H S 2nd Yr Final Exam Que Paper Assamese (MIL) 2017

H S 2nd Yr Final Exam Que Paper Assamese (MIL) 2017

Full Marks: 100

Time: 3 Hours

 

১। যিকোনো দুটা প্ৰশ্নৰ উত্তৰ  কৰিবা: ২× ৫=১০                         (ক) ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটিৰ লেখকে সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰে’ল যাত্ৰাৰ এটি বিৱৰণ আগবঢ়োৱা ।

(খ) প্ৰাচ্য আৰু পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰাম বৰুৱাৰ স্থান নিৰ্ণয় কৰা।

(গ) ’অসম হাতীপ্ৰধান দেশ’: হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক প্ৰৱন্ধটোৰ লেখকে কি প্ৰসঙ্গত এই কথাষাৰ অৱতাৰণা কৰিছিল বুজাই লিখা।

(ঘ) ‘ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ’ কথাষাৰ বহলাই আলোচনা কৰা।

(ã) ভবেন্দ্ৰনাথ শইকীয়া আৰু জাহ্নু বৰুৱাই অসমীয়া চলচিত্ৰ শিল্পলৈ আগবঢ়োৱা  অৱদান সম্পৰ্কে আলোচনা কৰা।

(চ) বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ বুজাই লিখা।

২। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ কৰিবা: ৪× ১=১০

(ক) মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটিত লেখকৰ অন্তৰৰ জাতিপ্ৰেম কিদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা।

(খ) ‘কি হ’ল একো কথা নাই: ইয়াৰ কাৰণে  অশেষ ধন্যবাদ: ইও যে এটা দান।’ কথাষাৰ কোনে কি প্ৰসঙ্গত কৈছিল? কথাষাৰৰ তাৎপৰ্য বুজাই লিখা।

(গ) ভুদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ কিয় চিঠি লিখিছিল?

(ঘ) সপোনত দেখা ঘটানাবোৰ আৰু ইয়াৰ ফলাফল দাবীৰ ভিত্তি আছে নে?

৩। তলৰ যিকোনো সাতটা প্ৰশ্নৰ উত্তৰ  কৰিবা: ২× ৭=১৪

(ক) লক্ষ্মীনাথ বেজবৰুৱাক কিয় অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়?

(খ) মিলাৰামৰ মিতিৰিকেইজন তেওঁৰ কোন কোন ফালৰ?

(গ) যতীন্দ্ৰনাথ দুৱৰাই লিখা দুখন কবিতা পুথিৰ নাম লিখা।

(ঘ) নীলকণ্ঠই দেৱাসুৰক কেনেকৈ পৰিত্ৰাণ কৰিছিল?

(ঙ ) কেনেধৰণৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লভিছিল?

(চ) ‘হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ পুথিখন কোনে কেতিয়া ৰচনা কৰিছিল?

(ছ) ঋকবেদৰ মন্ত্ৰবিলাকত কিহৰ পৰিচয় পোৱা যায়?

(জ) শীলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম লিখা।

(ঝ) ৰমাকান্তই নপঢ়াৰ কাৰণ কি বুলি কৈছিল?

(ঞ) এই কথাছবি কেইখনৰ পৰিচালকৰ নাম লিখা: এৰাবাটৰ সুৰ, ডাঃ বেজবৰুৱা।

(ট ) বিজ্ঞানীৰ কাম কি?

৪। তলৰ যিকোনো সাতটা প্ৰশ্নৰ উত্তৰ কৰিবা: ১× ৭=৭

(ক) ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটি ক’ৰপৰা সংগ্ৰহ কৰা হৈছে?

(খ) যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা কথা কবিতাৰ পুথিখনৰ নাম কি?

(গ) কঁপাহীৰ আন এটা নাম কি?

(ঘ) উপেন্দ্ৰচন্দ্ৰ লেখাৰুৱে সম্পদনা কৰা বৃহৎ কলেবৰৰ গ্ৰন্থখনৰ নাম কি?

(ঙ ) ‘সমুদ্ৰ মন্থন’ পঠটিৰ ৰচক কোন?

(চ) ‘হস্তিবিদ্যাৰ্ণৱ পুথি’ পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?

(ছ) তীৰ্থনাথ শৰ্মা কোন মহাবিদ্যালয়ৰ প্রতিষ্ঠাপক অধ্যক্ষ আছিল?

(জ) শীলভদ্ৰৰ প্ৰকৃত নামটো কি?

(ঝ) প্ৰথম অসমীয়া বোলছবি ‘জয়মতী’ কেতিয়া মুক্তি লাভ কৰিছিল?

(ঞ) ‘বৈজ্ঞানিক মানসিকতা কদিৰে গঢ়িব পাৰোঁ’ পাঠটি ক’ৰ পৰা সংগ্রহ  কৰা হৈছে?

৫। প্ৰসঙ্গ-সঙ্গতি দৰ্শাই ব্যাখ্যা কৰা (যিকোনো এফাঁকি): ৪× ১=৪

(ক) নিশ্চয় নিশ্চয় তেৱেঁ

(দেখা নায়ো যদি কেৱেঁ)

অন্তৰ্যামী সৰ্বজ্ঞান, বিশ্ব আত্মা প্ৰাণ

সৰ্বব্যাপী সৰ্বশক্তিমান।।

(খ) আজি জনতাৰ পঙ্কজ ৰূপ

জাগে পদুমৰ দৰে,

বোকাত জনমা মানুহে আজি

আলোকলে’ উঠি আহে

বেলিমুৱা হৈ হাঁহে।

(গ) অলপ দূৰৰ পৰা নোচোৱাৰ ভাও ধৰি

চাবওতো পাৰিলোঁহেঁতেন

এইজাক দাৱনীৰ মাজতে আছিল নেকি

সেউতীও মোৰ?

আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি

একোকে নমনি।

৬। যিকোনো দুটা প্ৰশ্নৰ উত্তৰ কৰিবা: ৩× ৬=১০

(ক) বৰগীত কাক বোলে? ইয়াৰ বিষয়বস্তুৰ ভাগ কেইটা কি কি উল্লেখ কৰা।

(খ) জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত নাটক তিনিখনৰ নাম লিখা।

(গ) ‘আঘোণৰ কুঁৱলী’ত গ্ৰাম্য জীৱনৰ সহজ সৰল প্ৰেমৰ চিত্ৰ কেনেদৰে অংকিত হৈছে বুজাই লিখা।

(ঘ) কবিয়ে জীয়াই থকাৰ মন্ত্ৰ কি বুলি কৈছে? জীয়াই থকা ধেমালিটো কেইবাৰ কেনেদৰে কৰাৰ কথা কৈছে– বুজাই লিখা।

৭। তলৰ যিকোনো পাঁচটা প্ৰশ্নৰ উত্তৰ  কৰিবা: ২× ৫=১০

(ক) মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি?

(খ) বিশ্বখনিকৰক কিয় খেপিয়ালে পোৱা নাযায়?

(গ) ‘মিলন’ কবিতাটিত কোনে কাৰ লগত মিলন হোৱাৰ বাসনা প্ৰকাশ কৰিছে?

(ঘ) সুন্দৰৰ পূজা থাপনাত কবিয়ে কিহেৰে উপচাৰ যচাৰ কথা কৈছে?

(ঙ) কাঠ-মিস্ত্ৰীৰ জীৱনৰ অৱস্থা কেনেকুৱা? ‘কাঠ-মিস্ত্ৰীৰ ঘৰ’ শীৰ্ষক কবিতাটিৰ আলমত চমুকৈ বুজাই লিখা।

(চ) আঘোণৰ পথাৰত কিহৰ ৰাগি আছে?

(ছ) নৱকান্ত বৰুৱাৰ দুখন উপন্যাসৰ নাম লিখা।

(জ) আহিনৰ পথাৰৰ গোন্ধত কবিয়ে কাক কেনেভাৱে পোৱা যেন অনুভৱ কৰে?

৮। তলৰ যিকোনো পাঁচটা প্ৰশ্নৰ উত্তৰ কৰিবা: ১× ৫=৫

(ক) শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হৈছে?

(খ) নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি?

(গ) জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন নাটকৰ জৰিয়তে নাট্যকাৰ হিচাপে  আত্মপ্ৰকাশ কৰে?

(ঘ) ‘কাঠ-মিস্ত্ৰী ঘৰ’ কবিতাটো কোন চনত ৰচনা কৰা হৈছিল?

(ঙ) কোনখন গ্ৰন্থৰ বাবে কেশৱ মহন্তই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল?

(চ) ‘তামীঘৰা’ শব্দৰ অৰ্থ লিখা।

(ছ) ড০ নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?

৯। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ  কৰিবা: ২×১=২

(ক) মোক্ষ বুলিলে কি বুজা?

(খ) মানৱ জীৱনৰ কোনছোৱা সময়ক কৈশোৰ কাল বুলি জনা যায়?

(গ) ভাৰত চৰকাৰে মাধ্যমিক শিক্ষাক গুৰুত্বসহকাৰে লৈ কোন চনত ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা কৰিছিল?

১০। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ  কৰিবা: 

(ক) ‘ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে’ উল্লেখ কৰা ১০ প্ৰকাৰৰ মূল্যবোধ কি কি?

(খ) জীতীয় পাঠ্যক্ৰম আঁচনি ২০০৫ (National Curricular Frame-Work 2005) ৰ পৰামৰ্শৱলী সম্পৰ্কে চমুকৈ বুজাই লিখা।

১১। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ কৰিবা: ২×২=৪

(ক) আধ্যাত্মিক মূল্যবোধ সম্পৰ্কে এটি আলোচনা আগবঢ়োৱা ।

(খ) কৈশোৰ কালৰ বাবে কেনেধৰণৰ শিক্ষা উপযোগী? উদাহৰণসহ আলোচনা কৰা।

১২। প্ৰত্যয় কাক বোলে? নিৰ্দিষ্টবাচক প্ৰত্যয় বুলিলে কি বুজা? অসমীয়া ভাষাৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ কেইটামান উদাহৰণ দাঙি ধৰা। ৭

অথবা

(খ) শব্দ-বিভক্তি মানে কি বুজা? অসমীয়া ভাষাত শব্দ- বিভক্তি কেই প্ৰকাৰৰ? উদাহৰণসহ বুজাই লিখা।

১৩। তলৰ যিকোনো পাঁচটা শব্দৰ প্ৰত্যয় ভাঙি  দেখুওৱা: ৫

জপনা, জিৰণীয়া, কাহুৰা, বাঢ়ণী , গাঁৱলীয়া, ধাননি, ভগনীয়া।

১৪। তলত দিয়া খণ্ডবাক্যবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা কৰা (যিকোনো চাৰিটা) :×৪=৪

খাই পাত ফলা, তেজকে পানী কৰ, আঁচলৰ ধন, শঠা মিতিৰ, জয়দেউ কাকতি, পানীত হঁহ নচৰা, চকুৰ পচাৰতে।

১৫। তলৰ যিকোনো এটি বিষয় লৈ এখন ৰচনা লিখা: ১০

(ক) তোমৰ প্ৰিয় সাহিত্যিক

(আৰম্ভণি– জন্ম, শিক্ষা আৰু কৰ্মজীৱন– সাহিত্যৰাজিৰ পৰিচয়–প্ৰিয়  হোৱাৰ কাৰণ– সামৰণি)

(খ) বিজ্ঞানৰ প্ৰখ্যাত আৱিষ্কাৰ দূৰদৰ্শন

(আৰম্ভণি– দূৰদৰ্শন আৱিষ্কাৰৰ ইতিহাস — ভাৰতবৰ্ষ আৰু অসমত দূৰদৰ্শনৰ প্ৰসাৰ — দূৰদৰ্শনৰ সুফল — দূৰদৰ্শনৰ কুফল — সামৰণি)

(গ) মাদকদ্ৰব্য আৰু সমাজত ইয়াৰ কুপ্ৰভাৱ

(আৰম্ভণি– মাদকদ্ৰব্যৰ বিভিন্ন প্ৰকাৰ আৰু ইয়াৰ ব্যৱহাৰ– মাদকদ্ৰব্য সেৱনৰ ফলত হোৱা অপকাৰ– মাদকদ্ৰব্যৰ ব্যৱহাৰ আৰু সমাজত ইয়াৰ প্ৰতিক্ৰিয়া– সামৰণি)

(ঘ) অসমৰ বানপানী আৰু প্ৰতিকাৰৰ উপায়

(আৰম্ভণি — অসমত বানপানী হোৱাৰ কাৰণ– বানপানীৰ ফলত সৃষ্টি হোৱা বিভিন্ন সমস্যাৰ– বানপানী প্ৰতিকাৰৰ উপায়– সামৰণি)। 

H S 2nd Yr Final Exam Que Paper Assamese (MIL) 2017

0 0 0

H S 2nd Yr Final Exam Que Paper English 2020

N. B. We are grateful to Assam Higher Secondary Education Council, Govt of Assam.

H S 2nd Yr Final Exam Que Paper English 2020

Related Searches:

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

 

 

Leave a Reply

Your email address will not be published.