দুখ কৰিলেহে মুখ ভৰে

দুখ কৰিলেহে মুখ ভৰে ‘দুখ কৰিলেহে মুখ ভৰে’- উক্তিটো এক অসমীয়া প্ৰৱচন। জীৱনত সফলতা লাভ কৰিবলৈ হ’লে যে পৰিশ্ৰমৰ প্ৰয়োজন সেয়া বুজাবলৈ উক্ত প্ৰৱচনফাকি ব্যক্ত কৰা  হয়। মানুহে দুবেলা দুমুঠি খাই-বৈ সুখে-সন্তোষে জীৱন যাপন কৰিব বিচাৰে। কিন্তু ইয়াৰ বাবে মানুহে কাম (কষ্ট) কৰিব লাগিব। কাম নকৰিলে কোনোৱে সুখেৰে খাবলৈ নাপায়। সমাজত আমি এনেকুৱা বহুত মানুহ দেখিবলৈ পাওঁ যিসকলে গোটেই দিন গাৰ ঘাম মাটিত পেলাই ৰিক্সা চলাই বা দিন হাজিৰা কৰি […]

Read More

ক বুলিব নোৱাৰে ৰত্নাৱলী পঢ়ে

ক বুলিব নোৱাৰে ৰত্নাৱলী পঢ়ে  ‘ক বুলিব নোৱাৰে ৰত্নাৱলী পঢ়ে ’- উক্তিটো এক অসমীয়া প্ৰৱচন। যোগ্যতা নোহোৱাকৈ কোনো কাম কৰিবলৈ যোৱা ব্যক্তিক নিন্দাসূচক উক্ত কথাষাৰ কোৱা হয়। ‘ৰত্নাৱলী’ হৈছে শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা এখন পুথি। পুথিখনত ভাগৱত গীতাৰ সাৰমৰ্ম আছে। ই এখন জটিল দাৰ্শনিক পুথি। পুথিখনত হিন্দু ধৰ্মৰ মূল কথাখিনি অতি সংক্ষেপে বৰ্ণনা কৰা হৈছে। সাধাৰণ পাঠকে পুথিখন সহজে বুজিব নোৱাৰে। এই পুথিখন হৃদয়াঙ্গম কৰিবলৈ হ’লে হিন্দু ধৰ্মৰ বেদ-উপনিষদ আগতে […]

Read More

ফটা কঁথা তিতে মানে গালৈহে গধুৰ

ফটা কঁথা তিতে মানে গালৈহে গধুৰ নক’বলগীয়া কথা বা নকৰিবলগীয়া কামৰ ফলাফল যে অসহনীয় আৰু কষ্টদায়ক হয়, তাকে বুজাবলৈ অসমীয়া ভাষাত দৃষ্টান্তস্বৰূপ উক্ত প্ৰৱচনটি ব্যক্ত কৰা হয়। ‘কঁথা’ বুলিলে পুৰণি কাপোৰ-কানিৰে চিলাই লোৱা ‘নিহালি’ক বুজোৱা হয়। জাৰৰ পৰা সুৰক্ষা পাবলৈ মানুহে জাৰকালি কঁথা (নিহালি) ব্যৱহাৰ কৰে। কিন্তু কঁথাখন যদি ফটা হয়, তেন্তে  ই আমাক  জাৰৰ পৰা সুৰক্ষা দিব নোৱাৰে। সেই ফটা কঁথাটো যদি কেনেবাকৈ পানীত তিতে, তেতিয়া ই ওজনত গধুৰ […]

Read More

পক্ষী মৰে ৰৈ মানুহ মৰে কৈ — ভাব সম্প্রসাৰণ

পক্ষী মৰে ৰৈ মানুহ মৰে কৈ — ভাব সম্প্রসাৰণ ‘পক্ষী মৰে ৰৈ মানুহ মৰে কৈ’ — কথাষাৰ অসমীয়া ভাষাত সচৰাচৰ ব্যৱহাৰ হোৱা এটি প্ৰৱচন। আগ-গুৰি নভবাকৈ কাম কৰা বা কথা কোৱাৰ পৰা যে মানুহৰ বিপদ হ’ব পাৰে তাকে বুজাবলৈ উক্ত প্ৰৱচনটো ব্যক্ত কৰা হয়। পক্ষী অৰ্থাৎ চৰাইৰ মাংস বৰ সোৱাদলগা। সেয়ে মানুহে চৰাই চিকাৰ কৰে। উৰি থকা চৰাই মানুহে চিকাৰ কৰিব নোৱাৰে। কিন্তু গছৰ ডালত বহি থকা চৰাই আমি সহজে […]

Read More

লাগি থাকিলে মাগি নাখায় — ভাব সম্প্রসাৰণ

লাগি থাকিলে মাগি নাখায় — ভাব সম্প্রসাৰণ একান্তভাৱে লাগি থাকিলে যে আমি যিকোনো কামতে সফল হ’ব পাৰো তাক বুজাবলৈ অসমীয়া ভাষাত উক্ত প্ৰৱচনটো সততে উদ্ধৃত কৰা হয়। মানুহে জীৱনত সফলতা বিচাৰে। সফলতা কৰ্মৰ লগত জড়িত। কাৰণ কাম কৰিলেহে জীৱনত সফলতা লাভ কৰিব পাৰি। কামত সফলতা লাভ কৰাৰ বাবে কামটোত একান্তভাৱে লাগি থাকিব লাগিব। উদাহৰণস্বৰুপে এজন গায়ক বা এজন লিখকে নিজকে প্রতিষ্ঠিত কৰিবলৈ হ’লে অবিৰতভাৱে চৰ্চা চলাই থাকিব লাগিব। চৰ্চা অৰ্থাৎ […]

Read More

নৰ সেৱাই প্ৰকৃত নাৰায়ণ সেৱা — ভাব সম্প্রসাৰণ

নৰ সেৱাই প্ৰকৃত নাৰায়ণ সেৱা — ভাব সম্প্রসাৰণ মানৱ সেৱাই যে প্ৰকৃত ধৰ্ম সেয়া উক্ত কথাষাৰৰ দ্বাৰা বুজোৱা হৈছে। বিশ্বৰ প্ৰায় সকলো ধৰ্মই এক মহান সৃষ্টিকৰ্তাক বিশ্বাস কৰে। সৃষ্টিকৰ্তাক পূজা-অৰ্চনা কৰাটো ধৰ্মৰ এক প্ৰধান অঙ্গ। তেওঁক সন্তুষ্ট কৰাটো আমাৰ এক ধৰ্মীয় কৰ্তব্য। কিন্তু ভগৱানক আমি সচক্ষে দেখা নাপাওঁ। আকৌ হিন্দু ধৰ্মত কোৱা হৈছে যে মানুহৰ অন্তৰত ভগৱান লুকাই থাকে। সেই দিশৰ পৰা আমি মানৱ সেৱাৰ যোগেদি ভগৱানক সেৱা কৰিব পাৰো। […]

Read More

কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পাছত ফল হৈ মাতৃ পূজাত লাগে — ভাব সম্প্রসাৰণ

কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পাছত ফল হৈ মাতৃ পূজাত লাগে — ভাব সম্প্রসাৰণ প্ৰকৃত শিক্ষাৰ দ্বাৰাহে সমাজ বা দেশৰ উপকাৰ হয় – তাকে বুজাবলৈ উক্ত প্রবচনটো ব্যক্ত কৰা হয়। পূজাৰ উপচাৰ হিচাপে ফুল ব্যৱহাৰ কৰা হয়।  কলি ফুল পূজাত ব্যৱহাৰ নহয়। বিকশিত ফুলহে পূজাৰ যোগ্য। ঠিক সেইদৰে দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰতহে। ছাত্ৰ-ছাত্ৰীয়ে বিদ্যা-বুদ্ধিত পুৰঠ হ’লেহে সিহঁতৰ দ্বাৰা দেশ তথা সমাজৰ মঙ্গল হ’ব। কিন্তু সিহঁত যদি […]

Read More

‘কমাৰশালত গঢ়িবলৈ হ’লে আগতে জুইশালত গঢ়ি চাব লাগে — ভাব সম্প্রসাৰণ

‘কমাৰশালত গঢ়িবলৈ হ’লে আগতে জুইশালত গঢ়ি চাব লাগে — ভাব সম্প্রসাৰণ অথবা  সাঁতুৰিবলৈ শিকিবলৈ হ’লে পানীত ননমাকৈ নহয় — ভাব সম্প্রসাৰণ কোনো কামত সফলতা লাভ কৰাৰ বাবে  যে অনুশীলনৰ প্ৰয়োজন হয় তাকে বুজাবলৈ উক্ত কথাষাৰ প্ৰৱচনস্বৰূপ কোৱা হয়।  লোৰ বস্তু সাধাৰণতে কমাৰশালত তৈয়াৰ কৰা হয়। কিন্তু কমাৰশালত কোনো বস্তু গঢ়িবলৈ হ’লে প্ৰথমতে লোডাল জুইশালত গৰম কৰিব লাগে। লো গৰম নকৰাকৈ কমাৰশালত তাৰ কোনো গঢ় (আকৃতি) দিব নোৱাৰি। এনেদৰে সাঁতুৰিবলৈ শিকিবলৈ […]

Read More

গাওঁ একাধাৰে নগৰৰ জনক-জননী –ভাব সম্প্রসাৰণ

গাওঁ একাধাৰে নগৰৰ জনক-জননী — ভাব সম্প্রসাৰণ মানুহে সমাজ পাতি বসবাস কৰাৰ লগে লগে গাওঁৰ জন্ম হৈছে বুলি কোৱা হয়। গাওঁৰ তুলনাত নগৰ হৈছে বহু যুগৰ পিছৰ সৃষ্টি। নগৰ সৃষ্টিত গাওঁৰ মানুহেই আগভাগ লয়। উদ্যোগ বা চৰকাৰী অফিচ আদালত আদিৰ ওপৰত ভিত্তি কৰি নগৰৰ সৃষ্টি হয়। পিছত চাকৰিজীৱি আৰু উদ্যোগৰ লগত জড়িত মানুহে নগৰৰ জন্ম দিয়ে। নগৰত সাধাৰণতে সা-সুবিধা বেছি থাকে যদিও নগৰৰ মানুহে ইয়াৰ প্ৰয়োজনীয় কেঁচা সামগ্ৰী, খাদ্য বস্তু […]

Read More

উদৰ সাত পুৰুষ মৰিল কেঁচা মাছ খাই, বান্দৰৰ সাতপুৰুষ মৰিল ডাল কোবাই — ভাব সম্প্রসাৰণ

উদৰ সাত পুৰুষ মৰিল কেঁচা মাছ খাই, বান্দৰৰ সাতপুৰুষ মৰিল ডাল কোবাই — ভাব সম্প্রসাৰণ পূৰ্বপুৰুষৰ পৰা চলি অহা নীতি-নিয়ম বা স্বভাৱ যে  মানুহে এৰিব নোৱাৰে তাকে বুজাবলৈ উক্ত নীতিবচনটো অসমীয়া সমাজত সততে ব্যৱহাৰ কৰা হয়।  উদ পানীত থকা এবিধ প্ৰানী। ইয়াৰ প্ৰধান খাদ্য হ’ল মাছ। ই মাছ খাইয়েই জীয়াই থাকে। ই মাছ অবিহনে আন একো খাব নোৱাৰে। সেইদৰে বান্দৰ হৈছে এবিধ বনৰীয়া প্ৰাণী। ই বনৰ গছ-গছনিত বাস কৰে। ই […]

Read More