ইছমাইল হোছেইনৰ কবিতাত সমাজবাদ চিন্তা

ইছমাইল হোছেইনৰ কবিতাত সমাজবাদ চিন্তা সমাজৰ পৰা অৰ্থনৈতিক বৈষম্য আঁতৰ কৰি সকলো শ্ৰেণীৰ লোকৰ মাজত সম্পদৰ সম বিতৰণ, সমভোগ আৰু সম উৎপাদন কৰাই হৈছে সমাজবাদৰ মূলমন্ত্ৰ। কাৰ্লমাক্স নামৰ জাৰ্মানীৰ এজন দাৰ্শনিকে সমাজবাদৰ তত্ত্ব উদ্ভাৱন কৰে। তেওঁৰ সমসাময়িক বিশ্বৰ প্ৰায় সকলো দেশতে জনসাধাৰণৰ মাজত অৰ্থনৈতিক বৈষম্য আৰু পুঁজিপতি শ্ৰেণীৰ দ্বাৰা বণুৱা শ্ৰেণী শোষিত হোৱালৈ লক্ষ্য কৰি এই শোষণ আৰু বৈষম্য আঁতৰ কৰাৰ উপায় হিচাপে ‘সমাজবাদ ’ মতবাদ আগবঢ়ায়। এই সমাজবাদ তত্ত্বই […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘কবিৰ মৃত্যুত শোকসভা বহিছে’: এক  বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘কবিৰ মৃত্যুত শোকসভা বহিছে’: এক  বিশ্লেষণ —ৰাব্বি মছৰুৰ ‘কবিৰ মৃত্যুত শোকসভা বহিছে’ কবিতাটি ঘাতকৰ হাতত মৃত্যু হোৱা মোহন কৃষ্ণ  মিশ্ৰ নামৰ কবি এজনৰ মৃত্যুত সহ-কবিসকলে যি মনোবৈজ্ঞানিক মতামত আগবঢ়াইছিলসেয়া কবি ইছমাইলে অংকন কৰিছে। কবি মোহন কৃষ্ণ মিশ্ৰৰ মৃত্যুত তেওঁৰ প্ৰিয় সতীৰ্থসকলে শোকসভা আহ্বান কৰিছে আৰু বিভিন্ন জনে বিভিন্ন মতামতেৰে কবিজনৰ প্ৰতি কৃতজ্ঞতা জনাই কৈছে যে মানুহজন ‘সাহসী’ আছিল, কিছুমানৰ মতে কবিজন ‘বিপ্লৱী’ আছিল, কিছুমানৰ মতে ‘দৰদী’ কবি […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘গাঁৱৰ বাট’: এক বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘গাঁৱৰ বাট’: এক বিশ্লেষণ —ৰাব্বি মছৰুৰ ‘গাঁৱৰ বাট’ শিৰোনামৰ কবিতাটিত কবি ইছমাইল হোছেইনে  গাঁৱৰ ছবি অকৃত্ৰিমভাৱে দাঙি ধৰিছে। কবি ইছমাইল গাঁৱৰ মানুহ। কিন্তু বৰ্তমান তেওঁৰ ঠিকনা হৈছে চহৰ। হয়তো চাকৰি আৰু শিক্ষা-সংক্ৰান্ত কাৰণতে চহৰলৈ যাব লগা হৈছে। কিন্তু সেইবুলি গাঁৱৰ প্ৰতি তেওঁৰ দৰদ নথকা নহয়।  মাজে মাজে গাঁৱলৈ আহি থাকিব লগা হয়। কবিৰ গাঁৱৰ অৱস্থা খুব দুখ লগা। তাৰ যোগাযোগ ব্যৱস্থা বৰ অনুন্নত। বাৰিষা কালত পানী গচকি […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘অৰাজনৈতিক বুদ্ধিজীৱি সমীেপষু’: এক বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘অৰাজনৈতিক বুদ্ধিজীৱি সমীেপষু’: এক  বিশ্লেষণ —ৰাব্বি মছৰুৰ কবিসকল সমাজৰ নিৰেপক্ষ ব্যক্তি। সিহঁতৰ পৰিচয় আন্তৰ্জাতিক।  সত্য, সুন্দৰ আৰু ন্যায়েই সিহঁতৰ আদৰ্শ আৰু সকলো অন্যায়, অবিচাৰ, সিহঁতৰ চকুত ঘৃণাৰ বস্তু।  কিন্তু কেতিয়াবা কোনো কোনো কবিয়ে সিহঁতৰ আদৰ্শ পাহৰি গৈ পক্ষপাতিত্বৰ সংকীৰ্ণ গণ্ডিৰ মাজত সোমাই পৰে। ‘অৰাজনৈতিক বুদ্ধিজীৱি সমীপেষু’ শিৰোনামেৰে লিখা কবিতাটি সংকীৰ্ণ মানসিকতাৰে উদ্বুদ্ধ হোৱা এজন কবিৰ প্ৰতি কবি ইছমাইলৰ সবল কণ্ঠস্বৰ। কবিতাটি ‘ছফদৰ হাছমী’ নামৰ এজন নাট্যকাৰ  হত্যাৰ […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘নিজৰ স’তে দ্বন্দ্বঃ এক বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘নিজৰ স’তে দ্বন্দ্বঃ এক বিশ্লেষণ —ৰাব্বি মছৰুৰ ‘নিজৰ স’তে দ্বন্দ্ব’ কবিতাটি নাটকীয় স্বগতোক্তি (dramatic monologue) মূলক কবিতা। ইয়াত কবি ইছমাইলে নিজৰ আত্মা আৰু শাৰীৰিক অস্তিত্বৰ মাজত চলা মানসিক দ্বন্দ্ব প্ৰকাশ কৰিছে। কবিতাটিত কবিৰ শাৰীৰিক অস্তিত্বই ‘আত্মা’ নামৰ গুণবাচক ধাৰণাটিক সম্বোধি পৰস্পৰৰ দ্বন্দ্বক কাব্যিক ৰূপ দিছে। কবিৰ আত্মাই শৰীৰক উদ্দেশ্যি কৈছে যে তেওঁ অস্তিত্বপূৰ্ণ শাৰীৰিক ইছমাইলক বহুত বছৰ ধৰি আলিঙ্গনত ৰাখিছে আৰু হয়তো আৰু কিছুকাল এইদৰে থাকিব। কিয়নো কবিৰ আত্মাৰ […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘মহানগৰ’: এক  বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘মহানগৰ’: এক  বিশ্লেষণ —ৰাব্বি মছৰুৰ ‘মহানগৰ’ কবিতাটি কবি ইছমাইলৰ এটি বিশেষ তাৎপৰ্যপূৰ্ণ কবিতা। ইয়াৰ মাজেৰে কবিয়ে বৰ্তমান সময়ৰ অৱস্থা বিশেষকৈ ৰাজনৈতিক অৱস্থাৰ প্ৰতিটি দিশ স্পষ্টকৈ প্ৰকাশ কৰিছে। কবিৰ মহানগৰত কেতিয়াবাই ভাঙোন ধৰিছে। তাত বিশুদ্ধ পানী, বায়ু, খাদ্য আৰু সুপৰিৱেশৰ অভাৱ। তাৰোপৰি মহানগৰখনত কোনো বিশুদ্ধ প্ৰশাসন, নিৰাপত্তা, শান্তি, বিশ্বাস, আন্তৰিকতা আদি একোৱেই নাই। ইয়াত কোন মূহুৰ্তত কোনে নিজৰ প্ৰাণটো অকালতে হেৰুৱায় তাৰ কোনো সঠিক ঠিকনা নাই। সেয়ে কবিয়ে […]

Read More

 ইছমাইল হোছেইনৰ কবিতা ‘বহুৰঙী’: এক বিশ্লেষণ

 ইছমাইল হোছেইনৰ কবিতা ‘বহুৰঙী’: এক বিশ্লেষণ —ৰাব্বি মছৰুৰ ‘বহুৰঙী’ কবিতাটি ব্যঙ্গাত্মক কবিতা। ইয়াত দেশৰ বুদ্ধিজীবিসকলৰ কাৰ্যকলাপক ব্যঙ্গ কৰি সমাজ-সভ্যতাৰ অৱক্ষয়ী ৰূপ নগ্ন কৰি দেখুৱাইছে। কবিয়ে দেখা পাইছে সভ্যতাৰ মূল আদৰ্শ সঠিক পথৰ পৰা খহি পৰিছে, তাৰ লগে লগে বুদ্ধিজীৱি সকলৰো মানসিক পৰিবৰ্তন আহিছে নাইবা বুদ্ধিজীৱি সকলে ভাঙোনমুখী সভ্যতাৰ পিনে চাই মানসিক আঘাত পাইছে আৰু মানসিক বিকাৰগ্ৰস্ত হৈ অসামাজিক কামত লিপ্ত হৈছে। কবিৰ ভাষাত: “মেৰুদণ্ডহীন সভ্যতাৰ ছিন্নমূল অৱয়বত মূৰ দোঁৱাই পৰি […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘আস্থানিক’:  এক  বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘আস্থানিক’:  এক  বিশ্লেষণ —ৰাব্বি মছৰুৰ ‘আস্থানিক’ কবিতাটি প্ৰেমৰ কৰুণ কবিতা। কবিয়ে প্ৰেম কৰিব বিচাৰিছে কিন্তু প্ৰেম কৰিবলৈ প্ৰেমৰ পৰিৱেশ আৰু সময় পোৱা নাই। অৰ্থাৎ কবিৰ পৃথিৱী ইমানেই অপৰিৱেশিক যে তাত প্ৰেমৰ কথা ভাবিবই পৰা নাই। এই কবিতাটি পঢ়াৰ সময়ত এনড্ৰিও মার্ভেল  নামৰ এজন ইংৰাজ কবিৰ এষাৰ উক্তি মনলৈ আহে। কবি মােৰ্ভলে প্ৰেম কৰিব বিচাৰিছে, কিন্তু প্ৰেম কৰিবলৈ কোনো নিৰ্জন ঠাই পোৱা নাই য’ত কবিয়ে প্ৰেয়সীক বুকুৰ মাজত […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘দৰিদ্ৰতা’: এক বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘দৰিদ্ৰতা’: এক বিশ্লেষণ —ৰাব্বি মছৰুৰ কবিসকল সমাজৰ প্ৰতিনিধি; সমাজক প্ৰতিনিধিত্ব কৰাই সিহঁতৰ  ধৰ্ম আৰু আদৰ্শ। দেশৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আদি দিশবোৰ উদংকৈ দেখুৱাই জনসাধাৰণৰ মাজত সচেতনতা সিঁচৰতি কৰাই কবিসকলৰ বৈশিষ্ট্য। কবি ইছমাইল সেইদৰে এজন সমাজ সচেতন কবি। ‘দৰিদ্ৰতা‘ কবিতাটি কবি ইছমাইলৰ তেনে এক সামাজিক কবিতা – যাৰ মাজেৰে কবিয়ে সমাজৰ অৰ্থনৈতিক কাৰুণ্যময় দিশটি জলজল-পটপটকৈ দাঙি ধৰিছে।  কবি হৃদয় অনুভূতিপ্ৰৱণ। যেতিয়া সমগ্ৰ পৃথিৱীখন গভীৰ ৰাতি লালকাল দি পৰি থাকে […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘সখী’: এক বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘সখী’: এক বিশ্লেষণ —ৰাব্বি মছৰুৰ সখী’ কবিতাটি এটি শোকাত্মক কবিতা।  এই কবিতাটি ‘অনুসূয়া’ নামৰ এজনী বিবাহিতা স্ত্ৰীৰ স্মৃতিত লিখা হৈছে যিজনীয়ে বিয়াৰ ছয় বছৰ পিছত গাত জুই লগাই ৰহস্যজনক ভাৱে মৃত্যু মুখত পৰে। কবি আশাবাদী যে তেওঁ অনুসূয়াৰ লগত একেটা পিৰালিত বহি ওঁঠত জালিকটা হাঁহি লৈ ‘মিছিল নগৰী’ৰ গান গাব  আৰু আশা কৰিছিল যে তাই কবিৰ কাণে কাণে ‘নৈ’ (জীৱনৰ প্ৰতীক)ৰ গান গাই গাই কবিক আনন্দ দিব। […]

Read More