ইছমাইল হোছেইনৰ কবিতা ‘চিকাগোত নিহত শ্ৰমিকৰ প্ৰতি’: এক বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘চিকাগোত নিহত শ্ৰমিকৰ প্ৰতি’: এক বিশ্লেষণ —ৰাব্বি মছৰুৰ কবি ইছমাইল হোছেইন সমাজবাদী কবি। সমাজৰ উচ্চ-নীচ ভেদ-ভাৱ আঁতৰাই অৰ্থনৈতিক সমতা স্থাপন কৰাই সমাজবাদৰ শ্লোগান। সেয়ে সমাজৰ অত্যাচাৰিত, নিপীড়িতসকলৰ প্ৰতি কবিৰ আন্তৰিক দৰদ। য’তেই শ্ৰমিক-বনুৱাৰ বিপ্লৱ আছে তাতেই কবিসকলৰ সমৰ্থন আছে। সেয়েহে সুদূৰ চিকাগো চহৰত শ্ৰমিক শ্ৰেণীৰ ন্যাৰ্য্য অধিকাৰ প্রতিষ্ঠাৰ আন্দোলনত নিহত শ্ৰমিকসকলৰ প্ৰতি কবিৰ প্ৰাণ অশ্ৰুসিক্ত হৈছে। আৰু তাৰ প্ৰতিফলন হিচাপে ‘চিকাগোত নিহত শ্ৰমিকৰ প্ৰতি’ কবিতাটিৰ জন্ম দিছে। কবিতাটিত […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘সংগোপনে’: এক বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘সংগোপনে’: এক বিশ্লেষণ —ৰাব্বি মছৰুৰ আধুনিক যুগ হৈছে বিজ্ঞানৰ যুগ, সভ্যতাৰ চৰম উন্নতিৰ যুগ, লগতে এই যুগক মানৱতাবাদৰ যুগ বুলিও কোৱা হয়। কিন্তু এই যুগ ইমানবোৰ আলংকাৰিক বিশেষণ থকা সত্বেও অন্যায়, অবিচাৰ, অনীতি, অধৰ্ম চলি আছে এক গতানুগতিক ছন্দত। আন কথাত বৰ্তমান যুগ হৈছে, “বাহিৰে ৰং চং ভিতৰে কুৱাভাতুৰী”- ৰ যুগ। কবি ইছমাইল অন্তৰ্দৃষ্টি সম্পন্ন কবি। সমাজৰ  সাধাৰণ লোকচক্ষুৰ অন্তৰালত কি ঘটি আছে তাৰো ছবি তেওঁৰ দৃষ্টিপটত […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘মই এখন দেশ বিচাৰিছো আৰু এখনি নদী’: এক  বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘মই এখন দেশ বিচাৰিছো আৰু এখনি নদী’: এক  বিশ্লেষণ —ৰাব্বি মছৰুৰ মানুহ আশা লৈ জীয়াই থাকে – এই আশা শান্তি-সমৃদ্ধিৰে জীয়াই থকাৰ আশা। কিন্তু অপ্ৰত্যাশিতভাৱেই নিশাৰ ঘোৰ অন্ধকাৰে আশাৰ বাৰেবৰণীয়া ৰামধেনুক ঘেৰি ধৰে। ফলত মানৱ জীৱন হৈ পৰে আশা-নিৰাশাৰ প্ৰৱল ঢৌ। কবি ইছমাইলৰ ‘মই এখন দেশ বিচাৰিছো আৰু এখনি নদী’ তেনে আশা-নিৰাশাৰ দোমোজাৰ কবিতা। কবিয়ে ইয়াত সুখ-স্বাচ্ছন্দেৰে ভ’ৰপুৰ এখন আদৰ্শ সমাজৰ সপোন  দেখিছে আৰু সেই দেশখন বিচাৰি […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘মোক আকোৱালি লোৱা’: এক বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘মোক আকোৱালি লোৱা’: এক বিশ্লেষণ —ৰাব্বি মছৰুৰ মানৱ জাতিয়ে বিংশ শতাব্দীত বিজ্ঞানৰ চৰম সীমাত উপনীত হৈয়ো বৰ্বৰতা বা আদিম যু্দ্ধ প্রবৃত্তি  এৰিব পৰা নাই। সেয়ে বিংশ শতাব্দীৰ প্ৰথম পাঁচোটা দহকতে দুটা বিধবংশী বিশ্বযুদ্ধ সংগঠিত হৈ গ’ল। মৰিল লক্ষ লক্ষ মানুহ। এই দুখন বিশ্ব যুদ্ধৰ ধোৱা ছাঁই মাৰ নেযাওঁতেই আকৌ আৰম্ভ হ’ল ইৰাক-আমেৰিকাৰ যুদ্ধ। অকালতে প্ৰাণ দিলে বহুতে। সম্পদ নষ্ট হ’ল অনেক। “মোক আকোৱালি লোৱা” শিৰোনামাৰ কবিতাটি এই […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘আত্মপাঠ’: এক  বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘আত্মপাঠ’: এক  বিশ্লেষণ —ৰাব্বি মছৰুৰ পৃথিৱীত যিমানে সমাজবাদৰ ঢৌ উঠিছে মানুহ সিমানে ব্যক্তিকেন্দ্ৰিক হৈ আছে। আগৰ কালৰ কবি-সাহিত্যিকসকলে নিজকে লুকাই ৰাখি ৰজা মহাৰজাসকলৰ গুণ-গান কৰিছিল আৰু মানৱ সমাজত আধ্যাত্মিক চিন্তাৰ খোৰাক যোগাইছিল। কিন্তু ক্ৰমে ক্ৰমে মানুহসকল ইমানেই ব্যক্তিকেন্দ্ৰিক আৰু আত্মমুখী হৈ পৰিল যে এতিয়া কবি, সাহিত্যিক আৰু শিল্পীসকলে আত্ম অনুভূতি, আত্ম চিন্তা-চর্চা লৈয়ে ব্যস্ত। সেয়ে ভূপেন হাজৰিকাই এটি গীতত কৈছে: “আগৰ কবিসকলে ৰচিছিল  ৰজা মহাৰজাৰ কথা আজিৰ […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘আনৱিক’:এক বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘আনৱিক’:এক বিশ্লেষণ —ৰাব্বি মছৰুৰ মানুহৰ হৃদয় আশাৰে ভৰপুৰ। এই আশা জীয়াই থকাৰ আশা, সুখ আৰু শান্তিৰে জীয়াই থকাৰ আশা। কিন্তু আশাৰ লগতে নিৰাশাও আছে। ‘আনৱিক’ শিৰোনামাৰে লিখা কবিতাটি এনেকুৱা আশা আৰু নিৰাশা, পোহৰ আৰু এন্ধাৰ, সুখৰ সপোন আৰু দুখৰ দাউ দাউ চিতা – আদি  পৰস্পৰ বিৰোধী ভাৱধাৰাৰ কবিতা। কবিতাটিত কবিয়ে এফালে আগত দিনৰ ৰঙীন  সুখৰ   সপোন  দেখিছে; আনফালে সেই সপোনবোৰ বাস্তৱৰ কঠিন শিলাত থেকেচা খাই উফৰি […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘বন্ধুবোৰ’: এক  বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘বন্ধুবোৰ’: এক  বিশ্লেষণ —ৰাব্বি মছৰুৰ ‘বন্ধুবোৰ’ কবিতাটি দুটা পৰস্পৰ বিপৰীত আদৰ্শবাদৰ কবিতা। কবিতাটি ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ অসমত চলা সাম্প্ৰদায়িক আন্দোলনক লৈ লিখা।  সেই আন্দোলনত সাম্প্ৰদায়িকতাবাদৰ বশৱৰ্তী হৈ কিছুমান আন্দোলনকাৰীয়ে নিৰীহ জনগণক হত্যা কৰিছিল; কিন্তু সময় যোৱাৰ লগে লগে সিহঁতবোৰ কেনেকৈ আত্মজাহ গ’ল বা মৃত্যু মূখত পৰিল তাকেই কবিয়ে  কবিতাটিত স্পষ্টভাৱে প্ৰকাশ কৰিছে। কবিৰ বাবে সকলোৱেই কবিৰ বন্ধু। সকলোৱেই তেওঁৰ আপোন। সেয়ে কবিক হত্যা কৰিব বিচৰা সকলকো […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘মণিকুন্তলা’: এক বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘মণিকুন্তলা’: এক বিশ্লেষণ —ৰাব্বি মছৰুৰ ‘মণিকুন্তলা’ কবিতাটি এটি শোকাত্মক কবিতা। কবিয়ে কৈছে, ই ‘বিয়াৰ  প্ৰথম নিশাতেই স্বামীৰ দ্বাৰা নিগৃহীতা এগৰাকী ৰমণীৰ আত্ম পাঠ।’ অৰ্থাৎ নিগৃহীতা ৰমণীজনীয়ে স্বামীৰ দ্বাৰা নিগৃহীতা হৈ যি ভাবিছে তাকেই কবিয়ে মণিকুন্তলাৰ ভাষাত, প্ৰথম পুৰুষত, ব্যক্ত কৰিছে। স্বামীৰ দ্বাৰা লাঞ্ছিতা হৈ মণিকুন্তলাৰ এক বিশেষ অভিজ্ঞতা হ’ল- জীৱন সম্পৰ্কে, প্ৰেম সম্পৰ্কে আৰু পুৰুষ জাতিৰ প্ৰকৃতি সম্পৰ্কে। অৱশ্যে এই অভিজ্ঞতা মিঠা নহয়, তিতাহে। সেয়ে মণিকুন্তলাই হাচনাহানা ৰাতিৰ […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘সাম্প্ৰদায়িকতাঃ এক বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘সাম্প্ৰদায়িকতাঃ এক বিশ্লেষণ —ৰাব্বি মছৰুৰ কবি ইছমাইল হোছেইন এজন বহল দৃষ্টি সম্পন্ন কবি।  তেওঁৰ কবিতাত অসমীয়া সমাজৰ প্ৰায় সকলোবোৰ অৱক্ষয়ী দিশ পৰিস্ফূট হৈ ধ’ৰা দিছে।  তেওঁৰ কবিতাত যিদৰে পোহৰৰ জয়গান আছে সেইদৰে আছে এন্ধাৰৰ কৰ্ফাল কোলাহল। কবিতাটিত ‘সাম্প্ৰদায়িকতা’ নামৰ গুণবাচক abstract idea) ধাৰণাক সমাসোক্তি (personification) অলংকাৰৰ দ্বাৰা ব্যক্তিত্ব গুণ আৰোপ কৰি সাম্প্ৰদায়িকতাৰ কাৰ্যক্ৰমণিকা পূৱাৰ সূৰুযটিৰ দৰেই স্পষ্ট আৰু সজীৱকৈ বৰ্ণনা কৰিছে। কবিয়ে প্ৰথমতে সাম্প্ৰদায়িকতাক পদাঘাত কৰিবলৈ কৈছে –  […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘৬ ডিচেম্বৰ’: এক বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘৬ ডিচেম্বৰ’: এক বিশ্লেষণ —ৰাব্বি মছৰুৰ ১৯৯২ চনৰ ৬ ডিচেম্বৰত মৌলবাদী হিন্দু পৰিষদৰ উচটনিত ভাৰতৰ ঐতিহাসিক বাবৰি মছজিদ ধবংশ কৰা হয় আৰু সেই পটভূমিতেই কবিয়ে শোক কৰি কবিতাটি ৰচনা কৰিছে।  কবিতাটিত কবিয়ে ৬ ডিচেম্বৰত ভাৰতবাসীৰ মৃত্যু ঘোষণাৰ দিন বুলি শোক কৰিছে। কিয়নো বাবৰি মছজিদ ধবংশৰ ঘটনাই  ভাৰতৰ সাম্প্ৰদায়িকতাৰ জুইত ঘিউ ঢালিলে।আনকি সমগ্ৰ ইছলাম জগতক হিন্দু সকলৰ দ্বাৰা উপহাস কৰা যেন হ’ল। সেয়ে কবিয়ে শোক কৰি কৈছে যে  […]

Read More