ইছমাইল হোছেইনৰ কবিতাত প্ৰতীকৰ ব্যৱহাৰ

যেতিয়া কোনো এটা বস্তুক মানুহৰ কাৰ্যধাৰাৰ লগত সঙ্গতি ৰাখি  বৰ্ণনা কৰা হয় তেতিয়া সেই বস্তুটিয়েই প্ৰতীকি অৰ্থ লাভ কৰে। আন কথাত কোনো বস্তুই যেতিয়া বস্তুটোৰ নিজস্ব অৰ্থ প্ৰকাশ কৰাৰ উপৰিও আন কিবা অৰ্থ বুজায় তাক ‘প্ৰতীক’ বুলি কোৱা হয়।

Read More

ইছমাইল হোছেইনৰ কবিতাত কৰুণ ৰস

ইছমাইল হোছেইনৰ কবিতাত কৰুণ ৰস সংস্কৃত শাস্ত্ৰ মতে সাহিত্যিক ৰস হৈছে নটা যথা- আদি ৰস, বীৰ ৰস, ভয়ানক ৰস, বীভৎস ৰস, শান্ত ৰস, হাস্য ৰস, অদ্ভূদ ৰস, ৰৌদ্ৰ ৰস আৰু কৰুণ ৰস। এই ৰসসমূহক বহল ভিত্তিত  পাঁচোটা ভাগত ভাগ কৰিব পাৰি, যেনে -আদি ৰস, ভয়ানক ৰস, বীভৎস ৰস, হাস্য ৰস আৰু কৰুণ ৰস। কিন্তু ইয়াৰ  ভিতৰত কৰুণ ৰসেই হৈছে সকলোবোৰ  ৰসৰ শেষ পৰিণতি। কিয়নো মানৱ জীৱন জন্ম লগ্নৰ পৰাই মৃত্যুলৈকে এক […]

Read More

ইছমাইল হোছেইনৰ কবিতাত দৰ্শন

ইছমাইল হোছেইনৰ কবিতাত দৰ্শন কোনো এক ৰহস্যপূৰ্ণ বিষয়ৰ প্ৰতি সুশৃঙ্খলিত আৰু যুক্তিপূৰ্ণ দৃষ্টিভঙ্গীয়ে দৰ্শন। প্ৰত্যেক শিল্পী সাহিত্যিকৰে জীৱন সম্পৰ্কে একো-একোটা নিজস্ব দৃষ্টিভঙ্গী থাকে। যি শিল্পীয়ে সেই দৃষ্টিভঙ্গীক সাৰ্বজনীনভাৱে আৰু সফলভাৱে ৰূপায়ন কৰিব পাৰে সেইজনেই শিল্পী হিচাপে সফল হয়। সাবৰ্বজনীন আবেদনে দৰ্শনক গ্ৰহণযোগ্যতা দান কৰে। তাৰোপৰি প্ৰত্যেকৰে দৰ্শন নিজৰ নিজৰ জীৱনৰ সুখ-দুখৰ  উপলব্ধিৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠে। সেয়ে কাৰোবাৰ জীৱন দৰ্শনত জীৱনটো ধ’ৰা দিয়ে পি শেষ কৰিব নোৱাৰা  এক বিহৰ […]

Read More

ইছমাইল হোছেইনৰ কবিতাত অসমীয়া সমাজ চিত্ৰ

ইছমাইল হোছেইনৰ কবিতাত অসমীয়া সমাজ চিত্ৰ কবি ইছমাইল হোছেইনৰ “জীৱন আৰু মানুহ বিষয়ক” কবিতা সংকলনখনক অসমীয়া সমাজৰ খণ্ড খণ্ড দলিল বুলি ক’ব পাৰি। ইয়াত অসমীয়া সমাজৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু ধৰ্মীয় অৱস্থা প্ৰতিফলিত হৈছে। অসমীয়া সমাজৰ অৰ্থনৈতিক অৱস্থা অতিকৈ দুখ লগা আৰু ক্ৰমান্বয়ে উন্নয়নৰ পৰিবৰ্তে অধোঃগামী হৈ থকা পৰিলক্ষিত হয়। আজিৰ অসমীয়া গাঁও উদং। এইখন অসমীয়া সমাজত খাদ্য সংকটত পৰি শিশুসকলে কৰাল কান্দোন কান্দে। তাৰোপৰি অসমৰ অৰ্থনীতি প্ৰকৃতিৰ দয়াৰ ওপৰত […]

Read More

ইছমাইল হোছেইনৰ কবিতাত কবিজনৰ আত্ম-কথা

ইছমাইল হোছেইনৰ কবিতাত কবিজনৰ আত্ম-কথা আধুনিক যুগ হৈছে মায়াবাদী (egoism) ৰ যুগ। এই যুগত প্ৰত্যেক শিল্পী-সাহিত্যিকে নিজৰ দৃষ্টিভঙ্গীৰে আৰু নিজৰ জীৱনত পোৱা সুখ-দুখৰ উপলব্ধিৰ মাজেৰে বিশ্বক চাবলৈ ভাল পায়। সেয়ে আধুনিক কবি সাহিত্যিকসকলে সিহঁতৰ লিখনিত প্ৰায়ে ‘মই’ (I) শব্দটি প্ৰয়োগ কৰে। সিহঁতৰ লিখনিবোৰ নিজৰ অভিজ্ঞতালব্ধ জ্ঞান ভাণ্ডাৰৰ পৰা নিঃসৃত হোৱা বাবেই লিখক বা লিখিকাৰ আত্ম-জীৱনৰ বহু ঘটনাই সিহঁতৰ লিখনিত সাঙোৰ খাই পৰে। সাহিত্যৰ আন আন শাখাৰ তুলনাত কবিতা বেছি অন্তৰ্মুখী […]

Read More

ইছমাইল হোছেইনৰ কবিতাত মনস্তত্ত্ব

ইছমাইল হোছেইনৰ কবিতাত মনস্তত্ত্ব ৰামায়ণ-মহাভাৰতৰ নাইবা ইলিয়াদ-ওডেচিৰ যুগৰ পৰাই সাহিত্যত মনস্তত্ত্বৰ আভাস¸ পোৱা যায় যদিও ছিগমণ্ড ফ্রয়েডে (১৮৫৬- ১৯৩৯) বৈজ্ঞানিক ভিত্তিত মনস্তত্ত্বৰ সূত্ৰ আগবঢ়োৱাৰে পৰা আধুনিক সাহিত্যত সচেতনভাৱে মনস্তত্ত্বৰ প্ৰয়োগ হ’বলৈ ধৰে। বৰ্তমান যুগ হৈছে সমস্যাৰ যুগ, বিতৰ্কৰ যুগ।  এই সমস্যাবহুল বিতৰ্কৰ যুগত সাহিত্যত মনস্তত্ত্ব প্ৰয়োগ হোৱাটো প্ৰায় স্বতঃস্ফূর্ত হৈ পৰিছে। সাহিত্যৰ প্ৰায় সকলোবোৰ শাখা যেনে -নাটক, উপন্যাস, চুটি গল্প আনকি কবিতাতো মনস্তত্ত্ব ফুটি উঠা দেখা গৈছে। অসমীয়া সাহিত্যও এই […]

Read More

ইছমাইল হোছেইনৰ কবিতাত সমাজবাদ চিন্তা

ইছমাইল হোছেইনৰ কবিতাত সমাজবাদ চিন্তা সমাজৰ পৰা অৰ্থনৈতিক বৈষম্য আঁতৰ কৰি সকলো শ্ৰেণীৰ লোকৰ মাজত সম্পদৰ সম বিতৰণ, সমভোগ আৰু সম উৎপাদন কৰাই হৈছে সমাজবাদৰ মূলমন্ত্ৰ। কাৰ্লমাক্স নামৰ জাৰ্মানীৰ এজন দাৰ্শনিকে সমাজবাদৰ তত্ত্ব উদ্ভাৱন কৰে। তেওঁৰ সমসাময়িক বিশ্বৰ প্ৰায় সকলো দেশতে জনসাধাৰণৰ মাজত অৰ্থনৈতিক বৈষম্য আৰু পুঁজিপতি শ্ৰেণীৰ দ্বাৰা বণুৱা শ্ৰেণী শোষিত হোৱালৈ লক্ষ্য কৰি এই শোষণ আৰু বৈষম্য আঁতৰ কৰাৰ উপায় হিচাপে ‘সমাজবাদ ’ মতবাদ আগবঢ়ায়। এই সমাজবাদ তত্ত্বই […]

Read More