আজান ফকিৰ। Ajan Phakir ।Ajan Fair

আজান ফকিৰ —চমু পৰিচয় আজান ফকিৰ হৈছে এজন ইছলামধৰ্মী সাধু লোক। তেওঁ সপ্তাদশ শতিকাৰ আদি ভাগত ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে আৰবদেশৰ পৰা আৰু কোনো কোনোৰ মতে ভাৰতৰ আজমীৰৰ পৰা অসমলৈ আহে।  বুৰঞ্জীবিদ সূৰ্য কুমাৰ ভূঞাৰ মতে  ৰূপাই দা-ধৰা নামেৰে এজন লোকৰ চক্ৰান্তত সেই সময়ৰ আহোমৰজা গদাধৰ সিংহই আজান ফকিৰৰ চকু কাড়ে । পাছত তেওঁৰ ধৰ্মৰ মাহাত্ম্য বুজিব পাৰি দিখৌমুখৰ সৰাগুৰি চাপৰিত মাটি-বৃত্তি  দি থাকিবলৈ দিয়ে। তাতেই আজান ফকিৰে ইহলীলা সম্বৰণ কৰে। […]

Read More

ড০ জয়শ্ৰী গোস্বামী মহন্ত। Joyshree Goshwami Mahanta

ড০ জয়শ্ৰী গোস্বামী মহন্ত ড০ জয়শ্ৰী গোস্বামী মহন্ত  অসমৰ এগৰাকী  বিশিষ্ট  শিক্ষাবিদ, সাহিত্যিক তথা ভূতপূৰ্ব সাংসদ। তেওঁৰ জন্ম হয় ১৯৬০ চনত। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে  অৱসৰ গ্ৰহণ কৰে। ড০ জয়শ্ৰী গোস্বামী মহন্তই ১৯৯৯ চনৰ পৰা ২০০২ চনলৈ ৰাজ্যসভাৰ সাংসদ হিচাপে  অসমক প্ৰতিনিধিত্ব কৰিছিল।  ড০ জয়শ্ৰী গোস্বামী মহন্তই  বহুতো গল্প, উপন্যাস, কবিতা, উপন্যাস, শিশু সাহিত্য ৰচনা কৰাৰ উপৰিও বহুতো মননশীল প্ৰৱন্ধ ৰচনা কৰিছে। মহাকবি, গান্ধাৰী, চাণক্য  আদি তেওঁৰ […]

Read More

ড০ প্ৰণয়ী দত্ত । Dr. Pranoyee Dutta

ড০ প্ৰণয়ী দত্ত–চমু পৰিচয় ড০ প্ৰণয়ী দত্ত  এজন শিক্ষাবিদ আৰু গৱেষক।  শৈশৱৰ পৰা মেধাৰ পৰিচয় দিয়া প্ৰণয়ী দত্তই ১৯৭০ চনত গুৱাহাটীৰ তাৰিণী চৌধুৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত দ্বিতীয় স্থান অধিকাৰ কৰি উত্তীর্ণ হয়। ১৯৭৩  চনত পদাৰ্থ বিজ্ঞানত অনাৰ্চসহ কটন কলেজৰ পৰা প্ৰথম শ্ৰেণীৰ তৃতীয় হৈ বি. এচ. চি আৰু ১৯৭৫ চনত কটন কলেজৰ পৰা প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান অধিকাৰ কৰি  এম. এচ. […]

Read More

চন্দ্ৰধৰ বৰুৱা । Chandradhar Baruah। Chandradhar Baruah Growhills

চন্দ্ৰধৰ বৰুৱা–চমু পৰিচয় চন্দ্ৰধৰ বৰুৱা (১৮৭৪-১৯৬১) এজন অসমীয়া  নাট্যকাৰ, কবি আৰু গীতিকাৰ আছিল। তেওঁৰ জন্ম হয় যোৰহাটত। তেওঁৰ পিতৃৰ নাম  দুৰ্গাধৰ আৰু মাতৃ প্ৰেমাৱতী। তেওঁ স্কুলীয়া  শিক্ষা যোৰহাটতে গ্ৰহণ কৰি ক’লেজীয়া শিক্ষা কলকাতাত লয়। পিছত আইন পঢ়ি ওকালতি কৰিবলৈ লয়। পিছলৈ  চাহৰ ব্যৱসায় আৰম্ভ কৰে। ‘সাৰ্বজনিক সভা’ আৰু ‘অসম এছোছিয়েছন’ৰ সৈতে চন্দ্ৰধৰ বৰুৱা ঘনিষ্ঠভাৱে জড়িত আছিল। ১৯৩০ চনত বিলাতত বহা ঘূৰণীয়া মেজমেলত তেওঁ  অসমক প্ৰতিনিধিত্ব কৰিছিল। চন্দ্ৰধৰ বৰুৱাই কেবাখনো নাট ৰচনা […]

Read More

দীপজ্যোতি বৰপূজাৰী । Deepjoyti Barpuzari

দীপজ্যোতি বৰপূজাৰী–চমু পৰিচয় দীপজ্যোতি বৰপূজাৰী এজন শিক্ষাবিদ আৰু লিখক। তেওঁৰ  জন্ম হয় ১৯৭৪ চনত নলবাৰী জিলাৰ অন্তৰ্গত বেলশৰ (দেউৰীপাৰী) গাঁৱত। পিতৃৰ নাম কনক শৰ্মা আৰু মাতৃ সৰলা দেৱী।স্কুলীয়া  শিক্ষা স্থানীয় শিক্ষানুষ্ঠানত লাভ কৰে। পাছত উচ্চ শিক্ষাৰ বাবে গুৱাহাটীলৈ যায়। গুৱাহাটীৰ কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত কলেজীয়া শিক্ষা গ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগত ভৰ্তি হয়। তাৰ পৰাই সংস্কৃত (দৰ্শন শাখা) বিষয়ত এম. এ  উপাধি লাভ কৰে। নলবাৰী সংস্কৃত মহাবিদ্যালয়ৰ পৰা […]

Read More

হেমচন্দ্ৰ গোস্বামী । Hemchandra Goshwami

হেমচন্দ্ৰ গোস্বামী–চমু পৰিচয় হেমচন্দ্ৰ গোস্বামী (১৮৭২-১৯২৮) আছিল একাধাৰে কবি, সাহিত্যিক আৰু অসম বুৰঞ্জীৰ একনিষ্ঠা গৱেষক । হেমচন্দ্ৰ গোস্বামীৰ জন্ম হয় গোলাঘাটৰ ঢেকিয়াল গাঁৱত। পিতৃৰ নাম ডম্বৰুধৰ আৰু মাতৃ ঘনকান্তী। স্কুলীয়া  শিক্ষা অসমতে সম্পূৰ্ণ কৰি পাছত উচ্চ শিক্ষাৰ বাবে কলকাতালৈ যায়। কলকাতাৰ পৰা উভতি আহি গুৱাহাটীৰ সোণাৰাম স্কুলৰ শিক্ষক হয়। তাৰ পাছত এছ. ডি. ছি. পদ গ্ৰহণ কৰি শ্বিলঙলৈ যায়। পৰৱৰ্তী কালত পদোন্নতি লাভ কৰি ই. এ. চি. ৰূপে ১৯২৬ চনত […]

Read More

ৰাজেন্দ্ৰনাথ ডেকা । Rajendranath Deka

ৰাজেন্দ্ৰনাথ ডেকা–চমু পৰিচয় ৰাজেন্দ্ৰনাথ ডেকা এজন গৱেষক আৰু লিখক।  তেওঁৰ জন্ম হয় কামৰূপৰ দ-গাঁৱত ১৯৭৭ চনত। পিতৃৰ নাম পদ্মৰাম আৰু মাতৃ সুমিত্ৰা।স্কুলীয়া  শিক্ষা দ-গাওঁ আৰু পুঠিমাৰীত লাভ কৰি কলেজীয়া শিক্ষা গ্ৰহণ কৰে ৰঙিয়া মহাবিদ্যালয়ত। পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইলেক্ট্ৰনিকচ এণ্ড কমিউনিকেচন টেকন’লজিত এম. এচ. চি. আৰু ইলেকট্ৰনিকচ এণ্ড কমিউনিকেচন ইঞ্জিনিয়াৰিঙত এম. টেক. উপাধি লাভ কৰে। গুৱাহাটী বিশ্ববিদ্যালৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ প্ৰায়োগিক বিজ্ঞান শাখাৰ জ্যেষ্ঠ কাৰিকাৰী নিৰ্দেশক পদত নিযুক্ত হৈ […]

Read More

সৰ্বেশ্বৰ কটকী । Sharbeshqar Kataki

সৰ্বেশ্বৰ কটকী–চমু পৰিচয় সৰ্বেশ্বৰ কটকী (১৮৯২-১৯৪৬) আছিল এজন অসমীয়া কবি, গৱেষক  আৰু  শিক্ষাবিদ। তেওঁৰ  জন্ম হয় গুৱাহাটীত।  পিতৃৰ নাম  যোগেশ্বৰ কটকী  আৰু মাতৃৰ নাম  দ্ৰৌপদী। স্কুলীয়া শিক্ষা কটন ক’লেজিয়েট হাই স্কুলত  আৰু ক’লেজীয়া শিক্ষা কটন কলেজত লাভ কৰে। ১৯২১ চনৰ  পৰা কটন ক’লেজিয়েট হাই স্কুলত শিক্ষক হিচাপে কর্ম জীৱনৰ পাতনি মেলি  জীৱনৰ শেষলৈকে ইয়াতে থাকে।সৰ্বেশ্বৰ কটকীয়ে  ‘আবাহন’, ‘চেতনা’, ‘বাঁহী’ আদি কাককত প্ৰবন্ধ-পাতি লিখিছিল। তেওঁ ৰচিত  গ্রন্থসমূহ হ’ল: ‘মূৰলী’ (১৯২১)‘তত্ত্ব আৰু তথ্য’ […]

Read More

ধৰ্মেশ্বৰী দেৱী বৰুৱানী । Dharmeshwari Devi Baruahni

ধৰ্মেশ্বৰী দেৱী বৰুৱানী–চমু পৰিচয় ধৰ্মেশ্বৰী দেৱী বৰুৱানী (১৮৯২-১৯৬০) এজনী অসমীয়া কবি আছিল । তাইৰ  জন্ম হয় গুৱাহাটীৰ পঞ্চৱতী আশ্ৰমত। পিতৃৰ নাম যজ্ঞোৰাম শৰ্মা আৰু মাতৃৰ নাম ৰম্ভাপ্ৰিয়া দেৱী। সাংসাৰিক জীৱন বৰ দুখৰ আছিল। তাইৰ  ৰচিত কবিতা-পুথিসমূহ হ’ল: ‘ফুলৰ শৰাই’, ‘প্ৰাণৰ পৰশ’, ‘অশ্ৰুধাৰ’ আৰু ‘জীৱনতৰী’। প্ৰেম হৈছে তাইৰ কবিতাৰ প্ৰতিপাদ্য বিষয়। অসম সাহিত্য সভাই  তাইক ‘কাব্যভাৰতী’ সন্মানেৰে সন্মানিত কৰিছিল।

Read More

জয়ন্ত কুমাৰ গোস্বামী । Jayanta Kumar Goshwami

ডাঃ জয়ন্ত কুমাৰ গোস্বামী–চমু পৰিচয় ডাঃ জয়ন্ত কুমাৰ গোস্বামী এজন প্ৰখ্যাত চিকিৎসক আৰু লিখক। তেওঁৰ  জন্ম হয় ১৯৫৮ চনত শ্বিলঙত। গুৱাহাটীৰ  চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰি ক্ৰমে এম. বি. বি. এছ. আৰু এম. এছ. (চাৰ্জাৰী) উপাধি গ্ৰহণ কৰাৰ পাছত নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিদ্যা প্ৰতিষ্ঠান (এইম্‌চ)-ৰ পৰা এম. চি. এইচ. (পেডিয়াট্ৰিক চাৰ্জাৰী) ডিগ্রী লাভ কৰে। বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শিশু-শল্য চিকিৎসা বিভাগৰ মূৰব্বী অধ্যাপক ডাঃ জয়ন্ত কুমাৰ গোস্বামীয়ে অসমীয়া সাহিত্যলৈ গল্প, উপন্যাস, […]

Read More