আনন্দ চন্দ্ৰ বৰুৱা

আনন্দচন্দ্ৰ বৰুৱা  (Anandachandra Baruah) এজন অসমীয়া কবি আৰু নাট্যকাৰ আছিল । তেওঁ ‘বকুলবনৰ কবি’ নামেৰে খ্যাত। 

১৯০৭ চনৰ ৩১ ডিচেম্বৰত মৰাণৰ খুমটাই বাগিচাত আনন্দচন্দ্ৰ বৰুৱাৰ জন্ম হয়। পিতৃৰ নাম প্ৰেমধৰ বৰুৱা আৰু মাতৃৰ নাম ইন্দ্ৰাণী দেৱী। ১৯২৬ চনত যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ উদ্দেশ্যে কাশী হিন্দু বিশ্ববিদ্যালয়লৈ যায় যদিও শিক্ষা সম্পূৰ্ণ নকৰি ওভতি আহি ১৯২৯ চনত ‘সাদিনীয়া অসম’ৰ সহকাৰী সম্পাদকৰূপে কৰ্মজীৱন আৰম্ভ কৰে। ১৯৩২ চনত ‘বাতৰি’ৰ সহকাৰী সম্পাদক হয়। তেওঁ ১৯৬২ চনত যোৰহাটত ‘চিন্তামণি চক্ৰ’  প্ৰতিষ্ঠা কৰে আৰু ইয়াৰ সভাপতি হয়। ১৯৬৯ চনত অসম সাহিত্য সভাৰ সভাপতিৰ আসনত অধিষ্ঠিত  হয়। ১৯৭৩ চনত ‘পদ্মশ্ৰী’ সন্মান আৰু ১৯৭৭ চনত ‘বকুলবনৰ কবিতা’ নামৰ পুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে। 

১৯৮৩ চনৰ ২৭ জানুৱাৰীত আনন্দচন্দ্ৰ বৰুৱাৰ মৃত্যু হয়। ০ ০ ০

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা :

Leave a Reply

Your email address will not be published. Required fields are marked *