সুন্দৰ আৰু শৃংখলিত সমাজ গঠনত সৃষ্টিশীল সাহিত্যৰ ভূমিকা 

বা

সাহিত্য আৰু সমাজ

বা

সমাজ পৰিৱৰ্তনত সাহিত্যৰ ভূমিকা

আৰম্ভণি: ভাষাত প্ৰকাশ কৰা কোনো অৰ্থপূৰ্ণ বক্তব্যই সাহিত্য। সাহিত্য মৌখিকৰূপে ৰচিত হ’ব পাৰে আৰু লিখিত ৰূপতো ৰচিত হ’ব পাৰে। সাহিত্যৰ প্ৰধান বাহক হ’ল ভাষা। ভাষাৰ মাধ্যমেদি লিখক বা ৰচকৰ বক্তব্য প্ৰকাশ পায়। সাহিত্যৰ কেইবাটাও শ্ৰেণী বা ভাগ আছে যদিও ইয়াক প্ৰধানকৈ দুই শ্ৰেণীত ভাগ কৰিব পাৰি, যথা সৃষ্টিশীল সাহিত্য আৰু যৌগিক সাহিত্য। ‘সৃষ্টিশীল সাহিত্য’ বুলিলে প্ৰৱন্ধ, গল্প, উপন্যাস, নাটক আদিক বুজোৱা হয়। এনে সাহিত্যত লিখকৰ নিজস্ব দৰ্শন, জীৱনৰ প্ৰতি দৃষ্টিভংগী, লিখকৰ বাস্তৱ অভিজ্ঞতা, মতামত আদি প্ৰকাশ পায়। আনহাতে ‘যৌগিক সাহিত্য’ বুলিলে তেনে সাহিত্যকে বুজোৱা হয় যিবোৰ সাহিত্যত লিখকৰ নিজস্ব কোনো দৰ্শন বা জীৱনৰ প্ৰতি দৃষ্টিভংগী প্ৰতিফলিত নহৈ বিভিন্ন লেখকৰ দৃষ্টিভংগী বা দৰ্শন সংকলিত হয়। উদাহৰণস্বৰূপে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰনয়ণ কৰা পাঠ্যপুথি, সহায়িকা পুথি আদি।

সমাজ আৰু সাহিত্য: সাহিত্য আৰু সমাজৰ মাজত নিবিড় সম্পৰ্ক আছে। সমাজক বাদ দি কোনো সাহিত্য ৰচিত হ’ব নোৱাৰে। কাৰণ লিখকে সমাজত বাস কৰা মানুহৰ বাবে সাহিত্য ৰচনা কৰে আৰু লিখকেও সমাজৰ পৰাই তেওঁৰ লিখনিৰ কেঁচামাল সংগ্ৰহ কৰে। লিখকে সমাজত ঘটা ঘটনা, সমাজত বাস কৰা মানুহৰ জীৱন শৈলী, সিহঁতৰ আশা-আকাংখা, চিন্তা-চৰ্চা আদি সাহিত্যৰ মাজেদি মূৰ্ত কৰি তোলে। সেয়ে সাহিত্যক ‘সমাজৰ দাপোণ’ বুলিও কোৱা হয়। এজন ইংৰাজ সাহিত্যিকে কৈছিল, ‘মোক এখন কিতাপ দিয়া, মই সেই জাতিটোৰ সম্পৰ্ণ বুৰঞ্জী কৈ দিম।’ কথাষাৰ কেনেবা যেন লাগিলেও ইয়াৰ সত্যতা নুই কৰিব নোৱাৰি। উদাহৰণস্বৰূপে শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা সাহিত্যসমূহ অধ্যয়ন কৰিলে পঞ্চদশ আৰু ষষ্টাদশ শতিকাৰ অসমৰ বিষয়ে বহু তথ্য জনাৰ উপৰিও সেই সময়ছোৱাত মানুহৰ সামাজিক স্থিতি, ধৰ্মীয় বিশৃঙ্খলতা, সামাজিক অস্থিৰতা, মানসিক প্ৰয়োজনীয়তা আদিৰ সম্যক জ্ঞান লাভ কৰিব পাৰি। তেনেদৰে মোগল যুগত ৰচিত হোৱা সাহিত্যসমূহ মোগল যুগৰ সামাজিক, ৰাজনৈতিক আৰু ধৰ্মীয় জীৱনৰ দলিলস্বৰূপ। অৰ্থাৎ সাহিত্য হৈছে সমাজৰ কলাত্মক প্ৰতিচ্ছবি।

সমাজ পৰিৱৰ্তনত সাহিত্যৰ ভূমিকা: সমাজ পৰিৱৰ্তন, মানুহৰ দৃষ্টিভংগী সলনিকৰণ, পুৰণিক দ ভাঙি নতুনক প্রতিস্থাপন কৰাত সৃষ্টিশীল সাহিত্যৰ ভূমিকা অনস্বীকাৰ্য। কিয়নো সাহিত্যিকসকলে সমাজৰ বাবে সাহিত্য ৰচনা কৰে আৰু সাহিত্য সৃষ্টিৰ জৰিয়তে সমাজৰ প্ৰতি সিহঁতৰ সামাজিক দায়বদ্ধতা পালন কৰে। যি সাহিত্যত সামাজিক দায়বদ্ধতা নাথাকে তেনে সাহিত্যই পাঠকসমাজৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰি কালৰ সোঁতত হেৰাই যায়। আকৌ সাহিত্যিকসকলে অকল সমাজৰ প্ৰতিচ্ছবিয়েই সিহঁতৰ সৃষ্টিকৰ্মত দাঙি নধৰে, সিহঁতৰ জীৱন দৰ্শন, দৃষ্টিভংগীও দাঙি ধৰে। গল্প, উপন্যাস, নাটক আদিত সমাজৰ কলুষ-কালিমা, অন্ধবিশ্বাস, সামাজিক বৈষম্য, দৃষ্টিভংগীৰ সংঘাত আদি প্ৰতিফলিত হয়। উদাহৰণস্বৰূপে লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যৰাজিৰ কথা উনুকিয়াব পাৰি। বেজবৰুৱাদেৱৰ সাহিত্যত অসমীয়া সমাজৰ কেৰোণসমূহ হাস্য-ব্যঙ্গ ৰূপত অংকিত হৈছে। এইবোৰৰ জৰিয়তে লিখকে পাঠকসমাজৰ দৃষ্টি আকৰ্ষণ কৰি সমাজ সংস্কাৰৰ ভূমিকা গ্ৰহণ কৰিছে। সেইদৰে বিদেশী ইংৰাজৰসকলৰ বিৰুদ্ধে জনজাগৰণ সৃষ্টি কৰাত বিষ্ণুৰাভা, জ্যোতিপ্রসাদ আগৰৱালা, অম্বিকাগিৰি ৰায়চৌধুৰীৰ গীত আৰু কবিতাসমূহে বলিষ্ট ভূমিকা গ্ৰহণ কৰিছিল। তেনেদৰে বংগদেশত ইংৰাজ শাসনৰ বিৰুদ্ধে জনমত গঠন কৰাত ৰবীন্দ্ৰ নাথ ঠাকুৰ, নজৰুল ইছলাম, বংকিমচন্দ্ৰ আদিৰ লিখনিয়ে প্ৰভাৱ পেলাইছিল। 

বিশ্ব ইতিহাস অধ্যয়ন কৰিলে আমি দেখা পাওঁ যে কোনো জাতি বা ৰাষ্ট্ৰৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক আমূল পৰিৱৰ্তন কৰাত সৃষ্টিশীল সাহিত্যই প্ৰধান ভূমিকা লৈছিল। উদাহৰণস্বৰূপে অষ্টাদশ শতিকাৰ শেষৰ পিনে ফ্রান্সত স্বেচ্ছাচাৰী ৰাজতন্ত্ৰ ওফৰাই গণতন্ত্ৰ প্রতিষ্ঠা কৰাত ভল্টেয়াৰ, মন্টেস্ক’, ৰুচো আদিৰ লিখনিয়ে যাদুৰ দৰে কাম কৰিছিল। সেইদৰে জাৰ শাসিত ৰাছিয়াত স্বেচ্ছাচাৰী ৰাজতন্ত্ৰক উৎখাত কৰি গণতন্ত্ৰ প্রতিষ্ঠা কৰাত মেক্সিম গোৰ্কী, ডষ্টভয়েস্কি, লেনিন, টলষ্টয়, টুৰ্গেনিভ আদিৰ সাহিত্যই বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। মেক্সিম গোৰ্কীৰ ‘মা’ উপন্যাসে স্বেচ্ছাচাৰী জাৰ শাসনৰ বিৰুদ্ধে জনজাগৰণ সৃষ্টিত মন্ত্ৰৰ দৰে কাম কৰিছিল। সেইদৰে চীনত পুৰণি শাসনতন্ত্ৰ ওফৰাই আধুনিক প্ৰগতিবাদী শাসনতন্ত্ৰ প্রতিষ্ঠা কৰাত সাহিত্যৰ ভূমিকা অনস্বীকাৰ্য।

সাহিত্যই যে অকল ৰাজনৈতিক দৃষ্টিভংগী সলনি কৰাত ভূমিকা গ্ৰহণ কৰে সেয়া ভাবিলে ভুল কৰা হ’ব। ই মানুহৰ চিন্তা আৰু দৰ্শনৰো আমূল পৰিৱৰ্তন ঘটাব পাৰে। উদাৰহণস্বৰূপে পোন্ধৰ শতিকাৰ মাজ ভাগত ইউৰোপত হোৱা নৱজাগৰণৰ বাবেই বিশ্বত প্ৰগতিবাদী চিন্তা-চৰ্চা, বিচাৰ-বিশ্লেষণ, দৃষ্টিভংগীৰ অভূতপূৰ্ব পৰিৱৰ্তনৰ সূচনা হয়। সেইদৰে চাৰ্লচ ডাৰউইনৰ ‘The Origin of Species’ গ্ৰন্থই জীৱ-জগত তথা মানৱ জাতিৰ বৌদ্ধিক বিৱৰ্তন সম্পৰ্কে মানুহৰ পুৰণিকলীয়া দৃষ্টিভংগী সম্পূৰ্ণৰূপে সলনি কৰি দিছিল। 

সেইদৰে ভাৰতবৰ্ষত ভাৰতীয়সকলৰ দৰ্শন, জীৱন শৈলী, চিন্তা-চৰ্চা আদিত বেদ আৰু উপনিষদসমূহৰ প্ৰভাৱ চিৰন্তন। তেনেদৰে ইছমাল ধৰ্মাৱলম্বীসকলৰ প্ৰবিত্ৰ পুথি ‘কোৰাণে’ বেদুইন আৰৱসকলৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু বৌদ্ধিক জগতক ইমানেই প্ৰভাৱিত কৰিছিল যে ইছলাম ধৰ্মৰ আৱিৰ্ভাৱৰ মাত্ৰ এশ বছৰৰ ভিতৰতে সমগ্ৰ ইউৰোপৰ মানচিত্ৰ সলনি হৈছিল। ইয়াৰ প্ৰভাৱ আজিলৈকে বিদ্যমান। সেইদৰে আমেৰিকা যুক্তৰাষ্ট্ৰক আধুনিকতালৈ উত্তৰণ ঘটোৱাত ৰালফ ওৱালডো ইমাৰচন, ৱাল্ট হুইটমেন, থ’ৰো আদিৰ সাহিত্যিক সৃষ্টিকৰ্মৰ অৱদান আছে। আজি সকলোৱে স্বীকাৰ কৰে যে আধুনিক জাপান, জাৰ্মান আৰু চীনৰ উন্নয়নৰ মূলতে হৈছে সাহিত্য। সমীক্ষাত জনা যায় যে উন্নত দেশবোৰৰ  জনসাধাৰণে দুখীয়া বা উন্নয়নশীল দেশসমূহৰ জনগণৰ তুলনাত অধিক কিতাপ অধ্যয়ণ কৰে যাৰ ফলস্বৰূপে সিহঁতৰ চিন্তা জগতৰ লগতে ৰাষ্ট্ৰত সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক সুস্থিতা প্রতিষ্ঠিত হৈছে। 

ইংৰাজী প্ৰৱচন এটিত কোৱা হয়, ‘The pen is mighter than the sword’ অৰ্থাৎ তৰোৱালতকৈ কলম বেছি শক্তিশালী। কলমৰ দ্বাৰা যি কাম কৰিব পাৰি তৰোৱালৰ দ্বাৰা সেয়া কৰিব নোৱাৰি। উদাৰহণ স্বৰূেপ মহাবীৰ আলেকজেণ্ডাৰৰ গ্ৰীক সাম্ৰাজ্য, চেংগিছ খানৰ মংগোল সাম্ৰাজ্য, খৃষ্টানসকলৰ ৰোমান সাম্ৰাজ্য আদি কেতিয়াবাই ধবংস হৈ গৈছে। কিন্তু পুথি তথা সাহিত্যৰ জৰিয়তে প্রতিষ্ঠিত হোৱা ভাৰতীয় সভ্যতা, হজৰত মহম্মদৰ ইছলামীয় সভ্যতা, নিউটনৰ ‘Principia’ গ্ৰন্থৰ জৰিয়তে সূচনা হোৱা মহাকাশ বিজ্ঞানৰ বিজয় যাত্ৰা আজিও অব্যাহত আছে।

সামৰণি: সামৰণিত ক’ব পাৰি সুন্দৰ আৰু শৃংখলিত সমাজ গঠনত সৃষ্টিশীল সাহিত্যৰ ভূমিকাৰ কোনো বিকল্প নাই। সেয়ে আমি সকলোৱে সাহিত্য অধ্যয়নৰ অভ্যাস গঠন কৰা উচিত আৰু নৱপ্ৰজন্মক সাহিত্য অধ্যয়নৰ প্ৰতি উৎসাহ-উদ্দীপনা দিয়াৰ লগতে সাহিত্য অধ্যয়নৰ বাবে উপযুক্ত পৰিৱেশ গঠন কৰাত মনোযোগী হোৱা উচিত।  ০ ০ ০

(‘সুন্দৰ আৰু শৃংখলিত সমাজ গঠনত সৃষ্টিশীল সাহিত্যৰ ভূমিকা’ ৰচনাটি ৰাব্বি মছৰুৰ  ৰচিত ‘অসমীয়া ৰচনা শিক্ষা’ গ্রন্থখনৰ পৰা তুলি দিয়া হৈছে)

Related Searches:

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

Leave a Reply

Your email address will not be published.