অসমীয়া অনুবাদত বিশ্ব কবিতা 

অসমীয়া অনুবাদত বিশ্ব কবিতা  

ৰাবিব মছৰুৰ

 

 

গ্র’হিলচ্ পাব্লিশ্বিং

কমলপুৰ, বৰপেটা  (অসম)

Asomiya Anubadat Bishwa Kabita (W0rld Poems in Assamese Translation)  by Rabbi Masrur, Published by Growhills Publishing.

 

Internet Editon: 2020

Website: www.growhillsnet.com

Email: growhills@growhillsnet.com

Price: Rs. ………….. 

 

D. T. P. By  Rabbi Masrur

Printed at :

অনুবাদকৰ একাষাৰ

সম্ভৱতঃ সৰহভাগ লিখকেই সিহঁতৰ লিখক জীৱনৰ প্ৰাৰম্ভিক কালত কবিতাৰ প্ৰেমত পৰে। ময়ো তাৰ ব্যতিক্ৰম নহয়।  সেয়ে মোৰ লিখক জীৱনৰ আৰম্ভণিতে বহুতো দেশী-বিদেশী কবিৰ কবিতা বুজো-নুবুজোকৈ গোগ্ৰাসে পঢ়ি গৈছিলোঁ। লাহে লাহে এই প্ৰেম গভীৰ হৈছিল। কিছু নিৰ্দিষ্ট কবিৰ কবিতাই মোৰ আবেগিক মনক বাৰুকৈয়ে আকৰ্ষণ কৰিছিল। এটা সময়ত মোৰ ভাল লগা কিছুমান কবিতা অসমীয়ালৈ অনুবাদ কৰিবলৈ আৰম্ভ কৰিছিলোঁ। কিন্তু কবিতা অনুবাদ কাৰ্য আৰম্ভ কৰাৰ লগে লগে কবিতা সম্পৰ্কে মোৰ কিছুমান অভিজ্ঞতা হ’লে  যে,

প্ৰথমত, কবিতাই হৈছে সাহিত্যৰ সকলোবোৰ শাখাৰ ভিতৰত অতি জটিল, বহুৰূপী, আন্তৰ্জাতিক আৰু সাৰ্বজনীন ।

দ্বিতীয়ত, কবিতা সৃষ্টিৰ বাবে লাগে ভাষিক দক্ষতা, মস্তিষ্কৰ উৰ্বৰতা আৰু অনুভৱৰ কোমলতা।

তৃতীয়তে, কবিতাৰ ব্যাখ্যা আৰু অনুবাদ অসম্ভৱ।

তথাপি মোৰ ভাললগা কিছুমান কবিতা পঢ়ি যোৱাৰ লগে লগে কবিতাসমূহৰ ভাববোৰ অসমীয়ালৈ অনুবাদ কৰাৰ দুৰুহ প্ৰচেষ্টা চলোৱা হৈছিল। তাৰ ফলশ্ৰুতিত জন্ম হ’ল “অসমীয়া অনুবাদত বিশ্ব কবিতা” শিৰোনামৰ এই অনুদিত কবিতা সংকলনখন।

এই অনুদিত কবিতা সংকলনখনত বিশ্বৰ মাত্ৰ কেইটিমান ভাষাৰ  মোৰ পৰিচিত কেইজনমান কবিৰ কবিতাৰ অনুবাদহে সন্নিবিষ্ট কৰা হৈছে। কবিতাৰ আক্ষৰিক অনুবাদ যিহেতু অসম্ভৱ সেয়ে এই অনুবাদ  ভাৱমূলকহে। কবিতাসমূহ অনুবাদ কৰোঁতে মই যিমান পাৰোঁ সিমান মূল ভাৱক অটুট ৰাখিবলৈ চেষ্টা কৰিছোঁ। মই অপকটে স্বীকাৰ কৰোঁ যে এই প্ৰচেষ্টাত কেতিয়াবা অলপ সফল হৈছোঁ আৰু বহু সময়ত দুঃখ লগাকৈ বিফল হৈছোঁ। মোৰ সফলতা-বিফলতাৰ মূল্যায়ন সুহৃদ পাঠক সমাজে বিচাৰ কৰিব।

কবিতাবোৰৰ অনুবাদ কাৰ্য আৰম্ভ হৈছিল ১৯৯৬ চনত  আৰু এই কাম এগা-চেৰাকৈ ২০০০ চনলৈকে চলি আছিল। কেইজনমান বন্ধুৰ পৰামৰ্শক্ৰমে এই পুথিখন অসমীয়া কাব্যপ্ৰেমী পাঠক সমাজৰ বাবে প্ৰকাশ কৰাৰ দিহা কৰা হ’ল। আশা ৰাখিছোঁ পাঠকসমাজে এই অনুবাদ কবিতাসমূহৰ জৰিয়তে বিশ্বৰ বিভিন্ন ভাষাৰ বিভিন্ন কবিৰ প্ৰতিনিধিত্বশীল কবিতাৰ কিছু সোৱাদ লাভ কৰিব পাৰিব। ইতি,

ৰাবিব মছৰুৰ

শান্তি কানন

২০২০ ইংৰাজী চন।

 

নিৰ্ঘন্ট

কবিতা ……………কবি 

বাংলা

সপোনটো ভালেই আছিল ……. আসাদ চৌধুৰী        

সামান্য খেলাৰ বাবে ……. শ্যামল কান্তি দাস

ছাত্ৰী ……. মঞ্জষ দাস গুপ্ত

তোমাৰ বাগিছাত ……. দেব কুমাৰ গঙ্গোপাধ্যায়

টেৰাকোটা ……. হাচান হাফিজ

ক্ৰীড়া ……. দিব্য মুখোপাধ্যায়

মই মৰি গ’লে ……. দিব্য মুখোপাধ্যায়

পাথৰ বা পানীৰ উৎসৱ  ……. কামৰুল হুদা পথিক

আই আৰু ছোৱালীজনী ……. জয় গোস্বামী

গছ কিয় …….  শক্তি চট্টোপাধ্যায়

পাতৰ শোকত …….  শক্তি চট্টোপাধ্যায়           

তুমি মোক অনন্ততা দান কৰিলা ……. ৰবীন্দ্ৰনাথ ঠাকুৰ

মনটো যত শংকা শূন্য ……. ৰবীন্দ্ৰনাথ ঠাকুৰ

মই যেতিয়া ৰাস্তাৰে  …….  তচলিমা নাচৰিণ

প্ৰশ্ন …….  তচলিমা নাচৰিণ

নিঃসঙ্গতা  …….  তচলিমা নাচৰিণ                            

সস্তীয়া সামগ্ৰী  …….  তচলিমা নাচৰিণ

বিপৰীত খেলা  …….  তচলিমা নাচৰিণ                 

দূৰত্ব -১ …….  তচলিমা নাচৰিণ                                

নিয়তি  …….  তচলিমা নাচৰিণ  

দৌৰ, দৌৰ  …….  তচলিমা নাচৰিণ 

বিনিময়  …….  তচলিমা নাচৰিণ

বাহিৰত কিয়  ……. পীযুষ ৰাউত

গোমতী  ……. সন্তোষ ৰায়

চকু ……. পঙ্কজ গোবিন্দ মেধি

যি আছিল আছে…….  তুষাৰ কান্তি সাহা

ইংৰাজী

মোৰ প্ৰেম ……. প্ৰদীপ সেন গুপ্ত

পুৰীত ৰাতিপুৱা ……. জয়ন্ত মহাপাত্ৰ

মাটিৰ গীত ……. এম চ্যানাল

তাৰ ভৰিত দুখ পাইছে ……. এইচ. এন. অলিভু

আনন্দ সংগীত …….  ৱাল্ট হুইটম্যান

এবাৰ মই জনপূৰ্ণ মহানগৰ …….  ৱাল্ট হুইটম্যান

লুচিয়ানাত জীৱন্ত ওক গছ …….  ৱাল্ট হুইটম্যান

চাইমন লি ……. উইলিয়াম ওৱৰ্ডচৱৰ্থ

টোপনিয়ে মোৰ আত্মাটো ……. উইলিয়াম ওৱৰ্ডচৱৰ্থ

চনেট, লণ্ডণ ……. উইলিয়াম ওৱৰ্ডচৱৰ্থ

সাপ …….  ডি. এইচ. লৰেঞ্চ

ডবাৰ উপকূল …….  মেথিউ আৰ্ণল্ড

অকনমান গিড্ডিং ……. টি. এচ, ইলিয়ট

অকনমান আঘাত কৰি আছোঁ ……. অগডেন ন্যাচ

চনেট -১  ……. উইলিয়াম শ্বেক্সপীয়েৰ

চনেট -২  ……. উইলিয়াম শ্বেক্সপীয়েৰ

চনেট -৩  ……. উইলিয়াম শ্বেক্সপীয়েৰ

চনেট -৪  ……. উইলিয়াম শ্বেক্সপীয়েৰ

চনেট -৫  ……. উইলিয়াম শ্বেক্সপীয়েৰ

চনেট -৬  ……. উইলিয়াম শ্বেক্সপীয়েৰ

চনেট -৭  ……. উইলিয়াম শ্বেক্সপীয়েৰ

চনেট -৮  ……. উইলিয়াম শ্বেক্সপীয়েৰ

চনেট -৯  ……. উইলিয়াম শ্বেক্সপীয়েৰ

চনেট -১০  ……. উইলিয়াম শ্বেক্সপীয়েৰ

চনেট -১১  ……. উইলিয়াম শ্বেক্সপীয়েৰ

চনেট -১২  ……. উইলিয়াম শ্বেক্সপীয়েৰ

চনেট -১৩  ……. উইলিয়াম শ্বেক্সপীয়েৰ

চনেট -১৪  ……. উইলিয়াম শ্বেক্সপীয়েৰ

চনেট -১৫  ……. উইলিয়াম শ্বেক্সপীয়েৰ

চনেট -১৬  ……. উইলিয়াম শ্বেক্সপীয়েৰ

চনেট -১৭  ……. উইলিয়াম শ্বেক্সপীয়েৰ

চনেট -১৮  ……. উইলিয়াম শ্বেক্সপীয়েৰ

চনেট -১৯  ……. উইলিয়াম শ্বেক্সপীয়েৰ

চনেট -২০  ……. উইলিয়াম শ্বেক্সপীয়েৰ

চনেট -২১  ……. উইলিয়াম শ্বেক্সপীয়েৰ

চনেট -২২  ……. উইলিয়াম শ্বেক্সপীয়েৰ

চনেট -২৩  ……. উইলিয়াম শ্বেক্সপীয়েৰ

চনেট -২৪  ……. উইলিয়াম শ্বেক্সপীয়েৰ

চনেট -২৫  ……. উইলিয়াম শ্বেক্সপীয়েৰ

চনেট -২৬  ……. উইলিয়াম শ্বেক্সপীয়েৰ

চনেট -২৭  ……. উইলিয়াম শ্বেক্সপীয়েৰ

কাৰণ মই মৃত্যুৰ বাবে ……. ইমিলি ডিকিনচন

মই যেতিয়া মৰি গৈছিলোঁ ……. ইমিলি ডিকিনচন 

সোণালী অৰিয়ল চৰাইৰ গীত ……. ইমিলি ডিকিনচন

আজি মোৰ মনত এটা চিন্তাই ……. ইমিলি ডিকিনচন

মই এই দুয়োটাৰ মাজৰ বস্তু ……. ইমিলি ডিকিনচন

মোৰ জীৱনটো ……. ইমিলি ডিকিনচন

এইবোৰ দৃশ্য তাই দেখিছিল ……. ইমিলি ডিকিনচন

ঘাঁহনিডৰাত থকা বন্ধুজন ……. ইমিলি ডিকিনচন

জিল্লীেপাক ……. ইমিলি ডিকিনচন

মৃত্যুৰ পিছত ……. ইমিলি ডিকিনচন

সঁচা ক’বা কিন্তু বেঁকাকৈ ক’বা ……. ইমিলি ডিকিনচন

মৰাৰ আগতে দুবাৰ মৰিলোঁ ……. ইমিলি ডিকিনচন

মৃত্যু ……. ইমিলি ডিকিনচন

মই দুবাৰতকৈ ইমান বেছি ……. ইমিলি ডিকিনচন

হে স্বৰ্গৰ ঈশ্বৰ ……. ইমিলি ডিকিনচন

চৰাই এটি তললৈ নামি আহিল ……. ইমিলি ডিকিনচন

ভীষণ যন্ত্ৰণা ভোগাৰ পিচত ……. ইমিলি ডিকিনচন

তাই যেন খেলি আছে ……. ইমিলি ডিকিনচন

এইখন মোৰ চিঠি পৃথিৱীৰ প্ৰতি ……. ইমিলি ডিকিনচন

মই চকু দুটা জপাই লোৱাৰ আগতে ……. ইমিলি ডিকিনচন

আত্মাটোৱে নিজৰ সমাজখনক ……. ইমিলি ডিকিনচন

পোৱাৰ মূহুৰ্ততে ……. ইমিলি ডিকিনচন

আশা হৈছে পাখি থকা ……. ইমিলি ডিকিনচন

নিশ্চয় ইয়াত পোহৰৰ ……. ইমিলি ডিকিনচন।

………………………………….

অসমীয়া অনুবাদত বিশ্ব কবিতা

.

সপোনটো ভালেই আছিল

মূল  বাংলা– আসাদ চৌধুৰী (বাংলাদেশ)

.

সপোনটো ভালেই আছিল

মিছাকৈয়ে ভাঙিলে

শোকৰ হওঁক, দুখৰ হওঁক কেনেকৈনো জানিলে?

সপোনটো ভালেই আছিল

মিছাকৈয়ে ভাঙিলে।

সপোনটো ভালেই আছিল

মিছাকৈয়ে ভাঙিলে

ঘৰত অভাৱ, বিশ্ৰী স্বভাৱ

এইবোৰ  টানি আনিলে

সপোনটো ভালেই আছিল

মিছাকৈয়ে ভাঙিলে।  ০ ০ ০

.

সামান্য খেলাৰ বাবে 

মূল  বাংলা– শ্যামল কান্তি দাস (বাংলাদেশ)

.

অস্থিৰ দুহাতেদি মই খেদি পঠাইছোঁ মাঘ মাহৰ কুঁৱলী

স্তম্ভিত পাথৰ তাৰ গভীৰত ৰাখিছোঁ।

দুখন চকু  গভীৰ অন্ধকাৰত

এই সামান্য খেলাৰ বাবে

মই আজি সীমান্তলৈ আহিছোঁ।

মোৰ জুই  মই এইবাৰ ঠিক জ্বলাই ল’ম।

অকণমান  মাংস, তুমি অলপ অপেক্ষা কৰা। ০ ০ ০

.

ছাত্ৰী

মূল  বাংলা– মঞ্জষ দাস গুপ্ত (বাংলাদেশ)

.

মোৰ হাতে সম্পূৰ্ণ স্পৰ্শ বিচাৰে

খুলি পেলোৱা আঙুঠিৰ বাধাখিনিও

সাপৰ মিথুন দেখি অহা পথাৰত

শিকি লোৱা নীবিড়তা কাক বোলে।

.

মেঘৰ দিনেহে জানে নিম্ন চাপৰ কথা

সমুদ্ৰেহে জানে চন্দ্ৰৰ মায়া টান

মোৰ একাংশত গৈৰিক সন্ত্ৰাস

অন্যাংশত মকৰাৰ এঠা।

.

কোনো কোনো দিন মই একো নিবিচাৰিম

কোনো কোনো দিন ব্লটিংৰ দৰে শুহি ল’ম

তুমি জানি ল’বা। ০ ০ ০

.

তোমাৰ বাগিছাত

মূল  বাংলা– দেৱকুমাৰ গঙ্গোপাধ্যায় (বাংলাদেশ)

.

তোমাৰ বাগিছাত এজন লোক আহিছে

তেওঁৰ দুচকুত চিৰ বিৰহৰ গান

স্তব্ধ পদক্ষেপত কোনো এক শোক

বাৰে বাৰে কৈ থাকে- ইতিহাস চূৰ্ণ-বিচূৰ্ণ।

.

এইবোৰ মিছা বুলি প্ৰমাণ কৰি 

বন্দনা গীত আকৌ গাব পাৰোঁ

যাত্ৰা পথত গোলাপ ফুলি আছে পুৱাত

বাগিছাৰ নাচ-গান বাগিছাতেই পূৰ্ণোদ্যমে চলি আছে। ০ ০ ০

.

টেৰাকোটা

মূল  বাংলা– হাচান হাফিজ (বাংলাদেশ)

.

পৰাজিত হ’বলৈ ভাল পাওঁ

কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে

জয়ৰ যোগ্যতা নাই।

পুৰি যাবলৈ ভাল পাওঁ

কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে 

আনক পুৰিব নোৱাৰোঁ।

.

পৰাজিত হৈ হৈ

পুৰি ছাঁই হৈ হৈ

মোৰ শিকিব লাগিব

জীৱন কিমান দূৰ শিল্প

কিমান দূৰ নিৰুত্তেজ  ছাঁই। ০ ০ ০

ক্ৰীড়া

মূল  বাংলা– দিব্য মুখোপাধ্যায় (বাংলাদেশ)

.

প্ৰেৰণাৰ শান্ত জোনবাই, তুমি কিমান দূৰত?

মেঘৰ ভিতৰত তুমি, পৰ্দাৰ আঁৰত লুকাই থাকি

মোৰ উৎসত হাত ৰাখা– প্ৰেম পিয়াসীও মই

বন্ধী হৈ আছোঁ, নিগূঢ়  সময়ত। ০ ০ ০

.

মই মৰি গ’লে

মূল  বাংলা– দিব্য মুখোপাধ্যায় (বাংলাদেশ)

.

মই মৰি গ’লে শেষ হ’ব ভালপোৱা

পৃথিৱী স্বাধীন হ’ব।

যেনেকুৱা স্বাধীন

বিধৱা পতিতা অথবা নাৰীচ্যুত উদঙ্গীয়া পুৰুষ

যেনেকুৱা মাতৃত্বকলৈ সমালোচনা হৈছে বহুত

যেনেকুৱা সহবাস হৈছে অকল যন্ত্ৰণা

ঠিক তেনেকুৱা অৰিয়া-অৰি ভালপোৱাক লৈ 

সংসাৰত সিঁচৰতি হৈ পৰে অকামিলা বতাহ।

.

ভালপোৱা  ভালপোৱা চাৰিখন ভৰিৰে খোজকাঢ়ে

চহৰত, ঘৰত, পথত, গাওঁত, পথাৰত,

খোজকাঢ়ে , বহি থাকে, জুম বান্ধে।

পৃথিৱী এতিয়া ক্লান্ত

মই এইটোৰ চকু বহু দিন ধৰি দেখি আছোঁ।

.

মই মৰি যাম– ভালপোৱা লগত যাব

আৰু আশীৰ্বাদ দি যাম– ভূৱন ঈশ্বৰী

এইবাৰ মুক্ত গ্ৰহ হোৱা। ০ ০ ০

.

পাথৰ বা পানীৰ উৎসৱ

মূল  বাংলা– কামৰুল হুদা পথিক (বাংলাদেশ)

.

এটি পাথৰ তুমি তুলি লৈছা, বুকুৰ মোনাত

পাথৰটো তাৰ নিজৰ নিয়মত চাপ দি থাকিল বুকুৰ উষ্ণতা।

.

তুমি পাথৰটোক লৈ সাতোঁৰ খেলা পৰিস্কাৰ পানীত

পাথৰৰ কোনো দৃষ্টি নাই

অনুভূতি নাই

পানীৰ কিন্তু আছে 

সেই বাবেই পানীৰ ভিতৰত আৰম্ভ হয় যৌন উৎসৱ।

.

পাথৰটোৱে চেপি থাকে তোমাৰ বুকুৰ উষ্ণতা

অভাগা পাথৰ

শুকাই নিব নোৱাৰে মদগন্ধ শৰীৰ।

বুকুৰ উষ্ণতাত পাথৰ টোপনি যায়

মৃত্যু টোপনি।

.

এটি পাথৰ তুমি তুলি লৈছা বুকুৰ মোনাত

পাথৰটোৱে জোঁকাৰি থাকিল

তোমাৰ নাভীৰ তলৰ সুৰঙ্গ। ০ ০ ০

.

আই  আৰু ছোৱালীজনী

মূল  বাংলা– জয় গোস্বামী (বাংলাদেশ)

.

এক পথ সুমন্তৰ পদত

এক পথ নৌকাৰ ঘাটত

এক পথ পালকৰ গাত

মা, মই সকলো পথ জানোঁ।

.

দিন থমকি ৰয় গছৰ তলত

ৰাতি থমকি ৰয় পৰীৰ ঘৰত

খটখটীদি পোহৰ উঠি যায়

মা, মই সকলো পোহৰ নমাই আনোঁ?

.

এই আকাশ মাজে মাজে ভাঙে

ঐ আকাশ মেঘত আত্মহাৰা

যি আকাশত নৌকা খোলা আছে

মা, মই আকাশ ভৰা ত’ৰা।

.

মা, মোৰ এক পুখুৰী জল

গোটেই গাওঁখন কৰি আছে ছলছল…।

.

“.. পোৰামুখী দুচকুৰ বিষ

তই আকৌ পৰিলি প্ৰেমত। ০ ০ ০

.

গছ কিয়

মূল  বাংলা– শক্তি চট্টোপাধ্যায় (ভাৰত)

.

গছ কিয় গছৰ বিৰুদ্ধে কথা কয়

কাৰণ নেজানোঁ

কিয় চৰাই উৰি ফুৰে

আকাশত যেনেকুৱা মেঘ সুগন্ধ ফুলৰ

কাৰণ নেজানোঁ।

কিয় সৌন্দৰ্য চুলিৰ

কাৰণ নেজানোঁ।

কিয় গছে কথা কয় গছৰ বিৰুদ্ধে,

গছ মানুহ নহয়নে? ০ ০ ০

.

পাতৰ শোকত

মূল  বাংলা– শক্তি চট্টোপাধ্যায় (ভাৰত)

.

তৰুণ কবি তোমাক কেতিয়া ক’লেহেঁতেন লোকে

কোন বয়সত স্থিৰ থাকিলে সুশ্ৰী দেখায়?

অন্তৰত এই সজীৱ পাত, বনৰীয়া হৰিণ 

সংঘাত আৰু সমষ্টিত অকলশৰীয়া, অকলে।

.

তৰুণ কবি তোমাক কেতিয়া ক’লেহেঁতেন লোকে

এতিয়া সকলোৱে সময়ৰ আগতে বুঢ়া বুলি কয়

বুঢ়া আৰু মামৰে ধৰা ধোঁৱাৰ টাটি

ফলবোৰ সকলো সৰি পৰিল

সেইবোৰৰ পাতৰ শোকত। ০ ০ ০

.

তুমি মোক অনন্ততা দান কৰিলা

মূল  বাংলা– ৰবীন্দ্ৰনাথ ঠাকুৰ (ভাৰত)

.

তুমিয়েই মোক অনন্ততা দান কৰিলা

অনন্ততা দান কৰাই তোমাৰ আনন্দ

এই চঞ্চল পাত্ৰটো তুমি বাৰে বাৰে শূন্য কৰা

আকৌ নতুন জীৱনেৰে পৰিপূৰ্ণ কৰা।

.

নল-খাগৰিৰ এই সৰু বাঁহীটো তুমি

পাহাৰ আৰু উপত্যকাৰ ওপৰেদি কঢ়িয়াই নিয়া

আৰু ইয়াৰ মাজেৰে তুমি অনন্ত নতুন গীত গোৱা।

.

তোমাৰ হাতৰ অমৰ স্পৰ্শত মোৰ হৃদয়ে

আনন্দত সীমা হেৰুৱাই পেলায়

আৰু অবৰ্ণনীয় সুৰৰ জন্ম দিয়ে।

.

তোমাৰ অসীম দান মোৰ এই সৰু হাত দুখনত ন্যস্ত হয়।

সময় পাৰ হৈ যায় তথাপি তুমি পৱিত্ৰ

এতিয়াও পূৰ্ণ কৰিবলৈ বহুতো শূন্য ঠাই আছে। ০ ০ ০

.

য’ত মনটো শংকা শূন্য

মূল  বাংলা– ৰবীন্দ্ৰনাথ ঠাকুৰ (ভাৰত)

.

য’ত মনটো শংকাশূন্য আৰু মূৰটো উন্নত

য’ত জ্ঞান মুক্ত

য’ত ঘৰুৱা প্ৰাচীৰেৰে পৃথিৱীখনক খণ্ড-বিখণ্ড কৰা হোৱা নাই

য’ত শব্দবোৰ সত্যৰ গভীৰতাৰ পৰা ওলাই আহে

য’ত ক্লান্তিহীন প্ৰচেষ্টাই সম্পূৰ্ণতাৰ পিনে দুবাহু আগবঢ়াই দিয়ে

য’ত যুক্তিৰ স্বচ্ছধাৰা মৃত অভ্যাসৰ নিৰানন্দ মৰুভূমিৰ বালিৰ মাজত পথ নেহেৰুৱায়

য’ত চিৰব্যাপ্ত চিন্তা আৰু কৰ্তব্যৰ পৃথিৱীলৈ ঈশ্বৰৰ দ্বাৰা মনটোক আগবঢ়াই লৈ যোৱা হয়,

–সেই স্বাধীন ৰাজ্যলৈ, হে মোৰ ঈশ্বৰ,

মোৰ দেশমাতৃক আগুৱাই লৈ ব’লা। ০ ০ ০

.

মই যেতিয়া ৰাস্তাৰে খোজকাঢ়ো

মূল  বাংলা–তচলিমা নাচৰিণ (বাংলাদেশ)

.

মই যেতিয়া ৰাস্তাৰে খোজকাঢ়ো

মই অতিক্ৰম কৰি যোৱা 

নাইবা মোক অতিক্ৰম কৰি যোৱা প্ৰতিজন বাটৰুৱাৰ দেহালৈ মই দৃষ্টি দিওঁ।

সিহঁতৰ যিজন সুস্থ, সবল, স্মাৰ্ট, গহীন  আৰু ডেকা

সেইজনক মই মনে মনে লৈ যাওঁ

পোনেপোনে কোনো চিনাকী ৰেষ্টুৰাত,

নাইবা কোনো সাগৰ-উপকূলত

নাইবা এখন মাৰুতী ভানত উঠাই লওঁ

নাইবা মোৰ শোৱনী কোঠালৈ লৈ যাওঁ

আৰু তাৰ পিছত ঢালি দিওঁ উত্তপ্ত প্ৰেম।

মই পুৰুষৰ দৰে নাৰী

মই তৃপ্তি লভো– সিহঁতৰ জিভাত জিভা থৈ

আৰু তাৰ পিছত

আৰু তাৰ পিছত

খেদি পঠাওঁ যেনেকৈ গৰাকীয়ে খেদি পঠায়

পথাৰৰ বনৰীয়া চৰাই। ০ ০ ০ 

.

প্ৰশ্ন

মূল  বাংলা–তচলিমা নাচৰিণ (বাংলাদেশ)

.

এনে কিবা দিব পাৰা জানোঁ

যি ভালপোৱাতকৈয়ো ভাল?

এনে এখন তৰোৱাল

মোতকৈয়ো যি বেছি ধাৰাল? ০ ০ ০ 

.

নিঃসঙ্গতা

মূল  বাংলা– তচলিমা নাচৰিণ (বাংলাদেশ)

.

মই যাওঁ

যিফালে দুচকু যায়

কোন আছে সন্মুখত আহি থিয় হয়

দুহাত আগবঢ়ায় ।

.

ইমান যে বুকুত দুখ

কোনেনো আহি হাত বুলায়? ০ ০ ০

.

সস্তীয়া সামগ্ৰী

মূল  বাংলা– তচলিমা নাচৰিণ (বাংলাদেশ)

.

বজাৰত ইমান সস্তাত আন একো পোৱা নাযায়,

যিমান সস্তাত পোৱা যায় এগৰাকী নাৰী

এবটল আলতা পালেই সিহঁতে তিনি ৰাতি

আনন্দত নুশুৱাকৈয়ে কটায়–

দুটামান সুগন্ধ চাবোন আৰু সুগন্ধি তেল পালেই

বশীভূত হয় গাৰ মঙহ এৰুৱাই

সিহঁতক সপ্তাহত দুবাৰ বজাৰত বিক্ৰী কৰিব পাৰি।

নাকফুল এটি পালে সত্তৰ দিন চেলেকে ভৰি

এখন শাৰী পালে সম্পূৰ্ণ চৈধ্য সপ্তাহ।

.

ঘৰৰ ভতুৱা কুকুৰেও কেতিয়াবা ঘেউ ঘেউ কৰি উঠে

আৰু সস্তীয়া নাৰীৰ মুখত 

এটা মোখোৰা থাকে

সোনৰ মোখোৰা। ০ ০ ০

.

বিপৰীত খেলা

মূল  বাংলা– তচলিমা নাচৰিণ (বাংলাদেশ)

.

সিদিনা ৰমনাত দেখিলোঁ ল’ৰা এটাই ছোৱালী এজনী কিনিছে

মোৰ খুব মন যায় পাঁচ-দহ টকাত ল’ৰা এজন কিনিবলৈ

মসৃণ গাল, ইস্ত্ৰি কৰা চোলা, চুলিত ঢৌ তুলি

পাৰ্কৰ বেঞ্চত, ৰাস্তাত ত্ৰিভঙ্গ মূৰ্তিত

থিয় দি থকা ল’ৰা।

.

মন যায় চোলাৰ কলাৰত ধৰি টানি ৰিক্সাত উঠাবলৈ

পেটত, কঁকালত ভাকুট্‌কুটাই হঁহুৱাম

ঘৰলৈ আনি ওখ গোৰোহৰ চেণ্ডেলেৰে

পিঠিত ডবা কোবাই দিম এৰি–যা! চাল্লা।

.

লৰাবোৰে কপালত বেণ্ডেজ লগাই

পুৱাৰ ফুটপাথত টোপনিয়াব,

গা খজুৱাব, ফপৰা কুকুৰে চেলেকিব

জংঘাৰ ঘাৰ পৰা নিগৰা হৰিদ্ৰাভ ৰস

দেখি ছোৱালীবোৰে  চুৰী ভঙাৰ শব্দ কৰি ৰিণ ৰিণ হাঁহিব।

.

মোৰ খুব ল’ৰা কিনিবৰ মন যায়

ধুনীয়া সতেজ ল’ৰা, বুকুত ঘন নোম–

ল’ৰা কিনি কামুৰি আঁজুৰি

কুঞ্চিত অণ্ডকোষত জোৰেৰে লাথি মাৰি

কম– যা! চাল্লা। ০ ০ ০ 

.

দূৰত্ব -১

মূল  বাংলা– তচলিমা নাচৰিণ (বাংলাদেশ)

.

ওচৰা-ওচৰিকৈ শুই আছে দুজন মানুহ

কোনোও কাৰো ভিতৰৰ খবৰ নেজানে

কাৰ মনৰ পখী উৰে, বন্ধ সজা কাৰ

কোন টোপনি যায়, কাৰ নিশা হয় পাৰ

নিদ্ৰাহীনভাৱে? ০ ০ ০

.

নিয়তি 

মূল  বাংলা– তচলিমা নাচৰিণ (বাংলাদেশ)

.

প্ৰতিৰাতি মোৰ বিচনাত আহি শোৱে এজন নপুংসক পুৰুষ

চকুত

ওঁঠত

থুঁতৰিত

চঞ্চল চুমা খাই খাই 

দুাহতেৰে মুঠি মাৰি ধৰে স্তন।

মুখত লয়, চোহে।

তৃষ্ণাত মোৰ প্ৰতিডাল সিৰা কঁপি উঠে

এসাগৰ পানী বিচাৰি হাহাকাৰ কৰে।

.

চুলিৰ অৰণ্যত তেওঁৰ অস্থিৰ আঙুলি

আঙুলিৰ দহন

মোক দলিয়াই, ফৰ্মুটিয়াই মোহৰি পেলায়।

মোৰ শৰীৰে যেতিয়া

সেই নপুংসকৰ শৰীৰৰ পৰা

এসাগৰ পানী বিচাৰি হাহাকৰ কৰে।

.

শিতানত পুহ মাহৰ জোনাক

ৰাতি যেন সাৰ পাই থাকে, তেওঁৰ কোলাত মূৰ থৈ

মোক উত্তপ্ত কৰে

জুই জ্বলায় দেহত– তাৰ পাছত

নপুংসকে গভীৰ টোপনি যায়

মোৰ সমগ্ৰ শৰীৰে তেতিয়া আকুণ্ঠ তৃষ্ণাত

সেই নিদ্ৰামগ্ন পুৰুষৰ শৰীৰ স্পৰ্শ কৰি

একবিন্দু পানী বিচাৰি হাহাকাৰ কৰে

হতাশাত চকুপানী ওলায়। ০ ০ ০

.

দৌৰ, দৌৰ

মূল  বাংলা– তচলিমা নাচৰিণ (বাংলাদেশ)

.

তোমাৰ পিছে পিছে এজাক কুকুৰ

মনত ৰাখিবা–

কুকুৰৰ শৰীৰত থাকে ৰেবিচ।

.

তোমাৰ পিছে পিছে এজাক পুৰুষ

মনত ৰাখিবা ছিফিলিছ। ০ ০ ০

.

বিনিময়

মূল  বাংলা– তচলিমা নাচৰিণ (বাংলাদেশ)

.

তুমি মোক কি দিছা

মইনো কি দিব পাৰিছোঁ?

ভালপোৱাৰ পূৰ্ণ পাত্ৰ মাথো

জুবুৰিয়াই দিছোঁ। ০ ০ ০ 

.

বাহিৰত কিয়

মূল  বাংলা– পীযুষ ৰাউত (ভাৰত)

.

স্বেচ্ছা বন্ধী হৈ ঘৰত বহি শুনিছোঁ মাত্ৰ মৃত্যুৰ প্ৰহৰ

ইয়াৰ বাহিৰে আৰু কিনো কৰিব পাৰোঁ

কোৱা, কিনো ভাৱিব পাৰোঁ

তথাপি কিয় বাহিৰত, নিৰন্তৰ মাতি আছে

অথবা কিয় বিব্রত কৰি থাকে

ইমান দুঃখ দিয়ে

একো নুবুজোঁ। ০ ০ ০

.

গোমতী

মূল  বাংলা–সন্তোষ ৰায় (ভাৰত)

.

নদী কি জানে তাৰ নাম গোমতী!

ষোড়শী বা বিংশতি নাজানি ভাঁহি যায় পিঠিত সাতোঁৰি

পূৰ্ণ বুকু কঁপি উঠে

কিমান গছ দৌৰি ফুৰে ইফালে সিফালে

ঋতু গুচি যায়, গুচি যায় ইতিহাস দীৰ্ঘ হৈ।

.

সি জানো জানে– আকাশত বতাহ ডুবিছে 

মাত্ৰ কালপুৰুষ জানে, জানে শেষ ৰাতিৰ ত’ৰা

সানন্দে বৃষ্টি হ’লে পাৰ্বত্য মাছেও জানে

ঘোলা পানী গৃহস্থী নে সন্নাসী

কীৰ্তন দুলি থাকে ঘাঁহৰ কাষত।

.

নদী নাজানে তাৰ নাম গোমতী

সি মাত্ৰ আকাশক মাতি থাকে পানীত ডুবি

কোনেওতো তাক নাম ধৰি নামাতে

সি যায় প্ৰতিক্ষণৰ দেশত

নামতনো আহে কি, নামত যায়নো কি! ০ ০ ০

.

চকু

মূল  বাংলা–  পঙ্কজ গোবিন্দ মেধি (ভাৰত)

.

মোৰ একো নাই

তোমাৰ চকুত মই নিজকে চাও

তুমি নাকান্দিবা

মই নিজকে হেৰুৱাই পেলাম। ০ ০ ০

.

যি আছিল আছে

মূল  বাংলা–তুষাৰ কান্তি সাহা (ভাৰত)

.

কোনো ঘৰ-বাৰী নাই

অথবা কোনো খেতি-পথাৰ

মোৰ ওচৰত আছে অকল

স্বদেশ, স্বজন, স্বকাল,

ইয়াৰ উপৰিও বহুত আছে

অৰ্কুট বন্ধুসকল, অৰ্থহীন নাম

সম্পৰ্কৰ হাতিয়াৰ।

.

কোনো স্বপ্ন আমাৰ নাই

যি আছিল আছে সকলো তোমাৰ। ০ ০ ০

.

মোৰ প্ৰেম

মূল  ইংৰাজী– প্ৰদীপ সেন (ভাৰত)

.

মোৰ প্ৰেম এটা কোঠাত আবদ্ধ এজনী তিৰোতা

যিজনীয়ে মৃদু সুৰত নিজে নিজৰ বাবেই গীত গাই আছে

মোৰ প্ৰেম পুৰণি আঘাতত হোৱা ঘাঁ।

ইয়াৰ তলত চিৰিকা

তেজ– টেঙাত পৰিণত হৈছে।

মোৰ প্ৰেম এটা শিল

নিজে নিজে গুড়ি হৈ যোৱা

কোনোৱা অচিনাকী শক্তিৰ দ্বাৰা 

নিজৰ ভিতৰতে গুড়ি হোৱা

নাইবা গুড়ি প্ৰাপ্ত কোনো আজন্ম পাপৰ দ্বাৰা। ০ ০ ০

.

পুৰীত ৰাতিপুৱা

মূল  ইংৰাজী–জয়ন্ত মহাপাত্ৰ (ভাৰত)

.

অসংখ্য কাউৰীয়ে মাতি আছে

পৱিত্ৰ বালিত পৰি আছে এটি মূৰৰ লাওখোলা

যেন গোটেই দেশখন ভোকাতুৰ।

.

বগা সাজ পৰিহিতা বিধৱা মহিলাবোৰে

মন্দিৰটোত থিতাপি লৈছে

সিহঁত পৱিত্ৰ মন্দিৰটোৰ ভিতৰলৈ সোমাবলৈ অপেক্ষাত আছে।

.

সিহঁতৰ নিষ্কাম চকুযোৰ

জালত আবদ্ধ হোৱা পখীৰ দৰে তধা লাগি চাই আছে

সিহঁতে ৰাতিপুৱাৰ পোহৰত বিশ্বাস লৈ আঁউজি আছে।

.

ৰাতিপুৱাৰ চঞ্চল পোহৰত

ধবংসপ্ৰাপ্ত, নিঃকিন মানুহবোৰে পৰস্পৰে পৰস্পৰৰ গাত 

আঁউজি আছে– সিহঁত জুম বান্ধি আছে।

.

হঠাতে মই নিজকে তাত আৱিষ্কাৰ কৰিলোঁ

তাত অলকশৰীয়া চিতাৰ জুই জ্বলি আছে

মোৰ বয়সস্থা আই চিতাৰ ঠাই আগুৰিছে।

.

মোৰ আইৰ অন্তিম বাসনাটো আছিল

সেই চিতাটোত

চিৰদিনৰ বাবে সংস্কাৰ হৈ পৰি থাকিব। ০ ০ ০

.

মাটিৰ গীত

মূল  ইংৰাজী– এম. চ্যানাল (ভাৰত)

.

মোৰ সপোন পৰিপূৰ্ণ হ’ল,

হে সর্বোচ্চ প্ৰতিপালনকৰ্তা

আৰু এতিয়া মই মোৰ মাটি চহ কৰোঁ

মই মাটি ভাঙো, 

চহ কৰো আৰু পৰিশ্ৰম কৰোঁ

আৰু শস্য বীজ সিঁচো।

কিন্তু তুমিহে জানা–

অকল তুমিহে, হে প্ৰভু, অকল তুমিহে–

কেতিয়া বীজ সিঁচা হৈছে

কি পুৰস্কাৰ

তোমাৰ হাতৰ পৰা পোৱাৰ সৌভাগ্য আছে।

মই কিন্তু পৰিশ্ৰম কৰোঁ, মাটি চহাওঁ। ০ ০ ০

.

তাৰ ভৰিত দুখ পাইছে

মূল  ইংৰাজী– এইচ. এন. অলিভু ৰানাৰ (লেটিন আমেৰিকা)

.

তাৰ ভৰিত দুখ পাইছে

বন্ধুজনে শোক কৰিছে

‘ভালেই হৈছে’– প্ৰেমিকাজনীয়ে কৈছে

‘সিমান দ’লৈ আঘাতটো সোমোৱা নাই’– তেওঁৰ সহপাঠী এজনে মন্তব্য কৰিলে।

‘আকাশৰ তৰাবোৰ গণি গণি খোজ কাঢ়িবি, দুখ নাপাবি কিয়’– দেউতাকে ক’লে।

দুখ পোৱা ভৰিখন বিষত ফুলি উঠিছে

ফুলি উঠিছে আৰু বেদনাত উচ্‌পিচাইছে।

মানুহবোৰ সেই ফালেদি আহিছে আৰু গৈছে

কোনোও কিন্তু কোৱা নাই—

‘তেওঁক সোনকালে এখন সুলভ মূল্যৰ চিকিৎসালয়লৈ লৈ যাওঁ বলা’।

— এনেকৈয়ে আমাৰ জীৱন চকৰি ঘূৰি আছে 

তথাপি জীয়াই আছোঁ। ০ ০ ০

.

আনন্দ সংগীত

মূল  ইংৰাজী– ৱাল্ট হুইটম্যান (আমেৰিকা)

এই যে আনন্দ সংগীতটো গোৱা হ’ল

এয়া পৃথিৱীত কটোৱা মোৰ জীৱন পথটো আনন্দমুখৰ

কৰি ৰখাৰ বাবে ।

এই গীতটো উছৰ্গা কৰা হ’ল

এখন নেদেখা পৃথিৱীৰ নামত। ০ ০ ০

এবাৰ মই জনপূৰ্ণ মহানগৰ অতিক্ৰম কৰি গৈছিলোঁ

মূল  ইংৰাজী– ৱাল্ট হুইটম্যান (আমেৰিকা)

এবাৰ মই জনপূৰ্ণ মহানগৰীখন অতিক্ৰম কৰি গৈছিলোঁ

চহৰখনৰ আড়ম্বৰতা, স্থাপত্য, ৰীতি-নীতিৰ ভৱিষ্যত

চিন্তাত মোৰ মস্তিষ্ক ব্যস্ত ৰাখি।

মই দেখা সকলোবোৰৰ মাজত মই মাথো এজনী তিৰোতাক মনত ৰাখিছোঁ 

যিজনীৰ লগত মোৰ মাজে মাজে দেখা-দেখি হৈছিল

তাই মোক প্ৰেম যাচি আটক কৰিছিল।

দিনৰ পিছত দিন আৰু ৰাতিৰ পিছত ৰাতি আমি একেলগে পাৰ কৰিছিলোঁ।

সকলোখিনি মই ইমান দিনে পাহৰি আছিলোঁ।

মই কওঁ, মই মাথো সেই গৰাকী তিৰোতাকেই মনত ৰাখিছোঁ

যিগৰাকী তিৰোতাই কামাতুৰ হৈ মোৰ পিছ লৈছিল

আমি প্ৰায়েই দুয়োজনে একেলগে অনাই-বনাই ঘূৰি ফুৰিছিলোঁ,

প্ৰেম কৰিছিলোঁ আৰু আকৌ বিচ্ছেদ হৈছিলোঁ।

আকৌ তাই মোৰ হাতত ধৰি মোক আটক কৰিছিল

আৰু মোক যোৱাৰ পৰা বিৰত কৰিছিল।

মই আজি দিব্য চকুত দেখিছোঁ তাই মোৰ কাষত শুই আছে

বিমৰ্ষ, নিস্তব্ধ আৰু কম্পমান ওঁঠ দুটি লৈ। ০ ০ ০

লুচিয়ানাত মই এটা জীৱন্ত ওক গছ গজি থকা দেখিছোঁ

মূল  ইংৰাজী– ৱাল্ট হুইটম্যান (আমেৰিকা)

লুচিয়ানাত মই এটা জীৱন্ত ওক গছ গজি থকা দেখিছোঁ।

এইটো অকলেই থিয় দি আছে আৰু গছৰ ডালবোৰৰ পৰা শেলুৱৈ তললৈ ওলমি পৰিছে।

এজনো সংগী নোহোৱাকৈয়ে সবুজ সেউজীয়া পাতৰ সংগীত গাই গাই এইটো গজি আছে।

এইটোৰ ৰেহৰূপ, কৰ্কশতা, সৰলতা, কামুকতাই মোক নিজৰ বিষয়ে ভাৱিবলৈ শিকাইছে।

কিন্তু মই বিষ্মিত হৈছোঁ যে এইটো কোনো সঙ্গী নোহোৱাকৈ অকলে থিয় হৈ কেনেকৈ সুমধুৰ সঙ্গীত গাইছে– 

মই যদিও জানিলোহেঁতেন তথাপি মই কিন্তু অকলে থাকিব নোৱাৰিলোঁহেঁতেন।

মই কিছু সংখ্যক পাতৰ সৈতে এইটোৰ এটা ডাল ভাঙি আনি ডালটোৰ চাৰিওফালে সৰু সৰু শেলুৱৈ মেৰুৱাই দিলোঁ।

আৰু এইটো তাৰ পৰা আঁতৰাই আনি মোৰ শোৱা কোঠালীত মোৰ দৃষ্টি পৰাকৈ সজাই থলোঁ।

মোৰ মৰমৰ বন্ধুক মনত পেলাবলৈ এই ডালটোৰ প্ৰয়োজন নাই।

কাৰণ মই পলমকৈ জানিলোঁ যে মই গছটোতকৈ মোৰ বন্ধুৰ বিষয়ে কমেইহে চিন্তা কৰোঁ।

তথাপি এই গছৰ ডালটো মোৰ বাবে  এটি কৌতুহল উদ্বীপক প্ৰেমৰ প্ৰতীক হৈ আছে।

এইটোৱে মোক মানৱীয় প্ৰেমৰ কথা মনত পেলাই দিয়ে।

মুঠতে লুচিয়ানাৰ এডোখৰ বহল চেপেটা ঠাইত গছটো জিলিকি আছে অকলশৰীয়াকৈ, কোনো বন্ধু-বান্ধৱী ওচৰত নথকাকৈ

সুমধুৰ সংগীত গাই গাই।

এই কথাটো মই জানোঁ যদিও মই কেতিয়াও অকলশৰীয়াকৈ থাকিব নোৱাৰোঁ।০ ০ ০

চাইমন লি, বুঢ়া চিকাৰী মানুহজন

মূল  ইংৰাজী– উইলিয়াম ওৱৰ্ডচৱৰ্থ (ইংলন্ড)

কাৰ্ডিগানৰ শান্ত অঞ্চলটোত

যি অঞ্চলটো আইভৰি হলৰ পৰা দূৰত নহয়,

তাতে এজন চুটি-চাপৰ বুঢ়া মানুহ বসবাস কৰে।

এইটো কোৱা হয় যে তেওঁ এসময়ত ওখ আছিল

পৰিপূৰ্ণ পয়ত্ৰিশটা বছৰ তেওঁ বাস কৰিছিল আনন্দৰে চিকাৰ কৰি

আৰু এতিয়াও তেওঁৰ গালৰ কেন্দ্ৰটো ৰঙা চেৰী ফলৰ দৰেই ৰঙা।

কোনো মানুহেই তেওঁৰ দৰে ভালকৈ শিঙা বজাব নোৱাৰিছিল

যেতিয়া তেওঁৰ শিঙাৰ শব্দৰ প্ৰতিধবনি উঠিছিল

তেতিয়া পাহাৰ আৰু উপত্যকাটোত আনন্দৰ সংগীত বাজি উঠিছিল।

সেই গৌৰৱান্বিত দিনবোৰত  তেওঁ খেতি-বাতিত কম মনোযোগ দিছিল।

গাঁৱলীয়া এলেহুৱা মানুহবোৰক তেওঁ চিকাৰ বিদ্যাৰ দৰে আনন্দদায়ক বিদ্যাত জগাই তুলিছিল।

তেওঁ সকলোকে দৌৰত পিছ পেলাব পাৰিছিল

আৰু সকলো মানুহ আৰু অশ্বক অতিক্ৰম কৰি গৈছিল।

আৰু মাজে মাজে তেওঁ চিকাৰ আৰম্ভ কৰাৰ আগে আগে

ধলং-পলং কৰিছিল আৰু শিলৰ দৰে অন্ধ হৈছিল।

এতিয়াও এই পৃথিৱীত কিবা-কিবি বহুত বস্তু আছে

যিবোৰক লৈ তেওঁঁৰ হৃদয়টো আনন্দত নাচি উঠে।

কাৰণ যেতিয়া তেওঁৰ চিকাৰী কুকুৰবোৰ বাহিৰ ওলায়

তেওঁ অকপটে সিহঁতৰ স্বৰবোৰ ৰ ভাল পায়।

কিন্তু হে ভাগ্য!

স্বাস্থ্য, শক্তি, বন্ধু আৰু সগোত্ৰীয় লোকসকল 

তেওঁৰ পৰা আঁতৰি গ’ল।

অকল বুঢ়া চাইমনক এই পৃথিৱীত অত্যন্ত দৰিদ্ৰতাৰ মাজত এৰি থৈ গ’ল

তেওঁৰ গৰাকীজনৰো মৃত্যু হৈছে

আৰু এতিয়া কোনেও আইভৰি হলত বসবাস নকৰে।

আনকি তেওঁৰ মানুহবোৰ, কুকুৰবোৰ  আৰু ঘোঁৰাবোৰ  মৃত্যু হৈছে

মাত্ৰ জীৱিত আছে তেওঁহে।

তেওঁ দুৰ্বল আৰু ৰুগীয়া

তেওঁৰ শৰীৰটো অৱক্ষয়প্ৰাপ্ত আৰু বেঁকা

সেই শৰীৰটো ওফন্দি উঠা আৰু ফুলি উঠা ভৰিৰ গাঁঠিৰ ওপৰত।

তেওঁৰ ভৰিযোৰ পাতল আৰু শুকান

তেওঁৰ নিৰ্ভৰ কৰিবলগীয়া মাত্ৰ এজনী আছে

যিজনী তেওঁৰ ঘৈনীয়েক, এজনী বুঢ়ী তিৰোতা

তেওঁৰ লগতে বাস কৰে, জলপ্ৰপাতটোৰ ওচৰত

সাধাৰণ গাওঁখনত।

বোকাৰে সজা আৰু শেলুৱৈ গজা সিহঁতৰ পঁজা ঘৰৰ কাষত

সিহঁতৰ দুৱাৰমুখৰ পৰা বিশ পদ দূৰতো নহয়

সিহঁতৰ এডোখৰ মাটি অছিল

কিন্তু সিহঁত আছিল আটাইতকৈ বেছি দুখীয়া।

তেওঁ যেতিয়া শক্তিমন্ত আছিল

তেতিয়া মাটিডোখৰ অনুৰ্বৰ মুকলি ঠাইৰ পৰা চাৰিওফালে বেৰ দি সুৰক্ষিত কৰিছিল।

কিন্তু এতিয়া মাটিডোখৰ কি কামত আহিব

যি মাটিডোখৰ তেওঁ আৰু চহাব নোৱাৰে।

প্ৰায়ে তাইৰ ঘৈনীয়েকে গিৰীয়েকৰ কাষত থাকি চাইমনে কৰিব নোৱাৰা কাম কৰে

ই কোনো গৌৰৱৰ কথা নহয়

সিহঁতৰ দুয়োজনেই হৃষ্ট-পুষ্ঠ

আৰু তুমি তোমাৰ সৰ্বশক্তিৰেও সিহঁতক সিহঁতৰ কামৰ পৰা বিৰত কৰিব নোৱাৰা।

কিন্তু সিহঁতে অতি সামান্য কামহে সম্পন্ন কৰিব পাৰে।

তেওঁৰ জীৱনকালৰ অলপ কেইমাহমানহে বাকী আছে।

যেনেদৰে তেওঁ তোমাক ক’ব

এতিয়াও তেওঁ বেছিকৈ কাম কৰে

আৰু বেছিকৈ তেওঁৰ ভৰিৰ গাঁঠি ওফন্দি উঠে।

হে, মোৰ ভদ্ৰ পাঠকসকল, মই অনুমান কৰিছোঁ

আপোনালোক কিমান ধৈৰ্যৰে অপেক্ষা কৰি আছে

এতিয়া মই ভাবিছোঁ যে আপোনালোকে আশা কৰিছে

তেওঁৰ বিষয়ে এটি কাহিনী কোৱা হ’ব।

হে, পাঠসকল! তোমাৰ মনত আছেনে

তেনেকুৱা সম্পদ মাথো নীৰৱ চিন্তাইহে আনিব পাৰে। 

হে ভদ্ৰ পাঠক সমাজ! তোমালোকে প্ৰত্যেক বস্তুতেই একোটাকৈ কাহিনী পাবা।

মোৰ যি ক’বলৈ আছে, সি অতি চমু

আৰু তুমি ইয়াক দয়াভাৱেৰে গ্ৰহণ কৰিব লাগিব।

এইটো কোনো গল্প নহয়, কিন্তু তুমি ভবা উচিত যে

ইয়াৰ পৰা তুমি এটা গল্প সৃষ্টি কৰিব পাৰিবা।

এদিনাখন গৰম কালত তেওঁক লগ পোৱাৰ সৌভাগ্য হৈছিল

এই বুঢ়া মানুহজনে যিমান পাৰে সিমান

এটা বুঢ়া গছৰ মূঢ়া তুলিবলৈ মাটি খান্দি আছিল

সেইটো আছিল পচি যোৱা গছৰ মূঢ়া

খন্তিটো তেওঁৰ হাতত কঁপিছিল।

তেওঁৰ পৰিশ্ৰমটো ইমানেই নিৰৰ্থক আছিল যে

সেই বুঢ়া গছৰ মূঢ়াটো উভালি পেলোৱাত তেওঁ

গোটেই জীৱন পাৰ কৰিব পাৰিলেহেঁতেন। ০ ০ ০

টোপনিয়ে মোৰ আত্মাটো বন্ধী কৰি ৰাখিছিল

মূল ইংৰাজী– উইলিয়াম ওৱৰ্ডচৱৰ্থ (ইংলণ্ড) 

টোপনিয়ে মোৰ আত্মাক বন্ধী কৰি ৰাখিছিল

মানুহে কৰা ভয়বোৰ  মোৰ নাছিল

তাই পাৰ্থিৱ বছৰবোৰৰ  স্পৰ্শ অনুভৱ নকৰা যেন দেখাইছিল।

তাইৰ কোনো গতি নাই, নাই কোনো শক্তি

তাই নুশুনেও আনকি নেদেখেও

তাই পৃথিৱীৰ আহ্নিক গতিৰ সৈতে ঘূৰি আছে

নিৰস পাহাৰ, শিল আৰু গছবোৰৰ সৈতে। ০ ০ ০

চনেট, (লণ্ডন, চেপ্তেম্বৰ ১৮০২)

মূল  ইংৰাজী– উইলিয়াম ওৱৰ্ডচৱৰ্থ (ইংলণ্ড)

হে বন্ধু, মই নেজানোঁ কোন দিশত মই দৃষ্টি দিম অকন সুখৰ বাবে।

মই অত্যাচাৰিত প্ৰাণী। ভাৱিছোঁ আমাৰ জীৱনটো অকল সাজ-সজ্জাত লুকাই আছে। আমাৰ জীৱনটোৰ বাহ্যিক ৰূপ প্ৰদৰ্শিত হৈ আছে দক্ষ কাৰীকৰ, নীচ হস্তশিল্পৰ আৱেষ্টনীত, খোৱা-লোৱা আৰু ঘোঁৰা পোহপাল দিয়াত। 

আমি এটা পাৰ্বত্য নদীৰ দৰে জলমল কৰি বৈ যাব লাগিব– মুক্ত সূৰ্যৰ পোহৰত। অন্যথাই আমি অভিশপ্ত হ’ম। ধন-সম্পদত চহকী মানুহকেই আমি শ্রেষ্ঠ বুলি কওঁ! আজিকালি প্ৰকৃতিত কোনো সৌন্দৰ্য নাই, কিতাপত কোনো আনন্দ নাই। 

লুট-পাত কৰা, অৰ্থৰ লোভ কৰা আৰু অকাৰণ অৰ্থব্যয় কৰাই আমাৰ ধৰ্ম। এইবোৰকেই আমি পূজা কৰি আছোঁ। 

আমাৰ মাজত সৰল জীৱন-যাপন আৰু উচ্চ চিন্তা নাই। 

পৰম্পৰাগতভাৱে আমি পাই অহা ঘৰুৱা সৌন্দৰ্য আজি গুচি গৈছে। আৰু গুচি গৈছে আমাৰ শান্তি, নিষ্কলংকতা, শুদ্ধ ধৰ্ম আৰু পৱিত্ৰ জীৱন-যাপন। ০ ০ ০

.

সাপ

মূল  ইংৰাজী– ডেভিদ হাৰবাৰ্ট লৰেঞ্চ (ইংলণ্ড)

অতিপাত গৰম পৰা দিন এটিত এটি সাপ মোৰ পানীৰ পাত্ৰত পানী খাবলৈ আহিছিল।

আৰু মই সেইদিনা গৰম পৰা কাৰণে পায়জামা পিন্ধি আছিলোঁ।

মই হাতত কলহটো লৈ গহীন আৰু আচৰিত গোন্ধ থকা ডাঙৰ কলা ‘কেৰব’ গছৰ ওচৰলৈ আগবাঢ়ি গৈছিলোঁ।

হঠাৎ মই থিয় হ’বলগা হৈছিল কাৰণ মোৰ সন্মুখত সাপটোৱে পানী পি আছিল।

ছয়াময়া অন্ধকাৰত সাপটোৱে  মাটিৰ গড়ৰ ফাঁটৰ মাজেদি তাত আবিৰ্ভূত হৈছিল।

আৰু সাপটোৱে এইটোৰ হালধীয়া-মুগা বৰণীয়া শিথিল কোমল শৰীৰেৰে শিলৰ পাত্ৰটোত মেৰিয়াই ধৰিছিল।

আৰু তাৰ ডিঙিটো শিলৰ পাত্ৰটোৰ ওপৰত ৰাখিছিল।

য’ৰ পৰা পাত্ৰটোত পানী নিগৰি পৰিছিল তাৰ পৰাই সাপটোৱে পোনে পোনে পানী চুহি খাইছিল।

লাহেকৈ সি পানী পি শিথিল আৰু দীঘল শৰীৰত সোমাই লৈছিল।

মোৰ আগত পানীৰ পাত্ৰত কোনোৱা আছিল যেন মই ভাৱিলোঁ আৰু মই তালৈ যোৱা দ্বিতীয়জন বুলি অপেক্ষা কৰিছিলোঁ।

গৰুৱে পানী খাই মূৰ দঙাৰ দৰে  সি পানী খাই থকাৰ পৰা মূৰটো দাঙিছিল।

আৰু সি তাৰ থুঁতৰিৰ মাজেৰে দুটা মূৰ, জোঙা জিভাখন জোকাৰি দিছিল

আৰু এক মূহুৰ্ত চিন্তা কৰিছিল।

তাৰ পিছত চিন্তা কৰা এৰি আকৌ অলপ পানী খাইছিল।

মাটিৰ জ্বলন্ত আভ্যন্তৰীণ অংশৰ পৰা অহা বাবে এইটোৰ বৰণ আছিল মটীয়া

মুগা বৰণৰ আৰু মটীয়া সোণবৰণৰ।

ধোঁৱাৰ সৈতে এইটোৰ বৰণৰ মিল আছিল।

মোৰ জ্ঞানে মোক ক’লে–

সাপটো নিশ্চয় মাৰা উচিত।

কাৰণ ছিচিলিয়ানসকলে বিশ্বাস কৰে যে কলা বৰণৰ সাপ বিষহীন কিন্তু সোণবৰণীয়া সাপবোৰ বিষাক্ত।

মোৰ ভিতৰৰ পৰা কোনোৱাই কোৱা যেন শুনিলোঁ–

যদি তুমি মানুহ হোৱা, তেন্ত তুমি এতিয়াই এখন লাঠি লৈ সাপটোক মাৰি পেলোৱা উচিত।

কিন্তু, মই নিশ্চয় স্বীকাৰ কৰিব লাগিব যে মই কেনেদৰে তাক ভাল পাইছিলোঁ।

মই কিমান আনন্দিত হৈছিলোঁ

সাপটেৱে যেতিয়া শান্তভাৱে মোৰ পাত্ৰত পানী খাবলৈ মোৰ অতিথি হৈছিল।

আৰু সি কিমান শান্তভাৱে কোনো ধন্যবাদ নজনোৱাকৈয়ে মাটিৰ অভ্যন্তৰলৈ সোমাই গৈছিল।

এইটো মোৰ কাপুৰুষালি আছিল নে যে মই তাক মাৰিবলৈ সাহস নকৰিলোঁ।

এইটো মোৰ দুষ্টালি নাছিল নে যে মই সেইটোৰ লগত কথা পাতিবলৈ হাবিয়াস কৰিছিলোঁ।

তাৰ প্ৰতি ইমান সন্মানেবাধ পোষণ কৰাটো মোৰ ভদ্ৰতা নাছিলনে?

মই ইমানেই সন্মানিত বুলি অনুভৱ কৰিছিলোঁ।

তথাপি মই এই কথাষাৰ মোৰ ভিতৰত শুনিবলৈ পাওঁ–

তুমি যদি ভয় নকৰিলাহেঁতেন, তেন্তে তুমি তাক হত্যা কৰিলাহেঁতেন।

সচাঁকৈয়ে ক’বলৈ গ’লে মই ভয় খাইছিলোঁ

অতিপাত ভয় খাইছিলোঁ

কিন্তু তাতকৈ মই তাক অধিক সন্মান কৰিছিলোঁ।

কাৰণ তেওঁ মোৰ আতথ্যিপৰায়ণতা বিচাৰিছিল।

মাটিৰ গুপুত ঠাইৰ পৰা তেওঁ এন্ধাৰ পথেৰে মোৰ পানীৰ পাত্ৰলৈ আহিছিল।

সি যথেষ্ট পানী খাইছিল আৰু সি তাৰ মূৰ চুইছিল, অলসভাৱে এজন মদপীৰ দৰে।

আৰু শূন্যত সি জোঙা ডিঙিটো জোকাৰিছিল

যেন সি তাৰ থুঁতৰি চেলেকিছে।

আৰু এজন দেৱতাৰ দৰে, নেদেখাকৈয়ে আকাশটো চাইছিল আৰু লাহে লাহে তাৰ মূৰটো ঘূৰাইছিল।

আৰু লাহেকৈ খুব লাহেকৈ, যেন সপোন দেখিছে, লাহে লাহে সি আগবাঢ়িছিল আৰু মোৰ দেৱালৰ ভঙা দাঁতিয়েদি আকৌ বগাই গৈছিল।

আৰু যেতিয়া সি সেই ভয়ানক গাঁতটোলৈ তাৰ মূৰটো সোমাই দিছিল আৰু সোমাই গৈছিল তেতিয়া দৃশ্যটো আতংকজনক হৈ পৰিছিল যেন সি বাহিৰ হৈ যোৱাৰ বিৰুদ্ধে এতিয়া সংগ্ৰাম কৰি আছে।

সি যেতিয়া মোক অতিক্ৰম কৰিছিল তেতিয়া তাৰ পিছফালটো ঘূৰাইছিল।

মই চাৰিওফালে চাইছিলোঁ, মই মোৰ কলহটো নমাইছিলোঁ।

মই অগঢ়া কাঠৰ টুকুৰা এটি বুটলি লৈছিলোঁ মুখেৰে কিবা-কিবি শব্দ কৰি মই কাঠৰ টুকুৰাটো পানীৰ পাত্ৰলৈ দলিয়াই দিছিলোঁ।

মই ভাৱোঁ এইটোৱে সাপটোক আঘাত কৰা নাছিল।

কিন্তু হঠাতে বাহিৰ হৈ থকা তাৰ পিছ অংশটো

ততাতৈয়াকৈ জোকাৰ মাৰিলে।

সি বিজুলিৰ দৰে চটফটাই সেই কলা গাঁতটোৰ ভিতৰলৈ সোমাই গৈছিল।

গভীৰ হৈ অহা সন্ধিয়াটোত মই সাপটোৰ সেই দৃশ্যটোৰ প্ৰতি তধা লাগি চাই আছিলোঁ।

আৰু ততালিকে মই এইটোৰ বাবে অনুতাপ কৰিছিলোঁ।

মই ভাৱিছিলোঁ কিমান সামান্য, কিমান অসভ্য আৰু কিমান নীচ আছিল কামটো।

মই নিজকে ঘিণ কৰিছিলোঁ আৰু ঘিণ কৰিছিলোঁ মোৰ শিক্ষাক।

আৰু মই এলেবটৰচ চৰাইৰ কথা ভাৱিছিলোঁ।

আৰু মই আশা কৰিছিলোঁ, মোৰ সাপটো আকৌ ওভতি আহিব।

কাৰণ মোৰ বাবে সি আছিল ৰজাৰ দৰে।

বনবাসত থকা ৰজাৰ দৰে, যিজন পাতালপুৰীত অখ্যাত।

এতিয়া আকৌ ৰাজমুকুট পিন্ধোৱাৰ বাবে মই মোৰ এজন প্ৰভুক হেৰুৱালোঁ।

হে জীৱন,

এতিয়া মোৰ প্ৰায়চিত্ত হ’ব লগা আছে।

কিমান তুচ্ছ কামটো কৰা হৈছিল। ০ ০ ০

.

ডৱাৰ উপকূল

মূল  ইংৰাজীঃ মেথিউ আৰ্নল্ড (ইংলণ্ড)

.

আজি ৰাতি সাগৰটো শান্ত

জোঁৱাৰ পূৰ্ণ হৈছে, চন্দ্ৰৰ পোহৰ সুন্দৰভাৱে উপকূলটোত পৰিছে–ফ্রান্সৰ উপকূলত পোহৰে জেউতি চৰাইছে আৰু গুচি গৈছে,

ইংলণ্ডৰ থিয় পাহাৰ উজলি আছে

যিটো অতি শান্ত বিশাল উপসাগৰৰ পাৰৰ বাহিৰত।

খিৰীকিৰ কাষলৈ আহা, ৰাতিৰ বায়ু কিমান মিঠা! মাত্ৰ পোহৰৰ সিঁচৰতিৰ দীৰ্ঘ শাৰীটোৰ পৰা– য’ত চন্দ্ৰৰ পোহৰে জেউতি চৰোৱা মাটিক সাগৰে লগ  পাইছে।

শুনা! তুমি শিলগুটিবোৰৰ বিৰক্তিজনক গৰ্জন শুনা– যিবোৰ সাগৰৰ ঢৌৱে পিছলৈ ঠেলি দিছে আৰু দলি মাৰি নিক্ষেপ কৰিছে।

ওখ সাগৰৰ পাৰত এই কার্যবোৰ আৰম্ভ হৈছে, বন্ধ হৈছে আৰু আকৌ আৰম্ভ হৈছে।

হ্রস্ব গতিৰ ভয়ানক সুৰত আৰু সিহঁতে অনন্ত শোকৰ সুৰ বহন কৰিছে।

বহু বছৰ আগতে গ্ৰীক নাট্যকাৰ ছফ’কলছে

ইজিনী সাগৰত এই তৰ্জন-গৰ্জনৰ শব্দ শুনিছিল আৰু এই শব্দবোৰে তেওঁৰ মনত বিশৃঙ্খলভাৱে মানুহৰ দৰিদ্ৰতাৰ জোঁৱাৰ-ভাটাৰ সৃষ্টি কৰিছিল।

আমিও এই শব্দবোৰত এটা চিন্তাৰ উৎস বিচাৰি পাইছোঁ– যিবোৰ শব্দ উত্তৰাঞ্চলৰ সাগৰৰ পৰা অহা শুনিছোঁ।

বিশ্বাসৰ সাগৰ

আগতেও আছিল, আজিও আছে, আগৰ দৰেই পূৰ্ণভাৱে আৰু পৃথিৱীৰ উপকূলত উজ্জ্বল পেটীৰ ভাঁজৰ দৰে পৰি আছে।

কিন্তু এতিয়া এইমাত্ৰ ইয়াৰ আমন-জিমন বিমৰ্ষ সুৰহে শুনিবলৈ পাইছোঁ– যি সুৰটোৱে দীঘল তৰ্জন-গৰ্জন উঠাই লৈ আছে–ৰাতিৰ বতাহৰ উশাহৰ ভিতৰত, বিশাল নিৰানন্দ আৰু পৃথিৱীৰ নাঙঠ সাগৰৰ পাৰৰ চকচকীয়া পাথৰৰ তলত।

হে প্ৰেম, আমাক সত্যবান হ’বলৈ দিয়া

এজনে আনজনৰ প্ৰতি! পৃথিৱীৰ হকে, যিটো আমাৰ আগত সপোনৰ  দেশৰ দৰে পৰি আছে– যি সপোন বিচিত্ৰ ধৰণৰ অতিকৈ সুন্দৰ, অতিকৈ নতুন– য’ত প্ৰকৃততে কোনো আনন্দ নাই, কোনো প্ৰেম নাই, কোনো পোহৰ নাই আৰু দুখ-দুৰ্দ্দশাৰ সময়ত কোনো সহায়ো নাই।

আৰু আমি ইয়াত অন্ধকাৰ সমভূমিত যুদ্ধ আৰু সংগ্ৰামৰ বিপদ ঘন্টাৰ মাজত পৰি আছোঁ– য’ত অজ্ঞ সেনাবোৰে ৰাতিৰ ভাগত সংঘৰ্ষত লিপ্ত হয়। ০ ০ ০

.

অকনমান গিড্ডিং

মূল  ইংৰাজীঃ টি. এচ. ইলিয়ট (ইংলণ্ড)

.

(১)

মধ্য হেমন্তৰ বসন্ত হৈছে এইটোৰ নিজস্ব ঋতু

এইটো যুগমীয়া যদিও সূৰ্যাস্তৰ সময়ত উত্তপ্ত  হয়

কিছু সময় এইটো মেৰু অঞ্চল আৰু সূৰ্যমণ্ডলীৰ মাজত থমকি ৰয়

যেতিয়া চুটি দিনটো উজ্জ্বল হৈ উঠে নিয়ৰ আৰু জুইৰ সৈতে চলন্ত সূৰ্যটোৱে বৰফখণ্ডবোৰ বিগলিত কৰি পুখুৰী আৰু খালত পেলায়। বতাহহীন  ঠাণ্ডাত হৃদয়ৰ উত্তাপ পানীৰ ওপৰত প্ৰতিফলিত হয়। পোহৰৰ দীপ্তি যিটো সন্ধিয়া সময়ত অন্ধ আৰু এটা পোহৰৰ চমক যিটো উত্তপ্ত পিতলতকৈয়ো বেছি প্ৰখৰ ই বোবা আত্মাটোক জোঁকাৰণি দিয়ে কোনো বতাহে নহয়। ইহুদীসকলৰ উৎসৱত জ্বলোৱা জুইয়ে বছৰৰ সেই অন্ধকাৰ সময়খিনিত। বৰফ বিগলন আৰু গোট মৰাৰ মাজত হৃদয়ৰ তেজ কঁপি থাকে। ইয়াত ভূভাগৰ কোনো সুগন্ধ নাই নাইবা কোনো জীৱন্ত প্ৰাণীৰো সুগন্ধ নাই। এইটো হৈছে বসন্তৰ সময় কিন্তু কোনো সময়ৰ আহ্বান নহয়। এতিয়া এঘন্টাৰ বাবে কাঁইটীয়া জোপোহা গছবোৰে বৰফৰ সাময়িক উজ্জ্বলতাৰ সৈতে সমান্তৰাল অৱস্থাত উপনীত হৈছে। গ্ৰীষ্মকালতকৈ বেছি অকস্মাৎ জেউতি এতিয়া বিৰাজমান। এতিয়া কোনো কুঁহিপাতো গজা নাই, কোনো পাতো লেৰেলি যোৱা নাই– কোনো প্ৰজাতিতো এনে ঘটা নাই। এতিয়া সেই অকল্পনীয় স্থিৰ গ্ৰীষ্মকাল ক’ত?

তুমি যদি এই ৰাস্তাৰে আহা

সম্ভৱতঃ এই ৰাস্তাৰে আহিবলৈ তুমি ভাল পাবা

সেই ঠাইৰ পৰা তুমি আহিবা যি ঠাইত তুমি আছা

তুমি যদি মে’ মাহত আহা তুমি বেৰ দিয়া বগা জোপোহা গছ পাবা কামাসক্ত মধুৰতাৰ সৈতে আৰু তোমাৰ ভ্ৰমণৰ শেষ প্ৰান্ততো একে অৱস্থা পাবা।

তুমি যদি সিংহাসনচ্যুত ৰজাৰ দৰে ৰাতিৰ ভাগত আহিছিলা,

তুমি কিয় আহিছিলা কথাটো নজনাকৈয়ে তুমি যদি দিনত আহিছিলা এইটো একে কথাই হ’ব। তুমি যেতিয়া খলা-বমা ৰাস্তা পাৰ হ’বা আৰু গাহৰিৰ গঁৰালৰ পিছত থকা খহটা অট্টালিকাৰ সন্মুখভাগ পাবা তেতিয়া পাবা কবৰৰ স্মৃতি সৌধ। তুমি কিহৰ বাবে আহিছিলা, তুমি ভাৱিবা যে সকলো বৃথা। যেতিয়া তোমাৰ অহাৰ উদ্দেশ্য সফল হ’ব তেতিয়া তোমাৰ উদ্দেশ্যৰ অন্ত হ’ব। সম্ভৱতঃ তোমাৰ কোনো উদ্দেশ্য নাছিল নাইবা তোমাৰ উদ্দেশ্যটো পৰিণতিৰ শেষত আৰু হয়তো তোমাৰ উদ্দেশ্যটো পৰিপূৰ্ণতা পোৱাৰ পিছত পৰিৱৰ্তন হ’ব। ইয়াত আন ঠাইয়ো আছে যিবোৰ পৃথিৱীৰ শেষ প্ৰান্ত। তাৰে কিছুমান সাগৰৰ মুখত, কিছুমান অন্ধকাৰ হ্রদত, কিছুমান মৰুভূমিত নাইবা মহানগৰীত। কিন্তু এইটোৱেই হৈছে নিচেই ওচৰৰ ৰাস্তা, স্থান আৰু সময়ৰ ভিত্তিত  ঃ এতিয়া এই ইংলণ্ডত।

তুমি যদি আহিছিলা যিকোনো ৰাস্তাৰে যিকোনো ঠাইৰ পৰা যাত্ৰা আৰম্ভ কৰি যিকোনো সময়তে বা যিকোনো ঋতুতে– এই সকলোবোৰ একে কথাই হ’ব। তোমাৰ অনুভূতি আৰু তোমাৰ অভিপ্ৰায় স্থগিত কৰিব লাগিব। কথাটো প্ৰমাণ কৰিবলৈ তুমি কিন্তু ইয়াত নাই। তুমি নিজকে নিজে শিকোৱা, নাইবা তোমাৰ কৌতুহলক জানিব দিয়া, নাইবা তুমি জাননী বৈ নিয়া। তুমি ইয়াত আঁঠু কাঢ়িলেহে প্ৰাৰ্থনা যুক্তিসংগত বুলি মানি লোৱা হয়। আৰু প্ৰাৰ্থনা শব্দৰ শৃঙ্খলাতকৈ প্ৰাৰ্থনা মনৰ সচেতন কৰ্তব্য। প্ৰাৰ্থনা কৰা শব্দৰ সুৰতকৈ প্ৰাৰ্থনা অইন কিবা বস্তু। মৃত মানুহৰ কোনো কথা কোৱাৰ শক্তি নাই। জীৱিত কালত সিহঁতে কিবা ক’ব পাৰে। এতিয়া মৃত লোকসকলৰ যোগযোগ জীৱিতসকলৰ পৰা বহু দূৰত। ইয়াত সময়হীন মূহুৰ্তৰ মিলনস্থল হৈছে হয় ইংলণ্ড নাইবা কোনো ঠাইয়েই নহয়। হয় কেতিয়াও নহয় অথবা সদায়।

(২)

এজন বুঢ়া মানুহৰ চোলাৰ হাতত ছাঁই

সকলো ছাঁই পুৰি যোৱা গোলাপ এৰি যোৱাখিনি আৰু ধূলি-মাকতি যিখিনি বায়ুৰ মাজত থমকি ৰৈছে।

এইবোৰে সেই ঠাইখিনিক সূচায় য’ত গল্পটো শেষ হৈছিল, য’ত ধূলি-মাকতি গ্ৰহণ কৰা হৈছিল। সেইটো আছিল এটা ঘৰ। ঘৰটোত আছিল বেৰ, কাঠৰ টুকুৰা আৰু নিগনি।

ই আশা আৰু হতাশাৰ মৃত্যু

এইটো বায়ুৰ মৃত্যু।

মুখ আৰু চকুত বানপানী আৰু অনাবৃষ্টি

মৃত পানী আৰু মৃত বালি

উচ্চাসন পাবৰ বাবে অৰিয়া-অৰি

শুকান আৰু ভঁজা মাটি

পৰিশ্ৰমৰ গৰ্ভত মুখ মেলিছে

কোনো আনন্দ নোহোৱাকৈয়ে হাঁহিছে

— এইটোৱে পৃথিৱীৰ মৃত্যু সূচায়।

পানী আৰু জুইয়ে শাসন কৰিছে

চহৰ, চৰণীয়া পথাৰ আৰু ঘাঁহবন।

পানী আৰু অগ্নিয়ে আমি অস্বীকাৰ কৰা আত্মোৎছৰ্গক ইতিকিং কৰে।

আমি পাহৰি যোৱা ভেটিক মামৰে ধৰিব আৰু ধবংস কৰিব পৱিত্ৰ মন্দিৰ আৰু গীত।

–এইবোৰে পানী আৰু অগ্নিৰ মৃত্যুক সূচায়।

ৰাতিপুৱাৰ আগত অনিশ্চিত ঘন্টাবোৰত

শেষ হ’বলৈ ধৰা ৰাতিৰ ওচৰত

আৰু শেষ নোহোৱা আসন্ন অন্তিমত।

চঞ্চল সুৰৰ সৈতে কলা কপৌ চৰাইৰ পিছত তেওঁ ঘৰ পোৱাৰ দিগন্তৰ তলত পাৰ হৈ গৈছে

যেতিয়া মৃত পাতবোৰে টিনৰ দৰে জনজন শব্দ কৰে

‘এছফাল্ট’ নামৰ কঠিন শিলৰ ওপৰত য’ত অইন কোনো নাছিল– তিনিটা অঞ্চলৰ মাজত য’ৰ পৰা ধোঁৱা উৰিছিল

মই খোজকাঢ়ি আহি থকা, পলম কৰি থকা আৰু বেগাই আহি থকা কোনোবাক লগ পাইছিলোঁ

যেন ধাতুৰ পাতৰ দৰে মোৰ পিনে আহি আছিল কোনো বাধা নোপোৱাকৈয়ে 

আহি আছিল ৰাতিপুৱাৰ আগতেই

মই তেওঁৰ নত মুখৰ পিনে দৃষ্টি দিছিলোঁ।

আমি যাৰ সৈতে বাজি মাৰোঁ তেওঁ সুক্ষ্ম পৰীক্ষাটো আঙুলিয়াই দিছিল।

সেইজন আছিল ক্ৰমে কমি অহা সন্ধিয়াত মই লগ পোৱা প্ৰথমজন অচিনাকী ব্যক্তি।

মই কিছুমান মৃত গৰাকীৰ আচম্বিত দৃষ্টি ধৰিছিলোঁ

যিজনক আমি জানিছিলোঁ, পাহৰি গৈছিলোঁ, আধা মনত ৰাখিছিলোঁ– এজনক আৰু বহুতোক কজলা বৰণৰ।

মই লগ পাইছিলোঁ পৰিচিত অপদেৱতাক

যিজন আছিল মোৰ জনা আৰু মোৰ অজনা।

মই দ্বৈত ভূমিকা গ্ৰহণ কৰিছিলোঁ আৰু চিঞৰিছিলোঁ

আৰু আন কোনোৱা এজনে চিঞৰা শুনিছিল– “কি! আমি ইয়াতনে?”

যদিও আমি তাত নাছিলোঁ মই তেতিয়াও আগতে যেনে আছিলোঁ তেনেই আছিলোঁ– মই নিজকে আন কোনোবা এজন বুলি ভাৱি। 

তেওঁ এটা মুখৰ আকৃতি লৈ আহিছিল। তথাপি শব্দই যথেষ্ট আছিল। সিহঁতে চিনাকী দিবলৈ আগুৱাই গৈছিল। আৰু সেইবাবেই সাধাৰণ বতাহক অভিযোগ কৰিছিল। সিহঁতে আনজনৰ প্ৰতি ভুল বুজাবুজিৰ বাবে আশ্চৰ্য্য হৈ আছিল। 

সময়ে কটাকটি কৰা এই মিলন মূহুৰ্তত কোনো স্থানতে মিলন নোহোৱা এই মিলন আগতে নহয়, পিছতো নহয়

আমি মৃত খোজত ৰাস্তাৰে খোজকাঢ়ি গৈছিলোঁ।

মই কৈছিলোঁ, “যি বিষ্ময় মই অনুভৱ কৰিছিলোঁ সি আছিল অতি সহজ। আৰু বিষ্ময়ৰ কাৰণটোও আছিল অতি সহজ। তথাপি মই কওঁ, “মই বুজিব নোৱাৰো, মই মনত ৰাখিব নোৱাৰোঁ।”

তেওঁ কৈছিল, “তুমি যিটো পাহৰি গৈছা সেই চিন্তা আৰু তত্ব তোমাক পুনৰবাৰ শুনাবলৈ আগ্ৰহী নহওঁ।” এই বিষয়বোৰে সিহঁতৰ উদ্দেশ্য সাধন কৰিছিল আৰু সিহঁতক তোমাৰ নিজৰ বিষয়বোৰৰ লগত একে হ’বলৈ দিয়া আৰু প্ৰাৰ্থনা কৰা যেন সিহঁতক ক্ষমা কৰা হয়। আনৰ দ্বাৰা যেনেদৰে মই তোমাৰ ক্ষমাৰ বাবে প্ৰাৰ্থনা কৰোঁ। ভাল বেয়া দুয়োটাৰ বাবে। যোৱা ঋতুৰ ফল ভোগ কৰা হৈছে। আৰু পেট পুৰাই খোৱাজনে নিশ্চয় পাত্ৰত লাথি মাৰি দলিয়াই দিব। কাৰণ যোৱা বছৰৰ শব্দবোৰ যোৱা বছৰৰ ভাষাৰ লগত জড়িত আছিল।  অহা বছৰৰ শব্দই আন এটা সুৰ পোৱাৰ বাবে অপেক্ষা কৰিব।

কিন্তু সেই অনুচ্ছেদটোৱে যেনেদৰে কোনো বাধাৰ সৃষ্টি নকৰে সেই শক্তিৰ বাবে যিটো প্ৰাৰ্থনা কৰা হোৱা নাই আৰু দুয়োখন পৃথিৱীত ভ্ৰমণ কৰিছে–এই দুয়োটাই পৰস্পৰে পৰস্পৰৰ দৰে হৈছে।

গতিকে মই শব্দ বিচাৰি পাইছোঁ কিন্তু মই কোৱাৰ কথা কেতিয়াও ভাৱিব পৰা নাই। ৰাস্তাত মই নাভাৱোঁ যে মই আকৌ এই ৰাস্তাৰে ভ্ৰমণ কৰিম। যেতিয়া মই মোৰ শৰীৰ কোনো দূৰৱৰ্তী উপকূলত এৰি দিওঁ।

যিহেতু আমাৰ বিষয়টো আছিল কথা-বতৰাৰ বিষয় গতিকে আমি জাতিটোৰ ভাষাটো পৰিশুদ্ধ কৰিবলৈ বাধ্য হৈছিলোঁ। গতিকে মই মোৰ মনক পূৰ্বলৈ আৰু আগলৈ যাবলৈ টানি ধৰিছিলোঁ। এই যুগত যিটো প্ৰযোজ্য সেইটো মোক প্ৰকাশ কৰিবলৈ দিয়া তোমাৰ জীৱন কালত প্ৰচেষ্টাক মহিমাণ্ডিত কৰিবলৈ। প্ৰথমত, মৃত হোৱা অনুভূতিৰ ঠাণ্ডা অৰিয়া-অৰি কোনো আকৰ্ষণ নোহোৱাকৈ, কোনো শপত নিদিয়াকৈ কিন্তু ছাঁত গজা ফলৰ তিক্ত মধুৰতা যেন শৰীৰ আৰু আত্মা ডোখৰ ডোখৰ অৱস্থাত ভাগি পৰিবলৈ আৰম্ভ কৰিছে। দ্বিতীয়ত, খঙৰ সচেতন পুংশক্তিহীনতা যিবোৰ মানৱ মূৰ্খালিত আছে আৰু অট্টহাঁহিৰ বৰ্দ্ধন যি আনন্দ উপভোগ কৰিবলৈ বন্ধ হৈছে। আৰু অৱশেষত সকলোকে পুনৰ বিমোহিতকৰণৰ বৰ্দ্ধিত যন্ত্ৰণা যিটো তুমি কৰিছা আৰু কৰিবলৈ আছিল। তোমাৰ আচৰণৰ লজ্জ্যা যিটো অৱশেষত প্ৰকাশ পালে আৰু বেয়াকৈ কৰা কামৰ সচেতনতা যিবোৰ আনৰ অনিষ্টৰ বাবেকৰা হৈছে– যি কামবোৰক তুমি আগতে পুণ্যৰ কাম বুলি অনুশীলন কৰিছিলা। সেই কামটেৱে মূৰ্খৰ অনুমোদন পাইছিল আৰু এতিয়া বেয়া গোন্ধাইছে আৰু সন্মানতো কলংকৰ চেকা লাগিছে। ভুলৰ পৰা ভুলে কোপ বৃদ্ধি কৰে। নতুবা পৰিশোধিত জুই পুনৰ স্থাপন কৰা হয় য’ত তুমি এজন নৰ্তকীৰ দৰে ঘূৰিবা।

সেই দিনটো ভাঙি আছিল। আধা নষ্ট পথত তেওঁ মোক এৰি গৈছিল– এক প্ৰকাৰৰ বিদায় অভ্যৰ্থনা জনাই আৰু শিঙাৰ শব্দৰ লগে লগে জঁই পৰি গৈছিল।

(৩) 

ইয়াত তিনিটা চৰ্ত আছে যিবোৰ সদায় দেখাত একেই তথাপি সম্পূৰ্ণ ভিন্নতা আছে– একে অঞ্চলতে বাঢ়ি থাকে। এইবোৰ সংলগ্ন কৰা আছে নিজৰ সৈতে, বস্তুবোৰৰ সৈতে আৰু মানুহৰ সৈতে। আৰু নিজৰ পৰা, বস্তুবোৰৰ পৰা আৰু মানুহৰ পৰা এইবোৰৰ আলগকৰণ কৰা আছে। আৰু সিবোৰৰ মাজত সিবোৰ বাঢ়ি থাকে উদাসীনভাৱে– যিবোৰ আনবোৰৰ লগত মিলি যায় যিদৰে মিলি যায় মৃত্যু জীৱনৰ সৈতে। দুটা জীৱনৰ মাজত হোৱা বাবে ফলপূৰ্ণ নহয়। জীৱন আৰু মৃত্যু চেৰা গছৰ দৰে। স্মৃতিৰ ব্যৱহাৰ হৈছে এইটো। মুক্তিৰ বাবে কোনো প্ৰেমৰ বাবে নহয়। কিন্তু আকাঙ্খাৰ বাহিৰত প্ৰেমৰ বৰ্দ্ধিতকৰণহে। মুক্তি এনেকুৱাই ভৱিষ্যত আৰু অতীতৰ পৰা। এনেদৰেই আমাৰ দেশৰ প্ৰেম আৰম্ভ হয়, আৰম্ভ হয় আমাৰ নিজস্ব কামৰ সংযোগ পথাৰত। সামৰণিত পায় যে কামবোৰ কম তাৎপৰ্যপূৰ্ণ– যদিও কেতিয়াও উদাসীন নহয়। ইতিহাস দাস হ’ব পাৰে, ইতিহাস মুক্তি হ’ব পাৰে। দেখা, সিবোৰ এতিয়া অদৃশ্য হৈ গৈছে। অদৃশ্য হৈ গৈছে মুখবোৰ আৰু স্থানবোৰ নিজৰ সত্ত্বাৰ সৈতে যেনেদৰে এইটোৱে সিহঁতক ভাল পাব লাগিছিল–  অন্য এটি ৰূপৰ পৰিৱৰ্তন হ’বলৈ আৰু যশস্যা অৰ্জন কৰিবলৈ।

প্ৰেম সঠিক আৰু ভাল হ’বই আৰু ভাল সকলো বস্তুৰ আচৰণ ভাল হ’বই। যদি মই আকৌ এই ঠাইডোখৰৰ কথাই ভাৱোঁ আৰু যদি ভাৱোঁ মানুহৰ বিষয়ে– এই ভাৱ-চিন্তা সম্পূৰ্ণৰূপে প্ৰশংসনীয় নহ’ব। নাইবা কোনো তৎকালীন সম্পৰ্কৰ বাবেও নহ’ব। কিন্তু শ্রেষ্ঠ প্ৰতিভাৰ বাবে হ’ব। যিবোৰে সিহঁতক আলগ কৰিছিল সেইবোৰেই সিহঁতক সংঘবদ্ধ কৰিছিল। যদি সন্ধিয়া সময়ত মই এজন ৰজাৰ বিষয়ে ভাবো আৰু যদি ভাৱোঁ তিনিজন মানুহৰ বিষয়ে আৰু যদি ফাঁচী মঞ্চত বেছি মানুহৰ বাবে ভাৱোঁ আৰু যদি সেই অলপ সংখ্যক মানুহৰ বিষয়ে ভাৱোঁ যিসকলক পাহৰি যোৱা হৈছে– আন ক’ৰবাত, ইয়াত আৰু বিদেশত। আৰু যদি এজনৰ বিষয়ে ভাৱোঁ যিজন অন্ধ আৰু শান্ত অৱস্থাত মৰিছে। মৃত্যুমুখী মানুহতকৈ আমি কিয় মৃত মানুহৰ গুণকীৰ্তন কৰিম? আমাৰ পিছপিনে শিঙা বজাবলৈ নাই। নাইবা এইটো কোনো মন্ত্ৰ জপকৰণ নহয়– গোলাপৰ অপদেৱতাক মাতিবলৈ। আমি পুৰণি মতবাদক সজীৱ কৰিব নোৱাৰোঁ। আমি পুৰণি প্ৰীতিক মাতিব নোৱাৰোঁ। সেই মানুহবোৰ আৰু সেই বিৰোধী মানুহবোৰে নীৰৱতাৰ সংবিধান গ্ৰহণ কৰিছে। আৰু মাত্ৰ এটা দলতেই ভাঁজ খাই আছে। আমি ভাগ্যবানসকলৰ পৰা কি লাভ কৰিব পাৰোঁ। আমি পৰাভূতসকলৰ পৰা গ্ৰহণ কৰিছোঁ সেইখিনি যিখিনি সিহঁতে আমাৰ কাৰণে এৰি গৈছে। সিহঁতে এৰি গৈছে এটি প্ৰতীক। সেই প্ৰতীকটো যিটো মৃত্যুত সম্পূৰ্ণতা লাভ কৰিছে। আমি ভাল হ’ম আৰু বস্তুৰ সকলো ধৰণ-কৰণ ভাল হ’ব– আমাৰ ধাৰণাৰ পৰিশুদ্ধিকৰণৰ দ্বাৰা আমাৰ প্ৰাৰ্থনা কৰা ঠাইত।

(৪) 

জলন্ত শংকাৰ সৈতে কপৌ তললৈ নামি আহে আৰু বায়ুৰ স্তৰ ভাঙি দিয়েঃ যাৰ বিষয়ে মানুহৰ কথন শক্তিয়ে প্ৰকাশ কৰে সেইজনক যিজন পাপ আৰু ভুলৰ পৰা বাদ দিয়া হৈছে। মাত্ৰ আশা নাইবা হতাশা পৰি আছে। চিতা নাইবা চিতাৰ খৰিৰ নিৰ্বাচনত– যিবোৰ অগ্নিৰ দ্বাৰা অগ্নিৰ পৰা ৰক্ষা কৰিবলগা আছে।

তেন্তে কোনে শাস্তিৰ অভিসন্ধি ৰচনা কৰিছিল? প্ৰেম হৈছে অপৰিচিত নাম সেই হাতবোৰৰ তলত যি হাতবোৰে অগ্নিশিখাৰ পোছাক সৃষ্টি কৰিছে। যি পোছাক কোনো মানৱ শক্তিয়ে আঁতৰ কৰিব নোৱাঁৰে। আমি মাত্ৰ জীয়াই আছোঁ আৰু অগ্নিৰ দ্বাৰা নাশ হৈ আছোঁ।

(৫)

আমি যাক আৰম্ভণি বুলি কওঁ, তাতেই কোনোবা এটাৰ শেষ। কোনো এটা কাম শেষ কৰা মানেই কোনোবা আন এটা কামৰ আৰম্ভণিক সূচায়। শেষ তাতেই  য’ত আমি আৰম্ভ কৰিছিলোঁ। আৰু সেই বাক্যটো যিটো শুদ্ধ– য’ত প্ৰত্যেকটো শব্দই আয়ত্বাধীন। এইটো আন  কোনোবাক সমৰ্থন কৰিবলৈ নিজৰ ঠাই লয়। শব্দটো নম্ৰও নহয়, আড়ম্বৰপূৰ্ণও নহয়। সেইটো হৈছে পুৰণি আৰু নতুনৰ সহজ ব্যৱহাৰ। কোনো চহা অৱস্থা নোহোৱাকৈ শব্দটো হুবহু একেই। আনুষ্ঠানিক শব্দটো  হুবহু একেই থাকে কোনো পাণ্ডিত্যাভিমান নোহোৱাকৈয়ে। সেইবোৰ হৈছে নৃত্য-সংগী। প্ৰত্যেকটো খণ্ডবাক্যই আৰু প্ৰত্যেকটো বাক্যই শেষ¸ আৰু আৰম্ভণি। প্ৰতিটো কবিতা  কবৰৰ ওপৰত লিখা স্মৃতিফলক। কোনো কাম কোনো প্ৰতিবন্ধকতাৰ প্ৰতি পদক্ষেপ। আৰু পদক্ষেপ কোনো অগ্নিকাণ্ড সাগৰৰ ডিঙিৰ তলত নাইবা কোনো অবৈধ শিলৰ প্ৰতি। আমি মৃত্যুমুখীসকলৰ সৈতে মৰোঁ। দেখা, সিহঁত পৰলোকলৈ গমন কৰিছে।  আৰু আমি সিহঁতৰ লগত গৈছোঁ। আমি মৃতসকলৰ সৈতে জন্ম গ্ৰহণ কৰিছোঁ। চোৱা, সিহঁত ওভতি আহিছে আৰু আমাকো সিহঁতৰ লগত আনিছে। গোলাপৰ মূহুৰ্ত আৰু ইউ গছৰ মূহুৰ্তৰ গতি একেই। ইতিহাস নোহোৱা ব্যক্তি সময়ৰ পৰা মুক্ত নহয়। কিয়নো ইতিহাস অন্তহীন মূহুৰ্তৰ সাঁচ। গতিকে যেতিয়া হেমন্তৰ সন্ধিয়া পোহৰ পৰি যায় নিৰ্জন প্ৰাৰ্থনা গৃহত , ইতিহাস তেতিয়া ইংলণ্ডত। এই প্ৰেমৰ অংকন আৰু এই আহ্বান শব্দৰ সৈতে।

আমি অভিযান কৰাৰ পৰা বিৰত নহওঁ।

আমাৰ অনুসন্ধানৰ অন্ত  তাতেই উপস্থিত হ’ব য’ত আমি আৰম্ভ কৰিছিলোঁ। তাতেই আমি পোন প্ৰথমবাৰৰ বাবে স্থানটো জানিলোঁ। অজানাৰ মাজেদি মনত থকা দৰজায়েদি সৰ্বশেষ আৱিষ্কাৰ হ’ব লগা পৃথিৱী তাতেই য’ত আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ। দীৰ্ঘ নদীৰ উৎসত গুপুত জলপ্ৰপাতৰ শব্দ আৰু আপেল গছৰ ল’ৰা-ছোৱালী আমাৰ অজানা কিয়নো অনুসন্ধান কৰা হোৱা নাছিল। মাথো শুনা হৈছিল, আধা শুনা হৈছিল,  শান্ত পৰিৱেশত সাগৰৰ দুটা ঢৌৰ মাজত। এতিয়া তৎপৰ ইয়াত, এতিয়া সদায় সম্পূৰ্ণ সৰলতাৰ অৱস্থা। সকলো বস্তুতকৈ কমদামী নহয়। সকলো ভাল হ’ব আৰু সকলো বস্তুয়েই ভাল হ’ব যেতিয়া অগ্নিশিখাৰ জিভা ভাঁজ কৰা অৱস্থাত থাকিব মুকুট পিন্ধা অগ্নিৰ গাঁঠিত। কিয়নো জুই আৰু গোলাপ একেই। ০ ০ ০

.

অকনমান  আঘাত কৰি আছোঁ

মূল  ইংৰাজী– অগডেন ন্যাছ (আমেৰিকা)

.

বহুতো বস্তুৰ ভিতৰত মই এটা বস্তুক খুব কম ভাল পাওঁ

সেয়া হৈছে এজন দন্ত চিকিৎসকৰ চিয়াৰত মুখ বহলকৈ মেলি বহি থকাটো।

আৰু মই আশাৰ বিৰুদ্ধে আশা কৰোঁ যে মোৰ যেন আকৌ তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ’ব লগা নহয়।

কিয়নো কিছুমান যন্ত্ৰণা শাৰীৰিক আৰু কিছুমান যন্ত্ৰণা মানসিক

কিন্তু দুয়োটা যন্ত্ৰণা একেলগে অহা পৰিস্থিতিটো হৈছে– দন্ত বিষয়ক।

আত্ম-নিয়ন্ত্ৰিত হৈ থকাটো টান।

তোমাৰ দাঁতৰ মুঢ়াক বুকুৰ পিনে বেঁকাকৈ ৰখাটো টান

তোমাৰ শান্ত স্বভাৱটো অটুট ৰখাটোও টান।

যেতিয়া তোমাৰ আঙুলিৰ নখে তোমাৰ জীৱন ৰেখা

প্ৰেম ৰেখা নাইবা তোমাৰ হাতৰ আঙুলিৰ আন কোনো ৰেখাক পৰিৱৰ্তন কৰি পেলায় তেতিয়া তোমাৰ সাধু স্বভাৱটো ধৰি ৰখাটো কঠিন।

যেতিয়া তুমি জানিবা যে তোমাৰ স্থানটো দুটা বা তিনিটাৰ এটা তেতিয়া বুজিবা তুমি মৰ্যদা হেৰুৱাইছা।

আৰু তোমাৰ মুখটো ৰাস্তাৰ এটা অংশৰ দৰে যিডোখৰত কাম চলি আছে।

আৰু গোটেই ৰাস্তাটোৰ ঠেলা-হেঁচাৰ অৰিয়া-অৰি শিলভঙা মেচিন আৰু শিল, বালি, চিমেন্ট মিহলি কৰা যন্ত্ৰৰ হুলস্থল শিল কটা আৰু সমান কৰা যন্ত্ৰৰ হুলস্থলে তোমাৰ মস্তিষ্কৰ কোনো এটি শিৰাকো আমনি নিদিয়াকৈ নেৰাখে।

হায়! বুঢ়া আঙুলিৰ পৰা অঙ্গ পৃথক কৰি ৰখাত কিছুমান মানুহ দুৰ্ভগীয়া।

কিছুমানে সিহঁতৰ দাঁতৰ আলুত আঘাত কৰে।

আৰু ধ’ৰা হ’ল তোমাৰ দাঁত পৰিষ্কাৰ কৰিব লাগে

কিন্তু তোমাৰ বিশ্বাস সেইবোৰ নষ্ট হৈ গৈছে

আৰু যি পৰিস্থিতিয়ে তোমাৰ যন্ত্ৰণাক বেছি বৃদ্ধি কৰে সেয়া হৈছে দাঁত পৰিস্কাৰ কৰা কামত দাপোণৰ ব্যৱহাৰ। 

কাৰণ দন্ত চিকিৎসকজন নিৰ্দয় হ’ব পাৰে যেনেদৰে ৰোমানসকলে কৈছিলঃ সিহঁতে মাথো স্ত্ৰীসুলভ আচৰণৰ কথা উল্লেখ কৰে। কিন্তু তুমি কেনেকৈ নিশ্চিত হ’ব পাৰিবা যেতিয়া দন্ত চিকিৎসকসকলে এহাতে জোঙা অস্ত্ৰ অন্য হাতত আৰ্চী ল’ব– তেওঁ কিন্তু দুয়োটা বস্তু অদল-বদল নকৰে। যেতিয়া তুমি এটা ধনুক আৰ্চীৰ সহায় লৈ বান্ধিবলৈ যত্ন কৰিবা তেতিয়া তুমি কোনটো সোঁ আৰু কোনটো বাওঁ নাইবা কোনটো বাওঁ আৰু কোনটো সোঁ সেয়া পাহৰি যাবা।

আৰু অৱশেষত তেওঁ ক’ব এইটোৰেই সকলো হ’ব। কিন্তু তেতিয়াও শেষ নহয়। তেওঁ তেতিয়া বহল কৰি ৰখা মুখখন জপাই দিব এনেকুৱা এটা যন্ত্ৰৰ দ্বাৰা যিটোক মই সন্দেহ কৰোঁ ঘোঁৰাৰ খুড়াত লগোৱা হয় বুলি।

তেতিয়া তুমি লাহে লাহে খোজ কাঢ়িবা আৰু ভাৱিবা ঃ– ভাল, এতিয়া সকলো যন্ত্ৰণা আৰু ভয়ৰ অন্ত পৰিল। এইয়া মাথো এবাৰহে হয়। কিন্তু ডাক্তৰে কয়– তিনিমাহ পিছত আকৌ আহিবা। অ’ হায় ভাগ্য! তুমি ইতিমধ্যে লাভ কৰা ঘূৰ্ণন বৃত্ত যিটো আকৌ ঘূৰি ঘূৰি আহিব।

মানুহৰ দাঁত পৰিস্কাৰ কৰি ৰাখিবলৈ বাৰে বাৰে ডাক্তৰৰ ওচৰলৈ যাব লগা হয়।

কিন্তু তুমি যদি  সদায় দাঁত সদায় পৰিস্কাৰ কৰি ৰাখা তেতিয়া তোমাৰ কেতিয়াও ডাক্তৰৰ ওচৰলৈ যাব লগা নহ’ব।  ০ ০ ০

.

চনেট- ১

মূল  ইংৰাজী—উইলিয়াম শ্বেক্সপীয়েৰ (ইংলণ্ড)

.

সুন্দৰ বস্তুৰ পৰা সুন্দৰ বস্তু সৃষ্টি হোৱাটো আমি কামনা কৰোঁ

যাতে সুন্দৰৰ কেতিয়াওঁ মৃত্যু নহয়।

যেতিয়া এজন ব্যক্তি বুঢ়া হৈ মৃত্যু বৰণ কৰে

তেতিয়া তেওঁৰ সন্তানে তেওঁৰ স্মৃতি জীয়াই ৰাখে।

কিন্তু হে বন্ধু, তুমি তোমাৰ উজ্জ্বল চকুতে আবদ্ধ হৈ আছা

তুমি নিজৰ ভিতৰতে জ্বলি পুৰি নিঃশেষ হৈ আছা

আৰু নিজৰ ভিতৰতে দুর্ভিক্ষৰ সৃষ্টি কৰিছা।

তুমি নিজেই নিজৰ শতৰু আৰু নিজৰ প্ৰতি অতিপাত নিষ্ঠূৰ

তুমিতো পৃথিৱীৰ নতুন অলংকাৰ

আৰু ফুলাম বসন্তৰ অগ্ৰদূত

তুমি নিজৰ ভিতৰতে তোমাৰ সৌন্দৰ্যক কবৰ দিছা

আৰু তোমাৰ আলসুৱা সৌন্দৰ্যক কলিতে ধবংস কৰি আছা

তোমালৈ সহানুভূতি যে তুমি পৃথিৱীৰ প্ৰাপ্যক ভক্ষণ কৰি পেলাবা

তোমাৰ নশ্বৰ দেহৰ মৃত্যু হোৱাৰ লগে লগেই।  ০ ০ ০

.

চনেট- ২

মূল  ইংৰাজী– উইলিয়াম শ্বেক্সপীয়েৰ (ইংলণ্ড)

.

চল্লিশটা শীতে তোমাৰ চকুৰ ভ্ৰূক আক্ৰমণ কৰিছে

আৰু তোমাৰ সৌন্দৰ্যৰ পথাৰত গভীৰ বয়সৰ ছাপ পেলাইছে।

তোমাৰ ডেকাকালৰ সৌন্দৰ্যৰ প্ৰতি লক্ষ্য কৰা

সিবিলাক লেৰেলি যোৱা ঘাঁহনিত পৰিণত হ’ব– অলপহে বাকী

এতিয়া যদি প্ৰশ্ন কৰা হয়– তোমাৰ সৌন্দৰ্য ক’ত লুকাই আছে

তোমাৰ কামাতুৰ দিনৰ সঞ্চিত ভঁৰাল এতিয়া ক’ত

এইটো তোমাৰ বাবে লাজৰ কথা হ’ব আৰু হ’ব মিছা প্ৰশংসা

যদিহে তোমাৰ সৌন্দৰ্য তোমাৰ মাজতে শেষ হৈ যায়। 

তোমাৰ সৌন্দৰ্যই আৰু কিমান প্ৰশংসা প্ৰত্যাশা কৰে

তুমি যদি উত্তৰ দিব পাৰা, “এইজন মোৰ সুন্দৰ কেঁচুৱা

যিজনে মোৰ বৃদ্ধকালত মোৰ নামটো ৰাখিব।”

তেতিয়া তোমাৰ সন্তানে তুমি যে সুন্দৰ তাৰ প্ৰমাণ দিব

তুমি যেতিয়া বুঢ়া হৈ আহিবা তেতিয়া তোমাৰ সৌন্দৰ্য নতুন হৈয়ে ৰব।

আৰু যেতিয়া তোমাৰ তেজ চেঁচা হ’ব, ই তোমাৰ সন্তানে উষ্ণ কৰি ৰাখিব।০ ০ ০

.

চনেট- ৩

মূল  ইংৰাজী– উইলিয়াম শ্বেক্সপীয়েৰ (ইংলণ্ড)

.

দাপোণত তোমাৰ মুখখন চাই লোৱা আৰু কোৱা

এয়াই হৈছে উপযুক্ত সময় আন এটি প্ৰতিলিপি তৈয়াৰ কৰাৰ

তোমাৰ সুন্দৰ চেহেৰাক যদি নতুনকৈ সৃষ্টি নকৰা

তুমি বিশ্বক প্ৰতাৰণা কৰা হ’ব, কোনো মাতৃক অৱজ্ঞা কৰা হ’ব

কাৰণ তাই সুন্দৰী কিন্তু তুমি তাইৰ জৰায়ু কৰ্ষণ নকৰি

তাইৰ সৌন্দৰ্যক তুমি অপমান কৰিছা

সেইজনেই তুমি নে যিজনে সন্তান জন্ম নিদি

প্ৰেমক নিজৰ ভিতৰতে কবৰ দিয়ে?

তুমি হৈছা তোমাৰ মাতৃৰ দাপোণ, তাই তোমাৰ মাজত আছে

তাই তাইৰ আলসুৱা বসন্ত তোমাৰ মাজতে দেখা পাইছে

তেনেকৈয়ে তোমাৰ বয়সৰ খিৰিকীৰে নিজকে চাব পাৰিবা

বিয়াৰ প্ৰতি তোমাৰ ঘৃণাভাৱক ত্যাগ কৰাৰ এয়াই সময়

তোমাক কোনেও মনত নাৰাখে যদিহে সন্তানহীন অৱস্থাত মৃত্যুবৰণ কৰা, 

তুমি মৰি যোৱাৰ লগে লগেই তোমাৰ সৌন্দৰ্যৰো মৃত্যু হ’ব। ০ ০ ০

.

চনেট- ৪

মূল  ইংৰাজী– উইলিয়াম শ্বেক্সপীয়েৰ (ইংলণ্ড)

.

হে অপৰিণামদৰ্শী বন্ধু, তুমিনো কিয় নিজৰ মাজতে

তোমাৰ প্ৰেমৰ সৌন্দৰ্যক অপব্যয় কৰিছা?

প্ৰকৃতিয়ে কাকো একো অবাবতে দান নকৰে, ধাৰহে দিয়ে

প্ৰকৃতিদেৱী উদাৰ হোৱা বাবেই তাই মুক্তভাৱে তোমাক দান কৰিছে

হে কৃপণ ববন্ধু, তুমি কিয় বেয়া পোৱা

তোমাক দান কৰা সৌন্দৰ্য আনক দিবলৈ?

হে অপব্যয়ী কৃপণ তুমি ইমান অৰ্থ খৰচ কৰা

অথচ তুমি জীয়াই থাকিব নোৱাৰা।

অকল নিজৰ মাজতেই তুমি আত্মকেন্দ্ৰিক হোৱা বাবেই

তোমাৰ সুন্দৰ সত্বাক তুমি প্ৰতাৰণা কৰিছা

যেতিয়া প্ৰকৃতিয়ে তোমাক পৃথিৱীৰ পৰা বিদায় ল’বলৈ মাতিব

হিচাপ কৰি চোৱা কি সম্পদনো তুমি বিশ্বত ৰাখি যাবা?

তোমাৰ অব্যৱহৃত সৌন্দৰ্য তোমাৰ মাজতে কবৰস্থ হ’ব

সন্তানৰ বাহিৰে তুমি যি সম্পদেই ৰাখি যোৱা সেয়া অপকৃষ্ট হ’ব। ০ ০ ০

.

চনেট- ৫

মূল  ইংৰাজী– উইলিয়াম শ্বেক্সপীয়েৰ (ইংলণ্ড)

.

সুন্দৰ বস্তুৰ সৃষ্টি হয় প্ৰতি মূহুৰ্ততে 

যি সুন্দৰ বস্তুবোৰৰ ওপৰত প্ৰত্যেকেই চকু দিয়ে

আকৌ সেই মূহুর্তবোৰেই সৌন্দৰ্য হৰণৰ খেল খেলিব

য’ত বস্তুবোৰ সিহঁতৰ সৌন্দৰ্যৰপৰা বঞ্চিত হ’ব

কাৰণ আহৰি নোপোৱা সময়ে গ্ৰীষ্মকালটোক লৈ যায়

গোপন শীত ঋতুলৈ আৰু তাতেই গ্ৰীষ্মকালটো শেষ হয়

কুঁৱলীৰে শীত কালটো ভৰি উঠে, গছৰ পাতবোৰ সৰি যায়

সৌন্দৰ্য বৰফাবৃত হয় আৰু সকলোতে অনুৰ্বৰতা বিৰাজ কৰে।

তেতিয়া গ্ৰীষ্মকালৰ কোনো সৌন্দৰ্যই নাথাকে

ই যেন আবদ্ধ বটলত থকা পনীয়া দ্ৰৱ্য

সৌন্দৰ্যই সৌন্দৰ্যৰ মোহনীয়তাৰ পৰা বঞ্চিত হয়

সৌন্দৰ্য কি আছিল সেয়াও মনত নাথাকে

সুন্দৰ ফুলবোৰে শীতকালত সিহঁতৰ বাহ্যিক সৌন্দৰ্য হেৰুৱাই পেলায়

যদিও সিহঁতৰ আভ্যন্তৰীণ সৌন্দৰ্য জীয়াই থাকে।০ ০ ০

.

চনেট-৬

মূল  ইংৰাজী– উইলিয়াম শ্বেক্সপীয়েৰ (ইংলণ্ড)

.

শীতৰ কঠুৱা হাতে তোমাৰ গ্ৰীষ্মকালীন সৌন্দৰ্য

তোমাৰ পুত্ৰৰ গাত সংৰক্ষণ হোৱাৰ আগতে মচি পেলাবলৈ নিদিবা

তুমি এনে সন্তানৰ জন্ম দিয়া যাৰ মাজত তোমাৰ সৌন্দৰ্যৰ

আঁকৰ সঞ্চিত হয় তুমি মৃত্যু বৰণ কৰাৰ আগতে

সৌন্দৰ্যৰ সঠিক ব্যৱহাৰ নিষিদ্ধ ধন নহয়

যিয়ে সেইসকলক সুখী কৰে যিসকলে সম্পদ ধাৰে দিয়ে

তোমাৰ সম্পদটো হৈছে তুমি আন এজন ‘তুমি’ক জন্ম দিয়া

তুমি এজন সন্তান জন্ম দিলে অধিক  সুখী হ’বা

তুমি এতিয়া যিমান সুখী তাতকৈ দহগুণে বেছি সুখী

যদিহে তোমাৰ দহটা সত্বাই তোমাক নতুনকৈ গঢ় দিয়ে

তেন্তে মৃত্যুয়ে তোমাক নাশ কৰিব নোৱাৰে যদিও তুমি মৰি যাবা

তোমাৰ সন্তান-সন্ততিৰ মাজত তুমি জীৱন্ত হৈ থাকিবা।

তুমি আত্মকেন্দ্ৰিক নহ’বা, কাৰণ তুমি অতিকৈ সুন্দৰ

তুমি সন্তানক তোমাৰ সৌন্দৰ্যৰ উত্তৰাধিকাৰী কৰা আৰু মৃত্যুক জয় কৰা। 

০ ০ ০

.

চনেট-৭

মূল  ইংৰাজী– উইলিয়াম শ্বেক্সপীয়েৰ (ইংলণ্ড)

.

চোৱা, পূৰ্ব দিশত সোনালী সুৰুযে যেতিয়া

এইটোৰ জলন্ত  মূৰ দাঙি উঠে তেতিয়া 

উদ্ভত দৃশ্যৰ প্ৰতি প্ৰত্যেকেই মূৰ দুৱায়

এইটোৰ পৱিত্ৰ গাম্ভৰ্যক সেৱা কৰি।

ই যেতিয়া সুউচ্চ আকাশ বগাই উঠে 

আৰু মাজ আকাশ পায়, ইয়াৰ পুৱাৰ সৌন্দৰ্যৰ সাদৃশ্য ৰাখি

তথাপি নশ্বৰ দৃষ্টিয়ে তেওঁৰ সৌন্দৰ্যক পূজা কৰে

এইটোৰ সোনালী তীৰ্থযাত্ৰা অব্যাহত ৰাখি

কিন্তু যেতিয়া সুউচ্চ আকাশৰ পৰা ক্লান্ত হৈ পৰে

সি দুৰ্বল বয়সৰ দৰে দিনৰ পৰা সৰি পৰে

কৰ্তব্যপৰায়ণ হোৱাৰ আগত তোমাৰ চকুযুৰিৰ দৃষ্টি

এই সামান্য স্থানৰ পৰা আনি আন দিশলৈ নিক্ষেপ কৰা

তুমি নিজে নিজেই তোমাৰ শেষ পৰ্যায়লৈ গতি কৰিছা

তুমি বন্ধী অৱস্থাতে মৰি যাবা, যদিহে তুমি এজন সন্তান জন্ম নিদিয়া। ০ ০ ০

.

চনেট- ৮

মূল  ইংৰাজী– উইলিয়াম শ্বেক্সপীয়েৰ (ইংলণ্ড)

.

সংগীত শুনিবৰ বাবেই, তুমি কিয় দুখভাৱেৰে সংগীত শুনা

মধুৰতাই মধুৰতাৰ লগত বিবাদ নকৰে, আনন্দই আনন্দহে কৰে

তুমি সেইটোক কিয়নো ভালপোৱা যিটোক তুমি আনন্দৰে গ্ৰহণ নকৰা

অথবা তোমাৰ আনন্দক কিয় বিৰক্তিৰে গ্ৰহণ কৰা?

যদি সু-সুৰত গোৱা হয় সুমধুৰ গীত যদি সুমধুৰ সুৰ সংযোগত 

আনন্দ নোপোৱা, তেন্তে  অপৰাধী হ’ব তোমাৰ শ্ৰৱণেন্দ্ৰিয়

সিহঁতে মধুৰ ভাষাত তোমাক গালি পাৰিব

যিটো তুমি নিশ্চয় বহন কৰিব লাগিব 

লক্ষ্য কৰা কেনেকৈ এটা তাঁৰ আন এটাৰ সংগী হয়

সুসমধুৰ সুৰত একেলগে বাজি উঠে 

পিতা, সন্তান আৰু সুখী মাকে মিলি

একেলগে সন্তোষজনক সংগীতৰ সুৰ বজাব পাৰে

শব্দহীন সংগীত, যদিও বহুত হয়, এটাও নাবাজে

সেই সংগীতে তোমাক ক’ব– তুমি অকলে একো গাৱ নোৱাৰা। ০ ০ ০

.

চনেট- ৯

মূল  ইংৰাজী– উইলিয়াম শ্বেক্সপীয়েৰ (ইংলণ্ড)

.

এজনী বিধৱাৰ চকুত চকুলো বোওৱাৰ বাবেই

তুমি কি অকলশৰীয়া জীৱন-যাপন কৰি নিজকে নিঃশেষ কৰিছা?

হায়! তুমি যদি সন্তানহীন হৈ মৰি যোৱা

পৃথিৱীখনে তোমাৰ বাবে শোক কৰিব,  স্বামী নথকা তিৰোতাৰ দৰে

পৃথিৱীখনেই হ’ব তোমাৰ বিধৱা পত্নী আৰু তোমাৰ মৃত্যুত উচুপিব

যদিহে তুমি তোমাৰ পিছত কোনো সন্তান এৰি নোযোৱা

প্ৰতিজনী তিৰোতাই স্বামীৰ মৃত্যুৰ পিছত সন্তানৰ মুখলৈ চাই

স্বামীৰ সৌন্দৰ্যৰ কথা মনত পেলাব পাৰে।

চোৱা, কিমান অপব্যয়ীয়ে এইখন পৃথিৱীত নিজৰ ঠাই সলায়, 

তথাপি পৃথিৱীখনে ঠাইডোখৰ ভোগ কৰে

কিন্তু সৌন্দৰ্যৰ অপব্যৱহাৰ পৃখিৱীখনতেই অন্ত পৰে

আৰু সৌন্দৰ্যৰ অধিকাৰীয়ে সৌন্দৰ্যক ধবংস কৰে

আনৰ প্ৰতি তোমাৰ হৃদয়ত অকনো প্ৰেম নাই

ইয়াতেই তুমি নিজৰ ভিতৰত মাৰাত্মক পাপ কৰিছা। ০ ০ ০

.

চনেট- ১০

মূল  ইংৰাজী– উইলিয়াম শ্বেক্সপীয়েৰ (ইংলণ্ড)

.

লাজৰ বাবে তুমি অস্বীকাৰ কৰা যে কাৰোবাৰ প্ৰতি তোমাৰ প্ৰেম আছে

যিজন তোমাৰ নিজৰ বাবে  অবিবেচক

স্বীকাৰ কৰা যে তোমাক বহুতে ভাল পায়

কিন্তু তুমি যে কাকো ভাল নোপোৱা সেয়া স্পষ্ট

কাৰণ তুমি কিছু মাৰাত্মক ঘৃণাৰ অধিকাৰী

তুমি নিজেই নিজৰ বিৰুদ্ধে চক্ৰান্ত কৰিছা

তোমাৰ সৌন্দর্যৰ আকৰ ধবংস কৰিব বিচাৰি

যিটো মেৰামতি কৰাটোৱেই তোমাৰ প্ৰধান আকাঙ্খা হোৱা উচিত

তোমাৰ চিন্তাক পৰিৱৰ্তন কৰা যাতে মই মোৰ মনক পৰিৱৰ্তন কৰিব পাৰোঁ

তোমাৰ মৃদু প্ৰেমক তুমি ঘৃণা কৰিবানে? 

তুমি যেনেকুৱা সজ্ঞান তেনেকুৱা সৌন্দৰ্যশীল দয়ালু হোৱা

অৱশেষত এখন দয়াপূৰ্ণ হৃদয়ৰ গৰাকী বুলি নিজকে প্ৰমাণ কৰা

তোমাৰ আন এটি সত্বা সৃষ্টি কৰি, মোৰ প্ৰতি থকা তোমাৰ প্ৰেমৰ বাবেই

যাতে সৌন্দৰ্য তোমাৰ মাজত আৰু তোমাৰ সন্তানৰ মাজত জীয়াই থাকে। 

০ ০ ০

.

চনেট- ১১

মূল  ইংৰাজী– উইলিয়াম শ্বেক্সপীয়েৰ (ইংলণ্ড)

.

তুমি যিমান সোনকালে বাঢ়িবা সিমান সোনকালে ক্ষয় হৈ যাবা

তোমাৰ মৃত্যুৰ পিছত তুমি তোমাৰ সন্তানৰ মাজত বাঢ়ি থাকিবা

তোমাৰ নতুন জীৱন তোমাৰ সন্তানৰ হ’ব

যেতিয়া  তোমাৰ নশ্বৰ দেহৰ মৃত্যু হ’ব

ইয়াতেই জীৱনৰ জ্ঞান সৌন্দর্য  পৰি আছে আৰু ইয়াৰ পৰাই বাঢ়ি উঠিব

যি অবিহনে জীৱনটো মূৰ্খামি আৰু ঠেৰেঙা লগা ধবংস

তুমি যেনেদৰে ভাবা তেনেদৰে যদি সকলোৱেই ভাৱে

মাত্ৰ ষাঠি বছৰত পৃথিৱীটো জনশূন্য হৈ পৰিব

যিসকলে প্ৰকৃতিৰ নিয়ম মানি নচলে

সিহঁতে বেনামী, নিষ্ঠুৰ আৰু অকলশৰীয়া হৈ মৰিব

চোৱা যিজনী বেছি সৌন্দৰ্যশীল তেওঁ সৌন্দৰ্যক ধৰি ৰাখিব লাগিব

প্ৰকৃতিয়ে তোমাক তাইৰ মোহৰ কৰি দিছে

আৰু তাই তোমাক তোমাৰ প্ৰতিলিপি সৃষ্টি কৰাটো বিচাৰে 

যাতে মূল সৌন্দৰ্যৰ ধবংস নহয় কেতিয়াও। ০ ০ ০

.

চনেট- ১২

মূল  ইংৰাজী– উইলিয়াম শ্বেক্সপীয়েৰ (ইংলণ্ড)

.

কেতিয়া মই ঘড়ীটো চাম যিটোৱে সময় নিৰূপণ কৰে

গোপন ৰাতিত লুকাই থকা সাহসী দিনক লগ পাম

কেতিয়া দেখা পাম ভায়োলেট ফুলৰ লেৰেলি যোৱা সৌন্দৰ্য

আৰু কেতিয়া দেখা পাম ক’লা চুলি বগা হোৱা

কেতিয়া মই দেখা পাম বিশাল গছ পাতশূন্য হৈ থিয় দি থকা

পাতবোৰ সৰি গৈ ভেড়াৰ জাকৰ দৰে চন্দ্ৰাতপৰ সৃষ্টি কৰে

আৰু গ্ৰীষ্মকালত সকলো ঘাঁহ-বন খেৰৰ দ’মত পৰিণত হয়

বগা আৰু জোঙা মৰাশ কঢ়িওৱা গাড়ীত লৈ যোৱা হয়

তেতিয়া মই তোমাৰ সৌন্দৰ্যক উদ্দেশ্যি ক’ম–

তুমি সময়ৰ ধবংসৰ মাজত গুচি গ’লা

যিহেতু সকলো সৌন্দৰ্য আৰু মাধুৰ্য ধবংস হৈ যায়

সিহঁত সোনকালে মৰি যায় আৰু আনক বাঢ়ি থকা দেখি যায়

সময়ৰ ধাৰাল কাঁচীৰ মুখৰ পৰা কোনেও ৰক্ষা নাপায়

যদিয়ে তেওঁ তেওঁৰ সৌন্দৰ্য সন্তানৰ জৰিয়েত সাঁচি নাৰাখে। ০ ০ ০

.

চনেট- ১৩

মূল  ইংৰাজী– উইলিয়াম শ্বেক্সপীয়েৰ (ইংলণ্ড)

.

হায়! তুমি যদি ‘তুমি’ হৈয়ে থাকিলাহেঁতেন, হে মোৰ বন্ধু

তোমাৰ অস্তিত্ব থাকি যাব তেতিয়ালৈকে মাত্ৰ

যেতিয়ালৈকে তুমি জীয়াই থকা

তুমি পৃথিৱীৰ পৰা বিদায় লোৱাৰ বাবে সাজুু হ’বৰ হ’ল

সেয়ে তুমি তোমাৰ মাধুৰ্যময় প্ৰতিমূৰ্তি 

আনক দি যোৱা তোমাৰ মৃত্যুৰ আগতেই

তুমি যি সৌন্দৰ্যৰ অধিকাৰী তাৰ কোনো স্থায়ীত্ব নাই

তোমাৰ মৃত্যুৰ পিছত তোমাৰ কোনো নাথাকিব

যদিয়ে তোমাৰ সৌন্দৰ্য তোমাৰ সন্তানে বহন নকৰে

কোনেনো ইমান সৌন্দৰ্যক ধবংস হ’বলৈ দিয়ে

অকল বিবাহে সন্মানসহ নিশ্চয় ভেটা দিব পাৰে শীতকালৰ ধুমুহাক

ভেটা দিব মৃত্যুৰ অনন্ত শীতৰ অনুৰ্বৰ খৰাং বতৰ

এই কাম কোনেও কৰিব নোৱাৰে মাত্ৰ অপব্যয়ীৰ বাহিৰে

তোমাৰ এজন পিতৃ আছিল, তোমাৰ পুত্ৰকো তেনেদৰে ক’বলৈ দিয়া। ০ ০ ০

.

চনেট- ১৪

মূল  ইংৰাজী– উইলিয়াম শ্বেক্সপীয়েৰ (ইংলণ্ড)

.

জ্যোৰ্তিবিদসকলৰ দৰে মই মানুহৰ ভাগ্য নিৰূপণ কৰিব নোৱাৰোঁ

তথাপি মই ভাবো, মই জ্যোতির্বিদ্যা জানোঁ

কিন্তু মই মানুহৰ ভাল-বেয়াৰ বিষয়ে নকওঁ

আৰু নকওঁ মহামাৰী, দুর্ভিক্ষ নাইবা ঋতুৰ বিষয়েও

সংক্ষিপ্ত কোনো সময়ৰ ভিতৰতে 

ভৱিষ্যত বাণী কৰাৰ জ্ঞানো মোৰ নাই

মেঘৰ তৰ্জন-গৰ্জন বা বতাহৰ গতি লক্ষ্য কৰি

বতৰ ভাল হ’বনে বেয়া হ’ব সেয়াও মই ক’ব নোৱাৰোঁ

কিন্তু তোমাৰ চকু অধ্যয়ন কৰি মই জ্ঞান বুটলিব পাৰোঁ

তোমাৰ চকুৰ তিৰবিৰণিৰ পৰা মই ভৱিষ্যতদক্তাৰ বিদ্যা অৰ্জন কৰোঁ

য’ত সত্য আৰু সুন্দৰ একলগে খেলা কৰে

যদি তুমি সন্তান জন্ম দিয়াৰ ইচ্ছাৰ পৰা বিৰত থাকা

তেন্তে মই এইখিনি ভৱিষ্যত বাণী কৰিব পাৰোঁ যে

তোমাৰ মৃত্যুয়ে সত্য আৰু সুন্দৰৰ মৃত্যু ঘটাব।  ০ ০ ০

.

চনেট- ১৫

মূল  ইংৰাজী– উইলিয়াম শ্বেক্সপীয়েৰ (ইংলণ্ড)

.

মই যেতিয়া ভাৱি চাওঁ প্ৰতিটো বস্তুয়েই বাঢ়ি গৈ পূৰ্ণতা পায়

যদিও ই সামান্য সময়হে বৰ্তি থাকে আৰু পিছত মৰি যায়

এই বিশাল বিশ্বমঞ্চটোৱে একো নিদিয়ে যদিও আমাক দেখুৱায়

য’ত নক্ষত্ৰমণ্ডলীয়ে মানৱ জীৱনৰ ওপৰত গুপ্ত প্ৰভাৱ পেলায়

যেতিয়া মই বুজি পাওঁ মানুহ নক্ষত্ৰৰ দৰে বাঢ়ি যায়

আনন্দিত হয়, গালি-শপনি খায় নিজৰ ভাগ্যৰ বাবেই

সিহঁত যৌৱন-শক্তিৰ দ্বাৰা নিজে নিজে উৎফুল্লিত হয় আৰু মৰি যায়

স্মৃতিৰ বাহিৰত সিহঁতে সিহঁতৰ সাহসৰ পোছাক পিন্ধে

আৰু এই অনিত্য সংসাৰৰ অভিমান দেখুৱায়

দৃষ্টিৰ আগত ডেকাকালত সিহঁতক চহকী সজায়

য’ত অৱক্ষয়ী সময়ে ধবংসৰ সৈতে অভিসন্ধি কৰে

তোমাৰ যৌৱনকালক বৃদ্ধ কাললৈ পৰিৱৰ্তন কৰাৰ

সেয়ে সকলোৱে তোমাৰ প্ৰেমত পৰাৰ বাবে সময়ৰ সতে যুঁজি আছে

সময়ে আঁচুৰি নিয়া তোমাৰ সত্বাক মই নতুনকৈ জন্ম দিম। ০ ০ ০

.

চনেট- ১৬

মূল  ইংৰাজী– উইলিয়াম শ্বেক্সপীয়েৰ (ইংলণ্ড)

.

তুমি ইয়াতকৈ কোনো মহান উপায়ে নোৱাৰানে

এই ৰক্তাক্ত অত্যাচাৰী সময়ৰ স’তে যুদ্ধ কৰিবলৈ?

আৰু তোমাৰ ধবংসৰ বিৰুদ্ধে নিজকে ৰক্ষা কৰিব নোৱাৰানে?

মোৰ অনুৰ্বৰ কবিতাৰাজিৰ আশ্ৰয় নোলোৱালৈ আন উপায়ে?

তুমি এতিয়া সুখী ঘন্টাবোৰৰ শীৰ্ষত থিয় দি আছা

আৰু বহুতো কুমাৰী নাৰীয়ে তোমাৰ বাবে বাগিছা পাতি আছে

সিহঁতৰ আশা তোমাৰ সতে মিলি তোমাৰ সৌন্দৰ্যৰ ফুল সংৰক্ষণ কৰিব

তোমাৰ প্ৰতিলিপি তোমাৰ সন্তানৰ ওপৰত আৰোপিত কৰি

তোমাৰ জীৱনৰ সুঁতিয়ে তোমাৰ জীৱনক সংস্কাৰ কৰিব

যিটোক সময়ৰ কলমে নাইবা তোমাৰ খাগৰি কলমে

তোমাৰ আভ্যন্তৰীণ আৰু কাব্যিক সৌন্দৰ্যক

মানুহৰ চকুত জীৱন্ত যেন কৰি ৰাখিব নোৱাৰে

তুমি নিজক আনৰ মাজত বিলাই দি নিজকে অটুট ৰাখিবা

আৰু তেতিয়াই তুমি জীয়াই থাকিবা তোমাৰ নিজ দক্ষতাৰ গুণত। ০ ০ ০

.

চনেট- ১৭

মূল  ইংৰাজী– উইলিয়াম শ্বেক্সপীয়েৰ (ইংলণ্ড)

.

কোনে বিশ্বাস কৰিব মোৰ কবিতাবোৰ ভৱিষ্যত সময়ৰ বাবে 

তোমাৰ উচ্চ গুণৰ দ্বাৰাই পৰিপূৰ্ণা হৈ থাকিব?

যদিও স্বৰ্গই জানে যে মোৰ কবিতাবোৰ কবৰৰ দৰে

যিয়ে তোমাৰ স্বতাক প্ৰদৰ্শন নকৰি লুকাই ৰাখে

যদিয়ে মই তোমাৰ চকুৰ সৌন্দৰ্য অংকন কৰিব পাৰিলোঁহেঁতেন

যদি নতুন কোনো সংখ্যাৰে তোমাৰ সৌন্দৰ্য গণনা কৰিব পাৰিলোহেঁতেন

ভৱিষ্যত সময়ে ক’ব–এই কবিৰ কবিতাবোৰত  প্ৰকাশ পোৱা সৌন্দৰ্য

কেতিয়াও পৃথিৱীৰ কোনো মানুহৰ শৰীৰ স্পৰ্শ কৰা নাছিল

তেনেকুৱাই মোৰ কবিতাবোৰ বয়সৰ চাপত হালধীয়া পৰি গৈছে

এইবোৰক অৱজ্ঞা কৰা হ’ব বুঢ়া মানুহৰ প্ৰলাপৰ দৰে

আৰু তোমাৰ সঁচা সৌন্দৰ্যক এই কবিৰ খং বুলি ভাৱিব

যদি সেই সময়ত তোমাৰ কোনো সতি-সন্ততি থাকি যায় 

তুমি তেতিয়া দুটা উপায়ে জীয়াই থাকিবা– 

সিহঁতৰ মাজত আৰু মোৰ কবিতাৰ মাজত। ০ ০ ০

.

চনেট- ১৮

মূল  ইংৰাজী– উইলিয়াম শ্বেক্সপীয়েৰ (ইংলণ্ড)

.

মই তোমাক গ্ৰীষ্মকালৰ উজ্জ্বল দিন এটাৰ লগত তুলনা কৰিমনে?

তুমি গ্ৰীষ্মকালীন দিন এটাতকৈ বেছি প্ৰেমময় আৰু বেছি উজ্জ্বল

কৰ্কশ বতাহে মে’ মাহৰ গছৰ প্ৰেমপূৰ্ণ কুঁহিপাতবোৰ কঁপাই তোলে

গ্ৰীষ্ম কালৰ সময় আৰু সৌন্দৰ্য ক্ষন্তেকীয়া

কেতিয়াৱা আকাশৰ সূৰ্যটোৱে তীব্র গৰম এৰি দিয়ে।

আৰু কেতিয়াৱা সূৰ্যটোৰ সোনালী অবয়ৱ সেমেকি যায়

আৰু প্ৰত্যেক সৌন্দৰ্যৰ পৰা সৌন্দৰ্যৰ পতন হয়

হঠাৎ নাইবা প্ৰকৃতিৰ পৰিৱৰ্তনৰ বাবে সৌন্দৰ্য চুৰি হয়

কিন্তু তোমাৰ অনন্ত গ্ৰীষ্মকালটো শেষ নহয়

আৰু তোমাৰ যি সৌন্দৰ্য আছে সেয়া কেতিয়াও হেৰুৱাই নাযায়

কোনো মৃত্যুয়েই তোমাৰ সৌন্দৰ্য ম্লান কৰিব নোৱাৰে

কিয়নো মোৰ চিৰন্তন কবিতাৰাজিৰ মাজত তুমি বাঢ়ি থাকিবা

সিমান দিনলৈ যিমান দিন মানুহ থাকে আৰু চকুয়ে দেখে

মোৰ কবিতা যিমান দিন থাকিব তুমি সিমান দিন জীয়াই থাকিবা। ০ ০ ০

.

চনেট- ১৯

মূল  ইংৰাজী– উইলিয়াম শ্বেক্সপীয়েৰ (ইংলণ্ড)

.

হে খকুৱা সময়, তুমি সিংহৰ জোঙা নখ ভোতা কৰি দিয়া

তুমি পৃথিৱীৰ গছ-গছনিবোৰক ধবংস কৰি দিয়া

হিংসুক বাঘৰ চোকা দাঁতবোৰ উভালি পেলোৱা

তুমি দীৰ্ঘজীৱি ফিনিক্স চৰাইক তাইৰ নিজৰ ভিতৰতে পুৰি পেলোৱা

তুমি লৰি যোৱা সময়ৰ ঋতুক আনন্দিত কৰা আৰু দুখী কৰা

হে দ্ৰুতেবগী সময়, তুমি যি ইচ্ছা তাকে কৰি যোৱা

বিশাল বিশ্ব আৰু ইয়াৰ সকলো মধুৰতাক যি ইচ্ছা তাকে কৰা

কিন্তু তোমাক মই এটি মাথো ঘৃণনীয় কাম কৰিবলৈ বাধা দিওঁ

হায়! তুমি মোৰ প্ৰেমিকাৰ সুন্দৰ ভ্ৰূযুগলত সময়ৰ আঁচোৰ নলগাবা

তোমাৰ প্ৰাচীন কলমেৰে মোৰ প্ৰেমিকাৰ শৰীৰত কোনো আঘাত নকৰিবা

তোমাৰ চলন্ত গতিৰ সময়ছোৱাত মোৰ বন্ধুৰ সৌন্দৰ্য

তেওঁৰ নতুন প্ৰজন্মত স্থাপন কৰিবলৈ সময় দিয়া

তথাপি তুমি তাকেই কৰিলা, হে আলৰ সময়, তুমি ভুল কৰা সত্বেও

মোৰ প্ৰেম মোৰ কবিতাত কিন্তু চিৰযৌৱনা হৈ থাকিব। ০ ০ ০

.

চনেট- ২০

মূল  ইংৰাজী– উইলিয়াম শ্বেক্সপীয়েৰ (ইংলণ্ড)

.

প্ৰকৃতিয়ে নিজে তৈয়াৰ কৰা এজনী তিৰোতাৰ চেহেৰা তোমাৰ আছে

হে মোৰ বন্ধু, তুমি মোৰ কামনাৰ মুখ্য প্ৰেমিক

তোমাৰ আছে এজনী তিৰোতাৰ নম্ৰ হৃদয়, যদিও চঞ্চল নহয়

এগৰাকী তিৰোতাৰ দৰে তোমাৰ সৌন্দৰ্যত কোনো কৃত্ৰিমতা নাই

তোমাৰ আছে এজনী তিৰোতাতকৈ বেছি উজ্জ্বল চকু, অপৰিৱৰ্তনশীল তুমি যিফালেই যোৱা সিফালেই আলোকিত হৈ উঠে তোমাৰ জ্যোতিত 

তোমাৰ সকলো অবয়ৱ তোমাৰ সৌন্দৰ্যৰ অধীন

যি সৌন্দৰ্যময় অবয়ৱে মতা-তিৰোতাক বিষ্মিত কৰে

প্ৰথমতে তোমাক এজীন তিৰোতা হিচাপেই কল্পনা কৰা হৈছিল

কিন্তু প্ৰকৃতিয়ে তোমাৰ অবয়ৱ সম্পূৰ্ণ কৰোতে ভুল কৰিলে

তোমাক পুৰুষৰ লিঙ্গ আৰোপ কৰি মোৰ প্ৰেমৰ উদ্দেশ্য ব্যহত কৰিলে

যিহেতু প্ৰকৃতিদেৱীয়ে তোমাক পুৰুষ হিচাপে সৃষ্টি কৰিলে 

সেয়ে হে মোৰ বন্ধু, তুমি তিৰোতাসকলৰ বাবেহে

তোমাৰ প্ৰতি থকা মোৰ প্রেমবোৰ তুমি তিৰোতাসকলক দিয়া। ০ ০ ০

.

চনেট- ২১

মূল  ইংৰাজী– উইলিয়াম শ্বেক্সপীয়েৰ (ইংলণ্ড)

.

মোৰ কবিতাবোৰ তেনেকুৱা কবিৰ কবিতাবোৰৰ দৰে নহয়

যিবোৰ কবিতা কৃত্ৰিম সৌন্দৰ্যৰ বক্তব্যৰে ভৰপুৰ

যিসকলে সৌন্দৰ্য আৰু  অলংকাৰৰ বাবে স্বৰ্গকো আহ্বান কৰিছে

আৰু প্ৰত্যেকটো সুন্দৰ বস্তুৰ উপমা বাৰে বাৰে উল্লেখ কৰিছে

সিহঁতৰ কবিতাত গৰ্বৰ সৈতে সিহঁতৰ প্ৰেয়সীক তুলনা কৰিছে

চন্দ্ৰ, সূৰ্য, পৃথিৱী আৰু সাগৰৰ মণি-মুকুতাৰ সৈতে

আৰু তুলনা কৰিছে এপ্ৰিলত ফুলা প্ৰথমপাহ ফুলৰ সৈতে

আকাশৰ বিৰল সৌন্দৰ্যৰ সৈতেও তুলনা কৰিছে সিহঁতে।

অ’ মোৰ প্ৰেমত অকপট হ’বলৈ দিয়া আৰু সত্যটো লিখিবলৈ দিয়া

এতিয়া বিশ্বাস কৰা মোৰ প্ৰেম এনেকুৱা সুন্দৰ

যেনেকুৱা সুন্দৰ এজন মাতৃৰ কোলাৰ কেঁচুৱা

যদিও আকাশৰ নক্ষত্ৰবোৰৰ দৰে উজ্জ্বল নহয়।

সেই কবিসকলে বিধৰ্মীসকলৰ দৰে অতিৰঞ্জিত বৰ্ণনা কৰক

কিন্তু মই কেতিয়াও তোমাৰ সৌন্দৰ্যৰ অতিৰঞ্জিত বৰ্ণনা নকৰোঁ। ০ ০ ০

.

চনেট- ২২

মূল  ইংৰাজী– উইলিয়াম শ্বেক্সপীয়েৰ (ইংলণ্ড)

.

দাপোণত মুখ চালে মই যে বয়সীয়াল হৈছোঁ সেয়া ধৰা নপৰিব

যিমান দিন তুমি ডেকা হৈ থাকিবা– তুমি আৰু মই একে বয়সৰ

কিন্তু মই যে তোমাৰ মুখত বয়সৰ ছাপ দেখা পাইছোঁ

মই দেখিছোঁ মৃত্যুয়ে মোক পৰাচিত কৰিব

কাৰণ যি সৌন্দৰ্যই তোমাক আবৃত কৰি ৰাখিছে

সেই সৌন্দৰ্য হৈছে মোৰ হৃদয়ৰ দৃশ্যমান পোছাক

মোৰ হৃদয়টো জীয়াই আছে তোমাৰ বুকুত, তোমাৰটো মোত

এনে অৱস্থাত কোৱা, মই কেনেদৰে তোমাতকৈ ডাঙৰ হ’ব পাৰোঁ

অ’ প্ৰেম তুমি এই বয়সৰ ছাপৰ প্ৰতি সতৰ্ক হোৱা

যেনেদৰে মই সতৰ্ক মোৰ বাবে  নহয়, তোমাৰ বাবে

তোমাৰ হৃদয়টো বহন কৰি মই সযত্নে ৰাখিছোঁ

যেনেদৰে মাতৃয়ে তাইৰ সন্তানক আলফুলকৈ ৰাখে।

যদি মোৰ হৃদয়টোক হত্যা কৰা হয়, তোমাৰটো বহন নকৰোঁ

কিয়নো তুমি মোক তোমাৰ হৃদয় দিছা, ঘূৰাই দিয়াৰ বাবে নহয়। ০ ০ ০

.

চনেট- ২৩

মূল  ইংৰাজী– উইলিয়াম শ্বেক্সপীয়েৰ (ইংলণ্ড)

.

মঞ্চত এজন অযোগ্য নায়কৰ দৰে

যিজনে তেওঁৰ ভূমিকাত ভয়ে ভয়ে অভিনয় কৰে

অথবা অতিপাত খঙত উগ্ৰতা নিহিত থকা ব্যক্তিয়ে যেনেদৰে

নিজকে প্ৰকাশ কৰাত দুৰ্বলতা অনুভৱ কৰে

সেইদৰে ময়ো তোমাৰ প্ৰতি থকা মোৰ অতিপাত প্ৰেমৰ বাবে

দুৰ্বলতা অনুভৱ কৰোঁ– কেনেদৰেনো তোমালৈ মোৰ প্ৰেম প্ৰকাশ কৰোঁ

মোৰ প্ৰেমৰ শক্তিটো ক্ৰমান্বয়ে ধবংস হোৱা যেন অনুভৱ কৰিছোঁ

এতিয়া মই নিজৰ প্ৰেমৰ শক্তিৰ দ্বাৰা  ভাৰাক্ৰান্ত

সেয়ে কবিতাৰে প্ৰকাশ কৰিম মোৰ প্ৰেম যি জীৱন্ত হৈ থাকিব

মোৰ সজাগ হৃদয়ৰ বাগ্মিতাৰ মুখপাত্ৰ হৈ চিৰদিন

যিজনে প্ৰেমৰ বাবে উকালতি কৰে আৰু বিনিময়ত অৰ্থ বিচাৰে

তেওঁতকৈ বেছি ক’ব লগা আছে মোৰ প্ৰেমৰ বিষয়ে

মোৰ এই নীৰৱ প্ৰেমৰ বাবে যি লিখা হ’ল সেয়া পঢ়া

প্ৰেমৰ সুন্দৰ ভূমিকা তোমাৰ চকুৰে শুনা। ০ ০ ০

.

চনেট- ২৪

মূল  ইংৰাজী– উইলিয়াম শ্বেক্সপীয়েৰ (ইংলণ্ড)

.

মোৰ চকুৱে এজন চিত্ৰকৰৰ ভূমিকা লৈছে আৰু চিত্ৰিত কৰিছে

মোৰ হৃদয় ফলিত তোমাৰ সৌন্দৰ্য 

মোৰ শৰীৰ হ’ল তোমাৰ প্ৰতিকৃতিৰ সাঁচ

এয়া হ’ল এজন দক্ষ চিত্ৰকৰৰ কলা

চিত্ৰৰ মাজেদি চাব পাৰি চিত্ৰকৰজন কিমান দক্ষ

আৰু চাব পাৰি ক’ত লুকাই আছে তোমাৰ প্ৰকৃত প্ৰতিকৃতি

তোমাৰ চিত্ৰটো মোৰ হৃদয়ৰ প্ৰদৰ্শনীশালত ওলমি আছে

তোমাৰ চকুৰ জ্যোতিয়ে জ্যোতিষ্মান কৰিছে মোৰ হৃদয়ৰ দৰজা

চোৱা, প্ৰেমৰ চকুৱে প্ৰেমৰ বাবে কি কৰিছে!

মোৰ চকুৱে তোমাৰ প্ৰতিকৃতি অংকন কৰিছে, তোমাৰ চকুৱে মোৰটো

মোৰ হৃদয়ৰ খিৰিকীৰে  সূৰ্যয়ো ভূমুকি চাইছে

তথাপি মই কৃতকাৰ্য হোৱা নাই সম্পূৰ্ণ অংকন  কৰাত

কিয়নো মোৰ চকুৱেও সফল হোৱা নাই সম্পূৰ্ণ ধৰিবলৈ

তোমাৰ প্ৰতি মোৰ প্ৰেমৰ গভীৰতা। ০ ০ ০

.

চনেট- ২৫

মূল  ইংৰাজী– উইলিয়াম শ্বেক্সপীয়েৰ (ইংলণ্ড)

.

বহু লোকে অভিজাত কোনোৱা এজনৰ অনুগ্ৰহত

গর্বিত সন্মানৰ অধিকাৰী হৈছে

কিন্তু মই তেনেকুৱা সন্মান পোৱাৰ পৰা বঞ্চিত

আনন্দৰ বাবে মই মোৰ প্ৰিয়জনক বেছি সন্মান কৰোঁ

সিহঁতে সন্মান লাভ কৰে কোনো ৰাজকুমাৰৰ অনুগ্ৰহত

কিন্তু সেয়া নাৰ্জী ফুলৰ দৰেহে, সূৰ্যাস্তৰ লগেই লগেই কোঁচ খায়

আৰু নিজৰ মাজতেই  কবৰস্থ হয় সিহঁতৰ গৌৰৱ

চকুৰ এটা ভ্ৰূকুটিতেই লোপ পায় সিহঁতৰ যশস্যা 

আঘাতপ্ৰাপ্ত যোদ্ধা যিজন যুদ্ধত দেখুওৱা বীৰত্বৰ বাবে বিখ্যাত

হাজাৰ জয়লাভৰ পিছত যদি এবাৰ হয় পৰাজিত

মচি যায় তৰা নাম যশস্যাৰ ইতিহাসৰ পাতৰ পৰা

সকলোৱে পাহৰি যায় তেওঁৰ অতীত বীৰগাঁথা

এতিয়া মই সুখী, সুখী মোৰ প্ৰেম আৰু মোৰ প্ৰিয়জন

য’ৰ পৰা মই বঞ্চিত নহওঁ, সিও নহয় বঞ্চিত। ০ ০ ০

.

চনেট- ২৬

মূল  ইংৰাজী– উইলিয়াম শ্বেক্সপীয়েৰ (ইংলণ্ড)

.

হে মোৰ প্ৰেমৰ প্ৰভু, তোমাৰ দাস হিচাপে 

তোমাৰ গুণৰাজিক শক্তিশালী ছন্দত কৰিছোঁ ৰচনা

তোমালৈ পঠালোঁ মোৰ এই চৈধ্যশাৰীয়া কবিতাৰ কলিবোৰ

তোমাৰ প্ৰতি থকা মোৰ কৰ্তব্যৰ বাবেই, বুদ্ধিমত্তাৰ প্ৰমাণ হিচাপে নহয় 

তোমালৈ মোৰ কৰ্তব্য ইমান ডাঙৰ যে তাৰ তুলনাত মোৰ বুদ্ধি নিচলা

শব্দৰ অভাৱত মোৰ বুদ্ধিদীপ্ত বক্তব্য হৈ যায় নাঙঠ

তথাপি আশা কৰো পাবলৈ তোমাৰ বুদ্ধিদীপ্ত মন্তব্য

তোমাৰ প্ৰজ্ঞাই অলংকৃত কৰিব মোৰ এই নাঙঠ কাব্যক

যি নক্ষত্ৰই পৰিচালিত কৰে মোৰ ঘূৰ্ণন

সুন্দৰ ৰেহ-ৰূপেৰে দেখুৱায় মোলৈ দয়া

আৰু পিন্ধায়  মোৰ প্ৰেমক পোছাক

তোমাৰ মিঠা সন্মানৰ যথাৰ্থ যোগ্যতা দেখুৱাবলৈ

মই সাহস কৰিব পাৰিমনে দেখুৱাবলৈ কিমান প্ৰেম তোমালৈ

এতিয়াও নাই দেখুওৱা মোৰ যোগ্যতা যাৰে প্ৰেমৰ গভীৰতা কৰিবা প্ৰমাণ।

০ ০ ০

.

চনেট- ২৭

মূল  ইংৰাজী– উইলিয়াম শ্বেক্সপীয়েৰ (ইংলণ্ড)

.

যেতিয়া অৱসন্ন দেহাৰে মই সোনকালেই বিচনালৈ যাওঁ

ভ্ৰমণক্লান্ত হোৱা মোৰ দেহাটোৰ বিশ্ৰামৰ বাবে

তেতিয়া মোৰ মূৰত আন এক ভ্ৰমণ আৰম্ভ হয়

মোৰ কাম আৰম্ভ হয়, যেতিয়া শেষ হয় দেহাৰ পৰিশ্ৰম

মই য’ত আছোঁ সেই দূৰত্বৰ পৰা মোৰ চিন্তাৰাজি

তোমাৰ প্ৰতি তীৰ্থভ্ৰমণ আৰম্ভ কৰে

আৰু মোৰ মুদিব ধৰা চকুৰ পতা বহলকৈ মেলি দিয়ে

অন্ধই চোৱা এন্ধাৰৰ পিনে দৃষ্টি দিয়ে

মোৰ আত্মাৰ কাল্পনিক দৃশ্যত মোৰ দৃষ্টিহীন চকুত

তোমাৰ ছায়া প্ৰতিফলিত হয়

যি দৃশ্যটো কুৰূপা ৰাতিত ওলমি থকা মুকুতাৰ দৰে

ইয়ে অন্ধাৰ ৰাতিক ইয়াৰ মুখমণ্ডলৰ সৈতে সুন্দৰ কৰি তোলে

চোৱা, তেনেদৰে দিনৰ ভাগত মোৰ শৰীৰ ৰাতিৰ ভাগত মোৰ মন

তোমাৰ বাবে আৰু মোৰ বাবে কোনো প্ৰশান্তি নাপায়। ০ ০ ০

.

কাৰণ মই মৃত্যুৰ বােব থমকি ৰ’ব নোৱাৰোঁ

মূল  ইংৰাজী– ইমিলি ডিকিনচন (আমেৰিকা)

.

কাৰণ মই মৃত্যুৰ বাবে  থমকি ৰ’ব নোৱাৰোঁ।

মৃত্যুয়েই মোৰ বাবে দয়া  কৰি থমকি ৰয়

মৃত্যুৰ বাহনে আমাক

অমৰত্বলৈ কঢ়িয়াই নিয়ে।

.

আমি লাহে লাহে আগবাঢ়িছিলোঁ।

মৃত্যুুয়ে কোনো খৰখেদা কৰিব নেজানে

মই মোৰ পৰিশ্ৰম আনকি মোৰ বিশ্ৰামো

মৃত্যু দেৱতাৰ নম্ৰতাৰ বাবেই স্থগিত ৰাখিছিলোঁ।

.

আমি সেই পঢ়াশালিটো পাৰ হৈ গৈছিলোঁ

য’ত ছাত্ৰ-ছাত্ৰীসকলে সিহঁতৰ কছৰতৰ পৰা বিশ্ৰাম লৈছিল।

আমি শস্য ভ’ৰা পথাৰখন পাৰ হৈ গৈছিলোঁ।

আমি পাৰ হৈ গৈছিলোঁ অস্ত যাবলৈ ধৰা সূৰ্যটিকো।

.

নাইবা হয়তো মৃত্যু দেৱতায়েই আমাক পাৰ হৈ গৈছিল

নিয়ৰৰ কণাবোৰে কঁপি কঁপি শীত এৰি দিছিল

মাত্ৰ মোৰ মকৰাজালৰ সূতাৰ দৰে কোমল গাউন আৰু ওৰণীৰ বাহিৰে।

আমি এটা ঘৰৰ সন্মুখত থমকি ৰৈছিলোঁ

যি ঘৰটো মাটিৰ পৰা উফন্দি উঠা অৱস্থাত আছিল।

ইয়াৰ চালটো কোনোমতেহে দেখা গৈছিল।

আৰু কোনোমতে দেখা গৈছিল ইয়াৰ বেৰৰ ওপৰৰ অংশটো।

তেতিয়াৰ পৰা এতিয়ালৈ কেইবাটাও শতাব্দী পাৰ হৈ গৈছে

কিন্তু প্ৰত্যেকটো শতাব্দী এটা দিনতকৈয়ো চুটি যেন লাগে।

মই প্ৰথমতে অনুভৱ কৰিছিলোঁ যে 

বাহনৰ  ঘোঁৰাবোৰৰ মূৰবোৰ

অনন্তৰ পিনে আগুৱাই গৈছে। ০ ০ ০

.

মই যেতিয়া মৰি গৈছিলোঁ

মূল  ইংৰাজী– ইমিলি ডিকিনচন (আমেৰিকা)

.

মই যেতিয়া মৰি গৈছিলোঁ– তেতিয়া পখিলাৰ ভোঁন ভোঁন শব্দ শুনিছিলোঁ।

মোৰ কোঠালীটো আছিল নিস্তব্ধ–

বতাহৰ দৰে নিস্তব্ধ– উৰ্দ্ধগামী ধুমুহা বতাহৰ দৰে নিস্তব্ধ–।

.

চাৰিওফালৰ চকুবোৰ শুকাই গৈছিল

উশাহ-নিশাহ দৃঢ় হৈছিল — সৰ্বশেষ আক্ৰমণটোৰ বাবে 

যেতিয়া মৃত্যুদূত কোঠালীটোত প্ৰৱেশ কৰিছিল।

.

মই সঞ্চয় কৰি ৰখা মোৰ বস্তুখিনি সমৰ্পন কৰিছিলোঁ–

যিখিনি সমৰ্পন কৰিব পৰা যায়

আৰু তাৰ পিছত আকৌ পখিলাৰ ভোঁন ভোঁন শব্দ।

নীলা, অনিশ্চিত উজুটি খাই পৰা ভোঁন ভোঁন শব্দটো আছিল

পোহৰ আৰু মোৰ মাজত।

মই মৰি গ’লোঁ কোনো দুৱাৰ খিৰিকীয়ে মোক আবদ্ধ কৰি ৰাখিব নোৱাৰিলে।

মই মৰি গ’লোঁ আৰু মোৰ দৃষ্টি শক্তি বন্ধ হৈ গ’ল

চিৰদিনৰ বাবে। ০ ০ ০

.

সোনালী অৰিয়ল চৰাইৰ গীত শুনাটো

মূল  ইংৰাজীঃ ইমিলি ডিকিনচন (আমেৰিকা)

.

সোণালী অৰিয়ল চৰাইৰ গীত শুনাটো

এটা সাধাৰণ কথা হ’ব পাৰে

নাইবা স্বৰ্গীয়ও হ’ব পাৰে।

.

চৰাইৰ দৰে গীত গালেই চৰাই নহ’ব পাৰে

গীতটো গোৱা হয় জনগণক উদ্দেশ্যি

অৱশ্যে কোনেও মন-কাণ নিদিয়ে।

.

কাণে এনেকুৱা পোছাক পৰিধান কৰি আছে

যেন এইটোৱে শুনিব পাৰে–

কোনটো কেনেকুৱাকৈ কৰা হৈছে।

.

গীতটো মোৰ কবিতাও হ’ব পাৰে

নাইবা অন্য কিবাও হ’ব পাৰে

নাইবা দুয়োটাৰ মাজৰ কিবা এটা হ’ব পাৰে।

.

সুৰটো গছত আছে–

সংশয়বাদীসকলে মোক কয়

কিন্তু মই কওঁ, নহয় মহাশয় (প্ৰভু), সুৰটো তোমাৰ মাজতে আছে। ০ ০ ০

.

আজি মোৰ মনত এটা চিন্তাই ভূমুকি মাৰিলে

মূল  ইংৰাজী– ইমিলি ডিকিনচন (আমেৰিকা)

.

আজি মোৰ মনত এটা চিন্তাই ভূমুকি মাৰিলে

চিন্তাটো আগতেও এদিন মনলৈ আহিছিল।

কিন্তু সিদিনা চিন্তাটো সম্পূৰ্ণ হোৱা নাছিল– উভতি গৈছিল।

কোন বছৰত সেই চিন্তাটো মনলৈ প্ৰথম ভূমুকি মাৰিছিল

মই মনত পেলাব পৰা নাই।

.

মনত পেলাব পৰা নাই–

চিন্তাটো ক’লৈ গৈছিল বা কিয় আহিছিল

দ্বিতীয়বাৰ বাৰু কিয় মোৰ মনলৈ আহিল

নিশ্চয়কৈ মই একো ক’ব নোৱাৰোঁ– চিন্তটো বা কিহ’ৰ–

আনকি কথাটো কোৱাৰ মোৰ কোনো কৌশলো নাই–।

.

কিন্তু মই জানো, চিন্তাটো মোৰ আত্মৰ ক’ৰবাত আছিল

চিন্তটো মই আগতেও লগ পাইছিলোঁ

চিন্তাটোৱে মোক মাথো মনত পেলাইছে– কথাটো এয়াই–

এইটো অৱশ্যে আকৌ কিজানি নাহিব। ০ ০ ০

.

মই এই দুয়োটাৰ মাজৰ বস্তু

মূল  ইংৰাজী– ইমিলি ডিকিনচন (আমেৰিকা)

.

মোৰ পিছ পিনে ডুব গৈ আছে অনন্ত সময়

মোৰ সন্মুখত আছে অমৰত্ব–

মই এই দুয়োটাৰ মাজৰ বস্তু।

মৃত্যু হৈছে পাশ্চাত্যৰ বগা বৰফ–

সূৰ্য উদয়ৰ লগে লগে গলি আছে

সূৰ্যটো পশ্চিমাকাশ পোৱাৰ আগেয়েই।

.

সিহঁতে কয়, ইয়াৰ পিছৰ ৰাজ্যখন এটা সম্পূৰ্ণ বিৰামহীন স্বৈৰতন্ত্ৰ–

যিখন স্বৈৰতন্ত্ৰৰ যুৱৰাজজন কাৰো পুত্ৰ নহয়–

তেওঁ নিজেই ইয়াৰ অধিকাৰী

তেওঁৰ ৰাজবংশৰ কোনো নিৰ্দিষ্ট সময় বা তাৰিখ নাই।

তেওঁ নিজেই বহুতো প্ৰতিনিধিস্বৰূপ নকল শাসকৰ সৃষ্টি কৰে।

.

মোৰ সন্মুখত বিষ্ময়

মোৰ পিছতো বিষ্ময়–

মাজত হৈছে সাগৰৰ মাজৰ অৰ্দ্ধচন্দ্ৰ

মধ্য ৰাতিৰ পৰা উত্তৰলৈ তাইৰ

মধ্যৰাতিৰ পৰা দক্ষিণলৈয়ো তাইৰ

আৰু আকাশত হৈছে ধুমুহা বতাহ। ০ ০ ০

.

মোৰ জীৱনটো

মূল  ইংৰাজী– ইমিলি ডিকিনচন (আমেৰিকা)

.

মোৰ জীৱনটো আছিল বাৰুদভৰ্তি এটি বন্দুকৰ দৰে

গোটেই দিন এটা চুকত বহি আছিল

বন্দুকটোৰ মালিকজন পাৰ হৈ যাওঁতে বন্দুকটো নিজৰ বুলি

চিনি পাই মোক লৈ গ’ল।

.

আমি এতিয়া স্বাধীন বনত ভ্ৰমি ফুৰিছোঁ

আমি এতিয়া হৰিণ চিকাৰ কৰিছোঁ

প্ৰত্যেকবাৰতে মই তেওঁক লক্ষ্য কৰি কথা কওঁ

আৰু পৰ্বতে পোনাপুনি উত্তৰ দিয়ে।

.

মই হাঁহো–এনেহেন আন্তৰিকতাপূৰ্ণ পোহৰত

উপত্যকাটোত জেউতি চৰি আছে–

যেন ভেচুভিয়াচৰ এটি মুখ–

মাজেৰে আনন্দ সৰকি যাবলৈ দিছে।

.

যেতিয়া দিন শেষ হয় আৰু ৰাতি নামি আহে

মই মোৰ প্ৰভুৰ মূৰটো পহৰা দিওঁ।

মোৰ প্ৰভু ইডাৰ পাতিহাঁহতকৈ বেছি ভাল

ডাঙৰ কোমল গাৰুৰ দৰে– যদি মই চুই চাওঁ।

.

মোৰ প্ৰভুৰ সতৰুৰ প্ৰতি মই মাৰাত্মক শতৰু

যিজনৰ ওপৰত মই মোৰ হালধীয়া চকুটো ৰাখোঁ

নাইবা মোৰ বুঢ়া আঙুলিৰ পৰশ দিওঁ

তেওঁৰ পিনে আৰু কোনো শতৰু নাহে।

.

যদিও মই তেওঁতকৈ বেছিদিন জীয়াই থাকিব পাৰোঁ

তেৱোঁ মোতকৈ নিশ্চয় বেছিদিন জীয়াই থাকিব পাৰিব

কিয়নো মোৰ মাৰি পেলোৱাৰ শক্তি আছে যদিও

নিজে মৰাৰ কোনো শক্তি নাই। ০ ০ ০

.

এইবোৰ দৃশ্য তাই দেখিছিল

মূল  ইংৰাজী– ইমিলি ডিকিনচন (আমেৰিকা)

.

এইবোৰ দৃশ্য তাই দেখিছিল

তাই এতিয়া মৃত– 

তাইক আলফুলে স্পৰ্শ কৰা

তাইৰ গালত ডিম্পল আছিল।

এতিয়া লাহে লাহে তাইৰ ওপৰত হাত ফুৰোৱা হৈছে

তাইৰ আত্মা এতিয়া এই নশ্বৰ দেহৰ পৰা প্ৰস্থান কৰিছে।

সোনকালে তাইৰ মুখখন ঢাকি দিয়া।

.

আমি তাইৰ ওপৰত পৰিস্কাৰ কাপোৰ তৰি দিছোঁ

তাইক আমাৰ মাজত লৈ আমি চাৰিওফালে আছোঁ

তাইৰ আঙুলিবোৰ আকাশদেৱী অৰুৰাৰ দৰে

এই সন্ধিয়া তাই আৰু অহংকাৰী নহয়।

.

তাই আমাক লগ পাবলৈ আহিছিল আৰু আজি গুচি গ’ল।

তাইৰ এতিয়া আৰু হাতমোজা আৰু জোতা পৰিধান কৰাৰ প্ৰয়োজন নাই।

তাইৰ স্থানটো হৈছে এতিয়া স্বৰ্গত

তাইক এতিয়া কবৰলৈ লৈ যোৱাৰ বাবে সাজু কৰা হৈছে। ০ ০ ০

.

ঘাঁহনি ডৰাত থকা বন্ধুজন

মূল  ইংৰাজী — ইমিলি ডিকিনচন (আমেৰিকা)

.

ঘাঁহনি ডৰাত থকা বন্ধুজন 

হঠাৎ ওলায়–

তুমি হয়তো বন্ধুজনক লগ পাইছা– নহয়নে?

বন্ধুজনৰ আবিৰ্ভাৱ আকস্মিকহে– ।

.

এইজন বন্ধুয়ে ফণিৰে ঘাঁহনিডৰা দুভাগ কৰে

ফুটফুটীয়া কাড় যেন ওলায়

আৰু তোমাৰ ভৰিৰ ওচৰলৈ আহে

আৰু মুখ মেলে।

.

তেওঁ পৰিপূৰ্ণ মাটি এডৰাৰ দৰে

যি মাটিত পানীৰ অভাৱত শস্য নহয়

মই সেই ঠাইলৈ এজন ল’ৰাৰ দৰে শূন্য ভৰিৰে যোৱাত

এবাৰ তাক লগ পাইছিলোঁ– কোনোবা এক সন্ধিয়াত।

.

মই তাক পাৰ হৈ গৈছিলোঁ– আৰু ভাবিছিলোঁ এটি ৰচী বুলি

তেওঁ মুকলি ৰ’দ লৈ আছিল।

মই ৰচীখন যেতিয়া ধৰিবলৈ গৈছিলোঁ

সি কোঁচখাই  চুঁচুৰি গৈছিল।

.

প্ৰকৃতিৰ এনে কেইবাজন বন্ধুক মই জানোঁ

সিহঁতেও মোক জানে 

মই অনুভৱ কৰোঁ–

সিহঁত মোৰ আন্তৰিক বন্ধু।

তাৰ পিছত সেই বন্ধুজনক 

আৰু লগ পোৱা নাই। ০ ০ ০

.

জিল্লীপোক

মূল  ইংৰাজী– ইমিলি ডিকিনচন (আমেৰিকা)

.

গ্ৰীষ্মকালত চৰাইবোৰতকৈ বেছি কৰুণ

প্ৰাণীটো ঘাঁহনিৰ মাজত ওলায়

নিচেই কম সংখ্যক মানুহেহে প্ৰাণীটোৰ ওপৰত দৃষ্টি দিয়ে

এইটো অতিপাত লাজুকী।

.

কোনো পধ্যেই এইটোক চাব নোঁৱাৰি

এইটোৰ সৌন্দৰ্য ক্ৰমাৎ বাঢ়ি আহে

এইটো বিমৰ্ষ স্বভাৱৰ

সদায় অকলশৰীয়া হৈ থাকিবলৈ ভাল পায়।

.

সন্ধিয়া এইটো আচহুৱা যেন লাগে

যেতিয়া আগষ্ট মাহ ক্ৰমে পৰি আহে

এইটোৰ সংগীত আৰম্ভ হয়

যি সংগীতে আমাৰ মনক আকৰ্ষণ কৰে।

.

এইটোৰ সৌন্দৰ্য কিন্তু হ্রাস নাপায়

এইটোৰ জেউতিত কোনো কলংক নাই

তথাপি ইয়াৰ আবিৰ্ভাৱৰ সময়কালৰ মাজত পাৰ্থক্য আছে

ইয়াৰ আবিৰ্ভাৱে প্ৰকৃতিৰ সৌন্দৰ্য বৃদ্ধি কৰে। ০ ০ ০

.

মৃত্যুৰ পিছত

মূল  ইংৰাজী– ইমিলি ডিকিনচন (আমেৰিকা)

.

এই ৰাতিপুৱা মৃত্যুৰ পিছত

ঘৰখন ব্যস্ততাৰে পৰিপূৰ্ণ হৈ উঠিছে

পৃথিৱীত এই অৱস্থাটো পৱিত্ৰতৰ।

.

প্ৰেমক আঁতৰত থৈ

হৃদয়ক অকলশৰীয়া কৰি গুচি গ’লোঁ

অনন্ত সময়ক লগ নাপাওঁ মানে

আমি মিলিত নহওঁ। ০ ০ ০

.

সঁচা ক’বা কিন্তু বেঁকাকৈ ক’বা

মূল  ইংৰাজী–ইমিলি ডিকিনচন (আমেৰিকা)

.

সকলো কথাই সঁচা ক’বা– কিন্তু বেঁকাকৈ ক’বা–

কিয়নো সফলতাৰো নিৰ্দিষ্ট পৰিসীমা আছে।

সঁচা কথাৰ বিতোপন আশ্চৰ্যতাই

আমাৰ মনত উজ্জ্বল আনন্দ জাগৃত কৰে।

.

যেনেদৰে বিজুলী চমকনিয়ে ল’ৰা-ছোৱালীৰ মনত

আনন্দৰ অৰ্থ বহন কৰে

সত্যই ক্ৰমান্বয়ে আমাৰ মনত পোহৰৰ চমকনি তোলে

অন্যথাই প্ৰত্যেকজন মানুহেই অন্ধ হৈ পৰিব। ০ ০ ০

.

মৰাৰ  আগতে দুবাৰ মৰিলোঁ

মূল  ইংৰাজী– ইমিলি ডিকিনচন (আমেৰিকা)

.

মোৰ জীৱনটো মৰাৰ আগতে দুবাৰ মৰিলে

তথাপি এইটো পৰিদৃশ্যমান

যদি অমৰত্বই ওৰণি গুচাই মোলৈ আহে

তেন্তে মোৰ জীৱনত তৃতীয়বাৰ মৃত্যু ঘটিব।

.

বিশালাকায় মৃত্যুৰ কথা ভাবোতে আশাহীন হৈ পৰোঁ

যেনেদৰে আগতে দুবাৰ মোৰ জীৱনলৈ আহিছে।

ইয়াৰ পৰা প্ৰস্থান কৰিলেই আমি স্বৰ্গ পাম

তথাপি আমাৰ নৰকৰ শাস্তিৰ সোৱাদ লোৱাৰো প্ৰয়োজন আছে। ০ ০ ০

.

মৃত্যু

মূল  ইংৰাজী- ইমিলি ডিকিনচন (আমেৰিকা)

.

তাই জীয়াই থকা যোৱা ৰাতিটো আছিল

এটি সাধাৰণ গতানুগতিক ৰাতি

আজি তাইৰ মৃত্যুত, তাইৰ বাহিৰে, 

আমাৰ সকলোৰে বাবে প্ৰকৃতিটো সলনি হ’ল।

.

আমি সামান্য বস্তুও ভালদৰে লক্ষ্য কৰিছিলোঁ

যি বস্তুবোৰ  আগতে অৱজ্ঞা কৰি অহা হৈছিল।

আমাৰ মনত এতিয়া যি দৃষ্টিৰ উন্মেষ ঘটিল

সি আগতকৈ ভিন ধৰণৰ।

.

আমি যেন বাহিৰলৈ গ’লোঁ

আৰু তাইৰ অনন্ত শৰ্য্যাৰ পিনে আগবাঢ়িছিলোঁ

যি ঘৰটোত অহাকালিও যিসকল জীয়াই থাকিব

সিহঁতৰ বাবে ঘৰটো এটি কলংক।

.

যেতিয়া আনবোৰে জীয়াই থাকিব

তেনে সময়তে তাই সম্পূৰ্ণভাৱে নিঃশেষ হৈ গ’ল।

তাই অনন্তলৈ গুচি গ’ল–

আমাৰ মনত তাইৰ প্ৰতি ঈৰ্ষা উপজিল।

.

আমি অপেক্ষা কৰিছিলোঁ– যেতিয়া তাই গুচি গ’ল

এইটো আছিল সংকীৰ্ণ সময়ৰ ব্যৱধান।

তাইৰ মৃত্যুৰ কথাটো প্ৰচাৰ কৰাত আমাৰ মনত এটি জোকাৰণি উঠিছিল

অৱশেষত তাইৰ মৃত্যুৰ খবৰটো প্ৰচাৰ হ’ল।

.

তাইৰ কথাটো উত্থাপন কৰা হৈছিল আৰু পাহৰি যোৱা হৈছিল

ইমান আলফুলে যেনেদৰে নল-খাগৰি এটাই পানীৰ দিশত হালি পৰে

তাই স্বভাৱতেই মৃত্যুক গ্ৰহণ কৰিছিল।

আৰু এনেকৈয়ে তাইৰ মৃত্যু হৈছিল।

.

আমি তাইৰ চুলিবোৰ ঠিক কৰি দিছিলোঁ

তাৰ মূৰটো পোন কৰি দিছিলোঁ

আৰু তাৰ পিছত আহিছিল শংকাতুৰ বিশ্ৰাম

আমি ¸বিশ্বাস কৰোঁ এই বিশ্ৰাম চিৰদিন থাকি যাব। ০ ০ ০

.

মই দুবাৰতকৈ ইমান বেছি কেতিয়াওঁ 

মূল  ইংৰাজী– ইমিলি ডিকিনচন (আমেৰিকা)

.

মই দুবাৰতকৈ ইমান বেছি কেতিয়াওঁ হেৰুৱা নাছিলোঁ,

আৰু এইটো হেৰুৱাইছিলোঁ ঘাঁহ থকা মাটিৰ চপৰাত

দুবাৰ মই ভিক্ষাৰী হৈ থিয় দিছিলোঁ 

ঈশ্বৰৰ দৰবাৰত।

.

স্বৰ্গীয় দূত– দুবাৰ নামি আহিছিল

মোৰ চুৰি কৰি নিয়া বস্তু ঘূৰাই দিবলৈ।

ঈশ্বৰ, তুমি সিন্ধিকটা চোৰ!

তুমি বেংকৰ মালিক!

তুমি দেউতা!

আকৌ মই দুখীয়া হৈ গ’লোঁ। ০ ০ ০

.

হে স্বৰ্গৰ ঈশ্বৰ

মূল  ইংৰাজী– ইমিলি ডিকিনচন (আমেৰিকা)

.

হে স্বৰ্গৰ ঈশ্বৰ!

মোক এটা নিগনি বুলি গণ্য কৰক

মেকুৰীৰ দ্বাৰা মই উৎপীড়িত!

মোক তোমাৰ সাম্ৰাজ্য স্বৰ্গত তুলি লোৱা

স্বৰ্গটো নিগনিৰ বাবে অট্টালিকা।

.

স্বৰ্গীয় বিচনাত মোক আলফুলে পৰি থাকিব দিয়া

যাতে মই গোটেই দিন স্বাধীনভাৱে খুটি খাব পাৰোঁ

কাৰণ অনাকাঙ্খিত ঘূৰ্ণী বতাহে

মোৰ এই পৃথিৱীৰ জীৱনৰ গতিটো ঘূৰাই দিয়ে। ০ ০ ০

.

চৰাই এটি তললৈ নামি আহিল

মূল  ইংৰাজী– ইমিলি ডিকিনচন (আমেৰিকা)

.

চৰাই এটি তললৈ নামি আহিল

মই যে চৰাইটিক লক্ষ্য কৰিছোঁ– চৰাইটোৱে নাজানে

চৰাইটিয়ে এটি পোক চিকাৰ কৰি কামুৰি দুছেও কৰিলে

আৰু কেঁচাই ভক্ষণ কৰিলে।

.

তাৰ পিছত চৰাইটোৱ ঘাঁহনি ডৰাৰ পৰা

কেইটোপালমান নিয়ৰ পাণ কৰিলে।

আৰুবেৰৰ কাষলৈ জঁপিয়াই গ’ল

আৰু এটি জিল্লী পোকক পাৰ হৈ যাবলৈ দিলে।

.

চৰাইটোৱে দ্রুতবেগেত প্ৰকৃতিৰ প্ৰতি দৃষ্টি দিলে

যি প্ৰকৃতিটো তাৰ চকুৰ আগত পৰিৱৰ্তন হৈ গৈ আছিল

প্ৰকৃতিৰ বস্তুবোৰ ভয়ানক তপচীৰ দৰে দেখা গৈছিল

চৰাইটোৱে তাৰ মখমল মূৰটো জোকাৰি দিছিল।

.

ভয়াতুৰ এজন মানুহৰ দৰে মই আছিলোঁ সতৰ্কবান

আৰু মই চৰাইটোক এটুকুৰা মাংস দিলোঁ

তাৰ পিছত চৰাইটোৱে পাখি মেলিলে 

আৰু গুচি গ’ল।

.

নাবিকৰ বঠাই সাগৰৰ পানী দুফাল কৰাৰ দৰে

চৰাইটোৱে পোকটোক আৰু বেছিকৈ দুফাল কৰিলে

আৰু সন্ধিয়াৰ পখিলাবোৰৰ দৰে

চৰাইটোৱে জপিয়াই গৈছিল 

অকনো বাধা নোপোৱাকৈয়ে। ০ ০ ০

.

ভীষণ যন্ত্ৰণা ভোগাৰ পিছত

মূল  ইংৰাজী– ইমিলি ডিকিনচন (আমেৰিকা)

.

ভীষণ যন্ত্ৰণা ভোগাৰ পিছত সাধাৰণ অনুভূতি সজাগ হয়

শৰীৰত থকা শিৰা-উপশিৰাবোৰ

কবৰৰ দৰে জাকজমককৈ বহি থাকে–

কঠুৱা হৃদয়ে তেতিয়া প্ৰশ্ন কৰে– সেইজন তেৱেঁই আছিল নে–

যিজনে যোৱাকালি নাইবা কেইবা শতাব্দী আগতেই

এনেকুৱা ভীষণ যন্ত্ৰণা ভোগ কৰিছিল?

.

ভৰিযোৰ যন্ত্ৰবৎ আৰু চাৰিওফালে ঘূৰি থাকে–

মাটিৰ চাৰিওফালে, বায়ুৰ চাৰিওফালে

নাইবা এটা কাঠৰ পথৰ চাৰিওফালে

নিজৰ অস্তিত্বক পাহৰি

এইটো হৈছে সন্তুষ্টিৰ চাৰিভাগৰ এভাগ, শিলৰ দৰে–।

.

এইটো হৈছে সীহৰ ঘন্টা

যদি মনত ৰখা হয়, যদি দীৰ্ঘদিন জীয়াই থাকে

এজন গোট মাৰি বৰফ হোৱা মানুহৰ দৰে–

বৰফক মনত পেলায়–

প্ৰথমতে ঠাণ্ডা– পিছত সংজ্ঞাহীন– শেষত মৃত্যু। ০ ০ ০

.

তাই যেন খেলি আছে

মূল  ইংৰাজী– ইমিলি ডিকিনচন (আমেৰিকা)

.

তাই পৰি আছে যেন খেলি আছে

তাইৰ আত্মাটো উৰি গৈছে

আশা কৰিছে আকৌ ওভতি আহিব–

কিন্তু এতিয়া নহয়–।

.

তাইৰ প্ৰফুল্লিত বাহু দুখন– অৰ্ধাংশ ওলমি পৰিছে

যেন খেলত নিচুকি আছে

তাই পাহৰি গৈছে–

কেনেকৈ খেলটো আৰম্ভ কৰিব লাগে–।

.

তাইৰ নাচি থকা চকুযুৰি– অলপ মেল খাই আছে–

যেন চকুযুৰিৰ গৰাকীজন এতিয়াও 

কৌতুকৰ মাজেদি তিৰবিৰাই আছে– তোমালৈ।

.

তাইৰ ‘ৰাতিপুৱা’ দুৱাৰমুখতে আছে

মই নিশ্চিত যে তাইক টোপনিত ধৰি ৰাখিবলৈ কৌশল কৰি আছে

খুব আলফুলে– গভীৰ টোপনিত–। ০ ০ ০

.

এইখন মোৰ চিঠি– পৃথিৱীৰ প্ৰতি

মূল  ইংৰাজী– ইমিলি ডিকিনচন (আমেৰিকা)

.

এইখন মোৰ চিঠি- পৃথিৱীৰ প্ৰতি

যিখন পৃথিৱীয়ে মোলৈ কেতিয়াও

কোনো পত্ৰ পঠোৱা নাই

মোৰ এই চিঠিখনত প্ৰকৃতিয়ে কোৱা সৰল কথাবোৰ

মই কোমল গাম্ভীৰ্যৰে লিখিছোঁ।

.

প্ৰকৃতিৰ বাতৰিবোৰ লিখোতে মোৰ কিছু আঁসোৱাহ ৰৈ গৈছে–

কাৰণ মই সকলোখিনি ভালদৰে চাব পৰা নাই।

প্ৰকৃতিৰ প্ৰতি প্ৰেমৰ বাবেই–হে মোৰ সুহৃদ  স্বদেশৰ মানুহসকল–

মোৰ চিঠিটো আলফুলে মূল্যায়ন কৰিবা।  ০ ০ ০

.

মই চকু দুটা জপাই লোৱাৰ আগতে

মূল  ইংৰাজী– ইমিলি ডিকিনচন (আমেৰিকা)

.

মই চকু দুটা জপাই লোৱাৰ আগতে

প্ৰকৃতিক চাই ল’বলৈ ভাল পাওঁ

মই সকলো বস্তুকে চাই লওঁ–

কিয়নো মোৰ চকুৱে প্ৰকৃতিক নেচাই থাকিব নোৱাৰে।

.

কিন্তু আজি যদি কোৱা হয়–

আকাশখনক মোৰ নিজৰ কৰি ল’ম–

তেন্তে মই আপোনাক জনাই থলোঁ —

মোৰ হৃদয়টো তেতিয়া দুছেও হৈ যাব।

.

ঘাঁহনিডৰা মোৰ–

পৰ্বতশ্ৰেণী মোৰ–

সকলো বননি মোৰ– জিলমিল তৰাবোৰ মোৰ–

আৰু সন্ধিয়াৰ সকলো দৃশ্য–

মই মোৰ বগা চকুৰে চাই ল’ব পাৰোঁ।

.

ঘৰমুৱা চৰাইৰ গতি

ৰাতিপুৱাৰ জাংফাইপূৰ্ণ ৰাস্তা

সকলো মোৰঃ যেতিয়া মই ইচ্ছা কৰোঁ তেতিয়া চাব পাৰোঁ।

আৰু যদি মোক কোৱা হয়–

ইয়াৰ সকলোবোৰ বস্তুৰ অৰ্থ মই বুজি পাওঁ 

তেতিয়া মই মৰি যাম।

.

খুব নিৰাপদ মোৰ হৃদয় চকুৰে মই দৃষ্টি দিওঁ

খিৰিকীৰ কাঠৰ ওপৰত

য’ত আন বস্তুবোৰেও দৃষ্টি দিয়ে

কিন্তু সিহঁত সূৰ্যটোৰ প্ৰতি অমনোযোগী। ০ ০ ০

.

আত্মাটোৱে নিজৰ সমাজখনক বাছি  লয়

মূল  ইংৰাজী– ইমিলি ডিকিনচন (আমেৰিকা)

.

আত্মাটোৱে নিজেই নিজৰ সমাজখনক বাছি লয়

তাৰ পিছত– দৰজাখন বন্ধ কৰি দিয়ে–

ইয়াৰ পিছত আৰু কাৰো জীৱনলৈ মৃত্যু আহিব নোঁৱাৰে।

.

তেতিয়া সি স্থিৰ হৈ থাকে– সি মাথো ৰথৰ শব্দ শুনে–

ৰথটোৱে তাৰ সৰু দুৱাৰমুখলৈ আহি ৰয়।

সি স্থিৰ থাকে– কোনো প্ৰেমিকে আহি তাৰ ওচৰত প্ৰেম প্ৰাৰ্থী হয়।

.

মই তাইক জানোঁ– বহুতো ঠাইৰ পৰা তাই আহে–

সি কিন্তু এটা সমাজ বাছি লৈছে

সি এতিয়া তাৰ মনোযোগৰ দৰজাখন বন্ধ কৰি লৈছে।

আৰু পাথৰৰ দৰে আত্মাটো কঠিন হৈ পৰিছে। ০ ০ ০

.

পোৱাৰ মূহুৰ্ততে মই হেৰুৱালোঁ

মূল  ইংৰাজী– ইমিলি ডিকিনচন (আমেৰিকা)

.

মই যেতিয়া অনন্ত ঈশ্বৰৰ আত্মাৰ সতে মিলি যাব বিচাৰিছিলোঁ

তেতিয়া ঈশ্বৰজন অদৃশ্য হৈ গ’ল।

এইমাত্ৰ ঈশ্বৰৰ আত্মাই মোক মেৰিয়াই ধৰিছিলেই প্ৰায়

উশাহ সলোৱাৰ লগে লগেই মোক হতাশাত পেলাই পলাই গ’ল।

.

তেতিয়া মই ভাৱিলোঁ ঈশ্বৰ এজন সাধুকথা কোৱা বক্তাৰ দৰে

নাইবা এজন নাৱিকৰ দৰে যিজনে দূৰৱৰ্তী কোনো দ্বীপৰ সন্ধান দিয়াৰ বাতৰি কঢ়িয়াই আনে

নাইবা এজন সাংবাদিকৰ দৰে যিজনে ভয়ানক কোনো

বাতৰি সংগ্ৰহ কৰি ফুৰে– কিন্তু প্ৰকাশ নকৰে।

.

তাৰ পিছতো মই অপেক্ষা কৰিলোঁ

অনন্ত ঈশ্বৰৰ আত্মাৰ দৰ্শন পাবলৈ

কিন্তু মোৰ চকুৱে আৰু দেখা নাপালে

মোৰ কাণে আৰু সেই আত্মাৰ মাত শুনিবলৈ নাপালে।

.

ইয়াৰ পিছতো মই আকৌ অপেক্ষাত আছোঁ

সময় পাৰ হৈ থাকিল

লাহে লাহে শতাব্দী পাৰ হৈ গ’ল

সময়ৰ চকৰি ঘূৰি থাকিল

কিন্তু সেই আত্মাৰ দৰ্শন আৰু নাপালোঁ। ০ ০ ০

.

আশা হৈছে পাখি থকা এটা চৰাই

মূল  ইংৰাজী– ইমিলি ডিকিনচন (আমেৰিকা)

.

আশা হৈছে পাখি থকা এটি চৰাই–

পখিলাটোৱে আত্মাৰ ওপৰত জিৰণি লয়–

আৰু কোনো শব্দ নকৰাকৈয়ে গীত গায়–

আৰু কেতিয়াও–থমকি নৰয়–।

.

প্ৰৱল ধুমুহা বতাহত– এই চৰাইৰ গীতটো–সুমধুৰহে শুনা যায়–

যি বতাহে চৰাইটোক নিস্তেজ কৰিব পাৰে–

সেই বতাহ নিশ্চয় অতি দুৰ্দ্দান্ত হ’ব লাগিব–

আত্মাই আশা নামৰ চৰাইটিক সদায় উষ্ণ কৰি ৰাখে।

.

অতিপাত ঠাণ্ডা অঞ্চলতো মই এই চৰাইটিৰ গীত শুনিছোঁ–

আৰু ভয়ানক সাগৰৰ মাজতো ইয়াৰ সঙ্গীত শুনিছোঁ–

তথাপি এই আশা নামৰ চৰাইটিয়ে

মোৰ পৰা কোনো প্ৰতিৰক্ষা বিচৰা নাই। ০ ০ ০

.

নিশ্চয় ইয়াত পোহৰৰ হেলনীয়া ৰশ্মি পৰে

মূল  ইংৰাজী— ইমিলি ডিকিনচন (আমেৰিকা)

.

নিশ্চয় ইয়াত পোহৰৰ হেলনীয়া ৰশ্মি পৰে

হেমন্তৰ সন্ধিয়াত–

যি পোহৰে কেথেড্ৰেল গীৰ্জাৰ ঘন্টাধবনিৰ দৰে অত্যাচাৰ কৰে।

.

এইটোৱে আমাক স্বৰ্গীয় আঘাত দিয়ে

আমি কিন্তু শৰীৰত ইয়াৰ কোনো ঘাঁ দেখা নাপাওঁ

মাথো আভ্যন্তৰীণ আঘাতৰহে সৃষ্টি কৰে

শৰীৰৰ আঘাত আৰু মনৰ আঘাতৰ মাজত পাৰ্থক্য আছে।

.

এই আঘাতক কোনেও একো শিকাব নোঁৱাৰে।

এই আঘাতটো হৈছে হতাশাৰ মোহৰ

স্বৰ্গৰ পৰা পঠোৱা এয়া এক বিশাল যাতনা।

.

যেতিয়া এই পোহৰ আহে আৰু আঘাত কৰে

বিশাল পথাৰেও

এইটোৰ আগমণৰ শব্দ শুনিবলৈ পায়

ছাঁয় ইয়াৰ উশাহ-নিশাহ বন্ধ কৰি দিয়ে

আৰু যেতিয়া গুচি যায়

তেতিয়া এইটো দূৰৰ ‘মৃত্যু’ৰ দৰে ভয়াবহ যেন লাগে। ০ ০ ০

সমাপ্ত

Leave a Reply

Your email address will not be published. Required fields are marked *