তাই ল’ৰাজনৰ প্ৰতি বৰ কৃতজ্ঞ হ’ল আৰু  কৃতজ্ঞতাৰ চিহ্ন হিচাপে  তাই ল’ৰাজনক এটা মাটিৰ পাত্ৰ দিলে।

ল’ৰাজনে পাত্ৰটো বৰ আনন্দৰে গ্ৰহণ কৰিলে আৰু গুচি গ’ল। কিছু সময় পিছত তেওঁ এটা নদী দেখা পালে।  তেওঁ লক্ষ্য কৰিলে যে এজন ধোৱা আৰু তেওঁৰ ঘৈনীয়েকজনীয়ে নদীৰ পাৰত কাজিয়া কৰি আছে। ল’ৰাজনে ধোৱাজনৰ ওচৰলৈ দৌৰি গ’ল আৰু সুধিলে, “তোমালোকে কিয় কাজিয়া কৰি আছা?” ধোৱাজনে খঙেৰে উত্তৰ দিলে, “তাই মোৰ একমাত্ৰ পাত্ৰটো ভাঙিছে। এতিয়া কাপোৰবোৰ সিজাবলৈ মোৰ কোনো পাত্ৰ নাই। ল’ৰাজনে তেওঁৰ পাত্ৰটো দিলে আৰু ক’লে, “এই পাত্ৰটো লোৱা আৰু কাজিয়া নকৰিবা।” ধোৱাজন বৰ আনন্দিত হ’ল। তেওঁ ল’ৰাজনক এটা শ্বাল (চাদৰ) দিলে। 

ল’ৰাজনে সোনকালে এটা দলঙৰ ওচৰলৈ আহিল য’ত তেওঁ এজন মানুহক জাৰত কঁপি থকা দেখা পালে।  মানুহজনে বৰ্ণনা কৰিলে কিদৰে ডাকইতে তেওঁৰ সকলো সম্পত্তি আনকি তেওঁৰ কাপোৰবোৰো হৰণ কৰি লৈ গ’ল। ল’ৰাজনে মানুহজনৰ প্ৰতি সহানুভূতি দেখুৱাই তেওঁৰ শ্বাল (চাদৰ)খন দি দিলে।  মানুহজন ইমানেই সুখী হ’ল যে তেওঁ ল’ৰাজনক তেওঁৰ ঘোঁৰাটো দি দিলে।  ল’ৰাজনে কেতিয়াও আশা কৰা নাছিল যে তেওঁ নিজৰ বাবে এটা ঘোঁৰা পাব। তেওঁ ঘোঁৰাত উঠিল আৰু গৈ থাকিল। 

অলপ সময় পিছত ল’ৰাজনে এটা বৰযাত্ৰীৰ দল লগ পালে। কিন্তু   তেওঁ  দেখি আচৰিত হ’ল যে মানুহবোৰে এটা গছৰ তলত দুখ মনেৰে বহি আছে।  তেওঁ থমকি ৰ’ল আৰু দৰাৰ দেউতাকক সুধিলে, “এনে এটা বিশেষ দিনত আপোনালোক কিয় দুঃখিত হৈছে?” দেউতাকজনে উত্তৰ দিলে, “আমি পু্‌ত্ৰজনৰ বিয়ালৈ যোৱাৰ বাবে প্ৰস্তুত। কিন্তু যিজন ব্যক্তিয়ে ঘোঁৰা এটা যোগাৰ কৰি আনিব বুলি ভবা হৈছিল তেওঁ এতিয়াও আহি পোৱা নাই।  আমাৰ পলম হৈ আছে আৰু আমি ভয় কৰো যে আমি বিবাহৰ শুভক্ষণ হেৰুৱাম।” ল’ৰাজনে তৎক্ষণাত তেওঁৰ ঘোঁৰাটো দি দিলে আৰু ক’লে, “সোনকাল কৰক, আপোনালোকে নিশ্চয় বেগাই যাব লাগিব অন্যথা আপোনালোকে অসুবিধাত পৰিব পাৰে।” দৰাজন ইমানেই আনন্দিত হ’ল যে তেও’ ল’ৰাজনক সুধিলে যে  ইয়াৰ পৰিৱৰ্তে তেওঁ  কি কৰিব পাৰে। ল’ৰাজনে উত্তৰ দিলে, “বাৰু, যদি তুমি সঁচাকৈয়ে মোক কিবা দিব বিচৰা তেন্তে তোমাৰ বাদ্যকৰজনে কঢ়িয়াই থকা ঢোলটো মোক দিয়া।” দৰাজনে ল’ৰাজনক অন্ততঃ কিবা দিব পাৰি সুখী হ’ল। তেওঁ লৰাজনক আনন্দৰে ঢোলটো দি সোনকালে গুচি গ’ল।

ল’ৰাজন ঘৰলৈ ঘূৰি আহি ঢোলখন মাকক দেখুৱালে। তেওঁ গর্বৰে ক’লে কিদৰে তেওঁ কাঠৰ টুকুৰা দুটাৰ সহায়ত ঢোলখন লাভ কৰিলে।  লক্ষ্মী বৰ সুখী আৰু সন্তুষ্ট হ’ল। তাই তেওঁৰ পিনে চাই হাঁহিলে আৰু ক’লে, “মনত ৰাখিবা, ঈশ্বৰে সেইসকল বক্তিক সহায় কৰে যিসকলে আনক সহায় কৰে।” ০ ০ ০

সমাপ্ত 

সদৃশ ৰচনা :

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ: 

Leave a Reply

Your email address will not be published. Required fields are marked *