আনন্দ চন্দ্ৰ আগৰৱালা

আনন্দ চন্দ্ৰ আগৰৱলা (Ananda Chandra Agarwala) এজন অসমীয়া কবি আৰু সাহিত্যিক আছিল। ১৮৭৪ চনৰ ৫ চেপ্টেম্বৰত  তেজপুৰত তেওঁৰ জন্ম হয়। পিতৃ কাশীৰাম আগৰৱালা আৰু মাতৃ ৰাধিকা আগৰৱালা। তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ্থে কলকাতালৈ যায় যদিও শিক্ষা সম্পূৰ্ণ নকৰি ওভতি আহি এবছৰমান শিক্ষকতা কৰে। ১৮৯৪ চনত পুলিচৰ চাকৰিত যোগদান কৰি ১৯৩০ চনত আৰক্ষী অধীক্ষকৰূপে অৱসৰ গ্রহণ কৰে। ১৯০৬ চনত ‘পুলিচ মেনুৱেল’ ৰচনা কৰে। ১৯২১ চনত ‘ৰায়বাহাদুৰ’ উপাধি লাভ কৰে। ছাত্ৰ অৱস্থাৰ পৰাই লেখা-মেলাৰ প্ৰতি আগ্ৰহ থকা আনন্দচন্দ্ৰ আগৰৱালাৰ প্ৰকাশিত পুথিসমূহ হ’লঃ ‘জিলিকনি’, ‘গোৱালপাৰাৰ পুৰণি বিৱৰণ’, ‘কোমল পাঠ’, ‘আদিপাঠ’, ‘ধৰ্ম সংগীত’ আদি। বহু ইংৰাজী কবিতাৰ সুন্দৰ ভাঙনি কৰা বাবে তেওঁ ‘ভাঙনি কোঁৱৰ’ নাম পায়। ‘সুখৰ ঠাই’, চহা আৰু পণ্ডিত’ তেনে দুটামান মনোৰম ভাঙনি কবিতা। ১৯৩৪ চনত অসম সাহিত্য সভাৰ সভাপতি হয়। ১৯৩৯ চনৰ ১৬ ডিচেম্বৰত আনন্দ চন্দ্ৰ আগৰৱালাৰ মৃত্যু হয়। ০ ০ ০

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

সদৃশ ৰচনা :

Leave a Reply

Your email address will not be published. Required fields are marked *