তুমি সঁচাই প্ৰেমত পৰিছা।ৰাব্বি মছৰুৰ

তুমি সঁচাই প্ৰেমত পৰিছা (কবিতা) মই  বাধা  দিলো  তুমি জুইত হাত দিলা  মই বাধা দিলো  তুমি আকৌ  জুইত হাত দিলা  মই  পুনৰ বাধা দিলো  তুমি পুনৰ জুইত হাত দিলা  এইবাৰ মই বাধা নিদিওঁ  মই বুজিলো সঁচাই  তুমি সঁচাই প্ৰেমত পৰিছা। ০ ০ ০ …ৰাব্বি মছৰুৰ উৎস গ্রন্থ: পৃথিৱীৰ আৰু  মোৰ 

Read More

হেৰুৱাই আছো।ৰাব্বি মছৰুৰ

হেৰুৱাই আছো (কবিতা) নিৰন্ন নিৰানন্দত নিন্দিত মোৰ নবীন দিনবোৰ  মই হেৰুৱাই আছো অপচ্ছায়াময় অকালপক্ক অন্ধকাৰত হেৰুৱাই আছে মোৰ সুনিল, সুনিৰ্মল, সহজাত সপোনবোৰ  মোৰ হেৰুৱাই থকা অস্বিত্বৰ পৃথিৱীখনৰ লগতে হেৰুৱাই আছে মোৰ আইৰ মৃদু মধুৰ মুখৰ সবুজ সৰলতা হেৰুৱাই আছে  কোনোবা নবীন গাভৰুৰ আহলাদিত ৰামধেনুময় স্বপ্নবোৰ । আমি এনেকৈয়ে হেৰুৱাই আছো প্ৰতিনিয়ত, প্ৰতিপুৱা আমাৰ হেৰুৱাক আৱৰি নামি আহে  আকাশৰ পৰা হাহাকাৰ কৰি ফুৰা শূন্যতা। ০ ০ ০ …ৰাব্বি মছৰুৰ

Read More

বৰষুণত মুখ গুজি।ৰাব্বি মছৰুৰ

বৰষুণত মুখ গুজি (কবিতা) অকলশৰীয়া তগৰ জোপাই  বৰষুণত মুখ গুজি উচুপে  এজাক ৰ’দৰ বাবে   এদিনাখনতো এইজোপা তগৰেই হাহাকাৰ কৰি ফুৰিছিল এটুপি পানীৰ  বাবে । এতিয়া ধাৰাষাৰ বৰষুণেও আঁতৰ কৰিব নোৱাৰে তগৰৰ বুকুৰ তৃষ্ণা।   সেয়ে বৰষুণৰ পিছত আকৌ ৰ’দৰ বাবে  এই শোক, এই বিষাদ, এই উচুপনি প্ৰেমৰ সোৱাদ সেয়ে নেকি  আইনষ্টাইনৰ  আপেক্ষিকতাবাদৰ সূত্ৰৰ চকৰিত বন্ধী হৈ ঘূৰি ফুৰে ! ০ ০ ০ …ৰাব্বি মছৰুৰ

Read More

দুর্জেয় দুৰ্দ্দিন।ৰাব্বি মছৰুৰ

দুর্জেয় দুৰ্দ্দিন (কবিতা) দুর্জেয়  দুৰ্দ্দিন। সময়বোৰ  কাৰাগাৰত বন্ধী। অনাহাৰত বেকাৰ  খাটে অমৰত্বৰ প্ৰতিশ্ৰুতিৰ শিকলিত বন্ধা শতাব্দীৰ আত্মা। ঈশ্বৰহঁতৰ কি যে ভেকো-ভাওনা !   আৰু এটা নিৰ্বাচন সন্মুখত তাৰ পিছতেই সংস্থাপন আত্মাহঁতৰ।   সময়বোৰ  এনেকৈয়ে আগবাঢ়ে  পিঙ্গল পঙ্গুত্বক সশৰীৰে কঢ়িয়াই  কালান্তক এন্ধাৰে কৰ্ষণ কৰে  জীৱন্ত আত্মাৰ কবৰ। দুর্জেয়  দুৰ্দ্দিনে এনেকৈয়ে হেতালি খেলে শতাব্দীক জীয়াই ৰখাৰ প্ৰুতিশ্ৰুতিৰে শিকলিত বন্ধা আত্মাসবৰ লগত। ০ ০ ০ …ৰাব্বি মছৰুৰ

Read More

কপৌ ।ৰাব্বি মছৰুৰ

কপৌ (কবিতা) ৰাতিপুৱাৰ সূৰুযটিলৈ আঙুলিয়াই এটি কপৌ  উৰি আহিল  মোৰ আইৰ কোলালৈ মোৰ আয়ে আলফুলে বোকোচাত লৈ মিঠা মিঠা চুমাৰে  উপচাই দিলে কপৌজনীৰ সৰল শান্ত মুখনি বাৰিষাৰ বানে নদ-নদী উপচাই পেলোৱাৰ দৰে।   মাথো এটা বসন্ততেই  কপৌ জনী থুনুক-থানাক মাত শিকিলে আৰু আন এটি বসন্ত নগচকিতেই কণ্ঠ কাঢ়ি  নিয়া হ’ল তাইৰ ডিঙিৰ  পৰা। তাই এতিয়া বোবা ।  মাতিব নোৱাৰে।  ০ ০ ০ …ৰাব্বি মছৰুৰ

Read More

আঘোণ।ৰাব্বি মছৰুৰ

আঘোণ (কবিতা)  বতাহজাকে ক’লেঃ অহা বছৰ হেনো আঘোণ সোণকালেই আহিব চৰাইজাকে আনন্দত কিৰীলি পাৰি উঠিল। আনন্দত আত্মহাৰা হ’ল চিলনীবোৰ  আঘোণৰ ধান খাই   লহপহকৈ বাঢ়ি অহা মূৰ্গী পোৱালীবোৰ   সিহঁতে হেনো থাপ মাৰি ধৰিব।   আহা আমি আঘোণৰ কোলাত ঢলি পৰো আঘোণৰ সোণ বৰণীয়া  ধানবোৰ  আমাৰ নহ’লেও  আমাৰ হাতেৰেই সনা ইয়াৰ ৰঙবোৰ ।  ০ ০ ০ …ৰাব্বি মছৰুৰ

Read More

সংহতি।ৰাব্বি মছৰুৰ

সংহতি (কবিতা) তোমাৰ হাতখন মোলৈ আগবঢ়াই  দিয়া মই অতিকৈ ক্লান্ত তোমাৰ হাত ধৰি কিজানিবা মই বগাই উঠিব পাৰো সৌ দ্বিতীয় মহলালৈ তাত মোৰ আত্মাক বন্ধী কৰা হৈছে ঠিক মোৰ জন্মৰ দিনাই তোমাৰ হাতখন আগবঢ়াই  দিয়া  মই পুনৰ জী উঠিব খোজো। ওপৰ মহলাৰ কোনো এক কোঠাত  বন্ধী আছে মোৰ আত্মা।  ০ ০ ০ …ৰাব্বি মছৰুৰ

Read More

বাতৰি।ৰাব্বি মছৰুৰ

বাতৰি (কবিতা) হাঁহিৰ খলকনিৰে নায়কজন গুচি গ’ল অহা বাটেৰেই মঞ্চত কাঠ হৈ পৰি থাকিল কিছু শ্লেষ কিছু  নির্ভেজাল  আলোৰ দ্যোতি কিছু প্ৰোত্থিত সময়ৰ বক্ৰোক্তি।   নিতাল মাৰি শুই পৰা ৰাতিয়ে মাথো গম পালে নায়কজন আহিছিল কাণে কাণে সোঁৱৰাই গ’ল আমাৰ আত্মাৰে হেনো  সিহঁতে এক ভোজমেল পাতিব য’ত নিমন্ত্ৰিত হ’ব নাঁৱৰ গুৰিয়ালবোৰ  ! ০ ০ ০ …ৰাব্বি মছৰুৰ

Read More

জলন্ত  কাঁড়।ৰাব্বি মছৰুৰ

জলন্ত  কাঁড় (কবিতা) আকাশৰ পৰা খহি পৰিল  এটি জলন্ত কাঁড় বিন্ধিল হীৰেন নামৰ কবিৰ বুকুত যন্ত্ৰণাত মৃতপ্ৰায় হ’ল তাঁতি, অৰ্ধেন্দু, কৰবী, হিতেশ, প্ৰভা, ইছমাইল আৰু অনেকৰ আত্মা। তেজ ওলাল মহন্ত, হিমন্ত, বৰা, গগৈহঁতৰ বুকুত। তাৰ পিছত বক্তৃতাৰ বৰষুণ। কি মায়াবী সেই কাঁড়টো !  ০ ০ ০ …ৰাব্বি মছৰুৰ

Read More

কি বীভৎস দিন।ৰাব্বি মছৰুৰ

কি বীভৎস দিন (কবিতা) কি বীভৎস দিন ! প্ৰতিদিনেই ইয়াত লাঞ্ছিত হয় সূৰ্য অকাতৰে পোহৰ বিলোৱা দোষটোৰ বাবে । সিহঁতৰ বাবে  দিনতকৈ ৰাতি ভাল পোহৰতকৈ এন্ধাৰ ভাল অৰণ্যতকৈ মৰুভূমি ভাল। জীৱনতকৈ মৃত্যু ভাল। কাঁইটীয়া কেটেলাই ক’লে মনে মনে- তাতকৈ অধিক ভাল  যদিহে সিহঁতবোৰ  নাথাকিলেহেঁতেন !  ০ ০ ০ …ৰাব্বি মছৰুৰ

Read More