চোলা। ৰাব্বি মছৰুৰ

চোলা  (কবিতা) আহা, আমাৰ  ৰংচঙীয়া  চোলাবোৰ  খুলি থওঁ আমাৰ ৰঙীন   চোলাবোৰৰ বুটামবোৰো  ৰঙীন  ৰঙীন  ইয়াৰ কলাৰ, ইয়াৰ সন্মুখভাগ, ইয়াৰ পিছভাগ পদ-পথৰ ৰঙা -কলা, হালধীয়া অথবা মটীয়া ৰঙৰ  ধূলি মাকতি লাগি আমাৰ  চোলাবোৰৰ  ওপৰত নতুনকৈ ৰং লাগিছে আৰু দ্বিগুণ ৰঙীন  হৈছে আমাৰ আওপুৰণি লেতেৰা  চোলাবোৰ।   আহা, আমি খুলি থওঁ আমাৰ বহুল ব্যৱহৃত  পুৰণি   চোলাবোৰ আৰু নতুনকৈ গুঁথি লও আন এটি চোলা আমাৰ সকলোৰে শৰীৰত খাপ খাব পৰাকৈ। ই আটিলকৈ খাপ খাই পৰিব আমাৰ  শৰীৰত […]

Read More

শিয়াল

শিয়াল আল নোপোৱা  সূতাৰ আঁহৰ দৰে  একা- বেঁকা  পথটোৰে আগবাঢ়ি আহি আছে এজাক শিয়াল ভয়ত এস্তমান দুপৰীয়াৰ নক্ষত্ৰ নিস্তব্ধতাত ভাঙি পৰিছে কুঁৱলীৰ কোলাহল। শিয়াল দুটি বৈদেশিকভাবে  স্বদেশী  সিহঁতে হোঁৱা নিদিয়ে গাহৰিৰ দৰে ‘গো’ ‘গো’ শব্দ সিহঁতৰ সহজাত সম্পদ । নতুন পৃথিৱীৰ শেহতীয়া মডেলৰ কোট  আৰু বাদামী ৰং সনা নোম সিহঁতৰ সিহঁতৰ মুখত কিছুমান অত্যাধুনিক ফুচফুচনি বালডাক, নিপ্পোন কোম্পানীৰ চচমা নাকত পিন্ধিছে। সিহঁতৰ  চকু চাৰিটা মৰাশ সিহঁতে নাখায় সিহঁত নৰৰক্ত পিপাসু সিংহৰ হেনো […]

Read More

জোনাকী ৰাতি। ৰাব্বি মছৰুৰ

জোনাকী ৰাতি নতুনকৈ পাত মেলা জামু গছৰ দৰে বসন্তৰ কোলালৈ নামি আহিছিল জোনাকী ৰাতিটো হাঁতোৰা লগোৱা এটি কৃত্ৰিম বাঘৰ দৰে থাপ মাৰি ধৰিছিল বুকুৰ উম এতিয়া এহাতত তেজৰ বসন্ত আনটোত গোট মাৰি বৰফ হোৱা তেজৰ চেকা। জোনাকী ৰাতিটো এতিয়া ওলমিছে কোলাহলপূৰ্ণ অন্ধকাৰত। আমিবোৰ  বন্ধী বাকহীন নিস্তব্দ নীৰৱতাত। 0 0 0

Read More

কবিতা

কবিতা প্ৰেমৰ বতৰ পাৰ হওঁ হওঁ বয়সত  মোৰ প্ৰেম হৈছিল  এটি পুৰণি কবিতাৰ স’তে আকস্মিক কম্পমান, ভয়ত থৰ থৰ বুকুৰে বগাই গৈছিলো  প্ৰেমৰ সবুজ পথাৰ গিৰি-খাদ আৰু ইয়াৰ অন্ধকাৰ উপত্যকা। বাৰটা মাহেৰে গঢ়া এটি মাথো বছৰতে পাৰ হৈ গ’ল  হেজাৰখন প্ৰেমৰ শ্বাশত বতৰ উত্থান-পতনো আহিল বহুবাৰ শোক আহিল, দুখ আহিল-আনন্দৰ লগতে কবিতাটি এতিয়াও পুৰণি মই নতুনৰ দৰে আওৰাও। বসন্ত দুটি বাগৰি গ’ল আকস্মিক আহিল এটি নতুন কবিতা  মোৰ জীৱনলৈ তাৰ […]

Read More