H S 2nd Yr Final Exam Que Paper Assamese 2019

H S 2nd Yr Final Exam Que Paper Assamese 2019

Full Marks: 100

Time: 3 Hours

। তলৰ যিকোনো সাতোটা প্ৰশ্নৰ উত্তৰ কৰিবা:১×৭=৭

ক) লক্ষ্মীনাথ বেজবৰুৱাৰ ‘শ্ৰীকৃষ্ণ কথা’ কি বিষয়ক গ্ৰন্থ?

খ) সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া লেখকৰ নাম লিখা।

গ) ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথম গৰাকী অসমীয়া কোন?

ঘ) ‘হস্তিবিদ্যাৰ্ণৱ’ পুথিত কোন গৰাকী বৰ কুঁৱৰীৰ ছবি পোৱা যায়?

ঙ) ঈশোপনিষদৰ নিষেধা বাক্যটি কি?

চ) বাগানত কৰ্মৰত অৱস্থাত ভূদেৱ চৌধুৰীয়ে কাৰ চিঠিৰ বাবে ব্যাকুল ভাৱে প্ৰতীক্ষা কৰিছিল।

ছ) অসমীয়া চিনেমাৰ জনক কোন?

জ) বসন্ত ৰোগ প্ৰধানকৈ কোন গৰাকী দেৱৰী ৰোষত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল?

ঝ) ‘পদকীয়’ মানে কাক বুজায়?

ঞ) ‘দি এনচিয়েণ্ট মেৰিণাৰ’ শীৰ্ষক কবিতাটিৰ ৰচক কোন?

ট) ‘বৃন্ধাবন’ নামৰ গল্প সংকলনটোৰ ৰচক কোন?

ঠ) টিংখঙৰ পৰা বাগানৰ ডাক অনা বনুৱাজনৰ নাম কি?

২। তলৰ যিকোনো সাতোটা প্ৰশ্নৰ উত্তৰ কৰিবা:২×৭=১৪

ক) লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ দুটা কাৰণ লিখা।

খ) ‘প্ৰকৃষ্ট’ আৰু ‘অনিয়া অনি’ শব্দ দুটাৰ অৰ্থ কি?

গ) কোন গৰাকী বিদেশী সাহিত্যিকৰ কোনটো কথা কবিতাৰ লগত ‘মগনিয়াৰ’ৰ সাদৃশ্য আছে?

ঘ) ‘বৃহৎ সাহিত্য’ আৰু ‘যশস্তিলক’ গ্ৰন্থ দুখনৰ ৰচক কোন।

ঙ) ‘শ্ৰদ্ধয়া দেয়ম’, ‘অশ্ৰদ্ধয়া অদেয়মৰ’ অৰ্থ কি?

চ) চুটি গল্পৰ দুটা বৈশিষ্ট লিখা।

ছ) ‘জয়মতী’ কথাছবিখন গুৱাহাটীত কোন চনৰ কোন তাৰিখে মুক্তি লাভ কৰিছিল?

জ) শীলভদ্ৰই কোনখন উপন্যাসৰ বাবে কোন চনত ‘অসম প্ৰকাশন পৰিষদ  বটা’ লাভ কৰিছিল?

ঝ) বৈজ্ঞানিক মানসিকতা কাক বোলে?

৩। প্ৰসংগ সংগতি দৰ্শাই বাখ্যা কৰা: ৪×১=৪

ক) “পানীমে মীন পিয়াসী

মোক শুণতে শুণতে লাগে হাসি।”

খ) “কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যু স্বৰূপ”?

গ) “ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ।”

ঘ) “বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি।” 

৪। যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা: ৫×২=১০

ক) ডিবৰুগড়ৰ অসমীয়া তিৰোতা সকলৰ কেনেধৰণৰ গঢ়গতি আৰু কাৰ্য্যকলাপত লক্ষ্মীনাথ বেজবৰুৱা আনন্দ বিমিস্ত্ৰিত আচৰিত হৈ  পৰিছিল চমুকৈ লিখা।

খ) সংজ্ঞাসহ কথা কবিতাৰ চাৰিটা বৈশিষ্ট্য লিখা।

গ) ‘হস্তিবিদ্যাৰ্ণৱ’ পুথিৰ গদ্যশৈলী সম্পৰ্কে এটি টোকা যুগত কৰা।

ঘ) উপনিষদৰ যুগত শিক্ষা সাং কৰি গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰিবলৈ উলটিৱ খোজা বিদ্যাৰ্থীক গুৰুৱে কি কি উপদেশ দিছিল নিজৰ ভাষাৰে লিখা। 

ঙ) অসমীয়া চলচিত্ৰ জগতলৈ জ্যোতি প্ৰসাদ আগৰৱালাৰ অৱদান সম্পৰ্কে লিখা।

চ) প্ৰকৃত বিজ্ঞানীৰ কাম কেনে হোৱা উচিত পাঠৰ আধাৰত আলোচনা কৰা।

৫। তলৰ যিকোনো পাচটা প্ৰশ্নৰ উত্তৰ লিখা:১×৫=৫

ক) বৰগীতৰ ভাষা কি?

খ) ‘গোমোস্তা’ শব্দৰ অৰ্থ লিখা।

গ) নলিনীবালা দেৱীৰ কবিতাৰ মূল সুৰ কি?

গ) ‘প্ৰবুদ্ধ জনতা’ শব্দটোৱে কি বুজাইছে?

ঙ) ‘বিশ্ব শিল্পী মহাবিশ্বৰ’ — কবিয়ে কাক ‘বিশ্ব শিল্পী’ বুলি অভিহিত কৰিছে?

চ) ‘ৰদ জিকিমিকি’ কাব্য গ্ৰন্থৰ ৰচক কোন?

ছ) নৱকান্ত বৰুৱাৰ কাব্য-চৰ্চাত কোনখন আলোচনীৰ অৱদান স্মৰণীয়?

জ) নিৰ্মল প্ৰভা বৰদলৈৰ দুখন গৱেষণা গ্ৰন্থৰ নাম লিখা।

৬। তলৰ যিকোনো পাচোটা প্ৰশ্নৰ উত্তৰ লিখা : ২×৫=১০

ক) শংকৰদেৱ আৰু মাধৱদেৱে মুঠ কেইটা বৰগীত ৰচনা কৰিছিল?

খ) সত্ত্বঃ, ৰজঃ, তমঃ, গুণ কি?

গ) নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাৱৰ ব্যঞ্জনা প্ৰতিধবনিত হোৱা দুখন কাব্য গ্ৰন্থৰ নাম লিখা।

ঘ) ‘হে মোৰ আলোক-পুজাৰী প্ৰাণ’ বুলি কবিয়ে কাক কি যাচিবলৈ আহবান জনাইছে?

ঙ) কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি প্ৰথমে কোন চনত কোনখন মুখপত্ৰত প্ৰকাশ হৈছিল?

চ) ‘আঘোণৰ পথাৰত কাম আৰু কাম’ কবিয়ে আঘোণৰ পথাৰত কি কি কামৰ বিষয়ে ইংগিত কৰিছে?

ছ) কোন চনত আৰু কত নৱকান্ত বৰুৱাৰ জন্ম হৈছিল?

জ) ‘কৰুনতম্‌’ কবিতাত কবিৰ মনত মাতৃস্মৃতি কিহে কেনেকৈ জাগ্ৰত কৰিছে?

৭। প্ৰসংগ সংগতি দৰ্শাই বাখ্যা কৰা : ২×৫=১০

ক) সিদ্ধ মুনিগনে চিন্তিয়া নাপৱে

সো হৰি যশোৱা কোলে।

ত্ৰিজগত পতি ভকতি মিলিল

মুৰুখ মাধৱে বোলে।

খ) উঠা মিস্ত্ৰী, কহাৰ, কমাৰ

আন্ধাৰৰ শেষ আহিল তোমাৰ

লোৱা অধিকাৰ নিজ বাহুবলে

নিজে কৰা কৰ্মৰ

কাঠ মিস্ত্ৰীৰ ঘৰ।

গ) যন্ত্ৰনা মোৰ জীয়াৰ মন্ত্ৰ

সেই মন্ত্ৰকে গলোঁ

জীয়াই থকাৰ ধেমালীটো মই

এবাৰেই খেলি গলো।

৮। যিকোনো দুটা প্ৰশ্নৰ উত্তৰ কৰিবা:৩×২=৬

ক)‘সব পুৰুষৰ শিৰৰ ভূষণ’ বুলি কোনে, কাক, কিয় কৈছে?

খ) ‘জনতাৰ আহবান’ কবিতাটিত কবিয়ে কিহৰ জয় বিচাৰিছে?

গ) আঘোণৰ পথাৰত কুঁৱলী নথকা হ’লে কবিয়ে কি কি দেখা পালেহেঁতেন প্ৰথম দুটা স্তৱকৰ আলমত লিখা।

ঘ) কবি নৱকান্ত বৰুৱাৰ ম’তে পৃথিৱীলৈ ‘নতুন মানুহ’ আহিলে কি পৰিৱৰ্তন হ’ব?

৯। যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখিবা: ১×২=২

ক) মূল্যবোধৰ ‘ত্ৰিনীতি’ কি?

খ) কৈশোৰ কাল আন কি নামেৰে পৰিচিত?

গ) মাধ্যমিক শিক্ষাক ‘জীৱনৰ আলি-দোমোজা’ বুলি কোনে অভিহিত কৰিছে?

১০। যিকোনো দুটা প্ৰশ্নৰ উত্তৰ কৰিবা:২×২=৪

ক) মূল্যবোধসমূহৰ অৰ্থ, উদ্দেশ্য আৰু ব্যৱহাৰ অনুসৰি চাৰিটা উল্লেখযোগ্য প্ৰকাৰৰ নাম লিখা।

খ) কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা প্ৰাথমিক আৰু মৌলিক বিষয়কেইটা কি কি?

গ) মাধ্যমিক স্তৰৰ শিক্ষাৰ প্ৰধান বিশেষত্ব দুটা কি কি?

১১। যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখিবা:৪×১=৪

ক) ‘নন্দনতাত্ত্বিক’ মূল্যবোধ সম্পৰ্কে চমুকৈ লিখা।

খ) ‘আজিৰ যুগ বিশ্বায়নৰ যুগ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয়যাত্ৰাৰ যুগ।’ ব্যাখ্যা কৰা।

১২। ক) কৃৎ প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় কাক বোলে? দুয়োটাৰে মাজত মূল্য পাৰ্থক্য ক’ত উদাহৰণ সহ বুজাই লিখা।:২+২+৩=৭

খ) শব্দ বিভক্তি আৰু কাৰক বুলিলে কি বুজা? অসমীয়া ভাষাৰ শব্দ বিভক্তি সমূহৰ এখন তালিকা যুগত কৰা।  

১৩। তলৰ যিকোনো পাঁচোটা শব্দত যোগ হোৱা প্ৰত্যয়বোৰ ভাঙি দেখুওৱাঃ ১×৫=৫

বিহুৱা, শোৱন, খুলীয়া, জুইকুৰা, নদীয়াল, মগনিয়াৰ, ৰোৱনী।

১৪। তলত দিয়া জতুৱা ঠাঁচবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য-ৰচনা কৰা (যিকোনো চাৰিটা): ২×৪=৮

ঊনৈশত বা বলা, নোম টেঙৰ, পানীৰ তলৰ কাঁইট, ভূতৰ ওপৰত দানহ, অজীণ পাতকী, চকু চৰহা।

১৫। তলৰ যিকোনো এটি বিষয় লৈ এখন ৰচনা লিখা :১০

ক) আধুনিক সমাজৰ ব্যাধিঃ অনুশাসনহীনতা।

(আৰম্ভণী, অনুশানহীনতাৰ উৎস, যুৱ উচ্ছৃংখলতা, কৰ্মহীনতা আৰু অনুশাসন হীনতা, মূল্যবোধৰ অবক্ষয,সামৰণী)

খ) সুন্দৰ আৰু শৃংখলিত সমাজ গঠনত সৃষ্টিশীল সাহিত্যৰ ভূমিকা।

(আৰম্ভণী, সাহিত্য আৰু সমাজ, সৃষ্টিশীল সাহিত্য আৰু সমাজত ইয়াৰ ইতিবাচক দিশ, সামৰণী)

গ) জনসংখ্যা বৃদ্ধি আৰু ভাৰতৰ অৰ্থনৈতিক সংকট।

(আৰম্ভণী, জনসংখ্যা বৃদ্ধিৰ কাৰক, অনুপ্ৰৱেশ, জনবিস্ফোৰণ, অৰ্থনৈতিক সংকট, সংকট মোচনৰ উপায়, সামৰণি)

ঘ) ছচিয়লে মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ।

(আৰম্ভণী, ছচিয়েল মিডিয়া কি? ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ, জনপ্ৰিয়তাৰ  কাৰণ সমূহ, নেতিবাচক দিশ, সামৰণি)

H S 2nd Yr Final Exam Que Paper Assamese 2019

০ ০ ০

H S 2nd Yr Final Exam Que Paper Assamese 201

N. B. We are grateful to Assam Higher Secondary Education Council, Govt of Assam.

Related Searches:

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

 

 

Leave a Reply

Your email address will not be published.