নবীন চন্দ্ৰ শৰ্মা । Nabin Chandra Sharma

ড০ নবীন চন্দ্ৰ শৰ্মা–চমু পৰিচয় ড০ নবীন চন্দ্ৰ শৰ্মা (১৯৩৮- ) অসমৰ এজন লোক-সাহিত্য  আৰু সংস্কৃতিৰ গৱেষক আৰু বলিষ্ঠ  গদ্য লেখক। তেওঁৰ জন্ম হয় দৰং জিলাৰ ছিপাঝাৰ অঞ্চলৰ হাজৰিকাপাৰা গাওঁত। নিজ গাওঁত প্ৰাথমিক শিক্ষা লাভ কৰি  চিপাঝাৰ হাইস্কুলৰ পৰা প্ৰৱেশিক্ষা পৰীক্ষা পাছ কৰে। তাৰ পিছত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা  বি. এ. পাছ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা লোক-সংস্কৃতি বিভাগত অধ্যাপনা কৰি এই পদৰ […]

Read More

ড০ হেমন্ত কুমাৰ শৰ্মা । Hemanta Kumar Sharma

ড০ হেমন্ত কুমাৰ শৰ্মা–চমু পৰিচয় ড০ হেমন্ত কুমাৰ শৰ্মা (১৯৩২-১৯৯২) আছিল অসমীয়া সাহিত্য সংস্কৃতিৰ সাধক, বলিষ্ঠ গদ্য লেখক, সমালোচক আৰু গৱেষক। তেওঁৰ জন্ম হয় নলবাৰীৰ অন্তৰ্গত পিপলিবাৰী গাওঁত। তেওঁ অসমীয়াত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি কটন কলেজত  অসমীয়া বিভাগত অধ্যপনা কৰিবলৈ লয়। তেওঁ অসম সাহিত্য সভা, অসম জনকৃষ্টি সমাজ আৰু বিভিন্ন সংস্কৃতি বিষয়ক অনুষ্ঠানৰ লগত জড়িত আছিল। ড০ হেমন্ত কুমাৰ শৰ্মাই একুৰিতকৈয়ো অধিক সংখ্যক গ্ৰন্থ ৰচনা আৰু সম্পাদনা কৰি গৈছে। তেওঁৰ […]

Read More

চৈয়দ আব্দুল মালিক । Sayed Abdul Malik

চৈয়দ আব্দুল মালিক–চমু পৰিচয় চৈয়দ আব্দুল মালিক (১৯১৯-২০০০): এজন প্ৰতিযশা অসমীয়া ঔপন্যাসিক আৰু গল্পকাৰ। তেওঁৰ জন্ম হয় গোলাঘাট জিলাৰ নাহৰণিত। যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিক্ষা পৰীক্ষা পাছ কৰি গুৱাহাটীৰ কটন কলেজৰ পৰা বি. এ. পাছ কৰে। পিছত আবকাৰী বিভাগ, অনাতাঁৰ কেন্দ্ৰ আদিত চাকৰি কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত  এম. এ. পাছ কৰে। পিছত যোৰহাটৰ জগন্নাথ কলেজত অধ্যাপনা কৰিবলৈ লয়। অধ্যাপনাৰ পৰা অৱসৰ গ্ৰহণ কৰি ৰাজ্য সভাৰ সদস্য হিচাপে সেৱা […]

Read More

উৎপল দত্ত । Utpal Dutta

উৎপল দত্ত–চমু পৰিচয় উৎপল দত্ত  (১৯৬০- ) এজন অসমীয়া লেখক, অনুবাদক, তথ্যচিত্ৰ নির্মাতা আৰু চলচিত্ৰ সমালোচক। ‘চলচ্চিত্ৰ’ আৰু টুৱেন্টিফ’ৰ ফ্রেমছ’ তেওঁৰ দুখন উল্লেখযোগ্য গ্ৰন্থ। ইয়াৰ উপৰিও চলচিত্ৰ বিষয়ক কেইবাখনো গ্ৰন্থ তেওঁ সম্পদনা কৰিছে আৰু তেনে দুখন গ্ৰন্থ তেজপুৰ বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ প্ৰসংগ পুথি হিচাপে বিবেচিত হৈছে। উৎপল দত্তই তথ্যচিত্ৰ পৰিচালক হিচাপেও সুনাম অৰ্জন কৰিছে। তেওঁ পৰিচালনা  কৰা তথ্য চিত্ৰ দেশ-বিদেশৰ কেইবাটিও চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে।তেওঁ শ্রেষ্ঠ তথ্যচিত্ৰৰ পৰিচালক হিচাপে ৰাজ্যিক পৰ্যায়ৰ […]

Read More

শীলভদ্ৰ । Shilabhadra । Shilvadra

শীলভদ্ৰ–চমু পৰিচয় শীলভদ্ৰ  (১৯২৪- ২০০৮)  এজন সুপ্ৰসিদ্ধ অসমীয়া গল্পকাৰ আছিল। তেওঁৰ প্ৰকৃত নাম ৰেৱতী মোহন দত্ত  চৌধুৰী। ‘শীলভদ্ৰ’ তেওঁৰ ছদ্ম নাম। তেওঁৰ জন্ম হয় ধুবুৰী জিলাৰ গৌৰীপুৰত। প্ৰৱেশিক্ষা পৰীক্ষাত উত্তীর্ণ  হৈ শীলভদ্ৰই কটন কলেজত বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত বাংলাদেশৰ কাৰমাইকেল কলেজৰ পৰা গণিত বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৪৬ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰি স্নাতকোত্তৰ  পৰীক্ষা পাছ কৰে। ১৯৪৭ চনত […]

Read More

সূৰ্যকুমাৰ ভূঞা।Surya Kumar Bhuyan

ড০ সূৰ্যকুমাৰ ভূঞা–চমু পৰিচয় ড০ সূৰ্যকুমাৰ ভূঞা (১৮৯২-১৯৬৪)  আছিল অসমৰ এজন পণ্ডিত, গৱেষক, সাহিত্যিক আৰু ইতিহাসবিদ। তেওঁৰ জন্ম হয় নগাওঁত। ১৯০৯ চনত তেওঁ শ্বিলং চৰকাৰী স্কুলৰ পৰা অসম উপত্যকাৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰি হাই স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ  হয় আৰু ভেক্টৰিয়া  মেম’ৰিয়েল স্বৰ্ণ পদক লাভ কৰে। সূৰ্যকুমাৰ ভূঞাই ১৯১১ চনত কটন কলেজৰ পৰা আই. এ. আৰু ১৯১৩ চনত কলকাতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা ইংৰাজী বিষয়ত সন্মান সহকাৰে বি. এ. পাছ […]

Read More

উত্তম  বৰুৱা। Uttam Baruah

উত্তম  বৰুৱা–চমু পৰিচয় উত্তম  বৰুৱা (১৯৩৯-২০১১) এজন বিশিষ্ট  অসমীয়া প্ৰৱন্ধকাৰ আৰু নাট্যকাৰ। তেওঁৰ জন্ম হয় গুৱাহাটাৰ আজাৰাত। তেওঁৰ পিতৃৰ নাম চন্দ্ৰ বৰুৱা আৰু মাতৃৰ নাম ৰজনী বৰুৱা।  ছাত্ৰ অৱস্থাৰ পৰাই তেওঁ কবিতা, নাটক আদি ৰচনা কৰি সকলোৰে দৃষ্টি আৰু প্ৰশংসা বুটলিছিল। সপ্তম শ্ৰেণীত পঢ়ি থাকোতে তেওঁ ‘মহাপুৰুষৰ নামঘৰ’ নামৰ পুথি এখন ৰচনা কৰি সেই সময়ৰ বিশিষ্ট কবি বাগ্মীবৰ নীলমণি ফুকনৰ পৰা প্ৰশংসা লাভ কৰিছিল।  তেওঁৰ প্ৰথম নাটক ‘বৰ মানুহৰ দোলা’ […]

Read More

ভৱানন্দ দত্ত । Bhabananda Dutta

ভৱানন্দ দত্ত–চমু পৰিচয় ভৱানন্দ দত্ত  (১৯১৮-১৯৫৯) এজন অসমীয়া প্ৰগতিবাদী কবি, সাহিত্য সমালোচক, মাৰ্ক্সবাদী চিন্তাবিদ আৰু শিক্ষাবিদ আছিল।  তেওঁৰ জন্ম হয় কামৰূপৰ ৰতনপুৰ গাওঁত।  তেওঁ কটন কলেজৰ পৰা প্ৰথম শ্ৰেণীত বি. এ. পাছ কৰি ১৯৪৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা দৰ্শন বিভাগত এম. এ. ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত নলবাৰী কলেজত অধ্যাপনাৰে কৰ্ম জীৱনৰ পাতনি মেলে। পৰৱৰ্তী সময়ত কটন মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰৱক্তা হিচাপে সেৱা আগবঢ়ায় । ছাত্ৰ অৱস্থাৰ পৰাই তেওঁ […]

Read More

মদন মোহন শইকীয়া। Madan Mohan Saikia

ড০ মদন মোহন শইকীয়া–চমু পৰিচয় ড০  মদন মোহন শইকীয়া এজন গৱেষক, শিক্ষাবিদ  আৰু লেখক। তেওঁৰ জন্ম হয় ১৯৩৫ চনত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে এম. এছ. চি. পাছ  কৰি অবিভক্ত ৰাছিয়াৰ ‘ইনষ্টিটিউট অব পেট্ৰ’লিয়াম এণ্ড কেমিষ্ট্ৰি’ৰ পৰা ১৯৬৫ চনত সন্মানীয় ডক্টৰেট  ডিগ্ৰী লাভ কৰে। শইকীয়াই ডেৰাডুনত থকা অ’ এন জি চিৰ ‘ইনষ্টিটিউট অব ৰিছাৰ্চ এণ্ড ট্রেইনিংত কিছুদিনৰ বাবে  সেৱা আগবঢ়াই যোৰহাট আঞ্চলিক গৱেষণাগাৰত যোগদান কৰে আৰু জিঅ’ছায়েন্স বিভাগৰ মুৰববী হিচাপে কাৰ্যনিৰ্বাহ কৰে। […]

Read More

লক্ষ্মী নন্দন বৰা। Laxminandan Bora । Lakhminandan Bora

ড০ লক্ষ্মী নন্দন বৰা–চমু পৰিচয় ড০ লক্ষ্মীনন্দন বৰা (১৯৩১- ) এজন কাকতৰ সম্পাদক, শিক্ষাবিদ, সুপ্ৰসিদ্ধ গল্পকাৰ আৰু ঔপন্যাসিক । তেখেতৰ জন্ম হয় নগাওঁ জিলাৰ হাতীচোঙত। তেখেতে নগাওঁ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিক্ষা পৰীক্ষা পাছ কৰি কটন কলেজৰ পৰা স্নাতক হৈ ১৯৭৭ চনত অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। কেইবাখনো কলেজত অধ্যাপনা কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিভাগত মুৰববী অধ্যাপকৰূপে অৱসৰ লয়। ‘ৰামধেনু’ যুগত অসমীয়া সাহিত্য জগতত প্রতিষ্ঠা  লাভ […]

Read More