H S 2nd Yr Final Exam Que Paper Assamese 2018

H S 2nd Yr Final Exam Que Paper Assamese 2018

Full Marks: 100

Time: 3 Hours

 ১। তলৰ যিকোনো সাতোটা প্ৰশ্নৰ উত্তৰ কৰিবা: ১×৭=৭ 

ক) ‘মাথাপোট’ শব্দৰ অৰ্থ কি?

খ) ‘ওমৰ তীৰ্থ’ পুথিখনি কোনখন মূল পুথিৰ ভাৱানুবাদ?

গ) মিলাৰামৰ মিতিৰ বা কুটুম লেখত কেইজন?

ঘ) দেৱাসুৰ লগ লাগি কিহৰ কাৰণে সমুদ্ৰ মন্থন কৰিছিল?

ঙ) ‘মিনতি’ ৰ অৰ্থ কি?

চ) আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল?

ছ) কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপক আৰু অধ্যক্ষ কোন আছিল?

জ) ‘বৈৰাগ্য’ শব্দৰ অৰ্থ কি?

ঝ) শীলভদ্ৰই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

ঞ) ‘চিত্ৰবন’ ষ্টুডিঅ কোনে নিৰ্মাণ কৰিছিল?

ট) ‘বসন্ত’ ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি?

২। তলৰ যিকোনো সাঁতোটা প্ৰশ্নৰ উত্তৰ কৰিবা: ৭×২=১৪

ক) বেজবৰুৱাই উল্লেখ কৰা ‘মাজিউ’ আৰু ‘জ্ঞান’ কোন আছিল?

খ) ‘বাদুলী সচাঁ’ আৰু ‘গলাগপা’ শব্দ দুটাৰ অৰ্থ কি?

গ) কথা-কবিতাৰ দুটা বৈশিষ্ট্য লিখা।

ঘ) উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ ‘সম্পাদিত গ্ৰন্থ’ দুখনৰ নাম লিখা।

ঙ) পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম কি?

চ) ‘অতিথি দেৱো ভৱ’ মানে কি?

ছ) শীলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম লিখা।

জ) জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথা-ছবি দুখনৰ নাম লিখা।

ঝ) পদাৰ্থ-কণা-ত্বৰক কাক বোলে?

ঞ) ‘সৰ্বঢাক মন্ত্ৰ’ কি?

ট) ড০ ভবেন্দ্ৰনাথ শইকীয়াই লাভ কৰা দুটি বঁটাৰ নাম লিখা।

৩। যিকোনো এটা প্ৰশ্নৰ উত্তৰ কৰিবা: ৪×১=৪

ক) ‘মগনিয়াৰ’ শীৰ্ষক কথা-কবিতাটিৰ মূলভাৱ লিখা।

খ) একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেদৰে সহায় কৰিছিল?

গ) চাৰি আশ্ৰম বুলিলে কি বুজা? চমুকৈ ব্যাখ্যা কৰা।

ঘ) বৈজ্ঞানিক মানসিকতা মানে কি? বুজাই লিখা।

৪। যিকোনো দুটা প্ৰশ্নৰ উত্তৰ কৰিবা: ৫×২=১০

ক) ‘ডিবৰুগড়ত গোটাচেৰেক কথাই মোৰ সন্তোষ দিছিল। কোনবোৰ কথাই সন্তোষ দিছিল লিখা।

খ) মিলাৰামে কি কি কাৰণত আত্মজীৱনী লিখিবলৈ লৈছিল?

গ) ‘হস্তিবিদ্যাৰ্ণৱ’ পুথিৰ বিষয়বস্তুৰ এটি আভাস দিয়া।

ঘ) চিঠি গল্পটিৰ নামাকৰণৰ সাৰ্থকতা বিচাৰ কৰা।

ঙ) অসমীয়া চলচিত্ৰ শিল্পীলৈ ড০ ভূপেন হাজৰিকাৰ অৱদান সম্পৰ্কে লিখা।

চ) বাতৰি কাকত আৰু আলোচনীৰ পৰা কেনেদৰে জ্ঞান লাভ কৰিব পাৰি?

ছ) ‘মিনতি’ গল্পটিৰ নামাকৰণৰ সাৰ্থকতা বিচাৰ কৰা।

৫। যিকোনো পাঁচোটা প্ৰশ্নৰ উত্তৰ কৰিবা : ১×৫=৫

ক) মাধৱদেৱৰ জন্ম ক’ত হৈছিল?

খ) জ্ঞানমালিনীৰ কবি কোন?  

গ) কিমান চনত নলিনীবালা দেৱীয়ে ‘পদ্মশ্ৰী’ উপাধি লাভ কৰিছিল?

ঘ) জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনিৰ নাম কি?

ঙ) ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী গৰাকী কোন?

চ) কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিৰ নাম লিখা।

ছ) ‘উভতি নহাৰ কবিতা’টি কোন শ্ৰেণীৰ কবিতা?

জ) ‘কৰুণতম’ কবিতাটো কোনখন কাব্যপুথিৰ পৰা লোৱা হৈছে?

৬। যিকোনো পাঁচোটা প্ৰশ্নৰ উত্তৰ কৰিবা: ২×৫=১০

ক) বৰগীত কাক বোলে?

খ) মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।

গ) নলিনীবালা দেৱীৰ জীৱনীমূলক গ্ৰন্থ দুখনৰ নাম লিখা।

ঘ) জ্যোতিপ্ৰসাদৰ আগৰৱালাৰ জন্ম কিমান চনত আৰু ক’ত হৈছিল?

ঙ) কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা।

চ) ‘ডাঙৰি’ আৰু ‘তৰা-জৰী’ শব্দ দুটাৰ অৰ্থ লিখা।

ছ) নৱকান্ত বৰুৱাৰ দুখন শিশু উপযোগী গ্ৰন্থৰ নাম লিখা।

জ) নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম লিখা।

৭। প্ৰসঙ্গ-সঙ্গতি দৰ্শাই ব্যাখ্যা কৰা (যিকোনো এফাঁকি): ৪×১=৪

ক) তেৱে কাম তেৱে কৰ্মী তেৱেঁ কাৰিকৰ 

নিশ্চয় নিশ্চয় তেৱেঁ বিশ্বখনিকৰ।

খ) আঘোণৰ আকাশতে উৰুলিৰ ৰাগি আছে,

আঘোণৰ আকাশত ৰাগি আৰু ৰাগি।

গ) “মই মোক

মোৰ সন্তানৰ কাৰণে

ক’ত থৈ যাম

ক’ত?”

৮। যিকোনো দুটা প্ৰশ্নৰ উত্তৰ কৰিবা: ৩×২=৬

ক) তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ‘বৰগীত’টিৰ মাজেৰে শিশু কৃষ্ণৰ চৰিত্ৰ কেনেদৰে প্ৰকাশ পাইছে।

খ) নলিনীবালা দেৱীৰ কবিতাৰ মাজেৰে মূলতঃ কি ভাৱধাৰা প্ৰকাশ পাইছে, তোমাৰ পাঠ্য কবিতাৰ আধাৰত বিচাৰ কৰা।

গ) ‘ষোড়শোপচাৰ’ বুলিলে কি কি উপচাৰৰ কথা বুজায়?

ঘ) কাঠমিস্ত্ৰীয়ে কাৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে?

ঙ) নৱকান্ত বৰুৱাৰ তিনিখন কবিতাপুথিৰ নাম লিখা।

৯। যিকোনো দুটা প্ৰশ্নৰ উত্তৰ কৰিবা: ১×২=২

ক) ‘সত্যম্‌ শিৱম্‌ সুন্দৰম্‌’ কথাষাৰৰ অৰ্থ কি?

খ) ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল?

গ) ‘দিবাস্বপ’ বুলিলে কি বুজা?

১০। যিকোনো দুটা প্ৰশ্নৰ উত্তৰ কৰিবা: ২×২=৪

ক) ভাৰতীয় দৰ্শনে মূল্যবোধক কি কি শ্ৰেণীত ভাগ কৰিছে?

খ) কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা  মৌলিক বিষয় কি কি?

গ) সহজ অৰ্থত মূল্যবোধ মানে কি?

১১। যিকোনো এটা প্ৰশ্নৰ উত্তৰ কৰিবা : ৪×১=৪

ক) চিৰন্তন মূল্যবোধ সম্পৰ্কে চমুকৈ লিখা।

খ) ‘বীৰপূজা’ সম্পৰ্কে চমুকৈ লিখা।

১২। (ক) ক্ৰিয়া-বিভক্তিৰ কাক বোলে? পুৰুষ অনুযায়ী উদাহৰণসহ ক্ৰিয়া-বিভক্তি প্ৰয়োগ দেখুওৱা। : ২×২=৪

অথবা

খ)সম্বন্ধ বাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি কাক বোলে? অসমীয়া ভাষাৰ এই বিভক্তিবোৰৰ প্ৰয়োগ দেখুওৱা।

১৩। তলৰ যিকোনো পাঁচোটা শব্দৰ প্ৰত্যয় ভাঙি দেখুওৱা।: ১×৫=৫

অনাহক, আওবাট, শোৱন, নাচনী, কান্দুৰা, ধৰুৱা, খেতি। 

১৪। তলত দিয়া জতুৱা ঠাচবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা কৰা (যিকোনো চাৰিটা): ২×৪=৮

কপাল ফুল, কাণে কাণ মাৰি, গা টঙা, চকু চৰহা, উৰলি পুঙা, মুখ বজোৱা।

১৫। তলৰ যিকোনো এটি বিষয়টো ৰচনা লিখা। ১০

ক) মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান।

খ) তোমাৰ প্ৰিয় গ্ৰন্থ।

গ) পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ।

ঘ) নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা 

H S 2nd Yr Final Exam Que Paper Assamese 2018

0 0 0

H S 2nd Yr Final Exam Que Paper Assamese 201৮

N. B. We are grateful to Assam Higher Secondary Education Council, Govt of Assam.

Related Searches:

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

Leave a Reply

Your email address will not be published.