শিল্প । শিল্প – রাব্বি মছরুর

শিল্প

— রাব্বি মছরুর

.

আমি নদীৰ কাছ থেকে শিকেছি বৈতে

হিমালয় থেকে শিকেছি উঁচু হয়ে দাড়াতে

তাইতো আমি আজ শুকনো গাছেৰ পাতা

ভেঙে যাওয়া ইতিহাসেৰ একটি পাথৰ

মাটিৰ শিল্পে গঢ়া তোমাৰ প্ৰেমিক

Read More

 সূৰ্য । সূৰ্য –ৰাব্বি মছৰুৰ

সূৰ্য

–ৰাব্বি মছৰুৰ

.

মহানগৰীৰ মাজ মজিয়াত সূৰ্যটো পৰি আছে

ৰঙা ৰঙা তেজৰ চেকুৰা গোট মাৰি বৰফ হৈছে

মহানগৰীখনত এতিয়া কোনো নাই– জনশূন্য

সকলো পলাতক

কেইটিমান  শিয়াল আৰু  নপুংসক সিংহৰ বাহিৰে।

Read More

এজন কবিৰ বিপনী

এজন কবিৰ বিপনী

–ৰাব্বি মছৰুৰ

.

মই এইবাৰ নিজেই বিপনী খুলিম

মোৰ কবিতাৰ বিপনী

তাত অকল মোৰেই কবিতাবোৰ থাকিব। 

নিজেই বিক্ৰী কৰিম নিজৰ কবিতা

ৰচিদ কাটি দিম মই নিজেই

কেচিয়াৰো মই নিজে

মোৰ অচিনাকী পাঠকক সুযোগ দিম মোক চাবলৈ

Read More

প্ৰেমৰ বসন্তত।প্ৰেমৰ বসন্তত –ৰাব্বি মছৰুৰ

প্ৰেমৰ বসন্তত

–ৰাব্বি মছৰুৰ

.

পৰ্বতৰ শৃঙ্গটোৰ দৰে তোমাৰ বুকুৰ গোলাপ

বাৰে বাৰে হাত বাউল দি মাতে

মই এজন পৰ্বতাৰোহী

মাথো পোছাকযোৰ নাই।

 

তুমি খিলখিলকৈ হাঁহি থকা

Read More

শোক।শোক –ৰাব্বি মছৰুৰ

শোক

–ৰাব্বি মছৰুৰ

.

দুখৰ অমানিশাতো চাকি জ্বলে

কাৰ চাকি?

বুভুক্ষু পেটৰ।

 

হাঁহিতো অশ্ৰু নিগৰে

কাৰ হাঁহিৰ?

দৰিদ্ৰ মেহনতীৰ।

 

দিনো নিশা হয়

কাৰ দিন?

সেই শোষিতৰ যি দীন।

Read More

আহ্বান । আহ্বান  –ৰাব্বি মছৰুৰ

আহ্বান 

–ৰাব্বি মছৰুৰ

.

বন্ধুসকল তোমালোক যি নিচান হাতত লৈছা

আহা,

মোৰ বুকুৰ তেজেৰে ৰঞ্জিত কৰি দিওঁ

নিচানৰ হাত, ভৰি, ডিঙি  আৰু বুকু।

 

মোৰ তেজে কঢ়িয়াই  আনক

মৰুভূমিৰ উত্তপ্ত চিৰঞ্জীৱ বসন্ত

Read More

ভুল। ভুল –ৰাব্বি মছৰুৰ

ভুল

–ৰাব্বি মছৰুৰ

.

মই বলিয়া মানুহৰ দৰে

সোন বুটলো

বালি বুটলো

বালিচন্দাও নুবুটলা নহয়

কিন্তু মোৰ এটাই ভুল–

মই নাজানো কোনটো বালি, কোনটো সোন

Read More

মোৰ প্ৰেম । মোৰ প্ৰেম –ৰাব্বি মছৰুৰ

মোৰ প্ৰেম

–ৰাব্বি মছৰুৰ

.

মোৰ প্ৰেম

মোৰ ব্যৰ্থতাৰ পিছৰ সফলতা

মোৰ প্ৰেম

মোৰ নিৰাশাৰ শেষত আশাৰ ঢৌ

মোৰ প্ৰেম দুর্বোধ্যতাৰ পাৰ ভাঙি ওলাই অহা

Read More

কেইটিমান স্তৱক।কেইটিমান স্তৱক –ৰাব্বি মছৰুৰ

কেইটিমান স্তৱক

–ৰাব্বি মছৰুৰ

.

(১)

নিশাৰ এন্ধাৰেদি নামি আহে

অকোঁৱা-পকোঁৱা এটি সাপ

আমন-জিমনকৈ বহি থাকে সভ্যতা

ভয় নাই 

সাপটোৱে নুটুকে

ইয়াৰ বিষদাত নাই

Read More

শোক।শোক –ৰাব্বি মছৰুৰ

শোক

–ৰাব্বি মছৰুৰ

.

মোৰ নিজস্ব কোনো সংবিধান নাই

মই এটাই যেন ৰাষ্ট্ৰ

সংসদ মোৰ ভিতৰে বাহিৰে

নিতৌ তাত যুক্তি-তৰ্ক চলে

আকাল, দুর্ভিক্ষ আৰু শোষণৰ সোঁপক্ষে আৰু বিপক্ষে

Read More