মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ প্ৰভাৱ 

বা

ড্ৰাগছ– এক সামাজিক সমস্যা

বা

ৰাগিয়াল বস্তু আৰু মানৱ সমাজ

যিবোৰ  দ্ৰব্য সেৱন কৰিলে নিচা লাগে, ৰাগি হয় আৰু হিতাহিত জ্ঞান হ্রাস পায় সেইবোৰ দ্ৰব্যকে ‘মাদক দ্ৰব্য’ বা ‘ৰাগিয়াল বস্তু’ বোলে। মদ, ভাং, কানি, বিড়ি, চিগাৰেট, গোটকা, ধঁপাত, তমাক আদি  ৰাগিয়াল বস্তুৰ উদাহৰণ। এইবোৰৰ উপৰিও আন এবিধ তৰল ৰাসায়নিক মাদক বস্তু আছে তাক ইংৰাজীত ‘ড্ৰাগছ’ বুলি কোৱা হয়। হিৰোইন, কোকেইন, হাছিছ, ব্রাউন চুগাৰ, চাৰাচ, এল এচ ডি আদি ড্ৰাগছৰ কিছুমান উদাহৰণ। মাদক দ্ৰব্য, যি প্ৰকাৰৰে নহওঁক কিয় এইবোৰৰ যিকোনো এটাত এবাৰ আসক্ত হ’লে ইয়াৰ পৰা পৰিত্ৰাণ পাব নোৱাৰি। ই জীৱনৰ এক অংগ হৈ পৰে আৰু জীৱনক তিল তিলকৈ মৃত্যুৰ গৰাহলৈ ঠেলি দিয়ে। 

মানৱ ইতিহাসত মাদক দ্ৰব্যৰ ব্যৱহাৰ প্ৰাচীন কালৰ পৰা চলি অহাৰ প্ৰমাণ পোৱা যায় যদিও আগৰ যুগত ইয়াৰ ব্যৱহাৰ অতি সীমতি আছিল। কিছুমানে ইয়াক ঔষধ হিচাপে প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিছল। প্ৰাচীন আৰু মধ্য যুগত ৰাগিয়াল বস্তু সংজ্ঞানাশক দ্ৰব্য হিচাপে শল্য চিকিৎসা প্ৰদানৰ সময়ত ৰোগীক খাবলৈ দিয়া হৈছিল। কিন্তু বৰ্তমান যুগত ৰাগিয়াল দ্ৰব্যৰ ব্যৱহাৰ ইমান ব্যাপক হৈছে যে ই এক মাৰাত্মক সামাজিক ব্যাধিত পৰিণত হৈছে।

ভাৰতবৰ্ষত প্ৰাচীন কালত ধঁপাত আৰু ভাঙ ব্যৱহাৰ হোৱাৰ প্ৰমাণ পোৱা যায় যদিও ইংৰাজসকলৰ আগমণৰ পিছৰ পৰা ভাৰতত ৰাগিয়াল দ্ৰব্যৰ ব্যৱহাৰ বহুল পৰিমাণে হ’বলৈ ধৰে। ইংৰাজসকলে সিহঁতৰ ৰাজনৈকি উদ্দেশ্য সাধনৰ অৰ্থে বিদেশৰ পৰা কানি আৰু ৰাসায়নিকভাৱে প্ৰস্তুত কৰা ড্ৰাগৰ প্ৰচলন কৰে আৰু তেতিয়াৰ পৰাই ক্ৰমে ক্ৰমে ই সমাজৰ সৰ্বস্তৰৰ মানুহৰ মাজত প্ৰসাৰ লাভ কৰে। ইংৰাজসকলে চীন, আফগানিস্থান, পাকিস্থান, হংকং, লেটিন আমেৰিকা আদি দেশৰ পৰা ৰাগিয়াল বস্তুৰ আমদানি কৰি সহজ, সৰল, হোজা ভাৰতীয়সকলৰ মাজত ইয়াৰ ব্যাপক প্ৰচলনত পৃষ্ঠপোষকতাৰ ভূমিকা পালন কৰি ভাৰতবাসীক মাৰাত্মক বিহৰ প্ৰতি আসক্ত কৰি তোলে।

সাধাৰণতে মদ, ভাং, কানি, বিড়ি, চিগাৰেট, গোটকা, তমাক, ধঁপাত আদি মুখেৰে সেৱন কৰা হয় যদিও ড্ৰাগছ শ্ৰেণীভূক্ত কিছুমান মাদক দ্ৰব্য বেজীৰে শৰীৰত সোমোৱাই লোৱা হয়। ড্ৰাগছৰ ভিতৰত হিৰোইন, কোকেইন, হাছিছ, ব্রাউন চুগাৰ আদিক অতি মাৰাত্মক আৰু জীৱননাশক বিহ বুলি ধৰা হয়। কিছুমানে যুক্তি দৰ্শায় যে মাদক দ্ৰব্য সেৱন কৰি দৈনন্দিন জীৱনৰ হতাশা, দুঃখ-কষ্ট, মানসিক উদ্বেগ আদি পাহৰি থাকিব পাৰি। কিন্তু এই যুক্তি তেনেই অমূলক আৰু অসাৰ। বাস্তৱত দেখা যায় যিসকল লোক মাদক দ্ৰব্য সেৱনত আসক্ত সিহঁতে জীৱনত অধিক উদ্বেগ, হতাশা আৰু দুশ্চিন্তাৰ চিকাৰ হয়।

মাদক দ্ৰব্য ব্যৱহাৰৰ বহুতো মাৰাত্মক অপকাৰী আৰু নেতিবাচক দিশ আছে। 

প্ৰথমত, মাদক দ্ৰব্যত এবাৰ আসক্ত হ’লে ইয়াক গ্ৰহণ নকৰি থাকিব নোৱাৰি। ফলত আসক্তকাৰীয়ে যিকোনো মূল্যৰ বিনিয়ত ইয়াক গ্ৰহণ কৰিব বিচাৰে। কিন্তু মাদক দ্ৰব্যৰ দাম অন্যান্য দ্ৰব্যৰ তুলনাত অধিক হোৱা বাবে ইয়াক ক্ৰয় কৰাত বহুত অৰ্থ হানি হয়। ফলত অৰ্থনৈতিকভাৱে মাদক আসক্ত ব্যক্তিজন দেউলীয়া হয়। 

দ্বিতীয়তে, মাদকাসক্ত ব্যক্তিয়ে যিহেতু মাদক দ্ৰব্য ব্যৱহাৰ নকৰি থাকিব নোৱাৰে সেয়ে ইয়াৰ বাবে বহুতে চুৰি, ডকাইতি কৰি হ’লে ধন সংগ্ৰহ কৰে। ফলত সমাজত অপৰাধ আৰু বিশৃঙ্খলা বৃদ্ধি পায়।

তৃতয়ীতে, নিয়মিত নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ ফলত শৰীৰত নানা প্ৰকাৰৰ বিসংগতিয়ে দেখা দিয়ে। অকলাতে কিডনি, লিভাৰ নষ্ট হয়। শ্বাস-প্ৰশ্বাসত কষ্ট হয়। বহুতৰ পেটৰ বিষ, ক্ষয়ৰোগ, হেপাটাইচছ, নিদ্ৰাহীনতা, অভোগ, কৌষ্ঠকাঠিন্য, দৃষ্টিহীনতা, অপুষ্টি আদি ৰোগত আক্ৰান্ত হৈ দুর্বিষহ যন্ত্ৰণা ভোগে।

তৃতীয়তে, ভাং, কানি, ধঁপাত, বিড়ি আদি সেৱন কৰা লোক যক্ষ্মা ৰোগত আক্ৰান্ত হোৱা দেখা যায়।

চতুৰ্থতে, ৰাগিয়াল বস্তুয়ে মানুহৰ মন আৰু মস্তিষ্কত বিৰূপ প্ৰভাৱ পেলায়। বহুতে মদ বা ড্ৰাগছ গ্ৰহণৰ পিছে পিছে হিতাহিত জ্ঞান হেৰুৱাই  প্ৰলাপ বকিবলৈ লয়।  বহুতে কাজিয়াত লিপ্ত হৈ মৰামৰি, কিলাকিলি কৰাত অভ্যস্ত হয়। ফলত ঘৰুৱা তথা সামাজিক পৰিৱেশ বিনষ্ট হয়। 

পঞ্চমতে, ৰাগিয়াল বস্তুত আসক্ত ব্যক্তিয়ে শাৰীৰিক শক্তি আৰু কৰ্ম উদ্দীপনা হেৰুৱাই পেলায়। ফলত নিষ্কৰ্মা হৈ ঘৰতে বহি থাকিব লগা হয় আৰু পৰিয়ালৰ বোজাস্বৰূপ হৈ পৰে।

ষষ্ঠতে, মাদক দ্ৰব্য সেৱন কৰা ব্যক্তিৰ পৌৰুষ শক্তিও হ্রাস কৰি বৈবাহিক জীৱন বিষময় কৰি তোলে। আকৌ ৰাগিয়াল বস্তু সেৱন কৰা তিৰোতাসকলৰ গৰ্ভৱতী সন্তানৰ ওপৰত মাৰাত্মক প্ৰভাৱ পৰে। বহু সময়ত সন্তান ঘূণীয়া, নিশকতীয়া আৰু চিৰৰুগীয়া হয়। 

সপ্তমতে, মানুহৰ যিকোনো অভ্যাস সোঁচৰা বেমাৰৰ দৰে। ই এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিপয়ে। ৰাগিয়াল বস্তুত আসক্ত ব্যক্তিক অনুসৰণ কৰি বা তেওঁৰ প্ৰৰোচনাত ভাল ব্যক্তি এজনো এনে বদ অভ্যাসত আসক্ত হোৱাৰ আশংকা থাকে। যি পৰিয়ালত মদাসক্ত ব্যক্তি থাকে সেই পৰিয়ালৰ সন্তান-সন্ততিও ইয়াৰ বিৰূপ প্ৰভাৱৰ বলি হয়। ফলত সুস্থ মানসিকতা গঠনত ব্যাঘাত জন্মে।

বৰ্তমান সমাজত ৰাগিয়াল বস্তুৰ ব্যৱহাৰ ইমানেই ব্যাপক হৈছে যে ই মানৱ সভ্যতাৰ বাবে এক ভাবুকিৰ সৃষ্টি কৰিছে। অৱশ্যে ইয়াৰ বাবে যে কেৱল মদাসক্ত ব্যক্তিসকলেই দায়ী সেয়া নিশ্চয় নহয়। ইয়াৰ বাবে প্ৰশাসন তথা সমাজ ব্যৱস্থাও সমানে দায়ী। আজিকালি ৰাজহ পোৱাৰ আশাত চৰকাৰেও মদৰ ব্যৱসায়ৰ বাবে অনুজ্ঞাপত্ৰ দিয়াৰ লগতে ঋণৰ যোগান ধৰাও দেখা গৈছে। প্ৰশানৰ বিষয়-ববীয়াসকলেও ৰাগিয়াল বস্তুত আসক্ত হৈ সাধাৰণ নাগৰিকৰ বাবে আৰ্হিস্বৰূপ হৈছে।

সমাজত শান্তি-শৃঙ্খলা প্রতিষ্ঠা কৰিবলৈ আৰু মানৱ সমাজক ৰাগিয়াল বস্তুৰ প্ৰভাৱ পৰা মুক্ত কৰিবলৈ আমি তলত উল্লেখ কৰা পদক্ষেপসমূহ গ্ৰহণ কৰিব পাৰো–

প্ৰথমতে, ৰাগিয়াল বস্তু সেৱনৰ কুফলৰ প্ৰতি সৰ্বসাধাৰণ ৰাইজ সচেতন হ’ব লাগিব। সিহঁতে ইয়াৰ বিৰুদ্ধে সৰৱ হ’ব লাগিব আৰু মাদক দ্ৰব্য ব্যৱহাৰৰ বিৰুদ্ধে বিপ্লৱ আৰম্ভ কৰিব লাগিব।

দ্বিতীয়তে, চৰকাৰে মদৰ দোকানৰ বাবে দিয়া অনুজ্ঞাপত্ৰ বন্ধ কৰি সেইবোৰ উৎখাতৰ ব্যৱস্থা কৰিব লাগিব।

তৃতীয়তে, ৰাগিয়াল বস্তুৰ উৎপাদন আৰু ইয়াৰ ব্যৱসায়ৰ লগত জড়িত লোকক আইন সংগতভাৱে উপযুক্ত শাস্তি বিহিব লাগিব।

চতুৰ্থতে, শিক্ষানুষ্ঠানসমূহত নৈতিক, ধৰ্মীয় আৰু মূল্যবোধ শিক্ষা প্ৰদানত গুৰুত্ব দিব লাগিব যাতে ল’ৰা-ছোৱালীসকল জীৱনত নেতিবাচক দিকবোৰ এৰাই চলি ইতিবাচক দিকবোৰৰ প্ৰতি উদ্বুদ্ধ হয়।

সামৰণিত ক’ব পাৰি যে মাদক দ্ৰব্য নামৰ ব্যাধিৰ পৰা সমাজ তথা ৰাষ্ট্ৰক ৰক্ষা কৰিবলৈ হ’লে ইয়াৰ বিৰুদ্ধে সৰ্বসাধাৰণ ৰাইজ সচেতন হ’ব লাগিব আৰু চৰকাৰে কঠোৰ নীতি প্ৰনয়ণ কৰি ইয়াৰ মূলোৎপাটন কৰিব লাগিব। ০ ০ ০

(‘ মাদক দ্রব্য আৰু সমাজত ইয়াৰ প্ৰভাৱ’ ৰচনাটি ৰাব্বি মছৰুৰ  ৰচিত ‘অসমীয়া ৰচনা শিক্ষা’ গ্রন্থখনৰ পৰা তুলি দিয়া হৈছে)

Related Searches:

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

Leave a Reply

Your email address will not be published.