অস্থিৰ  হৈ।ৰাব্বি মছৰুৰ

অস্থিৰ  হৈ (কবিতা) মোৰ হৃদয়ৰ  উত্তাপত অস্থিৰ হৈ  এই উপত্যকা এৰি যিখন উপত্যকালৈ গৈ আছা তুমি তাতো আছে মৰুভূমি।   তাতো কেকটাচ জন্মে নাঙঠ শিলৰ ফাঁকে ফাঁকে। কেকটাচৰ কাঁইটে তোমাকো বিন্ধিব পাৰে যেনেদৰে বিন্ধিছে মোৰ হৃদয়ৰ   ভিতৰে-বাহিৰে।  ০ ০ ০ …ৰাব্বি মছৰুৰ

Read More

লিটল বয় ।ৰাব্বি মছৰুৰ

লিটল বয় (কবিতা) লিটল বয় এতিয়াও শুই আছে নীৰৱে হিৰোচিমাৰ কোমল বুকুত মাথো অস্থিৰ কোলাহল জাহ গৈছে।   ইয়াৰ  সবুজ দুবৰি বন আজি ছয় দহকৰ পিছতো তাত চলি আছে লিটল বয়ৰ  ৰাসায়নিক অস্ত্ৰোপচাৰ অংগ হেৰুৱাই বিকলাংগ হৈছে  জৰায়ু ফালি ওলাই অহা নবীন দেৱদূত নাঙঠ  হৈছে ক্ষৰিত তেজৰ পলসত দপদপাই গজি উঠা  সৰল গছবোৰ ।  লিটল বয় শুই আছে এতিয়াও নিঃশব্দে হিৰোচিমাত। কক্বকাই সাৰে আছে ইয়াৰ সূৰুযটো।  ০ ০ ০ …ৰাব্বি মছৰুৰ

Read More

বিচাৰি যাম।ৰাব্বি মছৰুৰ

বিচাৰি যাম (কবিতা) তোমালোকে সহাঁৰি দিয়া বা নিদিয়া  মই বিচাৰি যাম হেৰুৱা শুকুলা ঘোঁৰাটো বহু দিন সি আমাৰ চোতলতে ৰৈ আছিল আমাৰ চকুৰ পতাবোৰ  আলস্যত জাপ খাই আছিল বাবেই   আমি দেখা নাপালো। বহুদিন সি আমাক পিঠিত কঢ়িয়াই  ভ্ৰমণ কৰাইছিল সেউজ উপত্যকা আমিবোৰ  মৃত আছিলো বাবেই  গম পোৱা  নাছিলো সিতো বহুত দিন আমাক জিকাইছিল দৌৰ খেলত  আমি বিবেকহীন হোৱা বাবেই   বুজি পোৱা  নাছিলো জয় আৰু পৰাজয়ৰ অৰ্থ। সি আমাক সেৱা কৰাৰ একান্ত ইচ্ছাৰেই   দুৱাৰ মুখত ৰৈ […]

Read More

এই ফাগুনত।ৰাব্বি মছৰুৰ

এই ফাগুনত (কবিতা) এই ফাগুনত  তোমাক কি দিব পাৰো আশা ? হৃদয় ? নে ভালেপাৱা ? মোৰ হৃদয়  শূন্য জুৰুলা মোৰ জোলোঙা  কেনেকৈ ছটিয়াওঁ এই ফাগুনত  তোমালৈ মোৰ প্ৰেমৰ ফাকুঁৱা !  ০ ০ ০ …ৰাব্বি মছৰুৰ

Read More

কবিতা মানেইতো।ৰাব্বি মছৰুৰ

কবিতা মানেইতো (কবিতা) কবিতা মানেইতো  প্ৰাগলভ স্পৰ্ধাময় স্বাধীন কণ্ঠ হিংসাৰ বায়োনেটৰ সন্মুখত  প্ৰেমৰ অব্যৰ্থ প্ৰতিদ্বন্ধী ভালেপাৱাৰ শ্বাশত আখৰা শূণ্যতাত হাহাকাৰ কৰি ফুৰা নিঃস্ব হৃদয়ত  এমুখ হাঁহিৰ  অনুৰণন। কবিতা মানেইতো সমস্ত ভূমণ্ডল জুৰি পালন কৰা  স্বকীয় আত্মীয়তা প্ৰেমৰ সহজাত অভিব্যক্তি শ্ৰেণীহীন শোষণহীন সমাজ গঢ়াৰ   এক স্বতঃস্ফূর্ত  স্বীকাৰোক্তি। কবিতা মানেইতো বিপ্লৱ মানৱতাৰ শ্লোগান অন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ অবিৰত সংগ্ৰাম।  ০ ০ ০ …ৰাব্বি মছৰুৰ উৎস গ্রন্থ: পৃথিৱীৰআৰুমোৰ

Read More

এয়া সু সময়নে দুঃসময়।ৰাব্বি মছৰুৰ

এয়া সু সময়নে দুঃসময় (কবিতা) এয়া সু সময়নে দুঃসময় ? যি সময়ত প্ৰতিজন ডেকা-ডেকেৰীৰ জীৱনলৈ নামি আহে অকাল বৃদ্ধতা, ফুল ফুলাৰ আগতেই সৰি যায় কলি ! এয়া সু সময়নে দুঃসময় ? যি সময়ৰ ৰাজধানীত চলে মগজু বেচা -কিনাৰ দৰ-দাম সুন্দৰৰ গান গোৱা প্ৰতিজন শিল্পীৰ বুকুত সোমাই যায় চোকা বুলেট, ধাৰাল ছুৰি অথবা কিল, ভুকু আৰু লাথি। যি সময়ৰ প্ৰতিজন শ্ৰমিকৰ মূৰৰ ঘাম আৰু বুকুৰ কেঁচা তেজ হয় মুষ্টিমেয়ের  বিলাসৰ বোলছবি যি সময়ৰ […]

Read More

শব্দ।ৰাব্বি মছৰুৰ

শব্দ (কবিতা) হে শব্দ তোমাৰ আত্মাৰে মই প্রতিষ্ঠা  কৰিব বিচাৰো পাই হেৰুৱা চিৰাকাঙ্খিত স্বাধীনতা পিতৃ পৰিচয়হীন অনাথ শিশুৰ মৰম। হে শব্দ  তোমাৰ শক্তিৰে মই প্রতিষ্ঠা  কৰিব খোজো অনুৰ্বৰ ভূমিত সেউজ শস্যৰ সজীৱতা তোমাৰ বাহুৰে মই উন্মোচন কৰিব খোজো তাহানিতে মাৰ যোৱা হিৰন্ময় সূৰ্য তোমাৰ চিন্ময়ী সুৰেৰে  মই ৰচিব বিচাৰো সংহতিৰ অট্টালিকা তোমাৰ আলসুৱা হাতৰ পৰশেৰে মচিব বিচাৰো মই আইৰ মুখৰ চিৰ বিষন্নতা। হে শব্দ  তোমাৰ জখলাৰে মই নমাই আনিব বিচাৰো  স্বৰ্গৰ চিৰ […]

Read More

নমস্কাৰ মহানগৰ।ৰাব্বি মছৰুৰ

নমস্কাৰ মহানগৰ (কবিতা) নমস্কাৰ মহানগৰ তোমাৰ কোমল শয্যাত উঁই পোকৰ  বাঁহ। তোমাৰ ৰাজপথত নৰকৰ কোৰ্হাল পাৰ্কত শ্বাসৰুদ্ধতা বতাহত বিশুদ্ধ বিহ। তোমাৰ গৰাকী অন্ধ আইন বোবা  তোমাৰ কাৰ্যালয়ত চলে কলা টকাৰ বেহা তোমাৰ নাগৰিকৰ হৃদয়  উকা তোমাৰ মুখত সস্তীয়া হাঁহিৰ প্ৰয়োভৰ। হে মহানগৰ তুমি জল স্থল- সকলোতে উভচৰ। নমস্কাৰ ! হে মহানগৰ।  ০ ০ ০ …ৰাব্বি মছৰুৰ

Read More

সৌ তাতে।ৰাব্বি মছৰুৰ

সৌ তাতে (কবিতা) সৌ তাতে মোৰ প্ৰেমপ্ৰাৰ্থী জুইৰ শিখাৰ দৰে জ্বলিছে।  আৰু মই গভীৰ দ খাদত  পোহৰ  বিচাৰি বোকা  বুটলিছো। আজি দিন দুপুৰতে মাৰ গ’ল মোৰ বেলিটি অন্ধকাৰত আগবঢ়াই  দিলে  মোৰ প্ৰেয়সীৰ জলন্ত হাত দুটি প্ৰেয়সীৰ প্ৰেমৰ স্পৰ্শত ময়ো এতিয়া উঠিছো জ্বলি ।  ০ ০ ০ …ৰাব্বি মছৰুৰ

Read More

তোমাৰ বাবেআই। ৰাব্বি মছৰুৰ

তোমাৰ বাবে  আই (কবিতা) আই  তোমাৰ বাবে  আজি  আকৌ কান্দিবৰ মন গ’ল সেয়ে গোটেই যামিনী কান্দিলো। তোমাৰ বাবে  কান্দিলো আজি ৰাতি  ভাগি পৰিল আকাশৰ জোনটি।  ০ ০ ০ …ৰাব্বি মছৰুৰ উৎস গ্রন্থ: পৃথিৱীৰআৰু মোৰ

Read More