আব্দুছ ছাত্তাৰ।Abdus Sattar

আব্দুছ ছাত্তাৰ–চমু পৰিচয় আব্দুছ ছাত্তাৰ   (১৯২২- ১৯৮৭) এজন অসমীয়া চিন্তাশীল গদ্য লিখক আৰু শিক্ষাবিদ। তেওঁৰ জন্ম হয় তিতাবৰত। তেওঁ বৃত্তিত শিক্ষক আছিল যদিও চিন্তাগধূৰ লিখনীৰে অসমীয়া সাহিত্য জগতত নিজকে প্রতিষ্ঠিত কৰিছিল। আব্দুছ ছাত্তাৰে কেইবাখনো পুথি ৰচনা কৰিছিল যেনে- কৃষ্ণকান্ত সন্দিকৈৰ জীৱনী, প্ৰসঙ্গ কোষ, সংমিশ্ৰণত অসমীয়া সংস্কৃতি, দৃষ্টি আৰু সৃষ্টি, উদ্ধৃতি,  সহচৰ আদি। তেওঁৰ প্ৰতিখন পুথিয়েই উচ্চমান বিশিষ্ট। তেওঁ অসম সাহিত্য সভাৰ সম্পাদকো হৈছিল। 

Read More