ইছমাইল হোছেইনৰ কবিতা ‘দুঃস্বপ্নৰ এবেলা’ : এক বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘দুঃস্বপ্নৰ এবেলা’ : এক বিশ্লেষণ —ৰাব্বি মছৰুৰ ‘দুঃস্বপ্নৰ এবেলা’ কবিতাটি কবি ইছমাইল হোছেইনৰ এটি নিৰাশবাদী কবিতা। কবিৰ প্ৰিয় আকাঙ্খা হৈছে শান্তি। কিন্তু আজিকালি শান্তি পোৱাৰ হাবিয়াস কৰাটো পর্বত শৃঙ্গত কাছ কণী বিচৰাৰ দৰেই দুৰ্লভ। কবিতাটিত কবিয়ে শান্তি বিচাৰি হাবাথুৰি খাই অৱশেষতনিৰাশ হৈছে আৰু কবিৰ আশাবাদী মন নিৰাশাৰ কলা ডাৱৰে ছানি ধৰি কবিক শান্তিৰ উৎসবোৰৰ বিষয়ে কাব্যিক কৰুণ কণ্ঠত প্ৰশ্ন  কৰাইছে যে মানুহে মানুহক হত্যা কৰিলে কি হয়। […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘প্ৰিয়তমা’: এক বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘প্ৰিয়তমা’: এক বিশ্লেষণ —ৰাব্বি মছৰুৰ ‘প্ৰিয়তমা’ কবিতাটি কবিতা সম্পৰ্কীয় কবিতা। কবিতাটিত কবিয়ে কবিতাক সমাসোক্তি দান কৰি নিজৰ প্ৰিয়তমা বুলি কল্পনা কৰিছে। কবিতাটিত কবিয়ে কবিৰ কবিতাৰ উৎস, সুখ-দুখত কবিতাৰ সতে কবিৰ সম্পৰ্ক আৰু কবিতাৰ জৰিয়তে কবিৰ সমাজ সংস্কাৰৰ দৃঢ় মনোভাবৰ কথা প্ৰকাশ কৰিছে। কবিতা কবিৰ মানৱী প্ৰেম আৰু প্ৰেয়সীৰ দৰে। প্ৰেমিক-প্ৰেমিকাৰ মাজত যিদৰে মিলন আৰু বিচ্ছেদ হয়, কবিৰো কবিতাৰ স’তে বহুবাৰ মিলন আৰু বিচ্ছেদ হৈছে।  কবিৰ ভাষাত: “বহুবাৰ […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘নাগৰিকৰ প্ৰতি’: এক বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘নাগৰিকৰ প্ৰতি’: এক বিশ্লেষণ —ৰাব্বি মছৰুৰ ‘নাগৰিকৰ প্ৰতি’ কবিতাটি কবি ইছমাইল হোছেইনৰ শ্লোগানধৰ্মী কবিতা। কবিতাটিৰ মাজেৰে কবিয়ে নাগৰিকৰ সৈতে হাত মিলাই  একতাৰে দেশৰ অন্যায়, অবিচাৰ, দুৰ্নীতি আৰু সামাজিক অৱক্ষয়ৰ প্ৰতি কবিৰ আহ্বান  আকুণ্ঠ কণ্ঠে প্ৰকাশ কৰিছে। প্ৰথমতে, কবিয়ে নাগৰিকসকলৰ সৈতে তেওঁৰ মধুৰ সম্পৰ্ক স্থাপন কৰাৰ কথা ব্যক্ত কৰিছে। কবিৰ মতে কবিৰ ‘প্ৰিয়তম বন্ধু’ হৈছে নাগৰিক। কবিয়ে নাগৰিকৰ সৈতে অহা দিনবোৰৰ প্ৰত্যুষত সংহতিৰ পথাৰত মিলিত হ’ব খোজে- কিয়নো […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘দেশ’: এক বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘দেশ’: এক বিশ্লেষণ —ৰাব্বি মছৰুৰ বিশ্ব সাহিত্যৰ ইতিহাসত স্বদেশক ভাল নোপোৱা কোনো কবিৰ নাম পোৱা নাযায়। কবি ইছমাইল হোছেইনৰো স্বদেশৰ প্ৰতি আছে অগাধ প্ৰেম। তেওঁ কেইবাটিও স্বদেশপ্ৰেমমূলক কবিতা ৰচনা কৰিছে। সেইবোৰৰ ভিতৰত ‘দেশ’ নামৰ কবিতাটি অন্যতম।  কবিতাটিৰ মাজেৰে কবিৰ স্বদেশৰ প্ৰতি প্ৰেম ভাৱ প্ৰকাশ পাইছে। কবিতাটিত ‘দেশ’ নামটি সমাসোক্তি হৈছে। দেশৰ অশান্ত বা অস্থিৰ অৱস্থাৰ প্ৰতি দৃষ্টি দি কবি ভাঙি পৰিছে যদিও কবিয়ে ‘সূৰ্যস্নাতা পুৱা’ক  (সুস্থিৰ শান্তিময় সময়ৰ […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘মা’: এক বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘মা’: এক বিশ্লেষণ —ৰাব্বি মছৰুৰ ‘মা’ কবিতাটি কবি ইছমাইল হোছেইনৰ ‘জীৱন আৰু মানুহ বিষয়ক’ কবিতা সংকলনটিৰ ত্ৰয়োদশ কবিতা। কবিতাটিৰ শিৰোনামাৰ পৰাই বুজিব পৰা যায় যে কবিতাটি আইক উদ্দেশ্যি লিখা।  কিন্তু কবিৰ ‘মা’ শিৰোনামটি দ্ব্যৰ্থক (ambiguous) হৈছে। ইয়াত ‘মা’ শব্দটোৱে প্ৰথমতে কবিৰ ‘মা’ (আই) ক বুজাইছে। দ্বিতীয়তে কবিৰ স্বদেশ (motherland) ক বুজাইছে। কবিতাটিৰ জৰিয়তে কবিয়ে তেওঁৰ আইৰ প্ৰতি অকপট কৃতজ্ঞতা প্ৰকাশ কৰিছে। প্ৰথমে কবিয়ে তেওঁৰ আইয়ে তেওঁক দিয়া  […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘যুদ্ধৰ বিৰুদ্ধে’: এক বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘যুদ্ধৰ বিৰুদ্ধে’: এক বিশ্লেষণ —ৰাব্বি মছৰুৰ কবিসকল শান্তি প্ৰিয়। শান্তিৰ প্ৰতি কবিসকলৰ আজন্ম শ্ৰদ্ধা। কবি ইছমাইল হোছেইনো শান্তিপ্ৰিয়। তেওঁ যুদ্ধ নিবিচাৰে। ‘যুদ্ধৰ বিৰুদ্ধে’ কবিতাটি কবিৰ শান্তিৰ প্ৰতি অগাধ বিশ্বাস আৰু যুদ্ধৰ প্ৰতি ঘৃণা ভাৱ প্ৰকাশ পোৱা কবিতা।  কবিতাটিত দুটা পৰস্পৰ বিৰোধী ভাৱ প্ৰকাশ পাইছে – এটা যুদ্ধত উন্মত্ত পৃথিৱী আৰু  আনটো কবিৰ শান্তিৰ প্ৰতি বিশ্বাস। কবিতাটি সম্পূৰ্ণভাবেই আশাবাদী কবিতা- কিয়নো কবিয়ে যুদ্ধৰ মাজতো নিৰাশ নহৈ আশাৰে শান্তিৰ […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘কবিতাৰ শৰীৰ’: এক বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘কবিতাৰ শৰীৰ’: এক বিশ্লেষণ —ৰাব্বি মছৰুৰ ‘কবিতাৰ শৰীৰ’ নামৰ কবিতাটি কবিতাৰ অবয়ৱ সম্পৰ্কীয় কবিতা। কবিতাটিত কবিয়ে কবিতা এটিৰ কাব্যিক  বৈশিষ্ট্য, কবিতাৰ স’তে কবিৰ আন্তৰিক সম্পৰ্ক আৰু কবিতাই কবিক দিয়া কাব্যিক ভালেপাৱা  প্ৰকাশ কৰিছে। প্ৰথমে কবিয়ে কবিতাটিত কবিতা এটিৰ শাৰীৰিক বৈশিষ্ট্যৰ কথা উল্লেখ কৰিছে। কিন্তু এই বৈশিষ্ট্য গোটা (concrete) নহয়; ই গুণবাচক ধাৰণাহে (abstract idea) । কবিয়ে কবিতাৰ শৰীৰ নিমজ, নিটোল, ছন্দোবদ্ধ আৰু বৰ্ণময় বুলি কৈছে। ইয়াত কবিয়ে ‘কবিতা’ […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘বেশ্যাই পিন্ধিছে সতীত্বৰ সাজ’: এক বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘বেশ্যাই পিন্ধিছে সতীত্বৰ সাজ’: এক বিশ্লেষণ —ৰাব্বি মছৰুৰ ‘বেশ্যাই পিন্ধিছে সতীত্বৰ সাজ’ শিৰোনামাৰ কবিতাটি কবি ইছমাইল হোছেইনৰ ‘জীৱন আৰু মানুহ বিষয়ক’ কবিতা সংকলনৰ কবিতাবোৰৰ ভিতৰত এটি উল্লেখযোগ্য সামাজিক কবিতা। ইয়াৰ মাজেৰে কবিয়ে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আদি সকলো দিশত চলি থকা ভণ্ডামীবোৰ  সহজ সৰল ভাষাত মূৰ্ত কৰি তুলিছে। ‘বেশ্যাই পিন্ধিছে সতীত্বৰ সাজ’ – এই শিৰোনামাটোৱেই  ৰূপকাত্মকভাবে কবিতাটিৰ বিষয়-বস্তুৰ আভাষ দিয়ে। ইয়াত ‘বেশ্যা’ শব্দই সমাজক নিৰ্দেশ কৰিছে আৰু ‘সতীত্বৰ […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘কবিৰ চোতাল’: এক বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘কবিৰ চোতাল’: এক বিশ্লেষণ —ৰাব্বি মছৰুৰ ‘কবিৰ চোতাল’ শিৰোনামাৰ কবিতাটি কবি ইছমাইল হোছেইনৰ ‘জীৱন আৰু মানুহ বিষয়ক’ কবিতা সংকলনৰ ভিতৰত আটাইতকৈ সৰু প্ৰতীকধৰ্মী কবিতা। কবিতাটি কবি হীৰেন ভট্টাচাৰ্য সমীেপষুলৈ লিখা। সম্ভৱতঃ কবি ইছমাইলে কবি হীৰেনদাৰ কোনো এক কবিতাৰ অনুপ্ৰেৰণাতে কবিতাটি লিখিছে।  কবিতাটিৰ মাজেৰে কবিয়ে শিল্প হিচাপে কবিতাৰ প্ৰতি কবিৰ স্বভাৱিক দুবৰ্বলতা আৰু কবিয়ে কবিতাৰ প্ৰসঙ্গগত (thematic) আৰু ভাষাগত (linguistic) বৈশিষ্ট্যৰ কাব্যিক ধাৰণা আগবঢ়াইছে। কবিতাটি দুটা সৰু সৰু […]

Read More

ইছমাইল হোছেইনৰ কবিতা ‘সমসাময়িক কেইটিমান কবিতা’: এক  বিশ্লেষণ

ইছমাইল হোছেইনৰ কবিতা ‘সমসাময়িক কেইটিমান কবিতা’: এক  বিশ্লেষণ —ৰাব্বি মছৰুৰ ‘সমসাময়িক কেইটিমান কবিতা’ শিৰোনামাৰে লিখা কবিতা কেইটি চাৰিটা সৰু সৰু কবিতাৰ সমষ্টি। এই কবিতা কেইটিত কবিয়ে সমসাময়িক সমাজৰ অৰ্থনৈতিক দুৰ্যোগ  আৰু তাৰ ফলত জনতাৰ বুকুত জ্বলা ক্ষোভৰ জুই আৰু কবিৰ মনত তাৰ সহজাত প্ৰতিফলনৰ ছবি অংকিত হৈছে। যেতিয়া জনগণৰ শান্তি বিনষ্ট হয় তেতিয়াই ক্ষোভৰ জুই জ্বলি উঠে। ক্ষোভৰ জুই জ্বলি উঠাৰ কোনো নিৰ্দিষ্ট সময় নাই। ই দিন বা ৰাতি যিকোনো […]

Read More