আনন্দৰাম ঢেকিয়াল ফুকন

আনন্দৰাম ঢেকিয়াল ফুকন (Anandaram Dekiyal Phukan) এজন অসমীয়া লিখক, ভাষা-সাহিত্যৰ হিতাকাঙ্খী আৰু সমাজকৰ্মী আছিল। ১৮১৯ চনৰ ২৪ আগষ্টত গুৱাহাটীত তেওঁৰ জন্ম হয়। পিতৃৰ নাম হলিৰাম ঢেকিয়াল ফুকন আৰু মাতৃৰ নাম প্ৰসুতী দেৱী। গুৱাহাটীত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰি উচ্চ শিক্ষাৰ্থে কলকাতালৈ যায় যদিও শিক্ষা আধৰুৱা কৰি উভতি আহে। ১৮৪৭ চনত নলবাৰীৰ কাছাৰীৰ আমোলা হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। ১৮৫২ চনত নগাঁৱত কিছুকাল এছিষ্টেণ্ট কমিছনাৰ হিচাপে কটায়। ১৮৫৫ চনত ‘এ নেটিভ’ ছদ্মনামত ‘এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ’ নামৰ পুস্তিকা ৰচনা কৰে। শিৱসাগৰৰ মিছন প্ৰেছে পুথিখন প্ৰকাশ কৰি উলিয়াইছিল। তেওঁ অসমত অসমীয়া ভাষা প্ৰচলনৰ অন্যতম পৃষ্ঠপোষক আছিল। ‘অৰুণোদই’ত প্ৰবন্ধ-পাতি লিখিছিল। আনন্দৰাম ঢেকিয়াল ফুকনে ১৮৫২ চনত ‘কলিকতা নিউ প্ৰেছ’ নামেৰে কলকাতাত এটা ছপাশাল প্ৰতিষ্ঠা কৰিছিল। ১৮৫৯ চনৰ ১৬ জুনত আনন্দৰাম ঢেকিয়াল ফুকনৰ মৃত্যু হয়। ০ ০ ০

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা :

 

Leave a Reply

Your email address will not be published. Required fields are marked *