H S 2nd Yr Final Exam Que Paper Assamese 2020

H S 2nd Yr Final Exam Que Paper Assamese 2020

Full Marks: 100

Time: 3 Hours

১। তলৰ যিকোনো সাতোটা প্ৰশ্নৰ উত্তৰ কৰিবা:১×৭=৭

ক) ‘Comedy of Errors’ ৰ অসমীয়া ভাঙনি ‘ভ্ৰমৰংগ’ কোন চনত প্ৰকাশ পাইছিল?

খ) কথা-কবিতা কোন শতিকাৰ উল্লেখযোগ্য সৃষ্টি?

গ) ‘এনক আৰ্ডেন’ৰ অনুবাদ গৰাকীৰ নাম লিখা।

ঘ) আনন্দৰাম বৰুৱাই ল’ৰাকালত কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম কি?

ঙ) কোন দেশৰ প্ৰাচীন নৃপতিসকলক ‘গজধবজ’ খিতাপেৰে বিভূষিত কৰা হৈছিল?

চ) সংযতভাৱে জীৱন যাপন কৰি প্ৰাপ্তিতো নিৰাসক্ত হৈ থকাজনক কি বুলি কোৱা হয়?

ছ) শীলভদ্ৰৰ প্ৰথম গল্প সংকলনটিৰ নাম কি?

জ)  ভূপেন হাজৰিকাই ‘প্ৰতিধবনি’ ছবিখন কোন জনগোষ্ঠীৰ লোক-কথাৰ ভেটিত নিৰ্মাণ কৰিছিল?

ঝ) ‘উপকল্প’ শব্দটিৰ অৰ্থ লিখা।

২। তলৰ যিকোনো সাতোটা প্ৰশ্নৰ উত্তৰ কৰিবা :২×৭=১৪

ক) ‘যথা নিযুক্তোহস্মি তথা কৰোমি।’ — পদটিৰ অৰ্থ লিখা।

খ) কথা-কবিতাৰ দুটা বৈশিষ্ট্য লিখা। 

গ)  ‘তোমাৰে আনন্দ বৰুৱাই …’ বুলি কোনটো কবিতাত কোনে আনন্দৰাম বৰুৱাৰ প্ৰশস্তি গাইছে?

ঘ) ‘বিদ্যা লাভৰ চৰম প্ৰাপ্য বা অৰ্জনীয় বিষয়ো এই দুটাই।’ — লেখকে কোন দুটা চৰম প্ৰাপ্যলৈ আঙুলিয়াইছে?

ঙ) বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা আৰু মধুৰতা কমি যোৱাৰ মূল কাৰণ কি?

চ) কার্বি ভাষাৰ প্ৰথম ছবিখনৰ নাম কি? পৰিচালকগৰাকীৰ নাম লিখা। 

ছ) বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদান কি কি?

জ) পদাৰ্থ কণা-ত্বৰক কাক বোলে?

ঝ) ‘মুকুতা’ আৰু ‘জাংফাই জোনাক’ ছবি দুখনৰ পৰিচালক দুগৰাকীৰ নাম লিখা। 

৩। প্ৰসংগ সংগতি দৰ্শাই বাখ্যা কৰা: (যিকোনো এছোৱা) : ৪

ক) “কালৰ পীড়নত আজিৰ অসম জীৰ্ণ-শীৰ্ণ-দীৰ্ণ”

খ) “… অসমীয়া চিনেমাই এতিয়াও আন্তৰ্জাতিক প্ৰেক্ষাপটত সবল খোজ দিব পৰা নাই।”

গ) “আমাৰ বিশ্ব ব্রহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱেই হ’ল বিজ্ঞান।” 

৪। যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা : ৫×২=১০

ক) ‘মগনিয়াৰ’ পাঠটিৰ মূল কথাখিনি তোমাৰ ভাষাত লিখা।

খ) জীৱন আৰু কৰ্মৰ দ্বাৰা আনন্দৰাম বৰুৱাই কেনেকৈ প্ৰাচ্য আৰু পাশ্চাত্যৰ ঐক্য সাধন কৰিছিল চমুকৈ লিখা। 

গ) উপনিষদৰ কৰ্ম যোগৰ নিৰ্দেশত কি তত্ত্ব নিহিত হৈ আছে পাঠৰ আধাৰত চমুকৈ লিখা।

ঘ) ‘চিঠি’ গল্পটিৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা।

ঙ) অসমীয়া চলচিত্ৰ জগতলৈ জ্যোতি প্ৰসাদ আগৰৱালাৰ অৱদান সম্পৰ্কে লিখা।

চ) প্ৰকৃত বিজ্ঞানীৰ কাম কেনে হোৱা উচিত পাঠৰ আধাৰত আলোচনা কৰা।

৫। তলৰ যিকোনো পাঁচোটা প্ৰশ্নৰ উত্তৰ লিখা : ১×৫=৭

ক) মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড ভাঙনি কৰিছিল?

খ) তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কোনগৰাকী কবি ‘জোনাকী’ কাকতৰ স’তে জড়িত নাছিল?

গ) ‘বিশ্বদীপা’ শীৰ্ষক জীৱনীমূলক গ্ৰন্থখনৰ ৰচক কোন?

গ) জ্যোতিপ্ৰসাদ আগৰৱালাই ‘ইন্দ্ৰমালতী’ কথাছবিখন কোন চনত নিৰ্মাণ কৰিছিল?

ঙ) ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটি প্ৰথম ক’ত প্ৰকাশ পাইছিল?

চ) ‘পছোৱা’ আলোচনীখনৰ সম্পাদকগৰাকীৰ নাম লিখা।

ছ) নৱকান্ত বৰুৱাৰ ‘ৰত্নাকৰ’ এখন উপন্যাস — কথাষাৰ শুদ্ধনে?

জ) নিৰ্মল প্ৰভা বৰদলৈৰ দুখন গৱেষণা গ্ৰন্থৰ নাম লিখা।

৬। তলৰ যিকোনো পাচোটা প্ৰশ্নৰ উত্তৰ লিখা :২×৫=১০

ক) মাধৱদেৱৰ বৰগীতক ভাৰতীয় আন কোন দুগৰাকী কবিৰ গীতৰ লগত তুলনা কৰিব পাৰি?

খ) নলিনীবালা দেৱীৰ কোন দুখন কাব্যগ্ৰন্থৰ ভালেমান কবিতাত স্বদেশপ্ৰেমৰ সুৰ প্ৰৱাহিত হৈছে?

গ) ‘ষোড়শোপচাৰ’ কি বুজাই লিখা।

ঘ) কাঠ খুলিবলৈ আৰু মিহিকৈ চুঁচিবলৈ কাঠমিস্ত্ৰীয়ে কি কি বিশেষ সঁজুলি ব্যৱহাৰ কৰে?

ঙ) ‘আঘোণৰ কুৱলী’ কবিতাটিত কবিয়ে  সেউতীক উদ্দেশ্যি বৌদেউক বন্ধনীত সোধা কাব্যপংক্তিটো কি আছিল?

চ) নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা। 

ছ) অৰ্থ লিখা :

ভূষণ, যদিস্যাতো।

৭। প্ৰসংগ সংগতি দৰ্শাই বাখ্যা কৰা। (যিকোনো এছোৱা) :২×৫=১০

ক) উঠৰে উঠ বাপু গোপাল হে নিশি পৰভাত ভৈল।

কমল নয়ন, বুলি ঘনে ঘন, যশোৱা ডাকিতে লৈল।

খ) আজি জনতাৰ পঙ্কজ ৰূপ

জাগে পদুমৰ দৰে,

বোকাত জনমা মানুহে আজি 

আলোকলে’ উঠি আহে

বেলিমূৱা হৈ হাঁহে।

গ) মই নাহোঁ মই নাহোঁ

পৃথিৱী, তোমকা ভাল পাই গ’লোঁ

তথাপিও মই নাহোঁ।

৮। যিকোনো দুটা প্ৰশ্নৰ উত্তৰ কৰিবা :৩×২=৬

ক) ‘সত্ত্ব, ৰজঃ আৰু তমঃ গুণে মানৱ জীৱনলৈ কি কঢ়িয়াই  আনে?

খ) ‘লোৱা অধিকাৰ নিজ বাহুবলে’ —কবিয়ে সমাজৰ কোন কোন শ্ৰেণীৰ লোকক নিজে কৰা কৰ্মৰ অধিকাৰ ল’বৰলৈ আহ্বান জনাইছে?

গ) ‘বিশ্বখনিকৰ’ কবিতাত কবিয়ে ‘কুঁহি-গজালি’ বুলি কোন তিনিজোপা গছৰ নাম বন্ধনীত উল্লেখ কৰিছে?

ঘ) নিৰ্মলপ্ৰভা বৰদলৈৰ তিনিখন কবিতা পুথিৰ নাম লিখা।

৯। যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখিবা:১×২=২

ক) নন্দনতাত্ত্বিক মূল্যবোধৰ চাবি-কাঠী কি?

খ) কৈশোৰ কালে কোন দুখন জগত সংযোগ কৰে?

গ) ‘জীৱনৰ শান্তিপৰ্ব’ শীৰ্ষক প্ৰৱন্ধটোৰ ৰচক কোন?

ঘ) ‘প্ৰতীতি’ শব্দৰ অৰ্থ লিখা। 

১০। যিকোনো দুটা প্ৰশ্নৰ উত্তৰ কৰিবা:২×২=৪

ক) ভাৰতৰ সংবিধানে ভাৰতবৰ্ষক কেনে ধৰণৰ ৰাষ্ট্ৰ হিচাপে প্রতিষ্ঠা কৰিছে?

খ) সহজ অৰ্থত মূল্যবোধ মানে কি?

গ) মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা প্ৰাথমিক আৰু মৌলিক বিষয় কি কি?

ঘ) মানসিক শক্তি মানে কি?

১১। যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখিবা:৪×১=৪

ক) ‘ভাৰতীয় দৰ্শনত ‘মূল্যবোধ’ সম্পৰ্কে চমুকৈ লিখা।

খ) ‘কিশোৰ-কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল পৰিচিতিৰ সংঘাত।’ — ব্যাখ্যা কৰা।

১২। চমুকৈ লিখা:৩×২=৬

ক) বিভক্তিৰ সংজ্ঞা আৰু প্ৰকাৰ

খ) অসমীয়া শব্দ বিভক্তি

গ) প্ৰত্যয়ৰ সংজ্ঞা আৰু ইয়াৰ শ্ৰেণীবিভাগ

ঘ) তদ্ধিত প্ৰত্যয়ঃ ইয়াৰ সংজ্ঞা আৰু উদাহৰণ

১৩। তলৰ যিকোনো ছয়টা শব্দত যোগ হোৱা প্ৰত্যয়বোৰ ভাঙি দেখুওৱাঃ ১×৬=৬

ৰণুৱা, জিৰণীয়া, মগনিয়াৰ, উজনি, পতিয়ন, বেগাই, সাধুতা, গাঁৱলীয়া, খেতি।

১৪। তলত দিয়া জতুৱা ঠাঁচবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য-ৰচনা কৰা (যিকোনো চাৰিটা) ২×৪=৮

ঢৌতে খৰ মৰা, কাণ বাগৰা, গোৰ মাৰি গংগাত পেলোৱা, শালৰ মাজত শিঙি, চকুৰ মণি, পেটে-ভাতে খা, নাদৰ ভেকুলী, সোণৰ সোলেং।

১৫। তলৰ যিকোনো এটি বিষয় লৈ এখন ৰচনা লিখা:১০

ক) অসমৰ প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ সংৰক্ষণ

(আৰম্ভণি—প্ৰাকৃতিক সম্পদ মানে কি — অসমৰ প্ৰাকৃতিক সম্পদৰ শ্ৰেণীবিভাগ— প্ৰাকৃতিক সম্পদৰ ৰক্ষনাবেক্ষণৰ ক্ষেত্ৰত ল’বলগীয়া পদক্ষেপ– সামৰণি)

খ) একবিংশ শতিকাত প্ৰকাশিত তুমি ভালেপাৱা এখন গ্ৰন্থ

(আৰম্ভণি— গ্ৰন্থ আৰু গ্ৰন্থকাৰৰ পৰিচয়– পঢ়ি  ভালপোৱাৰ কাৰণ— বিষয়বস্তুৰ আলোচনা — সামৰণি)

গ) পৰ্যটন আৰু অসম

(আৰম্ভণি — পৰ্যটন কি — পৰ্যটনৰ শ্ৰেণীবিভাগ — অসমত পৰ্যটনৰ ক্ষেত্ৰত দেখা পোৱা সমস্যা — পৰ্যটকৰ বাবে কৰণীয় দিশ — উদ্যোগ হিচাপে পৰ্যটন —- সামৰণি)

ঘ) গোলকীয় উষ্ণতা বৃদ্ধি: কাৰণ আৰু প্ৰতিকাৰ

(আৰম্ভণি —গোলকীয় উষ্ণতা কি? — উষ্ণতা বৃদ্ধিৰ কাৰণ —- ভয়াবহতা— প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাত ব্যক্তি আৰু সমাজৰ দায়িত্ব —সামৰণি)

ঙ) জৈৱ বৈচিত্ৰ আৰু সাম্প্ৰতিক সময়

(আৰম্ভণি — জৈৱ বৈচিত্ৰ আৰু মানৱ সমাজ — জৈৱ বৈচিত্ৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা — জৈৱ বৈচিত্ৰ সংৰক্ষণৰ উপায় — জৈৱ বৈচিত্ৰ ৰক্ষাত আমাৰ কৰণীয় —সামৰণি)

H S 2nd Yr Final Exam Que Paper Assamese 2020

0 0 0

H S 2nd Yr Final Exam Que Paper Assamese 20২০

N. B. We are grateful to Assam Higher Secondary Education Council, Govt of Assam.

Related Searches:

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান  গ্রন্থ:

 

 

Leave a Reply

Your email address will not be published.