নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা 

বা

ভাৰতবৰ্ষত নাৰী শিক্ষা

বা

আধুনিক সমাজ আৰু নাৰী শিক্ষা

আৰম্ভণি: শিক্ষা হৈছে ব্যক্তিৰ শাৰীৰিক আৰু মানসিক বিকাশ সাধনৰ এক প্ৰক্ৰিয়া। অৰ্থাৎ শিক্ষাই মানুহৰ কৰ্মদক্ষতা, শাৰীৰিক সামৰ্থতা, সামাজিক শিষ্টাচাৰ, মানৱীয় গুণ, বিবেচনা শক্তি, পৰিস্কাৰ-পৰিচ্ছন্নতা, কর্তব্যবোধ, দায়িত্ববোধ আদি গুণৰ বিকাশ সাধন কৰে। শিক্ষাৰ ওপৰতে জাতি এটাৰ উন্নয়ন, শক্তি, সামৰ্থ, মান-মৰ্যদা আদি নিৰ্ভৰ কৰে। সুস্থ, সবল, শান্তিপূৰ্ণ সামাজিক জীৱন যাপন কৰিবৰ বাবে  প্ৰত্যেক ব্যক্তিৰে উপযুক্ত শিক্ষাৰ প্ৰয়োজন। শিক্ষাৰ কোনো বিকল্প নাই। মানৱ জাতি নাৰী আৰু পুৰুষ লৈয়ে গঠিত। সেয়ে পুৰুষ আৰু নাৰী দুয়োৰে সু-শিক্ষাৰ প্ৰয়োজন আছে। কিন্তু বাস্তৱত পুত্ৰ সন্তানক শিক্ষা দিয়াৰ ক্ষেত্ৰত যিমান গুৰুত্ব দিয়া হয়, কন্যা সন্তানৰ ক্ষেত্রত সিমান গুৰুত্ব দিয়া দেখা নাযায়।

ভাৰতবৰ্ষত নাৰী শিক্ষাৰ পৰম্পৰা: প্ৰাচীন বৈদিক সাহিত্যসমূহত নাৰী শিক্ষাৰ তথ্য পোৱা যায়। সেই সময়ত পুৰুষৰ লগতে নাৰীসকলকো শিক্ষা দিয়াৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। আমি বেদত পাওঁ যে বৈদিক যুগত যাগ-যজ্ঞ, পূজা-পাতল, ধৰ্মীয় কাৰ্য আদিত পুৰুষৰ লগতে নাৰীসকলেও অংশ গ্ৰহণ কৰিছিল। প্ৰাচীন শাস্ত্ৰত গাৰ্গীমৈত্ৰিয় নামৰ এজন নাৰীয়ে শ্লোক ৰচনা কৰাৰ উল্লেখ পোৱা যায়।  সেইদৰে অগস্ত্য মুনিৰ পত্নী লোপামুদ্ৰা, ঋষি অত্ৰিকন্যা বিশ্ববাৰা, সাবিত্ৰী, ইন্দ্ৰানী আদিয়ে সমাজত বিশেষ ভূমিকা লোৱা কাৰ্যৰ পৰা বুজা যায় যে সিহঁত শিক্ষিত আছিল। খ্ৰীঃপূৰ্ব ষষ্ঠ শতিকাত বৌদ্ধধৰ্মৰ অভ্যুদয়ৰ সময়তো নাৰী স্বাধীনতা আৰু নাৰী শিক্ষাৰ উমান পোৱা যায়।  সম্ৰাট অশোকে নিজ কন্যা সংঘমিত্ৰাক বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে সিংহললৈ পঠোৱা ঘটনাটোৰ পৰা নাৰী যে পুৰুষৰ সমকক্ষ আছিল তাকেই প্ৰমাণ কৰে। ভাৰতীয় সমাজত দুৰ্গা, কালী, সৰস্বতী, লক্ষ্মী আদি দেৱীক পূজা কৰা হয়। ইয়াৰ পৰাও প্ৰতীয়মান হয় যে অতীতত ভাৰতবৰ্ষত নাৰী শিক্ষাৰ প্ৰচলন আছিল আৰু সমাজত নাৰীসকলৰ মৰ্যদা উচ্চ আছিল।

কিন্তু খ্ৰীষ্টীয় দ্বিতীয় শতাব্দীত জন্ম গ্ৰহণ কৰা ঋষি মনুয়ে ৰচনা কৰা ‘মনু সংহিতা’ই সমাজত নাৰী মৰ্যদাৰ ওপৰত কুঠাৰাঘাত কৰে। তেওঁ নাৰীক অকল ভোগ্য পণ্য বুলি মত প্ৰকাশ কৰি নাৰীক সকলো শিক্ষা-দীক্ষা গ্ৰহণ কৰাৰ পৰা বিৰত ৰখাৰ দৰ্শন প্ৰকাশ কৰে। তেতিয়াৰ পৰা পৰম্পৰাগত ভাৰতীয় সমাজত নাৰীসকল অৱহেলিত, পদদলিত আৰু লাঞ্ছিত হোৱাৰ পথ প্ৰশস্ত হয় আৰু নাৰী শিক্ষাৰ ব্যৱস্থাটো গৌণ হৈ পৰে।

দ্বিতীয় শতিকাত ‘মনু সংহিতা’ ৰচনা হোৱাৰ পৰা ঊনবিংশ শতিকাৰ আদি ভাগলৈ ভাৰতবৰ্ষত নাৰীসকলৰ বাবে ‘অন্ধকাৰ যুগ’ বুলি ক’ব পাৰি। কিয়নো এই সময়ছোৱাত নাৰী শিক্ষাৰ বাবে ভাৰতবৰ্ষত বিশেষকৈ হিন্দু সমাজত কোনো উদ্যোগ লোৱা হোৱা নাছিল আৰু নাৰীয়ে চাৰিবেৰৰ মাজত আবদ্ধ হৈ থাকিবলৈ বাধ্য হৈ পৰিছিল। কিন্তু ভাৰতবৰ্ষত ইংৰাজ ভাইচৰয় লৰ্ড উইলিয়াম বেন্টিংকে ভাৰতত আধুনিক শিক্ষা বিস্তাৰত মনোযোগ দিয়ে আৰু নাৰীসকলকো শিক্ষাৰ অধিকাৰ প্ৰদানৰ দিহা কৰে। তেতিয়াৰ পৰা ভাৰতবৰ্ষত নাৰী শিক্ষাৰ আধুনিক পৰম্পৰা আৰম্ভ হয় আৰু পৰৱৰ্তী সময়ছোৱাত ভাৰতবৰ্ষত ইন্দিৰা গান্ধী, কনকলতা, সৰোজিনী নাইডু, বিজয়লক্ষ্মী পণ্ডিত, মাদাৰ টেৰেছা, ভগ্নী নিবেদিতা আদি বহুতো বিদূষী নাৰীৰ জন্ম হয়। 

১৯৯৮ চনত ইউনিচেফে প্ৰকাশ কৰা এক তথ্য অনুসৰি বিশ্বৰ এক-ষষ্ঠাংশ লোক অশিক্ষিত। এই অশিক্ষিত লোকৰ দুই-তৃতীয়াংশ হ’ল নাৰী। আধুনিক ভাৰতৰ সংবিধানে নাৰীক পুৰুষৰ সমান অধিকাৰ প্ৰদান কৰিছে আৰু পুৰুষ-নাৰী উভয়ৰে বাবে শিক্ষা বাধ্যতামূলক কৰিছে। কিন্তু দুখৰ বিষয় যে বিজ্ঞানৰ এই চৰম উন্নতিৰ যুগতো শিক্ষাৰ ক্ষেত্ৰত নাৰী পিছ পৰি আছে। নাৰীসকল বাল্য বিবাহ, বলাৎকাৰ, কাৰখানাৰ কৰ্মী, বাটৰ শিল ভঙা, বেশ্যা বৃত্তি গ্ৰহণ কৰা আদিৰ বলি হৈছে। শেহতীয় তথ্য অনুসৰি ভাৰতবৰ্ষত পুৰুষ আৰু নাৰীৰ শিক্ষাৰ হাৰ ক্ৰমে ৭৫ শতাংশ আৰু ৬৫ শতাংশ । ইয়াৰ পৰা দেখা যায় যে শিক্ষাৰ ক্ষেত্ৰত নাৰীসকল পুৰুষৰ তুলনাত পিছ পৰি আছে। অসম, নাগালেণ্ড, মেঘালয়, অৰুনাচল প্ৰদেশ আদি ৰাজ্যবোৰত নাৰী শিক্ষাৰ হাৰ তেনেই কম। কিন্তু সমাজ তথা দেশ এখনৰ সার্বিক উন্নয়ন, সুখ, শান্তি আৰু শৃঙ্খলাৰ স্বাৰ্থত পুৰুষৰ লগে লগে নাৰীসকলৰো শিক্ষাৰ প্ৰয়োজন আছে।

নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা: নাৰী শিক্ষাৰ প্ৰয়োজনীতাৰ সপক্ষে আমি তলত উল্লেখ কৰা কাৰণকেইটা আগবঢ়াব পাৰো —

প্ৰথমত, শিক্ষাই ব্যক্তি এজনৰ শাৰীৰিক আৰু মানসিক বিকাশ সাধন কৰে। নাৰীসকলো যিহেতু মানুহ আৰু পুৰুষৰ সংগী সেয়ে নাৰীসকলৰো বিকাশৰ প্ৰয়োজন আছে। অন্যথা পুৰুষ আৰু নাৰীৰ জীৱনশৈলীত বিসংগতিয়ে দেখা দি পৰিয়াল তথা সামাজিক জীৱনত বিশৃঙ্খলাৰ সৃষ্টি কৰিব।

দ্বিতীয়, শিক্ষাই মানুহক যুক্তিবাদী কৰে, বিবেচনা শক্তি বৃদ্ধি কৰে। সেয়ে সামাজিক নীতি-নিয়ম, পৰম্পৰা আদি যুক্তিৰে চালি-চাৰি চাই জীৱনটো অধিক সমৃদ্ধ কৰিবলৈ পুৰুষৰ লগতে নাৰীসকলৰো শিক্ষা গ্ৰহণৰ প্ৰয়োজন আছে। 

তৃতীয়তে, ভাৰতৰ দুৰ্গম অঞ্চলৰ গাওঁসমূহত আজিও ডাইনী হত্যা, বলাৎকাৰ, গৰ্ভপাত, যৌতুকৰ বাবে স্ত্ৰী হত্যা আদি ঘৃণনীয় কাৰ্য-কলাপ চলি আছে। পুৰুষৰ সমানে নাৰীসকল শিক্ষিত হ’লেহে এনে অপৰাধ ৰোধ কৰিব পৰা যাব।

চতুৰ্থতে, মানুহ হৈছে প্ৰকৃতিৰ একমাত্ৰ প্ৰাণী যাৰ মাজত ইতিবাচক গুণৰ লগতে বহুতো নেতিবাচক গুণ আছে, যেনেঃ স্বাৰ্থপৰতা, হিংসা, অসূয়া, অৰিয়া-অৰি, লোভ, লালসা, ঈৰ্ষা ইত্যাদি। এই নেতিবাচক গুণবোৰে সমাজ তথা পৰিয়ালত বিশৃঙ্খলতা আৰু অশান্তিৰ সৃষ্টি কৰে। এইবোৰৰ পৰা হাত সাৰিবলৈ পুৰুষৰ লগতে নাৰীসকলো শিক্ষিত হ’ব লাগিব।

পঞ্চমতে, আজিৰ যুগটো হৈছে বিজ্ঞানৰ উন্নতিৰ চৰম যুগ। আমাৰ দৈনন্দিন জীৱনৰ সকলোবোৰ কাৰ্য বিজ্ঞানৰ জৰিয়তে পৰিচালিত হৈ আছে। ইন্টাৰনেট, কম্পিউটাৰ, মোবাইল ফোন ইত্যাদি আমাৰ দৈনন্দিন জীৱনত হাতৰ মুঠিত কঢ়িয়াই ফুৰা আহিলা হিচাপে ব্যৱহাৰ হৈ আছে। এইবোৰৰ সঠিক ব্যৱহাৰৰ বাবে পুৰুষৰ লগতে নাৰীসকলো শিক্ষিত হোৱা প্ৰয়োজন। 

ষষ্ঠতে, পণ্ডিত জৱাহৰলাল নেহৰুয়ে কৈছিল, “এজন ল’ৰাক শিক্ষা দিয়া মানে এজন পুৰুষক শিক্ষিত কৰি তোলা; কিন্তু এজনী ছোৱালীক শিক্ষিত কৰা মানে এটা পৰিয়ালক শিক্ষিত কৰি তোলা। আকৌ এজন দাৰ্শনিকে কৈছিল, “সন্তানৰ বাবে  এজন পিতৃ এশজন শিক্ষকৰ সমান আৰু এজনী মাতৃ এহেজাৰজন শিক্ষকৰ সমান।” উক্ত বক্তব্যবোৰৰ সত্যতা কোনেও নুই কৰিব নোৱাৰে নিশ্চয়। সেয়ে সন্তানক সু-শিক্ষাৰে শিক্ষিত কৰাৰ স্বাৰ্থত প্ৰতিজন নাৰী শিক্ষিত হোৱা উচিত। 

সপ্তমতে, সংবিধানে নাৰী-পুৰুষ উভয়কে সমান  অধিকাৰ প্ৰদান কৰিছে যদিও অধিকাৰ ভোগ কৰাৰ বাবে সামৰ্থ, দক্ষতা, সুযোগ, জ্ঞান, বুদ্ধি, বিবেচনা, যুক্তি আদিৰ প্ৰয়োজন। নাৰীয়ে নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ স্বাৰ্থত শিক্ষা গ্ৰহণ অৱশ্যম্ভাৱী। 

অষ্টমতে, পুৰুষ প্ৰধান সমাজত নাৰীসকলক সদায় অৱদমিত কৰি ৰখা হয়। ফলত নাৰীয়ে পুৰুষৰ বহতীয়া হৈ নিজৰ স্বাধীনতা বিসৰ্জন দিব লগা হয়। এই স্বাধীনতা উপভোগ কৰাৰ বাবেও নাৰীসকলে শিক্ষা লাভ কৰা জৰুৰী।

সামৰণি: পুৰুষ আৰু নাৰীক লৈয়ে মানৱ সমাজ গঠিত। মানৱ জাতিৰ অস্তিত্ব বৰ্তাই ৰখাত নাৰী-পুৰুষ পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। মহাপুৰুষ হজৰত মহম্মদে কৈছিল, “পুৰষ সংগী নোহোৱা নাৰী আৰু নাৰী সংগী নোহোৱা পুৰুষ অসম্পূৰ্ণ মানৱ।” অৰ্থাৎ নাৰীক লৈয়েহে পুৰুষৰ জীৱন সম্পূৰ্ণ হয়। সেয়ে পুৰুষৰ লগতে নাৰীয়েও শিক্ষা গ্ৰহণৰ আৱশ্যকতা আছে। ইয়াৰ বাবে প্ৰতিজন পিতৃ, অভিভাৱক, নেতা, বুদ্ধিজীৱি, শিক্ষিত ব্যক্তিয়ে পুত্ৰ সন্তান আৰু কন্যা সন্তানক সমানে প্ৰাধান্য দি দুয়োকে সমানে শিক্ষিত কৰাৰ মানসিকতা গঠন কৰিব লাগিব আৰু নাৰী শিক্ষাৰ বাবে জনসচেতনতা বৃদ্ধি কৰিব লাগিব আৰু চৰকাৰেও প্ৰয়োজনীয় পদক্ষেপ দৃঢ়তাৰ সৈতে গ্ৰহণ কৰিব লাগিব। ০ ০ ০

(‘ নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা ‘ ৰচনাটি ৰাব্বি মছৰুৰ  ৰচিত ‘অসমীয়া ৰচনা শিক্ষা’ গ্রন্থখনৰ পৰা তুলি দিয়া হৈছে)

Related Searches:

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

Leave a Reply

Your email address will not be published.