আনন্দৰাম বৰুৱা

আনন্দৰাম বৰুৱা (Anandaram Baruah) আছিল অসমৰ প্ৰথম স্নাতক, প্রথম বেৰিষ্টাৰ, প্রথম আই চি এছ বিষয়া, সংস্কৃত পণ্ডিত আৰু লেখক। আনন্দৰাম বৰুৱাই ১৮৫০ চনৰ ১৩ মে’ত উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত জন্ম গ্ৰহণ কৰে। পিতৃৰ নাম আছিল গৰ্গৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল দুৰ্লভেশ্বৰী বৰুৱা। ১৮৬৪ চনত গুৱাহাটীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ কলকাতাত পঢ়িবলৈ যায় আৰু তাৰ পৰাই  স্নাতক ডিগ্ৰী লাভ কৰে। ১৮৭০-৭১ চনত লণ্ডনৰ পৰা বেৰিষ্টাৰী আৰু আই চি এছ পৰীক্ষাত উত্তীৰ্ণ হয়। ১৮৭২ চনত শিৱসাগৰৰ সহকাৰী ন্যায়াধীশৰূপে কৰ্ম জীৱন আৰম্ভ কৰি বিভিন্ন ঠাইত উচ্চ পদবীত কাৰ্যনিৰ্বাহ কৰে। তেওঁৰ প্ৰকাশিত গ্ৰন্থকেইখনমান হ’ল- ‘এ প্ৰেক্টিকেল ইংলিছ-সংস্কৃত ডিক্‌চেনেৰী’; ‘ভৱভূতি’, ‘মহাবীৰ চৰিতম’, ‘ভৱভূতি এণ্ড হিজ প্লে’চ ইন সংস্কৃত’, ‘হায়াৰ সংস্কৃত গ্ৰামাৰ’ আদি। পক্ষাঘাত ৰোগত আক্ৰান্ত হৈ ১৮৮৯ চনৰ ১৯ জানুৱাৰীত অকালতে মৃত্যুক আকোৱালি লয়।  0 0 0

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা :

Leave a Reply

Your email address will not be published. Required fields are marked *