নীতি কাহিনীকাৰ ঈছপ। Aesop

   নীতি  কাহিনীকাৰ  ঈছপ বিশ্ব সাহিত্যত এনেকুৱা কিছুমান গল্প, কবিতা আৰু অন্যান্য সাহিত্যকৰ্ম আছে যিবোৰ মানৱ সভ্যতা জীয়াই থকালৈকে আমাৰ মনত জীয়াই থাকিব। সেইবোৰ  হ’ল ধ্ৰুপদী সাহিত্য। ঈছপৰ ‘ফেবলচ’ অর্থাৎ নীতি কথাবোৰ  ধ্ৰুপদী সাহিত্য বুলি বিবেচিত  হয়। ‘ফেবল’ হৈছে এনেকুৱা এক শ্ৰেণীৰ গল্প যাৰ চৰিত্ৰবোৰ  প্ৰায়েই জীৱ-জন্তু হয় আৰু ইয়াৰ মাজেদি নৈতিক শিক্ষা প্ৰদান কৰা হয়। এনে সাহিত্যৰ বিষয়ে কোৱাৰ সময়ত ততালিকে  ইছপৰ ফেবলৰ কথা আমাৰ মনলৈ আহে। ঈছপৰ ফেবলবোৰ  ল’ৰা-ছোৱালীসকলৰ মাজত বৰ জনপ্ৰিয়। সেইবোৰ  প্ৰজন্মৰ পৰা প্ৰজন্মলৈ মুখে […]

Read More

কল্পনা চাওলা। Kalpana Chawla

 কল্পনা চাওলা কল্পনা চাওলা আছিল প্ৰথমজনী ভাৰতীয়  মহিলা মহাকাশচাৰী আৰু বিজ্ঞানী। তাই  জুলাই ১, ১৯৬১ চনত হাৰিয়ানাৰ কাৰ্ণালত জন্ম গ্ৰহণ কৰে । কল্পনা চাওলাই কাৰ্ণালত থকা ‘ঠাকুৰ বিদ্যালয়ত’ প্রাথমিক  শিক্ষা গ্ৰহণ কৰে ।  তাৰ পিচত পঞ্জাৱ অভিযন্তা মহাবিদ্যালয়ৰ পৰা বিমান অভিযন্তা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে ।  ইয়াৰ পিছত তাই আমেৰিকা যুক্তৰাজ্যলৈ যায়  আৰু টেক্সাচ বিশ্ববিদ্যালয়ৰ পৰা এৰ’স্পেচ ইঞ্জিনিয়াৰিংত স্নাতকোত্তৰ  ডিগ্ৰী লাভ কৰে।  উজ্জ্বল আৰু উদ্যমী ছাত্ৰী কল্পনা চাওলাক ক’ল’ৰাডো বিশ্ববিদ্যালয়ৰ পৰা  এৰ’স্পেচ […]

Read More

 উইলিয়াম শ্বেক্সপীয়েৰ। William Shakespeare

   উইলিয়াম শ্বেক্সপীয়েৰ উইলিয়াম শ্বেক্সপীয়েৰৰ নাম নুশুনা সম্ভব্তঃ কোনো শিক্ষিত ব্যক্তি নাই; আৰু যদি তেনে কোনো ব্যক্তি আছে তেওঁ নিশ্চয় দুৰ্ভগীয়া। উইলিয়াম শ্বেক্সপীয়েৰ আছিল সৰ্বযুগৰ সর্বশ্রেষ্ঠ  এজন ইংৰাজ নাট্যকাৰ আৰু কবি। উইলিয়াম শ্বেক্সপীয়েৰ ইংলেণ্ডৰ ওৱাৰউইকশ্বেয়াৰৰ ষ্ট্ৰেটফৰ্ড-অন-এভনত ১৫৬৪ চনৰ ২৩ এপ্ৰিলত জন্ম গ্ৰহণ কৰিছিল। তেওঁ আছিল জন শ্বেক্সপীয়েৰ আৰু মেৰীৰ শ্বেক্সপীয়েৰৰ জ্যেষ্ঠ ল’ৰা আৰু তৃতীয় সন্তান। তেওঁ ষ্ট্ৰেটফৰ্ড গ্ৰামাৰ স্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। স্কুলীয়া শিক্ষা শেষ হোৱাৰ পিছত, শ্বেক্সপীয়েৰে মুক্ত জীৱন যাপন কৰা […]

Read More

ষ্টিফেন উইলিয়াম হকিং। Stephen William Hawking

 ষ্টিফেন উইলিয়াম হকিং এয়া হ’ল এজন বিশেষ প্ৰতিভাসম্পন্ন ব্যক্তিৰ জীৱন বিষয়ক বিৱৰণ। তেওঁ হ’ল ষ্টিফেন উইলিয়াম হকিং। অতি বেছি তীক্ষ বুদ্ধিসম্পন্ন আৰু প্ৰায় সম্পূৰ্ণৰূপে পক্ষাঘাতযুক্ত জ্যোৰ্তি-পদাৰ্থবিজ্ঞানী ষ্টিফেন হকিং একবিংশ শতিকাৰ মহান বিজ্ঞানীসকলৰ ভিতৰত অন্যতম।  এজন ইংৰাজ কচম’লজিষ্ট, ষ্টিফেন হকিং জ্যোতি বিজ্ঞানী গেলিলিঅ’ গেলিলিৰ মৃত্যুৰ তিনিশ বছৰ পিছত জানুৱাৰী ৮, ১৯৪২ চনত ইংলেণ্ডত জন্ম গ্ৰহণ কৰিছিল। তেওঁ অক্সফোৰ্ড বিশ্ববিদ্যালয়ত ভৰ্তি হৈ পদাৰ্থবিজ্ঞান অধ্যয়ন কৰিছিল। তেওঁৰ দেউতাকে তেওঁক মেডিচাইনৰ ওপৰত মনোযোগ দিবলৈ জোৰ দিছিল। […]

Read More

লুডউইগ ভ’ন বিথুভেন। Ludwig Von Beethoven

 লুডউইগ ভ’ন বিথুভেন  লুডউইগ ভ’ন বিথুভেন  (Ludwig Von Beethoven) আছিল ঊনবিংশ শতিকাৰ জাৰ্মানীৰ এজন সংগীতজ্ঞ। পিয়ানোবাদক আৰু অৰ্গেনবাদক হিচাপে তেওঁ আন্তৰ্জাতিক যশ-খ্যাতি লাভ কৰাৰ লগতে জীৱন কালতেই ‘সুৰৰ যাদুকৰ’, ‘সুৰ সম্ৰাট’ আদি বিশেষণেৰে বিভূষিত হৈ কিংবদন্তীত পৰিণত হৈছিল। এইজন প্ৰখ্যাত সঙ্গীতজ্ঞজনৰ জন্ম হৈছিল জাৰ্মানীৰ ৰাইনলেণ্ড নামৰ এখন নগৰৰ এটি দুখীয়া পৰিয়ালত ১৭৭০ চনৰ ১৬ ডিচেম্বৰত। তেওঁৰ দেউতাকৰ নাম আছিল ৰোহেন বিথুভেন। ৰোহেন বিথুভেন আছিল পিয়ানো আৰু  ভায়োলিনবাদক। তেওঁ নিজে ভায়োলিন আৰু পিয়ানোবাদক […]

Read More

চেমুৱেল বেকেট। Samuel Beckett

চেমুৱেল বেকেট চেমুৱেল বেকেট (Samuel Beckett) আছিল নবেল বঁটা বিজয়ী বিংশ শতাব্দীৰ আন্তৰ্জাতিক খ্যাতিসম্পন্ন এজন ফৰাচী নাট্যকাৰ। এইজন নাট্যকাৰে পূৰ্বৰ পৰা চলি অহা নাট্যধাৰাক উলাই কৰি সম্পূৰ্ণ নিজস্ব মইমতীয়া দৃষ্টি-ভংগীৰে এক নতুন শ্ৰেণীৰ নাটকৰ জন্ম দিছিল–যি  প্ৰকাৰৰ নাটকক নাট্য সাহিত্যৰ ইতিহাসত ‘অপুদ্ঘাত নাটক’ বা ‘উদ্ভট নাটক’ (Absurd Drama) বুলি  নামকৰণ কৰা হৈছে। বিংশ শতাব্দীৰ শেষ পাঁচোটা দহকত এইজন নাট্যকাৰে ইমানেই জনপ্ৰিয়তা অৰ্জন কৰিছিল যে তেওঁৰ Waiting for Godod  শিৰোনামৰ এখন নাটক […]

Read More

জৰ্জ বাৰ্ণাৰ্ড শ্ব। George Bernard Shaw

   জৰ্জ বাৰ্ণাৰ্ড শ্ব  জৰ্জ বাৰ্ণাৰ্ড শ্ব’ (George Bernard Shaw) আছিল বিংশ শতাব্দীৰ এজন নবেল বঁটা বিজয়ী ইংৰাজ নাট্যকাৰ। এৱেই পোন প্ৰথমে বিশ্ব সাহিত্যত ব্যতিক্ৰমধৰ্মী মুক্ত চিন্তাৰ নাট্য-সাহিত্যৰ পাতনি মেলে। ব্যক্তিত্ব আৰু সাহিত্যিক প্ৰতিভাৰ দিশত জৰ্জ বাৰ্ণাৰ্ড শ্ব আছিল বিশ্বৰ ইতিহাসত এক অদ্ভুদ-বিষ্ময় পুৰুষ। জৰ্জ বাৰ্ণাৰ্ড শ্ব’ৰ জন্ম হয় ১৮৫৬ চনত আয়াৰলেণ্ডৰ ডুবলিন চহৰত। তেওঁৰ পিতাক জৰ্জ কাৰ শ্ব’ (George Carr Shaw) আছিল তেৰ জন ল’ৰা-ছোৱালী থকা এহাল দম্পতীৰ কনিষ্ট সন্তান। […]

Read More

জন মিলিনটন চিনজ্। John Millington Synge

   জন মিলিনটন চিনজ্  জন মিলিনটন চিনজ্ (John Millington Synge) আছিল আয়াৰলেণ্ডৰ এজন প্ৰখ্যাত আধুনিক কাব্য নাটক (Poetic Drama) প্ৰণেতা। এইজন নাট্যকাৰে জীৱনত মাত্ৰ ছয়খনমান নাটক ৰচনা কৰাৰ পিছত আঠত্ৰিছ বছৰ বয়সত মৃত্যু মুখত পৰে। এই ডেকা নাট্যকাৰৰ জন্ম হয় ডুবলিন চহৰৰ ওচৰত ৰাথফাৰ্ণহাম (Rathfernham) নামে ঠাইত ১৮৭১ খ্ৰীষ্টবাদত। তেওঁৰ পিতাক আছিল এজন প্ৰটেষ্টান ধৰ্মাৱলম্বী আইনজ্ঞ। চিনজ  জন্মৰ মাত্ৰ এবছৰ পিছতেই তেওঁৰ পিতাকৰ মৃত্যু হয়। সিহঁতৰ পৰিয়ালৰ এজন পূৰ্বপুৰুষে ইংলেণ্ডৰ সম্ৰাট […]

Read More

জৰ্জ হাৰ্বাৰ্ট। George Herbert

  জৰ্জ হাৰ্বাৰ্ট  জৰ্জ হাৰ্বাৰ্ট (George Herbert) আছিল সোঁতৰ শতিকাৰ ইংলেণ্ডৰ এজন মহান ভক্তিবাদী কবি (Devotional Poet)। ইংৰাজী সাহিত্যৰ বুৰঞ্জীত ভক্তিবাদী কবি হিচাপে এইজন কবিয়ে শ্ৰেষ্টতৰ আসনত প্রতিষ্ঠিত যদিও তেওঁ নিজৰ জীৱন কালত এটি কবিতাও প্ৰকাশ নকৰি কবি হিচাপে  তেওঁ নিজকে জাহিৰ কৰাৰ পৰা বিৰত ৰাখিছিল। অৰ্থাৎ গোটেই জীৱন তেওঁ আছিল এজন ‘গুপুত কবি’ (Private Poet)। এই মহান কবিজনৰ জন্ম হয় এটি প্ৰখ্যাত ইংৰাজ পৰিয়ালত ১৫৯৩ খৃীষ্টাব্দৰ ৩ এপ্ৰিলত।  পিতৃ-মাতৃৰ তেওঁ আছিল […]

Read More

ভাৰ্জিনিয়া উলফ। Vergina Wolf

  ভাৰ্জিনিয়া উলফ ভাৰ্জিনিয়া উলফ (Virginia Woolf) আছিল বিংশ শতাব্দীৰ এজনী মহান ইংৰাজ মহিলা ঔপন্যাসিক। এইজনী ঔপন্যাসিকে বিংশ শতাব্দীৰ আদি ভাগত  উদ্ভৱ হোৱা মনস্তাত্বিক উপন্যাসক স্বতন্ত্ৰ তেজ-শক্তি আৰু ধাৰা (Spirit and form) আৰোপ কৰি এই শ্ৰেণীৰ উপন্যাসক শক্তিশালী ৰূপত প্রতিষ্ঠা কৰাত বিশেষ বৰঙণি  যোগায়। এইজনী মহান মহিলা মনস্তাত্বিক ঔপন্যাসিকজনীৰ জন্ম হয় ১৮৮২ চনত লণ্ডনৰ এটি প্ৰখ্যাত পৰিয়ালত। তাইৰ পিতাকৰ নাম আছিল লেছলি ষ্টেফেন (Leslie Stephen)। তেওঁ আছিল এজন প্ৰৱন্ধকাৰ। সেয়ে ভাৰ্জিনিয়াই নিজৰ […]

Read More